Home Blog Page 2888

চিৰাঙৰ ভাৰত-ভুটান সীমান্ত ৰুণীখাতাত ডাইনী সন্দেহত নৃশংস হত্যাকাণ্ড

 চিৰাঙৰ ৰুণীখাতা থানাৰ অন্তৰ্গত কুমগুৰী গাঁৱত যোৱাকালি নিশা ডাইনী সন্দেহত এগৰাকী ষাঠি বছৰীয়া নিৰীহ মহিলাক ঘপিয়াই নৃশংস হত্যা কৰাৰ ঘটনা সংঘটিত হৈছে ।নিহত মহিলা গৰাকীৰ নাম বালে মাৰ্ডি (৬০) ।
স্থানীয় ৰাইজৰ সন্দেহ মতে নিজৰ পৰিয়ালৰ লোকেই ডাইনী সন্দেহত হত্যা কৰিছে ।কিন্তু স্থানীয় লোকৰ অভিযোগৰ বিপৰীতে নিহত মহিলা গৰাকীৰ স্বামী বজুন কিস্কুয়ে জানিবলৈ দিয়া মতে কালি নিশাৰ ভাগত ঘৰৰ চোতালত পত্নী বালে মাৰ্ডিৰ ৰক্তাক্ত মৃতদেহ প্ৰত্যক্ষ কৰে । 
কিন্তু কোনে হত্যা কৰিলে, কি কাৰণত হত্যা কৰিলে এই সন্দৰ্ভত তেওঁ অৱগত নহয় বুলি মৃত মহিলা গৰাকীৰ স্বামীয়ে সদৰি কৰে ।
 উল্লেখযোগ্য যে ঘটনাৰ খবৰ পোৱাৰ পিছত ৰুণীখাতা থানাৰ আৰক্ষীয়ে  তিনিখনকৈ নৈ পাৰ কৰি অতিকৈ দুৰ্গম অঞ্চল কুমগুৰী গাঁৱত গৈ উপস্থিত হৈ তদন্ত আৰম্ভ কৰে আৰু মৃতদেহ উদ্ধাৰ কৰি ৰাইজৰ সহযোগত কান্ধত তুলি কেইবা কিলোমিটাৰ পথ খোজকাঢ়ি মৰণোত্তৰ পৰীক্ষাৰ বাবে কাজলগাঁৱৰ জেএচবি অসামৰিক চিকিৎসালয় লৈ প্ৰেৰণ কৰে ।মহিলা গৰাকীক ডাইনী সন্দেহত হত্যা কৰা হৈছে নেকি বুলি কৰা প্ৰশ্নৰ উত্তৰত  আৰক্ষীয়ে তদন্তৰ পিছত কব পাৰিব বুলি সংবাদ মাধ্যমৰ আগত ব্যক্ত কৰে ।
এতিয়ালৈকে এই হত্যাকাণ্ডৰ সৈতে জড়িত কোনো লোকক আৰক্ষীয়ে আটক কৰা নাই ।  
কিন্তু চিৰাং আৰক্ষীৰ উচ্চ পদস্থ বিষয়া ঘটনা স্থলীত উপস্থিত হৈ ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে ।

বিটিচিৰ কার্যবাহী সদস্য, উপায়ুক্ত আৰু অন্যান্য বিষয়াসকলে চিরাঙর ইণ্ডো-ভূটান সীমান্ত অঞ্চলৰ লোকসকলৰ সমস্যাৰ বুজ লয়

