বজালী জিলাৰ পাঠশালা সদৰত বিগত কেইদিনমান ধৰি পাঠশালাৰ মাজমজিয়াত নিয়মিত ভাৱে হয় থকা বিভিন্ন ধৰণৰ চুৰি কাৰ্য্য সংঘটিত কৰি মূৰৰ কামুৰনি হয় পাৰিছিল পাঠশালা আৰক্ষীৰ । পাঠশালা আৰক্ষীৰ চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নয়নজ্যোতি ডেকাৰ নেতৃত্বত পাঠশালাত এই গ্রুপতোৰ বিৰুদ্ধে আৰক্ষীয়ে অভিযান চলাই আহিছিল অৱশেষ ৰাইজৰ সহযোগত পাঠশালাত আৰক্ষীৰ জালত পৰিল এগৰাকী ইৰাণী গ্রুপ ৰ সদস্য । জানিব পৰা অনুসৰি আজি দিনৰ ভাগত এই গ্ৰুপতোৰ দুজন সদস্য মহিলা এগৰাকীৰ পৰা চুৰি কাৰ্য্য সংঘটিত কৰিব অহাত জালত পৰিল এগৰাকী সদস্য । ধৃত চুৰটো নাম সাহু যাদব আৰু বিহাৰৰ কাঠিহাৰৰ ইৰাণী গ্রুপৰ সদস্য বুলি জানিব পৰা গৈছে । সাহু যাদৱে দীৰ্ঘ দিন ধৰি চুৰি কাৰ্য্য কৰি সন্ত্ৰাস চলাই আহিছিল বজালীত । সাহু যাদবৰ পৰা আৰক্ষী চুৰি কাৰ্য্যৰ ব্যৱহৃত সামগ্ৰী চুৰতোৰ পৰা জব্দ কৰে আৰক্ষীয়ে ।
বানাক্ৰান্তৰ মাজত গোৱালপাৰা পুব সমষ্টিৰ বিধায়ক এ কে ৰশিদ আলম
গোৱালপাৰা পুৱ সমষ্টিৰ বিধায়ক একে ৰছিদ আলমে বানাক্ৰান্ত ৰাইজৰ মাজত থিয় দি বুজ ললে জনসাধাৰণৰ দুখ দুৰ্গতিৰ ৷বুধবাৰে বিধায়ক আলমে সমষ্টিখনৰ নৱাগত শিমলীতোলা বজাৰত দুদিনীয়াকৈ অনুষ্টিত হোৱা এখন কেৰম বৰ্ড খেল প্ৰতিযোগিতা কৰে অংশ গ্ৰহন কৰে ৷ইয়াৰ পিছত ততাতৈয়াকৈ নৱাগত শিমলীতোলাৰ কেবা ঠাইৰ বানাক্ৰান্ত ঠাই পৰিভ্ৰমণ কৰি বিধায়ক আলমে বানাক্ৰান্ত ৰাইজৰ বিভিন্ন সমস্যাৰ বুজ লোৱাৰ লগতে তেওলোকক বানপানীৰ পৰা নিজকে সাৱধান হৈ থাকিবলৈ পৰামৰ্শ দিয়ে ৷বিধায়ক আলমে বৰ্তমানৰ চৰকাৰে বানাক্ৰান্ত ৰাইজৰ মাজত ৰিলিফ দিবলৈ ধন নাই বুলি এক মন্তব্য দি চৰকাৰে চালেবেৰে কোৱাই থকাৰ তাৎপৰ্য পুৰ্ন মন্তব্য কৰে ৷লগতে বিধায়কজনে ভৱিষ্যত বানীও দিয়ে ৷এইবাৰে হেনো অভাৰ বানপানী নহয় ৷কিয়নো চৰকাৰে ৰাইজক ৰিলিফ দিব নোৱাৰৰ বাবেই ভগবানে এইবাৰ বলে অভাৰ বানপানী নিদয়ে ৷বিধায়ক আলমে চৰকাৰে আনিব বিচৰা ভুমি নীতি সন্দৰ্ভত গুৰুত্বপূৰ্ণ মন্তব্য দিয়ে ৷চৰকাৰেে আনিব বিচৰা ভুমি নীতিক কেতিয়াও আনিবলৈ নিদিয়ে বুলি উল্লেখ কৰি বিধান সভাৰ লগতে ৰাইজৰ কল্যানৰ হকে ন্যায়লয়ত যুজ দিয়াৰ কথা কয় বিধায়ক আলমে ৷
নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আৰক্ষী অভিযন্তা পূৰ্ব নিযুক্তিৰ প্ৰশিক্ষণ কেন্দ্ৰ শুভাৰম্ভণি
দীৰ্ঘদিনীয়া সংগ্ৰামৰ অন্তপেলাই অন্তিমখন ইতিহাসীক বড়ো শান্তি চুক্তি বিটিআৰ চুক্তি,বিটিআৰ চুক্তিৰ দফাত উল্লেখিত এটা দফা , বিটিআৰৰ নিবনুৱা সমস্যা সমাধানৰ বাবে ৫০০০ বড়ো যুৱক-যুৱতিক পুলিচ পেৰামিলিটেৰিত নিযুক্তি দিব দিয়া হ’ব। “ফলস্বৰূপে বিটিআৰৰ প্ৰতিখন জিলাৰ প্ৰতিটো মহকুমাত আৰক্ষী অভিযন্তা পূৰ্ব নিযুক্তি প্ৰশিক্ষণৰ কেন্দ্ৰ স্থাপন কৰা হৈছে।সেই মৰ্মে আজি ওদালগুৰি জিলাৰ ভেৰগাঁওত ভেৰগাঁও মহকুমাৰ অন্তৰ্গত বড়ো শিক্ষিত যুৱক -যুৱতি সকলক পুলিচ পেৰামিলিটেৰি নিযুক্তিৰ পূৰ্বে প্ৰশিক্ষন দিয়াৰ উদ্দেশ্যৰে। নিখিল বড়ো ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ভেৰগাঁও জিলা ইউ পি পিএল তথা প্ৰাক্তণ NDFB ৰ সহযোগত।পুলিচ, পেৰামিলিটেৰি প্ৰী ৰিকুইটমেন বা আৰক্ষী অভিযন্তা পূৰ্ব নিযুক্তিৰ প্ৰশিক্ষণ কেন্দ্ৰ শুভাৰম্ভণী কৰে ।। ,ওদালগুৰি জিলা বড়ো ছাত্ৰ সন্থা চমুকৈ (ABSU)ৰ উপসভাপতি ৰবিন্দ্ৰ বড়োয়ে সঞ্চালনা কৰা সভাখনত উপস্থিত থাকে ক্ৰমে।””বিটিআৰ কাৰ্যবাহী সদস্য দাওবাইছা বড়ো,’ভেৰগাও মহকুমাধিপতি দিপক ভূঞা,খালিং দুৱাৰ পৰিষদীয় সমষ্টিৰ এমচিএলএ দিলিপকুমাৰ বড়ো,চামৰাং SSB কেম্বৰ ইন্সপেক্টৰ চচী শৰ্মা ভেৰগাঁও জিলা ইউপিপিএলৰ সভাপতি নন্দৰাম বড়োসহ উপস্থিত এবছুৰ সমূহকাৰ্যকৰ্তা উপস্থিত থকা অনুষ্ঠানত ভেৰগাও মহকুমা অন্তৰ্গত বড়ো যুৱক -যুৱতি সকলক পুলিচ পেৰামিলিটেৰিত নিযুক্তি সম্পৰ্কত উৎসাহ আৰু অনুপ্ৰেৰণা যগোৱাৰ লগতে বিটিআৰ চুক্তিৰ উল্লিখিত দফা ৰূপায়ণৰ ফলত বড়ো সকলৰ লগতে বিটিআৰত কিছুপৰিমাণে নিবনুৱা সমস্যাৰ সমাধান হ’ব বুলি আশা প্ৰকাশ কৰে।
মাৰ্ঘেৰিটা সমষ্টিৰ কানাইপথাৰৰ মূল পথৰ মাজৰ কিছু অংশ পুখুৰী সদৃশ অৱস্থা। নিৰ্মাণৰ দাবী সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ
ৰাজ্যত ক’ৰোনা মহামাৰীৰ আতংকৰ মাজতে অসম চৰকাৰৰ ৰাজহুৱা খণ্ডৰ কাম বিভিন্ন প্ৰান্তত সম্পন্ন হৈ থকা দৃষ্টিগোচৰ হৈছে। ইয়াৰ মাজতে ক’ৰোনা মহামাৰীৰ অজুহাতত বহু ৰাজহুৱা কাম বন্ধ হৈ থকা দৃষ্টিগোচৰ হয়। ই বৰ্তমান সমাজৰ বাাবে এক ডাঙৰ সমস্যা আৰু ৰহস্যৰ বিষয়।দেশৰ পৰিবৰ্তনৰ কথা কোৱা বিজেপি চৰকাৰৰ কথা চালনিত পানী ৰাখি থোৱা লৈ পৰিণত হৈছে অসমবাসী ৰাইজৰ মাজত কাৰণ ইটোৰ পাছত সিটো সমস্যাই গা কৰি উঠিছে ৰাজ্যত, আজি ৰাস্তাৰ সমস্যা, কালি দলঙৰ সমস্যা চৌদিশে মাথোঁ সমস্যাই সমস্যা। এই ক্ষেত্ৰত দেখা যায় যে চৰকাৰৰ কোনো গুৰুত্ব নাই যি মন যায় ইচ্ছা শক্তিৰে কৰি গৈছে। সমস্যাবোৰ সেইদৰে ৰাইজে উপস্থাপন কৰি গৈছে কিন্তু, সমস্যাৰ সমাধান মাত্ৰ সপোন,কাহিনী আৰু সংবাদ হৈ টেলিভিছন, বাতৰি-কাকত আদিত প্ৰকাশ পাইছে। ইয়াৰ ভিতৰত তিনিচুকীয়া জিলাৰ ১২৪নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অৰ্থাৎ বিধায়ক ভাস্কৰ শৰ্মাৰ সমষ্টিৰ একেই অবস্থা। মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অৰ্থাৎ বিধায়ক ভাস্কৰ শৰ্মাৰ সমষ্টিৰ বুঢ়ীদিহিং মৌজাৰ অন্তৰ্গত অসম অৰুণাচল সীমান্তবৰ্তী এলেকা কানাইপথাৰ আৰু কুজুপথাৰ সংযোগীৰ মূল পথৰ প্ৰায় এক কিলোমিটাৰৰ এটা অংশ নিৰ্মাণ নকৰাৰ বাবে বৰ্তমানেও জৰাজীৰ্ণ হৈ আছে। এই জৰাজীৰ্ণ হৈ থকা এটা অংশই স্হানীয় ৰাইজৰ লগতে কানাইপথাৰ অনঞ্চলৰ গাতে গা লগি থকা কলিয়াজান,কৰিয়াজান,তৰিবাৰী আদিৰ দৰে আৰু বহু কেইটা অঞ্চলকে যাতায়তৰ ক্ষেত্ৰত এখন বস্তু নিয়া বাহনৰ পৰিবৰ্তে এখন খালি বাহন চলাই নিয়াত জলা কলা খোৱাইছে । বুঢ়িদিহিং মৌজা আঞ্চলিক সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ উপদেষ্টা জান্টু সোনোৱাল আৰু সভাপতি শৈলেন সোনোৱালৰ লগতে স্থানীয় একাংশ ৰাইজৰ অভিযোগৰ অনুসৰি বাৰম্বাৰ নিৰ্মাণ কৰিবলৈ জনোৱাৰ পাজত বিধায়ক ভাস্কৰ শৰ্মাই নিৰ্বাচনৰ আগত পদুমফুলৰ পতাকা উৰুয়াই পৰিবৰ্তনৰ শ্লোগান গাই ভোট বিচাৰি অহাৰ সময়তে এই পথটোৰ নিৰ্মাণৰ বাবে প্ৰতিশ্ৰুতি দিছিল। সেইমতে ৰাইজে সহাঁৰি পাই নিৰ্বাচনত জয়যুক্ত কৰিলে। কিন্তু পথৰ সেই অংশটো নিৰ্মাণ হোৱা দুৰৰ কথা নিৰ্বাচনত জয়ী হোৱা দিনৰে পৰা বৰ্তমান সময়তো বিধায়কক দেখি পাবলৈ আৰু গাৰ গোন্ধ পাবলৈও নাইকীয়া হল। বিগত পাঁচ বছৰ অতিক্ৰম কৰি পুনৰ নতুনকৈ দায়িত্ব ভাৰ গ্ৰহণ কৰিছে বিধায়ক ভাস্কৰ শৰ্মাই।