সমগ্ৰ দেশৰ লগতে হোজাই জিলাতো সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত আজিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ বিভিন্ন কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় পোষণ মাহ পালন কৰা হ’ব ৷ এই উপলক্ষে আজি পোষণ মাহ পালনৰ উদ্বোধনী কাৰ্যসূচী হিচাপে বৃক্ষৰোপণ আৰু সম্পূৰ্ণ ক’ভিড-১৯ স্বাস্থ্য বিধি অনুসৰণ কৰি উপায়ুক্ত কাৰ্যালয়ৰ চৌহদৰ পৰা শংকৰদেৱ নগৰ কৃষ্টি বিকাশ কেন্দ্ৰৰ সমীপলৈ জিলা সমাজ কল্যাণ বিভাগৰ বিভিন্ন বিষয়া, চুপাৰভাইজৰ, অংগনৱাদী কৰ্মী আৰু সহায়িকাৰ অংশগ্ৰহণেৰে এক সজাগতামূলক সমদল উলিওৱা হয় ৷ সমদলৰ ফ্লেগ অফ কৰি উপায়ুক্ত অনুপম চৌধুৰীয়ে উল্লেখ কৰে যে, এই পোষণ মাহ পালনৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষৰ পৰা পুষ্টিহীনতা দূৰীকৰণক মূল লক্ষ্য হিচাপে লৈ বিভিন্ন সুদূৰপ্ৰসাৰী আৰু ফলপ্ৰসূ কাৰ্যসূচীৰ মাধ্যমত ইয়াৰ প্ৰতিকাৰৰ বাবে এক উমৈহতীয়া প্ৰচেষ্টা ৷ এই পোষণ মাহ পালনৰ লগত সংগতি ৰাখি হোজাই জিলাতো পুষ্টিহীনতাত ভুগি থকা শিশুসকলক চিনাক্ত কৰি পুনৰীক্ষণৰ অন্তত পুষ্টিকৰ খাদ্য যোগান দিয়াৰ লগতে অন্যান্য পৰিপুষ্টিমূলক কাৰ্যসূচী হাতত লোৱা হৈছে ৷
ওৰাঙত জন্মদিনৰ প্ৰসাদ খাই অসুস্থ ৩৪ জন লোক।অচেতন অৱস্থাত চাৰিজন
ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানা এলেকাৰ ওৰাং খন্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত গেলাবিলত জন্মদিনৰ প্ৰসাদ খাই ৩৪ জনকৈ লোক অসুস্থ হৈ পৰাত অঞ্চলটোত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে । জানিব পৰা মতে ২৯আগষ্টত সন্ধিয়া পশ্চিম গেলাবিল গাওঁৰ বিচিত্ৰ তালুকদাৰ নামৰ লোক জনৰ পুতেকৰ জন্মদিন আছিল ।সেই উপলক্ষে তালুকদাৰে ওচৰ চুবুৰীয়া সকলক নিমন্ত্ৰণ জনাই চাহ আৰু মা প্ৰসাদ খোৱাই জন্মদিন পালন কৰিছিল । কিন্তু জন্মদিনত মা প্ৰসাদ খোৱা সকলো লোকৰে নিশা পেটৰ বিষ, বমি আৰু পাইখানা হবলৈ আৰাম্ভ কৰে। লগে লগে পিছদিনা পুৱাই প্ৰসাদ খাই অসুস্থ হোৱা লোক সকলক ওৰাং খন্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় । যদিও মঙলবাৰে আন কেইবাগৰাকী লোক পুনৰ গুৰুত্বৰ ভাবে অসুস্থ হৈ ওৰাং খন্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে গুৰুত্বৰ ভাবে অচেতন হৈ পৰা কৃষ্ণ উপ্যাধায় ,(৩৮ ) গংগা দেবী (৬৫) পুনম দেবী (৩০) আনন্তি উপাধ্যায় (৮) ক যোৱা কালিয়েই চিকিৎসকে ওৰাঙৰ স্বাস্থ্য কেন্দ্ৰৰ পৰা তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰন কৰা বুলি জানিব পৰা গৈছে ।