সদৌ নলবাৰী জিলা ছাত্র সন্থাৰ আহ্বানত আৰু পশ্চিম বনভাগ আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত ৰন্ধন গেছ আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ প্ৰতিবাদত আজি নীলপুৰৰ চকত বিক্ষোভ কাৰ্যসূচী ৰূপায়ন কৰা হয়।অসম চৰকাৰ হায় হায়, খাদ্য সামগ্ৰী নিয়ন্ত্ৰণ কৰিব নোৱাৰা অসম চৰকাৰ হায় হায়, ইন্ধন জাতীয় সামগ্ৰী নিয়ন্ত্ৰণ কৰক আদি শ্লোগান আকাশ বতাহ কপায় তোলে প্ৰতিবাদ কাৰি সকলে। উক্ত কাৰ্যসূচীত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক ৰঞ্জিত শৰ্মা উপস্থিত থাকে, পশ্চিম বনভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি অমৰজ্যোতি দাসৰ লগতে আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয় ববীয়া সকল উপস্থিত থাকে
আজাদ হিন্দ ফৌজৰ স্বহীদ মেজৰ দুৰ্গা মল্লৰ ৭৭তম্ বলিদান দিৱস
সুভাষ চন্দ্ৰ বসুৰ নেতৃত্বত গঠন হোৱা আজাদ হিন্দ ফৌজৰ অন্যতম প্ৰথম গোৰ্খা সেনা শ্বহীদ মেজৰ দুৰ্গা মল্লৰ ৭৭ তম্ বলিদান দিৱস খাউৰাঙ আৰু ওদালগুৰিত দিনযোৰা কাৰ্য্যসূচীৰে সম্পন্ন হয়। সদৌ অসম গোৰ্খা ছাত্র সন্থা খাউৰাঙ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু খাউৰাঙবাসী ৰাইজৰ সহযোগত খাউৰাঙত অৱস্থিত গোৰ্খা নাট্য ৰঙ্গভঞ্চ প্ৰাঙ্গণত থকা শ্বহীদ মেজৰ দূৰ্গা মল্লৰ বিশাল প্ৰতিমুৰ্তিত দ্বীপ প্ৰজ্বলন কৰে বিশিষ্ট সমাজসেৱক লীলা গুৰুঙে আৰু শ্বহীদ মেজৰ দুৰ্গা মল্লৰ প্ৰতিমুৰ্তিত মাল্যাৰ্পণ কৰে ওদালগুৰি আৰক্ষী অধিক্ষক বিদ্যুত দাস বড়োয়ে। মাল্যাৰ্পণ কৰি বিদ্যুত দাস বড়োয়ে ভাৰত স্বাধীনৰ কাৰণে আত্মবলিদান দিয়া এনে মহান যোদ্ধাৰ প্ৰতি সন্মান জনাব পাই নথৈ আনন্দিত হৈছোঁ আৰু তেওঁক সশ্ৰদ্ধ নমন কৰিছোঁ বুলি উল্লেখ কৰি গোৰ্খা ছাত্র সন্থাই এনে মহান কাৰ্য্য কৰি দেশ স্বাধীন কৰা যোদ্ধাসকলৰ বলিদান দিৱস উদ্জাপন কৰাৰ বাবে আঞ্চলিক সমিতিকো ধন্যবাদ যাছিলো বুলি বক্তব্য আগবঢ়ায়।

ইপিনে অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা সমিতিৰ উদ্যোগতো জিলা সমিতিৰ মুখ্য কাৰ্য্যলয়ত থকা সভাকক্ষত ভাৰতীয় স্বাধীনতা সেনা শ্বহীদ মেজৰ দুৰ্গা মল্লৰ ৭৭তম্ বলিদান দিৱসট ২৫ আগষ্টত দিনযোৰা বিভিন্ন কাৰ্য্যসূচীৰে সম্পন্ন হয়। অসম গোৰ্খা সন্মিলন ওদালগুৰি জিলা সমিতিৰ কাৰ্য্যকৰি সভাপতি ভূৱন ধমালাই স্বহীদ মেজৰ দুৰ্গা মল্লৰ প্ৰতিকৃতিত দ্বীপ প্ৰজ্বলন কৰাৰ পিছত জিলা সমিতিৰ সভাপতি