Home Blog Page 2860

ক’ভিড সম্পৰ্কীয় নতুন মানক সঞ্চালন প্ৰক্ৰিয়া (SOP)

◆ ক’ভিড সম্পৰ্কীয় নতুন মানক সঞ্চালন প্ৰক্ৰিয়া (এছঅ’পি) আজিৰ এই সাংবাদিক মেলৰ (১ চেপ্তেম্বৰ ২০২১ৰ আগবেলা ১১.০০ বজা) পৰাই কাৰ্যকৰী হ’ব।।
◆ ৰাজ্যত ক’ভিড পৰিস্থিতি উন্নীত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ক’ভিড প্ৰতিবন্ধকতা আৰু সান্ধ্য আইনৰ ক্ষেত্ৰত আৰু অধিক শিথিলতা অনাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে।
◆ ৰাজ্যজুৰি নৈশ সান্ধ্য আইনৰ ক্ষেত্ৰত পুনৰ শিথিলতাৰ ব্যৱস্থা। নিশা ৯.০০ বজাৰ পৰা পিছদিনা পুৱা ৫.০০ বজালৈ বলৱৎ থাকিব সান্ধ্য আইন।
◆ নিশা ৮.০০ বজালৈ খুলিব পাৰিব হোটেল-ৰেষ্টুৰেণ্ট-ধাবা, ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠান, বিক্ৰী কেন্দ্ৰ, শ্ব’ৰোম, গেলামালৰ দোকান, ফলমূল, পাচলিৰ দোকান আদি।
◆ এইপৰ্যন্ত এপালিও ক’ভিড প্ৰতিষেধক নোলোৱাকৈ থকা চৰকাৰী বিষয়া-কৰ্মচাৰীসকলে অহা তিনিদিনৰ ভিতৰত ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিব লাগিব।
◆ প্ৰত্যেক চৰকাৰী কাৰ্যালয়ৰ মূৰব্বী বিষয়াই নিজ কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰীসকলে ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিছে নে নাই, সেয়া পৰীক্ষা কৰিব। এতিয়ালৈকে এপালিও প্ৰতিষেধক নোলোৱা বিষয়া-কৰ্মচাৰীসকলে আগন্তুক ৩ দিনৰ ভিতৰতে প্ৰথম পালি প্ৰতিষেধক লোৱাটোও মূৰব্বী বিষয়াই সুনিশ্চিত কৰিব।
◆ কেতবোৰ চৰ্তসাপেক্ষে ৰাজ্যৰ সকলো জিলা সামৰি আন্তঃ জিলা যাতায়ত মুকলি।
◆ আন্তঃ জিলা (Inter district) আৰু অন্তঃ জিলা (Intra district) যাতায়তৰ ক্ষেত্ৰত চৰকাৰী-বেচৰকাৰী ৰাজহুৱা পৰিবহন ব্যৱস্থাৰ বাছ আদিত ১০০ শতাংশ আসনতে যাত্ৰী পৰিবহনত অনুমতি। কিন্তু কোনো যাত্ৰী পৰিবাহী বাহনেই আসন সংখ্যাৰ অতিৰিক্ত ভাৱে থিয় কৰি যাত্ৰী (standing passenger) নিব নোৱাৰিব। যাত্ৰী থিয় কৰি (standing passenger) নিয়া বাহন ধৰা পৰিলে, তেনে বাহন আৰু থিয় হৈ যোৱা যাত্ৰীৰ ওপৰত বৰ্ধিত হাৰত জৰিমণা বিহাৰ লগতে চালকৰ অনুজ্ঞাপত্ৰ আৰু গাড়ীৰ পঞ্জীয়ন বাতিল কৰা হ’ব।
◆ কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা লোকেহে আন্তঃ জিলা (Inter district) আৰু অন্তঃ জিলা (Intra district) যাতায়ত কৰিব পাৰিব। মাস্ক বাধ্যতামূলক।
◆ অটোৰিক্সা, চাইকেল ৰিক্সা, টেক্সীৰ ক্ষেত্ৰতো ১০০ শতাংশ আসনতে যাত্ৰী পৰিবহনত অনুমতি। অৱশ্যে কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা আৰু মাস্ক পৰিধান কৰাটো যাত্ৰী-চালকৰ বাবে বাধ্যতামূলক।
◆ কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা লোকৰ ক্ষেত্ৰত বাইক-মটৰ চাইকেলত দুজন উঠাত অনুমতি। মাস্ক বাধ্যতামূলক।
◆ ব্যক্তিগত লঘু যান-বাহনেৰে যাত্ৰা কৰিলেও সকলো যাত্ৰীৰ বাবেই মাস্ক বাধ্যতামূলক। মাথো এজনে যাত্ৰা কৰিলেও পিন্ধিব লাগিব মাস্ক।

