Home Blog Page 2898

যমুনাগাওঁ পঞ্চায়তত এম,জি,এন,ৰেগা আঁচনিৰ ধন আত্মসাৎ

হোজাই জিলাৰ বিন্নাকান্দি উন্নয়ন খণ্ডৰ অন্তৰ্গত প্ৰতিটো পঞ্চায়তে পঞ্চায়তে চলিছে অবাধ দুৰ্নীতি৷ খণ্ড উন্নয়ন বিষয়া মইন উদ্দিন আহমেদৰ নেতৃত্বত বিভিন্ন আঁচনি ৰূপায়নত  পঞ্চায়ত প্ৰতিনিধি সকলে লুঠি-পুঠি খাইছে লাখ-লাখ টকা৷ উপায়ন্তৰ হৈ দৈনিক শ শ ৰাইজে  ৰাজপথত উলাই  আহি প্ৰতিবাদ সাব্যস্ত কৰিছে৷ বিন্নাকান্দি উন্নয়ন খণ্ডৰ অধীনস্থ যমুনা গাওঁ পঞ্চায়তত এমজিএনৰেগা আঁচনিৰ জৰিয়তে ২০১৭-১৮ বৰ্ষত গনিপুৰ-আমবাৰী  গড়কপ্তানী পথৰ পৰা আকমল আলী হাউচ লৈকে বাৰ লাখ সাতত্ৰিচ হাজাৰ টকা আৱন্টন হৈছিল, যদিও যমুনাগাওঁ পঞ্চায়তৰ সভাপতি মইনুল হক, পঞ্চায়ত সচিব, জি,আৰ,এচ অভিযন্তাৰ সৈতে মিতিৰালি  কৰি নাম মাত্ৰ কেই ট্ৰেক্টৰ মান মাটি পেলাই সম্পূর্ণ টকা আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে৷ তদুপৰি আঁচনিৰ প্ৰাক কলন মতে এটা কালভাৰ্টৰ নামত এক লাখ বিছ হাজাৰ টকা আৱন্টন হৈছিল৷ কিন্তু উক্ত স্থানত কোনো কালভাৰ্ট নিৰ্মাণ নকৰাকৈ ভূৱা বিল বনাই মইনুল হক বাহিনীয়ে  চৰকাৰী ধন সম্পূর্ণৰূপে আত্মসাৎ কৰিছে বুলি অভিযোগ নামাত উল্লেখ কৰে স্থানীয় ৰাইজে৷ সমগ্ৰ ঘটনা সন্দৰ্ভত স্থানীয় ৰাইজে হোজাই জিলা মুখ্য কাৰ্য্যবাহী বিষয়াৰ জৰিয়তে এক উচিৎ তদন্তৰ দাবী উত্থাপন কৰিছে৷ উল্লেখ যোগ্য যে যোৱা কেইদিনমান পূৰ্বে দুৰ্নীতিত জড়িত থকা জয়নগৰ পঞ্চায়তৰ সচিব জাকিৰ আহমেদ বৰভূঞাক বিভাগীয় কতৃপক্ষৰ নিৰ্দেশ মৰ্মে তৎকালীন ভাৱে চাকৰিৰ পৰা নিলম্বনো কৰা হৈছে৷ কেৱল জাকিৰক চাকৰিৰ পৰা নিলম্বন কৰি বিভাগীয় কতৃপক্ষই দায়িত্ব সামৰি থাকিব নে? এই সকলৰ ওপৰতো ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়ত স্পষ্ট হব৷

