Home Blog Page 2887

ভাদ মাহত পালনামৰ বাবে সাজু ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ

সমাগত পবিত্ৰ ভাদ মাহ।পালনামৰ বাবে সাজু হৈছে ঐতিহাসিক মাধৱদেৱে প্ৰতিষ্ঠিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ।পবিত্ৰ ভাদ মাহ সোমাবলৈ মাত্ৰ মাজত ৫ দিনহে বাকী।পূৰ্বৰ পৰম্পৰা অনুসৰি মাহজোৰা পালনামৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে উজনি অসমৰ পিঠ স্থান স্বৰুপ শ্ৰীশ্ৰী মাধৱদেৱ স্থাপিত ঢেকীয়াখোৱা বৰনামঘৰ।ৰাজ্যত ক’ভিড মহামাৰীৰ দ্বিতীয় ঢৌ এই পৰ্য্যন্ত অব্যাহত আছে যদিও অনিচ্ছয়তাৰ মাজতো ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ বৈষ্ণৱক আদৰিবলৈ সাজু হৈছে ঢেকীয়াখোৱা বৰ নামঘৰ।বৰনামঘৰ চৌহদ চুণ তেল দি উজলাই তোলাৰ লগতে চাফ চিকুন কৰি ৰখা হৈছে চাৰিওদিশ। ধৰ্মানুস্থান ভাগিত প্ৰতি বছৰেই ভক্তৰ সমাগমে সমগ্ৰ ভাদমাহতোতে উৎসৱ মুখৰ পৰিবেশ সৃষ্টি কৰাৰ লগতে হৰি নামৰ অপূৰ্ব ধ্বনিৰে মুখৰিত কৰে আকাশ বতাহ।প্ৰতিজন ভক্তই নাম হৃদয়ংগম কৰাৰ উপৰিও শৰাই বন্তি আগবঢাই মনোবাঞ্চা পূ্ৰণাৰ্থে আৰ্শীবাদ গ্ৰহণ কৰে।কিন্তু কৰ’ণাৰ বাবে এই বৰ্ষতো পালনাম আয়োজন কৰাত আহি পৰিছে চৰম অনিচ্ছয়তা।ততঃস্বতেও ক’ভিডৰ চৰকাৰী নিৰ্দেশনা মাজেৰেই  ৫০০ বছৰীয়া পৰম্পৰা তিনিজন ভকতক লৈ হলেও পালন কৰা হ’ব বুলি জানিবলৈ দিছে পৰিচালনা সমিতিয়ে, আৰু জিলা প্ৰশাসনৰ লগত যোগাযোগ অব্যাহত ৰাখিছে জানিবলৈ দিয়ে ।