শিক্ষানুষ্ঠান :
◆ স্নাতকোত্তৰ বা সমপৰ্যায়ৰ পাঠ্যক্ৰম, স্নাতক বা সমপৰ্যায়ৰ পাঠ্যক্ৰম আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ক্ষেত্ৰত শ্ৰেণীকোঠাত পাঠদান পৰ্ব মুকলিত অনুমতি। অৱশ্যে একোটা শ্ৰেণীকক্ষত সৰ্বাধিক ৩০গৰাকী ছাত্ৰ-ছাত্ৰীয়েহে একেলগে পাঠগ্ৰহণ কৰিব পাৰিব। শিক্ষানুষ্ঠানৰ মূৰব্বীয়ে ছাত্ৰ-ছাত্ৰীৰ সংখ্যা অনুসৰি প্ৰয়োজন হোৱাকৈ অতিৰিক্ত শ্ৰেণীকক্ষৰ ব্যৱস্থা কৰিব।
◆ স্নাতকোত্তৰ বা সমপৰ্যায়ৰ পাঠ্যক্ৰম, স্নাতক সমপৰ্যায়ৰ পাঠ্যক্ৰম আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ পাঠগ্ৰহণৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে কমেও এপালি ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰাটো বাধ্যতামূলক। উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ক্ষেত্ৰত ১৮ বছৰৰ অনুৰ্দ্ধ ছাত্ৰ-ছাত্ৰীসকলে ক’ভিড প্ৰতিষেধক অবিহনেই শ্ৰেণীকোঠাত পাঠগ্ৰহণ কৰিব পাৰিব যদিও ইতিমধ্যে ১৮ বছৰ হোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্ৰ-ছাত্ৰীসকলে ক’মেও এপালি প্ৰতিষেধক ল’লেহে শ্ৰেণীকোঠালৈ আহিব পাৰিব।
◆ কাইলৈৰ পৰা প্ৰথম তিনিদিনত এই শিক্ষানুষ্ঠানসমূহৰ অধ্যাপক-শিক্ষক, কৰ্মচাৰী আৰু ছাত্ৰ-ছাত্ৰী (১৮ বছৰ ঊৰ্দ্ধৰ) সকলে ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰাটো শিক্ষানুষ্ঠান কৰ্তৃপক্ষই সুনিশ্চিত কৰাৰ উপৰি শিক্ষানুষ্ঠান চৌহদ তথা শ্ৰেণীকোঠাৰ পৰিষ্কাৰ-পৰিচ্চন্নতাৰ লগতে বীজাণুনাশনৰ ব্যৱস্থা কৰিব লাগিব। শ্ৰেণীকোঠাত পাঠদান প্ৰক্ৰিয়া অহা সোমবাৰ (৬ চেপ্তেম্বৰ ২০২১)ৰ পৰাহে আৰম্ভ কৰিব পাৰিব। ।
◆ স্নাতকোত্তৰ বা সমপৰ্যায়ৰ পাঠ্যক্ৰমৰ চূড়ান্ত বৰ্ষ, স্নাতক বা সমপৰ্যায়ৰ পাঠ্যক্ৰমৰ চূড়ান্ত বৰ্ষ আৰু উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ এই পাঠদানৰ বাবে হোষ্টেল মুকলিত অনুমতি। অৱশ্যে কেৱল দুয়োপালি ক’ভিড প্ৰতিষেধক লোৱা ছাত্ৰ-ছাত্ৰীয়েহে হোষ্টেলত থাকিব পাৰিব।
◆ মুকলি স্থানত আয়োজিত সভা-সমিতি, সামাজিক/ৰাজহুৱা অনুষ্ঠানত কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা সৰ্বাধিক ৫০গৰাকী লোকে ভাগ ল’ব পাৰিব। এইক্ষেত্ৰত স্থানীয় আৰক্ষীক আগতীয়াকৈ অৱগত কৰিব লাগিব। অৱশ্যে জিলা উপায়ুক্তৰ অনুমতিপ্ৰাপ্ত সভা-সমিতি-অনুষ্ঠানৰ ক্ষেত্ৰত সৰ্বাধিক ২০০ গৰাকী লোকে (কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা) অংশগ্ৰহণ কৰিব পাৰিব।
◆ প্ৰেক্ষাগৃহ বা ৰাজহুৱা সভাগৃহ আদি আৱদ্ধ কক্ষত আয়োজিত বিশেষ অনুষ্ঠানত মুঠ আসন ক্ষমতাৰ ৫০ শতাংশ আসন সংখ্যাৰ লোকৰ অংশগ্ৰহণতহে অনুমতি থাকিব।
◆ বিবাহ, সকাম আদি ঘৰুৱা মাংগলিক অনুষ্ঠানত ভাগ ল’ব পাৰিব সৰ্বাধিক ৫০ গৰাকী লোকে। কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা লোকেহে পাৰিব ভাগ ল’ব পাৰিব।
◆ অন্তিম সৎকাৰত ভাগ ল’ব পাৰিব সৰ্বাধিক ৫০ গৰাকী লোকে।
◆ ৰাজ্যৰ বিখ্যাত ধৰ্মীয়স্থানসমূহ (কামাখ্যা মন্দিৰ, শিৱসাগৰৰ শিৱদৌল, আজানপীৰ দৰগাহ, হাজোৰ পোৱামক্কা আদি)ত প্ৰতি ঘণ্টাত সৰ্বাধিক ৪০ গৰাকী লোকৰ দৰ্শনত অনুমতি। আন ধৰ্মীয়স্থান দৰ্শনৰ ক্ষেত্ৰত ঘণ্টাত ২০গৰাকী লোকৰ বাবে অনুমতি। কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা লোকৰ বাবেহে মুকলি থাকিব ধৰ্মীয় স্থানৰ চৌহদত প্ৰৱেশৰ সুযোগ।

