Home Blog Page 2863

চাৰিলেন যুক্ত পথ নিৰ্মাণত কাৰিকৰি বিসংগতি, বৃহৎ বৃহৎ গাঁতে সৃষ্টি কৰিছে ভয়াৱহ দুৰ্ঘটনা

যোৰহাটৰ পৰা টীয়ক নগৰলৈকে  ৩৭নং ৰাষ্টীয় ঘাই পথতো কেন্দ্ৰীয় পথ পৰিবহন মন্ত্রনালয়ে চাৰিলেন যুক্ত পথ সম্প্ৰসাৰণ কৰি নিৰ্মাণ কাৰ্য্য চলাই থকাৰ সময়তে পকী পথৰ মাজত বৃহৎ বৃহৎ গাঁত হোৱাৰ পৰিপ্ৰেক্ষিতত যাতায়তৰ বাবে জিয়াতু ভুগিৱ লগা হৈছে সাধাৰণ ৰাইজৰ।চটাইৰ পৰা টীয়কলৈ চলিত মাহৰ জানুৱাৰি ফ্ৰেব্ৰুৱাৰী মাহৰ পৰা নিৰ্মাণ  কৰিছিল যদিও বৰ্তমান প্ৰায়বোৰ ঠাইতে বৃহৎ বৃহৎ গাঁত সৃষ্টি হৈছে। বিভিন্ন ৰাজ্যৰ পৰা অহা আৰু স্থানীয় যান বাহন সমুহ বৃহৎ বৃহৎ গাঁত হোৱাত যাতায়তৰ বাবে অসুবিধা হোৱাৰ লগতে সঘনাই দুৰ্ঘটনা সংঘটিত হৈছে।উল্লেখযোগ্য যে চাৰিলেন যুক্ত পথ নিৰ্মাণ কাৰী সংস্থা জে.ডি.চি য়েলে লিংকন এণ্ড ডিগনিতি নামৰ কোম্পানিতোক  নিৰ্মাণৰ দ্বায়িত্ব অৰ্পন কৰিছিল।অতি নিন্ম মানদণ্ডৰ সামগ্ৰী ব্যৱহাৰ কৰাৰ বাবে ৩৭নং ৰাষ্টীয় ঘাই পথত বৃহৎ গাত সংঘটিত হৈছে বুলি সচেতন মহলে মত পোষণ কৰিছে।ইপিনে টীয়কৰ মেলেংস্থিত চাৰিলেন যুক্ত পথ নিৰ্মাণৰ কাৰ্য্যালয়ৰ সম্মুখত প্ৰতিবাদ কৰিছিল স্থানীয় শিল,বালি,মাটি যোগান ধৰা থলুৱা ঠিকাদাৰ অাৰু কৰ্মচাৰী সকলে।ইমানবোৰ বিসংগতি থকা  নিৰ্মান কাৰী সংস্থাৰ বিৰুদ্ধে মুখ্যমন্ত্রীৰ হস্তক্ষেপৰ দাৱী তুলিছে সচেতন মহলে।