নদুৱাৰত আন্তৰ্জাতিক আদিবাসী দিৱস পালন

সমগ্ৰ পৃথিৱীতে ৯ আগষ্ট দিনটোত আন্তর্জাতিক আদিবাসী দিৱস পালনৰ লগতে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত অনুষ্টুপীয়াকৈ পালন কৰাৰ দৰে নদুৱাৰতো চাহ জনগোষ্ঠীৰ আদিবাসী সকলে আন্তৰ্জাতিক আদিবাসী দিৱস পালন কৰে । বিগত বৰ্ষত নদুৱাৰ অঞ্চলৰ বিভিন্ন প্ৰান্তত ৯ আগষ্টৰ দিনটোত আদিবাসী জনগোষ্ঠীটোৰ দল,সংগঠনে বিভিন্ন অনুষ্ঠানৰ আয়োজন কৰি আহিছে যদিও সম্প্ৰ্তি ক’ভিড সৃষ্ট পৰিস্থিতিত নদুৱাৰ অঞ্চলত এই বেলি তেনে কোনো অনুষ্ঠানিক আয়োজনৰ পৰিলক্ষিত নহল। উল্লেখ্য যে আদিবাসী জনগোষ্ঠীৰ লোকে ১৯৯৪ চনৰ পৰাই বিশ্বব্যাপী পালন কৰি আহিছে আন্তৰ্জাতিক আদিবাসী দিৱসটি। ৫ টাকৈ মহাদেশ ৪০ টাতকৈ অধিক দেশত বসবাস কৰা  আদিবাসী জনগোষ্ঠীটোৰ  ৩০-৩৫ কোটি জনসংখ্যা। এইদৰে বিভিন্ন দেশত বিভিন্ন নামেৰে পৰিচিত প্রথম জাতি, উপ-জাতি, আদিবাসী, ক্ষুদ্র-নৃ-গোষ্ঠি, ক্ষুদ্র-জাতিসত্ত্বা পৰিচয় পোৱা যায়।আদিবাসী জাতিসত্ত্বাৰ আত্ম-পৰিচয়, সামাজিক,সাংস্কৃতিক ও অর্থনৈতিকভাবে অধিকাৰ সংৰক্ষণৰ বাবে আদিবাসী ও ট্রাইবেল জনগোষ্ঠী কনভেঞ্চন-১৯৫৭(১০৭) আৰু আদিবাসী ও ট্রাইবেল জনগোষ্ঠী কনভেঞ্চন-১৯৮৯(১৬৯) দুটা ধাৰা গৃহীত হয়। আন্তৰ্জাতিক আদিবাসী দিৱস উপলক্ষে বিশেষ ভাবে জনগোষ্ঠীটোৰ ৰাজ্যখনৰ এক মাত্ৰ ছাত্ৰ সংগঠন সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ নদুৱাৰ আঞ্চলিক সমিতিৰ সভাপতি অনন্ত কুজুৰে সকলোলৈকে দিবসৰ দিনা শুভেচ্ছা জ্ঞাপন কৰি সাংবাদিকৰ আগত কয় যে বিশ্বব্যাপী আদিবাসী জনগণই নিজস্ব সাংস্কৃতিক পৰিচয়, ভূমি অধিকাৰ,অঞ্চল বা ঠাইৰ অধিকাৰ প্রাকৃতিক সম্পদৰ অধিকাৰও নাগৰিকৰ মর্যদাৰ স্বীকৃতিৰ দাবীত দিৱসটি পালন কৰি আহিছে। বিশেষকৈ বিভিন্ন দেশৰ সংখ্যাত ক্ষুদ্র জাতিসত্ত্বাও আদিবাসীসকলৰ স্বতন্ত্র সাংস্কৃতিক পৰিচয় দাঙি ধৰাৰ গুৰুত্ব প্ৰদান কৰি পালন কৰা হয় এই আন্তর্জাতিক দিৱসটি। সাধাৰণতে কোনো এটি নির্দিষ্ট অঞ্চলত অণুপ্রবেশকাৰী বা দখলকাৰী জনগোষ্ঠীৰ আগমনৰ পূৰ্বে বসবাস কৰা অৰ্থাৎ বৰ্তমাণলৈকে যি সকল নিজস্ব সুকীয়া সংস্কৃতি,ৰীতি-নীতি ও মূল্যবোধ আছে যি সকল নিজৰ সুকীয়া জনসমষ্টিৰ সমাজ-সংস্কৃতিৰ অংশ হিচাপে চিহ্নিত কৰা হয়,সেইসকলেই আদিবাসী। লগতে ইয়াকো কয় যে আজিৰ দিনটোত আদিবাসী জনগোষ্ঠীৰ এক গুৰুত্বপূৰ্ণ দিন হিচাপে অসমত আছাই বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰি আহিছে যদিও এই বেলি ক’ৰণা পৰিস্থিতিত স্বাস্থ্য বিভাগ তথা ৰাজ্য চৰকাৰৰ ক’ভিড নীতি-নিৰ্দেশনা পালন কৰি কোনো ধৰণৰ অনুষ্ঠান আয়োজনৰ পৰা বিৰত আছে। ইয়াৰ উপৰিও জনগোষ্ঠীটোৰ ছাত্ৰ নেতা গৰাকীয়ে কয় যে ভাৰতবৰ্ষত প্রায় ১০.৫ কোটি আদিবাসী জনসাধাৰণ বসবাস কৰে যি ভাৰতৰ মুঠ জনসংখ্যাৰ প্রায় ৮.৮ %। মূলসূতিৰ জনগোষ্ঠী হিচাপে থাকিও আদিবাসীসকলৰ পৃথক জীৱন,ঐতিহ্য, সংস্কৃতি ও ইতিহাস আছে।ভাৰতীয় সংবিধান অনুসৰি শিক্ষা, চাকৰি ও নির্বাচনৰ ক্ষেত্রত ৬% আসন আদিবাসী জনগোষ্ঠী তথা ‘Schedule Tribe (ST) বা তপশীল উপজাতিৰ কাৰণে সংৰক্ষিত। প্রতিটো চৰকাৰী প্রকল্প ৰূপায়ণৰ ক্ষেত্রত আদিবাসী জনগোষ্ঠী তথা ‘Schedule Tribe (ST) বা তপশীল উপজাতিৰ অগ্রাধিকাৰ দিয়াৰ কথা চৰকাৰী নিয়মাৱলীত স্পষ্টভাবে উল্লেখ আছে যদিও দীৰ্ঘদিন ধৰি জনগোষ্ঠীটোৱে নিজৰ প্ৰাপ্য আৰু অধিকাৰৰ হকে আন্দোলন কৰি আহিছে যদিও চৰকাৰী পক্ষই কোনো ধৰণৰ ফলপ্ৰসু সিদ্ধান্ত গ্ৰহণ কৰা নাই বুলি আক্ষেপ প্ৰকাশ কৰে।