মুখ্যমন্ত্ৰীক সাক্ষাৎ “গ’ গ্ৰীণ অৰ্গেনাইজেশ্বন”ৰ মুখ্য সংগঠক গৌৰাংগ বৰদলৈৰ

 “সেউজ আমাৰ সপোন” সক্ৰিয় মন্ত্ৰৰে সেউজীয়াৰ সুবাস বিলাই এখন সুন্দৰ পৃথিৱী গঢ়ি তোলাৰ অনাবিল উদ্যমেৰে যুৱ শক্তিৰ বিপুল প্ৰচেষ্টাত প্ৰাণময়তা লাভ কৰা যোৰহাট তথা সমগ্র অসমৰে এক বেচৰকাৰী সামাজিক  অগ্ৰণী সংস্থা “গ’ গ্ৰীণ অৰ্গেনাইজেশ্বন” সংস্থাই সময়ে সময়ে কিছু ব্যতিক্রমী পদক্ষেপেৰে সমাজলৈ যোগাত্মক বাৰ্তা প্ৰেৰণ কৰি আহিছে।অনাগত সময়বোৰত তেওঁলোকে গ্ৰহণ কৰিবলৈ লোৱা বিভিন্ন পদক্ষেপ ,অসমৰ কেতবোৰ গুৰুত্বপূৰ্ণ পাৰিবেশিক সমস্যাৰ উপস্থাপন সহিতে যোৱা ইংৰাজী  ৩১ আগষ্ট তাৰিখে অসমৰ  মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাদেৱৰ সৈতে এক সৌহাৰ্দ্যমুলক সাক্ষাতত মিলিত হয় “গ’ গ্ৰীণ অৰ্গেনাইজেশ্বন” ৰ মুখ্য সংগঠক গৌৰাংগ বৰদলৈ অাৰু কাৰ্যবাহী সদস্য মানসপ্ৰতীম পাটোৱাৰী।উল্লেখযোগ্য যে ,এই সাক্ষাতৰ সময়ছোৱাত সংস্থাৰ তৰফৰ পৰা বিশেষভাৱে মুখ্যমন্ত্ৰীক শুভেচ্ছা জ্ঞাপন কৰা হয়। ইয়াৰ পুৰ্বেও,পৰিবেশ সম্পৰ্কীয় কেতবোৰ সমস্যাৰ উপস্থাপনেৰে ৰাজ্যিক বনমন্ত্ৰীৰে সাক্ষাতত মিলিত হৈছিল গৌৰাংগ বৰদলৈ।সমাজ বিদ্বেষী শক্তিসমূহৰ বিৰুদ্ধে যুঁজ দিয়াৰ মানসেৰে গ্রহণ কৰা “গ’ গ্ৰীণ অৰ্গেনাইজেশ্বন” ৰ এই পদক্ষেপ সচাঁই আদৰণীয়।

চিৰাঙত জেজেএম আনুষ্ঠানিকতাৰ অধীনত এফএইচটিচি উদ্বোধন

মঙলবাৰে চিৰাং জিলাত ডংচিয়াপাৰা নং-২ পাইপযুক্ত পানী যোগান আঁচনি (পিডব্লিউএছএছ) আৰু জল জীৱন মিছনৰ অধীনত দেবৰগাঁও পাইপযুক্ত পানী যোগান আঁচনিত (পিডব্লিউএছএছ) স্থাপন কৰা কাৰ্যকৰী ঘৰুৱা টেপ সংযোগ (এফএইচটিচি) বিজনী বিধান সভাৰ বিধায়ক অজয় কুমাৰ ৰায় আৰু বন, ভূমি আৰু ৰাজহ ক্ষেত্ৰৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। অনুষ্ঠানটোৰ জৰিয়তে বিজনী মহকুমাত মুঠ ১২৫ টা এফএইচটিচি আৰু কোকৰাঝাৰ মন্ডল-২ৰ ৭৫ টা এফএইচটিচি এই আঁচনিৰ অধীনত হিতাধিকাৰীসকলক হস্তান্তৰ কৰা হয়।  কোকৰাঝাৰ ডিভিজন-২ আৰু বিজনী মহকুমাত পৃথকে অনুষ্ঠিত কাৰ্যসূচীসমূহত সহকাৰী কাৰ্যবাহী অভিযন্তা ৰূপেশ্বৰ ব্ৰহ্ম আৰু বদৰুজ জামানে জেজেএমৰ উদ্দেশ্যসম্পৰ্কে সমবেত লোকসকলক অৱগত কৰে আৰু স্বাস্থ্য বিভাগৰ অন্যান্য বিষয়াসকলৰ উপস্থিতিত দেবৰগাঁও পিডব্লিউএছএছ আৰু ডংচিয়াপাৰা নং-২ পিডব্লিউএছএছৰ বিৱৰণ আৰু চিৰাং জিলাত জেজেএমৰ ৰূপায়ণ পৰিকল্পনাৰ বিষয়ে আলোকপাত কৰে। উল্লেখযোগ্য এই আচঁনিৰ দ্বাৰা জনগন উপকৃত হ’ব বুলি স্থানীয় ৰাইজে মত প্ৰকাশ কৰে।

