Home Blog Page 2862

জনস্বাস্থ্য কাৰিকৰী বিভাগৰ ‘জল জীৱন আঁচনি’ৰ নামত দুৰ্নীতিৰ অভিযোগ

বহলপুৰ বৰপাৰা প্ৰথম খণ্ড গাওঁত জল জীৱন আঁচনিৰ নামত ঠিকাদাৰে নিম্ন মানৰ কাম কৰি অহাৰ অভিযোগ সাধাৰণ ৰাইজৰ দুৰ্নীতিয়ে যেন আগুৰি ধৰিছে জনস্বাস্থ্য কাৰিকৰী বিভাগটোক গভীৰ নিদ্ৰাত অসম চৰকাৰৰ বিভাগীয় মন্ত্ৰী হয় আপোনি ঠিকেই শুনিছে অসম চৰকাৰৰ জন স্বাস্থ্য কাৰিকৰী বিভাগৰ বিলাসীপাৰা সংমণ্ডলৰ অধীনৰ বহলপুৰ বৰপাৰা প্ৰথম খণ্ড গাওঁত ৰাইজক ঘৰে ঘৰে যোগান ধৰা বিশুদ্ধ পাইপ পানী যোগান গৃহ সংযোগ  খোৱাপানীৰ নামত দুৰ্নীতিৰ অভিযোগ। আমি ধাৰাবাহিকভাৱে এই বিভাগটোৰ ওপৰত এটাৰ পিছত আন এটা দুৰ্নীতিৰ বাতৰি সম্প্ৰচাৰ কৰি আহি আছো কিন্তু গভীৰ নিদ্ৰাত যেন শুই আছে বিভাগটোৰ বিষয়া কৰ্মচাৰী তথা বিভাগীয় মন্ত্ৰীয়ে। এইবাৰ এই দুৰ্নীতিৰ ঘটনা সংঘটিত হৈছে ধুবুৰী জিলাৰ চাপৰ চক্ৰৰ অন্তৰ্গত বৰপাৰা প্ৰথম খণ্ড গাওঁত (লালমাটি)ত।

ৰাইজৰ অভিযোগ মতে মুখ্য পাইপ টো চৰকাৰী নিৰ্দেশ মৰ্মে পুতিব লাগিছিল ৩ ফুট কিন্তু একাংশ দালাল ৰূপী ঠিকাদাৰে চৰকাৰী নিৰ্দেশনাক বুঢ়া আগুলি দেখুৱাই ১ ফুটৰ পৰা ১.৫ ফুট মান হে গাঁত খান্দি মুখ্য পাইপ ডাল পুতি থৈ দিয়ে । আনকি কোনো কোনো ঠাইত গাঁত খন্দা তো দূৰৰে কথা মাটিৰ ওপৰেদিয়ে সংযোগ কৰি গৈছে মুখ্য পাইপ ডাল।যাৰফলত যিকোনো মূহুৰ্তত ফাটি যাব পাৰে পাইপ ডাল এয়াই হৈছে অসম চৰকাৰৰ উন্নয়নমুলক কাম কাজৰ ফপোলা স্বৰুপ।আৰু লগতে অতি নিম্নমানৰ কাম হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে। এতিয়া প্ৰশ্ন হয় কাৰ বলত বলীয়ান হৈ এই দালালৰূপী ঠিকাদাৰ গৰাকীয়ে কৰি গৈছে দুৰ্নীতি চৰকাৰে এই দালালৰূপী ঠিকাদাৰ বিলাকক নাকী লগাব পাৰিব নে? নে কেচু খান্দোতে সাপ ওলোৱাৰ ভয়ত এইবিলাক ঠিকাদ্বাৰৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰিব সেয়া পৰবৰ্তী সময়ত লক্ষনীয় হব!

আইআইটি গুৱাহাটীৰ গৱেষণা আৰু বিকাশৰ ক্ষেত্ৰত অমৃতা বিশ্ব বিদ্যাপীঠমৰ সৈতে সহযোগ

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান IIT গুৱাহাটীয়ে শিক্ষা আৰু গৱেষণা কাৰ্যকলাপত তামিলনাডুৰ কইম্বাটুৰস্থিত এক ব্যক্তিগত, বিবেচিত বিশ্ববিদ্যালয় অমৃতা বিশ্ব বিদ্যাপীঠমৰ (এভিভি) সৈতে সহযোগিতা কৰিছে। এই সহযোগিতাই শৈক্ষিক কাৰ্যসূচী সমৃদ্ধ কৰাত সহায় কৰিব আৰু দুটা প্ৰতিষ্ঠানৰ মাজত শিক্ষাৰ্থীৰ আদান-প্ৰদানত সহায় কৰিব।

