মৰিগাঁও জিলাৰ লাহৰীঘাট অঞ্চলৰ কুশতলিত বিজেপি কৰ্মীৰ প্ৰশংসনীয় পদক্ষেপ। লোক ৰ্নিমাণ বিভাগৰ মুখলৈ বাদ নাছাই নিজেই ভগ্ন ৰাজপথ মেৰামতিত নামি পৰিছে । গেৰুবা কুশতলি গঢ়কাপ্তানী পথৰ গৰাপাৰত পথৰ মাজত সৃষ্টি হোবা দ’ গাতবোৰ ইটাৰ টুকুৰা ,বালি আদি দি পুতি দিছে । উল্লেখ্য যে এই পথচোবাত ৰ্দীঘদিন ধৰি মেৰাপতিৰ অভাবত ৰৈ যোবা ভগ্ন পথচোবাই পথাচাৰীৰ যাতায়তৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি কৰিছিল । সেয়েহে আজি কুলতলি মণ্ডল বিজেপি সভাপতি জিলুৰাম পাটৰৰ নেতৃত্ব পথ মেৰামতিৰ বাবে ওলাই আহিছল স্হানীয় বিজেপি কৰ্মী সকল আৰু পথৰ ওপৰত থকা গাত , খাল পুতি পথচোবা যাতায়তৰ উপযোগী কৰি তোলে । এই কাৰ্যসূচীত স্হানীয় ৰাইজে বিজেপি কৰ্মী সকলক ভূয়সী প্ৰশংসা কৰে৷খাইৰুল ইছলাম ভূৰাগাঁও মৰিগাঁও
সৰুক্ষেত্ৰী-ভৱানীপুৰৰ পহুমৰা নৈ’ৰ খহনীয়া প্ৰতিৰোধৰ নিমিত্তে কৰাগাড়ী ৰাইজৰ আহ্বান
বৰপেটা জিলাৰ ভৱানীপুৰ আৰু সৰুক্ষেত্ৰী বিধানসভা সমষ্টিৰ সীমামূৰীয়া গড়কাপ্তানি (লোক নিৰ্মান) পথৰ কাষেৰে বৈ গৈছে পহুমৰা নৈ ৷ সম্প্ৰতি এই নৈখনে ক্ৰমে বৃহত্তৰ কৰাগাড়ী গাওঁ , কয়াকুছি পাম , খৰমা আদি অঞ্চলৰ ৰাইজৰ সংকট কঢ়িয়াই অনা পৰিলক্ষিত হৈছে ৷ উল্লেখ্য যে,বহু অপেক্ষাৰ অন্তত এই গড়কাপ্তানি পথ নিৰ্মাণ হৈছে ৷ যদিও পহুমৰা নৈ’ৰ বিধ্বংসী গৰা খহনীয়াই এই পথৰ সংকট কঢ়িয়াই অনাত সম্প্ৰতি হতাশাত ভুগিছে ৰাইজে ৷ প্ৰণিধানযোগ্য যে, ৪১ নং ভৱানীপুৰ বিধানসভা সমষ্টিৰ ১০৪ নং নিজ ভৱানীপুৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত খৰমা কয়াকুছি পাম সংযোগী পথৰ কাষেৰে জিঅ বেগেৰে খহনীয়া প্ৰতিৰোধ কৰাৰ ব্যৱস্থা কৰি ৰাইজৰ পৰম উপকাৰ সাধন কৰিবলৈ স্থানীয় বিধায়ক ফণীধৰ তালুকদাৰৰ লগতে বিভাগীয় কৰ্তৃপক্ষক বিনম্ৰভাৱে আহ্বান জনাইছে ৰাইজে ৷
কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱালক সোনোৱাল কছাৰী সাহিত্য সভাৰ সম্বৰ্ধনা