কৃষি বিভাগৰ আদৰণিয় পদক্ষেপ

বজাৰ মুল্য নোপোৱা কৃষকৰ সামগ্ৰী বিক্ৰীৰ বাবে আগুৱাই আহিল‌ কৃষি বিভাগ।এফালে মহামৰি ক’ৰোনাৰ ভয়াবহ সংক্ৰমণ আৰু আনফালে জীৱন গঢ়াৰ সোনোৱালি স্বপ্নত ব্ৰতী নলবাৰীৰ পাগলদিয়াপাৰৰ জাবেৰ আলী নামৰ কৃষক জন । ৫ বিঘা মাটিত আৰম্ভ কৰা উন্নত জাতৰ অমিতা খেতি কৰি পৰিয়াল পোহপাল দিয়া জাবেৰ আলী নামৰ কৃষক জনে ৰাজ্যত চলি থকা আৰ্ধ লকডাউনৰ বাবে উচিত মূল্য লাভ কৰা নাছিল । কৃষক জনে পৰিয়ালটো পোহপাল দিবলৈ যথেষ্ট সমস্যাৰ সন্মুখীন হৈছিল যদিও কৃষি বিভাগৰ সহযোগত কৃষক জনৰ ৭কুইন্টল অমিতা বিক্ৰী ৰ বাবে বজাৰলৈ উলিয়াই দিয়া হৈছে । কৃষি বিভাগৰ “এপাৰ্ট” আঁচনিৰ জৰিয়তে কৃষক জনৰ উৎপাদিত সামগ্ৰী সমূহ বিক্ৰীৰ বাবে সকলো ফালৰ পৰাই সহায় কৰিবলৈ আগবাঢ়ি অহিব বুলি নলবাৰী জিলা কৃষি বিষয়া মধুৰাম পাটিৰিয়ে আশ্বাস প্ৰদান কৰে।

লাহৰীঘাট আৰক্ষী থানাৰ বৃহৎ সাফল্য

মৰিগাঁও  জিলাৰ লাহৰীঘাট আৰক্ষী থানাৰ বৃহৎ সাফল্য। যোৱা কালি লাহৰীঘাট আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি ধিঙৰআটি গাঁৱৰ পৰা ৪০ বটল নিচা জাতীয় দ্ৰব্য সহ হিফজুৰ ৰহমানক আটক কৰে। আনহাতে একে দিনাই নিশা হাঁহচৰা পৰা জাল নোট বনোৱা সামগ্রী সহ  ইক্ৰামুল ইছলাম  , বাবুল ইছলাম, আৰু মাজহাৰুল ইছলাম নামৰ তিনি গৰাকী অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। এওঁ লোক আটাই কেইজনকে হিফজুৰ ৰহমানৰ বিপক্ষে  490/21 , 21(C ) NDP’S Act ৰ অধীনত আৰু জাল নোট বনোৱা তিনি জন অপৰাধীৰ বিপক্ষে  493/21 , U / S  ,420 /489(A) 489(B) 489(C) 489(D) 34 IPC  ধাৰাত গোচৰ ৰুজু কৰি জেল হাজোতলৈ প্ৰেৰণ কৰিছে। 

ধুবুৰীৰ কল্পজ্যোতি ফাউণ্ডেশ্যনৰ তিনি টকাত দুপৰীয়াৰ এসাজ

অসমৰ ধুবুৰী জিলাতেই তিনি টকাত দুপৰীয়াৰ এসাজ ভাত পোৱা যায়। যি সময়ত নিত্য প্ৰয়োজনীয় বস্তুৰ দাম আকাশলংঘী হৈ সাধাৰণ ৰাইজক কঙা কৰি পেলাইছে, ঠিক সেই সময়তেই  অসমৰ ধুবুৰী  জিলাত তিনি টকাত দুপৰীয়াৰ এসাজ ভাত পোৱাটো সকলোকে আচৰিত কৰি তুলিছে। ধুবুৰীৰ এক আন্তৰ্জাতিক সংস্থা *কল্পজ্যোতি ফাউণ্ডেশ্যনে সাৰদা কিচ্চেন নামেৰে এক নতুন পৰিকল্পনা হাতত লৈছে।মাত্ৰ তিনি টকাত দুপৰীয়াৰ এসাজ ভাত যোগানৰ ব্যৱস্থা কৰিছে। যোৱা সপ্তাহৰ পৰা প্ৰতি সপ্তাহৰ দুদিনকৈ তিনি টকাত দুপৰীয়াৰ এসাজ ভাত যোগানৰ দিব বুলি সংস্থাটোৰ কৰ্মী সকলে জানিবলৈ দিয়ে। আজি ধুবুৰীৰ ছোৱালী গাৰ্লছ মহাবিদ্যালয়ৰ সন্মুখত প্ৰায় দুশ লোকক তিনি টকাত দুপৰীয়াৰ এসাজ ভাত খু্ৱাবলৈ সক্ষম হয় আন্তৰ্জাতিক সংস্থা *কল্পজ্যোতি ফাউণ্ডেশ্যনে সাৰদা কিচ্চেন নামৰ সংস্থাটোয়ে।