নলবাৰীৰ চাৰ্কিট হাউছৰ গোপন বৈঠকত কোন কোন ৰাজনীতিক

অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে মহাজোঁটৰ পৰা এ আই ইউ ডি এফক বাদ দিবলৈ সিদ্ধান্ত গ্ৰহণ কৰাৰ ২৪ ঘন্টা নৌহওঁতেই অসম প্ৰদেশ কংগ্ৰেছ কমিতিৰ সভাপতি ভূপেন বৰাই আজি নৱ শৰণীয়াৰ লগত এক ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়। বিশেষকৈ আগন্তুক উপ নিৰ্বাচনক কেন্দ্ৰ কৰিয়েই নলবাৰীৰ আৱৰ্ত ভৱনত এই বৈঠক অনুষ্ঠিত হয়। শৰণীয়া আৰু বৰাৰ গোপন বৈঠকত বিজেপিৰ বিৰুদ্ধে ৰণ কৌশল গ্ৰহণ কৰা সন্দৰ্ভত আলোচনা কৰা বুলি জানিব পৰা গৈছে।আগন্তক উপ নিৰ্বাচনত বিটিচিত  কংগ্ৰেছৰ  লগত বুজাবুজি কৰি নব শৰণীয়াই নিৰ্বাচন খেলিব বিচাৰিছে বুলি জানিব পৰা গৈছে। ইপিনে বৈঠকৰ অন্তত নৱ শৰণীয়াই কয়, বিটিচিৰ  ৰাইজৰ স্বাৰ্থত কংগ্ৰেছৰ  লগত  বুজাবুজি  কৰিব বিচাৰিছো।  ভূপেন বৰাৰ প্ৰশংসাত পঞ্চমুখ হৈ নব শৰণীয়াই বিটিচিৰ অসমীয়া ৰাইজৰ প্ৰতি ভূপেন বৰা দায়বদ্ধ বুলি মন্তব্য কৰি শৰণীয়াই কয় ভবানীপুৰৰ উপ নিৰ্বাচনত কংগ্ৰেছৰ জয় হোৱাতো নিশ্চিত। তেওঁ কয়  উপ নিৰ্বাচনত বিটিচিত দুখন আসনত গণশক্তি দলৰ জয় প্ৰায় নিশ্চিত । প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক তীব্ৰ সমালোচনা কৰি নৱ   শৰণীয়াই কয় মোডীয়ে দেশৰ সম্পদ বিক্ৰী কৰি শেষ কৰিছে। বিৰোধী এক হলে ‘২৪ – ‘২৬ ত বিজেপি ধৰাশায়ী হব । আনহাতে অসম প্ৰদেশ  কংগ্ৰেছ কমিতিৰ সভাপতি ভূপেন বৰাই নব শৰণীয়াৰ প্ৰমাণ পত্ৰ দি কয় – নব শৰণীয়া এগৰাকী অভিজ্ঞ  ৰাজনীতিক ।উপ নিৰ্বাচনত নৱ শৰণীয়াৰ  সহায় লাগে কংগ্ৰেছক । আজিৰ বৈঠকত বিটিচিৰ উপ নিৰ্বাচন  সন্দৰ্ভত  আলোচনা কৰা হৈছে বুলি বৰাই মন্তব্য কৰে।