যোৱা ইং ২৪-০৮-২০২১ তাৰিখে সোনোৱাল কছাৰী সাহিত্য সভাৰ এটা সজাতী দলে আশীৰ্বাদ যাত্ৰাৰে অসমত উপস্থিত হোৱা কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহন আৰু আয়ুস বিভাগৰ মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ডিব্ৰুগড়স্থ বাসভৱনত উপস্থিত হৈ এখনি সম্বৰ্ধনা পত্ৰ, সোনোৱালী গামোচা আৰু শৰাইৰে সম্বৰ্ধনা প্ৰদান কৰে আৰু এক সৌহাদ্যমূলক আলোচনাত মিলিত হয়। উল্লেখযোগ্য যে বিগত চৰকাৰৰ দিনতে অসমৰ সাহিত্য সভাসমূহক “ভাষা গৌৰৱ আঁচনি”ৰ অধীনত ন্যাস হিচাপে অনুদান দিয়া হৈছিল আৰু তাৰে ভিতৰত সোনোৱাল কছাৰী সাহিত্য সভাইও এক কোটি আশী লাখ টকাৰ ন্যাস অনুদান লাভ কৰিছিল। উক্ত আলোচনা কালতে সোনোৱাল কছাৰী সাহিত্য সভাৰ আগন্তুক অধিৱেশনত প্ৰকাশ হ’বলগা ১০০খন গ্ৰন্থৰ উন্মোচনী সভালৈ তেখেতক আমন্ত্ৰণ জনোৱা হয়। সোনোৱাল কছাৰী সাহিত্য সভাৰ হৈ সজাতী দলৰ প্ৰতিনিধিত্ব কৰে ক্ৰমে শিৱনাথ সোনোৱাল, অহিন্দ্ৰ শইকীয়া, পোনা সোনোৱাল, ঠানুৰাম সোনোৱাল,তোষেশ্বৰ সোনোৱাল, অনিমা সোনোৱালে।
বৰপেটাৰ ন-বাৰাদীত “প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা আঁচনি”ৰ সন্দৰ্ভত বিজেপিৰ সভা
ভাৰতীয় জনতা পাৰ্টি বৰপেটা ব্লক মণ্ডলৰ অন্তৰ্গত ন-বাৰাদী সমূহীয়া ভৱনত ২৩ অাগষ্টত “প্ৰধানমন্ত্ৰী গৰীৱ কল্যাণ অন্ন যোজনা আঁচনি”ৰ এখন সভা অনুষ্ঠিত হৈ যায়। উক্ত সভাত বিজেপি বৰপেটা জিলাৰ ভাৰপ্ৰাপ্ত সভানেত্ৰী সবিতা দেৱ নাথ, বৰপেটা জিলা উপ-সভাপতি বুবুল দেউৰী, বৰপেটা জিলা সম্পাদক তথা প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা আচঁনিৰ বৰপেটা জিলাৰ আহ্বায়ক বিশ্বজিৎ দাস, বৰপেটা জিলা প্ৰধানমন্ত্ৰী গৰীব কল্যাণ অন্ন যোজনা আঁচনিৰ সহ: আহ্বায়ক পংকজ দাস,এই আঁচনিৰ জিলা সমিতিৰ সদস্য সকল অনিল কুমাৰ দাস, দেৱযানী গায়ন, মনোজ ডেকা, জয়ন্ত বায়ন লগতে মণ্ডল সভাপতি সকল, প্ৰধানমন্ত্ৰী গৰীৱ কল্যান অন্ন যোজনাৰ মণ্ডলৰ আহ্বায়ক সকল,সহ আহ্বায়ক সকল আৰু মণ্ডলৰ সদস্য সকল উপস্থিত থাকে। উক্ত সভাত উপস্থিত থকা বিজেপিৰ নেতৃবৃন্দই সেৱাই সংগঠণ উদ্দেশ্যে প্ৰধানমন্ত্ৰী গৰীৱ কল্যান অন্ন যোজনা আঁচনি” সন্দৰ্ভত বিস্তাৰিতভাৱে ভাষন অাগবঢ়ায়।
কঠোৰ অনুশীলনত ব্যস্ত এজাক নিবনুৱা যুৱক – যুৱতী
