Home Blog Page 2897

মৰাপাটৰ খেতি কৰি বিপদত চাপৰৰ চৰ অঞ্চলৰ একাংশ কৃষক

চাপৰ উন্নয়ন খণ্ডৰ অন্তৰ্গত ধীৰেৰচৰ গাঁও পঞ্চায়তৰ একাংশ কৃষকে মৰাপাট খেতি কৰি বিপদত পৰিছে।  মৰাপাট বিলাক কাটি কাটি পথাৰত পেলাই থৈ‌দেখা গৈছে। কিন্তু পানীৰ অভাৱত কৃষকসকলে মৰাপাট বিলাকক জাক বা গতি লগাব পৰা নাই ইফালে পথাৰতে মৰাপাটবিলাক জ্বলি শেষ হব ধৰিছে। পানীৰ দৰত বিক্ৰি হৈছে দৰিদ্ৰ কৃষকৰ মৰাপাট৷ কপালৰ ঘাম মাটিত পেলাই মৰাপাটৰ খেতি কৰা কৃষক সকলে উচিত মূল্য নাপায় মুৰে কপালে হাত দিছে কৃষকসকলে৷ কৃষকে ২৫০০ টকাৰ পৰা ২৬০০ টকাত বেপাৰীক যাচি দিব লগা হৈছে মৰাপাট৷ প্ৰতি বিঘা মৰাপাট উৎপাদন কৰোতে কৃষকৰ ব্যয় হয় ৩৫০০ টকাৰ পৰা ৪০০০ টকালৈ৷গাঁঠিৰ ধন ভাঙি উৎপাদন কৰা মৰাপাট এতিয়া পানীৰ দৰত বিক্ৰি কৰি মুৰে কপালে হাত দিছে কৃষকে৷ লোকচান কৰি মৰাপাট বিক্ৰি কৰিব লগা হোৱাত চাপৰ‌ অঞ্চলত কৃষকৰ মাজত হাহাকাৰ লাগিছে। কৃষকসকলো খেতি কৰিয়ে লৰা-ছোৱালীক পোহপাল দিয়ে৷ ঘৰ খনৰ সমস্ত খৰছ খেতিৰ ওপৰত্ নিৰ্ভৰশীল৷থীৰেৰচৰ তাৰাংগাপুৰ আদি‌ বহু অঞ্চলৰ কৃষকে মৰাপাটৰ খেতি কৰি হতাশাত ভূগিছে। কৃষক সকলোৱে বিষয়টো ৰাজ্য চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ অনুৰোধ জনাইছে।         আৰু লগতে কয় যে বিলাসীপাৰা পূৱ সমষ্টিৰ বিধায়ক আৰু ধুবুৰী সাংসদৰ ওচৰত কৃষকসকলৰ কোনো মূল্য নাই। তেখেতসক অকল ৰাস্তাই দি আহে আৰু যায় কিন্তু কৃষক সকলৰ খবৰ লবলৈ অকনো সময় নহয়।                           আৰু কয় যে নিৰ্বাচনৰ সময়ত ভোটৰ সময়ত আহি দেখা দি যাব আৰু নিৰ্বাচন শেষ হৈ যোৱাৰ পিছত কোনো খা খবৰ নাই। 

অসমৰ অন্যতম বন্যপ্ৰাণী সুৰক্ষাকৰ্মী ‘মনোজ গগৈ’