১২ ফুট উচ্চতাৰ ছবি অংকনৰে লাভলীনাক উস্ম আদৰনী

টকিঅ’ অলিম্পিকত ঐতিহাসিক ব্ৰঞ্জৰ পদক জয়ৰে অসমলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁইৰ এখন ছবি অংকন কৰিছে নগাঁৱৰ ননৈৰ এজন প্ৰতিভাসম্পন্ন ছাত্ৰই । ছাত্ৰ জনে অংকন কৰা ছবিখনৰ উচ্চতা প্ৰায় ১২ ফুট । নগাঁও জিলাৰ ননৈ পানীগাঁৱৰ কুকিল শইকীয়া নামৰ প্ৰতিভাসম্পন্ন এই ছাত্ৰ গৰাকীয়ে অংকন কৰিছে ছবিখন । লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ তৃতীয় বৰ্ষৰ ছাত্ৰ কুকিল শইকীয়াই লাভলীনাক লৈ গৌৰৱ অনুভৱ কৰে । কুকিলে তেওঁৰ ভাতৃ ধ্ৰুৱজ্যোতি শইকীয়াৰ সহযোগত ৩৬ নং চাৰিলেন যুক্ত পথৰ ননৈ বাদল গাঁৱৰ উৰনীয়া সেতুৰ দেৱালত লাভলীনাৰ ছবি অংকন কৰিছে । লাভলীনাৰ এই ছবিখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । এই সন্দৰ্ভত সংবাদ মাধ্যমৰ আগত কুকিলে কয় যে- লাভলীনাক আদৰণী জনোৱাৰ লগতে তেওঁৰ প্ৰতি শুভ কামনা জনাবলৈ ছবিখন অংকন কৰা হৈছে । তদুপৰি লাভলীনাই যাতে ভবিষ্যতে উন্নত প্ৰদৰ্শন কৰিব পাৰে , অসমৰ ল’ৰা- ছোৱালী সকল যাতে লাভলীনাৰ দৰে আগবাঢ়ি যাব পাৰে তাৰ বাবে তেওঁলোকক উৎসাহিত কৰাৰ প্ৰয়াসৰে ছবিখন অংকন কৰা হৈছে । এই ছবিখন অংকন কৰোতে তেওঁৰ বন্ধু বিদ্যুৎ , শংকৰ আৰু সৌভিকে সহায় কৰে । উল্লেখ্য যে ,কুকিলে ইতিমধ্যে এ পি জে আব্দুল কালাম , জুবিন গাৰ্গ , পাপন , বিষ্ণু প্ৰসাদ ৰাভা , কে কে , মোহনকে ধৰি বিভিন্ন জনৰ ফটো অংকন কৰিছে ।