বৰপথাৰ প্ৰাথমিক পশু চিকিৎসা কেন্দ্ৰৰ আৱাস গৃহৰ জৰাজীৰ্ণ ৰূপ

গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ  বৃহত্তৰ বৰপথাৰ বাসীৰ পশুধনৰ  উৎপাদন, সংৰক্ষণ,  চিকিৎসা আদি বিভিন্ন বিষয়ৰ  একমাত্ৰ আশা ভৰসাৰ স্থলী হৈছে  বৰপথাৰ প্ৰাথমিক পশু চিকিৎসা কেন্দ্ৰ। এই কেন্দ্ৰটিৰ ওপৰতেই নিৰ্ভৰ কৰি বৰপথাৰ মৌজাৰ শ শ কৃষকে কৃত্ৰিম গো প্ৰজননেৰে উন্নত প্ৰজাতিৰ গো উৎপাদন কৰি উপকৃত হৈছে। অকল সেইয়াই নহয় বহু নিৱনুবা যুৱক-যুৱতীয়ে এই পশু চিকিৎসা কেন্দ্ৰটিক সমল হিচাপে লৈ গাহৰি  ফাৰ্ম,  ছাগলী ফাৰ্ম,  মাছ, মাংস,  কণী,  গাখীৰ, হাঁহ-কুকুৰা, আদি উৎপাদনৰ জৰিয়তে  স্বাৱলম্বী হবলৈ সক্ষম হৈছে।  কিন্তু  পঞ্চাশ বছৰৰো অধিক পুৰণি এই চিকিৎসা কেন্দ্ৰটিৰ প্ৰতি যেন  এতিয়া কাণসাৰ নাই বিভাগীয় কৰ্ত্তৃপক্ষৰ। অসম চৰকাৰৰ পশুপালন আৰু পশু চিকিৎসা বিভাগৰ দৰে এটা অতিকে গুৰুত্বপূৰ্ণ বিভাগৰ  হেমাহিতে এতিয়া  জহি  খহি গৈছে পশু চিকিৎসা কেন্দ্ৰটিৰ আৱাস গৃহ  । আজিৰ পৰা পঞ্চাশ বছৰৰ পূৰ্বেই নিৰ্মিত চিকিৎসা কেন্দ্ৰটিৰ গৃহটোৱে বৰ্তমান লৈছে জৰাজীৰ্ণ ৰূপ।দুৱাৰ, খিৰিকী বিলাক বহু বছৰ পুৰণি হোৱাত ভাঙি যোৱা দেখা গৈছে  । আনহাতে পকী বেৰবিলাকৰ ইটাৰ গাঁথনি বিভিন্ন ঠাইত ভাঙি ইটাবিলাক খহি পৰিছে। বহু  পুৰণি টিন পাত বিলাকো মামেৰ ধৰি উৱলি যোৱাত  য’তে ত’তে ফুটা উলাই পৰিছে আৰু অকণমান  বৰষুণ দিলেই পানী পৰে ।

আনহাতে কেন্দ্ৰটোৰ  পিছফালৰ এটি কোঠাৰ টিন পাত বিলাক  মামৰে ধৰি উৱলি যোৱাত  টিন  নোহোৱাকৈয়ে উন্মুক্ত অৱস্থাতে আছে কোঠাতো । উল্লেখযোগ্য যে পশু চিকিৎসা কেন্দ্ৰটিৰ দুৱাৰ খিৰিকী বিলাক সম্পূৰ্ণৰূপে বিধ্বস্ত হৈ পৰাত চিকিৎসা কেন্দ্ৰটিৰ বিভিন্ন  নথি পত্ৰ বিলাকো নিৰাপত্তা বিহীন ভাবে মুকলিকৈ  ৰাখিব লগা হৈছে। প্ৰত্যেক বছৰেই চৰকাৰী বিভাগসমূহৰ আৱাস গৃহৰ মেৰামতি আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে বৃহৎ  পুঁজি আৱন্তিত হয় যদিও বৰপথাৰৰ প্ৰাথমিক পশু চিকিৎসা কেন্দ্ৰটিৰ  মেৰামতি আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে আজিকোপতি কৃতপক্ষৰ গা নলৰাত কেন্দ্ৰটি এতিয়া ধ্বংসৰ দিশে গতি কৰিছে। এনেকৈ থাকিলে আৰু কিছু দিনৰ পিছত কেন্দ্ৰটি মেৰামতি কৰাতো অসম্ভৱ হৈ পৰিব।     আনহাতে বৰ্তমানলৈকে কেন্দ্ৰটোত নাই এজনো চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰী । চিকিৎসা কেন্দ্ৰটিৰ লগতে থকা কৃত্ৰিম গো-প্ৰজনন সেৱা আৰু পশুধনৰ চিকিৎসা সেৱা কেৱল  মাত্ৰ এজন ক্ষেত্ৰ সহায়কে চলাই থাকিব লগা হৈছে ।  আচৰিত কথা যেযোৱা  এটা বছৰেই হেনো ঔষধৰ যোগানো ধৰা নাই চৰকাৰে।যি সময়ত অসম  চৰকাৰে পশুধনৰ স্বাৰ্থত শেহতীয়াকৈ আইন প্ৰণয়ন কৰিছে তেনে সময়তে বৃহত্তৰ বৰপথাৰ মৌজাৰ পশু চিকিৎসা কেন্দ্ৰটিৰ আৱাস গৃহৰ তথৈবচ অৱস্থাই বিভাগীয় কৃতপক্ষৰ হেমাহি আৰু দুৰ্বলতাকে উদঙাই দিছে।এইক্ষেত্ৰত সচেতন মহলে স্থানীয় বিধায়ক গৰাকীৰ তৎপৰতা আশা কৰিছে।