অসমৰ বন্যপ্ৰাণী সংৰক্ষণৰ লগত জড়িত এজন গুৰুত্বপূৰ্ণ ব্যক্তি হ’ল – কাজিৰঙাৰ বোকাগাঁৱ অঞ্চলৰ মনোজ গগৈ । ২০০৫ চনৰ পৰা মনোজ গগৈয়ে কাজিৰঙা বন্যপ্ৰাণী শাখাৰ বিভিন্ন কামৰ লগত জড়িত হৈ আছে। মনোজ গগৈয়ে ফান্দত লগা চৰাই, আঘাতপ্ৰাপ্ত জীৱজন্তুৰ উদ্ধাৰ কৰি সেইসমূহক সুৰক্ষা প্ৰদান কৰে আৰু সময় সাপেক্ষে যেতিয়া সেই সমূহ সুস্বাস্থ্যৰ অধিকাৰী হয় তেতিয়া প্ৰকৃতিৰ বুকুত এৰি দিয়ে । তেওঁ এই যাত্ৰাৰ আৰম্ভণি কৰে প্ৰায় ১০বছৰ পূৰ্বেই । ঘটনাটো আছিল এইধৰণৰ -দেওবৰীয়া দুপৰীয়া এটাত ৰাস্তাৰ মাজত মানুহৰ জুম এটা দেখি মনোজ গগৈ আগবাঢ়ি যায় আৰু দেখে যে মানুহ কিছুমানে এডাল অজগৰ সাপক চীপজৰী দি নিজৰ ভয়ৰ পৰা সাৰিবলৈ আঘাতপ্ৰাপ্ত কৰিছিল  তেতিয়া সেই অজগৰক মৃত্যু মুখৰ পৰা উদ্ধাৰ কৰিবলৈ তেওঁ মানুহৰ জুমটোক অজগৰডাল নামাৰিবলৈ অনুৰোধ কৰে আৰু ঘৰলৈ গৈ প্ৰয়োজনীয় সঁজুলি পাতি আনি সাপডালক ৰক্ষা কৰে আৰু তেনেকৈয়ে সাপডাল সুস্থ হৈ উঠাৰ পিছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কতৃপক্ষৰ অনুমতি সন্মতে হাবিৰ মাজত এৰি দিয়ে ।
২০০৭ চনৰ আগলৈকে এনেদৰে উদ্ধাৰ কৰা বন্যপ্ৰাণীৰ সংখ্যা প্ৰায় ৫,০০০ৰো অধিক। এই বন্যপ্ৰাণী সমূহক তেওঁ সন্তানৰ দৰে লালন পালন কৰে আৰু সিহঁতৰ লগত বাৰ্তালাপো কৰিব পাৰে শগুণ, কাউৰী, ফেঁচা , কাছ, বিভিন্ন প্ৰজাতিৰ সাপ ইয়াত ভিতৰত উল্লেখযোগ্য । ইয়াৰোপৰি ৪জনী মাছৰোকা (kingfisher) ডাঙৰ কৰাটো তেওঁৰ জীৱনৰ এক ডাঙৰ সাফল্য বুলি তেওঁ ভাবে আৰু সচাকৈয়ে এইটো এক প্ৰশংসনীয় কাৰ্য।
মনোজ গগৈয়ে বন্যপ্ৰাণী সংৰক্ষণত আগ্ৰহী কিছুমান ব্যক্তিৰ লগত লগলাগি ২০০৭ চনত ” The naturalist to Rehabilitation of Snakes and Birds (NRSB)” নামৰ সংগঠন গঠন কৰে । বৰ্তমান এই সংগঠনটোত ১০০ জনৰো অধিকলোকে ইচ্ছাকৃতভাবে কাম কৰিছে। মনোজ গগৈয়ে বন্যপ্ৰাণী সংৰক্ষণ কৰাৰ লগতে বন্যপ্ৰাণী সংৰক্ষণৰ প্ৰয়োজনীয়তা আৰু গুৰুত্বৰ কথা চুবুৰীয়া বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আলোচনা কৰে লগতে বিভিন্ন ঠাইত সজাগতা প্ৰচাৰো চলাই।
২০১৪ চনত Corbett foundation য়ে মনোজ গগৈক  ” wildlife warrior ” বঁটাৰে সন্মানিত কৰে। ইয়াৰ পিছতে ধৃতিমান কাকতি নামৰ এজন অসমীয়া পৰিচালকে ” ‍The man who speaks Nature ” নামৰে এখন তথ্যচিত্ৰ নিৰ্মাণ কৰে য’ত তেওঁ মনোজ গগৈৰ কৰ্মৰাজিক উপস্থাপন কৰে। বন্যপ্ৰাণীৰ প্ৰতি থকা তেওঁৰ অগাধ  মৰম , স্নেহ আৰু দায়িত্ববোধ সঁচাকৈয়ে প্ৰশংসনীয় । আমি প্ৰত্যেকেই  বন্যপ্ৰাণীৰ ৰক্ষা আৰু সংৰক্ষণৰ বাবে এনেধৰণৰ কাম কৰিব লাগে আৰু বন্যপ্ৰাণীবোৰৰ বিলুপ্তিকৰণত বাধাৰ হেঙাৰ হৈ থিয় দিব লাগে।