বেলশিৰি নৈৰ ওপৰেদি মৰণফান্দ যাতায়ত

শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি বিধান সভা সমষ্টিৰ গড়মাৰা, চেঁচাবিল,ৰামনাথপুৰ,জিকিৰিবাৰী গাঁৱৰ ৰাইজে মৰণক শৰণ দি খোজকাঢ়ি পাৰ হয় পাহাৰীয়া খৰস্ৰোতা নৈ বেলশিৰি নৈ ৷বৰ্তমান বাৰিষাৰ সময়ত উক্ত গাওঁকেইখনৰ আৱাল বৃদ্ধ বনিতাৰ লগতে কোলাত কেঁচুৱা লৈ বৃদ্ধ মহিলাই ফেনে ফুটুকাৰে বাঢ়ি অহা পাহাৰীয়া নৈ বেলশিৰি নৈ পাৰ হোৱা দৃশ্য প্ৰত্যক্ষ কৰিলে সকলোৰে গাৰ নোম শিঁয়ৰি উঠিব ৷সুদীৰ্ঘদিন ধৰি বেলশিৰি নৈৰ ওপৰত এখন দলং নিৰ্মাণৰ বাবে স্থানীয় ৰাইজে ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক তথা ৰাজ্য চৰকাৰক দাবী জনাই আহিছিল যদিও বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ সমস্যা সমাধান নকৰাত এনেদৰে মৰণক শৰণ দি বাঢ়নী পানীৰ মাজেৰে যাতায়ত কৰিবলগা হৈছে সৰ্বসাধাৰণ গঁঞা ৰাইজে ৷ঢেকীয়াজুলি বিধান সভা সমষ্টিৰ গড়মাৰা গাওঁ পঞ্চায়ত এলেকাৰ গড়মাৰা, চেঁচাবিল,ৰামনাথপুৰ ,জিকিৰিবাৰী গাঁৱকে আদি কৰি গাওঁসমূহত দেখা গ’ল বিকশিত অসমৰ অবিকশিত ছবি ৷ ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ ৭৫ বছৰ অতিক্ৰম কৰাৰ পিছতো চৰকাৰী কোনো উন্নয়নমূলক আঁচনিয়ে সমষ্টিটোৰ উক্ত গাওঁসমূহক স্পৰ্শ নকৰাত স্থানীয় ৰাইজে তীব্ৰ ক্ষোভ ব্যক্ত কৰে ৷  উক্ত গাওঁকেইখনৰ ৰাইজ তথা ছাত্ৰছাত্ৰীসকলে বিদ্যালয় ,মহাবিদ্যালয়,চিকিৎসালয়লৈ নৈ পাৰ হৈ যাবলগীয়া হোৱাত সুদীৰ্ঘদিন ধৰি দাবী জনাই অহা বেলশিৰি নৈৰ ওপৰত এখন পকী দলং নিৰ্মাণ কৰা সন্দৰ্ভত বিগত চৰকাৰৰ লগতে বৰ্তমানৰ স্থানীয় বিধায়ক অশোক সিংহলে কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজে সংবাদমাধ্যমত তীব্ৰ ক্ষোভ ব্যক্ত কৰে ৷

উক্ত অঞ্চলত বেলশিৰি নৈৰ ওপৰত দলং নিৰ্মাণ নকৰাৰ বাবে ইয়াৰ ছাত্ৰছাত্ৰীসকলে খৰালি নৈ পাৰ হৈ মিছামাৰীত থকা ধনখনা উচ্চ মাধ্যমিক বিদ্যালয়ৰ লগতে মিছামাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়,মিছামাৰী জুনিয়ৰ কলেজলৈ যাব পাৰে যদিও বাৰিষা আহিলেই নৈখনি ফেনেফুটুকাৰে বাঢ়ি অহাত ছাত্ৰছাত্ৰীসকলে বহুকিলোমিটাৰ পথ ঘূৰি গৈ বিদ্যালয়লৈ যাব লগা হয় বুলি জনায় হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবেলি উত্তীৰ্ণ হোৱা ছাত্ৰ হৰেশ্বৰ ৰাজোৱাৰে ৷আনহাতে গড়মাৰা গাওঁ পঞ্চায়ত এলেকাৰ গড়মাৰা, চেঁচাবিল,ৰামনাথপুৰ ,জিকিৰিবাৰী গাঁৱকে আদি কৰি গাওঁসমূহত প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰ নথকাৰ পৰিপ্ৰেক্ষিতত চিকিৎসাৰ বাবে এই অঞ্চলৰ ৰাইজে মিছামাৰী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰলৈ নৈ পাৰ হৈ যাব লাগে ৷উল্লেখ্য যে ৰামনাথপুৰ গাঁৱৰ পৰা ঢেকীয়াজুলি নগৰলৈ দূৰত্ব ১২ কিলোমিটাৰ ৷সেয়ে ৰাইজে চিকিৎসাৰ বাবে ঢেকীয়াজুলিলৈ আহিবলৈ অসুবিধা হোৱাত নাতিদূৰৈত থকা মিছামাৰী প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত নৈ পাৰ হৈ চিকিৎসা কৰিব যাব লগা হোৱা বাবে বৰ্তমান বাৰিষাৰ সময়ছোৱাত ৰাইজৰ মাজত এক হাঁহাকাৰ পৰিৱেশৰ সৃষ্টি হয় ৷ঢেকীয়াজুলি সমষ্টিৰ উক্ত অঞ্চলৰ ৰাইজৰ বাবে বেলশিৰি নৈ ওপৰত দলং নিৰ্মাণৰ লগতে
গুৰুতৰ সমস্যাৰাজি সমাধান কৰি ৰাইজক উপকৃত কৰিবলৈ ভুক্তভোগী গঁঞা ৰাইজে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ মন্ত্ৰী  অশোক সিংহলৰ লগতে বিভাগীয় কৰ্তৃপক্ষক সংবাদমাধ্যমৰ জৰিয়তে দাবী জনাইছে।।

