Home Blog Page 2869

প্ৰেমজনিত সম্পৰ্কৰ ভয়ংকৰ পৰিণতি: দিন দুপৰতে ৰাজপথত চুৰিৰে আক্ৰমণ যুৱতীক

কামৰূপ জিলাৰ চাংসাৰি থানাৰ সমীপত এগৰাকী যুৱতীক চুৰিৰে আক্ৰমণ কৰি গুৰুতৰভাবে আহত কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে আজি দিনৰ ৪ বজা মানত সংঘটিত এই নৃশংস ঘটনাৰ বলি হোৱা যুৱতীগৰাকী দৰং জিলাৰ পাণবাৰীৰ। আক্ৰমণত আহত মনোৱাৰা বেগম নামৰ যুৱতীগৰাকীৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল দলগাঁওৰ ইমৰাণ হুছেইন নামৰ যুৱক এজনৰ।

কিন্ত জানুৱাৰীৰ পৰা দুয়োৰে মাজত বিচিন্ন হৈ আছিল যোগাযোগ। বিগত কিছুদিন ধৰি কচাই খানা এখনত কাম কৰি আছিল ইমৰাণ নামৰ যুৱকজনে। ইমৰানে কৌশলেৰে কচাই খানাৰ সন্মুখলৈ মাতি আনিছিল যুৱতী গৰাকীক আৰু কচাই খানাৰ মাংস কটা দোকানৰ পৰাই অনা চুৰিৰে আঘাট কৰে যুৱতী গৰাকীক। উপৰ্যপৰি চুৰিৰে কৰা আক্ৰমণত তেজেৰে লুতুৰী পুতুৰী হৈ পৰে যুৱতীগৰাকী।

সম্প্ৰতি জি এন আৰ চি হস্পিতালত সংকটজনক অৱস্থাত ভৰ্তি হৈ আছে মনোৱাৰা বেগম। আনহাতে ঘটনা সংঘটিত কৰাৰ পাছতেই কৌশলেৰে থানাত হাজিৰ হয় ইমৰাণ । আৰক্ষীয়ে ইতিমধ্যে যুৱকজনক গ্ৰেপ্তাৰ কৰিছে। চাংসাৰি ধোপাটাৰী অঞ্চলত প্ৰায় দিন দুপৰতে সংঘটিত এই নৃশংস ঘটনাই অঞ্চলটোত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

তালিবানৰ সৈতে কুতনৈতিক সম্পৰ্ক আৰম্ভ কৰিছে ৰঙা চীনে

এজন চীনা বিষয়াই সংবাদ মাধ্যমৰ যোগেদি জানিব দিয়া মতে ২৫ আগষ্টত উগ্ৰপন্থী দলটোৱে আফগানিস্তানৰ নিয়ন্ত্ৰণ লোৱাৰ পিছত চীনে কাবুলত তালিবানৰ সৈতে প্ৰথম কূটনৈতিক সম্পৰ্ক স্থাপন কৰিছে আৰু দুয়োপক্ষৰ এতিয়া “বাধাহীন আৰু কাৰ্যকৰী যোগাযোগ” আছে, ।
তালিবানে ১৫ আগষ্টত আফগানিস্তানত ক্ষমতা দখল কৰাৰ পিছত আৰু দুসপ্তাহৰ ব্যয়বহুল যুদ্ধৰ পিছত আমেৰিকা যুক্তৰাষ্ট্ৰই সৈন্য প্ৰত্যাহাৰ সম্পূৰ্ণ কৰিবলৈ সাজু হোৱাৰ দুসপ্তাহ আগতে তালিবানৰ ৰাজনৈতিক কাৰ্যালয়ৰ উপ-মুৰব্বী আব্দুল ছালাম হানাফি আৰু কাবুলত আফগানিস্তানত চীনা ৰাষ্ট্ৰদূত ৱাং য়ুৰ মাজত হোৱা আলোচনাৰ বিষয়ে সোধাত চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৱাং ৱেনবিনে এক সংবাদ মাধ্যমৰ ব্রিফিংত কয়, “চীন আৰু আফগান তালিবানৰ মাজত বাধাহীন কাৰ্যকৰী যোগাযোগ আৰু পৰামৰ্শ আছে।”
“কাবুল স্বাভাৱিকতে আমাৰ বাবে গুৰুত্বপূৰ্ণ বিষয়বোৰ আলোচনা কৰাৰ বাবে এক গুৰুত্বপূৰ্ণ মঞ্চ আৰু চেনেল,” শ্ৰীৱাঙে বিৱৰণ প্ৰকাশ নকৰাকৈ কয়।

