Home Blog Page 2875

হোজাই জিলাৰ নৱনিযুক্ত উপায়ুক্তৰ বিভিন্ন বিভাগৰ মুৰব্বী বিষয়াৰ লগত গুৰুত্ত্বপূৰ্ণ পৰ্যালোচনা সভা

 আজি হোজাই জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত উপায়ুক্ত অনুপম চৌধুৰীৰ  অধ্যক্ষতাত জিলা খনৰ চক্ৰ বিষয়া, জনস্বাস্থ্য কাৰিকৰী বিভাগ, খণ্ড উন্নয়ন বিষয়া আৰু স্বাস্থ্য বিভাগৰ মুৰব্বী বিষয়া সকলৰ লগত এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা সভা অনুষ্ঠিত হৈ যায়।সভাত উপায়ুক্ত গৰাকীয়ে বিভাগ সমূহত ৰূপায়িত হৈ থকা বিভিন্ন উন্নয়নমূলক কামৰ স্থিতি   সম্পৰ্কে বুজ লয়। হোজাই জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে জল জীৱন মিছনৰ অধীনত ৰূপায়িত হৈ থকা  নলযোগে বিশুদ্ধ খোৱা পানী যোগান আঁচনি প্ৰকল্পৰ সকলো কামৰ বিতং পৰ্যালোচনাৰ অন্তত উপায়ুক্ত গৰাকীয়ে এই ক্ষেত্ৰত অসম্পূৰ্ণ কাম সমূহ অধিক ক্ষীপ্ৰতাৰে আৰু নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰাৰ নিৰ্দেশ প্ৰদান কৰে। পৰ্যালোচনা সভাত উপায়ুক্তই জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ পৰা বৰ্তমান চলি থকা ক’ভিড-১৯ টীকাকৰণ প্ৰক্ৰিয়া সন্দৰ্ভত বুজ লয় আৰু এই ক্ষেত্ৰত তেওঁ উপস্থিত চক্ৰ বিষয়া সকলক তেওঁলোকৰ সংশ্লিষ্ট বুথ পৰ্যায়ৰ বিষয়া (BLO) সকলৰ পৰা বৰ্তমানলৈকে টীকা গ্ৰহণ নকৰা ব্যক্তি সকলৰ তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে যি সমূহ অঞ্চলত টীকা গ্রহণৰ হাৰ নিম্ন সেই অঞ্চল সমূহত সজাগতামূলক সভা অনুষ্ঠিত কৰাৰ সমান্তৰালকৈ বিশেষ টীকাকৰণ শিবিৰ স্থাপন কৰিবলৈ নিৰ্দেশ দিয়ে।


ইয়াৰোপৰিও তেওঁ খণ্ড উন্নয়ন বিষয়া সকলৰ পৰা জিলাখনত প্ৰধান মন্ত্ৰী আৱাস যোজনাৰ (গ্ৰামীন) কামৰ অগ্ৰগতি সম্পৰ্কেও বুজ লয়।সভাৰ অন্তত উপায়ুক্ত গৰাকীয়ে উপস্থিত সকলো বিষয়াক তেওঁলোকৰ তত্বাৱধানত চলি থকা আঁচনি সমূহ ৰূপায়ণৰ ক্ষেত্ৰত কোনো বাধাৰ সন্মুখীন হলে অতি সোনকালে তেওঁক অৱগত কৰিবলৈ আহ্বান জনোৱাৰ লগতে  কাম সমূহ নিয়মিত ভাৱে পৰিদৰ্শন কৰি থাকিবলৈ নিৰ্দেশ প্ৰদান কৰে ।গুৰুত্বপূৰ্ণ এই পৰ্যালোচনা সভাত অতিৰিক্ত উপায়ুক্ত(উন্নয়ন)  গকুল চন্দ্ৰ ব্ৰহ্ম,  জয় শংকৰ শৰ্মা আৰু মহকুমাধিপতি(সদৰ)  সুদীপ নাথ প্ৰমুখ্যে সংশ্লিষ্ট বিষয়া কর্মচাৰী উপস্থিতি থাকে।