প্ৰেচাৰ কুকাৰ আৰু পতাগুটিৰে ১৪বছৰীয়া কিশোৰীক নিৰ্মমভাৱে হত্যা

গুৱাহাটীত দিনদুপৰতে চাঞ্চল্যকৰ হত্যাকাণ্ড৷ এগৰাকী ১৪ বছৰীয়া কিশোৰীক নিৰ্মমভাৱে হত্যা৷ প্ৰেচাৰ কুকাৰ আৰু পতাগুটিৰে নৃশংসভাৱে হত্যা কিশোৰীগৰাকীক। খাৰঘূলিত সংঘটিত হয় এই চাঞ্চল্যকৰ হত্যাকাণ্ডটো৷ঘৰৰ ভিতৰতে উদ্ধাৰ কিশোৰীগৰাকীৰ মৃতদেহ। কিশোৰীগৰাকীৰ নাম দিম্পল কুমাপতি। পিতৃ-মাতৃ দোকানলৈ ওলাই যোৱাৰ পাছতেই কোনো লোকে এই হত্যাকাণ্ড সংঘটিত কৰে৷ কিশোৰীগৰাকী এঞ্জেল অব গড হাইস্কুলৰ ছাত্ৰী আছিল। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত৷

এ আই ইউ ডি এফৰ ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰৰ বিজেপিত যোগদান

মঙলবাৰে এ আই ইউ ডি এফৰ পৰা পদত্যাগ কৰিছিল ভৱানীপুৰৰ বিধায়ক ফণীধৰ তালুকদাৰে৷ আজি বিজেপিত যোগদানৰ পূৰ্বে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক পুৱাই মুখ্যমন্ত্ৰীৰ চৰকাৰী আৱাসত সাক্ষাৎ কৰে ফণীধৰ তালুকদাৰে৷ ফণী তালুকদাৰক কাষত বহুৱাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ক’লে, “এটা বেদনা আঁতৰি গ’ল৷অসম আন্দোলনৰ প্ৰথম গৰাকী শ্বহীদ খগেশ্বৰ তালুকদাৰৰ ভৱানীপুৰৰ পৰা এ আই ইউ ডি এফ জিকি থকাতো দুখৰ কথা আছিল৷ ফণী তালুকদাৰ এইবাৰ বিজেপিৰ টিকটৰে নিৰ্বাচন খেলি বিধানসভালৈ আহিব৷” বিজেপিত আনুষ্ঠানিক যোগদানৰ আগত মুখ্যমন্ত্ৰীক সাক্ষাৎ কৰি ফণী তালুকদাৰে ক’লে,”বিজেপিৰ নীতি আদৰ্শইও মোক আকৃষ্ট কৰিছে। “মই ২০২১ত বিজেপিৰ পৰা টিকট বিচাৰিছিলো, নাপালো৷চৰকাৰী পক্ষৰ বিধায়ক হ’লে সমষ্টিবাসীৰ লাভ হয়৷ শাসকীয় পক্ষত থাকি সমষ্টিৰ উন্নয়ন কৰিবলৈ মই সমষ্টিৰ উন্নয়নৰ বাবেহে বিজেপিলৈ আহিছো। এ আই ইউ ডি এফক মই সাম্প্ৰদায়িক বুলি নকওঁ কিন্তু তাত ৯৮ শতংশই এক বিশেষ সম্প্ৰদায়ৰ লোক। কিন্তু কংগ্ৰেছতকৈ এ আই ইউ ডি এফত বহু উচ্চ চিন্তা সম্পন্ন লোক আছে।”

