Home Blog Page 2861

প্ৰধানমন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীৰ বাৰ্তালাপ: বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সকলো সহায়ৰ আশ্বাস

প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ৰাজ্যখনৰ বান পৰিস্থিতিৰ বিষয়ে জানিবলৈ ফোন কৰি সকলো সম্ভৱ সহায়ৰ আশ্বাস দিয়ে।

” আদৰণীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি টেলিফোন যোগে বান পৰিস্থিতিৰ বিষয়ে জানিবলৈ কয় আৰু এই বিপদৰ মোকাবিলা কৰিবলৈ অসমক সকলো ধৰণৰ সহায়ৰ আশ্বাস দিয়ে। বৰ্তমানৰ বানপানীয়ে মানুহৰ জীৱিকাত গুৰুতৰ প্ৰভাৱ পেলাইছে। এই সংকটৰ সময়ত আমাৰ সৈতে থিয় দিয়াৰ বাবে আদৰণীয় মোডীজীলৈ মোৰ কৃতজ্ঞতা,” শৰ্মাই টুইট কৰে।

বানপানীৰ ফলত অসমৰ ২১ খন জিলাৰ প্ৰায় ৯৫০ খন গাওঁ ক্ষতিগ্ৰস্ত হৈছে বুলি বান প্ৰতিবেদন আৰু তথ্য ব্যৱস্থাপনা প্ৰণালীয়ে (এফআৰআইএমএছ) প্ৰকাশ কৰিছে।
৩০ আগষ্টত অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণে (এএছডিএমএ) প্ৰকাশ কৰা এফআৰআইএমএছৰ প্ৰতিবেদন অনুসৰি, ৰাজ্যখনত বানপানীৰ ফলত ৩,৬৩,১৩৫ জন লোক বাস কৰা অসমৰ ২১ খন জিলাৰ প্ৰায় ৯৫০ খন গাওঁ ক্ষতিগ্ৰস্ত হৈছে।

প্ৰতিবেদনখনে এইটোও প্ৰকাশ কৰিছিল যে বানপীড়িতসকলক সহায় কৰিবলৈ ৰাজ্যখনত ১৬ টা সাহায্য শিবিৰ আৰু ২৮ টা সাহায্য বিতৰণ কেন্দ্ৰ অন্তৰ্ভুক্ত থকা ৪৪ টা সাহায্য কেন্দ্ৰ মুকলি কৰা হৈছে।
এই সাহায্য শিবিৰসমূহত মুঠ ১,৬১৯ জন লোকে আশ্ৰয় লৈছে।

বঙাইগাঁৱত কুমাৰ ৰাজেন্দ্ৰ নাৰায়ণ দেৱৰ স্মৃতিচাৰণ সভা

ইংৰাজী ভাষা সাহিত্যৰ নীৰৱ সাধক, গোৱালপৰীয়া তথা ৰাজবংশী ভাষা বিজ্ঞানৰ গৱেষক, বিশিষ্ট শিক্ষাবিদ কুমাৰ ৰাজেন্দ্ৰ নাৰায়ণ দেৱৰ স্মৃতিচাৰণ সভা এখন দেওবাৰে  অনুষ্ঠিত হয় ৷ বঙাইগাঁৱৰ পুৰণি বঙাইগাঁওস্থিত শ্ৰীশ্ৰী ৰঘুনাথ মন্দিৰ প্ৰাংগণত অনুষ্ঠিত স্মৃতিচাৰণ সভাৰ আৰম্ভণিতে প্ৰয়াত সাহিত্যিকগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি অনুষ্ঠানৰ শুভাৰম্ভণি কৰে বিশিষ্ট সাহিত্যিক তথা অৱসৰপ্ৰাপ্ত আৰক্ষী বিষয়া হৰিধন ডেকাই ৷  ইয়াৰ পিছতে অনুষ্ঠিত হয় স্মৃতিচাৰণ সভা ৷ অভয়াপুৰী মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত সহযোগী অধ্যাপিকা ড° মৰমী বৰঠাকুৰ তালুকদাৰৰ সঞ্চালনাত অনুষ্ঠিত স্মৃতিচাৰণ সভাত আদৰণি ভাষণ ৰাখে প্ৰয়াত শিক্ষাবিদগৰাকীৰ প্ৰাক্তন ছাত্ৰ, বিশিষ্ট নাট্যকৰ্মী তথা বঙাইগাঁও জিলা কৰ্মচাৰী পৰিষদৰ সাধাৰণ সম্পাদক পংকজ শৰ্মাই ৷