অসম চৰকাৰৰ এক লাখ নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ এইলৈ এক চেপ্তেম্বৰৰ পৰা আৰম্ভ হব ৰাজ্যৰ অসম আৰক্ষীৰ কনিষ্টবল নিযুক্তি প্ৰক্ৰিয়া ৷মুঠ ৬৬৬২ জন কনিষ্টবল নিযুক্তিৰ বাবে ইতিমধ্যে ১৫ খন জিলাত আৰম্ভ হৈছে এই নিযুক্তি প্ৰক্ৰিয়া ৷এই বাতৰি পোৱাৰ লগে লগে উৎসাহিত হৈ পৰিছে ৰাজ্যৰ নিবনুৱা যুৱক যুৱতী সকল |বৰপেটাৰোডটো তাৰ পূৰ্ণ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে ৷কনিষ্টবল পদত নিযুক্তি পাব বিচৰা নিবনুৱা যুৱক যুৱতী সকলে পুৱা গধূলি চলাই আছে কঠোৰ অনুশীলন ৷ বৰপেটাৰোড ডেভেলপমেণ্ট ফ’ৰামৰ উদ্যোগত আৰু বৰপেটাৰোড ফিজিকেল ট্ৰেইনিং একাডেমিৰ সহযোগত এই লৈ আৰম্ভ হৈছে এক বিশেষ প্ৰশিক্ষণ শিবিৰ ৷ যোৱা ১৭ আগষ্টৰ পৰা পোন্ধৰ দিনীয়াকৈ অনুষ্ঠিত হোৱা শিবিৰটোত বৰপেটাৰোধ অঞ্চলৰ প্ৰায় ৪ শতাধিক যুৱক যুৱতীয়ে অংশগ্ৰহণ কৰিছে ৷ অসম আৰক্ষী, প্ৰাক্তন সেনা জোৱান, নৌ সেনা, এছ এছ বি আৰু শাৰীৰিক প্ৰশিক্ষকৰ তত্ত্বাৱধানত চলা এই প্ৰশিক্ষণত শাৰীৰিক সক্ষমতা বৃদ্ধি, মানসিক উৎকৰ্ষ সাধন আৰু লিখিত পৰীক্ষাৰ অনুশীলন কৰি থকা হৈছে ৷এই প্ৰশিক্ষণ গ্ৰহণ কৰি উৎসাহিত হৈ পৰিছে যুৱক যুৱতী সকল ৷তেওঁলোকে আশা প্ৰকাশ কৰিছে চৰকাৰৰ এই নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকা হব আৰু উপযুক্ত সকলে নিযুক্তি পোৱাৰ সুযোগ লাভ কৰিব ৷

অগপ দলৰ বৰ্তমান স্থিতি শক্তিশালী: মণিমাধৱ মহন্ত
নগাঁৱত অনুষ্ঠিত হয় অগপৰ তিনিখন জিলাৰ এখন পৰ্যালোচনা সভা । নগাঁও সংসদীয় সমষ্টিৰ অন্তৰ্গত অগপৰ নগাঁও , মৰিগাঁও , হোজাই জিলা সমিতিৰ অধীনৰ ৯ টা বিধান পৰিষদ সমষ্টি ক্ৰমে নগাঁও সদৰ , বঢ়মপুৰ , ৰহা , লাহৰিঘাট , মৰিগাঁও জাগীৰোড , যমুনামূখ , হোজাই আৰু লামডিং বিধান পৰিষদ সমষ্টিৰ বিষয়ববীয়া সকলৰ উপস্থিতিত এক পৰ্যালোচনা সভা অনুষ্ঠিত হয় । অগপৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মনি মাধৱ মহন্তৰ সভাপতিত্বত অনুষ্ঠিত পৰ্যালোচনা সভাত অংশ গ্ৰহণ কৰি কেইবাজনো নেতা কৰ্মীয়ে নগাঁও সদৰ সমষ্টিৰ লগতে বঢ়মপুৰ সমষ্টিক বিজেপিক এৰি দিয়াত ক্ষোভ প্ৰকাশ কৰে। সভাত ভাষন প্ৰদান কৰি অগপৰ জেষ্ঠ নেতা তথা প্ৰাক্তন মন্ত্ৰী গিৰীন্দ্ৰ কুমাৰ বৰুৱাই কয় যে- ‘অগপইহে আঞ্চলিকতাবাদৰ ভেটি সুদৃঢ় কৰিব পাৰিব ।ইপিনে অগপৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মনি মাধব মহন্তই কয় যে অগপ দলৰ বৰ্তমান স্থিতি শক্তিশালী, দলটোৰ ভেটি আৰু অধিক শক্তিশালী কৰাৰ উদ্দেশ্যেৰে আজি পৰ্যালোচনা সভাৰ আয়োজন কৰা হৈছে। বিগত বিধানসভা নিৰ্বাচনত আঞ্চলিক দল হিচাপে অগপ দলে ভাল ফলাফল প্ৰৰ্দশন কৰিবলৈ সক্ষম হৈছে।