হোজাইত উপায়ুক্ত অনুপম চৌধুৰীৰ দ্বাৰা ৰাষ্ট্ৰীয় পোষণ মাহ সমদলৰ ফ্লেগ অফ

সমগ্ৰ দেশৰ লগতে হোজাই জিলাতো সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত আজিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ বিভিন্ন কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় পোষণ মাহ পালন কৰা হ’ব ৷ এই উপলক্ষে আজি পোষণ মাহ পালনৰ উদ্বোধনী কাৰ্যসূচী হিচাপে বৃক্ষৰোপণ আৰু সম্পূৰ্ণ ক’ভিড-১৯ স্বাস্থ্য বিধি অনুসৰণ কৰি উপায়ুক্ত কাৰ্যালয়ৰ চৌহদৰ পৰা শংকৰদেৱ নগৰ কৃষ্টি বিকাশ কেন্দ্ৰৰ সমীপলৈ জিলা সমাজ কল্যাণ বিভাগৰ বিভিন্ন বিষয়া,  চুপাৰভাইজৰ, অংগনৱাদী কৰ্মী আৰু সহায়িকাৰ অংশগ্ৰহণেৰে এক সজাগতামূলক সমদল উলিওৱা হয় ৷ সমদলৰ ফ্লেগ অফ কৰি উপায়ুক্ত অনুপম চৌধুৰীয়ে উল্লেখ কৰে যে, এই পোষণ মাহ পালনৰ জৰিয়তে সমগ্ৰ ভাৰতবৰ্ষৰ পৰা পুষ্টিহীনতা দূৰীকৰণক মূল লক্ষ্য হিচাপে লৈ বিভিন্ন সুদূৰপ্ৰসাৰী আৰু ফলপ্ৰসূ কাৰ্যসূচীৰ মাধ্যমত ইয়াৰ প্ৰতিকাৰৰ বাবে এক উমৈহতীয়া প্ৰচেষ্টা ৷ এই পোষণ মাহ পালনৰ লগত সংগতি ৰাখি হোজাই জিলাতো পুষ্টিহীনতাত ভুগি থকা শিশুসকলক চিনাক্ত কৰি পুনৰীক্ষণৰ অন্তত পুষ্টিকৰ খাদ্য যোগান দিয়াৰ লগতে অন্যান্য পৰিপুষ্টিমূলক কাৰ্যসূচী হাতত লোৱা হৈছে ৷

