Home Blog Page 2889

ছিপাঝাৰত SBIৰ ATMত চুৰি কাণ্ড

১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা ছিপাঝাৰ ঘোঁৰা বান্ধাত তিনিটাকৈ এটিম চুৰি হয় । নিশা হোৱা এই চুৰি কাণ্ড ছিপাঝাৰ SBI ৰ ATM তিনিটাকৈ চুৰি হোৱা ঘটনাই সকলোকে আচৰিত কৰাৰ লগতে ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত অৱস্থিত ATM ত এতিয়া লৈকে কিমান টকা আছিল জানিব পৰা হোৱা নাই যদিও গেছ কাটাৰৰ দ্বাৰা ATM লুট হয় ৷ ছিপাঝাৰ আৰক্ষী বিষয়া উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে

বকোত বিদ্যুৎ বিভাগৰ আজৱ কাণ্ড। এমাহৰ বিল আহিল লক্ষ্যাধিক টকা

 ৰাজ্য চৰকাৰৰ শক্তি বিভাগৰ কামৰূপ জিলাৰ বকো বিদ্যূৎ সংমণ্ডলৰ দ্বাৰা প্ৰেৰণ কৰা বিদ্যুতৰ বিল দেখি চকু কপালত উঠিছে একাংশ উপভোক্তাৰ। ইফালে অধিক সংখ্যক উপভোক্তাই প্ৰতি মাহে আদায় দি আহিছে বিদ্যুৎ বিল ৷ ইয়াৰ পাছতো কেনেদৰে আহিল ইমান বিল এয়া হৈছে এক কৌতুহলী প্ৰশ্ন। বিদ্যুত বিভাগৰ এনে আজৱ কাণ্ড সংঘটিত হৈছে বকোৰ গামেৰীমুৰাত। এই অঞ্চলৰ এটা পৰিয়ালৰ  বিল আহিল লক্ষ্যাধিক টকাৰ ৷ বিদ্যুত  বিভাগৰ এনে আজৱ কাণ্ডই চিন্তিত কৰি তুলিছে বকোৰ গামেৰীমূৰা আৰু জয়পুৰ গাঁওবাসীক। কামৰূপ জিলাৰ বকো বৈদ্যুতিক উপ – সংমণ্ডলৰ কাণ্ডত এতিয়া অতিষ্ঠ হৈ পৰিছে এই  গামেৰীমূৰা, জয়পুৰবাসী ৰাইজে। গাওঁদুখনত একাংশৰে আহিল মাহেকীয়া বিদ্যুৎ মাচুল ১,০১,৯১৮ টকা পর্য্যন্ত। মাহে মাহে বিদ্যুতৰ মাচুল পৰিশোধ কৰি অহাৰ পাছতো কেনেদৰে আহিল ইমান বিল সেইলৈ বিমোৰত পৰিছে গাঁও বাসী ৷ এইসকল গ্রাহকে বিভাগটোৰ এনে কাণ্ডত এতিয়া মূৰে কপালে হাত দিছে। অভিযোগ অনুসৰি বিভাগটোৰ অধীনস্থ গামেৰীমূৰা আৰু জয়পুৰ গাওঁৰ উপভোক্তাই  চলিত বৰ্ষৰ জুন জুলাই মাহ পর্য্যন্ত নিয়মীয়াকৈ বিদ্যুৎ বিল আদায় দি আহিছিল। কিন্তু আগষ্ট মাহত ৩১ দিনৰ বিল আদায় দিব লগীয়া ধনৰ পৰিমাণ দেখি উপভোক্তা সুগ্ৰীৱ ৰাভাৰ লগতে একাংশ উপভোক্তাই মূৰে কপালে হাত দিব লগীয়া হৈছে। এই সন্দৰ্ভত গ্রাহক সকলে বিষয়টোত হস্তক্ষেপ কৰাৰ লগতে এই বিল কোনোপধ্যেই পৰিশোধ নকৰোঁ  বুলি দাবী কৰে।ৰাজ্যৰ বিয়াগোম বিদ্যুৎ বিভাগক এই বিষয়টো গুৰুত্ব সহকাৰে লৈ উচিত ব্যৱস্থা গ্ৰহণৰো আহ্বান জনাইছে গ্রাহক সকলে। 