নিত্য প্ৰয়োজনীয় বস্তুৰ দাম আকাশলংঘী হৈ সাধাৰণ ৰাইজক কঙা কৰাৰ লগতে, একাংশ কৰ্মচাৰী তথা শ্ৰমিকে, তেওঁলোকে নিজ পৰিয়াল পোহপাল দিয়াৰ ক্ষেত্ৰত যথেষ্ঠ কষ্ট কৰ হৈ পৰিছে। এই পদক্ষেপ কোভিড -১৯ ৰ মহামাৰীৰ ফলত নিয়মীয়া কৰ্মী, তথা শ্ৰমিক সকলৰ সংকটৰ কথালৈ লক্ষ্য ৰাখি তিনি মাহৰ বাবে প্ৰতি সপ্তাহৰ শুক্ৰবাৰে এই ব্যৱস্থা গ্ৰহণ কৰা বুলি সংগঠনটোৰ কৰ্ম কৰ্তাই জানিবলৈ দিয়ে।

সমস্যা সমাধানৰ দাবীত নগৰবেৰাত মহিলা সংগঠনৰ প্ৰতিবাদী কাৰ্য্যসূচী

নগৰবেৰাত খাদ্য সুৰক্ষাৰ চাউলৰ যোগান নিয়মীয়া কৰাৰ দাবী আৰু বেংক সেৱাৰ পুতৌজনক সেৱাৰ প্ৰতিবাদত কালি স্থানীয় পিজুপাৰা পলাহৰটাৰী মহিলা সমিতিয়ে  এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। উল্লেখ্য যে বৃহত্তৰ নগৰবেৰাৰ একমাত্ৰ লেনদেনৰ বিত্তীয় প্ৰতিষ্ঠান চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ নগৰবেৰা শাখাটো চৰম অৰাজকতাৰে চলি থকাত গ্ৰাহক সকল দুৰ্ভোগ ভূগিব লগা হৈছে।বেংকটোত দালালৰাজ চলি থকাৰ বাবেই সাধাৰণ গ্ৰাহকে ২০০- ৩০০ শ টকা পৰ্যন্ত উৎকোচ দি নিজৰ জমা ধন উঠাবলগীয়া হয়। তদুপৰি প্ৰতিদিনে বেংকটোত  অত্যন্ত ভিৰ হৈ থকাত দুৰদুৰণিৰ পৰা অহা গ্ৰাহক সকলে বেংকৰ কাম কৰাতো দুৰৰে বেংকটোৰ ভিতৰতে প্ৰবেশ কৰিব নোৱাৰি বিফল মনে উভতি যাৱলগীয়া হয়। আনহাতে অঞ্চলটোত একেৰাহে তিনিমাহে চৰকাৰৰ বিনামূলীয়া চাউল যোগান নধৰাত দৰিদ্ৰ লোক সকলে হাহাকাৰ কৰিবলগীয়া হৈছে। কালি নগৰবেৰাৰ পিজুপাৰা পলাহৰটাৰী মহিলা সমিতিৰ নেতৃত্বত একাংশ মহিলাই নগৰবেৰা ৰাজহ চক্ৰৰ কাৰ্যালয় প্ৰাংগণত উপস্থিতিত হৈ অঞ্চলটোত বিনামূলীয়া চাউলনিয়মীয়াকৰণৰ আৰু চেণ্ট্ৰেল বেংক অফ ইণ্ডিয়াৰ নগৰবেৰা শাখাত গ্ৰাহকৰ হাৰাশাস্তি বন্ধৰ দাবীত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। তদুপৰি প্ৰতিবাদকাৰী মহিলা সকলে উল্লেখিত সমস্যাৰ সমাধানৰ দাবীত ৰাজহ চক্ৰ বিষয়া তথা কাৰ্যবাহী দণ্ডাধীশ বনশ্ৰী মালাকাৰৰ হাতত এক স্মাৰকপত্ৰও প্ৰদান কৰে