ড্ৰাগছ আসক্ত যুৱকৰ বিৰুদ্ধে সাহসিকতাৰে যুজ দি নগাওঁ আৰক্ষীৰ প্ৰসংশা বুটলিছে তিনি সাহসী কিশোৰীয়ে

 সাহসিকতাৰ পৰিচয় দিলে নগাঁৱৰ তিনি কন্যাই।ড্ৰাগছ আসক্ত যুৱকৰ বিৰুদ্ধে সাহসিকতাৰে যুঁজ দি নগাওঁ আৰক্ষীৰ প্ৰশংসা বুটলিছে তিনি সাহসী কন্যা ৰুবিত্ৰা পাটৰ,শিল্পী শিখা বৰা আৰু ইনাজ বেগমে।ৰুবিত্ৰা পাটৰ উচ্চতৰ মাধ্যমিক দ্বিতীয় বৰ্ষৰ ছাত্ৰী হোৱাৰ লগতে ইনাজ বেগমে নৱম মান আৰু শিল্পীশিখা বৰা অষ্টম শ্ৰেণীৰ ছাত্ৰী।উল্লেখযোগ্য যে নগাঁৱৰ নেহৰুবালিত এথলেটিকছ অনুশীলন কৰিবলৈ আহিছিল তিনিও গৰাকী কিশোৰী।সেইসময়ত নেহৰুবালি খেলপথাৰত ড্ৰাগছ সেৱন কৰি আছিল কেইবাজনো যুৱকে। ড্ৰাগছ সেৱন কৰি থকা যুৱক কেইজনক কোনেও আতৰাই পঠাবলৈ সাহস কৰা নাছিল।কিন্তু তিনি সাহসী কন্যাই ইয়াৰ প্ৰতিবাদ জনাই সাহসিকতাৰে আটক কৰিলে ড্ৰাগছ সহ ড্ৰাগছ সেৱন কৰি থকা যুৱক আজিজুলক।তিনি কিশোৰীক প্ৰহাৰ কৰিবলৈও তৎপৰ হৈছিল ড্ৰাগছ আসক্ত যুৱকৰ দলটো।কিন্তু নেহৰুবালি খেলপথাৰত তিনি কিশোৰীক সহায় কৰিবলৈ আগবাঢ়ি অহা নাছিল এজনো লোক।তথাপিও সাহসিকতাৰে তিনি কিশোৰীয়ে  আবদ্ধ কৰিলে আজিজুল নামৰ এজন ড্ৰাগছ আসক্তক।তাৰ পিছত  যুৱক জনক গটাই দিয়ে আৰক্ষীক।তিনিও গৰাকী কিশোৰীৰ সাহসিকতা এতিয়া ব্যাপক ভাবে চৰ্চিত হৈছে ৰাইজৰ মাজত।নগাঁৱৰ আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰয়ো প্ৰসংশা কৰে তিনি সাহসী কিশোৰীৰ।আনকি অতিশীঘ্ৰে তিনিও কিশোৰীক আৰক্ষীৰ ফালৰ পৰা বিশেষ সন্মানেৰে সন্মানিত কৰা হব বুলিও মন্তব্য কৰে আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰই।

ৰাজ্যত অতি শিঘ্ৰেই উপলব্ধ হ’ব ১২ বছৰৰ অধিক বয়সৰ শিশুৰ COVID-19 ভেকচিন

চৰকাৰৰ ভেকছিন পৰামৰ্শদাতা গোটৰ মুৰব্বী ড০ এন কে অৰোৰাই কৈছে যে কোমৰ্বিডিটি থকা ১২ বছৰৰ অধিক বয়সৰ শিশুক COVID-19 টিকাকৰণৰ বাবে প্ৰাথমিকতা দিয়া হ’ব। ভাৰতীয় ঔষধ নিয়ন্ত্ৰক জেনেৰেলে জাইকোভি-ডি-ক জৰুৰীকালীন অনুমোদন প্ৰদান কৰাৰ পিছত এইটো আহিছে, যাৰ ফলত ই ভাৰতৰ প্ৰথম ভেকছিন যি প্ৰাপ্তবয়স্ক আৰু লগতে ১২ বছৰৰ অধিক বয়সৰ শিশুক প্ৰদান কৰিব পাৰি।