ওৰাঙত এচ এচ চিৰ এমহীয়া প্ৰশিক্ষণ শিবিৰ

ওদালগুৰি জিলাৰ ওৰাঙৰ ২ নং শইকীয়া চুবুৰী ভিচিডিচিৰ সমূহীয়া ভৱনত  ৯ আগষ্টত  এচ এচ চি (Staff Selection Commssion)  এমহীয়া বিনামূলীয়া ক্ৰছিংৰ সামৰণি  অনুষ্ঠান অনুষ্ঠিত হয় । শিক্ষক তথা  এগৰাকী প্ৰশিক্ষক অনিল মোচাহাৰীৰ সঞ্চালনাত অনুষ্ঠিত হোৱা এই সভাত এমহীয়া প্ৰশিক্ষণত অংশ গ্ৰহণ কৰা সকলো ছাত্ৰ ছাত্ৰীৰ লগতে অতিথি হিচাপে অংশ গ্ৰহণ কৰে এবছুৰ ওদালগুৰি জিলাৰ প্ৰাক্তন সম্পাদক ৰতেন্দ্ৰ দৈমাৰীয়ে । তেখেতে ভাষণ প্ৰসংগত মুখ্য প্ৰশিক্ষক বি এছ এফ ৰ যোৱান উপেন্দ্ৰ বসুমতাৰীয়ে নিজৰ আমোদ প্ৰমোদৰ সলনি নিজৰ চুটিৰ সময় খিনি অতিকৈ পিছপৰা অঞ্চলৰ নিবনুৱা শিক্ষিত যুৱক যুৱতীক এই ধৰণৰ উচৰ্গা কৰাত শলাগ লোৱাৰ লগতে এখনি আৰনাইৰে উপেন্দ্ৰ বাসুমতাৰীক সম্বৰ্ধনা জনায় ।উক্ত সভাত ইউপিপিএল দলৰ চি ডব্লিউ চি মেম্বাৰ ৰতন মোচাহাৰী ,ভিচিডিচি খনৰ চেয়াৰমেন অজৰ বসুমতাৰী ,ভাইচ চেয়াৰমেন দেবেন মাহাতো, নেহেৰু স্মৃতি মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক কৃষ্ণ কান্ত মাহাতো প্ৰমুখ্যে অইন অইন ব্যক্তি সকল উপস্থিত থাকে । উল্লেখযোগ্য যে ২ নং শইকীয়া চুবুৰী গাঁওৰ বাসিন্দা তথা বি এছ এফ  ত কৰ্মৰত জোৱান উপেন্দ্ৰ বসুমতাৰীয়ে ২০১৭ চনৰ পৰাই বছৰেকীয়া ছুটিত আহিলেই অঞ্চল টোৰ যুৱক যুৱতী সকলক এচ এচ চি জি ডি ৰ বিনামূলীয়া প্ৰশিক্ষণ আগবঢ়াই আহিছে । অইন বাৰৰ দৰে এইবছৰো বছৰেকীয়া ছুটিত আহিয়েই এই উদ্যমী জোৱান জনে সতীৰ্থ অনিল মোচাহাৰীৰ লগ লাগি এমাহ ধৰি প্ৰশিক্ষণ প্ৰদান কৰিছে । এইবাৰৰ এই জোৱান জনে আগবঢ়োৱা প্ৰশিক্ষণত ওৰাং ,মাজবাট, ঢেকীয়াজুলি , ৰৌতা , গেৰুৱা ,বৰছলা,বড়ো বজাৰ আদি ঠাইত ১০৫ গৰাকী যুৱক যুৱতীয়ে অংশ গ্ৰহণ কৰি প্ৰশিক্ষণ লয় ।