স্মৃতিচাৰণ সভাত বঙাইগাঁও জিলা সাহিত্য সভাৰ সভাপতি ৰমলা ৰায় সৰকাৰ, বীৰঝৰা কন্যা মহাবিদ্যালয়ৰ গণিত বিভাগৰ সহযোগী অধ্যাপিকা ড° বন্দিতা মজুমদাৰ, বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ গণেশ্বৰ দেৱ শৰ্মা, বিদ্যালয়খনৰ বৰ্তমানৰ অধ্যক্ষ শৈলেন্দ্ৰ প্ৰসাদ শৰ্মা, প্ৰাক্তন ছাত্ৰ তথা উত্তৰ বঙাইগাঁও হাইস্কুলৰ প্ৰধান শিক্ষক হৰেশ্বৰ নাথ, বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ সতীন ৰায়, পুৰণি বঙাইগাঁও হাইস্কুলৰ প্ৰধান শিক্ষক চন্দন কিশোৰ ৰায়, বঙাইগাঁও শতদল শাখা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি বিচিত্ৰ শৰ্মা,  সমাজকৰ্মী প্ৰভাত বৈষ্ণৱ,  লীনা সিংহ, বঙাইগাঁও বি এড কলেজৰ অধ্যক্ষা অমীয়া শইকীয়া, প্ৰাক্তন ছাত্ৰ তথা পুৰণি বঙাইগাঁও উচ্চ বুনিয়াদী বিদ্যালয়ৰ শিক্ষক দীনবন্ধু ৰায় , টুনীয়া সাহিত্য আৰু সাংস্কৃতিক মঞ্চৰ সভাপতি ধীৰেশ ৰায়, প্ৰাক্তন ছাত্ৰী তথা বীৰঝৰা কন্যা মহাবিদ্যালয়ৰ সহযোগী অধ্যাপিকা যমুনা ৰায়, কোচ ৰাজবংশী মহিলা সমিতিৰ সভানেত্ৰী পূৰবী সৰকাৰ, অসম সাহিত্য সভাৰ কেন্দ্ৰীয় সমিতিৰ মুখপাত্ৰ অমৰেন্দ্ৰ বৰুৱা, বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক মাণিক চন্দ্ৰ শৰ্মাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে প্ৰয়াত শিক্ষাবিদ তথা গৱেষকগৰাকীৰ সৃষ্টিশীল কৰ্মৰাজী, সুবিশাল ব্যক্তিত্ব, সমাজলৈ আগবঢ়োৱা অৱদানৰ বিষয়ে গুণানুকীৰ্তন কৰাৰ লগতে লাভ কৰা সানিধ্যৰ স্মৃতি ৰোমন্থন কৰে ৷

আনহাতে বিশিষ্ট সাহিত্যিক হৰিধন ডেকাই প্ৰয়াত শিক্ষাবিদগৰাকীৰ সোঁৱৰণত লিখা ‘ সহযাত্ৰীৰ সোঁৱৰণত’ শীৰ্ষক কবিতাৰে শ্ৰদ্ধাঞ্জলি জনায় ৷ কবিতাটি গণেশ্বৰ দেৱ শৰ্মাই পাঠ কৰে ৷ সেইদৰে বীৰঝৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী হিৰণ ৰায়েও এটি স্বৰচিত কবিতা পাঠ কৰি প্ৰয়াত শিক্ষাবিদগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰে ৷ উল্লেখ্য যে বঙাইগাঁও জিলাৰ পুৰণি বঙাইগাঁও নিবাসী প্ৰয়াত শিক্ষাবিদ তথা গৱেষকগৰাকী বৃহত্তৰ বঙাইগাঁও অঞ্চলত ‘দেৱ ছাৰ ‘ হিচাপে সৰ্বজন সমাদৃত আছিল ৷ তেওঁ আছিল প্ৰচাৰ বিমুখ ৷ নিজকে কেতিয়াও জহাই ফুৰিবলৈ ভাল পোৱা নাছিল ৷ একেদৰে নিজৰ নীতি আৰু আদৰ্শৰ পৰা বিচলিত হোৱা নাছিল ৷ এগৰাকী সমাজ সচেতন ব্যক্তি হিচাপে প্ৰয়াত কুমাৰ ৰাজেন্দ্ৰ নাৰায়ণ দেৱে অঞ্চলটোত কেইবাখনো শিক্ষানুষ্ঠান গঢ় দিয়াৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিছিল ৷ সেইদৰে বিভিন্ন বাতৰি কাকত – আলোচনীত বিভিন্ন প্ৰৱন্ধ তথা লিখনি প্ৰকাশ পোৱা প্ৰয়াত সাহিত্যিকগৰাকীৰ ‘SELECT VOCABULES OF KOCH RAJBONSHI LANGUAGE WITH SOURCES & ETYMOLOGY’ শীৰ্ষক গৱেষণামূলক গ্ৰন্থখনে বিদ্বান সমাজৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে ৷ স্মৃতিচাৰণ সভাত বিশিষ্ট ব্যক্তিসকলে প্ৰয়াত দেৱৰ স্মৃতি যুগমীয়া কৰি ৰখাৰ ওপৰত গুৰুত্বপ্ৰদান কৰি বিভিন্ন পৰামৰ্শ আগবঢ়ায় ৷ সেইদৰে বীৰঝৰা উচ্চতৰ মাধ্যমিক দিদ্যালয়ৰ অধ্যক্ষ শৈলেন্দ্ৰ প্ৰসাদ শৰ্মাই প্ৰয়াত দেৱৰ সোঁৱৰণত এখন স্মৃতিগ্ৰন্থ প্ৰকাশৰ লগতে তেওঁৰ স্মৃতিত প্ৰতি বছৰে স্মাৰক বক্তৃতা আয়োজনৰ পোষকতা কৰে ৷ লগতে ইংৰাজী ভাষা – সাহিত্যৰ নীৰৱ সাধকগৰাকীৰ নামত বঙাইগাঁৱত ইংৰাজী ভাষা শিক্ষণ কেন্দ্ৰ এটি স্থাপনৰো পোষকতা কৰে ৷ আনহাতে সভাৰ সঞ্চালক ড° মৰমী বৰঠাকুৰ তালুকদাৰে নিজৰ ভাষণত এতিয়াৰে পৰা প্ৰয়াত বিশিষ্ট গৱেষক তথা শিক্ষাবিদগৰাকীৰ ক্ষেত্ৰত প্ৰচাৰ বিমুখ শব্দটো পৰিহাৰ কৰি সমগ্ৰ অসমৰ লগতে ভাৰতবৰ্ষত তেওঁক চিনাকি কৰাই দিবলৈ সকলোকে আহ্বান জনায় ৷ তেওঁ শেষত ‘মৃত্যু ‘ শীৰ্ষক এটি কবিতা পাঠ কৰি সঞ্চালকৰ ভাষণৰ সামৰণি মাৰে ৷ উল্লেখ্য যে যোৱা ২৯ জুলাইৰ পুৱা পুৰণি বঙাইগাঁৱৰ উলুপাৰাস্থিত নিজ বাসভৱনত বাৰ্ধক্যজনিত কাৰণত শেষ নিশ্বাস ত্যাগ কৰা প্ৰয়াত কুমাৰ ৰাজেন্দ্ৰ নাৰায়ণ দেৱৰ মৃত্যুৰ এমাহ পূৰ্তি উপলক্ষে দেওবাৰে এই স্মৃতিচাৰণ সভাৰ আয়োজন কৰা হৈছিল ৷ স্মৃতিচাৰণ সভাত পৰিয়ালৰ সদস্যও উপস্থিত থাকে ৷ স্মৃতিচাৰণ সভাৰ আৰম্ভণিতে গুৰুবন্দনা পৰিৱেশন কৰে শৈলেন ৰায় আৰু উমানন্দ পাঠকে ৷ 

কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰে নগাঁও

ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমী উপলক্ষে ক’ভিডসৃষ্ট পৰিস্থিতিৰ মাজতে নগাঁৱত এক উদুলী মুদুলী পৰিবেশৰ সৃষ্টি হয় । জিলাখনৰ বিভিন্ন নামঘৰ,সত্ৰ,মন্দিৰ আদিত কৃষ্ণ বন্দনাৰে মুখৰিত হৈ পৰে ।  নামঘৰ সত্ৰ মন্দিৰ আদিত পুৱাৰে পৰা গধুলিলৈকে ভকত বৈষ্ণৱ আয়তি সকল কৃষ্ণ ভক্তিত বুৰ যায় । বিশ্ব হিন্দু পৰিষদৰ নগাঁও নগৰ প্ৰখণ্ডৰ উদ্যোগত নগাঁও চহৰৰ কৃষ্ণ শ্ৰম শিৱ মন্দিৰ চৌহদত দিন যোৰা কাৰ্যসূচীৰে শ্ৰীকৃষ্ণ জন্ম উৎসৱ পালন কৰা হয় । পুৱা উদযাপন সমিতিৰ সভাপতি প্ৰফুল্ল গোস্বামীয়ে ধৰ্ম ধব্জা উত্তোলন কৰাৰ পিছত বঢ়পুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীয়ে শ্ৰীশ্ৰী মদ্ভাগৱত কাৰ্যসূচী শুভাৰম্ভ কৰে । ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ নগাঁও বিভাগৰ প্ৰচাৰক ৰাজেশ বৰাইকে বন্তি প্ৰজ্বলন কৰাৰ পিছত গো- পূজন কাৰ্যসূচী শুভাৰম্ভ কৰে প্ৰাক্তন কেন্দ্ৰীয় ৰেল ৰাজ্যমন্ত্ৰী ৰাজেন গোহাঁইয়ে , দুপৰীয়া মহিলাৰ নাম কীৰ্তন অনুষ্ঠান মুকলি কৰে সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই । অনুষ্ঠানতে শ্ৰীকৃষ্ণৰ নৃত্য প্ৰদৰ্শন কৰা হয় । বিয়লী অনুষ্ঠিত ধৰ্মালোচনী সভাত বিশ্ব হিন্দু পৰিষদৰ নেতা ব্ৰজেন কাকতি আৰু ব্ৰজজ্যোতি শৰ্মাই কৃষ্ণ দৰ্শনৰ বিষয়ে ব্যাখ্যা দাঙি ধৰে । সন্ধ্যা পৰিষদৰ নগাঁও জিলা শাখাৰ সভাপতি দীপেন্দ্ৰ নাথ পাঠকে বন্তি প্ৰজ্বলন কৰে । নগাঁও প্ৰেছ ক্লাবৰ উদ্যোগতো নগাঁৱৰ সাংবাদিক সকলেও  শ্ৰীকৃষ্ণৰ জন্মষ্টোমী উৎসৱ পালন কৰে । এই উপলক্ষে অনুষ্ঠিত এক সম্বৰ্ন্ধনা অনুষ্ঠানত কভিড যোদ্ধা  ডা: জিয়াউদ্দিন আহমেদ , ডা: ক্ষীৰ কান্ত দাস আৰু ফটো সাংবাদিক আনোৱাৰ আলী হাজৰিকাক সম্বৰ্ধনা জনোৱা হয় । অনুষ্ঠানত বিধায়ক ৰূপক শৰ্মাই অংশ গ্ৰহণ কৰে ।নগাঁও প্ৰেছ ক্লাৱত নাম কীৰ্তনো অনুষ্ঠিত হয় । জিলাখনৰ বটদ্ৰৱা সমষ্টিৰ হাতীচোঙৰ বিশিষ্ট সমাজসেৱী ডেভিড দাসৰ উদ্যোগত কুজীডাঁহ কমাৰচুকৰ বাসগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে জন্মাষ্টমী উদযাপন হয়।তদুপলক্ষে সমাজকৰ্মী দাসৰ তৎপৰতাতে গঠন হোৱা নামতীদলে নাম পৰিবেশন কৰে।অনুষ্ঠানতে বেবেজীয়া পহৰা আৰক্ষী চকীৰ আৰক্ষী সহকৰী উপ পৰিদৰ্শক ঘন বৰা,কনিষ্টবল শংকৰমনি পাটৰ,মাকটুল হুছেইন,’দৈনিক অসম’ৰ নগাঁৱৰ সাংবাদিক চন্দনজ্যোতি বৰা,যুৱ নেতা ধ্ৰুৱ বৰদলৈক সমাজকৰ্মী ডেভিড দাসে সম্বৰ্ধনা জনায়।মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পবিত্ৰ জন্মভূমিত শ্ৰীশ্ৰী বটদ্ৰৱা থানত শ্ৰীকৃষ্ণৰ জন্মোৎসৱ পূৰ্বৰ পৰম্পৰা ৰক্ষা কৰি পালন কৰা হয় । জিলা খনৰ ধিং,হাতীচোং,ৰহা,ডিমৌ,বেবেজীয়া , নগাঁও চহৰ,উৰিয়াগাও,পুৰনিগুদাম,চামগুৰি ,কলিয়াবৰ,চাপানালাৰ,দক্ষিণপাট আদিতো শ্ৰীকৃষ্ণৰ জন্মোৎসৱ পালন কৰা হয় । কভিড জনিত পৰিস্থিতিৰ বাবে এইবাৰ জিলাখনৰ কোনো স্থানত জন্মাষ্টমী উপলক্ষে  ভাওনা অনুষ্ঠিত নহল ।