ডবকাত আৰক্ষীৰ অভিযানত দুই ড্ৰাগছ সৰবৰাহকাৰী আটক

হোজাই জিলাৰ ডবকা আৰক্ষী থানাৰ  অন্তৰ্গত ডবকা ২৭ নং ৰাষ্ট্ৰীয় ঘাই পথত অভিযান চলাই আজি সন্ধিয়া দুই ড্ৰাগছ সৰবৰাহ কাৰীক আটক কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷  আজি সন্ধিয়া এক গোপন সূত্ৰৰ পম খেদি ডবকাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অমৃত কুমাৰ সিং ৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে ডবকাৰ চাৰিলেনযুক্ত ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথত আজি সন্ধিয়া অভিযান চলায় ৷ অভিযান কালত দুই ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে ৷ ধৃত সৰবৰাহ কাৰীকেইটাৰ নাম হল চাদ্দাম হুছেইন আৰু ময়নুল হক ৷ সৰবৰাহ কাৰী কেইটাৰ কৱলৰ পৰা তিনিটা হেৰইনৰ কন্টেনাৰ জব্দ কৰে ৷ বৰ্তমান অৱ্যাহত আছে আৰক্ষীৰ তদন্ত ৷ 

ওৰাং গ্ৰামীন বিকাশ বেংক পৰিচালক বদলিৰ দাবী

ওদালগুৰি জিলাৰ  ওৰাং গ্ৰামীন বিকাশ বেংক পৰিচালক গৰাকীৰ বিৰুদ্ধে উৎকোচ লোৱাৰ অভিযোগ উত্থাপিত হৈছে । প্ৰাপ্ত অভিযোগ অনুসৰি দুগৰাকী বেংক মিএৰ জৰিয়তে পৰিচালক গৰাকীয়ে কোৰোণাৰে ধন চপাই নিজৰ জেপ গধুৰ কৰি মাছে মঙহে খাইছিল বেংকটোৰ ভিতৰত ।এনেদৰে  অভিযোগ উত্থাপন কৰিছে আত্মসহায়ক গোটৰ মহিলা সকলে ।  এই সন্দৰ্ভত আত্মসহায়ক গোটৰ মহিলা সকলে ওদালগুৰি জিলা উপায়ুক্তক পৰিচালক গৰাকীক  বেংকটোৰ পৰা বদলি কৰিবলৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰা বুলি জানিব পৰা গৈছে । পৰিচালক গৰাকীয়ে আত্মসহায়ক গোটৰ মহিলা সকলৰ  পৰা উৎকোচ লোৱাৰ কথা  উল্লেখ কৰি উপাযুক দিযা স্মাৰক পত্ৰ খনত উল্লেখ কৰা মতে আত্মসহায়ক  গোটৰ মহিলা সকলক চৰকাৰে আগবঢ়োৱা ঋণ, এককালীন সাহাৰ্য্য মোকোলাই দিয়াৰ নামত বেংকটোত নিয়োজিত হৈ থকা দুগৰাকী বেংক মিএৰ জৰিয়তে প্ৰতিটো আত্মসহায়ক গোটৰ পৰা  ২ হাজাৰ পৰা ৩ হাজাৰ টকা উৎকোচ লয়। এই টকা নিদিলে পৰিচালক গৰাকীয়ে বেংক মিএৰ  জৰিয়তে গোটৰ মহিলা সকলৰ ঋন অৰ্থবা এককালীন সাহাৰ্য্য পলম হব বুলি জনাই দিযে । উপায়ন্তৰ হৈ মহিলা সকলে পৰিচালক গৰাকীক এই ধন দিবলৈ বাধ্য হয় । অবশ্যে বেংক মিএ দুগৰাকীৰ উৎকোচ লোৱাৰ কথা সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ পোৱাৰ  পাছত মাজবাট উন্নয়ন খণ্ডৰ  বি পি এম গৰাকীয়ে তাৎক্ষণিক ভাৱে বেংক মিএ দুগৰাকীক ওৰাং গ্ৰামীণ বিকাশ বেংকৰ পৰা  উলিয়াই দিযা বুলি জানিব পৰা গৈছে ।কিন্তু   বেংক মিএ দুগৰাকীক বিভাৰ্গীয কৰ্তৃপক্ষই  উলিয়াই  দিয়াত নিজৰ সান্দহ খোৱা বালি তল যোৱাৰ বাবে  মহিলা সকলৰ ওপৰত পুনৰ খৰ্গহস্ত হৈ পৰিছে এই গৰাকী ঘোচ খোৰ বেংক পৰিচালকে।  নোম টেঙৰ এই গৰাকী পৰিচালকৰ স্বেচ্ছাচাৰী অপশাসনৰ বাবে আত্মসহায়ক গোটৰ মহিলা সকলে অতিষ্ঠ হৈ পৰা বুলি গুৰুত্বৰ অভিযোগ উত্থাপন কৰি অতি শীঘ্ৰে ওৰাং গ্ৰামীণ বিকাশ বেংক পৰিচালক গৰাকী বদলি কৰিবলৈ অনুৰোধ জনাই এই স্মাৰক পত্ৰ প্ৰদান কৰাৰ কথা জানিব পৰা গৈছে ।