দিল্লীত নিজা প্ৰচেষ্টাৰ ফলত অশেষ কষ্টেৰে ক্ৰছিং কৰি চাকৰিত যোগদান কৰা জোৱান গৰাকীয়ে সাংবাদিকৰ আগত কয় যে ভগৱানে আমাৰ নচিব নিলিখে  আমাৰ নচিব আমি নিজেই লিখিব লাগিব । বিহাৰৰ দৰে আমাৰ লৰা ছোৱালী বোৰে কষ্ট নকৰে । ইংৰাজী গ্ৰামাৰ আৰু মেট্ৰিক পৰ্য্যায়ৰ অংকৰ জ্ঞান থাকিলে এনেবোৰ প্ৰতিযোগিতা মুকল পৰীক্ষাত অতি সহজে উত্তীৰ্ণ হব পাৰি । এই পৰীক্ষাত উত্তীৰ্ণ হলে ডিফেঞ্চৰ যিকোনো চাকৰিত সুমাই শিক্ষাগত অৰ্হতা অনুযায়ী পদোন্নতিলৈ গৈ থাকিব পাৰি । তেখেতে লগতে দুখ প্ৰকাশ কৰি ব্যক্ত কৰে যে অইন অইন ৰাজ্যৰ কোটা সম্পূৰ্ণ হয় কিন্তু অসমৰ কোটা থাকি যায় । আমাৰ প্ৰাৰ্থীয়ে নোলায় । এই এমহীয়া প্ৰশিক্ষণৰ অন্তত অনুষ্ঠিত কৰা লিখিত পৰীক্ষাত অজিত মাহাতো প্ৰথম , হৃদয় শইকীয়া দ্বিতীয় আৰু ব্ৰিগেশ্রী দৈমাৰীয়ে তৃতীয় স্থান দখল কৰে । প্ৰশিক্ষাৰ্থী সকলে প্ৰশিক্ষক উপেন্দ্ৰ বসুমতাৰী আৰু অনিল মোচাহাৰীক শলাগ জনায় ।আৰু এই প্ৰশিক্ষণৰ আগন্তুক প্ৰতিযোগিতা মুলক পৰীক্ষাত তেওঁলোকৰ সহায়ক হব বুলি মত প্ৰকাশ কৰিছে ৷

আঁচনিত দুৰ্নীতি,পথাৰত নাই গছ-গছনি

 ধুবুৰী জিলাৰ চাপৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ফলিমাৰী-কৃষ্ণকালি গাওঁ পঞ্চায়তৰ কলবাড়ী গাঁৱত যোৱা ২০২০ বৰ্ষৰ ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ফলিমাৰী-কৃষ্ণকালি গাওঁ পঞ্চায়তৰ MGNREGA অধীনত ৪৯ লাখ টকা ব্যয় সাপেক্ষে গছ-পুলি ৰোপন আৰু চৌপাশ কাঁটাতাৰৰ বেৰ নিৰ্মান আঁচনি শুভাৰম্ভ হৈছিল। উক্ত কাৰ্যসূচীত উপস্থিত আছিল তেতিয়াৰ ধুবুৰী জিলা উপায়ুক্ত, বৰ্তমানৰ প্ৰাক্তন বিজেপি বিধায়ক। কিন্তু উল্লেখিত আঁচনিখনত অনিয়ম সংঘটিত হোৱাৰ দাবী ধুবুৰী জিলাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ।


    সংগঠনটোৱে দাবী কৰে যে গাঁও সভাত জালিয়াতি কৰি উক্ত আঁচনি ৰূপায়ন কৰিছিল। নামত হে গছ পুলি আঁচনি কিন্তু বাস্তৱত নাই এটাও গছ পুলি এনে বহু অভিযোগ আনি ধুবুৰী জিলা কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ফালৰ পৰা উক্ত কামৰ উচিত তদন্ত বিচাৰি চাপৰ থানাত এজাৰৰ দাখিল কৰে।

কেন্দ্রীয় AYUSH মন্ত্রী সর্বানন্দ সোণোৱালৰ সর্বভাৰতীয় আয়ুর্বেদ প্রতিষ্ঠান পৰিদর্শন