সভাত নগাঁও সংসদীয় সমষ্টিৰ অন্তৰ্গত ৯ টা বিধান পৰিষদ সমষ্টিত দলৰ ভাতৃ- ভগ্নী,যুৱ সংগঠনকে ধৰি তৃণমূল পৰ্যায়ৰ পৰা সংগঠন শক্তিশালী কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় । সভাত অগপৰ উপ সভাপতি বিষ্ণু দাস , কেন্দ্ৰীয় সমিতিৰ নেতা অতুল কুমাৰ মেধি , পদ্ম গোস্বামী , খলিছ উদ্দিন আহমেদ , আবু বক্কৰ ছিদ্দিক , মামনি বৰাৰ আদি উপস্থিত থাকে ।
কাজিৰঙাত ডব্লিউ ডব্লিউ এফে নিৰ্মাণ কৰিছে বাঘ প্ৰতিৰোধী গোহালি
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু টাইগাৰ ৰিজাৰ্ভৰ কাষৰীয়া অঞ্চলত সঘনাই ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা গঁড়, হাতী, মহ আদি বন্যপ্ৰাণীয়ে কৃষকৰ খেতি নষ্ট কৰাটো গতানুগতিক কথালৈ পৰিণত হৈছে। ইয়াৰ উপৰি ৰাষ্ট্ৰীয় উদ্যানৰ ঢেঁকীয়াপতীয়া বাঘে ৰাইজৰ গৰু, ম’হ, ছাগলী, গাহৰি আদি পোহনীয়া জন্তু নিধন কৰি আহিছে। মূৰৰ ঘাম মাটিত পেলাই হাঁড় ভঙা পৰিশ্ৰম কৰি কৃষকে বহু আশাৰে কৰা খেতি বন্যপ্ৰাণীয়ে বছৰ বছৰ ধৰি অনিষ্ট কৰি আহিছে যদিও উদ্যান কতৃপক্ষৰ পৰা কোনোদিনেই উচিত ক্ষতিপূৰণ পোৱা নাই। বন বিভাগৰ নীতি-নির্দেশনা মতে বন্যপ্রাণীয়ে খেতি পথাৰ অনিষ্ট কৰিলে কৃষকক ক্ষতিপূৰণ দিয়াৰ নিয়ম আছে যদিও কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া কৃষকে কোনোদিনেই উপযুক্ত ক্ষতিপূৰণ পোৱা নাই। ৰাষ্ট্ৰীয় উদ্যানখনৰ কাষত বসবাস কৰা লোকে সীমান্ত প্ৰহৰী হিচাপে স্বার্থহীনভাবে দিনে-নিশাই চোৰাং চিকাৰী ৰোধ কৰাৰ পৰা আৰম্ভ কৰি বন আৰু বন্যপ্রাণী সংৰক্ষণত বন বিভাগক সহযোগত আগবঢ়াই আছে। বন্যপ্ৰাণীৰ আক্ৰমণত মাজে মধ্যে কাষৰীয়া ৰাইজ আহত বা নিহতো হ’ব লগা হৈছে। তেনে কৰি থকাৰ পিছতো বন বিভাগৰ তৰফৰ পৰা ৰাইজে কোনো বিশেষ সুবিধা লাভ কৰিবলৈ সক্ষম হোৱা নাই। ইফালে বাঘে পোহনীয়া জন্তু নিধন কৰিলে সামান্য ধন পায় যদিও উচিত মূল্যৰ পৰা বঞ্চিত হৈ থকাৰ অভিযোগ উঠিছে। পলমকৈ হ’লেও বেচৰকাৰী স্বেচ্ছাসেৱী সংগঠন বিশ্ব প্রকৃতি নিধি চমুকৈ ডব্লিউ ডব্লিউ এফৰ উদ্যোগত ৰাষ্ট্ৰীয় উদ্যানৰ কাষৰীয়া এখন গাঁৱত বাঘ প্ৰতিৰোধী গোহালি