কাৰ্যবাহী সদস্য (ইএম), বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল (বিটিচি), ৰঞ্জিত বসুমতাৰী, চিৰাঙৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহৰ লগতে অতিৰিক্ত উপায়ুক্ত খানিন্দ্ৰ দাস আৰু অজিত কুমাৰ শৰ্মা শনিবাৰে ভাৰত-ভূটান সীমান্ত অঞ্চলৰ হাতীচাৰ, দেওশ্ৰী আৰু তুক্ৰিবস্তি ভ্ৰমণ কৰে আৰু গাওঁবাসীসকলৰ সৈতে তেওঁলোকৰ ডেউশ্ৰী আৰু হাতিচাৰত সমস্যা কেন্দ্ৰীক  বাৰ্তালাপ কৰে। বাৰ্তালাপৰ সময়ত গাওঁবাসীয়ে অঞ্চলটোত পৰ্যাপ্ত সংখ্যক বিদ্যালয়, অঙ্গনাৱাড়ী কেন্দ্ৰ, স্বাস্থ্য কেন্দ্ৰ, খোৱা পানীৰ সুবিধা, মানুহ-হাতীৰ সংঘাত নিৰ্মূল আৰু পথ সংযোগৰ ক্ষেত্ৰত অঞ্চলটোত অধিক আন্তঃগাঁথনিগত বিকাশৰ বাবে উপস্থিত কৰ্তৃপক্ষক আহ্বান জনায়। চিৰাঙৰ উপায়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহে অৱগত কৰে যে অনুন্নত ইণ্ডো-ভূটান সীমান্তৱৰ্তী অঞ্চলৰ লোকসকলৰ আৰ্থ-সামাজিক বিকাশৰ বাবে সূক্ষ্ম পৰ্যায়ৰ পৰিকল্পনা প্ৰস্তুত কৰাৰ বাবে সংশ্লিষ্ট লাইন বিভাগসমূহে এই সকলো বোৰ অঞ্চল পৰিদৰ্শন কৰি আছে, য’ৰ পৰা ৪০ টা শিশু আৰু ২ জন প্ৰাপ্তবয়স্কক ছিকিমলৈ সৰবৰাহ কৰা হৈছিল।বিটিচিৰ কাৰ্যবাহী সদস্য ৰঞ্জিত কুমাৰ বসুমতাৰীয়ে ৰাইজৰ সৈতে বাৰ্তালাপ কৰি যিকোনো মধ্যস্থতাকাৰীৰ প্ৰলোভন প্ৰতিহত কৰিবলৈ আহ্বান জনায় আৰু তেওঁলোকক তেওঁলোকৰ সন্তানক বিদ্যালয়লৈ পঠিয়াবলৈ কয়, কিয়নো তেওঁলোকে অঞ্চলটোৰ দ্ৰুত বিকাশৰ বাবে বিভিন্ন জনমুখী আঁচনি গ্ৰহণ কৰি তেওঁলোকৰ সকলো সমস্যা সমাধান কৰিবলৈ চেষ্টা কৰিব। এই ভ্ৰমণ কাৰ্যসূচীৰ সময়ত বেংতল চক্ৰ বিষয়া প্ৰাঞ্জল শৰ্মা বৰুৱা, চিদলী খণ্ড উন্নয়ন বিষয়া বিমলা বৰগয়াৰী, লাইন বিভাগৰ বিষয়া আৰু ভিচিডিচি সদস্যসকল উপস্থিত আছিল। 

বিজেপিৰ নবনিৰ্বাচিত ৰাজ্যিক সভাপতিক সাক্ষাৎ সদৌ বিটিআৰ বেংগলী যুব ছাত্ৰ ফেডাৰেশন আৰু প্ৰাক্তন বেংগলী টাইগাৰ ফোৰছৰ নেতৃবৰ্গৰ