পশ্চিম নলবাৰী শিক্ষাখণ্ডত কৰ্মচাৰী আৰু কৃতী পৰীক্ষাৰ্থীক সম্বৰ্ধনা

দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি আজি নলবাৰী জিলাৰ অন্তৰ্গত পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষাখণ্ডত এখন ৰাজহুৱা সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয় ৷ পশ্চিম নলবাৰীৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয়ৰ সংলগ্ন ১৮৭ নং জাগাৰা প্ৰাথমিক বিদ্যালয়ত আজি দিনৰ এক বজাত অনুষ্ঠিত সম্বৰ্ধনা সভাখনত সভাপতিত্ব কৰে জাগাৰা হাইস্কুলৰ অৱসৰপ্ৰাপ্ত শিক্ষক, বিশিষ্ট সমাজকৰ্মী কমলাকান্ত ডেকাই ৷ উক্ত সভাত ককয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ বিষয় শিক্ষক তথা প্ৰাক্তন ছাত্ৰনেতা তপন কুমাৰ শৰ্মা মুখ্য অতিথি আৰু পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষাখণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া সমীন বৈশ্য নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ৷ উক্ত সম্বৰ্ধনা সভাখনত পশ্চিম নলবাৰী প্ৰাথমিক শিক্ষাখণ্ডৰ মণ্ডল সমলকেন্দ্ৰ সমন্বয়ক তথা ভাৰপ্ৰাপ্ত বি.আৰ.পি. অমল ডেকা আৰু প্ৰাথমিক শিক্ষাখণ্ডটোৰ গাণনিক হেমন্ত বৰ্মনক নিজ নিজ কৰ্মক্ষেত্ৰত দেখুওৱা বিশেষ পাৰদৰ্শিতাৰ বাবে ২০২০-২১ বৰ্ষৰ শ্ৰেষ্ঠ কৰ্মচাৰীৰ বঁটা প্ৰদান কৰা হয় ৷ দুয়োগৰাকী পুৰস্কাৰপ্ৰাপ্ত কৰ্মচাৰীকে প্ৰশস্তিপত্ৰ, ফুলাম গামোচা, ফুলাম জাপি আৰু কিতাপৰ টোপোলাৰে সম্বৰ্ধনা জ্ঞাপন  কৰা হয় ৷ তদুপৰি, সদ্য ফলাফল ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ হোৱা তিনি কৃতী ছাত্ৰ-ছাত্ৰী ক্ৰমে ৰিকি ৰাকেশ দাস, সিদ্ধাৰ্থ নন্দন আৰু জ্যোতিস্মিতা ডেকাক ফুলাম গামোচা, মানপত্ৰ আৰু কিতাপৰ টোপোলাৰে অভিনন্দন জ্ঞাপন কৰা হয় ৷ অনুষ্ঠানৰ আঁত ধৰে মণ্ডল সমলকেন্দ্ৰ সমন্বয়ক জয়ন্ত ডেকাই ৷