ন্যায়ৰ অপেক্ষাত দুৰ্ভগীয়া পিতৃ-মাতৃ : দোষিক উপযুক্ত শাস্তি প্ৰদানৰ অনুৰোধ

ধুবুৰী জিলাৰ চাপৰ চক্ৰৰ অন্তৰ্গত শ্ৰী গ্ৰাম ষষ্ঠ খণ্ড( খেৰডুবী ) ত যোৱা ১৬/৮/২০১৩ ইং তাৰিখত এক লোমহৰ্ষক হত্যাকাণ্ড সংঘঠিত হৈছিল। উক্ত ঘটনাটোত ছয় জনীয়া দল এটাই শ্ৰী গ্ৰাম ষষ্ঠ খণ্ডৰ নিবাসী ছামছুল হকৰ ডাঙৰ পুত্র ৰুনজুন হকক চোকা অস্ত্ৰৰে উপৰ্যুপৰি আক্ৰমণ কৰাৰ লগতে দ্বিতীয় পুত্র মুনমুন হককো আঘাত প্ৰাপ্ত কৰিছিল। কিন্তু দূৰ্ভাগ্যক্ৰমে ছামছুল হকৰ ডাঙৰ পুত্ৰ ৰুণজুন হকে মৃত্যুক সাৱটি লব লগা হৈছিল।             উল্লেখ্য যে উক্ত ঘটনা সন্দৰ্ভত দাখিল কৰা ১০৯/১৫ নম্বৰৰ গোচৰটো ইতিমধ্যে সুদীর্ঘ ৮ বছৰ ধৰি ন্যায়ালয়ত বিচাৰ প্ৰক্ৰিয়া চলি আছে । অতি কম দিনৰ ভিতৰত ৰায় ঘোষণা হোৱাৰ সময়লৈ ন্যায়বিচাৰৰ অপেক্ষাত দুৰ্ভোগীয়া পিতৃ-মাতৃয়ে ন্যায়ালয়ৰ প্ৰতি আস্থা আৰু বিশ্বাস বুকত বান্ধি লৈ পুত্র হত্যা কাৰী কালপ্ৰীত সকলোৰ উচিত শাস্তি প্ৰদানৰ বাবে ন্যায়ালয়ৰ ওচৰত প্ৰাৰ্থনা জনায়। লগতে কয় যে ন্যায়ালয়ৰ ওচৰত তেখেতসকলৰ সম্পূৰ্ণ আস্থা আৰু বিশ্বাস আছে।
  এতিয়া ন্যায়ালয়ে উভয় পক্ষৰ স্বাক্ষী প্ৰমাণৰ ভিত্তিত কি ৰায় প্ৰদান কৰে সেয়া হব লক্ষনীয় 

আজিৰে পৰা ৰাজ্যত বলৱৎ হ’ব নতুন এছঅ’পি

সোমবাৰে প্রকাশ কৰা নতুন এছ অ’ পি অনুসৰি আজিৰ পৰা ৰাজ্যত সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৫ বজালৈ বলৱৎ হ’ব সান্ধ্য আইন৷ ইয়াৰ লগে লগে ৰাজ্যত দোকান–পোহাৰ, ব্যৱসায়িক প্রতিষ্ঠান, চৰকাৰী–বেচৰকাৰী কার্যালয় আদি খুলি ৰখাৰ সময় পূর্বৰ তুলনাত এঘণ্টা বৃদ্ধি কৰা হৈছে৷

মঙলবাৰৰ পৰা দোকান–পোহাৰ, ব্যৱসায়িক প্রতিষ্ঠান, চৰকাৰী–বেচৰকাৰী কার্যালয় আদি বিয়লি ৫ বজালৈ খোলা ৰাখিব পাৰিব৷ অৱশ্যে ক’ভিড পৰিস্থিতিৰ সামান্য উন্নতি ঘটিলেও মুকলি কৰা নহ’ব আন্তঃজিলা যাতায়াত৷ পৰৱর্তী নির্দেশ নিদিয়া পর্যন্ত বন্ধ থাকিব আন্তঃজিলা যাতায়াত৷ ৰাজ্যত ক’ভিড আক্রান্তৰ সংখ্যা লক্ষণীয়ভাৱে হ্রাস পালেহে আন্তঃজিলা যাতায়াত পুনৰ মুকলি কৰা সন্দর্ভত বিবেচনা কৰা হ’ব বুলিও এছ অ’ পিত উল্লেখ কৰা হৈছে৷ বিবাহ অনুষ্ঠান আৰু শেষকৃত্যত সর্বাধিক ১০জন ব্যক্তি উপস্থিত থাকিবলৈহে অনুমতি প্রদান কৰা হৈছে৷

উল্লেখ্য যে ৰাজ্যৰ ক’ভিড পৰিস্থিতি পর্যালোচনা কৰি চৰকাৰে সময়ে সময়ে নতুন এছ অ’ পি প্রকাশ কৰি আহিছে৷ আক্রান্তৰ হাৰৰ প্রতি লক্ষ্য ৰাখি সময়ে সময়ে সান্ধ্য আইনৰ সময় সালসলনি কৰা হৈছে৷ শেহতীয়াকৈ গোলঘাট–লখিমপুৰক্ ধৰি কেইবাখনো জিলাত আক্রান্তৰ হাৰ অত্যধিক বৃদ্ধি পোৱাত সম্পূর্ণ কণ্টেইনমেণ্ট ঘোষণা কৰা হৈছিল৷ পৰৱর্তী সময়ত উক্ত জিলাকেইখনত আক্রান্তৰ হাৰ হ্রাস পোৱাত নীতি–নির্দেশনাসমূহ শিথিল কৰা হৈছে৷ আজি প্রকাশ কৰা এছ অ’ পি অনুমতি ৰাজ্যত বন্ধ থাকিব সকলো শিক্ষানুষ্ঠান৷ অনলাইনযোগে শিক্ষানুষ্ঠানসমূহত অব্যাহত থাকিব পাঠদান৷