এই সহযোগিতাৰ দিশত এক বুজাবুজি চুক্তি অধ্যাপকৰ দ্বাৰা স্বাক্ষৰিত হৈছিল। আইআইটি গুৱাহাটীৰ সঞ্চালক টি.জি. সীথাৰাম আৰু এ.ভি.ভি.-ৰ উপাচাৰ্য অধ্যাপক ভেঙ্কটা ৰঙ্গন, শেহতীয়াকৈ ৰসায়ন বিজ্ঞান বিভাগ, আই.আই.টি. গুৱাহাটী, আই.আই.টি. গুৱাহাটীৰ অধ্যাপক এছ. চেন্থিলভেলান, মেকানিকেল ইঞ্জিনিয়াৰিং বিভাগৰ অধ্যাপক এছ. চেন্থিলভেলান, আই.আই.টি. গুৱাহাটী, অধ্যাপক কে.কে.এছ. আৰ. মূৰ্তি, এ.ভি.ভি.-ৰ উপাচাৰ্য অধ্যাপক ভেঙ্কটা ৰংগন, এ.ভি.ভি.-ৰ উপাচাৰ্য অধ্যাপক এ. এছ. অচলকুমাৰ, আই.আই.টি. গুৱাহাটী, আই.আই.টি. গুৱাহাটী, মেকানিকেল অভিযান্ত্ৰিক বিভাগৰ অধ্যাপক এছ. চেন্থিলভেলান, আই.আই.টি. গুৱাহাটী, অধ্যাপক কে.এছ. আৰ. মূৰ্তি, কে. কে. মূৰ্তিৰ মুৰব্বী, এ.ভি.ভি.-ৰ উপাচাৰ্য অধ্যাপক এ. এছ. অচলকুমাৰ, ডিন (আউটৰিচ এডুকেচন প্ৰগ্ৰাম), আই.আই.টি. আই.আই.টি. গুৱাহাটী, এ.ভি.ভি.-ৰ মেকানিকেল ইঞ্জিনিয়াৰিঙৰ মুৰব্বী অধ্যাপক এছ. থিৰুমালিনী আৰু এ.ভি.ভি.-ৰ অভিযান্ত্ৰিক অনুষদৰ ডিন অধ্যাপক সঙ্গন ৰামনাথন।

এই সহযোগিতাৰ অনন্য দিশসমূহৰ ওপৰত আলোকপাত কৰি আইআইটি গুৱাহাটীৰ সঞ্চালক অধ্যাপক টি জি সীথাৰামে কয়, “এভিভিৰ লগতে শিক্ষক আৰু শিক্ষাৰ্থীৰ এটা অতি সমৰ্পিত দলৰ সৈতে বিশাল আৰু সুন্দৰ চৌহদৰ ক্ষেত্ৰত বহুতো সাদৃশ্য আছে। আইআইটি গুৱাহাটীত অত্যাধুনিক সঁজুলিৰে সজ্জিত বহুতো নতুন আন্তঃশাখা গৱেষণা আৰু শৈক্ষিক কেন্দ্ৰৰ উদ্ভৱ হোৱাৰ লগে লগে, প্ৰতিষ্ঠানটোৱে অতিৰিক্ত শক্তিৰে দেশৰ সেৱা আগবঢ়াব। এই পাৰস্পৰিক সহযোগিতাই দুয়োখন প্ৰতিষ্ঠানক গৱেষণা আৰু শিক্ষাৰ ক্ষেত্ৰত নতুন উচ্চতা অৰ্জন কৰাত সহায় কৰিব।”

এই সহযোগিতাৰ সন্দৰ্ভত বক্তব্য ৰাখি অমৃতা বিশ্ব বিদ্যাপীঠমৰ উপাচাৰ্য ড০ ভেংকট ৰংগনে কয়, “শিক্ষকতা আৰু গৱেষণাত উৎকৃষ্টতাৰ বাবে চেষ্টা কৰা দুয়োটা প্ৰতিষ্ঠানৰ বাবে ই এক ঐতিহাসিক মুহূৰ্ত, এক নিখুঁত ৰাজহুৱা-ব্যক্তিগত অংশীদাৰীত্বত একত্ৰিত হ’বলৈ। মই নিশ্চিত যে আমি আমাৰ শক্তিৰ সুবিধা ল’ম আৰু মানৱতাৰ উন্নতিৰ বাবে এক বহনক্ষম পৃথিৱীৰ বাবে কাম কৰিম যিদৰে আমাৰ চাঞ্চেলৰ আম্মাই সদায় কল্পনা কৰি আহিছে।”