মোবাইল সম্পৰ্কীয় ৫টা নতুন নীতি সলনি হ’ব ১ ছেপ্টেম্বৰত

মোবাইল ব্যৱহাৰকাৰী সকলৰ বাবে গুগলে উলিয়ালে নতুন নীতি।এই নতুন নীতি ১ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ’ব। পাঁচটা মুখ্য মোবাইল সম্পৰ্কীয় নিয়ম সলনি হ’বলৈ গৈ আছে আৰু ই আপোনাৰ পকেটত পোনপটীয়াকৈ প্ৰভাৱ পেলাব। নতুন নিয়ম অনুসৰি , যদি আপুনি আপোনাৰ ম’বাইলত ডিজনী প্লাছ হ’টষ্টাৰ ব্যৱহাৰ কৰে তেন্তে আপুনি ব্যয়বহুলভাৱে ৰিচাৰ্ছ কৰিব লাগিব। সলনি হ’বলৈ গৈ থকা নিয়ম পাঁচটা হ’ল-
*ভূৱা সমলৰ প্ৰচাৰ কৰা এপ্পবোৰ ১ ছেপ্টেম্বৰৰ পৰা নিষিদ্ধ কৰা হ’ব।
*১৫ ছেপ্টেম্বৰৰ পৰা প্ৰৱঞ্চনামুলক এপ্প বন্ধ কৰিব লাগিব। গুগল প্লে ষ্টোৰৰ জৰিয়তে ঋণ প্ৰাপ্ত কৰাৰ নামত প্ৰৱঞ্চনা কৰা চমু ব্যক্তিগত ঋণ এপ্পবোৰ ভাৰতত নিষিদ্ধ কৰা হ’ব।
*গুগল ড্ৰাইভ সলনি হ’ব। গুগল ড্ৰাইভৰ ব্যৱহাৰ আগৰ তুলনাত সুৰক্ষিত হ’ব।
*অ’টিটি এপ্প চাবস্ক্ৰিপশ্বন এছ.ও.টি. প্লেটফৰ্ম ডিজনী প্লাছ হটষ্টাৰৰ সদস্যতাত ১ ছেপ্টেম্বৰত ভাৰতত ব্যয়বহুল হ’ৱ।৩৯৯ টকাৰ পৰিবৰ্তে ৪৯৯ টকা পৰিশোধ কৰিব লাগিব।
*আমাজনৰ পৰা সামগ্ৰী ব্যয় বহুল হ’ব। ডিজেল আৰু পেট্ৰলৰ মূল্য বৃদ্ধি হোৱাৰ লগে লগে আমাজনে লজিষ্টিক ব্যয় বৃদ্ধি কৰিব পাৰে।