কেন্দ্রীয় আয়ুষ মন্ত্রী সর্বানন্দ সোণোৱাল আৰু ৰাজ্যিক মন্ত্রী মুঞ্জাপাৰা মহেন্দ্রভাইয়ে দেওবাৰে সর্বভাৰতীয় আয়ুর্বেদ প্রতিষ্ঠান পৰিদর্শন কৰি এটা বহুমুখী যোগ ভৱন আৰু এটা প্রেক্ষাগৃহ মুকলি কৰে৷ দুয়োগৰাকী মন্ত্রীয়ে প্রতিষ্ঠানটোৰ কাম–কাজৰ ভূয়সী শলাগ লয় আৰু প্রতিষ্ঠানটোক বিশ্বৰ ভিতৰতে অগ্রণী আয়ুর্বেদ অনুষ্ঠানৰূপে গঢ়ি তোলাৰ ক্ষেত্রত সকলো প্রকাৰৰ সহায়ৰ হাত আগবঢ়াই যাব বুলি আশ্বাস দিয়ে৷ প্রতিষ্ঠানটোৰ ভৱিষ্যত পৰিকল্পনাক উচ্চ প্রশংসা কৰি মন্ত্রী সোণোৱালে এই প্রতিষ্ঠানটোত বিশ্বৰ প্রথমটো আয়ুর্বেদ বায়’ বেংক স্থাপন কৰাৰ বাবে সকলো প্রকাৰৰ সহায় আগবঢ়াব বুলি লগতে উল্লেখ কৰে৷

মন্ত্রী সোণোৱালে প্রতিষ্ঠানটোৰ সঞ্চালক ডাঃ তনুজা নেচাৰিক বৈজ্ঞানিক অনুসন্ধানৰ লগতে গৱেষণাৰ সুফলসমূহ সকলো স্তৰৰ লোকৰ বাবে যাতে নিজ নিজ ভাষাত উপলব্ধ হয়, তাৰ প্রতি গুৰুত্ব আৰোপ কৰিবলৈ আহ্বান জনায়৷সর্বভাৰতীয় আয়ুর্বেদ প্রতিষ্ঠানত আগবঢ়োৱা চিকিৎসাৰ প্রশংসা কৰি ৰাজ্যিক মন্ত্রী মুঞ্জাপাৰা মহেন্দ্রভাইয়ে সংযুক্ত আৰু পূর্ণাংগ চিকিৎসা সেৱা প্রদানৰ দিশত মনোনিৱেশ কৰিবলৈ পৰামর্শ আগবঢ়ায়৷ দুয়োগৰাকী মন্ত্রীয়ে প্রায়বোৰ গুৰুত্বপূর্ণ বিভাগ পৰিদর্শন কৰে আৰু চিকিৎসা সেৱা, গৱেষণাৰ সুবিধাসমূহৰ বিষয়ে শিক্ষক আৰু শিক্ষার্থীসকলৰ সৈতে বিস্তৃতভাৱে মত বিনিময় কৰে৷ মন্ত্রীদ্বয়ে এই প্রতিষ্ঠানৰ বিশেষত্ব শিশুৰ পঞ্চকর্ম আৰু নেত্র পঞ্চকর্মৰ বিশেষ শলাগ লয়৷ দুয়োৱে আয়ুর্বেদিক দন্ত গোটৰ লগতে আয়ুর্বেদিক অস্ত্রোপচাৰ গোটৰ বুজ লয়৷

সীমা সমস্যাক লৈ প্ৰধান মন্ত্ৰীৰ সৈতে আলোচনাত মিলিত মুখ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা

 ৰাজ্যৰ বিজেপি সাংসদসকলক লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীক সাক্ষাৎ অসম–মিজোৰামকে ধৰি চুবুৰীয়া ৰাজ্য নাগালেণ্ড, মেঘালয় আৰু অৰুণাচল প্রদেশৰ সৈতে থকা সীমা বিবাদৰ প্রসংগও মুখ্যমন্ত্রী ড০ শর্মাই প্রধানমন্ত্রী মোদীৰ সন্মুখত উত্থাপন কৰিব বুলি জানিব পৰা গৈছে৷ মন কৰিবলগীয়া যে আন্তঃৰাজ্যিক সীমা বিবাদক লৈ প্রধানমন্ত্রী মোদীৰ উপৰি কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহক সাক্ষাৎ কৰিবলৈ মুখ্যমন্ত্রী ড০ শর্মাই কালি বিয়লিৰ ভাগত দিল্লী আহি পাইছিল৷

শনিবাৰে দিল্লীৰ বসন্তকুঞ্জত থকা নিজা বাসভৱনত নিশা যাপন কৰাৰ পাছত দেওবাৰে পুৱাৰ ভাগত অসম হাউছত আহি পায় মুখ্যমন্ত্রী ড০ শর্মা৷ অসম হাউছত মুখ্যমন্ত্রী ড০ শর্মাই ৰাজ্যৰ বিজেপি সাংসদসকলৰ সৈতে কেইবাঘণ্টা ধৰি আলোচনাত মিলিত হয়৷ দলৰ সাংসদ তথা ৰাষ্ট্রীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া, পল্লৱলোচন দাস, তপন গগৈ, কুইন ওজা আৰু ৰাজ্যসভাৰ সাংসদ কামাখ্যাপ্রসাদ তাছাক আছাম হাউছত থকা মুখ্যমন্ত্রীৰ কোঠাত প্রৱেশ কৰা পৰিলক্ষিত হৈছিল৷ জানিব পৰা মতে, আজি প্রধানমন্ত্রী মোদীৰ উপৰি গৃহমন্ত্রী অমিত শ্বাহৰ সৈতেও মুখ্যমন্ত্রী ড০ শর্মাই বৈঠকত মিলিত হ’ব৷ তদুপৰি আন কেইবাজনো কেন্দ্রীয় মন্ত্রীক মুখ্যমন্ত্রী ড০ শর্মাই সাক্ষাৎ কৰাৰ কথা৷

এটা পাহাৰীয়া নিজৰাই দৃষ্টি আকৰ্ষণ কৰিছে জনসাধাৰণৰ

তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাৰ ৩১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ শূন্য দূৰত্বৰ পৰা এক কিলোমিটাৰ আগুৱাই আহি লেখাপানী গাঁৱৰ মাজেৰে প্রায় ৫ কিলোমিটাৰ এক দুৰ্গম পথ অতিক্ৰম কৰিলেই দেখা পোৱা যায় এটা পাহাৰীয়া নিজৰা। লেখাপানী বনাঞ্চলিক কাৰ্য্যালয়ৰ অধীনৰ লেখাপানী সংৰক্ষিত বনাঞ্চলৰ প্ৰাকৃতিক পৰিবেশেৰে পৰিবেষ্টিত এক লুঙ লুঙীয়া পথেৰে আগবাঢ়ি গলেই উপস্থিত হব পাৰি সেই স্থানত। পাটকাই পাহাৰৰ ভূগৰ্ভৰ পৰা বৈ অহা প্ৰকৃতিৰ অপৰূপ সৃষ্টি এই নিজৰাটোৱে এক অনন্য মাত্ৰা প্ৰদান কৰিছে বনাঞ্চল খনক। অতীতৰে পৰা নিৰন্তৰ গতিৰে বৈ থকা নিজৰাটোৰ জলধাৰাই এক প্ৰকাণ্ড শিলৰ ওপৰেৰে বৈ আহি সৃষ্টি কৰিছে জলপ্ৰপাত সদৃশ এক অপৰূপ নান্দনিক পৰিবেশ।অতীতৰে পৰা বৈ থকা এই নিজৰাটো লেখাপানী সংৰক্ষিত বনাঞ্চলৰ ভিতৰত এক জয়াল পৰিবেশৰ মাজত অৱস্থিত বাবেই আৰম্ভণিতে কোনোধৰণৰ প্ৰসাৰতা লাভ কৰা নাছিল।বনাঞ্চল খনৰ নিচেই কাষতে লাগি থকা গাঁৱৰ দুই এজন লোক বাঁহ, বেত,খৰি ইত্যাদি বিচাৰি যোৱাৰ বাদে অন্য লোকে সেই স্থানত যোৱাৰ হয়তো প্ৰয়োজনীয়তা অনুভৱ কৰা নাছিল ইয়াৰ একমাত্ৰ কাৰণ হয়তো সেই সময়ত সামাজিক মাধ্যমৰ ব্যৱহাৰ নোহোৱাৰ বাবেই নিজৰাটোৱে জনসাধাৰণৰ মাজত প্ৰসাৰতা লাভ কৰা নাছিল।বিগত সময়চোৱাত সমগ্র বিশ্বৰ লগতে অসমটো মহামাৰি কৰোনাই এক প্ৰকাৰ জনজীৱন স্তব্ধ কৰি তুলিছে।