মৰিগাঁও জিলা আৰক্ষী অধীক্ষক আৰু লাহৰীঘাট প্ৰেছ ক্লাৱৰ সাংবাদিকৰ মত বিনিময়

ভূৰাগাঁও আৰক্ষী থানাৰ কমিনিউটি হলত মৰিগাঁও জিলা আৰক্ষী অধীক্ষক অৰ্পণা নটৰাজনৰ নেতৃত্বত এখনি সাংবাদিকৰ লগত মত বিনিময় অনুষ্ঠান হয়। এই মত বিনিময় অনুষ্টানত উপস্থিত থাকে  চক্র আৰক্ষী বিষয়া বিনয় কুমাৰ বৰ্মন,  ভূৰাগাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নব কুমাৰ শইকীয়া, লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া অদিত বঢ়ো, , বৰছলা আৰক্ষী চকীৰ I/C  ঝতুৰাজ বৰা। মত বিনিময় অনুষ্ঠানত লাহৰীঘাট প্ৰেছ ক্লাৱৰ জেষ্ঠ সাংবাদিক প্ৰনৱ গোস্বামী, আবুল কালাম, সাংবাদিক খাইৰুল ইছলাম, আমিৰুল ইছলাম, ৱাছিম হুছেইনেও  বক্তব্য ৰাখে।  আনফালে আৰক্ষী অধীক্ষক মহোদয়াইয়ো সকলোৱে সু সম্পৰ্ক বজাই ৰাখি সমাজৰ পৰা অপৰাধ মুক্ত কৰিব লাগিব। এই অনুষ্ঠানতেই লাহৰীঘাট প্ৰেছ ক্লাৱৰ তৰফৰ পৰা আৰক্ষী অধীক্ষক মহোদয়াক ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনোৱা হয়।

কালদিয়া আৰু বেঁকী নদীৰ খহনীয়া অধ্যুষিত অঞ্চল পৰিদৰ্শন মন্ত্ৰী পীযুষ হাজৰীকাৰ

ৰাজ্যৰ জলসম্পদ আদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই বজালী আৰু বাক্সা জিলাৰ কালদিয়া আৰু বেঁকী নৈৰ বান আৰু খহনীয়া অধ্যুষিত অঞ্চল ভ্ৰমণ কৰি খহনীয়াৰ বুজ লোৱাৰ লগতে অঞ্চলকেইটাত চলি থকা বিভাগীয় কামৰ খতিয়ান লয় । আজি আগবেলাতে মন্ত্ৰীগৰাকীয়ে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ সৈতে পাটাছাৰকুছী অঞ্চলৰ কালদিয়া নদীয়ে শেহতীয়াকৈ ক্ষতি সাধন কৰা মথাউৰিৰ অংশ পৰিদৰ্শন কৰে । উল্লেখযোগ্য যে, কাষৰীয়া জনসাধাৰণৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰা মথাউৰিৰ এই অঞ্চল জলসম্পদ বিভাগে অতি ক্ষীপ্ৰতাৰে মেৰামতি কৰি তুলিছিল আৰু নৈ পৰীয়া ৰাইজক এক নিশ্চিত বিপদৰ পৰা ৰক্ষা কৰিছিল । ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে ঐতিহাসিক কলিবাৰী থানত উপস্থিত হৈ থানখনৰ কাষৰীয়া অঞ্চলৰ কালদিয়া নদীৰ খহনীয়াৰ বুজ লয় । থানখন আৰু কাষৰীয়া অঞ্চলক খহনীয়াৰ পৰা ৰক্ষা কৰিবলৈ অতি শীঘ্ৰে প্ৰয়োজনীয় ব্যৱস্থা লোৱা হ’ব বুলি মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । কালদিয়া নদীৰ পাৰৰে ওপৰনৈ অঞ্চল পৰিদৰ্শন কৰি মন্ত্ৰী পীযুষ হাজৰীকাই উপস্থিত সংবাদ মাধ্যমক অৱগত কৰে যে, কালদিয়া নদীৰ এই ১৫ কিলোমিটাৰ মথাউৰিক পকী পথলৈ ৰূপান্তৰিত কৰি ৰাইজক বানৰ পৰা সকাহ দিয়াৰ লগতে পৰিবহনৰো সুবিধা দিয়াৰ লক্ষ্যৰে পদক্ষেপ অতি সোনকালে লোৱা হব । আনহাতে প্ৰস্তাৱিত মথাউৰিটো কমেও তিনি ফুট ওখ কৰিবলৈ মন্ত্ৰীগৰাকীয়ে বিভাগীয় বিষয়াক নিৰ্দেশ দিয়ে ।বিয়লিলৈ মন্ত্ৰী পীযুষ হাজৰীকাই বাক্সা জিলাৰ বেঁকী নদীৰ কাষত অৱস্থিত শ্ৰী শ্ৰী শংকৰ মাধৱ গোৱৰ্ধনা সত্ৰ আৰু এলেংমাৰি অঞ্চল ভ্ৰমণ কৰি নদীখনে সৃষ্টি কৰা খহনীয়াৰ বুজ লয় । গোৱৰ্ধনা সত্ৰ দৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে সত্ৰখনক ৰক্ষা কৰিবলৈ জলসম্পদ বিভাগৰ পৰা চলাই থকা কামৰ বুজ লয় আৰু সকলোকে বিভাগীয় নিৰ্দেশনা প্ৰদান কৰে । আনহাতে বৰ্তমানে অঞ্চলটোত খহনীয়া নিয়ন্ত্ৰণত থকা বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে উপস্থিত সংবাদ মাধ্যমক প্ৰকাশ কৰে যে, বানপানীৰ পাছতে সত্ৰখনক খহনীয়াৰ প্ৰকোপৰ পৰা ৰক্ষা কৰিবলৈ স্থায়ী সমাধানৰ কাম হাতত লোৱা হ’ব । মন্ত্ৰী পীযুষ হাজৰিকাৰ আজিৰ এই পৰিদৰ্শন কালত কেবিনেট মন্ত্ৰী ৰণজিৎ কুমাৰ দাসৰ লগতে বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিলৰ জলসম্পদ বিভাগৰ কাৰ্যবাহী সদস্য উকীল মুচাহাৰী, বজালী আৰু বাক্সা জিলাৰ উপায়ুক্ত তথা জিলা প্ৰশাসনৰ বিষয়াসকল, জলসম্পদ বিভাগৰ কাৰ্যবাহী অভিযন্তা আৰু বিভাগৰ আন বিষয়াসকল উপস্থিত আছিল বুলি জানিব পৰা গৈছে।