পৱন লুইটেলে শ্বহীদৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰে। জিলা সমিতিৰ সাধাৰণ সম্পাদক পুৰ্ণকিৰাত ৰাইয়ে পুষ্পাঞ্জলী অৰ্পণ কৰাৰ লগতে শ্বহীদৰ আত্মবলিদান আৰু ভাৰতীয় গোৰ্খা সকলৰ দেশপ্ৰেমৰ কথা সদৰি উল্লেখ কৰে। অসম গোৰ্খা সন্মিলন, ওদালগুৰি জিলা মহিলা প্ৰকোষ্ঠ সমিতিৰ উপ সভানেত্ৰী গীতা নিৰৌলা, সাংস্কৃতিক সম্পাদিকা হিমা ছেত্ৰী, শিক্ষা সম্পাদিকা পুজা গৌতম, খাংখ্লাবাৰী শাখা সমিতিৰ সম্পাদক ভুৱন মৈনালী, খাউৰাঙ ৰনেন্দ্ৰপুৰ শাখা সমিতিৰ সম্পাদক টেক বাহাদুৰ প্ৰধান, জিলা সমিতিৰ সম্পাদক লক্ষ্মণ কাৰ্কিৰ লগতে অন্যান্য শাখা সমিতিৰ বিষয়ববীয়াও শ্বহীদ মেজৰ দুৰ্গা মল্লৰ ৭৭তম বলিদান দিৱসত উপস্থিত থাকি বক্তব্য আগবঢ়ায়। ইপিনে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা খাউৰাঙ আঞ্চলিক সমিতিয়ে আয়োজন কৰা শ্বহীদ মেজৰ দুৰ্গা মল্ল স্মৃতি ফুটবল প্ৰতিযোগিতাৰ চুড়ান্ত ফাইনেল খেলত গোল্মাগাও গোৰ্খা য়ুথ ক্লাবক দুই -এক গ’লত পৰাস্ত কৰি সন্ধ্যাবাৰী এফ চি চেম্পিয়ন হয়। খেল পৰিচালনা সমিতিয়ে বিজয়ী দলক নগদ বিশ হাজাৰ টকা আৰু ট্ৰফী প্ৰদান কৰাৰ লগতে বিজিত দলক নগদ পোন্ধৰ শ টকাৰ লগতে ট্ৰফী প্ৰদান কৰে।
চৰকাৰী অৰ্থ আত্মসাৎ কৰাৰ অভিযোগত অভিযুক্ত গৌৰীপুৰ উন্নয়ন খণ্ডৰ দুই অভিযন্তা
ধুবুৰী জিলাৰ গৌৰীপুৰ উন্নয়ন খণ্ডৰ দুই পলাতক অভিযন্তাক ধুবুৰী আৰক্ষীৰ দল পশ্চিমবংগৰ পৰা গ্ৰেপ্তাৰ কৰাৰ ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে। ধুবুৰী সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া পাৰ্থ প্ৰতীম গগৈৰ নেতৃত্বত আৰক্ষীৰ দল আজি পশ্চিম বংগৰ পৰা এক গোপন সূএত পম খেদি অভিযন্তা ছাদ্দাম হুসেইন আৰু আব্দুল্লা আল মাছুদ মোল্লাক ধুবুৰী সদৰ থানাত পঞ্জীয়ন হৈ থকা গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ কৰি ধুবুৰী সদৰ থানাত লৈ আহে।
এই সম্পর্কে ধুবুৰী সদৰ থানাৰ দায়িত্বত থকা বিষয়াই জনায়, যোৱা ৮ জুলাই তাৰিখত ধুবুৰী জিলা পৰিষদৰ পূৰ্বৰ কাৰ্য্য বাহী বিষয়া অনিমেষ তালুকদাৰ তথা তদন্ত কাৰী বিষয়া মেনৰেগা আচনীৰ বৃহৎ অৰ্থ দুই অভিযন্তা আত্মসাৎৰ তদন্তত ধৰা পৰাত ধুবুৰী সদৰ থানাত দুই অভিযন্তা আৰু এজন কৰ্মচাৰী সহ তিনি জনৰ নামত ধুবুৰী সদৰ থানাত এজাহাৰ দাখিল কৰে। আৰক্ষীয়ে এই সম্পর্কে ভাৰতীয় আইপিচি ধাৰাত ১০৯৭/২১ নম্বৰত গোচৰ ৰুজু কৰে।
বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া নৱজিৎ দাস পাঠকৰ সোঁৱৰণত শ্ৰদ্ধাৰ্ঘ গ্ৰন্থ উন্মোচন
একশৰণ হৰিনাম ধৰ্ম আৰু সত্ৰীয়া কৃষ্টি- সংস্কৃতিৰ একনিষ্ঠ সাধক- সেৱক, প্ৰচাৰ- প্ৰসাৰক, বৰপেটা সত্ৰৰ ডেকাসত্ৰীয়া নৱজিৎ দাস পাঠকৰ সোঁৱৰণত প্ৰস্তুত কৰি উলিওৱা শ্ৰদ্ধাৰ্ঘ গ্ৰন্থখন যোৱা ২৪ আগষ্টৰ সন্ধিয়া উন্মোচন কৰা হয় ৷ ডেকাসত্ৰীয়া গৰাকীৰ জীৱন আৰু কৃতিৰ আধাৰত মহানন্দ পাঠক আৰু জয়ৰাজ দাসে সম্পাদনা কৰি উলিওৱা “সত্ৰ- সংস্কৃতিৰ সেৱক নৱজিৎ দাস পাঠক” শীৰ্ষক শ্ৰদ্ধাৰ্ঘ গ্ৰন্থখন উন্মোচন কৰে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ট দেৱ শৰ্মাই ৷ শ্ৰদ্ধাৰ্ঘ গ্ৰন্থখন উন্মোচন কৰি দিয়া ভাষণত বুঢ়াসত্ৰীয়া শৰ্মাই ডেকাসত্ৰীয়া নৱজিৎ দাস পাঠকৰ সতে হোৱা সান্নিধ্যৰ কথা সোঁৱৰণ কৰাৰ লগতে নৱজিৎ দাসৰ অকাল বিয়োগে মহাপুৰুষীয়া ধৰ্ম আৰু সত্ৰীয়া কৃষ্টি- সংস্কৃতি প্ৰচাৰ – প্ৰসাৰত যথেষ্ট ক্ষতি হোৱা বুলি উল্লেখ কৰে ৷ ভাষণ প্ৰসংগত বুঢ়াসত্ৰীয়া শৰ্মাই কয়, ডেকাসত্ৰীয়া নৱজিৎ দাসৰ স্মৃতি যুগমীয়া কৰাৰ বাবে বৰপেটা সত্ৰৰ ৰীতি- নীতি পৰম্পৰাৰ আধাৰত চলি থকা একোখনকৈ শাখা সত্ৰক বৰপেটা সত্ৰৰ তৰফৰ পৰা প্ৰতি বছৰে বঁটা প্ৰদান কৰাৰ কথা ঘোষণা কৰে ৷ ডেকাসত্ৰীয়া নৱজিৎ দাসৰ বৈকুণ্ঠগমণৰ এবছৰ পূৰ্ণ হোৱা উপলক্ষ্যে তেখেতৰ বাসগৃহৰ সমীপৰ শংকৰী সংস্কৃতি সেৱা সংঘ মাজৰহাটীৰ বাকৰিত অনুষ্ঠিত হোৱা শ্ৰদ্ধাৰ্ঘ গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে বৰপেটা সত্ৰৰ বৰ্তমানৰ ডেকাসত্ৰীয়া গৌতম পাঠক, সুন্দৰীদিয়া সত্ৰৰ সত্ৰাধিকাৰ জগন্নাথ দেৱ অধিকাৰী আৰু বৰপেটাৰ প্ৰাক্তন বিধায়ক গুণীন্দ্ৰ নাথ দাসে ৷ সভাত বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক কবীন্দ্ৰ নাথ দাস , প্ৰাক্তন শিক্ষক অজিত কুমাৰ দেৱান আৰু সত্ৰীয়া শিল্পী দীনেশ চন্দ্ৰ দাসেও বক্তব্য প্ৰদান কৰি ডেকাসত্ৰীয়া দাসৰ জীৱন কৃতিক সোঁৱৰণ কৰে ৷ সভাৰ পূৰ্বে ডেকাসত্ৰীয়া নৱজিৎ দাস পাঠকৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কৰে তেখেতৰ সহধৰ্মিনী অমিয়া দাসে ৷ সভা উদ্বোধনী বৰগীত পৰিবেশন কৰে বিশিষ্ট সত্ৰীয়া শিল্পী গুণীন্দ্ৰ নাথ ওজাই ৷
ডুমডুমাত ‘চেম্বাৰ্চ অৱ কমাৰ্চ’ গঠন