আদানী গ্রুপলৈ বৰঝাৰ বিমান বন্দৰ হস্তান্তৰ প্ৰক্ৰিয়া আৰম্ভ

গুৱাহাটীৰ বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰকে ধৰি দেশৰ ছয়টা লাভজনক বিমান বন্দৰ আদানি গ্ৰুপলৈ হস্তান্তৰ প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হৈছে । ক’ভিডকেন্দ্ৰিক  পৰিস্থিতিৰ বাবে প্ৰায় আঠ – ন মাহ ধৰি হস্তান্তৰ প্ৰক্ৰিয়া গেথেলা মাৰি থকাৰ পাছত শেহতীয়াভাবে ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণে বৰঝাৰ বিমান বন্দৰ আদানী গ্রুপলৈ হস্তান্তৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে । ইফালে আদানী গ্রুপক বিমান বন্দৰ হস্তান্তৰ কৰাৰ নামত যোৱা ২৭ জুলাইত বৰঝাৰ বিমান বন্দৰৰ সঞ্চালক ৰমেশ কুমাৰে যি নিৰ্দেশ জাৰি কৰিছে সেয়া পোহৰলৈ অহাৰ পাছত বিমান বন্দৰ চৌহদত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে । নিৰ্দেশটোত অহা ৩১ আগষ্টৰ ভিতৰত বিমান বন্দৰ চৌহদত থকা  বিষয়া – কৰ্মচাৰীৰ সকলো আবাস আৰু কাৰ্যালয় খালি কৰিবলৈ কোৱা হৈছে । কিন্ত ক’ভিডৰ ভয়াবহতা মাৰ নাযাওঁতেই মাত্ৰ এমাহৰ ভিতৰতে কোনোপধ্যে আবাস খালি কৰাটো সম্ভৱ নহয় বুলি কৰ্মচাৰী সকলে কৰ্তৃপক্ষক জনাই দিছে । এই সন্দৰ্ভত ভাৰতীয় বিমান বন্দৰ প্ৰাধিকৰণৰ কৰ্মচাৰী সকলৰ সৰ্ববৃহৎ সংগঠন “এয়াৰপৰ্ট অথৰিটি এম্পলয়িজ ইউনিয়ন” চমুকৈ এ এ ই  ইউৰ উত্তৰ পূৱ মণ্ডলৰ ক্ষেত্ৰীয় সভাপতি সুশীললাল চৌধুৰী আৰু সম্পাদক পৱিত্ৰ দাস , গুৱাহাটী শাখাৰ সভাপতি অৰ্জুন বাচফৰ আৰু সম্পাদক ৰাজু কুমাৰ দাসে এটা বিবৃতিত কয় বৰ্তমান ক’ভিড – ১৯ ৰ ভয়াবহতাৰ বাবে বেছিভাগ  বিষয়া – কৰ্মচাৰীয়ে আবাসত পৰিয়াল সহিতে থাকিবলগীয়া হৈছে । চৌহদত বৰ্তমান প্ৰাধিকৰণৰ ২২১ টা , কেন্দ্ৰীয় লোক নিৰ্মাণ বিভাগৰ ৮৯ টা আৰু বতৰ বিজ্ঞান বিভাগৰ ৭৪ টা আবাস আছে । তেনেদৰে কেবাটাও সৰু বৰ কাৰ্যালয় আছে । পূৰ্বতেও বিগত ২০২০ বর্ষৰ শেহৰ ফালে কৰ্তৃপক্ষই আবাস খালি কৰাৰ জাননী জাৰি কৰিছিল । কিন্তু এ এ ই ইউৰ ফালৰ পৰা প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাত খালি কৰাৰ নির্দেশ সাময়িক ভাৱে স্থগিত ৰখা হৈছিল । কিন্তু ক’ভিডৰ ভয়াবহতা চলি থকা স্বত্বেও পুনৰ খালি কৰাৰ জাননী জাৰি কৰাত বিষয়া – কৰ্মচাৰী সকলৰ মাজত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়া ।