ওৰাং সপ্তাহিক বজাৰৰ দুৰবস্থা

ওদালগুৰি জিলাৰ ওৰাং মাজবাট ৰোডত অৱস্থিত জিলাখনৰ  অন্যতম সাপ্তাহিক বজাৰ হিচাবে কেইবা দশক ধৰি পৰিচিত ওৰাং সাপ্তাহিক বজাৰ । এতিয়া এই বজাৰৰ অৱস্থা একেবাৰে শোচনীয় হৈ পৰাত চিন্তিত হৈছে সমগ্ৰ ওৰাং অঞ্চল বাসী ৰাইজ । ওৰাং চাৰিআলিৰ পৰা ৫০০ মিটাৰ দূৰত অৱস্থিত এই সাপ্তাহিক বজাৰ খনত ওদালগুৰি জিলা শোণিতপুৰ জিলাৰ লগতে দৰং জিলাৰ ব্যৱসায়ী  সকলে তেওঁলোকৰ সামগ্ৰী বিক্ৰী কৰাৰ লগতে সমগ্ৰ ওৰাং অঞ্চলৰ দাঁতি কাষৰীয়া বিভিন্ন গাঁও ,চাহ বাগিচা আদিৰ পৰা বজাৰলৈ ওলাই অহা ৰাইজক সেৱা আগবঢ়াই অহাৰ লগতে ব্যৱসায় সকলে নিজৰ পৰিয়ালক পোহ পাল দি আহিছে । এই মাজবাট বিধানসভা সমষ্টিৰ অন্যতম সাপ্তাহিক বজাৰ খনত স্থানীয় লোক সকলেও তেওঁলোকৰ বিভিন্ন ধৰণৰ সামগ্ৰীৰ লগতে দাঁতি কাষৰীয়া অঞ্চলত উৎপাদিত কেঁচা সামগ্ৰী ক্ৰয় বিক্রয় কৰি তেওঁলোকৰ চাহিদা পূৰণ কৰি আহিছে । ওৰাঙৰ নাম কৰা এই সাপ্তাহিক বজাৰত শাক পাচলিৰ পৰা আৰম্ভ কৰি গৰু ছাগলী , মুৰ্গী হাঁহ চৰাই , কাপোৰ কানি , হোটেল আদিকে ধৰি সকলো সামগ্ৰীৰ বেচা কিনা হয় । কিন্তু  দুৰ্ভাগ্যবশত ক’ৰোণা মহামাৰীৰ ফলত দেশৰ লগতে সমগ্ৰ ৰাজ্যত লক ডাউন ঘোষিত কৰাৰ ফলত দৈনিক অহাযোৱা নোহোৱাত উক্ত সাপ্তাহিক বজাৰৰ অৱস্থা অতি  শোচনীয় হোৱা পৰিলক্ষিত হৈছে ।মানুহৰ অহা যোৱা নোহোৱাৰ ফলত সাপ্তাহিক বজাৰৰ দোকান ,ৰাস্তা আদি এতিয়া ঘোৰ অৰণ্য লৈ ৰূপান্তৰিত হোৱা পৰিলক্ষিত হৈছে । বজাৰ খনত কেইবাশ মান জুপুৰী ঘৰ ,টিন ঘৰ আছে যদিও বিগত কেইবামাহ ধৰি বন্ধ থকাৰ লগতে যোৱা বাৰিষাৰ পানী পৰি বজাৰ খনৰ শোচনীয় অৱস্থাই চিন্তিত কৰিছে অঞ্চলটোৰ সচেতন মহলক । ওৰাং অঞ্চলৰ সচেতন মহলে মাজবাট উন্নয়ন খণ্ডৰ দায়িত্ব থকা বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছে । মাজবাটৰ যুৱ নেতা কিশোৰ শৰ্মাই ৰাইজে অভিযোগ দিয়া মৰ্মে বজাৰ খনৰ পৰিদৰ্শন কৰি প্ৰকৃতাৰ্থত ওৰাং সাপ্তাহিক বজাৰৰ অৱস্থা অতি শোচনীয় হোৱাৰ লগতে বহুতো ঘাঁহ জংঘল বাঢ়ি আহিছে আৰু ৰাইজৰ সমাগম নোহোৱাৰ ফলত দিনকদিনে বজাৰ খন নিম্ন গামী হোৱা কথা সদৰি  কৰি লগতে যুৱ নেতা কিশোৰ শৰ্মাই কয় যে দেশ জুৰি আতংকৰ সৃষ্টি কৰা ক’ৰোণা মহামাৰীৰ ফলত এই অৱস্থা হৈছে দোকানী সকলে নিজৰ নিজৰ ঘৰ নিজেই ঠিক কৰা সম্ভৱ কিন্তু  বজাৰৰ ভিতৰত গজি উঠা বন জংঘল পৰিস্কাৰ কৰি দিয়াৰ বাবে এই বিভাগৰ দায়িত্বত থকা বিভাগীয় কৰ্তৃপক্ষই নিশ্চয় এই সমস্যা সমাধান কৰিব বুলি যুৱ নেতা কিশোৰ শৰ্মাই আশা প্ৰকাশ কৰিছে ।

গোলাঘাটত সদৌ অসম ছাত্ৰ সন্থাৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ

আজি  গোলাঘাট আঞ্চলিক ছাত্র সন্থাৰ উদ্যোগত গোলাঘাটৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে।  গোলাঘাট ছাত্র সন্থা কাৰ্যালয় সন্মুখত ৰূপায়ণ কৰা এই প্ৰতিবাদী কাৰ্যসূচী প্ৰধানকৈ  অসম গেছ কোম্পানীৰ দ্বাৰা ঘৰে ঘৰে গেছ  যোগান ধৰা ,  গোলাঘাটত ডি এডিকচেন চেন্টাৰ নিৰ্মাণ কৰা ,বিশুদ্ধ খোৱাপানী যোগান ধৰা , ১৩৫ বছৰ গৰকা গোলাঘাট চৰকাৰী বেজবৰুৱা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আন্ত: গাঠনি উন্নীত কৰা , গোলাঘাট নগৰৰ যান-যট ,নলা -নৰ্দমা , পাৰ্কিংৰ ব্যৱস্থাৰ মুঠ ১২ টা মূল সমস্যা সমাধানৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদৰ অন্তত   উপায়ুক্তলৈ স্মাৰক পত্ৰ প্ৰদান কৰে  ছাত্র সংগঠনটোয়ে ।  অতি সোনকালে এই সমস্যা সমূহৰ সমাধান দাবী তোলা ছাত্র সংগঠনটোৱে অনাগত সময়ত  গণতান্ত্ৰিক আন্দোলন হুংকাৰ  প্ৰদান কৰে।