ডুমডুমা মাৰোৱাৰী পঞ্চায়তী ভৱন(ধৰমশালা)ত বিশিষ্ট ব্যাৱসায়ী কিষনলাল পাৰিকৰ পৌৰোহিত্যত, ডুমডুমাৰ বিধায়ক ৰূপেশ গোৱালা আৰু ডুমডুমা আৰক্ষী থানাৰ প্ৰভাৰী অসীম বৰাৰ উপস্থিতিত কালি সন্ধিয়া অনুষ্ঠিত হোৱা ডুমডুমাৰ ব্যাৱসায়ীসকলৰ এখন সভাত ‘ডুমডুমা চেম্বাৰ্চ অৱ কমাৰ্চ’-ৰ সমিতিখন পুনৰগঠন কৰা হয় । সভাই সৰ্বসন্মতভাৱে কিষনলাল পাৰিকক সভাপতি নিৰ্বাচন কৰে । তাৰ পিছত নিৰ্বাচন যোগে ধীৰাজ গোৱালা আৰু দিলীপ প্ৰসাদক উপসভাপতি, প্ৰিঞ্চ জয়ছোৱালক সম্পাদক, দীপক চৌধুৰী আৰু সতেন্দ্ৰ চাহক সহকাৰী সম্পাদক আৰু অনুপ গুপ্তাক কোষাধ্যক্ষ হিচাবে লৈ সমিতিখন গঠন কৰি দিয়ে । সমিতিখনৰ সদস্য হিচাপে কাঞ্চন ভাৱাল, পিট্টৰচান্দ মিট্টল, অশোক চৌধুৰী, মহেশ আগৰৱালা, ৰোচন মোদী, শ্যামসুন্দৰ পূৰ্ৱা, সঞ্জয় আগৰৱালা, বিকাশ আগৰৱালা আৰু অশোক কেজদিৱাক অন্তৰ্ভুক্ত কৰা হয় । উপদেষ্টা হিচাপে থাকে জয়নাৰায়ণ বঞ্চাল, মহাবীৰ প্ৰসাদ মোদী, দেৱেন্দ্ৰ পাৰিক, জয় ভগৱান আগৰৱালা আৰু ৰাজকুমাৰ গাৰোদিয়া । সভাখনত বিধায়ক ৰূপেশ গোৱালাই ভাষণ প্ৰসঙ্গত কয় যে তেওঁ আজি গঠন হোৱা ব্যাৱসায়ীসকলৰ সংগঠনটোক পূৰ্ণ সহযোগিতা আগবঢ়াব । ডুমডুমা সমষ্টিৰ বিভিন্ন উন্নয়নমূলক কাম কৰোঁতে তেওঁ ৰাইজৰ সহায়- সহযোগিতা কামনা কৰে । ডুমডুমা চেম্বাৰ্চ অৱ কমাৰ্চ-এ কৰোনা সংক্ৰমণৰ সময়ত দুখীয়া বহুসংখ্যক ৰাইজলৈ খাদ্যৰ পেকেট যোগান ধৰি সহায় কৰা বাবে ভাষণ প্ৰসঙ্গত তেওঁ সংগঠনটোক ভূয়সী প্ৰশংসা কৰি বক্তব্য আগবঢ়ায় । থানাৰ প্ৰভাৰী অসীম বৰাই দিয়া ভাষণ প্ৰসঙ্গত আইনীভাৱে কৰা ব্যাৱসায়ীমহলৰ লগত সদায় থকাৰ কথা দোহাৰে । চহৰখনত যান-যঁট কমোৱাৰ বাবে তেওঁ গ্ৰহণ কৰা বিশেষ ব্যৱস্থাই ব্যাৱসায়ীমহলক সহায় কৰিব বুলিও মন্তব্য দিয়ে ।মুনীন্দ্ৰ মহন্ত,ডুমডুমা ।
ডিমৌত ড্ৰাগছসহ আটক মহিলা
সমাজৰ ক্ষতিকাৰক ব্যৱসায় ড্ৰাগছ সৰবৰাহ আৰু বিক্ৰিৰ লগত জড়িত এগৰাকী মহিলা । ডিমৌ আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছৰ টেমাসহ দিহাজানৰ পৰা আটক কৰে । ডিমৌ আৰক্ষী থানাৰ পৰিৰ্দশক তথা ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ কুমাৰ শইকীয়া,দ্বিতীয় আৰক্ষী বিষয়া প্ৰফুল্ল শইকীয়া,উপ পৰিৰ্দশক প্ৰবীণ বে,দিলীপ বড়াৰ নেতৃত্বত যোৱা বৃহৎ আৰক্ষীৰ দলে ডিমৌ দিহাজানৰ জেকিয়া বেগমৰ বাসগৃহত অভিযান চলায় আৰু ১২৫,৮৫ গ্ৰাম ড্ৰাগছ আৰু ড্ৰাগছ ভৰোৱা বহু সংখ্যক টেমা জব্দ কৰে ।ডিমৌ আৰক্ষীয়ে ড্ৰাগছ বেহাৰ লগত জড়িত জেকিয়া বেগম আটক কৰি ডিমৌ থানালৈ আনি সোধা-পোছা অব্যাহত ৰাখিছে ।ডিমৌত ড্ৰাগছৰ বেহা ব্যাপক হাৰত বৃদ্ধি পোৱাত ডিমৌ আৰক্ষী দল ড্ৰাগছৰ বেহা উৎখাত কৰিবলৈ তৎপৰতা প্ৰদৰ্শন কৰাত ডিমৌবাসী ৰাইজে সন্তোষ্টি প্ৰকাশ কৰিছে ।