লাহৰীঘাটত লাট মণ্ডলক উৎকোচ দিব গৈ আটক হ’ল আমছুৰ নেতা সহ দুজন

লাহৰীঘাট ৰাজহ চক্ৰত  লাট মণ্ডলক উৎকোচ দিব গৈ যোৱা কালি ৪ আগষ্টত আমছুৰ নেতাসহ দুজন আটক হবলগীয়া হোৱা ঘটনাই সমগ্ৰ অঞ্চলটোতে চাঞ্চল্যৰ সৃষ্টি কৰিছে। ধৃত আমছু নেতা জনৰ নাম আনাৰুল ইছলাম আৰু আনজন হৈছে গিয়াছউদ্দিন আহমেদ ।উল্লেখযোগ্য যে ৰাজহ চক্ৰটোৰ অন্তৰ্গত ফজিলা খাতুন নামৰ এগৰাকী মহিলাই বাৰ্ষিক আয় প্ৰমাণ পত্ৰ বাবে লাহৰীঘাটৰ চক্ৰ বিষয়াৰ কাৰ্যালয়ত আবেদন জনাইছিল।অভিযোগ মতে, লাট মণ্ডল গৰাকীক ব্লেকমেইলিং কৰাৰ বাবে আমছুৰ নেতা আনাৰুলে মহিলা গৰাকীৰ বাৰ্ষিক আয়ৰ প্ৰমাণ পত্ৰখনৰ বাবে   লাট মণ্ডল গৰাকীক কাগজৰ মাজত ভৰাই দিছিল ধন।আমছু নেতাজনৰ এই কাণ্ডৰ বিষয়ে জানিব পাৰি লাট মণ্ডল গৰাকীয়ে ৰাজহ চক্ৰ বিষয়া গৰাকীক  অৱগত কৰাত আমছু নেতাজৰ লগতে আনজনকো চক্ৰ বিষয়া গৰাকীয়ে লাহৰীঘাট আৰক্ষীৰ হাতত গতাই দিয়ে।উল্লেখযোগ্য যে মৰিগাঁও জিলাৰ দাতিয়ালবড়ি আঞ্চলিকৰ  এইজন আমছু নেতাই স্থানীয় এগৰাকী শিক্ষককো ব্লেকমেইলিং কৰাৰ অভিযোগ উত্থাপিত হৈছে।জানিব পৰা মতে এইজন আমছু নেতাৰ বিৰুদ্ধে লাহৰীঘাট থানাত আছে ব্লেক মেইলিঙৰ গোচৰ।