পশ্চিম নলবাৰীৰ চামতাত নলবাৰী জিলা যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহ সভা সম্পন্ন

বিজেপিৰ নলবাৰী জিলা যুৱ মৰ্চাৰ কাৰ্যনিৰ্বাহক সভাখন যোৱা ৮আগষ্টৰ  সন্ধিয়া চামতাৰ ৰূপকোঁৱৰ কলা পৰিষদ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। যুৱ মৰ্চাৰ জিলা সভাপতি হেমন্ত বৰ্মনৰ সভাপতিত্বত আৰু সাধাৰণ সম্পাদক কপিলদেৱ তালুকদাৰ,ডাঃ অৰুণাভ কলিতাই আতঁ ধৰা সভাত বিধায়ক জয়ন্ত মল্ল বৰুৱা,ৰাজ্যিক বিজেপিৰ সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা,নলবাৰী উন্নয়ন প্ৰাধীকৰণৰ অধ্যক্ষ বনদ্বীপ ডেকা,জিলা পৰিষদৰ অধ্যক্ষ নিতুল ডেকা,জিলা পৰিষদৰ সদস্য পংকজ ডেকা,জিলা যুৱ মৰ্চাৰ প্ৰভাৰী  হিৰণ্য কলিতা,অসংগঠিত শ্ৰমিক কোষৰ ৰাজ্যিক সহ আহ্বায়ক ত্রিনয়ন বৰ্মন,কাৰ্যনিৰ্বাহক জোন কুমাৰ বৰ্মন,ৰাজীৱ ডেকা,জিলা বিজেপিৰ সভাপতি ডাঃ মৃগাংক তালুকদাৰ,সাধাৰণ সম্পাদক পুলক কুমাৰ শৰ্মা, মধুপুৰ মণ্ডল বিজেপিৰ সভাপতি হিৰণ্য বৰ্মন৷ জিলা বিজেপিৰ সম্পাদক নন্দলাল সৰকাৰ, অঞ্জন ডেকা, যুৱ মৰ্চাৰ উপ সভাপতি ৰিদিপ দত্ত,গৌতম কাকতি,সম্পাদক কৰিশ্মা অধিকাৰী,দিপাংকৰ তালুকদাৰ,ধ্ৰুৱ শৰ্মা,আই টি চেলৰ আহ্বায়ক কিশোৰ দাস,কাৰ্যালয় সম্পাদক অসীম ৰাজবংশী সহ আঠ মন্ডলৰ  সভাপতি,সম্পাদক সকল উপস্হিত থাকে।সভাত ভাষণ ৰাখি নলবাৰী যুৱ মৰ্চাৰ প্ৰভাৰী হিৰণ্য কলিতাই কয় – আন দলৰ যুৱ সংগঠনৰ দৰে বিজেপিৰ যুৱ মৰ্চা নহয়।দেশ,জাতিৰ বাবেহে বুলি কয় ৷তেওঁ লগতে কয় সাংগঠনিক ভেটি মজবুত কৰিব লাগিলে যুৱক সমাজৰ খা খবৰ ৰাখিব লাগিব। অসহায়জনক সহায় কৰাত আগভাগ লব লাগিব। সভাত বিধায়ক জয়ন্ত মল্ল বৰুৱাই কয় যে এখন দেশ,সমাজ গঢ়াত যুৱচামৰ ভূমিকা অনন্য।ভাৰতবৰ্ষৰ জনসংখ্যাৰ দিশৰ পৰা এখন যুৱপ্ৰধান দেশ আৰু ই হল আমাৰ দেশৰ এক অন্যতম শক্তি।গতিকে যুৱ সমাজক আগবঢ়াই নিয়াত বিজেপিৰ যুৱ মৰ্চাৰ গুৰুত্ব ভূমিকা আছে বুলি দোহাৰে।