নিৰ্মাণ কৰি সফল হোৱাৰ কথা জানিব পৰা গৈছে। ডব্লিউ ডব্লিউ এফৰ বিষয়া ত্ৰিদীপ শৰ্মাই জানিবলৈ দিয়া মতে, ৰাষ্ট্ৰীয় উদ্যানখনৰ কঁহৰা বনাঞ্চলৰ কাষৰীয়া বৰজুৰি বস্তি গাঁৱত প্ৰায় চাৰি বছৰ পূৰ্বে ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ওলাই অহা বাঘে কৃষকৰ গৰু, ছাগলী আদি পোহনীয়া জন্তু নিধন কৰি গোহালি খালী কৰি এক সন্ত্ৰাসৰ সৃষ্টি কৰিছিল। উক্ত গাঁৱত ডব্লিউ ডব্লিউ এফৰ নিজা পৰিকল্পনাৰে ২০১৮ বৰ্ষত পৰীক্ষামূলকভাৱে মজিয়া পকী কৰি ওপৰত টিন দি চাৰিওফালে বাঁহৰ বেৰ দি আৰু গোহালিৰ চাৰিওকাষে লোৰ তাৰৰ বেৰ দি ১৩টা এক কথাত ক’বলৈ গ’লে বাঘ প্ৰতিৰোধী গোহালি কৃষকক নিৰ্মাণ কৰি দিছিল।

ইয়াৰ উপৰি গোহালিৰ পৰা গৰুৰ মৃত আৰু গোবৰ সংৰক্ষণ কৰি ৰাখিব পৰাৰ ব্যৱস্থাও কৰা হৈছিল। যাতে কৃষকে সংৰক্ষণ কৰি ৰখা গৰুৰ মৃত আৰু গোবৰ ব্যৱহাৰ কৰি জৈৱিক পদ্ধতিৰে খেতি কৰিব পাৰে। উল্লেখযোগ্য যে স্থানীয় কৃষকে জানিবলৈ দিয়া মতে এই বাঘ প্ৰতিৰোধী গোহালি নির্মাণ কৰি ডব্লিউ ডব্লিউ এফ সফল হৈছে। কাৰণ এইধৰণৰ গোহালি নিৰ্মাণ কৰাৰ পিছৰ পৰা গাঁওখনত বাঘে কৃষকৰ গৰু, ছাগলী আদি পোহনীয়া জন্তু নিধন কৰিব পৰা নাই বুলিও কৃষকে এই প্রতিবেদকক জানিবলৈ দিয়ে। অন্যহাতে, উক্ত গাঁৱত কৃষকে পূর্বে কৃত্রিম সাৰ আৰু ঔষধ প্রয়োগ কৰি খেতি কৰিছিল যদিও এতিয়া সমবায় ভিত্তিত উক্ত বাঘ প্ৰতিৰোধী গোহালিৰ পৰা সংৰক্ষণ কৰি থোৱা গৰুৰ মৃত আৰু গোবৰ প্ৰয়োগ কৰি জৈৱিক পদ্ধতিৰে ধান, বিভিন্ন জাতৰ পাচলি আদি খেতি কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে। অৱশ্যে এই ক্ষেত্ৰত পানী মেচিন, টর্চ লাইট, টঙীঘৰ আদিৰ যোগান ধৰি ডব্লিউ ডব্লিউ এফৰ লগতে কৰবেট ফাউণ্ডেশ্যনেও সহযোগ আগবঢ়াইছে বুলি কৃষকে জানিবলৈ দিয়ে। উল্লেখযোগ্য যে চলিত বৰ্ষত জৈৱিক পদ্ধতিৰে বড়ো ধান আৰু বিভিন্ন পাচলি খেতি কৰি কৃষকে লক্ষাধিক টকা আয় কৰিবলৈ সক্ষম হৈছে। অন্যহাতে, ডব্লিউ ডব্লিউ এফৰ বিষয়া ত্রিদীপ শৰ্মাই আৰু জানিবলৈ দিয়া মতে, উক্ত গাঁৱৰ ৰাইজৰ খেতি পথাৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি থকাৰ বাবে খেতি পথাৰ সুৰক্ষা দিবলৈ বৈদ্যুতিক বেৰৰ ব্যৱস্থা কৰাৰ পৰিকল্পনা কৰিছিল যদিও বন্যপ্ৰাণীৰ কথা চিন্তা কৰি এই পৰিকল্পনাৰ পৰিৱৰ্তে বেৰ দিয়াৰ উপৰি স্থানীয় উন্নত জাতৰ পাচলিৰ বীজৰ যোগান ধৰি কৃষকক বিশেষকৈ জৈৱিক পদ্ধতিৰে খেতি কৰাত সহযোগ আগবঢ়াব। ইয়াৰ উপৰি কাষতে থকা ডিফু নদীৰ পৰা পানী যোগান আঁচনিৰে কৃষি পথাৰ জীপাল কৰি এক আদৰ্শ গাঁৱলৈ পৰিণত কৰাৰ পৰিকল্পনা প্রস্তুত কৰি আছে বুলি ডব্লিউ ডব্লিউ এফৰ বিষয়াই মত প্রকাশ কৰে।
বিভিন্ন সমস্যা সমাধানৰ দাবীত আমছুৰ দহ দফীয়া স্মাৰক পত্ৰ প্ৰদান
আজি আমছুৰ কেন্দ্ৰীয় সহঃ সাধাৰণ সম্পাদক গিয়াছ উদ্দিন তাপাদাৰ, আমছু নেতা মনোৱাৰ হুছেইনৰ নেতৃত্বত জিলা সভাপতি কবিৰ আহমেদ লস্কৰ, কাৰ্যকৰী সভাপতি মামুন ৰচিদ, উপ সভাপতি ক্ৰমে- মুফচ্ছিল খান, সেলিম উদ্দিন, শ্বিবিৰ আহমেদ সহ আমছু হোজাই জিলা সমিতিৰ এটা সজাতি দলে হোজাইৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত দহ দফীয়া দাবীত জিলা উপায়ুক্ত অনুপম চৌধুৰীৰ হাতত এখন স্মাৰকপত্ৰ প্ৰদান কৰে। স্মাৰক পত্ৰ খনত উল্লেখ কৰা দাবী সমূহ হলক্ৰমে হোজাই জিলাত সকলো বিদ্যালয়ত ছাত্ৰ ছাত্ৰী আনুপাতে শিক্ষকৰ নিযুক্তি, সংখ্যালঘু ছাত্ৰ বৃত্তিৰ বাবে প্ৰয়োজন হোৱা উপাৰ্জনৰ প্ৰমাণপত্ৰ ক্ষেত্ৰত ভূমি কৰৰ ( খাজনা) ৰচিদ নোহোৱাকৈ প্ৰদান কৰা,জিলা খনত আমছুৱে প্ৰশাসনৰ লগত সহযোগ কৰি প্ৰায় ৫০০ বাল্য বিবাহ বন্ধ কৰিবলৈ সক্ষম হৈছিল কিন্তু বৰ্তমান প্ৰশাসনৰ পৰা তেনে সহযোগ নোপোৱাত জিলা খনত বাল্য বিবাহৰ দৰে ঘটনা পুনৰ বৃদ্ধি পাবলৈ ধৰিছে। গতিকে এই ক্ষেত্ৰৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনায়, বিগত দিনত হোজাই জিলাৰ বিভিন্ন প্ৰান্তত প্ৰশাসনৰ দ্বাৰা উচ্ছেদ সম্পন্ন হৈছিল। আমাৰ দাবী সকলো ভূমিহীন লোকক জৰিপ কৰি ভূমি আবন্টন দি সংস্থাপন নকৰা পৰ্যন্ত উচ্ছেদ নকৰা, অতিৰিক্ত ওজন বহন কৰি চলাচল কৰা বালিৰ বাহনে যমুনামূখ সমষ্টিৰ পূব অঞ্চল সহ গ্ৰাম্য পথ সমূহ বিধস্ত কৰি পেলাইছে, যাৰ ফলত ছাত্ৰ ছাত্ৰী , ৰোগী সহ সাধাৰণ ৰাইজে জীয়াতু ভূগিব লগা হৈছে। এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ, হোজাই জিলাত বান বিধস্ত লোক সকলক অনতি পলমে দুৰ্যোগ ব্যৱস্থাপনা শিতানৰ জৰিয়তে ক্ষতিপূৰণ দিয়া, বানবিধস্ত অঞ্চলৰ মাথাউৰি তথা বাটপথ অনতিপলমে নিৰ্মাণ কৰা,,যমুনা নৈত অবৈধ খনন বন্ধ কৰা, NRC ৰ পৰা নাম কৰ্তন হোৱা লোক সকলে অনাগত দিনত ন্যায়াধিকৰণত আবেদন কৰিব লাগিব আৰু সেইটো কৰিব যাওঁতে ভোটাৰ তালিকাৰ সত্য প্ৰমাণিত নকলৰ প্ৰয়োজন হব। ইতিমধ্যেই বহু লোকে আবেদন কৰিছে কিন্তু বিভিন্ন কাৰণত সেইবোৰ জাৰি হোৱা নাই। গতিকে ভোটাৰ তালিকা সহ সকলো প্ৰয়োজনীয় নথিপত্ৰ আবেদনকাৰী সকলক কম সময়ৰ ভিতৰত প্ৰদান কৰা আৰু হোজাই জিলাত বিকল হৈ থকা প্ৰতিটো পানী যোগান প্ৰকল্প কাৰ্য্যক্ষম কৰাৰ উপৰিও প্ৰতিখন গাওঁ “জল জীৱন” আচনীত অন্তৰ্ভুক্ত কৰাৰ দাবী জনায় ।
হোজাই জিলাৰ নৱনিযুক্ত উপায়ুক্তৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াৰ লগত গুৰুত্ত্বপূৰ্ণ পৰ্যালোচনা সভা
আজি হোজাই জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত উপায়ুক্ত অনুপম চৌধুৰীৰ অধ্যক্ষতাত জিলা খনৰ চক্ৰ বিষয়া, জনস্বাস্থ্য কাৰিকৰী বিভাগ, খণ্ড উন্নয়ন বিষয়া আৰু স্বাস্থ্য বিভাগৰ মুৰব্বী বিষয়া সকলৰ লগত এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হৈ যায়।সভাত উপায়ুক্ত গৰাকীয়ে বিভাগ সমূহত ৰূপায়িত হৈ থকা বিভিন্ন উন্নয়নমূলক কামৰ স্থিতি সম্পৰ্কে বুজ লয়। হোজাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে জল জীৱন মিছনৰ অধীনত ৰূপায়িত হৈ থকা নলযোগে বিশুদ্ধ খোৱা পানী যোগান আঁচনি প্ৰকল্পৰ সকলো কামৰ বিতং পৰ্যালোচনাৰ অন্তত উপায়ুক্ত গৰাকীয়ে এই ক্ষেত্ৰত অসম্পূৰ্ণ কাম সমূহ অধিক ক্ষীপ্ৰতাৰে আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ প্ৰদান কৰে। পৰ্যালোচনা সভাত উপায়ুক্তই জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ পৰা বৰ্তমান চলি থকা ক’ভিড-১৯ টীকাকৰণ প্ৰক্ৰিয়া সন্দৰ্ভত বুজ লয় আৰু এই ক্ষেত্ৰত তেওঁ উপস্থিত চক্ৰ বিষয়া সকলক তেওঁলোকৰ সংশ্লিষ্ট বুথ পৰ্যায়ৰ বিষয়া (BLO) সকলৰ পৰা বৰ্তমানলৈকে টীকা গ্ৰহণ নকৰা ব্যক্তি সকলৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে যি সমূহ অঞ্চলত টীকা গ্রহণৰ হাৰ নিম্ন সেই অঞ্চল সমূহত সজাগতামূলক সভা অনুষ্ঠিত কৰাৰ সমান্তৰালকৈ বিশেষ টীকাকৰণ শিবিৰ স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে।