1994 চনত প্ৰতিষ্ঠা হোৱা আই.আই.টি. গুৱাহাটী বিশ্বমানৰ আন্তঃগাঁথনিৰ সৈতে সুসজ্জিত, বিশ্বব্যাপী গৱেষণা ৰেংকিং 41 আৰু বিশ্বৰ সামগ্ৰিক ৰেংকিং 395। 25 বছৰৰ কম সময়ৰ ভিতৰতে প্ৰতিষ্ঠানটোৱে ইয়াৰ গৱেষণা আৰু শৈক্ষিক স্থিতিৰ বাবে বিশ্বব্যাপী খ্যাতি লাভ কৰিছে। প্ৰতিষ্ঠানটোৰ 700 একৰ জুৰি আৰু শক্তিশালী ব্ৰহ্মপুত্ৰ নদীৰ পাৰত থিয় হৈ থকা এটা সুন্দৰ সেউজীয়া চৌহদ আছে।

অসম চাহ নিগমৰ অধ্যক্ষ অমিয় কুমাৰ বৰাক চুতীয়া যুৱ সন্মিলনৰ সম্বৰ্ধনা

‘চুতীয়া যুৱ সন্মিলন, অসম’ৰ নৱগঠিত কেন্দ্ৰীয় সমিতিৰ সতীৰ্থসকলে অসম চাহ নিগমৰ অধ্যক্ষ, সদৌ চুতীয়া জাতি সন্মিলনৰ সভাপতি অমিয় কুমাৰ বৰাক গোলাঘাটস্থিত বাসগৃহত উপস্থিত হৈ তেখেতক সম্বৰ্ধনা জনোৱাৰ লগতে এক সৌজন্যমুলক সাক্ষাৎ কৰে।

উক্ত কাৰ্যসূচীত চুতীয়া যুৱ সন্মিলনৰ নৱগঠিত কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা পৰাগ শইকীয়া, সভাপতি সীমান্ত শ‌ইকীয়া আৰু সাধাৰণ সম্পাদক শ্যামল জ্যোতি বৰা প্ৰমুখ্যে নৱগঠিত সমিতিখনৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।

ৰাষ্ট্ৰীয় ক্ৰীড়াত পুনৰ উজলিল ধেমাজি

লখিমপুৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ধেমাজি জিলাৰ তিনি কন্যা ক্ৰমে লক্ষীমাই গগৈ, পূজা কুমাৰী গগৈ আৰু সবিতা চেতিয়াই স্ব-প্ৰতিভাৰ উন্মেষ ঘটাই ২৬-২৯ আগষ্টত গোৱাত অনুষ্ঠিত হোৱা “ৰাষ্ট্ৰীয় ৱাকো ইণ্ডিয়া কিক্ বক্সিং প্ৰতিযোগিতা”ত দুৰ্দান্ত প্ৰদৰ্শনেৰে পদক লাভ কৰি দেশৰ কিক্ বক্সিঙৰ মানচিত্ৰত গৌৰৱোজ্জ্বল স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছে। যোৱা নিশাৰ ভাগত অনুষ্ঠিত কিক্ বক্সিঙৰ ‘৫৫ কিঃগ্ৰাঃ শাখা’ৰ প্ৰতিযোগিতাত মৰিধলৰ পশ্চিম সুবাহী গাঁৱৰ অজিত গগৈ আৰু গোলাপী গগৈৰ কন্যা ‘লক্ষীমাই গগৈয়ে সোণৰ পদক’, মৰিধলৰ বৰফুকন গাঁৱৰ ৰমেশ গগৈ আৰু লাৱণ্য গগৈৰ কন্যা ‘পূজা কুমাৰী গগৈয়ে ৫১ কিঃগ্ৰাঃ শাখাৰ প্ৰতিযোগিতাত সোণৰ পদক’ আৰু গোগামুখ লঠিয়া গাঁৱৰ ভদ্ৰেশ্বৰ চেতিয়া আৰু নিৰু চেতিয়াৰ কন্যা ‘সবিতা চেতিয়াই ৫৮ কিঃগ্ৰাঃ শাখাৰ প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক’ অৰ্জন কৰি জিলা কিম্বা ৰাজ্যলৈ আশাৰ বতৰা কঢ়িয়াই আনিছে।