ৰাজ্য কঁপোৱা ঈশান উদয় জলপানি কেলেংকাৰীত জড়িত ব্যক্তি আৰক্ষীৰ জালত

বৰপেটা আৰক্ষীৰ তৎপৰতাতভুৱা শিক্ষাৰ্থীৰ নামত ধন আত্মসাতৰ পৰিকল্পনা কৰা  ৪ অভিযুক্তক  বৰপেটা আৰক্ষীযে আটক কৰিবলৈ সক্ষম হৈছে ।বৰপেটাৰ মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ কৰ্মচাৰী ৰতন হাজৰিকাক আটক হোৱাৰ পিছত   এইবাৰ আন তিনিজন  ক্ৰমে  ৰূপচান্দ আলী,ছাহানুৰ আলী আৰু ছহিদুল মিঞাক আটক কৰে। লগতে আচাৰুদ্দিন,তাৰু আলী,ছাদ্দাম শিকদাৰ,দানিচ খান,স্বপ্নিআৰা খাতুন,হালেদা বেগম আৰু মহিৰুদ্দিনসহ  এই ৭ জনক সোধ-পোচৰ বাবে আৰক্ষীয়ে আটক কৰিছে। এই অভিযুক্ত সকলৰ জিম্মাৰ পৰা  ১২ টা মোবাইল ফোন, ২ টা প্ৰিণ্টাৰ আৰু এটা লেপটপ, ৪৭ খন ডেবিট কাৰ্ড,৫ টা বেংক পাছবুক,এটা চেকবুক,২ খন আধাৰ কাৰ্ড জব্দ কৰে। উল্লেখ্য যে বৰপেটাৰ এম চি কলেজৰ অধ্যক্ষ ড° প্ৰকাশ শৰ্মাই দাখিল কৰা এজাহাৰৰ ভিত্তিত তদন্ত চলাই অভিযুক্তসকলক গ্ৰেপ্তাৰ-আটক কৰাৰ লগতে কেতবোৰ নথি-পত্ৰসহ তথ্য প্ৰযুক্তিৰ বিভিন্ন সামগ্ৰী আদি জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষী ।অৱশ্যে কেলেংকাৰীৰ মাষ্টাৰ মাইণ্ড দামালজাৰ গাঁওৰ মিনহাজুল হক আৰু শিলা গাঁওৰ ৰকিবুল খান এতিয়াও পলাতক অৱস্থাত আছে । তথ্য অনুসৰি 291 গৰাকী ভুৱা শিক্ষাৰ্থীক এম চি কলেজৰ ছাত্ৰ-ছাত্ৰী বুলি দেখুৱাই ঈশান উদয় জলপানিৰ নামত 1.88 কোটি টকা আত্মসাতৰ পৰিকল্পনা কৰিছিল দুষ্ট চক্ৰটোৱে। নথি-পত্ৰৰ সত্যতা নিৰূপণৰ সময়ত দুষ্ট চক্ৰটোৰ গোপন পৰিকল্পনাৰ সমগ্ৰ তথ্য পোহৰলৈ অহাত অৱশেষত বৰপেটা সদৰ থানাত গোচৰ তৰে এম চি কলেজৰ অধ্যক্ষই।

বিল গেটছ আৰু মেলিণ্ডা ফ্ৰেঞ্চ গেটছৰ আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ

আনুষ্ঠানিকভাৱে বিবাহ বিচ্ছেদ হ’ল বিশ্বৰ অন্যতম ধনী ব্যক্তি বিল গেটছ আৰু মেলিণ্ডা ফ্ৰেঞ্চ গেটছৰ। ২৭ বছৰ সময় একেলগে অতিবাহিত কৰি অৱশেষত এই সিদ্ধান্ত গ্ৰহণ কৰে গেটেছ দম্পতিয়ে । ৩ মাহ পূৰ্বে বিবাহ বিচ্ছেদৰ কথা ঘোষণা কৰিছিল গেটেছ দম্পতিয়ে । বিবাহ বিচ্ছেদৰ কথা ৰাজহুৱা হোৱাৰ পাছতে সমগ্ৰ বিশ্বত চৰ্চাৰ শীৰ্ষ স্থান লাভ কৰিছিল বিষয়টোৱে । ৱাশ্বিংটনৰ আইন অনুসৰি বিবাহ বিচ্ছেদৰ প্ৰস্তাৱ দাখিল কৰা আৰু তাক কাৰ্যকৰী কৰাৰ মাজত ৯০ দিনৰ অপেক্ষাৰ সময় নিৰ্ধাৰণ কৰা হয়। মে’ মাহত বিবাহ বিচ্ছেদৰ কথা প্ৰকাশ হোৱাৰ পাছত গেটছৰ কেচকেড ইনভেষ্টমেণ্টৰ হাতত সাত বিলিয়নতকৈয়ো অধিক মূল্যৰ সম্পত্তি ফ্ৰেঞ্চ গেটছৰ নামলৈ স্থানান্তৰ কৰা হয়।৬৫ বছৰীয়া বিল গেটছৰ সম্পত্তিৰ মূল্য বৰ্তমান ১৫০ বিলিয়নতকৈও অধিক বুলি প্ৰকাশ পাইছে।