ইয়াৰোপৰিও তেওঁ খণ্ড উন্নয়ন বিষয়া সকলৰ পৰা জিলাখনত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ (গ্ৰামীন) কামৰ অগ্ৰগতি সম্পৰ্কেও বুজ লয়।সভাৰ অন্তত উপায়ুক্ত গৰাকীয়ে উপস্থিত সকলো বিষয়াক তেওঁলোকৰ তত্বাৱধানত চলি থকা আঁচনি সমূহ ৰূপায়ণৰ ক্ষেত্ৰত কোনো বাধাৰ সন্মুখীন হলে অতি সোনকালে তেওঁক অৱগত কৰিবলৈ আহ্বান জনোৱাৰ লগতে কাম সমূহ নিয়মিত ভাৱে পৰিদৰ্শন কৰি থাকিবলৈ নিৰ্দেশ প্ৰদান কৰে ।গুৰুত্বপূৰ্ণ এই পৰ্যালোচনা সভাত অতিৰিক্ত উপায়ুক্ত(উন্নয়ন) গকুল চন্দ্ৰ ব্ৰহ্ম, জয় শংকৰ শৰ্মা আৰু মহকুমাধিপতি(সদৰ) সুদীপ নাথ প্ৰমুখ্যে সংশ্লিষ্ট বিষয়া কর্মচাৰী উপস্থিতি থাকে।
ড্ৰাগছ আসক্ত যুৱকৰ বিৰুদ্ধে সাহসিকতাৰে যুজ দি নগাওঁ আৰক্ষীৰ প্ৰসংশা বুটলিছে তিনি সাহসী কিশোৰীয়ে
সাহসিকতাৰ পৰিচয় দিলে নগাঁৱৰ তিনি কন্যাই।ড্ৰাগছ আসক্ত যুৱকৰ বিৰুদ্ধে সাহসিকতাৰে যুঁজ দি নগাওঁ আৰক্ষীৰ প্ৰশংসা বুটলিছে তিনি সাহসী কন্যা ৰুবিত্ৰা পাটৰ,শিল্পী শিখা বৰা আৰু ইনাজ বেগমে।ৰুবিত্ৰা পাটৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰী হোৱাৰ লগতে ইনাজ বেগমে নৱম মান আৰু শিল্পীশিখা বৰা অষ্টম শ্ৰেণীৰ ছাত্ৰী।উল্লেখযোগ্য যে নগাঁৱৰ নেহৰুবালিত এথলেটিকছ অনুশীলন কৰিবলৈ আহিছিল তিনিও গৰাকী কিশোৰী।সেইসময়ত নেহৰুবালি খেলপথাৰত ড্ৰাগছ সেৱন কৰি আছিল কেইবাজনো যুৱকে। ড্ৰাগছ সেৱন কৰি থকা যুৱক কেইজনক কোনেও আতৰাই পঠাবলৈ সাহস কৰা নাছিল।কিন্তু তিনি সাহসী কন্যাই ইয়াৰ প্ৰতিবাদ জনাই সাহসিকতাৰে আটক কৰিলে ড্ৰাগছ সহ ড্ৰাগছ সেৱন কৰি থকা যুৱক আজিজুলক।তিনি কিশোৰীক প্ৰহাৰ কৰিবলৈও তৎপৰ হৈছিল ড্ৰাগছ আসক্ত যুৱকৰ দলটো।কিন্তু নেহৰুবালি খেলপথাৰত তিনি কিশোৰীক সহায় কৰিবলৈ আগবাঢ়ি অহা নাছিল এজনো লোক।তথাপিও সাহসিকতাৰে তিনি কিশোৰীয়ে আবদ্ধ কৰিলে আজিজুল নামৰ এজন ড্ৰাগছ আসক্তক।তাৰ পিছত যুৱক জনক গটাই দিয়ে আৰক্ষীক।তিনিও গৰাকী কিশোৰীৰ সাহসিকতা এতিয়া ব্যাপক ভাবে চৰ্চিত হৈছে ৰাইজৰ মাজত।নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰয়ো প্ৰসংশা কৰে তিনি সাহসী কিশোৰীৰ।আনকি অতিশীঘ্ৰে তিনিও কিশোৰীক আৰক্ষীৰ ফালৰ পৰা বিশেষ সন্মানেৰে সন্মানিত কৰা হব বুলিও মন্তব্য কৰে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই।