সময়মতে চিকিৎসালয়ত চিকিৎসক নোপোৱাত ক্ষোভ প্ৰকাশ ৰোগীৰ 

ওদালগুৰি জিলাৰ অন্যতম স্বাস্থ্য কেন্দ্ৰ হিচাপে পৰিচিত ওৰাং  খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ । মাজবাট , ধনশ্ৰীঘাট , মেৰাবিল , গেলাবিল ,  চমুৱাগাঁও , ভোগদলৰ  আদি ২৫০খন  ৰাজহ গাওঁ সামৰি থকাৰ লগতে ৮খন চাহ বাগিচাৰ ৰোগী সকলৰ একমাত্ৰ স্বাস্থ্য কেন্দ্ৰত এতিয়া চিকিৎসক সকলে চলাই আহিছে ব্যাপক হাৰত অৰাজকতা,স্বেচ্ছাচাৰী ,দিনক দিনে তীব্ৰ গতিত বৃদ্ধি পাবলৈ ধৰিছে  মইমতালি ।  বৃহৎ অঞ্চলৰ ৰাইজক সাঙুৰি লোৱা এইখন চিকিৎসালয়ত ৰাতিপুৱা ৯ বজাৰ পৰা চিকিৎসক আহি পাব বুলি ভিতৰুৱা অঞ্চলৰ ৰোগী সকল ৰাতিপুৱা ৮: ৩০ বজাৰ পৰাই দৈনিক ভিৰ কৰা পৰিলক্ষিত হয় । কিন্তু দুৰ্ভাগ্যৰ কথা এইটোৱে যে উক্ত  ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু ওৰাং  সামুহিক চিকিৎসালয়ৰ চিকিৎসক সকলে নিজৰ খেয়ালখুচি মতে চিকিৎসালয়ত প্রবেশ কৰাত দৈনিক ৰোগী সকল  হাৰাশাস্তিত ভুগিব লগীয়া হৈছে । দৈনন্দিন ৰুটিন অনুযায়ী নিজৰ মইমতালিত মগ্ন থকা চিকিৎসক সকলে চিকিৎসালয়লৈ প্ৰৱেশ কৰে অতি কমেও দুই/তিনি ঘণ্টা পলমকৈ । উক্ত ওৰাং স্বাস্থ্য কেন্দ্ৰত যোৱা  ২৬ আগষ্ট তাৰিখ শনিবাৰেও দেখিবলৈ পোৱা গৈছে যে চিকিৎসা কৰাৰ উদেশ্য  ৰোগী সকল ৰাতিপুৱা ন মান বজাৰ পৰাই হাস্পিতাল চৌহদ ভৰি যোৱাৰ পিছতো চিকিৎসক উপস্থিত নোহোৱাত ৰোগী সকলৰ মাজত হোৱা দুৱা পৰিবেশৰ সৃষ্টি হৈছিল । উক্ত চিকিৎসলয়ৰ চিকিৎসক সকলে চৰকাৰৰ পৰা দৰমহা পোৱা স্বত্তেও নিজ ইচ্ছা মতে  ১১/১২  বজাৰ আগত চিকিৎসালয়ত প্ৰৱেশ নকৰা ঘটনাই চিন্তিত কৰি তুলিছে সমগ্ৰ অঞ্চল বাসী ৰাইজৰ ।দৈনিক ৰুটিন অনুযায়ী ২৬ আগষ্টত  ১১  বজালৈ চিকিৎসালয়ত চিকিৎসক সকলৰ প্ৰৱেশ নোহোৱাত অপেক্ষিত ৰোগী সকলৰ ভিতৰত কেইবাজন ৰোগীয়ে  এক অভিযোগ কৰিছে ৷সেই অভিযোগৰ বিষয়টোত  মাজবাটৰ বিজেপি যুৱ নেতা কিশোৰ শৰ্মাক অৱগত কৰোৱাত যুৱ নেতা কিশোৰ শৰ্মা তৎক্ষণাত চিকিৎসালয়ত উপস্থিত হয় ৷ যদিও প্ৰায় ১১   বাজি যোৱাৰ পিছতহে এজন চিকিৎসকৰ প্ৰৱেশ ঘটে । এই দৃশ্য দেখা পাই যুৱ নেতা কিশোৰ শৰ্মাই ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে স্বাস্থ্য বিভাগৰ ক্ষেত্ৰত অধিক গুৰুত্ব আৰোপ কৰি অহা সময়তে এইদৰে পলমকৈ আহি ৰোগী সকলক হাৰাশাস্তি দিয়াত অত্যন্ত দুখ প্ৰকাশ কৰে যুৱ নেতা কিশোৰ শৰ্মাই । চৰকাৰে স্বাস্থ্য বিভাগক সকলো দিশতে নজৰত ৰাখি ৰাইজক সেৱা আগবঢ়াই অহাৰ সময়ত ওৰাং চিকিৎসালয়ৰ এনে কৰ্ম কাণ্ডই বিজেপি চৰকাৰক শলঠেকত পেলাবলৈ চেষ্টা কৰিছে ৷ আৰু সাধাৰণ ৰাইজে সঠিক অৰ্থ বুজি নোপোৱাৰ ফলত চিকিৎসক সকলৰ গাফিলতিত বহু ৰাইজে চৰকাৰক দুখ দিয়ে আজিৰ পৰা নিয়মিত সেৱা আগবঢ়াবলৈ যুৱ নেতা কিশোৰ শৰ্মাই চিকিৎসক সকলক আহ্বান জনায় । এক  তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে 