ওৰাঙত জন্মদিনৰ প্ৰসাদ খাই অসুস্থ ৩৪ জন লোক।অচেতন অৱস্থাত চাৰিজন

ওদালগুৰি জিলাৰ ওৰাং আৰক্ষী থানা এলেকাৰ ওৰাং খন্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত গেলাবিলত  জন্মদিনৰ প্ৰসাদ খাই  ৩৪ জনকৈ লোক অসুস্থ হৈ পৰাত অঞ্চলটোত এক আতংকময় পৰিবেশৰ  সৃষ্টি হৈছে । জানিব পৰা মতে ২৯আগষ্টত  সন্ধিয়া পশ্চিম গেলাবিল গাওঁৰ বিচিত্ৰ তালুকদাৰ নামৰ লোক জনৰ  পুতেকৰ জন্মদিন আছিল ।সেই  উপলক্ষে তালুকদাৰে ওচৰ চুবুৰীয়া সকলক নিমন্ত্ৰণ জনাই  চাহ আৰু মা প্ৰসাদ খোৱাই জন্মদিন পালন কৰিছিল । কিন্তু জন্মদিনত মা প্ৰসাদ খোৱা সকলো লোকৰে নিশা পেটৰ বিষ,  বমি আৰু পাইখানা হবলৈ আৰাম্ভ কৰে।  লগে লগে  পিছদিনা পুৱাই  প্ৰসাদ খাই অসুস্থ হোৱা লোক সকলক ওৰাং খন্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ভৰ্তি কৰোৱা হয় । যদিও মঙলবাৰে আন  কেইবাগৰাকী লোক পুনৰ গুৰুত্বৰ ভাবে অসুস্থ হৈ  ওৰাং খন্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে গুৰুত্বৰ ভাবে অচেতন হৈ পৰা কৃষ্ণ উপ্যাধায় ,(৩৮ ) গংগা দেবী (৬৫)  পুনম দেবী (৩০)  আনন্তি উপাধ্যায় (৮) ক যোৱা কালিয়েই  চিকিৎসকে  ওৰাঙৰ স্বাস্থ্য কেন্দ্ৰৰ পৰা  তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰন কৰা বুলি জানিব পৰা গৈছে ।আনহাতে পুতেকৰ জন্মদিন আয়োজন কৰা বিচিত্ৰ তালুকদাৰৰ  পৰিয়ালটো মা প্ৰসাদত খাই গুৰুত্বৰ ভাবে অসুস্থ হৈ বৰ্তমান চিকিৎসাধীন হৈ আছে ।

সোণাৰিত কৃষকলৈ ৰেহাই মূল্যত স্প্ৰেয়াৰ মেচিন বিতৰণ

কৃষকৰ আয় দুগুণ কৰিবলৈ চৰকাৰে লক্ষ্য নিৰ্ধাৰণ কৰিছে। চৰকাৰৰ আঁচনি সমূহৰ দ্বাৰা যাতে কৃষক সকল উপকৃত হয় সেয়াও লক্ষ্য ৰাখিছে চৰকাৰে। এই মন্তব্য যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈৰ। সোণাৰিত কৃষকলৈ ৰেহাই মূল্যত স্প্ৰেয়াৰ মেছিন বিতৰণ কৰি এনেদৰে মন্তব্য প্ৰদান কৰে সাংসদ তপন কুমাৰ গগৈয়ে। চৰাইদেউ জিলা কৃষি বিভাগৰ উদ্যোগত সোণাৰিত আজি কৃষকৰ মাজত এক বিতৰণ কাৰ্যসূচী অনুষ্ঠিত হয়। ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আঁচনিৰ অধীনত অনুষ্ঠিত এই অনুষ্ঠানত চৰাইদেউ জিলাৰ ৪৫০ গৰাকী কৃষকলৈ ৰেহাই মূল্যত স্প্ৰেয়াৰ মেছিন বিতৰণ কৰা হয়। চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত জাভেদ আৰমান, জিলা কৃষি বিষয়া অৰুণ চাংকাকতীৰ উপস্থিতিত স্প্ৰেয়াৰ মেছিন সমূহ বিতৰণ কৰে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে।