মাজবাটত ‘আছা’ৰ প্ৰতিষ্ঠা দিৱস উদযাপন

আদিবাসী ছাত্ৰ সন্থা, চমুকৈ আছাই ৯আগষ্টত মাজবাটত  ২৫ তম কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস উদযাপন কৰে। মাজবাট আঞ্চলিক  আছাৰ উদ্যোগত অনুষ্ঠিত কৰা এই  প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি ৰাতিপুৱা  ‘আছাৰ, পতাকা উত্তোলন কৰে সভাপতি  শিব লাল পালিকাই । সম্পাদক গোলাপ গোড়ে শ্বহীদ সকলৰ স্মৃতিত বন্তি জ্বলাই এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰাৰ পিছত সভাপতি শিবলাল পানিকাই ‘আছাৰ,২৫ তম প্ৰতিষ্ঠা দিৱসৰ লগত ৰজিতা খুৱাই আছাৰ লক্ষ্য আৰু উদ্দেশ্য সম্পৰ্কত চমু বক্তব্য আগবঢ়াই ।কেন্দ্ৰীয় আছাৰ নিৰ্দেশ মৰ্মে অনুষ্ঠিত কৰা এই প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ন কৰে । গাম্ভীৰ্যপূৰ্ণ আৰু শৃংখলা বব্দভাবে অনুষ্ঠিত কৰা মানৱ শৃংখল কাৰ্যসূচীৰ  জৰিয়তে আদিবাসী সকলক জনজাতিকৰণ কৰা, ভুমি পট্টা প্ৰদান কৰা, শ্ৰমিকৰ মজুৰি বৃদ্ধি আৰু আদিবাসী সকলৰ বাবে সুকীয়া উন্নয়ন পৰিষদ গঠন কৰা আদি কেবাটাও দাবী  উত্থাপন কৰি আছাৰ দাবীসমূহ পুৰন কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে৷

ধুবুৰীত বাওঁ সংগঠনৰ প্ৰতিবাদ

অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি , ক’ভিড পৰিস্থিতিত কৰ্মহীন হৈ পৰা প্ৰতিটো শ্ৰমিক আৰু কৃষক পৰিয়ালৰ আৰ্থিক দুৰৱস্থাৰ দূৰীকৰণ কৰা , ভেকচিন প্ৰদান কৰা আদি বিভিন্ন দাবীৰ সমৰ্থনত আজি ধুবুৰীত “ভাৰত বচাও” নামাকৰণেৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰা হয়। সংযুক্ত কৃষক মৰ্চা কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন আৰু গণ সংগঠন সমুহৰ আহ্বানত আজি ধুবুৰী চহৰৰ ষ্টেচন ৰোডত চি.পি.আই.এম, নিখিল ভাৰত কৃষক সভা, মহিলা সমিতি, অংগনবাদী কৰ্মী সহায়িকা আৰু মধ্যাহ্ন ভোজন ৰান্ধনী সন্থাৰ বহু কৰ্ম-কৰ্তাই আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। দেশৰ সম্পদ-ৰাজহুৱা খণ্ড ব্যক্তিগতকৰণ বন্ধ কৰা, কৃষক বিৰোধী তিনিখন কৃষি আইন প্ৰত্যাহাৰ কৰা, অংগনবাদী কৰ্মী-সহায়িকা, আশা কৰ্মী, ৰন্ধন কৰ্মীসহ আঁচনিভূক্ত শ্ৰমিকৰ মাননি বৃদ্ধি কৰাৰ দাবী আজিৰ কাৰ্যসূচীৰ জৰিয়তে উত্থাপন কৰা হয়।

বগাহাতীত পৰিণত অসম পৰ্যটন বিভাগ।অটব্য অৰণ্যই আগুৰি ধৰিছে ইতিহাস প্ৰসিদ্ধ জীৰ পইণ্ট ষ্টীল ৱেল পার্ক

দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত১৯৪২ চনৰ প্ৰথম ভাগত জাপানী সেনা বাহিনীয়ে সাগৰীয় উপকূল অৱৰোধ কৰাৰ ফলত ব্ৰহ্মদেশ আৰু চীন দেশত যুদ্ধৰত মিত্ৰ বাহিনীৰ সৈন্য-সামন্তক ৰচদ পাতি যোগান ধৰাত দেখা দিয়া জটিল সমস্যাৰ সমাধানৰ উদ্দেশ্যে লেখাপানীৰ শূণ্য দূৰত্বৰ পৰা ব্ৰহ্মদেশৰ মাজেদি চীনৰ য়ুনান প্ৰদেশৰ কুনমিঙলৈকে ১৭৩৬ কিলোমিটাৰ এক দীঘলীয়া স্থলপথ নিৰ্মাণ কৰা হৈছিল। পথটোৰ নিৰ্মাণ কার্য আমেৰিকান জেনেৰেল যোচেফ ষ্টীলৱেলৰ তত্বাৱধানত অতি ক্ষিপ্ৰতাৰে সম্পূৰ্ণ কৰি ১৯৪৫ চনৰ ১১ফেব্ৰুৱাৰীৰ দিনা এই ঠাইৰ পৰাই সন্মিলিত সামৰিক বাহিনীৰ এক বিশাল কনভয় চীন দেশৰ য়ুনান প্ৰদেশৰ কুনমিঙত প্ৰৱেশ কৰি জাপানী সৈন্যই চীন দেশৰ ওপৰত কৰি থোৱা সকলো অৱৰোধ মুকলি কৰি দিবলৈ সক্ষম হয়। পথটো নিৰ্মাণৰ বাবে জেনেৰেল যোচেফ ষ্টীল ৱেলে কৰা  ত্যাগৰ বাবেই পথটোৰ নাম ষ্টীল ৱেল পথ হিচাপে নামাকৰণ কৰা হয়। ভাৰত, ব্ৰহ্মদেশ আৰু চীন এই তিনিখন দেশৰ মাজেৰে দীঘলীয়া সৰ্পিল পথটো নিৰ্মাণত বিভিন্ন বাধা-বিঘিনি, প্ৰাকৃতিক দুৰ্যোগ, ভূমিস্খলন, শত্ৰু পক্ষৰ আক্ৰমণ, মেলেৰিয়া, কলাজ্বৰ আদিৰ দৰে সকলো প্ৰত্যাহ্বান নেওচি কৰ্মীসকলৰ যি ত্যাগ সেই ত্যাগ আৰু পথটোৰ নিৰ্মাণৰ আঁৰত থকা সকলো ইতিহাস প্ৰসিদ্ধ তথ্য লিপিবদ্ধ কৰি দেশী বিদেশী পৰ্যটকৰ সুবিধা হোৱাকৈ পথটোৰ শূন্য দূৰত্বত জিৰ পইণ্ট ষ্টীল ৱেল পার্ক নিৰ্মাণ কৰা হয়।১৯৯৮ চনত বিধায়ক প্ৰদ্যুত বৰদলৈয়ে দূৰদৰ্শীতাৰ পৰিচয় দি তেখেতৰ সমষ্টি উন্নয়ন পুঁজিৰ ধনেৰে উক্ত ষ্টীল ৱেল পথটো নিৰ্মাণৰ আঁৰত থকা ইতিহাস বিজড়িত তথ্য সমূহ সংগ্ৰহ কৰি দেশী বিদেশী পৰ্য্যটকৰ সুবিধা হোৱাকৈ এখন সুবিশাল মানচিত্ৰ সংলগ্ন কৰি জিৰ পইণ্ট ষ্টীল ৱেল পার্ক নিৰ্মাণ কৰে। এই পাৰ্কখন নিৰ্মাণৰ পাছতেই সকলো দেশী বিদেশী পৰ্য্যটকৰ লগতে স্কুল-কলেজৰ ছাত্ৰ ছাত্ৰী সকলো যথেষ্ট উপকৃত হোৱা দেখা গৈছিল।কিন্তু দুৰ্ভাগ্যজনক কথাটো হল বিগত দুই-তিনি বছৰ মানৰ পৰা এই পার্ক খনে মৃত্যুৰ দিশলৈ গতি কৰা পৰিলক্ষিত হৈছে।পার্ক খনৰ পৰিচৰ্যাৰ অভাৱত চৌদিশে হাবি জংঘলেৰে আগুৰি ধৰিছে।সন্মুখৰ দেৱাল সমূহ ভাঙি পৰিছে।তথ্য সমৃদ্ধ লিখনি সমূহ ভাঙি-ছিঙি শেষ হোৱাৰ উপক্ৰম ঘটিছে। অসম চৰকাৰৰ এক বিয়াগোম বিভাগ অসম পৰ্যটনৰ দায়িত্ব জ্ঞান হীন কৰ্মকাণ্ডই সচেতন মহলৰ মাজত তীব্র অসন্তুষ্টিয়ে দেখা দিছে।পার্ক খনৰ চোৱাচিতাৰ দায়িত্বত থকা কৰ্তৃপক্ষও সমানে জগৰীয়া বুলি অভিযোগ উত্থাপন হৈছে। এই ক্ষেত্ৰত বৰ্তমানৰ বিধায়ক ভাস্কৰ শৰ্মা দেৱক সকলো ধৰণৰ ৰাজনীতিৰ উৰ্দ্ধত থাকি ইতিহাস প্ৰসিদ্ধ পার্ক খনে যাতে পুনৰ জীৱন্ত ৰূপ পাই তাৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণ কৰাৰ আহ্বান জনাইছে স্থানীয় ৰাইজে।

অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী মধুপুৰত পদশিল্পৰ ৰজনজনীঃ গ্ৰামাঞ্চললৈ এম চিয়ে আনিছে ফুটবলৰ জোৱাৰ