নাজিৰা মানসিক ৰোগী সংস্থাপন কেন্দ্ৰত দেৱব্ৰত শইকীয়াৰ ৫লাখ টকাৰ অনুদান

নাজিৰা মহকুমাৰ হাটিপট্টীস্থিত মানসিক ৰোগী পুনৰ সংস্থাপন কেন্দ্ৰ ” জ্যোতি গৃহ ” ৰ আৱাসী সকলৰ সহায়ৰ হেতু নাজিৰা সমষ্টিৰ বিধায়ক তথা অসম বিধান সভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই তেখেতৰ ২০২০ – ২০২১ বৰ্ষৰ বিধায়ক উন্নয়ন পুজিৰ পৰা আগবঢ়োৱা ৫ লাখ টকা অনুদানেৰে ইতিমধ্যে ৰান্ধনি ঘৰৰ লগতে ভোজনকক্ষৰ নিৰ্মাণৰ কাম সম্পন্ন হোৱাৰ দিশত অগ্ৰসৰ হৈছে । নাজিৰা হিউমেন ৱেলফেয়াৰ ছ’চাইটিৰ তত্বাৱধানত থকা এই ” জ্যোতি গৃহ” পৰ্যবেক্ষণৰ বাবে যোৱা সাতাইছ আগষ্টত বিৰোধী দলপতি গৰাকী উপস্থিত হৈ ইয়াৰ আৱাসীক সকলৰ স্বাস্থ্যৰ বোজ লয় । এই আপাহতে অন্যতম স্বেচ্ছাসেৱী অনুষ্ঠান হিউমেন ৱেলফেয়াৰ ছ’চাইটীয়ে ফুলাম গামোচা চেলেং চাদৰ , সৰুদৈয়া জাপি আৰু এখনি প্ৰশংসা পত্ৰৰে বিধায়ক তথা বিৰোধী দলপতি দেৱব্ৰত শইকীয়াক উষ্ম সম্বৰ্ধনা জনা । অনুষ্ঠানত ছ’চাইটীৰ হৈ সঞ্চালক নাছেৰ খানৰ লগতে চৈয়দ আব্দুল মুচ্চাবীৰ , ধীৰেণ শৰ্মা , ৰবীন বৰঠাকুৰ , অকণী পাংগিঙৰ উপৰি ভালেকেইজন গণ্য – মান্য ব্যক্তি উপস্থিত থাকে । বিৰোধী দলপতি গৰাকীয়ে অনাগত দিনটো ” জ্যোতি গৃহ ” ৰ আৱাসীসকলৰ স্বাস্থ্যৰ উন্নতি আৰু অনুষ্ঠানটিৰ বাবে সহায় – সহযোগিতাৰ আশ্বাস দিয়ে । 

ডিব্ৰুগড় জিলা সাহিত্য সভাৰ ৪৬সংখ্যক দ্বি-বাৰ্ষিক পূৰ্ণাংগ অধিৱেশনৰ আদৰণী সমিতি গঠন