গতিকে সামান্য প্ৰায় এক কিলোমিটাৰৰ এটা মূল পথৰ অংশ নিৰ্মাণ নকৰাত ৰাইজে আচৰিত হৈ ক্ষোভ প্ৰকাশ কৰিছে । ৰাইজৰ আসনত বহি ৰাইজৰ সেৱা কৰাত ইমান অসমৰ্থ কিয় বিধায়ক ভাস্কৰ শৰ্মাই । সেইয়েহে আজি বুঢ়ীদিহিং মৌজা আনঞ্চলিক সোনোৱাল কছাৰী ছাত্ৰ সন্থাৰ লগতে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ পেঙেৰী বৰডুমচা আঞ্চলিক সমিতি আৰু অন্যান্য দ’ল সংগঠন, স্হানীয় সচেতনবাসী ৰাইজে এই পথটো শ্ৰিঘ্ৰেই নিৰ্মাণ কৰিবলৈ সংবাদ মাধ্যমৰ জৰিয়তে দাবী জনাইছে লগতে এই কথাও স্পষ্ট কৰিছে যে যদিহে এই পথটো শ্ৰিঘ্ৰেই নিৰ্মাণ নকৰে ইয়াৰ বিৰুদ্ধে যিকোনো গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হব।
আৰাধনা যাত্রিক থিয়েটাৰৰ শুভ নাট্যাৰম্ভ
নাট্যপ্ৰেমী ৰাইজৰ মৰম আৰু আশীর্বাদ বিচাৰি বুধবাৰে আখৰা শুভাৰম্ভ কৰে নলবাৰী জিলাৰ গুৱাকুছি গাঁৱত জন্ম লাভ কৰা অৰূপ ভট্ট প্ৰযোজিত আৰাধনা যাত্রিক থিয়েটাৰে। আখৰা শুভাৰম্ভ অনুষ্ঠানত নাৰিকল ভাঙি নাটকৰ পাণ্ডুলিপি উন্মোচন কৰে অভিনেতা,যুৱ নাট্যকাৰ কবিন ৰাজে। তাৰোপৰি নাট্যালোচনী সভাত উপস্থিত থাকে নাট্যকাৰ ৰাধেশ্যাম কলিতা, অভিনেতা পৰিচালক বুবুল কলিতা, সাংস্কৃতিক সংবাদদাতা ৰমেন কলিতাৰ উপৰিও কেইবাগৰাকী বিশিষ্ট ব্যক্তি। আৰাধনা যাত্রিক থিয়েটাৰে ২১-২২ (দ্বিতীয়)বৰ্ষত নিবেদন কৰিব এক ব্যতিক্রমী আৰু হৃদয় বিদাৰক কাহিনীৰে নাট্যকাৰ ৰাধেশ্যাম কলিতাৰ “মহাপাপী মই” আৰু যুৱ নাট্যকাৰ কবিন ৰাজৰ “বেনামী প্ৰেমিক ” যত অভিনয় কৰিব অভিনেতা মহেশ ৰাজবংশী, চক্ৰেশ্বৰ দাস, নিৰ্মল ডেকা, নৱ ডেকা, মৃদুল ভূঞা, চুনু ভড়ালী, নিকুঞ্জ শৰ্মা, সতীশ বৰুৱা, ধনমনি দাস, অভিনেত্রী স্বপ্না নাথ, বনশ্রী তালুকদাৰ, ভেলিনা বৰুৱা, মিতালী দাস, আৰু সীমামনি বেগমে। আৰাধনা যাত্রিক থিয়েটাৰৰ সংগীত পৰিচালনা কৰিব মুনমুন, ৰাজুৱে আৰু পোহৰ পৰাগ শৰ্মাৰ। সম্পাদক ভাস্কৰ শৰ্মাই জনোৱা মতে আৰাধনা যাত্রিক থিয়েটাৰৰ কাৰ্যবাহী প্ৰযোজক নিকুঞ্জ শৰ্মা আৰু শব্দ হীৰক কলিতাৰ। ভালেসংখ্যক নাট্যানুৰাগীৰ উপস্থিতিত আয়োজিত আৰাধনা যাত্রিক থিয়েটাৰৰ শুভ মুহুৰত অনুষ্ঠানত প্ৰযোজক শিল্পী কলাকুশলী সকলে ৰাইজৰ সন্মুখত চিনাকী দি ৰাইজৰ সহযোগিতা কামনা কৰি শুভ নাট্যাৰম্ভৰ অনুষ্ঠান সামৰণি কৰে।
আইআইটি গুৱাহাটীৰ চৌহদত চিকিৎসা মহাবিদ্যালয় আৰম্ভ কৰিবলৈ অতিৰিক্ত ভূমি আৱণ্টন অসমৰ মুখ্যমন্ত্ৰীৰ
১ ছেপ্টেম্বৰত প্ৰতিষ্ঠানটোৰ প্ৰতিষ্ঠা দিৱসত ভাষণ দি অসমৰ মুখ্যমন্ত্ৰী মহন্ত বিশ্ব শৰ্মাই কয়, শীঘ্ৰেই চিকিৎসা মহাবিদ্যালয় আৰম্ভ কৰাৰ বাবে আইআইটি গুৱাহাটীক ভূমি আৱণ্টন কৰা হ’ব। “মোক কোৱা হৈছে যে আইআইটি গুৱাহাটীয়ে তেওঁলোকৰ চৌহদত এখন চিকিৎসা বিদ্যালয় আৰম্ভ কৰিব বিচাৰে। মই ইতিমধ্যে মোৰ ডিচিক এই উদ্দেশ্যৰ বাবে অতিৰিক্ত ভূমি প্ৰদান কৰিবলৈ কৈছো আৰু যদি এই প্ৰকল্পটো সঁচাকৈয়ে আহে (ভাল) তেন্তে ই সঁচাকৈয়ে ভাল হ’ব,” মুখ্যমন্ত্ৰীয়ে কয়।
তেওঁ Covid-১৯ মহামাৰীয়ে দেশখনক কেনেদৰে ধ্বংস কৰি পেলাইছে আৰু ৰাজ্যখনে তেওঁলোকৰ সকলোকে স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি বৃদ্ধিৰ ক্ষেত্ৰত তেওঁলোকৰ শক্তি পুনৰ কেন্দ্ৰীভূত কৰি তুলিছে বুলি উল্লেখ কৰি তেওঁ কয়, “মহামাৰীয়ে স্বাস্থ্য খণ্ডলৈ পুনৰ গুৰুত্ব আনিছে। এইটো আন এটা ক্ষেত্ৰ য’ত আমি ঘনিষ্ঠভাৱে কাম কৰিব পাৰোঁ,” তেওঁ লগতে কয়। প্ৰিমিয়াৰ ইঞ্জিনিয়াৰিং প্ৰতিষ্ঠানটোৰ 2006 চনৰ পৰা চৌহদত এখন কাৰ্যকৰী চিকিৎসালয় আছে যি 20,000 ফুটজুৰি বিয়পি আছে আৰু নটাতকৈও অধিক বিশেষত্বৰ গৌৰৱ কৰে।
চাৰিলেন যুক্ত পথ নিৰ্মাণত কাৰিকৰি বিসংগতি, বৃহৎ বৃহৎ গাঁতে সৃষ্টি কৰিছে ভয়াৱহ দুৰ্ঘটনা
যোৰহাটৰ পৰা টীয়ক নগৰলৈকে ৩৭নং ৰাষ্টীয় ঘাই পথতো কেন্দ্ৰীয় পথ পৰিবহন মন্ত্রনালয়ে চাৰিলেন যুক্ত পথ সম্প্ৰসাৰণ কৰি নিৰ্মাণ কাৰ্য্য চলাই থকাৰ সময়তে পকী পথৰ মাজত বৃহৎ বৃহৎ গাঁত হোৱাৰ পৰিপ্ৰেক্ষিতত যাতায়তৰ বাবে জিয়াতু ভুগিৱ লগা হৈছে সাধাৰণ ৰাইজৰ।