 ৰাজ্যত নতুন চৰকাৰ গঠনৰ পিছত নৱনিৰ্বাচিত ৰাজ্যিক সভাপতি ভবেশ কলিতাক প্ৰথম বাৰৰ বাবে সাক্ষাৎ কৰে সদৌ বিটিআৰ বেংগলী যুব ছাত্ৰ ফেডাৰেশন আৰু প্ৰাক্তন বেংগলী টাইগাৰ ফোৰছৰ নেতৃবৰ্গই। ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সভাপতি মণ্টু দে, কেন্দ্ৰীয় সাধাৰণ সম্পাদক ব্ৰজগোপাল সৰকাৰ, চিৰাং জিলাৰ সভাপতি শুভ মজুমদাৰ, প্ৰাক্তন বেংগলী টাইগাৰ ফোৰছৰ নেতৃবৰ্গ সৌমেন দত্ত,উত্তম দত্তকে আদি কৰি বিটিআৰৰ চাৰিখন জিলাৰ পৰা সংমিশ্ৰিত দল এটাই যোৱা শণিবাৰে সভাপতিক সাক্ষাৎ কৰাৰ উদ্দেশ্যে গুৱাহাটীত উপস্থিত হয়। নবনিৰ্বাচিত ৰাজ্যিক সভাপতি ভবেশ কলিতাক অভিনন্দন জ্ঞাপন কৰাৰ লগতে এন.আৰ.চি, ডি ভোটাৰ, কা কেন্দ্ৰীক বিভিন্ন দীৰ্ঘদিনীয়া সমস্যা বোৰৰ সমাধানৰ বাবে আলোচনাত মিলিত হোৱাৰ লগতে ভৱিষ্যত প্ৰজন্মৰ উদ্দেশ্যে বেংগলী মাধ্যমৰ বিদ্যালয় সমূহৰ বিদ্যায়তনিক পৰিবেশৰ উন্নীতকৰণ, বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ লগতে বিদ্যালয়-মহাবিদ্যালয় সমূহত বিষয় হিচাপে বেংগলী অন্তৰ্ভুক্তিকৰণ, জিলা ভিত্তিক বাৰ্ষিক গ্ৰন্থ মেলা আৰু কেৰিয়াৰ পৰামৰ্শ শিবিৰ অনুষ্ঠিত কৰা, বিটিআৰৰ চাৰিওখন জিলাতে স্বামী বিবেকানন্দৰ নামত চাৰিখন সাংস্কৃতিক প্ৰেক্ষাগৃহ স্থাপন আদি বিষয় কেন্দ্ৰীক এক পৰ্যাপ্ত স্মাৰক পত্ৰ সভাপতিলৈ আগবঢ়ায় আৰু উল্লেখনীয় ভাৱে সভাপতিয়ে পৰ্যায় ক্ৰমে সম্ভাৱ্য সকলো সমস্যা অনতিপলমে সমাধান কৰা হ’ব বুলি আশ্বাস দিয়াৰ কথা সংগঠন দুটাৰ নেতৃবৰ্গই জানিবলৈ দিয়ে।

ধুবুৰীত জিলা যক্ষ্মা কেন্দ্রত অনুষ্ঠিত সাংবাদিকৰ কৰ্মশালা

ধুবুৰী জিলা যক্ষ্মা কেন্দ্রৰ উদ্দোগত ভাৰচুয়েল পদ্ধতিত আজি ধুবুৰী জিলা যক্ষ্মা হস্পিতাল প্ৰাংগনত ৰাজ্যিক যক্ষ্মা গোট, গুৱাহাটীৰ পৰা পৰিচালিত হোৱা অনুষ্ঠানটোত সকলো জিলা গোট অংশ গ্রহন কৰে। অনুষ্ঠানটোত মূলত যক্ষ্মা নিয়ন্ত্রণৰ ওপৰত কেনেকৈ কাম কৰিব পাৰি। এই সম্পর্কে সাংবাদিক সকল ক্ষেত্রেই অবগত কৰা হয়। আৰু সমাজত সজাগতা আনিবলৈ সাংবাদিক সকলক অনুৰোধ কৰা হয়। অনষ্ঠান ত জিলা যক্ষ্মা বিষয়া ড: জে বি ৰয় কয়”- আজি ৰ এই কৰ্ম শালাত ভাগ লোৱা  জিলা খনৰ বিভিন্ন ঠাইৰ পৰা  অহা ২৮ জন সাংবাদিক ক সংবর্ধনা জ্ঞাপন কৰা হয়। সভাত ধুবুৰী যক্ষ্মা হস্পিতালৰ উপ-অধক্ষ্য    এম চি দাস উপস্থিত থাকে। 

অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উত্তাল প্ৰতিবাদ

ক’ভিড নীতি -নিৰ্দেশনা পালন কৰি  মূল্য বৃদ্ধিৰ বিৰুদ্ধে আজি গোলাঘাটত সদৌ অসম ছাত্র সন্থাই ৰূপায়ণ  কৰিলে এক প্ৰতিবাদী কাৰ্যসূচী । গোলাঘাট মহকুমা ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিবাদী কাৰ্যসূচীত অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে উত্তাল  প্ৰতিবাদ সাব্যস্ত কৰে ছাত্র সংগঠনটোৱে। চৰকাৰ বিৰোধী বিভিন্ন শ্ল’গানেৰে নগৰৰ মাজ মজিয়াত এক উত্তপ্ত পৰিবেশৰ সৃষ্টি কৰে। উল্লেখযোগ্য যে  অসমকে ধৰি গোলাঘাটতো নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহৰ অবিৰত আৰু অভাৱনীয় মূল্যবৃদ্ধিৰ ফলত জনসাধাৰণৰ জীৱন-জীৱিকা ভয়াৱহ সংকটৰ সন্মুখীন হৈছে ।তেনেক্ষেত্ৰত  অতি শীঘ্ৰে চৰকাৰক অত্যাৱশ্যকীয় বয়-বস্তু সমূহৰ মূল্যবৃদ্ধি  নিয়ন্ত্ৰণ কৰিবলৈ  দাবী ছাত্র সন্থাৰ ।