নিমাতি কন্যা বিধায়িকা ৰেনুপমা ৰাজখোৱাঃ টীয়কত ভূপেন বৰাৰ মন্তব্য

ক্ৰমে নিশকটীয়া হৈ পৰা কংগ্ৰেছৰ সাংগঠনিক দিশ টনকিয়াল কৰাৰ উদ্দেশ্যে উজনি অসম ভ্ৰমনৰত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই মংগলবাৰে সন্ধিয়া টীয়কত দলীয় কৰ্মী সকলৰ সৈতে মত বিনিময় কৰাৰ লগতে আগন্তুক দিনত সকলো কৰ্মী সংঘবদ্ধ হৈ দলীয় স্থিতি অধিক মজবুত কৰাৰ আহ্বান জনায় ।টীয়কৰ কলিয়াপানী ব্লক কংগ্ৰেছ সমিতিৰ কাৰ্যালয়ত দুই শতাধিক দলীয় কৰ্মীৰ উপস্থিতিত অনুষ্ঠিত এই সভাত কংগ্ৰেছৰ সভাপতি গৰাকীয়ে টীয়কৰ দলীয় সতীৰ্থসকলৰ ত্যাগক উচ্চ প্ৰসংশা কৰি কয় যে, বিজেপিৰ বিভিন্ন প্ৰলোভনত ভোল নগৈ টীয়কৰ কংগ্ৰেছ কৰ্মী সকলে যি স্থিতি গ্ৰহণ কৰিছে সেয়া আনৰ বাবে অনুকৰণীয়।ইপিনে এই সংবাদ মাধ্যমৰে হোৱা এক  সাক্ষাৎত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে টীয়কৰ বিধায়িকা গৰাকীক নিমাতি কন্যা আখ্যা দি কয়, টীয়কৰ সমস্যা বিধান সভাৰ মজিয়াত উত্থাপন নকৰি মৌন হৈ বহি থাকে বিধায়িকাগৰাকী । বিধান সভা হ’ল অসমৰ সমষ্টি সমূহৰ বিভিন্ন সমস্যা সমূহ উত্থাপন কৰাৰস্থলী ।যিসকল বিধায়কে বিধান সভাৰ ভিতৰে বাহিৰে নিজ নিজ সমষ্টিৰ সমস্যাৰ বিষয়ে সৰৱ হৈ থাকে তেঁওলোকৰ সমষ্টি সমূহ উন্নয়ন সাধন হৈছে।কিন্তু টীয়কৰ বিধায়িকা গৰাকীৰ নিমাতি কন্যা ভূমিকাৰ বাবে স্তব্ধ হৈছে টীয়কৰ সামগ্ৰীক উন্নয়ন।তেওঁ আশা কৰে আগন্তুক দিনত টীয়ক সমষ্টিৰ ৰাইজে সমষ্টিৰ উন্নয়নৰ স্বাৰ্থত কথাবোৰ বিবেচনা কৰিব। ইপিনে তিতাবৰৰ বিধায়ক ভাস্কৰ বৰুৱাই সোমবাৰে যোৰহাটত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা কাৰ্যসূচীত অংশগ্ৰহণ কৰা সন্দৰ্ভত সোধা প্ৰশ্নৰ উত্তৰত ভূপেন বৰাই কয়, যোৰহাট জিলাৰ উপায়ুক্ত গৰাকীয়ে উক্ত অনুষ্ঠানলৈ বিধায়ক গৰাকীক নিমন্ত্ৰণ জনোৱাৰ বাবেহে তেওঁ উক্ত অনুষ্ঠানলৈ গৈছিল । দলীয় অনুষ্ঠানলৈ উপায়ুক্তই অভিসন্ধিমূলক ভাৱে আমন্ত্ৰণ জনোৱা কাৰ্যত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি কয় যে, উপায়ুক্ত সকলে চৰকাৰী কাম কাজত মনোনিবেশ কৰিব লাগে ।উপায়ুক্ত গৰাকীয়ে শাসকীয় দলৰ হাঠিয়াৰ হিচাপে কাম কাজ কৰিলে শোভা নাপায় বুলি বৰাই উল্লেখ কৰে  ।Rep