ব্ৰেইন টিউমাৰ ৰোগত আক্ৰান্ত জিন্টু মনি ডেকাক আৰ্থিক সাহাৰ্য বাবে আহ্বান

২৩ বছৰীয়া এগৰাকী মেধাবী যুৱক, যুৱক জনৰ নাম জিন্টু মনি ডেকা। ওদালগুৰি জিলাৰ ৰৌতাৰ ঝাৰগাঁৱত ঘৰ জিন্টু মনি ডেকাৰ। ব্ৰেইন টিউমাৰৰ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাৰ পিছৰে পৰা দুচকুৰে নেদেখা হ’ল জিন্টু মনিয়ে। দুয়ো চকুৰ দৃষ্টি শক্তি হেৰুৱালে জিন্টুমনিয়ে। মেধাবী যুৱক জিন্টুমনিক প্ৰয়োজন এতিয়া উন্নত চিকিৎসাৰ। তিনি বছৰ পূৰ্বে জিন্টুমনিৰ পিতৃৰ মৃত্যু হৈছে। পিতৃহাৰা জিন্টুমনিক উন্নত চিকিৎসা প্ৰদান কৰিবলৈ সমৰ্থ নাই এতিয়া জিন্টুমনিৰ অকলশৰীয়া মাতৃৰ। জিন্টুমনিৰ চিকিৎসাৰ বাবে প্ৰয়োজনীয় অৰ্থৰ যোগাৰ কৰিব নোৱাৰে দৰিদ্ৰ অকলশৰীয়া দুৰ্ভগীয়া পৰিয়াটিয়ে। পিতৃৰ মৃত্যুৰ পিছত জিন্টুমনিয়েই  ঘৰখনৰ একমাত্ৰ উপাৰ্জনকাৰী হিচাপে কষ্টৰে ঘৰখনৰ দায়িত্ব পালন কৰিছিল। গাড়ী চলায়, ফাৰ্মাচীত থাকি, হোটেলত কাম কৰি, টিউচন কৰি কোনোমতে ঘৰখন চলোৱাৰ লগতে একমাত্ৰ ভগ্নীৰ পঢ়া-শুনাৰ খৰচ বহন কৰিছিল জিন্টু মনিয়ে। জিন্টুমনি সৰুৰে পৰাই অতি মেধাবী আছিল। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ পৰা স্নাতক পৰ্যায়লৈ প্ৰথম বিভাগতে উত্তীৰ্ণ হৈ আহিছে জিন্টু মনিয়ে। লোক নায়ক অমিয় কুমাৰ দাস মহাবিদ্যালৰ পৰা ২০১৯ চনত বিজ্ঞান শাখাত B.Sc পাছ কৰিছে জিন্টু মনিয়ে। মেধাবী যুৱক জিন্টুমনিৰ সপোন আছিল ভাৰতীয় সেনাবাহিনীত যোগদান কৰাৰ। জিন্টুমনিৰ সেই সপোনক বাধা দিলে দুৰাৰোগ্য ৰোগে। দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ দুচকুৰ দৃষ্টি শক্তি হেৰুৱাত জিন্টুৰ ক্ৰমাৎ বাঢ়ি আহিছে স্বাস্থ্য জনিত সমস্যা। ক্ৰমাৎ প্ৰতিদিনে নেদেখা হৈছে জিন্টুৱে। জিন্টুৰ মনত দুৰ্বাৰ হেঁপাহ সুস্থ হৈ ভাল মানুহ হৈ নিজৰ লগতে গাঁৱৰ নাম উজ্জ্বল কৰিবলৈ পিছে জিন্টুক চকুৰ উন্নত চিকিৎসা কৰিবলৈ সমৰ্থ নাই এতিয়া স্বামী হাৰা মাতৃ ৰুনু ডেকাৰ। ফলত এতিয়া এই দৰিদ্ৰ পহিয়ালটোলৈ নামি আহিছে ঘোৰ অমানিশা। সেয়ে পৰিয়ালটোৰ দৰিদ্ৰ অৱস্থা আৰু মেধাবী যুৱক জিন্টুমনিৰ মুখলৈ চাই আৰ্থিক সহায়ৰ বাবে অসমবাসীৰ ওচৰত অনুৰোধ জিন্টু আৰু জিন্টুৰ অকলশৰীয়া মাতৃৰ। যিকোনো প্ৰকাৰে জিন্টুক সুস্থ কৰি পুনৰ আগৰ দৰেই এবাৰ চাব বিচৰাৰ দুৰ্বাৰ হেঁপাহ জিন্টুৰ অকলশৰীয়া দুৰ্ভগীয়া মাতৃৰ। সেয়ে মেধাবী যুৱক জিন্টুক সুস্থ কৰি তোলাৰ ক্ষেত্ৰত হৃদয়বান লোকৰ পৰা সহায় বিচাৰি চকুলো টুকিছে জিন্টুৰ মাতৃয়ে। গুৱাহাটীত উন্নত চিকিৎসা কৰিবলৈ হাতত এতিয়া ধন নাই পৰিয়ালটোৰ৷ জিন্টুৰ চিকিৎসাৰ বাবে  আৰ্থিকভাৱে সহায় কৰিবলৈ অসম ৰাইজক অনুৰোধ জনাইছে জিন্টুৰ মাতৃয়ে ৷ জিন্টুমনি ডেকাৰ চকুৰ উন্নত চিকিৎসাৰ বাবে A/C :- 36144187635, Name- Jintu Moni Deka, IFCS CODE- SBIN0003378, State Bank Of India (Rawta Chariali Branch) শাখাত আৰ্থিক সহায় কৰিবলৈ আহ্বান জনাইছে জিন্টুৰ দুৰ্ভগীয়া পৰিয়ালটিয়ে। 8724992246,9854684011, নম্বৰত ফোন কৰিও জিন্টুৰ পৰিয়ালটিক সহায় কৰিব পাৰিব। জিন্টুৰ চকুৰ উন্নত চিকিৎসাৰ বাবে আপোনাৰ মোৰ আৰু হৃদয়বান লোকৰ কিছু আৰ্থিক সহায় লাভ কৰিলেই হ’য়তো পুনৰ দৃষ্টি শক্তি ঘুৰি আহিব মেধাবী যুৱক জিন্টুমনি ডেকাৰ।এই যুবক গৰাকী চিকিৎসা কৰাৰ বাবে প্ৰায় ১০লাখ প্ৰয়োজন  ৷ যদিও এতিয়ালৈকে কোনো বিশেষ ভাবে আৰ্থিক সাহাৰ্য আদি একোৱেই পোৱা নাই ৷  অধিকাংশই   আৰ্থিক সাহাৰ্য,অনুদান দিয়াৰ পৰিবৰ্তেকেবল আশ্বাস,দুখ প্ৰকাশ কৰি সমভাগী হোৱাহে দেখিবলৈ পোৱা গৈছে ৷ এই শিক্ষিত যুবক গৰাকী সুস্থ কৰাৰ বাবে জিন্টু মনি ডেকাৰ  বেংক একাউন্টত  দান বৰঙনি,সাহাৰ্য আদি আগবঢ়াবলৈ ওদালগুৰি জিলা সচেতন নাগৰিক সমিতিয়ে আহ্বান জনাইছে ৷