অসম-মিজোৰাম সংঘৰ্ষক লৈ প্ৰতিবেদন দাখিল ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ

ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে (এনএইচআৰচি) দেওবাৰে কেন্দ্ৰীয় গৃহ সচিব আৰু অসম আৰু মিজোৰামৰ মুখ্য সচিবসকলক ২৬ জুলাইত সংঘটিত দুয়োখন ৰাজ্যৰ মাজত আন্তঃৰাজ্যিক সীমান্ত সংঘৰ্ষক লৈ জাননী জাৰি কৰে। এনএইচআৰচিয়ে তেওঁলোকক চাৰি সপ্তাহৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ কয়। এন.এইচ.আৰ.চি.-য়ে কয় যে ২৬ জুলাইত “মানৱ অধিকাৰৰ গুৰুতৰ উলংঘন” সংঘটিত হৈছিল।

নলবাৰীত শ-শ বাছ কৰ্মীয়ে ৰখাই দিলে বহি:জিলা পৰা অহা বাছ সমূহ

ক’ভিড অতিমাৰীৰ বাবে সমগ্ৰ ৰাজ্যতে আন্তঃজিলা বাছ সেৱা বন্ধ হৈ আছে । কিন্তু আৰক্ষী-প্ৰশাসনৰ নীৰৱ ভূমিকাৰ বাবেই বহুটো যাত্ৰীবাহী বাছ বৰ্তমান সময়তো যাতায়ত কৰি আছে । ইফালে কোভিড প্ৰট’কল মানি একাংশ বাচ কৰ্মী আৰ্থিক দিশত শোচনীয় অৱস্থা হোৱাত পৰিলক্ষিত হৈছে । যাৰ বাবে উক্ত বাছ কৰ্মী সকলে চৰকাৰ তথা প্ৰশাসনক এই ক’ভিড সৃষ্ট পৰিবেশত সহায়ৰ হাত আগবঢ়াবলৈ আহ্বান জনাইছে । কিন্তু অন্যহাতে একাংশ বাছ কৰ্মীয়ে আৰক্ষীৰ চকুত ধূলি দি গাড়ীত যাত্ৰী কঢ়িয়াই অন্য জিলাৰ পৰা অন্য জিলালৈ যাতায়ত কৰি আছে । সেয়েহে আজি নলবাৰী গণেশ মন্দিৰ চ’কত নলবাৰী জিলা বাছ শ্ৰমীক সন্থাই সকলো আন্তঃজিলা বাছ সমূহ ৰখাই দিয়ে । লগতে নিজ স্থানলৈ ঘূৰাই পথাই । সংবাদ মাধ্যমৰ আগত বাছ শ্ৰমিক সন্থাই অৱগত কৰাই যে পেটত গাঠী দি তেওলোকে কভিড প্ৰট’কল মানি আছে ।তথাপিও একাংশ বাছ চলি আছে । সেয়েহে অনতি পলমে আন্তঃজিলা মুকলি কৰিব লাগে বুলি সংবাদ মাধ্যমৰ দ্বাৰা বাছ কৰ্মী সকলে চৰকাৰক আহ্বান জনায় ।