আজিও গা-লৰা নাই লোক – নিৰ্মাণ বিভাগৰ : ধূপধৰাত যাতায়াত বিচ্ছিন্ন হোৱাৰ আশংকা

 ৰাজ্যৰ বিভিন্ন স্হানত এতিয়াও একাংশ পথে জনসাধাৰণক বাৰুকৈয়ে জলা-কলা খুৱাই থকাৰ সময়তে গোৱালপাৰা জিলাৰ পূব প্ৰান্তৰ ধূপধৰা অঞ্চলৰ  লোক-নিৰ্মাণ বিভাগৰ এটা পকী পথৰ কালভাৰ্টৰ বাবে যি কোনো মুহূৰ্ততে যাতায়াত ব্যাহত হৈ পৰাৰ উপক্ৰম হৈ পৰিছে  । উল্লেখ যোগ্য যে তথাপিও যেন এতিয়াও গা-লৰা নাই চৰকাৰৰ  বিয়াগোম বিভাগটোৰ আজিও প্ৰায় এবছৰতকৈ অধিক সময় ।  প্ৰাপ্ত তথ্য মতে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে খেকাপাৰা-আমবাৰী-পদুপাৰা সংযোগী  লোক-নিৰ্মাণ বিভাগৰ পথটোৰ খেকাপাৰাত অৱস্হিত কালভাৰ্টটো  প্ৰথমটো লকডাউনৰ আগে-আগে ৰে’ল পথত কাম চলি থকাৰ বাবে উক্ত পথৰে ৰে’ল বিভাগৰ গধুৰ মাটি কঢ়িওৱা বাহন চলাৰ ফলত প্ৰথমতে কালভাৰ্টটো বহি যায় আৰু এতিয়াও  অঞ্চলটোৰ যান-বাহন সমূহ পথটোৰ ভগ্নপ্ৰায় কালভাৰ্টটোৰে দুৰ্ঘটনাৰ শংকা লৈ   চলা-চলা অব্যাহত ৰাখিছে  । অঞ্চলটোৰ কেইবাখনো গঞা ৰাইজ যিকোনো সময়তে বহি:জগতৰ লগত সম্পৰ্ক নোহোৱাৰ প্ৰতি লক্ষ্য ৰাখি বিভাগে  কালভাৰ্টৰ কাষেৰে উপ-পথৰ ব্যৱস্হা কৰিছিল যদিও  সম্প্ৰতি  বন্ধ হৈ আছে লগতে  যিকোনো মুহূৰ্ততে  এই  ভগ্ন কালভাৰ্টৰে সঘনে যাতায়াত অব্যাহত থকাত   যিকোনো মুহূৰ্তত কালভাৰ্টটো ভাঙি পৰাৰ শংকা কৰা হৈছে । ইপিনে উক্ত  সংযোগী পথটোত  কেইবাটাও  পুৰণি  কালভাৰ্ট বিভাগে মেৰামতি কৰিছে যদিও উক্ত ভগ্নপ্ৰায় কালভাৰ্টটোহে মেৰামতি কৰা হোৱা নাই ।    সেয়েহে বৃহত্তৰ অঞ্চলবাসী ৰাইজে অতি শীঘ্ৰে এই পথটোত থকা কালভাৰ্টটো মেৰামতি কৰি যাতায়াত সুচল কৰি দিয়াৰ বাবে বিভাগক আহ্বান জনাইছে ।                                                                                                                                         