চটাইৰ পৰা টীয়কলৈ চলিত মাহৰ জানুৱাৰি ফ্ৰেব্ৰুৱাৰী মাহৰ পৰা নিৰ্মাণ কৰিছিল যদিও বৰ্তমান প্ৰায়বোৰ ঠাইতে বৃহৎ বৃহৎ গাঁত সৃষ্টি হৈছে। বিভিন্ন ৰাজ্যৰ পৰা অহা আৰু স্থানীয় যান বাহন সমুহ বৃহৎ বৃহৎ গাঁত হোৱাত যাতায়তৰ বাবে অসুবিধা হোৱাৰ লগতে সঘনাই দুৰ্ঘটনা সংঘটিত হৈছে।উল্লেখযোগ্য যে চাৰিলেন যুক্ত পথ নিৰ্মাণ কাৰী সংস্থা জে.ডি.চি য়েলে লিংকন এণ্ড ডিগনিতি নামৰ কোম্পানিতোক নিৰ্মাণৰ দ্বায়িত্ব অৰ্পন কৰিছিল।অতি নিন্ম মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে ৩৭নং ৰাষ্টীয় ঘাই পথত বৃহৎ গাত সংঘটিত হৈছে বুলি সচেতন মহলে মত পোষণ কৰিছে।ইপিনে টীয়কৰ মেলেংস্থিত চাৰিলেন যুক্ত পথ নিৰ্মাণৰ কাৰ্য্যালয়ৰ সম্মুখত প্ৰতিবাদ কৰিছিল স্থানীয় শিল,বালি,মাটি যোগান ধৰা থলুৱা ঠিকাদাৰ অাৰু কৰ্মচাৰী সকলে।ইমানবোৰ বিসংগতি থকা নিৰ্মান কাৰী সংস্থাৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ হস্তক্ষেপৰ দাৱী তুলিছে সচেতন মহলে।
বেলশিৰি নৈৰ ওপৰেদি মৰণফান্দ যাতায়ত
শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি বিধান সভা সমষ্টিৰ গড়মাৰা, চেঁচাবিল,ৰামনাথপুৰ,জিকিৰিবাৰী গাঁৱৰ ৰাইজে মৰণক শৰণ দি খোজকাঢ়ি পাৰ হয় পাহাৰীয়া খৰস্ৰোতা নৈ বেলশিৰি নৈ ৷বৰ্তমান বাৰিষাৰ সময়ত উক্ত গাওঁকেইখনৰ আৱাল বৃদ্ধ বনিতাৰ লগতে কোলাত কেঁচুৱা লৈ বৃদ্ধ মহিলাই ফেনে ফুটুকাৰে বাঢ়ি অহা পাহাৰীয়া নৈ বেলশিৰি নৈ পাৰ হোৱা দৃশ্য প্ৰত্যক্ষ কৰিলে সকলোৰে গাৰ নোম শিঁয়ৰি উঠিব ৷সুদীৰ্ঘদিন ধৰি বেলশিৰি নৈৰ ওপৰত এখন দলং নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক তথা ৰাজ্য চৰকাৰক দাবী জনাই আহিছিল যদিও বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ সমস্যা সমাধান নকৰাত এনেদৰে মৰণক শৰণ দি বাঢ়নী পানীৰ মাজেৰে যাতায়ত কৰিবলগা হৈছে সৰ্বসাধাৰণ গঁঞা ৰাইজে ৷ঢেকীয়াজুলি বিধান সভা সমষ্টিৰ গড়মাৰা গাওঁ পঞ্চায়ত এলেকাৰ গড়মাৰা, চেঁচাবিল,ৰামনাথপুৰ ,জিকিৰিবাৰী গাঁৱকে আদি কৰি গাওঁসমূহত দেখা গ’ল বিকশিত অসমৰ অবিকশিত ছবি ৷ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ পিছতো চৰকাৰী