সৰ্ব ভাৰতীয় যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস

আজি ভাৰত বৰ্ষৰ অন্য প্ৰান্তৰ লগতে নলবাৰীতো প্ৰতিষ্ঠা দিৱস পালন কৰা হয়। নলবাৰী চহৰৰ মাজমজিয়াত থকা ৰাজীৱ ভৱন বাকৰিত নলবাৰী জিলা যুৱ কংগ্ৰেছৰ উদ্যোগত পালন কৰা হয় প্ৰতিষ্ঠা দিৱস। নলবাৰী জিলা কংগ্ৰেছ,নলবাৰী জিলা যুৱ কংগ্ৰেছকে ধৰি কংগ্ৰেছৰ বিভিন্ন শাখা গোটৰ বিষয় ববীয়া সকলৰ উপস্থিতিত পালন কৰা হয় প্ৰতিষ্ঠা দিৱস। উল্লেখযোগ্য যে ৰাজ্য চৰকাৰৰ কভিড বিধি আৰু স্বাস্থ্য বিভাগৰ ক’ভিড নীতি নিয়ম মানি নগন্য সংখ্যকৰ উপস্থিতিত অনুষ্টুপীয়াকৈ পালন কৰা দেখা গল সৰ্ব ভাৰতীয় যুৱ কংগ্ৰেছৰ প্ৰতিষ্ঠা দিৱস। উপস্থিত সকলো বিষয় ববীয়াই যুৱ কংগ্ৰেছক উদ্দেশ্যি গাম্ভীৰ্যপূৰ্ণ মন্তব্য প্ৰদান কৰাৰ লেখিয়াকৈ নলবাৰী জিলা কংগ্ৰেছৰ সাধাৰণ সম্পাদক দিব্যজ্যেতি হালৈয়ে যুৱ কংগ্ৰেছক উদ্দেশ্যি গুৰুত্বপূৰ্ণ মন্তব্য প্ৰদান কৰা পৰিলক্ষিত হয়।শেষত নলবাৰী জিলা যুৱ কংগ্ৰেছৰ সভাপতি সত্যেন দাসে সামৰণি ভাষন প্ৰদান কৰি প্ৰতিষ্ঠা দিৱসৰ সামৰণি পেলাই।

মৰিগাঁও জিলাৰ নৱ নিযুক্ত জিলা উপায়ুক্তৰ গৰা-খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন

মৰিগাঁও জিলাৰ লাহৰীঘাট  সমষ্টিৰ তিনিচুকীয়া মহমাৰা, টেঙাগুৰি কছাৰীগাঁও, বৰালিমাৰী আদি অঞ্চলত অব্যাহত আছে ব্ৰহ্মপুত্ৰৰ খহনীয়াৰ তাণ্ডৱ। খহনীয়াত ইতিমধ্যে নিজৰ মাটি-ভেটি হেৰুৱাই গৃহহীন হৈ বহু পৰিয়াল। খহনীয়াই ভাবুকি কঢ়িয়াই আনিছে আন বহু পৰিয়াললৈ। মৰিগাঁও জিলাৰ নৱ নিযুক্তি জিলা উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলিয়াই জলসম্পদ বিভাগৰ বিষয়া-কৰ্মচাৰীক লগত লৈ পৰিদৰ্শন কৰে খহনীয়াগ্ৰস্থ অঞ্চল সমূহ। উল্লেখ্য যে জলসম্পদ বিভাগে বছৰ, বছৰ ধৰি খহনীয়া ৰোধৰ নামত বিভিন্ন আঁচনি প্ৰস্তুত কৰি কোটি,কোটি খৰচ কৰি আহিছে যদিও সুফল পোৱা নাই নৈপৰীয়া ৰাইজে। জিলা উপায়ুক্ত গৰাকীক খহনীয়াগ্ৰস্থ ৰাইজৰ দাবী প্ৰথমে খহনীয়া সমস্যাৰ সমাধান কৰক। পৰৱৰ্তী সময়ত মথাউৰিৰ নিৰ্মাণ কৰক। মথাউৰিৰ ফলত খহনীয়া সমস্যাৰ সমাধান হোৱাৰ নজিৰ নাই! মথাউৰিৰ ফলত খহনীয়াৰ হে সৃষ্টি হয়। খহনীয়াগ্ৰস্থ লোকৰ মন্তব্য আমি বানপানীক ভয় নকৰো আমি পানীৰ সৈতে সহাৱস্থান কৰি চলিব পাৰোঁ। আমি খহনীয়াক হে ভয় কৰোঁ। এই ক্ষেত্ৰত উপায়ুক্ত গৰাকীয়ে পৰ্যায়ক্ৰমে বান-খহনীয়া সমস্যাৰ সমাধান আশ্বাস দিয়ে ভুক্তভোগী ৰাইজক।