ওদালগুৰি পৌৰসভাৰ অধ্যক্ষ ৰাকেশ বড়োক নেপালী সাহিত্য সভাৰ সম্বৰ্ধনা

অসম নেপালী সাহিত্য সভা ওদালগুৰি জিলা সমিতিয়ে ওদালগুৰি পৌৰ সভাৰ অধ্যক্ষ ৰাকেশ বড়োক ২৮ আগষ্টত  তেওঁৰ নিজ গৃহ মনপুৰলৈ গৈ সম্বৰ্ধনা জনায়।  ৰাকেশ বড়ো বিগত কালছোৱাত নিখিল বড়ো ছাত্র সন্থাৰ লগতো জড়িত থাকি বড়ো জাতীয় সমস্যা সমাধানৰ লগতে অন্যান্য জনগোষ্ঠী সকলৰ প্ৰতিও সমিল মিলেৰে কাম কৰি গৈছিল। তেখেত পিছলৈ গৈ পিপল্চ জৈন্ট এক্সন কমিটিৰো আহ্বায়ক হিচাপে থাকি বড়ো সমস্যা সমাধানৰ লগতে  তেতিয়াৰ সশস্ত্ৰ পন্থা অৱলম্বন কৰা এন ডি এফ বিৰ সদস্য সকলক শান্তি বাৰ্তাত আনিবলৈ পিপল্চ জইন্ট এক্সন কমিটিৰ পৰাও অশেষ চেষ্টা চলাইছিল। বৰ্তমানৰ বি টি চিত চৰকাৰ গঠন কৰা ইউ পি পি এল দলৰ মিত্ৰ সংগঠন হিচাপে পিপল্চ জইন্ট এক্সন কমিটিৰ  ফালৰ পৰা চৰকাৰ গঠন কৰাত সহায় আগ বঢ়াইছিল।  ৰাকেশ বড়ো বৰ্তমান ওদালগুৰি পৌৰ সভাৰ অধ্যক্ষ পদত থকাৰ বাবে অসম নেপালী সাহিত্য সভা ওদালগুৰি জিলা সমিতিয়ে তেওঁৰ নিজ গৃহলৈ গৈ  সম্বৰ্ধনা জনোৱাৰ লগতে  তেখেতৰ কাৰ্য্যকালত ওদালগুৰি চহৰৰ ক্ৰমান্বয় উন্নত হ’ব বুলি সাহিত্য সভাৰ বিষয়ববীয়াই আশা প্ৰকাশ কৰিছে।    অসম নেপালী সাহিত্য সভা ওদালগুৰি জিলা সমিতিৰ সভাপতি লক্ষ্মণ অধিকাৰীৰ  নেতৃত্বত যোৱা সজাতি দলত সাহিত্য সভাৰ কেন্দ্ৰীয় সদস্য সহদেৱ গৌতম, জিলা সমিতিৰ উপদেষ্টা তথা বিশিষ্ট সাংবাদিক বৈদ্যনাথ উপাধ্যায়,  জিলা সমিতিৰ সাধাৰণ সম্পাদক মোহন ৰাউত, শিক্ষা সম্পাদক দ্বীপেন্দ্ৰ সাপকোটা, সাহিত্য সম্পাদক তিল বাহাদুৰ ৰেগ্মী, সাংস্কৃতিক সম্পাদক ভূৱন মৈনালী আদি উপস্থিত থাকি সহায় সহযোগিতা কৰে বুলি সংগঠনটোবে এক প্ৰেছ বিবৃতিৰ যোগে জনাইছে ৷