লুইতৰ খহনীয়াত শংকিত চেঙাৰ কাছুমাৰা কাশিমপুৰ বাসী

নগৰবেৰাৰ পাৰ্শ্বৱৰ্তী চেঙা সমষ্টিৰ কাছুমাৰা আৰক্ষী থানাৰ অন্তৰ্গত কাছুমাৰা-কাশিমপুৰত অব্যাহত আছে লুইতৰ ভয়াবহ খহনীয়া। শ-শ পৰিয়াল গৃহহীন, সৰ্বস্বান্ত নৈপৰীয়া গয়া। আপোন ঘৰ নদীৰ বুকুত জাহ যোৱাত নীৰৱে উচুুপিছে গৃহহীন পৰিয়ালৰ প্ৰতিজনে। কাছুমাৰা-কাশিমপুৰৰ প্ৰায় তিনিশটা পৰিয়াল গৃহহীন হোৱাৰ লগতে শ-শ বিঘা কৃষি ভূমি জাহ গৈছে নদীৰ বুকুত। ইতিমধ্যে নদীৰ বুকুত বিলীন হৈছে চৰকাৰী-বেচৰকাৰী বিদ্যালয়। গৰাখহনীয়াৰ কবলত পৰি হেপাঁহেৰে সজা আপোন ঘৰ-ভেটি এৰি বহু পৰিয়াল স্থানান্তৰ হৈছে  নিৰাপদ স্থানলৈ। আশ্চৰ্যকৰ ভাবে বহুবাৰ কাবৌ-ককালি কৰা স্বত্বেও ভুক্তভোগী নৈপৰীয়া গয়াৰ দুৰ্দিনলৈ চৰকাৰ-প্ৰশাসন কিম্বা সমষ্টিৰ বিধায়কে গুৰুত্ব নিদিয়াৰ অভিযোগ। পুনৰ চৰকাৰ-প্ৰশাসনৰ লগতে  স্থানীয় বিধায়কক গৰাখহনীয়া প্ৰতিৰোধৰ বাবে ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৰাইজে। 