টকিঅ’ অলিম্পিকত সম্পূর্ণৰূপে ব্যর্থ হয় ভাৰতীয় শ্বুটাৰ

মঙলবাৰে অনুষ্ঠিত পুৰুষৰ ৫০ মিটাৰ ৰাইফল থ্রী পজিচনত দুর্বল প্রদর্শন আগবঢ়ায় ভাৰতৰ ঐশ্বর্য প্রতাপ সিং ট’মাৰ আৰু সঞ্জীৱ ৰাজপুতে৷
আছাকা শ্বুটিং ৰেঞ্জত অনুষ্ঠিত ইভেণ্টটোৰ ফাইনেললৈ উন্নীত হোৱাত ব্যর্থ ট’মাৰ আৰু ৰাজপুতে৷ কোৱালিফিকেচন ৰাউণ্ডত ট’মাৰে ২১সংখ্যক স্থান লাভ কৰাৰ বিপৰীতে তৃতীয়খন অলিম্পিকত ভাৰতক প্রতিনিধিত্ব কৰা ৰাজপুতে ৩২সংখ্যক স্থানহে লাভ কৰে৷ দুয়োগৰাকী শ্বুটাৰৰ ব্যর্থতাৰ পিছত টকিঅ’ অলিম্পিকৰ পৰা খালী হাতে উভতিবলগীয়া হয় ভাৰতীয় শ্বুটাৰ বাহিনী৷

মুষলধাৰ বৰষুণৰ পানীত বুৰ গৈছে বৰদিকৰাই অঞ্চল

যোৱা কিছু দিন ধৰি নেৰানেপেৰাকৈ হোৱা বৰষুণৰ ফলত ওফন্দি ওঠা বৰদিকৰাই নদীৰ বাঢ়নি পানীয়ে বুৰাই পেলাইছে নদুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত পাচমূখ,বৰডিকৰাই,নিজ বৰডিকৰাই,খ্ৰীষ্টানবস্তি,খখন বস্তি,জৰ্দান বস্তি আদিকে ধৰি মূঢ়াদল অঞ্চলৰ কেইবাখনো গাঁৱৰ ঘৰৰ চোতাল,খেতি-পথাৰৰ বিস্তিৰ্ন এলেকা। আজি কেইবাদিন ধৰি নিশাৰ ভাগত মুষলধাৰে দিয়া বৰষুণৰ ফলত হৰ্ঠাৎ নদীখনৰ পানী বাঢ়ি যোৱাত উল্লিখিত গাঁও সমুহৰ তামোল পানৰ বাৰি,ক্ষুদ্ৰ চাহ খেতি,ধাননি পথাৰসমুহ নদীখনৰ বাঢ়নি পানীয়ে বুৰাই পেলাই। লগতে ৰাজহুৱা আৰু একাংশ আত্ম সহায় গোটে মৎস পালন কৰা পুখুৰী সমুহতৰ ভেটা সমুহ ভাগি পানী সোমাই যোৱাত বহু টকাৰ পোহনীয়া মাছ ওলাই যায়। ইয়াৰ ওপৰি বৰষুণৰ পানীত ভৰি পৰা বৰডিকৰাই নৈৰ বাঢ়নি পানীয়ে অঞ্চলটোৰ  কেইবাঠাইত লাখ লাখ ধন ব্যয় কৰি আৰম্ভ কৰা ব্ৰইলাৰ ফাৰ্মত পানী সোমাই কুকুৰা পোৱালীৰ মৃত্যুৱে পালকসকল আৰ্থিক লোকচানৰ সন্মূখীন হোৱাৰ কথা জানিবলৈ পোৱা গৈছে। তদুপৰি মূঢ়াদল অঞ্চলৰ বৃহৎৰ মিৰি গাঁৱতো জলসিঞ্চলন বিভাগৰ নলাৰ পানী সোমোৱাত গাঁওখনৰ বিদ্যালয়,অংগনবাদী কেন্দ্ৰৰ চৌহদৰ উপৰিও কেইবাটাই পৰিয়ালৰ বাস গৃহৰ ভিতৰত পানী সোমোৱাৰ ফলত কৃতিম বানৰ কবলত পৰিছে গাঁওখনৰ ৰাইজ।