বৰছলা আৰক্ষী চকীৰ আৰক্ষীৰ বৃহৎ সাফল্য

মৰিগাঁও জিলাৰ লাহৰীঘাটত অব্যাহত আছে ড্ৰাগছৰ সৰবৰাহ। বৰচলা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে দুটা সৰবৰাহকাৰীক। ড্ৰাগচ বিক্ৰী কৰিবলৈ আহি আৰক্ষীৰ জালত পৰে সৰবৰাহকাৰী দুটা। ধৃত সৰবৰাহকাৰী দুটা মিকিৰভেটা থানাৰ এলেকাধীন আবু ছাহিদ(৩৪)আৰু আজিবুৰ ৰহমান। ধৃত ড্ৰাগচ সৰবৰাহকাৰী দুটাৰ পৰা আৰক্ষীয়ে জব্দ কৰে ২৪ গ্ৰাম ড্ৰাগছ, এটা চাৰি চকীয়া বাহন আৰু ভি’ভ মবাইল। উল্লেখ্য যে  বৰছলা আৰক্ষী চকীৰ আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি  ড্ৰাগচ সৰবৰাহ কাৰীয়ে ড্ৰাগচ বিক্রি কৰি থকা অৱস্থাত দুয়োকে হাতে লোটে কৰায়ত্ব কৰে। পিছত  অধিক তথ্যৰ বাবে ধৃত সৰবৰাহকাৰী দুটাক জেৰা কৰিবৰ বাবে  লাহৰীঘাট থানাত লৈ আনে। আৰক্ষীয়ে জব্দ কৰিছে  ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰা AS 02F 7538 নম্বৰৰ এখন  চাৰি চকীয়া বাহন, ২৪ গ্ৰাম ড্ৰাগছ আৰু এটা ভিভ’ মবাইল। দুয়োকে আজি লাহৰীঘাট থানাৰ আৰক্ষীয়ে 573/21, U/S 21B/29/ NDP’S ধাৰাৰ অধীনত গোচৰ ৰুজু কৰি জেল হাজতোলৈ প্ৰেৰণ কৰে।

পশ্চিম নলবাৰীৰ বৰ্ষীয়ান শিক্ষাবিদ ৰজনী ভূঞাৰ ৮১সংখ্যক ৰাজহুৱা জন্মদিন উদযাপন

পশ্চিম নলবাৰী অঞ্চলৰ চামতাৰ  ঐতিহ্যমণ্ডিত চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক, সমাজকৰ্মী ৰজনী ভূঞাৰ কালি  ৰাজহুৱাভাৱে ৮১ সংখ্যক ওপজা দিন উদযাপন কৰা হয় ৷ চামতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ গণিত বিষয়ৰ বিদগ্ধ পণ্ডিত ৰজনী ভূঞাই ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনত ১৯৬৪ চনত যোগদান কৰি ২০০০ চনৰ ৩১ আগষ্টত অৱসৰ গ্ৰহণ কৰে ৷ কটন কলেজৰ স্নাতক শিক্ষাব্ৰতী ভূঞাই  ইয়াৰ পূৰ্বে ককয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়তো ৪ মাহ শিক্ষকতা কৰিছিল ৷ বিশিষ্ট শিক্ষাব্ৰতী ভূঞাই অভিযন্তাৰ পাঠ্যক্ৰমতো নামভৰ্তি কৰিছিল যদিও পিছত তেওঁ গণিত বিষয়ৰ শিক্ষক হোৱাৰ উদ্দেশ্যে তাৰ পৰা আতৰি আহিছিল ৷ আজি চামতাৰ  ৰূপীয়াবাথান গাঁৱৰ কায়স্থ চুবুৰীৰ ভূঞাৰ বাসগৃহৰ সমীপৰ গোপাল মন্দিৰ প্ৰাঙ্গণত স্থানীয় ৰাইজে তেওঁৰ ৮১ সংখ্যক ওপজা দিন ৰাজহুৱাকৈ উদযাপন কৰি তাৰ এটি উপ-পথ শিক্ষাব্ৰতী, সমাজকৰ্মীৰ নামত উৎসৰ্গিত কৰি পথটো ৰজনী ভূঞা পথ নামেৰে নামাকৰণ কৰে ৷ এই উপলক্ষে  চামতাৰ বিষ্ণুজ্যোতি একাডেমীৰ সমন্বয়ক অনন্ত বৰ্মনৰ পৌৰহিত্যত আৰু সুভাষ কাকতীয়ে আঁত ধৰা সভাত   কামৰূপ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ, সমাজকৰ্মী ৰাজেন বৰুৱা, পকোৱা হাইস্কুলৰ অবসৰপ্ৰাপ্ত শিক্ষক বীৰেশ মল্ল বৰুৱা, কুমুদ মল্ল বৰুৱা, ২৫ নং ৰূপীয়াবাথান গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰানু বৰ্মন, পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া বেদান্ত বৰুৱা, প্ৰাক্তন ছাত্ৰ ৰাজেন বৈশ্যই শিক্ষাব্ৰতী, সমাজকৰ্মী ভূঞাৰ জীৱন-কৃতিৰ ওপৰত ভাষণ প্ৰদান কৰে ৷ অনুষ্ঠানত ৰজনী ভূঞা পথৰ নাম ফলক উন্মোচন কৰে শিক্ষাব্ৰতী, সমাজকৰ্মী ৰাজেন বৰুৱাই ৷ ৰজনী ভূঞা পথৰ ফিটা কাটি উন্মোচন কৰে স্থানীয় পঞ্চায়ত সভানেত্ৰী ৰানু বৰ্মনে ৷ অনুস্থানত পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিনিধি, নলবাৰী জিলা ছাত্ৰ সন্থাৰ বিষয়ববীয়া চন্দন বেজবৰুৱা, গাঁও প্ৰধান অতুল ভূঞা, চামতা বিবেকানন্দ বিদ্যা নিকেতনৰ শিক্ষকবৃন্দ, বিশিষ্ট শিল্পী উমেশ দত্ত, পশ্চিম নলবাৰী প্ৰেছ ক্লাৱৰ প্ৰতিনিধিকে ধৰি বহুসংখ্যাক গণ্যমান্য ব্যক্তি উপস্থিত থাকে ৷ সন্ধিয়া ভূঞা বাসগৃহত সংগীতৰ অনুষ্ঠানো অনুষ্ঠিত কৰে ৷