এই সময়ছোৱাতে অঞ্চলটোৰ কিছু সংখ্যক যুৱকে অৱসাদ বিনোদনৰ বাবে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাৰ উদ্দেশ্যে এই ভিতৰুৱা অঞ্চলটোত প্ৰৱেশ কৰে আৰু এই পাহাৰীয়া জুৰিটো নতুনকৈ আৱিষ্কাৰ কৰি সামাজিক মাধ্যমৰ যোগেদি জনসাধাৰণক দেখুৱাবলৈ সক্ষম হয়। সামাজিক মাধ্যমত প্ৰচাৰ হোৱাৰে পৰা জনসাধাৰণৰ মাজত জুৰিটোৱে বিশেষ ভাৱে দৃষ্টি আকৰ্ষণ কৰিছে। জুৰিটোৰ নান্দনিক মনোমোহা সৌন্দৰ্য উপভোগ কৰিবলৈ নিতৌ আগমন ঘটে বহু সংখ্যক লোকৰ। ইয়ালৈ আগমন ঘটা লোকসকলে বহু বাধা-বিঘিনি, দোষ-কষ্ট,ৰদ-বৰষুণকো নেওচি জুৰিটোৰ সৌন্দৰ্য উপভোগ কৰাৰ যি উৎসাহ দেখুৱাইছে সেই উৎসাহে কিন্তু পৰ্যটনৰ ক্ষেত্ৰত এক আশাৰ ৰেঙণি কঢ়িয়াই আনিছে।এই ক্ষেত্ৰত যদি অসম চৰকাৰে পৰ্যটন বিভাগৰ জৰিয়তে অঞ্চলটো পৰিদৰ্শন কৰি বাট পথকে ধৰি সৌন্দৰ্য বৰ্ধনৰ বাবে কিছু উন্নয়ন মূলক আঁচনি গ্ৰহণ কৰে তেন্তে অসম পৰ্যটনৰ বাবে অঞ্চলটোৱে এক আশাপ্ৰদ সফলতা কঢ়িয়াই অনাৰ পূৰ্ণ সম্ভাৱনা আছে।

২দিনত ৪৬জন এনএলএফবি উগ্ৰপন্থীয়ে আত্মসমৰ্পণ কৰে: অসম আৰক্ষী

নৱগঠিত বিদ্ৰোহী সংগঠন নেচনেল লিবাৰেচন ফ্ৰণ্ট অৱ বডোলেণ্ড (এনএলএফবি)ৰ মুঠ ৪৬ জন সদস্যই দুদিনৰ ভিতৰত বৃহৎ পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদৰ সৈতে আত্মসমৰ্পণ কৰে, বিষয়াসকলে দেওবাৰে কয়।সংগঠনটোৰ ৩২ জন বিদ্ৰোহীয়ে দেওবাৰে অস্ত্ৰ-শস্ত্ৰ নিবাৰণ কৰিছিল, আৰু ১৪ জনে আগদিনা আত্মসমৰ্পণ কৰিছিল, তেওঁলোকে কৈছিল।এমাহৰো কম সময়ৰ ভিতৰত এনএলএফবি উগ্ৰপন্থীৰ এইটো দ্বিতীয় গণ আত্মসমৰ্পণ আছিল। সংগঠনটোৰ মুৰব্বী এম বাথাৰ লগতে আন ২২ জন বিদ্ৰোহীয়ে ২২ জুলাইত ওদালগুৰি জিলাৰ লালপানীত অস্ত্ৰ-শস্ত্ৰ নিবাৰণ কৰিছিল।

“কোকৰাঝাৰ জিলাত দুদিনত মুঠ ৪৬ জন এনএলএফবি উগ্ৰপন্থীয়ে আত্মসমৰ্পণ কৰে । তেওঁলোক ঝাৰবাৰী বন পৰিসৰত একত্ৰিত হৈছিল আৰু আৰক্ষীয়ে তেওঁলোকক কোকাঝাৰলৈ লৈ আহিছিল,” এজন জ্যেষ্ঠ বিষয়াই পিটিআইক জনায়।তেওঁ কয় যে ছয়টা একে-৪৭ ৰাইফল, দুটা কাৰ্বাইন, চেল্ফ লোডিং ৰাইফল আৰু .৩০৩ ৰাইফল, এটা ৯ এম এম পিষ্টল, তিনিটা হেণ্ড গ্ৰেনেড আৰু বৃহৎ সংখ্যক কাৰ্ট্ৰিজ জব্দ কৰা হৈছে।