নগৰবেৰাৰ বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা দিৱস ও সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ আৰম্ভণি অনুষ্ঠান

কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত বৃহত্তৰ নগৰবেৰাৰ অগ্ৰণী উচ্চ শিক্ষানুষ্ঠান বিমলা প্ৰসাদ চলিহা মহাবিদ্যালয়ৰ ৫০ সংখ্যক প্ৰতিষ্ঠা দিৱস ও সোণালী জয়ন্তী বৰ্ষ উদযাপনৰ আৰম্ভণি অনুষ্ঠান আজি দিনজোৰা কাৰ্যসূচীৰে মহাবিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয়। এই উপলক্ষে ৰাতিপুৱা ৯-৩০ বজাত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ বিভূতি ভূষণ পাণ্ডাই পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ শুভাৰম্ভ কৰে। পুৱা দহ বজাত অৱসৰপ্ৰাপ্ত অধ্যাপক শ্যামাচৰণ ঠাকুৰীয়াই ছহীদ তৰ্পন কৰাৰ পিছত অধ্যাপক আতোৱাৰ ৰহমানৰ পৰিচালনাত বৃক্ষৰোপন কৰে ক্ৰমে মহাবিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি লক্ষীকান্ত শৰ্মা, অৱসৰপ্ৰাপ্ত অধ্যক্ষ মদন পাঠক, অৱসৰপ্ৰাপ্ত গ্ৰন্থাগাৰিক ধীৰেণ চন্দ্ৰ তালুকদাৰ, অৱসৰপ্ৰাপ্ত শিক্ষক আনন্দ দাস, শিক্ষক গোটৰ সভাপতি নুৰ আলম, কৰ্মচাৰী গোটৰ সভাপতি সত্যজিৎ কলিতাই প্ৰমুখ্য বিশিষ্ট ব্যক্তিসকলে।ৰাতিপুৱা এঘাৰ বজাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান উদ্বোধন কৰে নগৰবেৰা মৌজা কমিটিৰ সভাপতি উদয় শংকৰ মেধিয়ে।

আয়োজক সমিতিৰ আহ্বায়ক শ্বাহ জামাল মোল্লা আৰু অধ্যাপিকা ভূমিজা বৰ্মনে আঁতধৰা অনুষ্ঠানটিত স্থানীয় বিধায়িকা নন্দিতা দাসৰ লগতে নগৰবেৰা মৌজা কমিটিৰ প্ৰতিনিধি সকল, মহাবিদ্যালয়ৰপৰিচালনা সমিতিৰ সভাপতি, সদস্য সকল, শিক্ষক-শিক্ষয়িত্ৰী, কৰ্মচাৰী, প্ৰাক্তন শিক্ষক- ছাত্ৰ লগতে বহু সংখ্যক লোক উপস্থিত থাকি মহাবিদ্যালয়খনৰ প্ৰতিষ্ঠাতা সকলক শ্ৰদ্ধাৰে সোঁৱৰণ কৰাৰ লগতে প্ৰয়াত মহান ব্যক্তি সকলৰ আত্মাৰ চিৰ শান্তি কামনা কৰে। ইয়াৰ পিছত মহাবিদ্যালয়খনৰ অধ্যক্ষ ড০ বিভূতি ভূষণ পাণ্ডা আৰু অৱসৰপ্ৰাপ্ত শিক্ষক দীনবন্ধু ঠাকুৰীয়াই আনুষ্ঠনিকভাৱে নাৰিকল ভাঙি সোণালী জয়ন্তী বৰ্ষ সমাৰোহ উদযাপনৰ আৰম্ভণি অনুষ্ঠান মুকলি কৰে। ইফালে প্ৰতিষ্ঠা দিৱস উপলক্ষে সন্ধিয়া পাঁচ বজাত Google meet ৰ জড়িয়তে আয়োজিত কৰা এক সভাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপাচাৰ্য ড০ মৃদুল হাজৰিকাই “ৰাষ্ট্ৰীয় শিক্ষা নীতি -২০২০ঃ অসমৰ উচ্চ শিক্ষাৰ প্ৰক্ষাপটত ইয়াৰ সুযোগ আৰু প্ৰত্যাহ্বান “শীৰ্ষ বিষয়ৰ ওপৰত বক্তৃতা প্ৰদান কৰিব বুলি উদ্যোক্তা সকলে জনাইছে।