বাঘবৰৰ আলোপতিচৰত বাঢ়নি পানীৰ সোঁতে ভাঙিলে পকী কালভাৰ্ট, ব্যাহত হৈ পৰিছে যাতায়ত

ৰাজ্যজুৰি অব্যাহত আছে ভদীয়া বানৰ তাণ্ডৱ, দক্ষিণ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ অন্তৰ্গত চৰাঞ্চলত ভদীয়া বানে চলাইছে তাণ্ডৱ, বাঘমাৰা-আলোপতিচৰ সংযোগী সদ্যব্যস্ত ৰাজপথৰ পকী কালভাৰ্ট বাঢ়নি পানীৰ সোঁতে উটুৱাই নিয়াত ব্যাহত হৈ পৰিছে যাতায়ত আৰু ৰাইজৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। সদ্যব্যস্ত ৰাজপথৰ পকী কালভাৰ্ট বাঢ়নি পানীৰ সোঁতে উটুৱাই নিয়াৰ ফলত ক্ৰমে আলোপতি, মাজৰচৰ, বাঘমাৰা আৰু চেঙা সমষ্টিৰ খোলাবান্ধা গাওঁ পঞ্চায়তৰ কেবা সহস্ৰাধিক বান বিধ্বস্ত লোকলৈ নামিপৰিছে যাতায়তৰ আহুকাল। যি স্থানত দলংৰ প্ৰয়োজন তাত কালভাৰ্ট স্থাপন কৰি ঠিকাদাৰে দ্বায় সৰা বিধৰ কাম কৰাৰ বাবেই এনে হোৱাৰ অনুমান কৰিছে ৰাইজে। স্থানীয় বিধায়ক শ্বেৰমান আলীয়ে বানপীড়িত ৰাইজৰ খৱৰ নোলোৱাৰো অভিযোগ উত্থাপন কৰিছে একাংশ ৰাইজে।পকী কালভাৰ্ট ভাঙি যাতায়ত ব্যাহত হৈ পৰাত নিতৌ খেতিৰ পাচলি বজাৰলৈ নি পেটেভাতে চলা চৰাঞ্চলৰ প্ৰায় সমুহ পৰিয়াল লোকৰ মাজত হাহাকাৰৰ সৃষ্টি হৈছে। শীঘ্ৰে ভগ্ন কালভাৰ্ট খন মেৰামতি কৰি যাতায়ত সুচল কৰাৰ দাবী জনাইছে বানাক্ৰান্ত ৰাইজে।