Home Blog Page 2899

নলবাৰীৰ বেলশৰৰ ভৈৰাত পথাৰত মাজত মৃতদেহ উদ্ধাৰ

নলবাৰী জিলাৰ বেলশৰ থানাৰ অন্তৰ্গত ভকতৰ মাহাজনৰ পুখুৰীৰ কিছু নাতি দুৰৈত আজি স্হানীয় ৰাইজে ৰাতিপুৱা প্ৰত্যক্ষ কৰে এটা উৱলি যোৱা মৃতদেহটো

বৰ্তমানলৈ চিনাক্ত হোৱা নাই উৱলি যোৱা মৃতদেহটো

পিন্ধনত চাৰ্ট আৰু গামোচা পৰিহিত মৃতদেহটো বিগত কিছুদিন পুৰ্বে কোনো লোকে হত্যা কৰি এনেদৰে পেলাই থৈ যোৱাৰ সন্দেহ কৰে স্হানীয় লোকে

নলবাৰীত এনেদৰে সঘনাই হৈ থকা হত্যাকাণ্ডই জিলা বাসীক শংকিত কৰা পৰিলক্ষিত হৈছে

ভাৰতত দুবছৰত ২৪হেজাৰ শিশু-কিশোৰে কৰিলে আত্মহত্যা

ভাৰতত দুবছৰত ২৪হেজাৰ শিশু-কিশোৰে কৰিলে আত্মহত্যা। তথ্য অনুসৰি, ভাৰতত ২০১৭ পৰা ২০১৯ৰ সময়ছােৱাত অর্থাৎ দুবছৰত ১৪-১৮ বছৰ বয়সৰ ২৪,০০০ ৰাে অধিক কিশোৰৰে আত্মহত্যা কৰিছিল।

এইসকল আত্মহননকাৰীৰ চাৰি হেজাৰৰাে অধিকে পৰীক্ষাত ব্যর্থ হােৱাৰ কাৰণত নিজৰ জীৱন শেষ কৰিছিল। শিশুৰ আত্মহত্যাৰ সন্দৰ্ভত নেচনেল ক্রাইম ৰেকৰ্ডছ ব্যুৰ’ (এন চি আৰ বি)-এ অলপতে সংসদত এক প্রতিবেদন দাখিল কৰিছিল।

চৰকাৰী পৰিসংখ্যা অনুসৰি,২০১৭-১৯ৰ সময়ছােৱাত ১৪-১৮
বছৰ বয়সীয়া (১৩,৩২৫ )ছােৱালীসহ মুঠ (২৪,৫৬৮)
শিশু আৰু কিশােৰে আত্মহত্যা কৰিছিল।

২০১৭ বৰ্ষত ভাৰতত১৪-১৮ বছৰ বয়সৰ মুঠ (৮,০২৯) শিশুৱে আত্মহনন কৰিছিল।

২০১৮ত এই বয়সৰ আত্মহননকাৰীৰ সংখ্যা (৮,১৬২) লৈ বৃদ্ধি পাইছিল আৰু ২০১৯ত এই সংখ্যা ( ৮,৩৭৭ )জন। এই বয়সৰ সর্বাধিকসংখ্যক আত্মহত্যাৰ ঘটনা দেশৰ মধ্য প্রদেশত সংঘটিত হৈছিল।

মধ্য প্রদেশত( ৩,১১৫,) পশ্চিমবংগত (২,৮০২)মহাৰাষ্ট্ৰত (২,৫২৭ )আৰু তামিলনাড়ুত (২,০৩৫) জন শিশুৱে উক্ত সময়ত আত্মহত্যা কৰিছিল। সৰহসংখ্যক শিশুৰ আত্মহত্যাৰ কাৰণ আছিল পৰীক্ষাত বিফলতা। প্রেমজনিত কাৰণত (৩,৩১৫) স্বাস্থ্যজনিত কাৰণত ২,৫৬৭ আৰু যৌন শােষণৰ কাৰণত ৮১ শিশুৱে আত্মহত্যা কৰিছিল। এতিয়া প্ৰশ্ন হয় এই শিশু কিশোৰৰ আত্মহত্যা কেনেদৰে ৰোধ কৰিব পাৰি , সমাজৰ পৰা এনেবোৰ ঘটনা কেনেদৰে নিৰ্মূল কৰিব পাৰি চৰকাৰৰ লগতে এই বিষয়ে গুৰুত্ব দিয়া উচিত ।