শিল্পী দীপশিখা শৰ্মা: যুগমীয়া সংগীতৰ সুমধুৰ কণ্ঠ

কালজয়ী ভাৰতীয় সংগীতৰ সংস্কৃত, হিন্দী, বাংলা আৰু অসমীয়া ৰূপান্তৰ গাই জনপ্ৰিয় হৈ পৰা শিল্পী দীপশিখা শৰ্মা- অসমৰ সংগীত জগতৰ এক নতুন চৰ্চিত নাম। ইতিমধ্যে দিল্লী দূৰদৰ্শনযোগে ড: ভূপেন হাজৰিকাৰ ৰচনাৰে কোকিলকণ্ঠী লতা মঙ্গেশকাৰৰ প্ৰথম অসমীয়া গীত ‘জোনাকৰে ৰাতি’ আৰু ‘ই-টিভি ভাৰত’যোগে- গান্ধীজীৰ প্ৰিয় ভজন ‘ৰঘুপতি ৰাঘৱ’- সংস্কৃত ভাষাত শিল্পী ৰঞ্জন বেজবৰুৱাৰ তত্বাৱধানত আৰু অভিষেক ধৰৰ নিৰ্দেশনাত পৰিৱেশন কৰি দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভূয়সী প্ৰশংসা পাবলৈ সক্ষম হৈছে নগাঁৱৰ শিল্পী দীপশিখা শৰ্মাই।দীপশিখাৰ সংগীত-পৰিক্ৰমাত বৰ্তমান অন্তৰ্ভুক্ত হৈছে মূল আৰু সংস্কৃত ভাষাত- ৰবীন্দ্ৰসংগীত ‘বড়ো আশা কৰে এসেছি’ আৰু ‘পুৰাণো সেই দিনেৰ কথা’, জয়ন্ত হাজাৰিকাৰ কণ্ঠৰ ড: নিৰ্মলপ্ৰভা বৰদলৈৰ গীত ‘মোৰ মিনতি তৰা হয় যদি’, ঊষা মঙ্গেশকাৰৰ কণ্ঠৰ সুধাকণ্ঠ‌ৰ গীত ‘অপৰূপা অপৰূপা’, দীপালি বৰঠাকুৰৰ কণ্ঠৰ ‘সোণৰ খাৰু নালাগে মোক’, লোকগীত- ‘শ্যামকানু দূৰৈ হৈ নাযাবা’, শকুন্তলা কথাছবিৰ গীত ‘প্ৰথম প্ৰহৰ ৰাত্ৰি’ তথা ৰঞ্জন বেজবৰুৱাৰ ৰচিত ‘মোহনগানম্’, ‘মদিৰেক্ষণা’- যাৰ বাণীবন্ধনৰ কাম আগবাঢ়িছে সংস্কৃতিসেৱী পংকজ শৰ্মাৰ প্ৰযোজনা আৰু বিশিষ্ট সংগীত শিল্পীৰ সংগীত ব্যৱস্থাপনাত।আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত সুৰকাৰ, সংগীত পৰিচালক দীপক কুমাৰ শৰ্মাৰ প্ৰশিক্ষণ আৰু তত্বাৱধানত আকাশবাণীযোগে সম্প্ৰচাৰিত হোৱা দীপশিখাৰ কণ্ঠৰ গীত- ‘ অ’ মোৰ মোহনীয়া’, ‘ফাগুনৰ পছোৱা’ উল্লেখযোগ্য।ৰাগসংগীত আৰু আধুনিক সংগীত- উভয়ৰে শিক্ষা গ্ৰহণ কৰি থকা দীপশিখা শৰ্মাৰ গীত ইতিমধ্যে আকাশবাণী নগাঁও, গুৱাহাটী তথা বিভিন্ন আঞ্চলিক টিভি চেনেল, ইউটিউব আদি মাধ্যমেৰেও শ্ৰোতাই আদৰি লৈছে।শৈশৱৰে পৰা এক বিশেষ পৰিসৰত নাটক-ভাওনাত অভিনয় কৰি, বিভিন্ন বাক্-শিল্পত জড়িত হৈ, গীত গাই, প্ৰতিযোগিতাত পুৰষ্কাৰ বুটলি- এক সুস্থ সংস্কৃতিৰ সাধনা কৰি অহা দীপশিখাৰ এই যাত্ৰা সফল, সুন্দৰ আৰু হ‌ওক- তাৰেই কামনা কৰা হ’ল।।

জুবিন গাৰ্গৰ সৈতে ছুটিঙত ব্যস্ত লাভলীনা

ভাৰতীয় ক্ৰীড়া প্ৰাধিকৰণৰ ইণ্ড’ৰ ষ্টেডিয়ামত সোমবাৰে একেলগে এটা গীতৰ ছুটিঙত অংশ ল’লে অলিম্পিকৰ পদক বিজয়ী লাভলীনা বৰগোহাঁই আৰু যুৱ প্ৰজম্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গ (Zubeen Garg)এ। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ অধিনৰ সমগ্ৰ শিক্ষাৰ জৰিয়তে এটা সৰু ভিডিঅ’ প্ৰস্তুত কৰা হৈছে। য’ত কণ্ঠদান কৰিছে জুবিন গাৰ্গে আৰু অভিনয় কৰিছে লাভলীনা বৰগোহাঁইয়ে।

এই গীতটো শিক্ষা বিভাগে ছাত্ৰ-ছাত্ৰীক খেলৰ প্ৰতি আগ্ৰহী কৰাৰ বাবে জিলা পৰিদৰ্শকৰ যোগেদি সমগ্ৰ ৰাজ্যতে প্ৰচলন কৰিব। যাতে লাভলীনা-জুবিনৰ এই গীতটোৰ জৰিয়তে আমাৰ উঠি অহা খেলুৱৈ সকল উপকৃত হ’ব পাৰে। চৰকাৰৰ এই পদক্ষেপৰ বাবে লাভলীনা আৰু জুবিনে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুক অভিনন্দন জনায়।