শিৱসাগৰত নিশা গোপন বৈঠক ভূপেন বৰা–অখিল গগৈৰ

অসম বিধানসভাৰ আগন্তুক উপ–নির্বাচনক কেন্দ্র কৰি ইতিমধ্যে ৰাজনৈতিক দলসমূহৰ মাজত আৰম্ভ হৈছে তৎপৰতা৷ এনে তৎপৰতাৰ অংশৰূপে যোৱানিশা শিৱসাগৰ নগৰৰ শিৱা পেলেচ হোটেলত অসম প্রদেশ কংগ্রেছ কমিটীৰ সভাপতি ভূপেন বৰা আৰু ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ মাজত এক গোপন বৈঠক অনুষ্ঠিত হয়৷

এই বৈঠক সন্দর্ভত অসম প্রদেশ কংগ্রেছ কমিটীৰ সভাপতি ভূপেন বৰাই বিশেষ কোনো তথ্য সদৰী কৰা নাই যদিও ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে এই বৈঠক সন্দর্ভত নিজৰ স্থিতি প্রকাশ কৰিছে৷ ভূপেন বৰাই এই বৈঠক পাৰস্পৰিক চিনাকি সূত্রে অখিল গগৈৰ লগত এক নিয়মমাফিক বৈঠক বুলি সংবাদ মাধ্যমৰ আগত সদৰী কৰাৰ লগতে বিভিন্ন ৰাজনৈতিক ইছ্যু সন্দর্ভত কেতবোৰ সহমতসম্পন্ন বিষয় আলোচনা হয় বুলি উল্লেখ কৰে৷

আনহাতে ৰাইজৰ দলৰ সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈয়ে আগন্তুক উপ–নির্বাচনক কেন্দ্র কৰি কংগ্রেছ দল আৰু ৰাইজৰ দলৰ মাজত মিত্রতা সন্দর্ভত আলোচনা হোৱা বুলি স্পষ্ট কৰে৷

বিধায়কগৰাকীয়ে কয় যে অসম বিধানসভাৰ পাঁচ সমষ্টি ক্রমে তামুলপুৰ, গোসাঁইগাঁও, মাজুলী, মৰিয়নি আৰু থাওৰা বিধানসভা সমষ্টিৰ আগন্তুক উপ–নির্বাচনক কেন্দ্র কৰি শাসনাধিষ্ঠিত বিজেপিক প্রতিৰোধ কৰিবৰ বাবে কংগ্রেছ দলৰ সৈতে আন আন আঞ্চলিক শক্তিৰ বুজাবুজি অত্যন্ত জৰুৰী৷ সেই সূত্রে কংগ্রেছ দলৰ সভাপতিগৰাকীৰ সৈতে আসন বুজাবুজিৰ বাবে কালি শিৱসাগৰত অনুষ্ঠিত বৈঠকত দুয়োগৰাকী নেতাই আলোচনাত মিলিত হয়৷ অৱশ্যে উক্ত আসন বুজাবুজিৰ সন্দর্ভত কালিৰ আলোচনাত কোনো সিদ্ধান্ত গ্রহণ কৰা হোৱা নাই যদিও পাঁচ সমষ্টিৰ ভিতৰত এটা সমষ্টি ৰাইজৰ দলে বিচাৰিছে৷ যিহেতু মৰিয়নি আৰু থাওৰা বিধানসভা সমষ্টিত ৰাইজৰ দলৰ ভিত্তি আছে আৰু নির্বাচনত জয়ী হোৱাৰ সম্ভাৱনা আছে, তেনেস্থলত ৰাইজৰ দলে কংগ্রেছ দলৰ সৈতে এটা সমষ্টি বিচাৰি আগন্তুক উপ–নির্বাচনত বুজাবুজিৰে অৱতীর্ণ হ’ব বিচাৰিছে৷