আনহাতে পুতেকৰ জন্মদিন আয়োজন কৰা বিচিত্ৰ তালুকদাৰৰ পৰিয়ালটো মা প্ৰসাদত খাই গুৰুত্বৰ ভাবে অসুস্থ হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে ।
সোণাৰিত কৃষকলৈ ৰেহাই মূল্যত স্প্ৰেয়াৰ মেচিন বিতৰণ
কৃষকৰ আয় দুগুণ কৰিবলৈ চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰিছে। চৰকাৰৰ আঁচনি সমূহৰ দ্বাৰা যাতে কৃষক সকল উপকৃত হয় সেয়াও লক্ষ্য ৰাখিছে চৰকাৰে। এই মন্তব্য যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ। সোণাৰিত কৃষকলৈ ৰেহাই মূল্যত স্প্ৰেয়াৰ মেছিন বিতৰণ কৰি এনেদৰে মন্তব্য প্ৰদান কৰে সাংসদ তপন কুমাৰ গগৈয়ে। চৰাইদেউ জিলা কৃষি বিভাগৰ উদ্যোগত সোণাৰিত আজি কৃষকৰ মাজত এক বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত অনুষ্ঠিত এই অনুষ্ঠানত চৰাইদেউ জিলাৰ ৪৫০ গৰাকী কৃষকলৈ ৰেহাই মূল্যত স্প্ৰেয়াৰ মেছিন বিতৰণ কৰা হয়। চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত জাভেদ আৰমান, জিলা কৃষি বিষয়া অৰুণ চাংকাকতীৰ উপস্থিতিত স্প্ৰেয়াৰ মেছিন সমূহ বিতৰণ কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে।
বৰছলা আৰক্ষী চকীৰ আৰক্ষীৰ বৃহৎ সাফল্য
মৰিগাঁও জিলাৰ লাহৰীঘাটত অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ। বৰচলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুটা সৰবৰাহকাৰীক। ড্ৰাগচ বিক্ৰী কৰিবলৈ আহি আৰক্ষীৰ জালত পৰে সৰবৰাহকাৰী দুটা। ধৃত সৰবৰাহকাৰী দুটা মিকিৰভেটা থানাৰ এলেকাধীন আবু ছাহিদ(৩৪)আৰু আজিবুৰ ৰহমান। ধৃত ড্ৰাগচ সৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে ২৪ গ্ৰাম ড্ৰাগছ, এটা চাৰি চকীয়া বাহন আৰু ভি’ভ মবাইল। উল্লেখ্য যে বৰছলা আৰক্ষী চকীৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ড্ৰাগচ সৰবৰাহ কাৰীয়ে ড্ৰাগচ বিক্রি কৰি থকা অৱস্থাত দুয়োকে হাতে লোটে কৰায়ত্ব কৰে। পিছত অধিক তথ্যৰ বাবে ধৃত সৰবৰাহকাৰী দুটাক জেৰা কৰিবৰ বাবে লাহৰীঘাট থানাত লৈ আনে। আৰক্ষীয়ে জব্দ কৰিছে ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰা AS 02F 7538 নম্বৰৰ এখন চাৰি চকীয়া বাহন, ২৪ গ্ৰাম ড্ৰাগছ আৰু এটা ভিভ’ মবাইল। দুয়োকে আজি লাহৰীঘাট থানাৰ আৰক্ষীয়ে 573/21, U/S 21B/29/ NDP’S ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি জেল হাজতোলৈ প্ৰেৰণ কৰে।