কোনো উন্নয়নমূলক আঁচনিয়ে সমষ্টিটোৰ উক্ত গাওঁসমূহক স্পৰ্শ নকৰাত স্থানীয় ৰাইজে তীব্ৰ ক্ষোভ ব্যক্ত কৰে ৷ উক্ত গাওঁকেইখনৰ ৰাইজ তথা ছাত্ৰছাত্ৰীসকলে বিদ্যালয় ,মহাবিদ্যালয়,চিকিৎসালয়লৈ নৈ পাৰ হৈ যাবলগীয়া হোৱাত সুদীৰ্ঘদিন ধৰি দাবী জনাই অহা বেলশিৰি নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰা সন্দৰ্ভত বিগত চৰকাৰৰ লগতে বৰ্তমানৰ স্থানীয় বিধায়ক অশোক সিংহলে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজে সংবাদমাধ্যমত তীব্ৰ ক্ষোভ ব্যক্ত কৰে ৷

উক্ত অঞ্চলত বেলশিৰি নৈৰ ওপৰত দলং নিৰ্মাণ নকৰাৰ বাবে ইয়াৰ ছাত্ৰছাত্ৰীসকলে খৰালি নৈ পাৰ হৈ মিছামাৰীত থকা ধনখনা উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগতে মিছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়,মিছামাৰী জুনিয়ৰ কলেজলৈ যাব পাৰে যদিও বাৰিষা আহিলেই নৈখনি ফেনেফুটুকাৰে বাঢ়ি অহাত ছাত্ৰছাত্ৰীসকলে বহুকিলোমিটাৰ পথ ঘূৰি গৈ বিদ্যালয়লৈ যাব লগা হয় বুলি জনায় হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবেলি উত্তীৰ্ণ হোৱা ছাত্ৰ হৰেশ্বৰ ৰাজোৱাৰে ৷আনহাতে গড়মাৰা গাওঁ পঞ্চায়ত এলেকাৰ গড়মাৰা, চেঁচাবিল,ৰামনাথপুৰ ,জিকিৰিবাৰী গাঁৱকে আদি কৰি গাওঁসমূহত প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ নথকাৰ পৰিপ্ৰেক্ষিতত চিকিৎসাৰ বাবে এই অঞ্চলৰ ৰাইজে মিছামাৰী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ নৈ পাৰ হৈ যাব লাগে ৷উল্লেখ্য যে ৰামনাথপুৰ গাঁৱৰ পৰা ঢেকীয়াজুলি নগৰলৈ দূৰত্ব ১২ কিলোমিটাৰ ৷সেয়ে ৰাইজে চিকিৎসাৰ বাবে ঢেকীয়াজুলিলৈ আহিবলৈ অসুবিধা হোৱাত নাতিদূৰৈত থকা মিছামাৰী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত নৈ পাৰ হৈ চিকিৎসা কৰিব যাব লগা হোৱা বাবে বৰ্তমান বাৰিষাৰ সময়ছোৱাত ৰাইজৰ মাজত এক হাঁহাকাৰ পৰিৱেশৰ সৃষ্টি হয় ৷ঢেকীয়াজুলি সমষ্টিৰ উক্ত অঞ্চলৰ ৰাইজৰ বাবে বেলশিৰি নৈ ওপৰত দলং নিৰ্মাণৰ লগতে