ফুটবল, ফুটবল খেল মানেই উত্তেজনা, শিহৰণ, আক্ৰমণ-প্ৰত্যাক্ৰমণ, দুভৰিৰ ক’লা-কৌশলৰ মহাৰণ ৷ আকৰ্ষণ, প্ৰতিপলে প্ৰতিপক্ষৰ মাজত তীব্ৰস্নায়ু যুঁজ ৷ যাৰ অন্য নাম পদশিল্প ৷  পদশিল্পৰ এনে কঠিন অথচ নান্দনিক ক’লাৰ বাবে সমগ্ৰ বিশ্ব ফুটবলৰ বাবে চমকিত, উৎসাহিত আৰু বিশ্ব ক্ৰীড়াৰ সৰ্বোত্তম ৷ ফুটবলৰ এনে জনপ্ৰিয়তাৰ বাবে মিচিং স্বায়ত্তশাসিত পৰিষদ চমুকৈ এম এ চিয়ে মিচিং অধ্যুষিত অঞ্চলত ফুটবলৰ জোৱাৰ আনিবলৈ দীৰ্ঘদিন ধৰি  প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷ এম এ চিয়ে গ্ৰামাঞ্চলৰ ফুটবল খেলুৱৈ সকলক বুটলি আনি ইতিমধ্যে এটি ফুটবল দলো তৈয়াৰ কৰিছে আৰু বিভিন্ন প্ৰতযোগিতাত অংশগ্ৰহণ কৰি সফলতাও লাভ কৰিছে ৷ এম এ চিৰ এনে দীঘলীয়া পৰিকল্পনা অনুযায়ী এইবাৰ গ্ৰামাঞ্চলৰ পথাৰে পথাৰে ফুটবল প্ৰশিক্ষণ শিবিৰৰ দিশা কৰিছে আৰু এই যাত্ৰা আৰম্ভ হৈছে  এম  এ চিৰ ১৬ নং নলবাৰী  পৰিষদীয় সমষ্টিৰ অন্তৰ্গত অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী  মধুপুৰ খেলপথাৰত ৷ ফুটবল প্ৰশিক্ষণ শিবিৰ ২৫ জুলাইৰ পৰা আৰম্ভ হৈছে আৰু শ শ তৰুণ-তৰণীয়ে আনিছে নতুন আশা, নতুন গতি ৷ ধেমাজি জিলাৰ অসম-অৰুণাচল প্ৰদেশৰ মিংমাং পাহাৰৰ নিৰিবিলি পৰিৱেশ উখল-মাখল কৰি শৃংখলিত ছন্দত মধুপুৰ খেলপথাৰলৈ  নামি আহিছে পদশিল্পৰ কঠিন তথা নান্দনিক জোৱাৰ ৷ এম   এ চিৰ ক্ৰীড়া বিভাগৰ পূঁজিৰে অনুষ্ঠিত কৰা উক্ত প্ৰশিক্ষণ শিবিৰত প্ৰশিক্ষাৰ্থী সকলক  সম্পূৰ্ণ বিনামুলীয়াকৈ প্ৰশিক্ষণ দিয়াৰ ব্যবস্থা কৰা হৈছে ৷ আজি  এম এ চিৰ কাৰ্যবাহী সদস্য প্ৰভাত বসুমতাৰীয়ে শিবিৰটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৷ তেওঁ জনোৱা মতে এই প্ৰশিক্ষণ শিবিৰৰ বাবে ২৫  লাখ টকা এম এ চি য়ে পূঁজি ধাৰ্য কৰিছে আৰু অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী অঞ্চলত প্ৰশিক্ষণটো হোৱাত দুয়োখন ৰাজ্যৰ খেলুৱৈয়ে প্ৰশিক্ষণ ল’বলৈ সুবিধা লাভ কৰিছে ৷ মুঠ আঠশ প্ৰশিক্ষাৰ্থীয়ে অংশ লোৱা শিবিৰটোত ৰাষ্ট্ৰীয় এথ্লেটিক প্ৰশিক্ষক গেৰেমছা দৈমাৰী আৰু সুদক্ষ ফুটবল খেলুৱৈ মাৰাড’না বসুমতাৰীয়ে প্ৰশিক্ষণ দি আছে ৷ গেৰেমছা দৈমাৰীয়ে গ্ৰামাঞ্চলৰ খেলুৱৈ সকলৰ উৎসাহ দেখি খেলপথাৰখনত ফুটবলৰ লগতে এথ্লেটিক প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থাও কৰিব আমাক জনাইছে ৷