আজিও গা-লৰা নাই লোক – নিৰ্মাণ বিভাগৰ
ৰাজ্যৰ বিভিন্ন স্হানত এতিয়াও একাংশ পথে জনসাধাৰণক বাৰুকৈয়ে জলা-কলা খুৱাই থকাৰ সময়তে গোৱালপাৰা জিলাৰ পূব প্ৰান্তৰ ধূপধৰা অঞ্চলৰ লোক-নিৰ্মাণ বিভাগৰ এটা পকী পথৰ কালভাৰ্টৰ বাবে যি কোনো মুহূৰ্ততে যাতায়াত ব্যাহত হৈ পৰাৰ উপক্ৰম হৈ পৰিছে । উল্লেখ যোগ্য যে তথাপিও যেন এতিয়াও গা-লৰা নাই চৰকাৰৰ বিয়াগোম বিভাগটোৰ আজিও প্ৰায় এবছৰতকৈ অধিক সময় । প্ৰাপ্ত তথ্য মতে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে খেকাপাৰা-আমবাৰী-পদুপাৰা সংযোগী লোক-নিৰ্মাণ বিভাগৰ পথটোৰ খেকাপাৰাত অৱস্হিত কালভাৰ্টটো প্ৰথমটো লকডাউনৰ আগে-আগে ৰে’ল পথত কাম চলি থকাৰ বাবে উক্ত পথৰে ৰে’ল বিভাগৰ গধুৰ মাটি কঢ়িওৱা বাহন চলাৰ ফলত প্ৰথমতে কালভাৰ্টটো বহি যায় আৰু এতিয়াও অঞ্চলটোৰ যান-বাহন সমূহ পথটোৰ ভগ্নপ্ৰায় কালভাৰ্টটোৰে দুৰ্ঘটনাৰ শংকা লৈ চলা-চলা অব্যাহত ৰাখিছে । অঞ্চলটোৰ কেইবাখনো গঞা ৰাইজ যিকোনো সময়তে বহি:জগতৰ লগত সম্পৰ্ক নোহোৱাৰ প্ৰতি লক্ষ্য ৰাখি বিভাগে কালভাৰ্টৰ কাষেৰে উপ-পথৰ ব্যৱস্হা কৰিছিল যদিও সম্প্ৰতি বন্ধ হৈ আছে লগতে যিকোনো মুহূৰ্ততে এই ভগ্ন কালভাৰ্টৰে সঘনে যাতায়াত অব্যাহত থকাত যিকোনো মুহূৰ্তত কালভাৰ্টটো ভাঙি পৰাৰ শংকা কৰা হৈছে । ইপিনে উক্ত সংযোগী পথটোত কেইবাটাও পুৰণি কালভাৰ্ট বিভাগে মেৰামতি কৰিছে যদিও উক্ত ভগ্নপ্ৰায় কালভাৰ্টটোহে মেৰামতি কৰা হোৱা নাই । সেয়েহে বৃহত্তৰ অঞ্চলবাসী ৰাইজে অতি শীঘ্ৰে এই পথটোত থকা কালভাৰ্টটো মেৰামতি কৰি যাতায়াত সুচল কৰি দিয়াৰ বাবে বিভাগক আহ্বান জনাইছে ।
লাহৰীঘাটৰ হুগলতলী গাঁৱত ১১ বছৰীয়া কিশোৰৰ চীপ লৈ আত্মহত্যা
মৰিগাঁও জিলাৰ লাহৰীঘাট থানাৰ অন্তৰ্গত হুগলতলী গাঁৱত এটি ১১ বছৰীয়া কিশোৰে চীপ জৰীলৈ আত্মহত্যা কৰা ঘটনাই সমগ্র অঞ্চলত তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে। । ঘটনা খবৰ পোৱাৰ লগে লগেই লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অদিত বড়োৱে সজাতী দল লৈ ঘটনা স্থলীত উপস্থিত হয়। ঘটনা স্থলীত আৰক্ষী অধীক্ষক মহোদয়াৰ লগতে লাহৰীঘাট ৰাজহ চক্র বিষয়াও উপস্থিত আছিল। আত্মহত্যা কৰা কিশোৰৰ মৃতদেহটি লাহৰীঘাট আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও জিলা অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে। আত্মহত্যাৰ কোনো কাৰণ জানিব পৰা নাই।