ডিব্ৰুগড়ৰ নিজ-মানকটা গাঁৱস্থিত সোনোৱাল কছাৰী সাংস্কৃতিক ভৱনত ডিব্ৰুগড় জিলা সাহিত্য সভাৰ ষষ্ঠত্বাৰিংশতম দ্বিবাৰ্ষিক পূৰ্ণাংগ অধিৱেশনৰ আদৰণী সমিতি গঠনৰ উদ্দেশ্যে জিলা সাহিত্য সভাৰ সভাপতি ইন্দ্ৰ গগৈৰ সভাপতিত্বত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়। ২০২২ চনৰ জানুৱাৰী মাহৰ তৃতীয় বা চতুৰ্থ সপ্তাহত মানকটা শাখা সাহিত্য সভাৰ আতিথ্যত নিজ-মানকটা গাঁৱত ডিব্ৰুগড় জিলা সাহিত্য সভাৰ 2020-22 বৰ্ষৰ পূৰ্ণাংগ অধিৱেশনখনি অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় আৰু ৰাজহুৱা সভাখনিৰ জৰিয়তে পোনা সোনোৱালক সভাপতি, পূৰ্ণকান্ত হাজৰিকাক কাৰ্যকৰী সভাপতি, কুসুম সোনোৱাল শইকীয়াক সম্পাদক, নলিনী সোনোৱালক কোষাধ্যক্ষ হিচাপে লৈ 18খন উপসমিতিসহ
এখনি আদৰণী সমিতি গঠন কৰা হয়।

জিলা সাহিত্য সভাৰ প্ৰকাশন সচিব প্ৰশান্ত শইকীয়াই আঁতধৰা সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক পৰমেশ্বৰ নলবৰীয়াই আৰু আদৰণী ভাষণ প্ৰদান কৰে মানকটা শাখা সভাৰ সভাপতি অনিমা কোঁচ গগৈয়ে। জিলা সাহিত্য সভাৰ উপ-সভাপতি নোমল চন্দ্ৰ গগৈ, সাংগঠনিক সম্পাদক বদন গগৈ, জোনাকৰ সম্পাদক বীণা কোঁৱৰ বৰুৱা, কাৰ্য-নিৰ্বাহক সদস্য পূণ্যনাথ পাংগিং, সোনোৱাল কছাৰী সাহিত্য সভাৰ মুখ্য সম্পাদক শিৱনাথ সোনোৱাল, মানকটা গাঁও পঞ্চায়তৰ সভাপতি দীপামনি দত্ত হাজৰিকা, আদৰণী সমিতিৰ উপ-সভাপতি কুশল কোঁৱৰ আদিয়ে আগন্তুক অধিৱেশনৰ পৰিকল্পনা বিষয়ক বক্তব্য আগবঢ়ায়। জিলা সভাৰ পৰা অংশগ্ৰহণ কৰা অন্যান্য বিষয়-ববীয়া আৰু অতিথিবৃন্দৰ লগতে স্থানীয় ৰাইজৰ হৈ মঞ্চত আসন গ্ৰহণ কৰে মানকটা নামঘৰ সমিতিৰ সভাপতি প্ৰদীপ সোনোৱাল, উপদেষ্টা মুনীন সোনোৱাল, খ্ৰীং খ্ৰীং বাইথ’ মন্দিৰ সমিতিৰ কাৰ্যকৰী সভাপতি অহিন্দ্ৰ শইকীয়া, বন্তি প্ৰজ্বলক শশীধৰ সোনোৱাল আদিয়ে। জিলা আৰু শাখা সভাৰ সদস্যসকলৰ দ্বাৰা “চিৰ চেনেহী মোৰ ভাষা জননী”গীতেৰে আৰম্ভণি কৰা আৰু অসম সংগীতেৰে সামৰণি মৰা সভাখনৰ শলাগৰ শৰাই আগবঢ়ায় মানকটা শাখা সাহিত্য সভাৰ সম্পাদক কুসুম সোনোৱাল শইকীয়াই।