বিহালীত ‘জল জীৱন মিছন আঁচনি’ৰ উদ্বোধন

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে বিশ্বনাথ  জিলাতো (Biswnath  District) মঙলবাৰে  মুকলি কৰা হয় জল জীৱন মিছন আঁচনি (Jal Jeevan Mission Scheme) ৷ বিহালী সমষ্টিৰ ডেকা গাৱঁৰ আৰু বটিয়ামাৰী ৰৌমাৰীত  জল জীৱন মিছন আঁচনিৰ শুভ উদ্বোধন কৰা হয় ৷
 জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিশ্বনাথ মহকুমাৰ  সংমণ্ডলৰ অন্তৰ্গত বিহালী সমষ্টিৰ ডেকা গাৱঁৰ পানী যোগান আচঁনি অধীনত আৰু ৰৌমাৰী পানী যোগান আচঁনি অধীনত দুখন পানী যোগান আচঁনিৰ  জলজীৱন পানী যোগান আঁচনিখন উদ্বোধন কৰা হয়।বটিয়ামাৰী পানী যোগান আচঁনি খন শুভ উদ্বোধন কৰে বটিয়ামাৰী গাওঁ পঞ্চায়ত সভানেত্ৰী  ফুলমণি দাসে আৰু ডেকা গাৱঁৰ পানী যোগান আচঁনি খনৰ অধীনত জল জীৱন মিছনৰ আচঁনি খন শুভ উদ্বোধন কৰে জিনজিয়া জিলা পৰিষদৰ সদস্য অজয় দাসে। ইফালে এই দুয়ো খন পানী যোগান আচঁনি জৰিয়তে ২০২ টা পৰিয়ালে বিশুদ্ধ পানী লাভ কৰিব বুলি প্ৰকাশ কৰে বিশ্বনাথ মহকুমা জন স্বাস্থ্য কাৰিকৰী বিভাগৰ সহকাৰী অভিযন্তা শৰৎ শইকীয়াই । আনহাতে এই আচঁনি দুখন ৰাইজে নিজৰ বুলি পৰিচালনা কৰি ভালকৈ ব্যৱহাৰ কৰিবলৈ আহ্বান জনাই জন স্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা তুলশী কলিতাই।

গৌৰীপুৰত শক্তি মন্ত্ৰী বিমল বৰা

ধুবুৰী জিলাৰ গৌৰীপুৰত সন্ধিয়া ৬.১০ মান বজাত ৰাজ্যখনৰ শক্তি মন্ত্ৰী বিমল বৰা গৌৰীপুৰস্হ এ ই জি চি এলৰ সহকাৰী ট্ৰেনছমিচন কায্যালয়  আৰু অসম শক্তি বিতৰণ কোম্পানী পৰিসীমিত সহকাৰী মহা প্ৰবন্ধকৰ কায্যালয়,গৌৰীপুৰ পৰিদৰ্শন কৰে।আজি মন্ত্ৰী গৰাকীয়ে প্ৰথমে এ ই জি চি এলৰ সহকাৰী কায্যালয়ত উপস্থিত হৈ উক্ত কায্যালয়ে গ্ৰহণ কৰা বিদ্যুতৰ পৰিমাণৰ বুজ লয় আৰু ধুবুৰী জিলাত থকা গ্ৰাহকৰ সংখ্যাৰ অনুপাতে প্ৰয়োজন হোৱা বিদ্যুতৰ পৰিমাণৰ লগতে বিভাগটো সন্মুখীন হোৱা বিভিন্ন সমস্যাৰ বিষয়ে এক আলোচনাত মিলিত হোৱা দেখা যায়।এ ই জি চি এলৰ গৌৰীপুৰস্হ কায্যালয়খনে বৰ্তমান পিক সময়ত তথা সন্ধিয়া ৬.০০ বজাৰ পৰা ৮.০০ বজালৈ দৈনিক প্ৰায় ৪৯ ৰ পৰা ৫০ মেঘা ওৱাৰ্ড বিদ্যুৎ লাভ কৰে বুলি জনা গৈছে।কিন্তু উক্ত সময়ত গৌৰীপুৰত প্ৰায় ২৫, ধুবুৰীত প্ৰায় ১০ ,বিলাসীপাৰাত প্ৰায় ১৮,আগমণিত প্ৰায় ৮,গোলকগঞ্জত প্ৰায় ১০ মেগা ওৱাৰ্ডৰ বিদ্যুৎ পিক সময়ত প্ৰয়োজন বুলি জনা গৈছে।লগতে দিনটোৰ আন সময়ত ২৮ ৰ পৰা ২৯ মেঘা ওৱাৰ্ড বিদ্যুৎ লাভ কৰে উক্ত কায্যালয়ে যদিও পয্যায়প্ত নহয় বুলি জনা গৈছে।এই ক্ষেত্ৰত মন্ত্ৰী গৰাকীয়ে কি পদক্ষেপ লয় সেয়াই লক্ষনীয় হব।আনহাতে, মন্ত্ৰী গৰাকীয়ে গৌৰীপুৰস্হ সহকাৰী মহা প্ৰবন্ধকৰ কায্যালয়ত উপস্থিত হৈ বিভিন্ন কামকাজৰ বুজ লোৱাৰ পিছত গৌৰীপুৰস্হ গোৱালপাৰীয়া লোকগীত সম্ৰাঞ্জী প্ৰতিমা বৰুৱা পান্ডেৰ আবাস গৃহ তথা গৌৰীপুৰৰ ৰাজ বাড়ীত উপস্থিত হয়।মন্ত্ৰীৰ উক্ত ভ্ৰমণ সূচীত অসম শক্তি বিতৰণ কোম্পানীৰ অভিজিত শৰ্মা বৰুৱা, বিজয় বড়ো, সুৰজিৎ পাল,বিজেপিৰ দেৱময় সান্যাল,গৌৰীপুৰ বিধায়ক নিজানুৰ ৰহমান আৰু জিলা উপায়ুক্ত অম্বামুথন আদিয়ে উপস্থিত থকা দেখা যায়।