“বিজেপি চৰকাৰ গ’ বেক” ধ্বনিৰে ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল মুকালমুৱা
অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি আৰু ইন্ধনজাত সামগ্ৰীৰ অবাধ মূল্যবৃদ্ধিত খাতিখোৱা জনসাধাৰণক কোঙা কৰাৰ প্ৰতিবাদত চৰকাৰৰ বিৰুদ্ধে আজি মুকালমুৱাত ছাত্ৰ সন্থাই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰি উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে ৷ নলবাৰী জিলা ছাত্ৰ সন্থাৰ আহ্বান মৰ্মে বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিবাদত উত্তাল হৈ পৰে মুকালমুৱা ৷ মুকালমুৱাস্থিত ৰাজহুৱা সভাগৃহৰ সন্মুখত অনুষ্ঠিত কৰা ধৰ্মঘট কাৰ্যসূচীত অসম চৰকাৰ হায়-হায়, যোগানমন্ত্ৰী মুৰ্দাবাদ, ইন্ধনজাত সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা কেন্দ্ৰীয় চৰকাৰৰ হায়-হায়, বিজেপি চৰকাৰ গ’বেক ইত্যাদি ধ্বনিৰে উত্তাল প্ৰতিবাদ সাৱ্যস্ত কৰে ছাত্ৰ সন্থাই ৷ বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি ৰবেন পাটোৱাৰীয়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰ ভাষণত কয় যে কাল কোৰোনাৰ ভয়াবহ সময়ত নিত্য ব্যৱহাৰিত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে ৰাজ্যৰ যোগান বিভাগৰ অকৰ্মণ্যতাক উদঙাই দি খাতিখোৱা জনসাধাৰণক মাধমাৰ সোধাইছে ৷

বৰক্ষেত্ৰী আছুৰ ভাৰপ্ৰাপ্ত সভাপতি গৰাকীয়ে চৰকাৰক ৰাজ্যৰ খাতিখোৱা জনসাধাৰণৰ কথা গভীৰভাৱে চিন্তা কৰি মূল্যবৃদ্ধি শিঘ্ৰেই নিয়ন্ত্ৰনলৈ আনিবলৈ কয় অন্যথা আগলৈ বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই ৰাইজৰ সহযোগত গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিব বুলিও হুংকাৰ দিয়ে ৷ কাৰ্যসূচীত বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি মানসজ্যোতি তালুকদাৰ, সাধাৰণ সম্পাদক মনোৱাৰ হুছেইন, উপদেষ্টা ক্ৰমে সুৰজিৎ পাঠক, মজনুৰ আলী, নলবাৰী জিলা ছাত্ৰ সন্থাৰ কাৰ্যনিৰ্বাহক সদস্য ধ্ৰুৱজ্যোতি কলিতা, বৰক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক মানস বৰ্মন, বিত্ত সম্পাদক হীৰকজ্যোতি শৰ্মাসহ দুই কুৰি ছাত্ৰ কৰ্মীয়ে উপস্থিত থাকি প্ৰতিবাদ সাৱ্যস্ত কৰা দেখা যায় ৷