বঙাইগাঁৱত ড্ৰাগছসহ দুজন সৰবৰাহকাৰী আটক

বঙাইগাঁও আৰক্ষীয়ে এক গোপন সূত্ৰৰ পম খেদি চলোৱা অভিযানত ড্ৰাগছসহ দুজন সৰবৰাহকাৰীক আটক কৰে ৷ জানিব পৰা মতে বঙাইগাঁও সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া উপেন কলিতা আৰু নগৰ উপ পৰিদৰ্শক কুলেন্দ্ৰ হুজুৰীসহ আৰক্ষীৰ এটা দলে প্ৰথমে বঙাইগাঁও জিলাৰ আই নদীৰ সমীপৰ চৌৰাগুৰিৰ পৰা ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক কৰে ৷ আৰক্ষীৰ জালত পৰা ড্ৰাগছ সৰবৰাহকাৰীজন গেৰুকাবাৰী আৰক্ষী চকীৰ অন্তৰ্গত গৰাইমাৰীৰ ছাদ্দাম হুছেইন(২৫) ৷ ড্ৰাগছ সৰবৰাহকাৰীজনৰ পৰা আৰক্ষীয়ে ধপাতৰ পেকেটত লুকাই ৰখা ১৩ টা হেৰ’ইন ভৰ্তি কণ্টেইনাৰ আৰু এখন স্কুটী জব্দ কৰে ৷ পিছত আৰক্ষীয়ে ধৃত ছাদাম হুছেইনৰ তথ্যৰ ভিত্তিত গৰাইমাৰী গাঁৱৰে ছাহিদুৰ আলী (৩৫) ৰ গৃহত অভিযান চলাই ছাহিদুৰ আলীক আটক কৰে ৷ আৰক্ষীয়ে অভিযান কালত ছাহিদুৰ আলীৰ গৃহৰ পৰা হেৰ’ইনসহ ৬ টা কণ্টেইনাৰ উদ্ধাৰ কৰি জব্দ কৰে ৷ আৰক্ষীয়ে দুয়োজনৰ পৰা জব্দ কৰা ১৯ টা কণ্টেইনাৰত মুঠ ২৩ গ্ৰাম হেৰ’ইন আছিল ৷ আৰক্ষীয়ে ড্ৰাগছৰ লগতে দুট মোবাইল হেণ্ডচেটো জব্দ কৰে ৷ উল্লেখ্য যে ছাদ্দাম হুছেইনে  ছাহিদুৰ আলীৰ পৰা ড্ৰাগছ ক্ৰয় কৰি ব্যৱসায় চলাই আহিছিল ৷ 

অতি শীঘ্ৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ ঠিকাদাৰ-অভিযন্তাক কঠোৰ সকীয়নি বৰপেটাৰ উপায়ুক্তৰ

সুদীৰ্ঘ দিন ধৰি অৰ্দ্ধনিৰ্মিত অৱস্থাত থকা বৰপেটা জিলাৰ গোমাফুলবাৰী আৰু গোমাৰীগুৰী আদৰ্শ বিদ্যালয়ৰ নিৰ্মাণ কাৰ্য অতি শীঘ্ৰে সম্পূৰ্ণ কৰিবলৈ জিলা উপায়ুক্ত তেজ প্ৰসাদ ভূচালে আজি লোক নিৰ্মাণ বিভাগৰ সংশ্লিষ্ট বিষয়া সকলক নিৰ্দেশ দিছে। আজি দেওবৰীয়া বন্ধৰ দিনটোত উক্ত বিদ্যালয় দুখনৰ নিৰ্মাণ কাৰ্য পৰিদৰ্শন কৰি উপায়ুক্ত গৰাকীয়ে সকলো সমস্যাৰ বুজ লৈ বিভাগীয় বিষয়াক এই নিৰ্দেশ দিয়ে। উল্লেখযোগ্য যে, বৰপেটা জিলাত স্থাপন কৰিবলৈ লোৱা সাতখন আদৰ্শ বিদ্যালয়ৰ ভিতৰত পাঁচখনৰ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ লগতে ইয়াত পাঠদানো সূচাৰুৰূপে  চলি আছে । কিন্তু ২০১৩-১৪ চনতে নিৰ্মান কাৰ্য আৰম্ভ হোৱা  গোমাফুলবাৰী আৰু গোমাৰীগুৰিৰ বিদ্যালয় দুখনৰ কাম  বিভিন্ন সমস্যাৰ বাবে আজিকোপতি সম্পূৰ্ণ কৰিব পৰা হোৱা নাই ৷ লোকনিৰ্মান গৃহ বিভাগৰ দ্বাৰা নিৰ্মান কাৰ্য চলি থকা প্ৰকল্পটোৰ কাম ২০১৬-১৭ ৰ পৰাই  বিভিন্ন কাৰকৰ বাবে স্হগিত হৈ আছে ৷ এই বিষয়ে অৱগত হৈয়ে আজি বৰপেটা জিলা উপায়ুক্ত ভূচালে শিক্ষা বিভাগৰ দায়িত্ব‌ত থকা অতিৰিক্ত উপায়ুক্ত তথা  জিলা মিছন সমন্বয়ক লখিমী দত্ত আৰু সমগ্ৰ শিক্ষাৰ জিলা আঁচনি বিষয়া ৰঞ্জন দাস সমন্বিতে ক্ষেত্ৰ পৰিদৰ্শন কৰে৷ নিৰ্মাণ থলিত লোক নিৰ্মান বিভাগৰ সংশ্লিষ্ট অভিযন্তা সকলো উপস্হিত আছিল ৷ জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মাই এই কথা প্ৰকাশ কৰি জনাইছে যে, প্ৰায় ছয় বছৰ ধৰি নিৰ্মান কাৰ্য স্হবিৰ হৈ থকা কথাটোত উপায়ুক্ত ভূচালে গভীৰ অসন্তুষ্টি প্ৰকাশ কৰে আৰু ঠিকাদাৰ আৰু সংশ্লিষ্ট বিষয়া  সকলক  দুয়োখন  আদৰ্শ বিদ্যালয়ৰ নিৰ্মানৰ বাকী থকা কাম অনতি পলমে আৰম্ভ কৰিবলৈ কঠোৰ সকীয়নি দিয়ে।  লগতে এই সম্পৰ্কত তথ্য সম্বলিত এখন বিস্তৃত প্ৰতিবেদন জমা দিবলৈও বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে। এই দুয়োখন বিদ্যাল়য় সোনকালে মুকলি হলে উক্ত অঞ্চলটোৰ লগতে জিলাখনৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰী  উপকৃত হ’ব বুলি আশা কৰা হৈছে।