ভাৰতীয় সেনাবাহিনীৰ স্বৰ্ণ বিজয় বৰ্ষ কাৰ্যসূচী

ভাৰতীয় সেনাবাহিনীৰ ৰেড হৰ্ণ ডিভিজনৰ স্বৰ্ণ বিজয় বৰ্ষ কাৰ্যসূচী পালন কৰা হয়  । ভাৰতীয় সেনা বাহিনীৰ জোৱান সকলৰ বীৰত্ব আৰু পৰাক্ৰমক শ্ৰদ্ধা জনাই দিল্লীৰ ৰাষ্ট্ৰীয় যুদ্ধ স্মাৰক জেউতিৰ শ্বহীদ বেদীৰ প্ৰাংগনৰ পৰা জেউতি জ্বলাই ভাৰতৰ বিভিন্ন ৰাজ্য পৰিদৰ্শন কৰি আজি ভাৰতীয় সেনা বাহিনীৰ এটি সজাতি দল নলবাৰী জিলাত উপস্থিত হয় । এই যাত্ৰা কালত ভাৰতীয় সেনাবাহিনীয়ে শ্বহীদৰ নামত প্ৰজ্বলিত কৰা জেউতি কোনো কাৰণতে নুমুৱাবলৈ দিয়া হোৱা নাই  । আজি নলবাৰী জিলাত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ভাৰতীয়  সেনা বাহিনীৰ দলটো উপস্থিত হোৱাৰ পিছত জিলাৰ বিভিন্ন প্ৰান্তৰ শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী তথা স্থানীয় ৰাইজে হাতত পতাকা লৈ উষ্ম আদৰণি জনাই  । উল্লেখ্য যে সেনা বাহিনীৰ দলটোৱে নলবাৰী জিলা হৈ তামুলপুৰৰ সেনাবাহিনীৰ চাউনীত উপস্থিত হৈ সেনাৰ চাউনীত আয়োজিত দুদিনীয়াকৈ বৰ্ণাঢ্য কাৰ্যসূচীত অংশগ্ৰহণ কৰি আকৌ প্ৰজ্বলিত জেউতি লগত লৈ পুনৰ যাত্ৰা আৰম্ভ কৰিব  ।

দুলীয়াজানত দশম শ্ৰেণীৰ ছাত্ৰ চিন্ময় দত্তৰ ৯.৭ ফুট দৈৰ্ঘ্যৰ ৰেঞ্জাৰ চাইকেল উদ্ভাৱন

 মহামাৰী কৰ’ণা ভাইৰাইছসৃষ্ট পৰিৱেশৰ দীঘলীয়া লকলাউনৰ সময়চোৱাত নিজৰ স্বজনীশীল প্ৰতিভাক সৎ কামত খটোৱাই দুলীয়াজানৰ এগৰাকী ছাত্ৰই ৯.৭ ফুট দৈৰ্ঘ্যৰ এখন চাইকেল সাজি উলিয়াবলৈ সক্ষম হৈছে । এই বিশেষ চাইকেলখন কাষৰ পৰা এবাৰ প্ৰত্যক্ষ কৰিবলৈ ছাত্ৰগৰাকীৰ বাসগৃহত কৌতুহলী জনতাৰ ভীৰ বৃদ্ধি পাবলৈ ধৰিছে । দুলীয়াজানৰ জালনী বাগৰীবাম গাৱঁৰ দশম শ্ৰেণীৰ ছাত্ৰ চিন্ময় দত্তই এখন ৰেঞ্জাৰ চাইকেল ক্ৰয় কৰি অত্যাধুনিক এড্‌ভেঞ্চাৰ মটৰচাইকেলৰ আৰ্হিত এই বিশেষ চাইকেলখন সাজি উলিয়াবলৈ সক্ষম হৈছে । অতি দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ গৰাকীয়ে মুঠ ১৩ হাজাৰ ৫০০ টকা ব্যয় কৰি মাত্ৰ এসপ্তাহত বিশেষ চাইকেলখন সাজি উলিয়াবলৈ সক্ষম হৈছে ।দুলীয়াজানৰ জালনী বগৰীবাম গাৱঁৰ তৰণ দত্ত আৰু বন্দিতা দত্তৰ একমাত্ৰ পুত্ৰ চিন্ময়ে বিশেষ চাইকেলখন প্ৰস্তুত কৰোঁতে প্ৰয়োজন হোৱা ধনৰাশি গোটাবলৈ যথেষ্ট অসুবিধাৰ সন্মুখীন হ’লেও গাঁঠিৰ ধন ভাঙি পিতৃ-মাতৃয়ে পুত্ৰৰ বিজ্ঞানভিত্তিক সাধনাত সহযোগ কৰি আহিছে । মেধাৱী আৰু অমায়িক স্বভাৱৰ ছাত্ৰ গৰাকীয়ে ভৱিষ্যতে এটা বিজ্ঞানসন্মত কাৰখানা খুলি কৃষিজীৱী অঞ্চলটোৰ উন্নয়ন সাধন কৰাৰ পৰিকল্পনা পুহি ৰাখিছে ।

সৰ্বশিক্ষাৰ কাৰ্যালয়ত শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ গুৰুত্বপূৰ্ণ বৈঠক

শিক্ষাৰ সংস্কাৰৰ দাবী লৈ শিক্ষামন্ত্ৰীৰ ওচৰত ৩৪ টা ছাত্ৰ সংগঠন

শিক্ষা মন্ত্ৰীলৈ ছাত্ৰ সংগঠনৰ বিশেষ দাবী :