ৰৌতাত ভাৰতীয় জনতা যুৱ মৰ্চাৰ ওদালগুৰি জিলা সমিতিৰ কাৰ্যনিৰ্বাহ সভা

ভাৰতীয় জনতা পাৰ্টীৰ ওদালগুৰি জিলা যুৱ মৰ্চাৰ দ্বিতীয় কাৰ্য নিৰ্বাহক সভাখন কালি ৮ আগষ্টত ৰৌতা আঞ্চলিক বাথৌ  মন্দিৰৰ সভাগৃহত অনুষ্ঠিত হৈ যায় ।  এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সভাখনৰ কাৰ্যসূচীমতে পুৱাৰ ভাগত প্ৰতিনিধিৰ নাম পঞ্জীয়ন , বন্তি প্ৰজ্বলন , পতাকা উত্তোলনৰ পাছত বৃক্ষৰোপণৰ কাৰ্যসূচী অনুষ্ঠিত হৈ যায় । ইয়াৰ পাছতে দিনৰ ১১ বজাৰ পৰা কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হয় । বিজেপিৰ  ওদালগুৰি জিলা যুৱ মৰ্চাৰ সভাপতি কষ্টৰাম বাগ্লাৰীয়ে সভাপতিত্ব কৰা কাৰ্যনিৰ্বাহক সভাখনত উত্তৰ পূৰ্বাঞ্চল ৰেলৱে বোৰ্ডৰ সদস্যা তথা ভাৰতীয় জনতা পাৰ্টী অসম প্ৰদেশৰ প্ৰভাৰী নিলীমা দেৱীয়ে উপস্থিত থাকি বিজেপি দলটোৰ সংৰচনা আৰু পৰিকল্পনাৰ বিষয়ে বক্তব্য আগবঢ়োৱাৰ লগতে ভাৰতীয় জনতা পাৰ্টীৰ অসম ৰাজ্যিক কমিটীৰ সদস্য জীতু কিষানে সভাখনত অংশ গ্ৰহণ কৰি ৰাজ্য চৰকাৰৰ উপলব্ধি আৰু বাজেটৰ সম্পৰ্কত দীঘলীয়া বক্তব্য আগবঢ়ায় । কেইবাজনো ৰাজ্যিক সদস্য , জিলাৰ বিষয় ববীয়া, ওদালগুৰি জিলা বিজেপি যুৱ মৰ্চাৰ এলেকাস্হ ১১ খন বিজেপি মণ্ডলৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ লগতে ওদালগুৰি জিলা বিজেপি যুৱ মৰ্চাৰ সভাপতি আৰু সাধাৰণ সম্পাদক প্ৰমুখ্যে সকলো বিষয় ববীয়াই উপস্থিত থকা সভাখনত বিটিচিৰ ৩৯ নম্বৰ পাচনৈ চেৰফাং সমষ্টিৰ এমচিএলএ দীপক মৌৰ , ওদালগুৰি জিলা বিজেপি যুৱ মৰ্চাৰ প্ৰভাৰী ধৰম বসুমতাৰীয়ে ৰাষ্ট্ৰীয় ৰাজনৈতিক দলটোৰ যুৱ মৰ্চাৰ কাম কাজৰ সন্দৰ্ভত সভাতখনত সাৰুৱা বক্তব্য আগবঢ়োৱাৰ আগতে দলটোৰ সদস্য সুমন নাথে এটা জ্যেতি সংগীত গায় সভাখনৰ শোভা বঢ়ায় । তদুপৰি ৮ নম্বৰ লোক সভা সমষ্টিৰ সাংসদ দিলীপ শইকীয়াই অনলাইন যোগে  ওদালগুৰি জিলা বিজেপি যুৱ মৰ্চালৈ সভাখনত আগবঢ়োৱা বক্তৃতা সকলোৱে একান্ত মনেৰে সভাখনত শুনা দেখা যায় ।