“ জীৱন ডিঙা ” ছুটি ছবিৰ মহুৰত সম্পন্ন

পশ্চিম  নলবাৰীৰ  কৈহাটীত  কালি “জীৱন ডিঙা” নামৰ এখন ছুটি ছবিৰ শুভ মহুৰত সম্পন্ন হয় ৷ কামৰূপীয়া ঢুলীয়া কৃষ্টিৰ লগত জড়িত লোক শিল্পী সকলৰ জীৱনলৈ নামি অহা অমানিশাৰ এক বাস্তৱ কাহিনীৰ আধাৰত নিৰ্মান হব লগা “জীৱন ডিঙা” শীৰ্ষক ছুটি ছবি খনৰ শুভ মহুৰত অনুষ্ঠান বৰকৈহাটী সত্ৰৰ মদন মোহন গোসাইঘৰ প্ৰঙ্গনত  দিনৰ ১১ বজাত বন্তি প্ৰজ্বলন, কেমেৰাত মাল্যাৰ্পণ, নাৰিকল ভঙা আৰু কেমেৰাৰ চুইচ অ’ন কৰা কাৰ্যসূচীৰে সম্পন্ন কৰা হয় ৷ বন্তি প্ৰজ্বলন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কৰুনাকান্ত ভৰালীয়ে ৷ কেমেৰাত মল্যাৰ্পন , নাৰিকল ভঙা আৰু কেমেৰাৰ চুইচ অ’ন কৰে কৈহাটীৰ প্ৰবীন কামৰূপীয়া ঢুলীয়া শিল্পী ৰমনী দাস ভাইৰাই ৷ ২৫ মিনিট দৈৰ্ঘৰ ছুটি ছবি খনৰ কাহিনী সাংবাদিক ৰজেন বৈশ্যৰ ৷ চিত্ৰনাট্য লিখিছে শিল্পী গৌতম বৰ্মনে ৷ ছুটি ছবি খনৰ পৰিচালনাৰ কৰিব নাট্যকাৰ,পৰিচালক, চিত্ৰ শিল্পী বিনয় শৰ্মাই ৷ ছবিখনৰ অভিন কৰিছে ৰাজেন বৈশ্য, গৌতম বৰ্মন, হিৰন্য ৰাজ বৰ্মন, দীপা মিশ্ৰ, প্ৰজ্ঞা তালুকদাৰ, নিশামনি বৰ্মন, টুটু দাস, তাৰিনী দাস, বিনয় শৰ্মা, জিতেন দাস, শিশু শিল্পী মানস দাস, অকুৰ বৰ্মন আদি শিল্পী সকলে ৷ মহুৰত অনুষ্ঠানৰ পিছতে আজি দক্ষিন পখুৰাৰ খেতি পথাৰৰ লোকেচন আৰু কৈহাটীৰ ৰমনি ভাইৰাৰ ঘৰৰ লোকেচনত দৃশ্যগ্ৰহন কৰা হয় ৷

ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱৰ বাৰ্ষিক অধিৱেশন আৰু বিষয় বাছনি সভা সম্পন্ন

 নলবাৰী জিলাৰ বৃহত্তৰ ঘগ্ৰাপাৰ অঞ্চলৰ সাংবাদিক সকলৰ  উমৈহতীয়া মঞ্চ ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱৰ আজি বাৰ্ষিক অধিৱেশন আৰু বিষয় বাচনিসভা খন কালি  ঘগ্ৰাপাৰ হাইস্কুলত দিনজোৰা কাৰ্যসূচীৰে অনুস্থিত হৈ যায়। ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱৰ সভাপতি অমুল্য কলিতাৰ সভাপতিত্বত অনুস্থিত হোৱা বাৰ্ষিক অধিৱেশন খনৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক ৰাতুল চন্দ্ৰ ডেকাই। প্ৰেছ ক্লাৱৰ ভৱিষ্যত কাৰ্যপন্থা , বিগত দিনৰ কাম কাজ আৰু সাংগঠনিক দিশৰ ওপৰত  আলোচনা হোৱা সভাখনত পৰ্যবেক্ষক হিচাপে উপস্থিত থাকে নলবাৰী জিলা প্ৰেছ ক্লাৱৰ মুখ্য সম্পাদক ব্ৰজেন তালুকদাৰ আৰু সাংবাদিক শ্বাহ আলম আহমেদে।এই সভা খনতেই পুৰনি সমিতিখনে পদত্যাগ কৰাৰ পিছত এখন নতুন পূৰ্নাংগ সমিতি গঠন কৰা হয়।সমিতিখনত মুখ্য উপদেষ্টাত,ব্ৰজেন তালুকদাৰ, ( নিউজ লাইফ),সভাপতি-ফাইজুৰ ৰহমান,(  দৈনিক জনমভূমি)কাৰ্যকৰী সভাপতি-বীৰেন কলিতা(নিয়মীয়া বাৰ্তা),,প্ৰধান সম্পাদক-ৰাতুল চন্দ্ৰ ডেকা(আমাৰ অসম ),যুটীয়া সম্পাদক-দ্বিজেন ডেকা(অগ্ৰদূত),ৰবীন্দ্ৰ নাথ কলিতা(বাতৰি কাকত ),সহকাৰী সম্পাদক-ত্ৰিদীপ কলিতা(এন কে টিভি ),,পত্ৰিকা সম্পাদক-শ্বাহ আলম আহমেদ, (নিয়মীয়া বাৰ্তা),উপসভাপতি হামিদ আলী,জগত তালুকদাৰ,পংকজ লহকৰ লৈ এখন ২১ জনীয়াপুৰ্নাংগ সমিতি গঠন কৰা হয়।নতুন সমিতিখনে ঘগ্ৰাপাৰ প্ৰেছ ক্লাৱক জাকত জিলিকা কৰি তুলিব বুলি আশা কৰাৰ উপৰিও সকলোকে অভিনন্দন আৰু শুভেচ্ছা জনায়।