গুৰুতৰ সমস্যাৰাজি সমাধান কৰি ৰাইজক উপকৃত কৰিবলৈ ভুক্তভোগী গঁঞা ৰাইজে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহলৰ লগতে বিভাগীয় কৰ্তৃপক্ষক সংবাদমাধ্যমৰ জৰিয়তে দাবী জনাইছে।।
প্ৰেচাৰ কুকাৰ আৰু পতাগুটিৰে ১৪বছৰীয়া কিশোৰীক নিৰ্মমভাৱে হত্যা
গুৱাহাটীত দিনদুপৰতে চাঞ্চল্যকৰ হত্যাকাণ্ড৷ এগৰাকী ১৪ বছৰীয়া কিশোৰীক নিৰ্মমভাৱে হত্যা৷ প্ৰেচাৰ কুকাৰ আৰু পতাগুটিৰে নৃশংসভাৱে হত্যা কিশোৰীগৰাকীক। খাৰঘূলিত সংঘটিত হয় এই চাঞ্চল্যকৰ হত্যাকাণ্ডটো৷ঘৰৰ ভিতৰতে উদ্ধাৰ কিশোৰীগৰাকীৰ মৃতদেহ। কিশোৰীগৰাকীৰ নাম দিম্পল কুমাপতি। পিতৃ-মাতৃ দোকানলৈ ওলাই যোৱাৰ পাছতেই কোনো লোকে এই হত্যাকাণ্ড সংঘটিত কৰে৷ কিশোৰীগৰাকী এঞ্জেল অব গড হাইস্কুলৰ ছাত্ৰী আছিল। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত৷
এ আই ইউ ডি এফৰ ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰৰ বিজেপিত যোগদান
মঙলবাৰে এ আই ইউ ডি এফৰ পৰা পদত্যাগ কৰিছিল ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰে৷ আজি বিজেপিত যোগদানৰ পূৰ্বে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক পুৱাই মুখ্যমন্ত্ৰীৰ চৰকাৰী আৱাসত সাক্ষাৎ কৰে ফণীধৰ তালুকদাৰে৷ ফণী তালুকদাৰক কাষত বহুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে, “এটা বেদনা আঁতৰি গ’ল৷অসম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ খগেশ্বৰ তালুকদাৰৰ ভৱানীপুৰৰ পৰা এ আই ইউ ডি এফ জিকি থকাতো দুখৰ কথা আছিল৷ ফণী তালুকদাৰ এইবাৰ বিজেপিৰ টিকটৰে নিৰ্বাচন খেলি বিধানসভালৈ আহিব৷” বিজেপিত আনুষ্ঠানিক যোগদানৰ আগত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ফণী তালুকদাৰে ক’লে,”বিজেপিৰ নীতি আদৰ্শইও মোক আকৃষ্ট কৰিছে। “মই ২০২১ত বিজেপিৰ পৰা টিকট বিচাৰিছিলো, নাপালো৷চৰকাৰী পক্ষৰ বিধায়ক হ’লে সমষ্টিবাসীৰ লাভ হয়৷ শাসকীয় পক্ষত থাকি সমষ্টিৰ উন্নয়ন কৰিবলৈ মই সমষ্টিৰ উন্নয়নৰ বাবেহে বিজেপিলৈ আহিছো। এ আই ইউ ডি এফক মই সাম্প্ৰদায়িক বুলি নকওঁ কিন্তু তাত ৯৮ শতংশই এক বিশেষ সম্প্ৰদায়ৰ লোক। কিন্তু কংগ্ৰেছতকৈ এ আই ইউ ডি এফত বহু উচ্চ চিন্তা সম্পন্ন লোক আছে।”