টেট শিক্ষকৰ ‘পদূলিমূৰৰ পুথিভঁৰাল’: গ্ৰন্থ অধ্যয়নৰ নীৰৱ বিপ্লৱ

গ্ৰন্থ অধ্যয়ন এক প্ৰেৰণা আৰু উৎসাহৰ যোগ্য কাম।মানুহৰ মাজত এই সুস্থ ৰুচিবোধ জগাই তুলিবলৈ বিভিন্নজনে বিভিন্ন ধৰণে প্ৰয়াস কৰি আহিছে।এইবাৰ গোৱালপাৰা জিলাৰ এজন টেট শিক্ষকে এক অভিনৱ চিন্তাৰে গ্ৰন্থ অধ্যয়নৰ জগত খনলৈ এক নতুন সম্ভাৱনা কঢ়িয়াই আনিছে। আপোনাৰ প্ৰিয় গ্ৰন্থখন বিনামূল্যে আপুনি ঘৰতে বহি পাব আৰু পঢ়িব পৰাৰ বাট মোকলাইছে গোৱালপাৰা জিলাৰ মাটিয়াত কৰ্মৰত টেট শিক্ষক নয়নজ্যোতি দাসে।এয়া সম্ভৱ হৈছে এতিয়ালৈকে তেওঁৰ নিজা তথা একক প্ৰচেষ্টাত গঢ় লৈ উঠা ‘আৱৰ্তন:পদূলিমূৰৰ পুথিভঁৰাল’ৰ জৰিয়তে। ছপাৰ লগত জৰিত সকলোবোৰ সামগ্ৰীৰে অত্যধিক মূল্যবৃদ্ধিৰ কাৰণে ছপা গ্ৰন্থৰ মূল্যবৃদ্ধিও অৱধাৰিত হৈ পৰিছে।মন কৰিবলগীয়া কথাটো হ’ল যে গ্ৰন্থৰ প্ৰকাশ কেতিয়াও সেৱাসৰ্বস্ব হ’ব বা তাৰ লগত লাভ লোকচানৰ কথা জৰিত নাথাকিব বুলি ভৱাটো ভুল।অথচ গ্ৰন্থ অধ্যয়নৰ স্পৃহা সদায় প্ৰেৰণা আৰু উৎসাহৰ যোগ্য।ইচ্ছা থকা সত্বেও গ্ৰন্থৰ মূল্য অধিক হোৱাৰ বাবে,অথবা সংগ্ৰহ কৰাৰ সুবিধা নথকাৰ বাবে বহুতেই বহুসময়ত কিতাপ কিনি পঢ়িব নোৱাৰেগৈ।  সেইবাবেই গ্ৰন্থ অধ্যয়নৰ প্ৰতি আগ্ৰহ থকাসকলকে ঘাইকৈ “আৱৰ্তন:পদূলিমূৰৰ পুথিভঁৰাল”ৰ পৰা ডাকযোগে কিতাপ যোগান ধৰা হয় আৰু পঢ়াৰ শেষত ডাকযোগেই ঘূৰাই পঠিওৱাটো নিয়ম। ইয়াৰ বাবে গ্ৰন্থানুৰাগীসকলে পঢ়িব খোজা কিতাপখনৰ নাম,নিজৰ ঠিকনা,ফোন নম্বৰ আদি যোগান ধৰিলেই হয়।মূলত: কিতাপ পঢ়িবলৈ আগ্ৰহী অথচ কিতাপ কিনিবলৈ অসমৰ্থ সকলকে এনেদৰে কিতাপ যোগান ধৰা হয় যদিও শেহতীয়াকৈ পাঠকৰ সঁহাৰিৰ প্ৰতি লক্ষ্য ৰাখি সকলো পাঠককে আৱৰ্তনে সামৰি লৈছে।এনেদৰে এইবছৰৰ জানুৱাৰী মাহত প্ৰতিষ্ঠা লাভ কৰা পদূলিমূৰৰ পুথিভঁৰালে প্ৰায় ডেৰশজন পাঠকক কিতাপ পঢ়াৰ সুবিধা কৰি দিছে।ইয়াৰ বাবে পুথিভঁৰালৰ নামত কোনো নিৰ্দিষ্ট কাৰ্যালয় বা ভৱন নথকাকৈ কেৱল ফেচবুকৰ মাধ্যমেৰেই  সম্পূৰ্ণ প্ৰক্ৰিয়াটো চলাই নিয়া বুলি আমাক শিক্ষক দাসে জানিবলৈ দিছে।বৰ্তমান কেৱল গোৱালপাৰা জিলাৰ মাটিয়াৰ ইছলামপুৰ প্ৰাথমিক বিদ্যালয়ৰ সহ:শিক্ষক হিচাপে কৰ্মৰত দাসৰ পুথিভঁৰালৰ কিতাপ সমগ্ৰ অসমৰ বিভিন্ন জিলাৰ পাঠকলৈ গৈছে।সম্প্ৰতি ক’ভিড-১৯ৰ দ্বিতীয় ঢৌৱে পুথিভঁৰালৰ কাম কাজত কিছু জটিলতাৰ সৃষ্টি কৰিলেও এই যাত্ৰা অটুট থাকিব বুলি দাসে আমাক জানিবলৈ দিছে আৰু ৰাইজৰ সহায় সহযোগিতা কামনা কৰিছে। উল্লেখ্য যোগ্য যে শিক্ষক দাসৰ ঘৰ নগাঁও জিলাৰ ননৈৰ ওচৰৰ কমাৰ পানী গাঁওৰ অৱসৰী শিক্ষক ধৰ্মেশ্বৰ দাসৰ সু-যোগ্য সন্তান ।     

ধূপধৰাৰ বিভিন্ন প্ৰান্তত পৰিত্যক্ত অৱস্হাত বিদ্যুতৰ খুঁটা

সম্প্ৰতি  ৰাজ্য চৰকাৰৰ শক্তি বিভাগ সৰৱ হৈ ক্ষীপ্ৰতাৰে কাৰ্য সম্পাদন কৰা পৰিলক্ষিত হৈছে । বিশেষকৈ অবৈধ ভাৱে বিদ্যুৎ সংযোগ কৰা বা বিদ্যুতৰ মাছুল নিদিয়া সকলৰ বাবে কঠোৰ গৈছে । সেই হিচাপে গোৱালপাৰা জিলাৰ বিভিন্ন স্হানতো বিদ্যুৎ বিভাগে এই অভিযান  চলাই আছে যদিও ইয়াৰ পূব প্ৰান্তত অৱস্হিত  ধূপধৰা স্হিত বৈদ্যুতিক উপ:সংমণ্ডলৰ অধীনৰ  ভিন্ন  স্হানৰ গাঁৱত  আজি কেই বছৰৰ পৰা বিদ্যুতৰ পকী খুঁটা  পৰিত্যক্ত অৱস্হাত  পৰি আছে ।  জানিব পৰা মতে  বৃহত্তৰ  ধূপধৰা অঞ্চলত  বিভাগে  আজি কেই বছৰৰ পৰা  চৰকাৰী  আঁচনিৰ জৰিয়তে  এই  পকী খুঁটা সমূহ পুতি বিদ্যুৎ সংযোগৰ কাম কৰি আহিছিল । কাম সম্পাদন কৰাৰ পিছতে এইদৰে  য’ত-ত’ত  পেলাই  থৈ দিয়া হয় পকী পোষ্ট সমূহ ।  উপ:সংমণ্ডলটোৰ  বিমানপাৰা গাঁৱৰ পথৰ কাষৰ লগতে খেকাপাৰাৰ শিল ভঙা ক্ৰেছাৰ মেছিনৰ কাষত কেইবা ডালো পোষ্ট আজিও  পৰিত্যক্ত অৱস্হাতে আছে ।  অঞ্চলটোৰ  কেইবাখনো স্হানত  আজিও বাৰুকৈয়ে প্ৰয়োজন হৈ থকা বিদ্যুতৰ  খুঁটা এনেদৰে কেইবা বছৰো পৰিত্যক্ত  হৈ থকা  কাৰ্যই  ধূপধৰা স্হিত উপ:সংমণ্ডলৰ কাৰ্যালয়ৰ কৰ্মচাৰীৰ অমনোযোগীতাকে সূচাইছে ।

দুধনৈ সমষ্টিৰ বিভিন্ন প্ৰান্তত বিধ্বস্ত পথৰ বাবে ৰাইজৰ দুৰ্ভোগ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিধ্বস্ত পথৰ বাবে ৰাইজে দুৰ্ভোগ ভুগি অহাৰ সময়তে গোৱালপাৰা জিলাৰ ৩৬ নং দুধনৈ জনজাতি বিধান সভা সমষ্টিৰ অন্তৰ্গত টিপলাই – গেৰুৱা সংযোগী পথটোৰ জৰাজীৰ্ণ ৰূপে সকলো শ্ৰেণীৰ পথাচাৰীকে জীয়াতু ভোগাইছে। দুধনৈ লোক-নিৰ্মাণ (পথ) উপ-সংমণ্ডলৰ অন্তৰ্গত তথা টিপলাই-গেৰুৱা সংযোগী পকী পথটোৰ বহু অংশ জৰাজীৰ্ণ হৈ পথত বৃহৎ বৃহৎ গাঁতৰ সৃষ্টি হৈছে। যাৰ ফলত পথটোৰে যাতায়াত কৰা সকলো পথাচাৰী ভিষণ অসুবিধাৰ সন্মুখীন হ’বলগী হৈছে। পথটোৰ টিপলাই চাৰিআলি দৈনিক বজাৰৰ পৰা বৰপাথাৰ হৈ গেৰুৱা সংযোগী পথটো পকীকৰণ কৰাৰ কেইমাহমানৰ পিছতে বহু অংশত ব্লেক টেপিং এৰি গৈ পথটোৰ বহু অংশ জৰাজীৰ্ণ হৈ পৰে। উল্লেখ্য প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ অধীনত পকীকৰণ কৰা পথটোৰ ম্যাদৰ সময় সীমাৰ ভিতৰত জৰাজীৰ্ণ হৈ পৰা বাবে পুনৰ জৰাজীৰ্ণ হৈ পৰা অংশ সমুহ সংশ্লিষ্ট ঠিকাদাৰ গৰাকীয়ে মেৰামতি কৰি দিয়ে যদিও পথটোৰ নিৰ্মাণৰ নিবিদা লাভ কৰা সংশ্লিষ্ট ঠিকাদাৰ গৰাকীয়ে নিম্নমানদণ্ডৰ কাম কৰা হেতুকে পথটো অতি কম দিনৰ ভিতৰতে জৰাজীৰ্ণ হৈ পৰাত যমৰ যাতনা ভুগিব লগা হৈছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজ । পথটো জৰাজীৰ্ণ হৈ পৰা বাবে ১০৮ সেৱাৰ বাহন সমুহ পথটোৰে আহিব নিবিচাৰে যাৰ ফলত মুমূৰ্ষু ৰোগীসকলক, প্ৰসূতিসকল ভীষণ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয় । আনহাতে বৰষুণ পৰিলেই বোকাময় হৈ পৰা পথটোত যি কোনো মুহূৰ্ততে দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা নুই কৰিব নোৱাৰি। সেয়েহে পথছোৱা মেৰামতি কৰি দি বৃহত্তৰ অঞ্চলটোৰ যাতায়াত ব্যৱস্থা সুচল কৰি তোলাৰ বাবে স্থানীয় বিধায়ক যাদৱ স্বৰ্গীয়াৰীক ৰাইজে দাবী জনাইছে ।