● শিক্ষা ব্যৱস্থাক ৰাজনীতিৰ পৰা আঁতৰাই ৰখাৰ আহ্বান জনোৱাৰ লগতে বিকেন্দ্ৰীকৰণৰ প্ৰস্তাৱ ৰাখিবলৈ আহ্বান।
●জনজাতীয় আৰু জনগোষ্ঠীয় ভাষাৰ জৰিয়তে শিক্ষাৰ প্ৰস্তাৱ।
●বেচৰকাৰী শিক্ষানুষ্ঠানসমূহক বাধ্যতামূলকভাৱে নিয়ন্ত্ৰণ কৰাৰ দাবী৷
●চৰকাৰী আৰু মাতৃভাষাৰ শিক্ষানুষ্ঠানৰ জয়যাত্ৰা অব্যাহত ৰাখিবলৈ সকলো আধুনিক ব্যৱস্থাৰে চৰকাৰী শিক্ষা ব্যৱস্থাক গঢ় দিয়াৰ দাবী৷
●যিবোৰ অঞ্চলত যি ভাষাৰ লোকে বাস কৰে, সেই অঞ্চলত সেই ভাষাতে বিদ্যালয় স্থাপন কৰাৰ ব্যৱস্থা লোৱাৰ দাবী উত্থাপন।
●বিশেষ অঞ্চলৰ কৃতি শিক্ষক, পুৰস্কাৰপ্ৰাপ্ত শিক্ষকৰ জৰিয়তে বিদ্যালয় পৰিদৰ্শনৰ ব্যৱস্থা কৰাৰ দাবী৷
●শ্বহীদৰ নামত,বিশিষ্ট নাগৰিকৰ নামত থকা আৰু ৫০বছৰ হৈ যোৱা শিক্ষানুষ্ঠান চলাই নিয়াৰ আহ্বান।
●খালী হ’বলগীয়া ২৫,০০০ পদ শীঘ্ৰে পূৰণ কৰাৰ আহ্বান।
●পুৱাৰ শাখা, দিনৰ শাখা আৰু সন্ধিয়া শাখা খুলি হ’লেও সকলোকে উচ্চ শিক্ষা দিয়াৰ আহ্বান।
●শিক্ষানুষ্ঠানত বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থা গ্ৰহণৰ আহ্বান।বিদ্যালয়সমূহত স্থায়ী নিযুক্তি দিব লাগে।
●বিদ্যালয়সমূহত ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদৰ দ্বাৰা এক সমিতি গঠন কৰি মূল্যায়নৰ ব্যৱস্থা কৰাৰ আহ্বান।
●প্ৰতিখন মাতৃভাষাৰ প্ৰাথমিক বিদ্যালয় প্ৰাক প্ৰাথমিকৰ পৰা খুলিব লাগে তথা প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰিব লাগে বুলিও দাবী।
●শিক্ষক-শিক্ষয়িত্ৰীক মধ্যাহ্ন ভোজনৰ পৰা আঁতৰাই ৰাখিব লাগে।
●মাতৃভাষাৰ বিদ্যালয়সমূহক উচ্চতৰ মাধ্যমিক পৰ্যায়লৈ উন্নীতকৰণ কৰিব লাগে।
●মহাবিদ্যালয়সমূহৰ পদ পূৰণ কৰিব লাগে।নতুন নতুন বিষয় মহাবিদ্যালয়সমূহত আনিব লাগে।
●মহাবিদ্যালয়সমূহত আসন বৃদ্ধি কৰি স্নাতকোত্তৰ স্তৰ স্থাপন কৰিব লাগে।
●বিশ্ববিদ্যালয় সমূহক প্ৰথম পৰ্যায়ত ২০০ কোটি টকাকৈ প্ৰদান কৰিব লাগে।
●সোণাপুৰত জনজাতীয় বিশ্ববিদ্যালয় স্থাপন কৰাৰ আহ্বান।
●বীৰ ৰাঘব মৰাণ মহাবিদ্যালয়ক বিশ্ববিদ্যালয়লৈ উন্নীতকৰণ কৰিব লাগে।
●প্ৰতিখন জিলাত ইঞ্জিনীয়াৰিং কলেজ খুলি তুন নতুন বিষয় আনিব লাগে।
●প্ৰতিখন জিলাত আইন মহাবিদ্যালয় কৰিব লাগে।
●প্ৰাদেশিকীকৰনৰ বাবে এক ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰিব লাগে।
●ছেবা আৰু AHSEC এ নম্বৰ দিয়াৰ ব্যৱস্থাটো সলনি কৰিব লাগে।