জুৰিয়া আৰক্ষীৰ বৃহৎ সাফল্য

আজি, ৰাতিপুৱা প্ৰায় ৫:৪০ বজাত তথ্য প্ৰাপ্ত হৈছিল যে ইজ্জত আলী, চাহিদুল ইছলাম আৰু তেওঁলোকৰ সহযোগীসকলৰ দ্বাৰা এক ডকাইতি কাণ্ডৰ। সেই মতে ধ্ৰুব বৰা এএছপি, টিএছআই নগাঁও আৰু দলৰ সৈতে জুৰিয়া পিএছৰ অধীনত চুটিৰপাৰত অভিযুক্ত ব্যক্তিসকলক আটক কৰে আৰু ৰাতিপুৱা প্ৰায় ৮.০০ বজাত ডকাইতি প্ৰতিহত কৰে। তেওঁলোকৰ পৰা ৫ টা জীৱন্ত ৰাউণ্ড আৰু এখন পালচাৰ বাইকৰ সৈতে এটা ০.২২ পিষ্টল উদ্ধাৰ কৰা হৈছে।তেওঁলোক দুয়োজন ননৈ কেছৰ পানীখেতিৰ চিএছপি মেনেজাৰৰ শেহতীয়া ডকাইতিৰ সৈতেও জড়িত আছিল।

মিজোৰামৰ পিছত এইবাৰ অসমৰ ভুমি বকোত মেঘালয়ৰ আগ্ৰাসন

অসমৰ চুবুৰীয়া ৰাজ্যই চৌদিশে আগ্ৰাসন কৰা নতুন কথা নহয়। সৌ সিদিনা অসম মিজোৰাম সীমান্তৰ লাইলাপুৰৰ অসমৰ ভুমিত মিজোৰাম আৰক্ষীৰ গুলীত শ্বহীদ হৈছিল অসমৰ জোৱান। এই ঘটনাও সংঘটিত হৈছিল সীমা বিবাদৰ বাবে। মিজোৰামে অসমৰ ভুমি দখল কৰা বিষয়ৰ বাবে হৈছিল উক্ত ঘটনা। উল্লেখ্য যে ; ইফালে কামৰূপ জিলাৰ বকো সমষ্টিৰ বকো ৰাজহ চক্ৰৰ অন্তৰ্গত গামেৰীমুৰাৰ শালবাৰীত এইবাৰ প্ৰায় ২ কি’লোমিটাৰ ভিতৰলৈ সোমাই আহিল মেঘালয়ে। অসম-মেঘালয় সংযোগী পথৰ ওপৰত দি গ’ল মেঘালয়ৰ চিহ্ন। যোৱা ৫ আগষ্টত মেঘালয়ৰ এটা দলে এই কাণ্ড সংঘটিত কৰে। এই ঘটনাৰ উমান পাই ৰাভা  ছাত্ৰ সন্থাৰ এটা সজাতি দলে ঘটনাস্থলীত উপস্থিত হয় আৰু সবিশেষ অসম আৰক্ষী – প্ৰশাসনক অৱগত কৰে। ইফালে মিজোৰাম কাণ্ডৰ উত্তেজনা মাৰ নাযাওঁতেই মেঘালয়ৰ এনে কাৰ্য্যত হতবাক হৈ পৰিছে সীমান্তবাসী ৰাইজ। পুনৰ কোনোধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নহবৰ বাবে অতিশীঘ্ৰে অসম চৰকাৰৰ ফালৰ পৰা ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে নিখিল ৰাভা ছাত্ৰ সন্থাই। অসম চৰকাৰে অতি শীঘ্ৰে সীমা সমস্যাৰ সমাধান কৰিবলৈ আহ্বান জনাইছে ৰাভা ছাত্ৰ সন্থাই। সময় থাকোঁতেই সময়োচিত ব্যৱস্থা গ্ৰহণ নকৰিলে ভয়ংকৰ পৰিস্থিতিৰ আ শা কাং কাংশা দেখা দিছে।