সোণাৰিত পুনৰ শিশু কণ্যাক বলি

 চৰাইদেউ জিলাৰ সোণাৰিত সংঘটিত হৈছে এটা লোমহৰ্ষক হত্যাকাণ্ড। অতি লোমহৰ্ষক নৰবলি সদৃশ এই ঘটনা সংঘটিত হৈছে চৰাইদেউ জিলাৰ অসম-নাগালেণ্ডৰ সীমান্তবৰ্তী টিঙালীবাম চাহ বাগিচাত। অন্ধবিশ্বাসৰ বশৱৰ্তী হৈয়েই এই ঘটনাৰ বলি হৈছে প্ৰথম শ্ৰেণীৰ এগৰাকী কণমানি ছাত্ৰী। নাম আলিয়া তাতি। উল্লেখ্য যে, সীমান্তবৰ্তী টিঙালীবাম চাহ বাগিচাৰ ১৩ নংশ্ৰমিক লাইনৰ বাসিন্দা মংলু তাতি আৰু তিলেশ্বৰী তাতিৰ কণ্যা আজি দুপৰীয়া ভাগত লগৰীয়াৰ সতে খেলি আছিল। কিন্তু তাৰ মাজতেই ঘৰৰ পৰা নোহোৱা হয়। বিয়লি পৰলৈকে কন্যা গৰাকীৰ কোনো শূংসূত্ৰ নোপোৱাত শ্ৰমিক লাইনতোত আতংকৰ সৃষ্টি হয়। বহু বিচাৰ খোচাৰ কৰাৰ পাছত কণমানি আলিয়াৰ ক্ষত-বিক্ষত মৃতদেহ উদ্ধাৰ হয় এখন ক্ষুদ্ৰ চাহ বাগিচাৰ মাজত। স্থানীয় ৰাইজে কণমানি আলিয়াৰ তেজেৰে লুতুৰি-পুতুৰি হৈ ঘাহনিত পৰি থকা নিঠৰ দেহ প্ৰত্যক্ষ কৰি এইয়া নৰবলি হোৱা বুলি সন্দেহ কৰিছে। মৃতদেহৰ ডিঙিৰ আগফালে চোকা দা বা তেনে জাতীয় অস্ত্ৰৰে ৰেপ দিয়াৰ চিন স্পষ্ট ৰূপত জিলিকি আছে। আৰক্ষীয়ে কণমানি আলিয়াৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে। ঘটনাৰ সন্দৰ্ভত চৰাইদেউ আৰক্ষীৰ তদন্ত অব্যাহত আছে।