পঞ্চায়তত বিল্ডিং নিৰ্মাণৰ নামত সভানেত্ৰী-সচিবে মিলি লুটিলে ১৬ লাখ টকা

এখন পুৰণি ঘৰত ৰং, তেল, চূন সানি কেবা লক্ষাধিক টকাৰ লুণ্ঠন চলোৱাৰ এক ভয়াৱহ কেলেংকাৰী পোহৰলৈ আহিছে ৷ এই ঘটনা সংঘটিত হৈছে হোজাই সমষ্টিৰ পূৱ ধনীৰাম পথাৰ গাঁও পঞ্চায়তত ৷ বাতৰি অনুসৰি যোগীজান উন্নয়ন খণ্ডৰ অন্তৰ্গত পূৱ ধনীৰাম পথাৰ গাওঁ পঞ্চায়তত ২০১৯-‘২০ বিত্তীয় বৰ্ষত গাঁও পঞ্চায়ত কাৰ্যালয়ত আৰচিচি বিল্ডিং নিৰ্মাণৰ বাবে চতুৰ্দশ বিত্তীয় আয়োগৰ প্ৰথম কিস্তিত ৮,৫৯,৮৩৬ টকা আবন্টন দিয়া হৈছিল ৷ একেদৰে ২০১৯-‘২০ বিত্তীয় বৰ্ষত পুনৰ একেখন গাঁও পঞ্চায়ত কাৰ্যালয়ত আৰচিচি বিল্ডিং নিৰ্মাণৰ নামত চতুৰ্দশ বিত্তীয় আয়োগৰ দ্বিতীয় কিস্তিৰ পৰা ৮,১৪,৭৭৯ টকা আবন্টন দিয়া হয় ৷ মুঠতে একেখন পঞ্চায়তত এটা বিত্তীয় বৰ্ষত চতুৰ্দশ বিত্তীয় আয়োগৰ পৰা বিল্ডিং নিৰ্মাণৰ বাবে ১৬ লাখ ৭৪ হাজাৰ ৬১৫ টকা আবন্টন দিয়া হয় ৷ কিন্তু বাস্তৱত পঞ্চায়ত কাৰ্যালয় চৌহদত কোনো নতুন বিল্ডিঙৰ অস্তিত্ব পাবলৈ নাই ৷ এক প্ৰকাৰ অস্তিত্বহীন আঁচনিৰ নামত পঞ্চায়তৰ সভানেত্ৰী আৰু সচিবে মিলি গো-গ্ৰাসে হজম কৰিলে পঞ্চায়ত কাৰ্যালয়ৰ বিল্ডিং নিৰ্মাণৰ ধন ৷ পঞ্চায়তৰ সভানেত্ৰী পিংকী সাহা আৰু সচিব মনীষ দেবনাথে হাতৰ পুতলা সদৃশ নিৰ্মাণ সমিতিৰ সৈতে মিলি চলোৱা এই লুণ্ঠনৰাজৰ সমস্ত তথ্য এক আৰটিআইৰ জৰিয়তে পোহৰলৈ আহিছে ৷ ধূৰন্ধৰ সভানেত্ৰী আৰু সচিবে চতুৰ্দশ বিত্তীয় আয়োগৰ ধন হজম কৰিবলৈ পঞ্চায়ত কাৰ্যালয় চৌহদত থকা এখন পুৰণি ঘৰত কিছু ৰং, তেল, চূন সানি নিজৰ লুণ্ঠনৰ অধ্যায় গাপ দিব বিচাৰিছে ৷ ইমানতেই শেষ নহয় পঞ্চায়ত সভানেত্ৰী গৰাকীৰ কুকৰ্মৰ কাহিনী ৷ এইগৰাকী সভানেত্ৰী পিংকী সাহা আৰু সচিব মনীষ দেৱনাথৰ বাবে খিৰতী গাইত পৰিণত হোৱা পঞ্চায়ত কাৰ্যালয়খন পুনৰ নিৰ্মাণৰ নামত ২০১৭-‘১৮ বিত্তীয় বৰ্ষত ৩ লাখ ৫০ হাজাৰ ৭০ টকা আবন্টন দি কেৱল মাত্ৰ এখন ফলক আৰু এখন দেৱাল নিৰ্মাণ কৰিয়েই ধনৰ সিংহভাগ লুণ্ঠন কৰাৰো অভিযোগ আছে ৷ ভয়ংকৰ লুণ্ঠনৰ অভিকেন্দ্ৰ হৈ পৰা পূৱ ধনীৰাম পথাৰ গাঁও পঞ্চায়ত কাৰ্যালয় চৌহদত মাটি পেলোৱাৰ নামত এনৰেগাৰ জৰিয়তে এটি আঁচনি ধৰা হয় ৷ কিন্তু পঞ্চায়ত সভানেত্ৰী, গ্ৰাম ৰোজগাৰ সহায়ক আৰু এক্ৰিডেটেড ইঞ্জিনিয়াৰে মিলি ৩,৫২,১৩৭ টকা আত্মসাৎ কৰাৰো অভিযোগ উঠিছে ৷ স্থানীয় ৰাইজৰ অভিযোগ মতে, মাত্ৰ কেই ডাম্পাৰ মান মাটি পেলাই এনৰেগা আঁচনিৰ এই ধনৰাশী ভক্ষণ কৰে পঞ্চায়তৰ সেৱক এইসকল ধুৰন্ধৰে ৷ ৰাইজে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰীৰ হস্তক্ষেপ কামনা কৰাৰ লগতে এক উচ্চস্তৰীয় তদন্তৰ দাবী উত্থাপন কৰিছে ৷ হোজাই জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়াই পঞ্চায়তখনত সংঘটিত দুৰ্নীতিৰ তদন্ত কৰিবলৈ সাহস কৰিবনে ? পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগে চকু দিবনে ? নে এইসকলে চলাই যাব ধাৰাবাহিক লুণ্ঠন ?

অসম বন বিদ্যালয়ত গঁড়ৰ খড়গ বিনষ্ট কৰা বিষয়ক ৰাজহুৱা শুনানী

অসম চৰকাৰৰ বন বিভাগে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি ৰাজ্যত বিগত সময়চোৱাত বন বিভাগে চোৰাং চিকাৰীৰ পৰা জব্দ কৰা গঁড়ৰ আপুৰুগীয়া খড়গসমুহ বিনষ্ট কৰা সন্দৰ্ভত ৰাইজৰ মতামত গ্ৰহণ কৰাৰ বাবে ৰাজহুৱা শুনানীৰ ব্যৱস্থা গ্ৰহণ কৰিছে । সেই অনুসৰি ২৯ আগষ্টত গুৱাহাটীৰ জালুকবাৰীস্থিত অসম বন বিদ্যালয়ত ৰাজহুৱা শুনানী অনুষ্ঠিত হয় । বন বিভাগৰ মুখ্য বন্যপ্ৰাণী অধীক্ষক গঁড়ৰ খড়গ বিনষ্টকৰণৰ বাবে গঠিত ৰাজ্যিক পৰ্যায়ৰ সমিতিৰ অধ্যক্ষ এম কে যাদৱৰ নেতৃত্বত অনুষ্ঠিত ৰাজহুৱা শুনানীত মুখ্য  বন সংৰক্ষক হেমকান্তি তালুকদাৰকে ধৰি কেবাগৰাকী উচ্চপদস্থ বিষয়া উপস্থিত থাকে । আনহাতে পুৱা ১০ ,বজাৰ পৰা বিয়লি ২  বজালৈ অনুষ্ঠিত ৰাজহুৱা শুনানীত বৃহত্তৰ জালুকবাৰীকে ধৰি কাষৰীয়া অঞ্চলৰ কেবাজনো লোক উপস্থিত হৈ নিজৰ মতামত প্ৰকাশ কৰে । সমিতিৰ অধ্যক্ষ এম কে যাদৱে জানিবলৈ দিয়া মতে বহু লোকে সোঁ – শৰীৰে উপস্থিত হব নোৱাৰিলেও ইমেইল যোগে নিজৰ মতামত প্ৰকাশ কৰে ।