পশ্চিম নলবাৰীৰ বৰ্ষীয়ান শিক্ষাবিদ ৰজনী ভূঞাৰ ৮১সংখ্যক ৰাজহুৱা জন্মদিন উদযাপন
পশ্চিম নলবাৰী অঞ্চলৰ চামতাৰ ঐতিহ্যমণ্ডিত চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজকৰ্মী ৰজনী ভূঞাৰ কালি ৰাজহুৱাভাৱে ৮১ সংখ্যক ওপজা দিন উদযাপন কৰা হয় ৷ চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গণিত বিষয়ৰ বিদগ্ধ পণ্ডিত ৰজনী ভূঞাই ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনত ১৯৬৪ চনত যোগদান কৰি ২০০০ চনৰ ৩১ আগষ্টত অৱসৰ গ্ৰহণ কৰে ৷ কটন কলেজৰ স্নাতক শিক্ষাব্ৰতী ভূঞাই ইয়াৰ পূৰ্বে ককয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়তো ৪ মাহ শিক্ষকতা কৰিছিল ৷ বিশিষ্ট শিক্ষাব্ৰতী ভূঞাই অভিযন্তাৰ পাঠ্যক্ৰমতো নামভৰ্তি কৰিছিল যদিও পিছত তেওঁ গণিত বিষয়ৰ শিক্ষক হোৱাৰ উদ্দেশ্যে তাৰ পৰা আতৰি আহিছিল ৷ আজি চামতাৰ ৰূপীয়াবাথান গাঁৱৰ কায়স্থ চুবুৰীৰ ভূঞাৰ বাসগৃহৰ সমীপৰ গোপাল মন্দিৰ প্ৰাঙ্গণত স্থানীয় ৰাইজে তেওঁৰ ৮১ সংখ্যক ওপজা দিন ৰাজহুৱাকৈ উদযাপন কৰি তাৰ এটি উপ-পথ শিক্ষাব্ৰতী, সমাজকৰ্মীৰ নামত উৎসৰ্গিত কৰি পথটো ৰজনী ভূঞা পথ নামেৰে নামাকৰণ কৰে ৷ এই উপলক্ষে চামতাৰ বিষ্ণুজ্যোতি একাডেমীৰ সমন্বয়ক অনন্ত বৰ্মনৰ পৌৰহিত্যত আৰু সুভাষ কাকতীয়ে আঁত ধৰা সভাত কামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ, সমাজকৰ্মী ৰাজেন বৰুৱা, পকোৱা হাইস্কুলৰ অবসৰপ্ৰাপ্ত শিক্ষক বীৰেশ মল্ল বৰুৱা, কুমুদ মল্ল বৰুৱা, ২৫ নং ৰূপীয়াবাথান গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰানু বৰ্মন, পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বেদান্ত বৰুৱা, প্ৰাক্তন ছাত্ৰ ৰাজেন বৈশ্যই শিক্ষাব্ৰতী, সমাজকৰ্মী ভূঞাৰ জীৱন-কৃতিৰ ওপৰত ভাষণ প্ৰদান কৰে ৷ অনুষ্ঠানত ৰজনী ভূঞা পথৰ নাম ফলক উন্মোচন কৰে শিক্ষাব্ৰতী, সমাজকৰ্মী ৰাজেন বৰুৱাই ৷ ৰজনী ভূঞা পথৰ ফিটা কাটি উন্মোচন কৰে স্থানীয় পঞ্চায়ত সভানেত্ৰী ৰানু বৰ্মনে ৷ অনুস্থানত পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিনিধি, নলবাৰী জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া চন্দন বেজবৰুৱা, গাঁও প্ৰধান অতুল ভূঞা, চামতা বিবেকানন্দ বিদ্যা নিকেতনৰ শিক্ষকবৃন্দ, বিশিষ্ট শিল্পী উমেশ দত্ত, পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ প্ৰতিনিধিকে ধৰি বহুসংখ্যাক গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷ সন্ধিয়া ভূঞা বাসগৃহত সংগীতৰ অনুষ্ঠানো অনুষ্ঠিত কৰে ৷
বাঘবৰৰ আলোপতিচৰত বাঢ়নি পানীৰ সোঁতে ভাঙিলে পকী কালভাৰ্ট, ব্যাহত হৈ পৰিছে যাতায়ত
ৰাজ্যজুৰি অব্যাহত আছে ভদীয়া বানৰ তাণ্ডৱ, দক্ষিণ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত চৰাঞ্চলত ভদীয়া বানে চলাইছে তাণ্ডৱ, বাঘমাৰা-আলোপতিচৰ সংযোগী সদ্যব্যস্ত ৰাজপথৰ পকী কালভাৰ্ট বাঢ়নি পানীৰ সোঁতে উটুৱাই নিয়াত ব্যাহত হৈ পৰিছে যাতায়ত আৰু ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। সদ্যব্যস্ত ৰাজপথৰ পকী কালভাৰ্ট বাঢ়নি পানীৰ সোঁতে উটুৱাই নিয়াৰ ফলত ক্ৰমে আলোপতি, মাজৰচৰ, বাঘমাৰা আৰু চেঙা সমষ্টিৰ খোলাবান্ধা গাওঁ পঞ্চায়তৰ কেবা সহস্ৰাধিক বান বিধ্বস্ত লোকলৈ নামিপৰিছে যাতায়তৰ আহুকাল। যি স্থানত দলংৰ প্ৰয়োজন তাত কালভাৰ্ট স্থাপন কৰি ঠিকাদাৰে দ্বায় সৰা বিধৰ কাম কৰাৰ বাবেই এনে হোৱাৰ অনুমান কৰিছে ৰাইজে। স্থানীয় বিধায়ক শ্বেৰমান আলীয়ে বানপীড়িত ৰাইজৰ খৱৰ নোলোৱাৰো অভিযোগ উত্থাপন কৰিছে একাংশ ৰাইজে।পকী কালভাৰ্ট ভাঙি যাতায়ত ব্যাহত হৈ পৰাত নিতৌ খেতিৰ পাচলি বজাৰলৈ নি পেটেভাতে চলা চৰাঞ্চলৰ প্ৰায় সমুহ পৰিয়াল লোকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। শীঘ্ৰে ভগ্ন কালভাৰ্ট খন মেৰামতি কৰি যাতায়ত সুচল কৰাৰ দাবী জনাইছে বানাক্ৰান্ত ৰাইজে।
মাজুলীৰ গড়মূৰ বংশীগোপাল নাট্য মন্দিৰৰ ১০২ সংখ্যক প্ৰতিষ্ঠা দিৱস পালন
মাজুুলীৰ প্ৰথম অসমৰ চতুৰ্থটো ঐতিহাসিক ৰংগমঞ্চ প্ৰসিদ্ধ শ্ৰীশ্ৰী গড়মূৰ সত্ৰৰ বংশীগোপাল নাট্য মন্দিৰৰ ১০২ সংখ্যক প্ৰতিষ্ঠা দিৱস আজি উদ্যাপন কৰা হয় ৷ প্ৰথম ৰংগমঞ্চৰ লগতে মঞ্চ ৰাসৰ বাটকটীয়া ঐতিহাসিক অনুষ্ঠানটিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে আজি পুৱা গছপুলি ৰোপণেৰে কাৰ্যসূচীৰ শুভাৰম্ভ হয় ৷ গড়মূৰ সত্ৰৰ বৰনামলগোৱা তথা শিল্পী পেঞ্চন প্ৰাপক জীৱন ভূঞা আৰু ৰবিন শৰ্মাই নাট্য মন্দিৰৰ চৌহদত গছপুলি ৰোপণ কৰে ৷ তাৰ পিছতে পতাকা উত্তোলন কৰে নাট্য মন্দিৰৰ সভাপতি তৰুণ বৰাই ৷ প্ৰৱাদ পুৰুষ সত্ৰাধিকাৰ , স্বাধীনতা সংগ্ৰামী , সমাজ সংস্কাৰক সত্ৰাধিকাৰ যিগৰাকীৰ মহান প্ৰচেষ্টাত ১৯২০ চনত মাজুলীৰ প্ৰথম আৰু অসমৰ চতুৰ্থটো ৰংগমঞ্চই গড়মূৰ সত্ৰত প্ৰাণ পাই উঠিছিল সেই গৰাকী মহান সত্ৰাধিকাৰ শ্ৰীশ্ৰী পীতাম্বৰদেৱ গোস্বামীৰ প্ৰতিচ্ছৱিত স্মৃতি তৰ্পণ কৰে গড়মূৰীয় সত্ৰাধিকাৰ পৰমানন্দদেৱ গোস্বামীয়ে ৷ স্মৃতি তৰ্পণ কৰি সত্ৰাধিকাৰ গৰাকীয়ে গুৰুজনাই প্ৰতিষ্ঠা কৰি যোৱা মহান অনুষ্ঠানটিৰ ঐতিহ্য ৰক্ষাৰ বাবে সত্ৰৰ সকলোৰে প্ৰতি আহবান জনায় ৷ উল্লেখ যে , শ্ৰীশ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ প্ৰতিষ্ঠাৰ দিনৰ পৰাই নাট্য মন্দিৰত সত্ৰৰ যুৱতী সকলে প্ৰতি বছৰেই ধৰ্মমূলক নাট মঞ্চস্থ কৰে যদিও ক’ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত এইবাৰ উক্ত কাৰ্যসূচী বাতিল কৰা হয় ৷ সন্ধিয়া পীতাম্বৰদেৱ যুৱক কল্যাণ সংঘৰ সদস্য সকলে নাট্য মন্দিৰৰ চৌহদত বন্তি প্ৰজ্বলন কৰে ৷ ইফালে সুৰক্ষাৰ দায়িত্বত থকা অৰ্ধসামৰিক বাহিনীৰ জোৱান সকলৰ কেম্প সোৱণশিৰিৰ বাঢ়নী পানীত ডুব যোৱাত জোৱান সকল আহি নাট্য মন্দিৰত শিবিৰ পতাৰ বাবে প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুষ্টুপীয়াকৈ অনুষ্ঠিত কৰা হয়
শ্ৰীল ভক্তি বেদান্ত স্বামী প্ৰভূপদৰ ১২৫ তম্ জন্ম জয়ন্তী উপলক্ষে প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিব ১২৬ টকাৰ স্মাৰক মুদ্ৰা
বুধবাৰে বিয়লি ৪ বজাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শ্ৰীল ভক্তি বেদান্ত স্বামী প্ৰভূপদৰ ১২৫ তম্ জন্ম জয়ন্তী উপলক্ষে ১২৬ টকাৰ এক বিশেষ স্মাৰক মুদ্ৰা মুকলি কৰিব। প্ৰধানমন্ত্ৰী কাৰ্য্যালয়ৰ এক বিবৃতিত কোৱা হৈছে যে প্ৰধানমন্ত্ৰী মোদীয়ে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে সমবেত লোকসকলক সম্বোধন কৰিব। কেন্দ্ৰীয় সাংস্কৃতিক মন্ত্ৰী কিষান ৰেড্ডীও অনুষ্ঠানটোত উপস্থিত থাকিব।ইস্কনে শ্ৰীমদ ভাগৱত গীতা আৰু অন্যান্য বৈদিক সাহিত্যক ৮৯ টা ভাষালৈ অনুবাদ কৰিছে। স্বামীজী প্ৰভূপদে ১০০ তকৈও অধিক মন্দিৰ প্ৰতিষ্ঠা কৰিছিল আৰু কেইবাখনো কিতাপ লিখিছিল যিয়ে বিশ্বক ভক্তি যোগৰ পথ দেখুৱাইছে।
টংলাৰ ভোকালীকান্দাত জল জীৱন মিছনৰ শুভাৰম্ভ বিটিআৰৰ ই এম দিগন্ত বৰুৱাৰ