মহাজোটৰ পৰা AIUDFক বাদ দিয়া বিতৰ্কৰ পিছত জনিয়াত কংগ্ৰেছত খহনীয়া

বৰপেটা জিলাৰ ৪৪ নং জনিয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত টাপেশ্বৰা গাঁও পঞ্চায়ত কাৰ্য্যালয়ৰ প্ৰেক্ষাগৃহত অাজি এ অাই ইউ ডি এফ দলৰ এখন যোগদান সভা অনুষ্ঠিত হৈ যায়। এই সভাত কংগ্ৰছ দল ত্যাগ কৰি পঞ্চায়ত প্ৰতিনিধি সহ প্ৰায় দুই শতাধিক কংগ্ৰেছ কৰ্মী সমৰ্থকে জনিয়া সমষ্টিৰ বিধায়ক ড০ হাফিজ ৰফিকুল ইছলামৰ উপস্থিতিত আনুষ্ঠানিক ভাবে এআইইউডিএফ দলত যোগদান কৰে। উল্লেখ্য যে, যি সময়ত মহাজোঁটত থাকিও কংগ্ৰেছ-ইউডিএফৰ মাজত বোকা ছটিওৱা খেল অব্যাহত আছে তেনে  সময়ত কংগ্ৰেছৰ বলিষ্ঠ নেতা বৰপেটাৰ সাংসদ আব্দুল খালেকৰ গৃহ সমষ্টি জনিয়াৰ টাপেশ্বৰাত এআইইউডিএফৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ প্ৰায় দুই শতাধিক কংগ্ৰেছ কৰ্মী এআইইউডিএফত যোগদান কৰা ঘটনাই এক চাঞ্চল্যৰ সৃষ্টি কৰিছে | অনুষ্ঠানটোত টাপেশ্বৰা পঞ্চায়তৰ প্ৰাক্তন সভাপতি তথা কংগ্ৰেছ নেতা আবুজাফৰ আহমেদ, কংগ্ৰেছ দলৰ যুৱনেতা আবু আহমেদৰ উপৰিও পঞ্চায়তৰ সদস্য ৰুহুল আমিন সহ প্ৰায় দুই শতাধিক কংগ্ৰেছ কৰ্মী সমৰ্থকে এআইইউডিএফ দলত যোগদান কৰাত তেওঁলোকক এঅাইইউডিএফ’ৰ  নেতৃবৃন্দই উষ্ম অাদৰণি জনায়। সভাত বৰপেটা জিলা এঅাইইউডিএফ সমিতিৰ সভাপতি মুফতি শ্বামছুদ্দিন আহমেদ কাচিমি, উপ-সভাপতি তথা অধিবক্তা ছিৰাজ খান, আবু তাহেৰ আছাদি, বৰপেটা জিলা এঅাইইউডিএফ কমিটিৰ সাধাৰণ সম্পাদক খন্দকাৰ অাশ্ৰাফুল মামুন,জনিয়া  সমষ্টি কমিটীৰ সভাপতি খন্দকাৰ জাকিৰ হুছেইন আৰু অন্যান্য দলীয় নেতৃবৃন্দ উপস্থিত থাকে।