কুমাৰীকাটাত সদৌ বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ ২৮ সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন

সদৌ বিটিচি ধৰ্মীয় সংখ্যালঘু পৰিষদৰ ২৮ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন । দিনযোৰা কাৰ্যসূচীৰে কুমাৰীকাটাৰ বাঁহবাৰী আদৰ্শ বিদ্যা নিকেতনৰ খেল পথাৰত অনুষ্ঠিত হয় । তামুলপুৰ জিলা সমিতিৰ সহযোগত আৰু দৰঙ্গাজুলি আঞ্চলিক সমিতিৰ উদ্যোগত আয়োজিত প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচী অনুসৰি সেইদিনা পুৱা পতাকা উত্তোলনেৰে সদৌ বিটিচি ধৰ্মীয় সংখালঘু পৰিষদৰ সভাপতি আব্দুল আৱাল মণ্ডলে কাৰ্যসূচীৰ পাতনি মেলে । ৯-৩০ বজাত শ্বহীদ তৰ্পন কৰে ধৰ্মীয় সংখ্যালঘু পৰিষদৰ কাৰ্যকৰী সভাপতি ফজৰ আলী আহমেদে । আবেলি ২ বজাত  আব্দুল আৱাল মণ্ডলৰ সভাপতিত্বত অনুষ্ঠিত হয় মুকলি সভা। কেন্দ্ৰীয় ইউপিপিএলৰ নেতা মুজিব আলি আহমেদে আঁত ধৰা সভাখন উদ্বোধন কৰে কোকৰাঝাৰ ছোৱালী মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ডঃ আজিজুৰ ৰহমানে । ভাষণত তেওঁ কয় ধৰ্মীয় সংখ্যালঘু পৰিষদ অৰাজনৈতিক সংগঠন হিচাপে জন্ম লাভ কৰিছিল । এই সংগঠনটোৰ উদ্দেশ্য আছিল বিটিচি অঞ্চলত বসবাস কৰা ধৰ্মীয় সংখ্যালঘূ জনসাধাৰণৰ সৰ্বস্তৰৰ উত্তৰণ ঘটোৱা । তেওঁ পুনৰ কয় যে শিক্ষাৰ ক্ষেত্ৰত ধৰ্মীয় সংখ্যালঘু লোকসকল যথেষ্ট পিছ পৰা । সেয়েহে সংখ্যালঘু পৰিষদে শিক্ষাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব লাগিব । বিটিআৰ অঞ্চলৰ সংখ্যালঘু লোকসকলৰ শৈক্ষিক উত্তৰণ হবই লাগিব । সংখ্যালঘু লোকসকলৰ অৰ্ধাংশৰো যদি শৈক্ষিক উন্নয়ন হয় তেতিয়াহলে আৰ এম চিৰ উদ্দেশ্য কিছু সফল হোৱা বুলি গণ্য হ’ব । সভাত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত বসুমতাৰীয়ে কয় মই এজন পৰিপক্ক ৰাজনীতিক নহয় । মই বাধ্যত পৰিহে ৰাজনীতি কৰিবলৈ আহিছোঁ । বিটিআৰ পৰিষদে সংখ্যালঘুসকলৰ উন্নয়নৰ বাবে কাম কৰিবলৈ এটা সুকীয়া বিভাগ আনিছে । বিগত দিনত বিটিচি প্ৰশাসনে সংখ্যালঘু লোক সকলৰ উন্নয়নৰ বাবে কোনো কাম নকৰিলে বুলিও তেওঁ অভিযোগ উত্থাপন কৰে । কিন্তু সম্প্ৰতি প্ৰমোদ বড়ো নেতৃত্বাধীন বিটিআৰ প্ৰশাসনে প্ৰতিটো জাতি জনগোষ্ঠীৰ উন্নয়নৰ বাবে কাম কৰি যাবলৈ অহোপুৰুষাৰ্থ অব্যাহত ৰাখিছে । প্ৰসংগক্ৰমে তেওঁ কয় যে সকলোৱে জাতিৰ নেতা হব নোৱাৰে । নেতাই জাতিৰ বাবে কাম কৰিলেহে জাতিৰ নেতা হব পাৰে । ধৰ্ম কৰি  স্বৰ্গত বাস কৰিব পাৰে কিন্তু ধৰ্মক লৈ কোনেও ৰাজনীতি কৰিব নালাগে । সভাত তামুলপুৰৰ প্ৰাক্তন বিধায়ক চণ্ডী বসুমতাৰী , বিশিষ্ট সমাজকর্মী মইনুল হক চৌধুৰী , তামুলপুৰ জিলা ইউপিপিএলৰ সাধাৰণ সম্পাদক ফণীন্দ্ৰ নাৰ্জাৰী , প্ৰাক্তন এবছু নেতা জলেন দৈমাৰী আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি উপস্থিত থাকে । এই সভাতে ছৰিফ আলিক সভাপতি আৰু আলাউদ্দিন আহমেদক সাধাৰণ সম্পাদক হিচাপে লৈ ৩১ ,জনীয়া তামুলপুৰ জিলা ধৰ্মীয় সংখ্যালঘু পৰিষদৰ নতুন কাৰ্যনিৰ্বাহক সমিতিখন গঠন কৰা হয় ।