ওৰাঙত অবৈধভাবে চলি থকা শিল বালি পৰিস্কাৰ কৰা মেচিন উচ্ছেদ কৰাৰ দাবী ৰাইজৰ

ওদালগুৰি জিলাৰ ওৰাং গৰুবন্ধাত অবৈধভাবে চলি থকা  শিল বালি পৰিস্কাৰ কৰা মেচিনটো জব্দ কৰিবলৈ দাবী উত্থাপন কৰিছে ওৰাঙৰ ৰাইজে। উল্লেখ যোগ্য যে বিগত তিনি বছৰ ধৰি M/S H.M. এন্টাৰপ্ৰাইজ (screening plant ) নামৰ উদ্যোগটোৰ জৰিয়তে নদীৰ পৰা কঢ়িয়াই অনা শিল বালি সমুহ মেচিনেৰে  পৰিস্কাৰ কৰা হয় । বিটিচি প্ৰশাসন আৰু ওদালগুৰি জিলা বন বিভাগৰ পৃষ্ঠপোষকতাত অবৈধভাবে গঢ়ি তোলা এই এন্টাৰপ্ৰাইজটোৰ স্বতাধিকাৰী জনে লাখ লাখ টকাৰ চালান বিহীনভাবে  শিল বালি বিক্ৰী কৰি আহিছে যদিও বিটিচি প্ৰশাসনৰ ৰাজকোষত ফুটা কঢ়ি এটাও পৰা নাই।অভিযোগ উঠিছে  স্বচ্ছ নিকা, দুৰ্নীতি মুক্ত এখন পৰিবৰ্তনশীল বিটিচি গঢ়াৰ প্ৰয়াস চলাই থকা প্ৰমোদ বড়োৰ নেতৃত্বাধীন বিটিআৰ চৰকাৰ খনৰ  বন বিভাগৰ বিভাগীয়  ইম এম,গৰাকীও এই এন্টাৰপ্ৰাইজটোৰ স্বতাধিকাৰী জনক পিছ দুৱাৰেদি সহায় কৰি বিভাৰ্গীয় কৰ্তৃপক্ষৰ জৰিয়তে কমিচন খোৱাৰ তথ্য সম্প্ৰতি পোহৰলৈ আহিছে । এই অভিযোগ ৰাইজৰ । সেয়া যিয়েই নহওঁক তিনি বছৰ ধৰি  বিটিচি ৰাজহ বিভাগক ফাঁকি দি অবৈধভাবে চলাই থকা এই (স্ক্ৰিনিং প্ৰান্ট ) শিল বালি পৰিস্কাৰ কৰা মেচিনটো অতি শীঘ্ৰে বন্ধ কৰিবলৈ ওদালগুৰি জিলা উপায়ুক্তক অনুৰোধ জনোৱাৰ লগতে বিটিআৰ চৰকাৰৰ মূৰব্বীৰ   স্বচ্ছ নিকা আৰু দুৰ্নীতি মুক্ত এখন বিটিআৰ চৰকাৰৰ দৃষ্টান্ত ধাঙি ধৰিবলৈ  ওৰাঙৰ ৰাইজে অনুৰোধ জনাইছে ।

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ গুৰু দায়িত্বগ্ৰহণ কৰিলে ভূপেন বৰাই

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ গুৰু দায়িত্বগ্ৰহণ কৰিলে ভূপেন বৰাই। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ নেতৃত্বত একপ্ৰকাৰ দলটো নিশেষ হোৱাৰ পথত প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লাভ ভূপেন বৰাৰ। কলাক্ষেত্ৰৰ শ্ৰীমন্ত শঙ্কৰদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত অনুষ্ঠিত সভাত শ-শ নেতা কৰ্মীৰ সমাগম ঘটাই শক্তি প্ৰদৰ্শনৰো চেষ্টা চলালে কংগ্ৰেছে। সভাত বিদায়ী সভাপতি ৰিপুন বৰাই আক্ষেপ প্ৰকাশ কৰি ক’লে, যি সময়ত তেঁও বিজেপিৰ বিৰুদ্ধে যুঁজিব লাগিছিল, সেই সময়খিনি তেঁও নিজৰ গাদী ৰক্ষা কৰিবলৈ যুঁজোতেই গ’ল।কোভিড পৰিস্থিতি আৰু কিছু উন্নত হলেই ৰাজ্যত উপ নিৰ্বাচনৰ দিন ঘোষণা হ’ব। এতিয়ালৈ ৫ টা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হোৱাতো নিশ্চিত হৈছে। কিন্তু এতিয়ালৈ ৰণকৌশলেই প্ৰস্তুত কৰিব পৰা নাই বিৰোধীয়ে।ভূপেন বৰা দলটোৰ সভাপতিৰ দায়িত্ব লোৱাৰ লগে লগে অসমৰ ৰাজনৈতিক মহলত চলিছে চৰ্চা।ভূপেন বৰাৰ ওপৰত দৃষ্টি নিবদ্ধ হৈ থাকিব দলৰ কৰ্মকৰ্তাৰ লগতে ৰাইজৰ।একপ্ৰকাৰ কবলৈ গলে এতিয়া ভূপেন বৰাৰ দায়িত্ব গধুৰ।কেনেকৈ এই দুৰ্দিনৰ সময়ত সন্মুখৰ পৰা দলটোক নেতৃত্ব দি আগুৱাই নিব।এইলৈও বিশেষ চৰ্চা চলিছে।