ভাৰতবর্ষত প্ৰত্যক ঘৰ লোকে বিশুদ্ধ খোৱা পানী খাব পৰাকৈ ২০১৯ চনৰ ১৫ আগষ্টত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুভ উদ্বোধন কৰা জল জীৱন মিছন বৰ্তমান সমগ্ৰ ৰাজ্যত ইয়াৰ আদৰ আৰু গুৰুত্ব ক্ৰমান্নয়ে বাঢ়ি যোৱা পৰিলক্ষিত হৈছে। সেই অনুসাৰে আজি ওদালগুৰি জিলাৰ কলাইগাওঁ থানাৰ অন্তৰ্গত ১৯৮৫ চনতে স্থাপিত হোৱা টংলা সংমণ্ডল জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অধীনৰ ভোকালীকান্দা পাইপ পানী যোগান আঁচনিটিত নতুন অভিলাক্ষী আঁচনি জল জীৱন মিছনৰ শুভাৰম্ভ কৰে বি টি আৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ কাৰ্যকৰী সদস্য দিগন্ত বৰুৱাই। উক্ত জল জীৱন মিছন আঁচনিটি শুভ উদ্বোধন কৰি দিগন্ত বৰুৱাই কয় যে ৰাইজৰ সুবিধাৰ্থে পুনৰ জল জীৱন মিছনৰ জৰিয়তে ভোকালীকান্দা পাইপ পানী যোগান আঁচনিটি উৎজীৱিত কৰা হল, যাতে প্ৰত্যেক ঘৰৰ মানুহে বিশুদ্ধ খোৱা পানী সেৱন কৰি সুস্থ জীৱন যাপন কৰিবলৈ সক্ষম হয়। উক্ত আঁচনিটি সঠিক ভাবে পৰিচালনাৰ বাবে এখন সক্ৰিয় পৰিচালনা সমিতি গঠন কৰিবলৈ তেওঁ ৰাইজক আহ্বান জনায়।
ৰৌতাত গোর্খা ছাত্র সন্থাৰ নতুন সমিতি গঠন
সদৌ অসম গোর্খা ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিৰ অন্তৰ্গত ৰৌতা আঞ্চলিক সমিতিৰ ৩১ আগষ্টত ৰৌতা ষ্টেচন উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগণত এখন প্ৰতিনিধি সভা অনুষ্ঠিত হৈ যায় । এই প্ৰতিনিধি সভা উদ্বোধন কৰে কেন্দ্ৰীয় সমিতিৰ গোর্খা সন্মিলনৰ সম্পাদক লক্ষ্মী চেড়াইয়ে। ৰৌতা আঞ্চলিক গোর্খা ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি প্ৰণৱ শৰ্ম্মাৰ সভাপতিত্বত অনুষ্ঠিত হৈ যোৱা সভাত প্ৰতিবেদন পাঠ কৰে সাধাৰণ সম্পাদক মহেন্দ্ৰ ভেটুৱালে । সভাত পর্যবেক্ষক হিচাপে ওদালগুৰি জিলা সমিতিৰ কাৰ্যালয় সম্পাদক উমেশ চেত্ৰী আৰু শিক্ষা সম্পাদক দুৰ্গা বস্নেত লগতে তথ্য সম্পাদক কিশোৰ কাশ্যপৰ উপস্থিতিত প্ৰতিনিধি সভাই আগন্তুক কাৰ্যকালৰ বাবে মহেন্দ্ৰ ভেটুৱালক সভাপতি আৰু বুদ্ধিমান ছেত্ৰীক সাধাৰণ সম্পাদক হিচাপে লৈ মুঠ ৩৭ জনীয়াকৈ সমিতি গঠন কৰে । সভাত মুখ্য অতিথি হিচাপে ওদালগুৰি জিলা গোর্খা ছাত্ৰ সন্থাৰ সভাপতি সোমৰাজ সোনাৰ, সম্পাদক সঞ্জীৱ খতিওৰা, সাংগঠনিক সম্পাদক বিকাশ ভট্টৰাই প্ৰমুখ্যে সংগঠনটোৰ কেইবাগৰাকী ছাত্ৰনেতা উপস্থিত আছিল ।