এনএলএফবি প্লাটুনকমাণ্ডাৰ বি হাৰফা আত্মসমৰ্পণকাৰী উগ্ৰপন্থীসকলৰ ভিতৰত আছিল, আন এজন বিষয়াই কৈছিল।উগ্ৰপন্থীসকলক গ্ৰহণ কৰাৰ পিছত, তেওঁ দাবী কৰে যে সংগঠনটোৰ বাকী বিদ্ৰোহীসকলে অহা কেইদিনমানৰ ভিতৰত আত্মসমৰ্পণ কৰিব। বাথাৰ নেতৃত্বত পূৰ্বৰ উগ্ৰপন্থী সংগঠন নেচনেল ডেমক্ৰেটিক ফ্ৰণ্ট অৱ বৰোলেণ্ড (এনডিএফবি)ৰ কিছুঅসন্তুষ্ট সদস্য বনলৈ উভতি অহাৰ পিছত দলটো কঢ়িয়াই অনা হৈছিল। এনএলএফবি বেছিভাগ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন (বিটিআৰ)ত ধন দাবীৰ সৈতে জড়িত আছিল।কেইমাহমান আগতে সংগঠনটো গঠন হোৱাৰ পিছৰে পৰা আৰক্ষীৰ সংঘৰ্ষত সংগঠনটোৰ এজন সদস্য নিহত হৈছে আৰু আন ২৭ জনক গ্ৰেপ্তাৰ কৰা হৈছে।

প্ৰবীণ অভিনেতা অনুপম শ্যামৰ ৬৩ বছৰ বয়সত মৃত্যু

যোৱা সপ্তাহত বৃক্কৰোগৰ বাবে মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি হোৱা প্ৰবীণ অভিনেতা অনুপম শ্যামৰ সোমবাৰে একাধিক অংগ বিকল হোৱাৰ ফলত মৃত্যু হয়, তেওঁৰ বন্ধু অভিনেতা যশপাল শৰ্মাই কয়।টিভি অনুষ্ঠান “মন কী আৱাজ: প্ৰতিজ্ঞা ” ত তেওঁৰ কাম আৰু “স্লামডগ মিলিয়নেয়াৰ” আৰু “বেণ্ডিট কুইন”ৰ দৰে চলচ্চিত্ৰত অভিনয়ৰ বাবে জনাজাত ৬৩ বছৰীয়া অভিনেতাজনক চাৰি দিন পূৰ্বে উপনগৰীয় গোৰেগাঁৱৰ লাইফলাইন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল।শ্যামে তেওঁৰ দুই ভাতৃ অনুৰাগ আৰু কাঞ্চনৰ উপস্থিতিত চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে।

যোৱা বছৰ, শ্যামৰ ডায়েলাইচিছ চলি আছিল আৰু ডায়েলাইচিছৰ সময়ত বাগৰি পৰাৰ পিছত তেওঁক গোৰেগাঁও চিকিৎসালয়লৈ স্থানান্তৰ কৰা হৈছিল।অভিনেতাজনৰ পৰিয়ালেও তেওঁৰ চিকিৎসাৰ বাবে মনোৰঞ্জন উদ্যোগত তেওঁৰ বন্ধুবৰ্গৰ পৰা সহায়ৰ বাবে অনুৰোধ কৰিছিল।তেওঁ অলপতে তেওঁৰ অনুষ্ঠান “মন কি আৱাজ: প্ৰতিজ্ঞা”ৰ দ্বিতীয় চিজনৰ শ্বুটিং পুনৰ আৰম্ভ কৰিছিল।

মন্ত্ৰী অতুল বৰা ক’ভিড পজিটিভ

“মই মৃদু লক্ষণৰ সৈতে ক’ভিড-19 পজিটিভ ।যিসকলে মোৰ সংস্পৰ্শলৈ আহিছে তেওঁলোকক মই অতি সোনকালে নিজকে পৰীক্ষা কৰাবলৈ অনুৰোধ জনাইছো,” মন্ত্ৰী অতুল বৰাই টুইট কৰে। ক’ভিড-19 পজিটিভ হোৱা কথা মন্ত্ৰী গৰাকীয়ে এটা টুইট যোগে সদৰি কৰে।