ব্ৰেইন টিউমাৰত আক্ৰান্ত কলাগুৰু বিষ্ণুৰাভা স্নাতক মহাবিদ্যালয়ৰ ছাত্ৰ

ৰাজ্যখনৰ ওদালগুৰি জিলাৰ ৭০ নম্বৰ মাজবাট বিধান সভা সমষ্টিৰ এলেকা তথা ৰৌতাচাৰিআলিৰ সমীপৱৰ্তী ৰৌতাবাগান গাঁৱত বসবাস কৰা  ব্যৱসায়ী  হিৰণ দাসৰ পাঁচজনীয়া পৰিয়ালত এতিয়া প্ৰতিদিনে চকু পানী টুকি থকাৰ কথা শুনিবলৈ পোৱা যায় । কাৰণ এই পৰিয়ালটোৰ ১৯ বছৰীয়া পুত্ৰ তথা ওৰাং কলাগুৰু বিষ্ণুৰাভা স্নাতক মহাবিদ্যালয়ৰ তৃতীয় ষান্মাসিকৰ  ছাত্ৰ উৎপল দাস ব্ৰেইন টিউমাৰত আক্ৰান্ত হোৱাত বেংগালুৰুৰ  ইউনিট অফ নাৰায়ণা হেল্থ মজুমদাৰ  চ’ মেডিকেল চেন্টাৰত বিগত ২০২০ চনৰ ১৪ ফেব্ৰুৱাৰীতে মুৰৰ অস্ত্ৰোপ্ৰচাৰ কৰায় আনে  যদিও  পৰিয়ালটোৰ আৰ্থিক দুৰৱস্থাৰ বাবে বৰ্তমান সময়মতে ঔষধক্ৰয়  কৰিব নোৱাৰাত অস্ত্ৰোপচাৰ কৰাৰ পাছতো এতিয়া ক্ৰমান্বয়ে বেমাৰ বাঢ়িহে যাব ধৰিছে । এই মেধাৱী ছাত্ৰজনে চকুৰে কমকৈ দেখা পায় । কাণেৰে কমকৈ শুনাৰ অৱস্থা হৈছে । মুৰ ঘূৰোৱা , মুৰ আৰু দেহৰ জিনজিননী বৃদ্ধি পাইছে। হাত ভৰি অচল হৈ কপি থকা দেখা যায় । কথা পাতিলে লাগি ধৰাৰ লগতে সঘনাই কথা পাহৰে । সেয়ে পৰিয়ালটোৰ  দুৰৱস্থাৰ কাৰণে পুনৰ  বেংগালুৰুৰ চিকিৎসালয়ত দেখুওৱাবলৈ নিব পৰা নাই । আজি এই সাংবাদিকে ছাত্ৰ উৎপল দাসৰ বাসভৱনত বেমাৰৰ খৱৰ ল’বলৈ যোৱত ছাত্ৰগৰাকীৰ মাতৃ অঞ্জনা দাসে চকুৰ পানী টুকি কয় যে -ঘৰৰ গৰু, ছাগলী  বিক্ৰী কৰাৰ  লগতে পথাৰৰ খেতি কৰা মাটি বন্ধকত গ’ল তথাপি ল’ৰাজনক সুস্হ কৰি তুলিব পৰা নাই । বৰং বেমাৰ বাঢ়ি থকা দেখা গৈছে । বিগত ২০১৯ চনৰ ২৬ নৱেম্বৰত  প্ৰথম চিকিৎসাৰ বাবে দৰং জিলাৰ মঙ্গলদৈৰ প’লি  ক্লিনিকত  নিয়া হৈছিল । তাত  মুৰৰ বিষ আৰু যথৰ হৈ থকা ভৰি দুখনৰ কোনো সুচিকিৎসা নোহোৱাত কামৰূপ জিলাৰ কেন্দুকণা জানা ক্লিনিকত চিকিৎসা গ্ৰহণ কৰা হয় যদিও তাতো  বেমাৰ বাঢ়িহে যায় । উপায়হীন হৈ মাজতে ওজা কেইবাজনো দেখুওৱা হৈছিল । পাছত চলিত বছৰৰ ২৮ জানুৱাৰীত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পাতালত দেখুওৱাত ব্ৰেইন টিউমাৰত আক্ৰান্ত হোৱা বুলি জানিব পাৰি বেংগালুৰুত ল’ৰা জনক চিকিৎসাৰ বাবে নিয়া হয় আৰু তাত টিউমাৰটোৰ অস্ত্ৰোপ্ৰচাৰ কৰে । এনেদৰে ইজনৰ পাছত সিজন চিকিৎসকৰ  কাষ চাপি আজিলৈকে ল’ৰাজনৰ চিকিৎসাৰ নামত সৰ্বস্বান্ত হ’ব লগীয়া হৈছে । সেয়েহে  ধনৰ অভাৱত মহাবিদ্যালয়ত পঢ়ি থকা ল’ৰাজনক বৰ্তমান চিকিৎসা কৰিব নোৱাৰি  ঈশ্বৰকে প্ৰাৰ্থনা কৰি দিনে নিশাই  পৰিয়ালটোৱে চকু পানী টুকি  দিন পাৰ কৰি আছে । গতিকে  অসম চৰকাৰৰ স্বাস্হ্য বিভাগৰ লগতে কোনো ব্যক্তিয়ে ছাত্ৰজনৰ জীৱন বচাবলৈ সহায়ৰ হাত আগবঢ়াব খুজিলে ম’বাইলৰ ৯৯৫৪২৬৫৩৬০ আৰু ৬০০৩০২৫৮৫০ নম্বৰত যোগাযোগ কৰিবৰ কাৰণে পৰিয়ালটোৱে অনুৰোধ জনাইছে ।

দেৰগাঁও গাঁও পঞ্চায়তৰ স্থায়ী ভৱন উন্মোচন

দেৰগাঁও গাঁও পঞ্চায়ত গঠন হোৱাৰ পিছৰে পৰা দীৰ্ঘ দিনে স্থায়ী পঞ্চায়ত কাৰ্যালয়ৰ অভাৱ দুৰ কৰি ২ আগষ্টত স্থায়ী ভৱনৰ ফিটা কাটি দ্বাৰ উন্মোচন কৰে স্থানীয় বিধায়ক ভৱেন্দ্ৰ নাথ ভৰালীয়ে। পঞ্চায়তটোৰ চতুৰ্দশ বিত্তীয় আয়োগৰ সাত লক্ষ টকাৰে নিৰ্মাণ কৰি উলিউৱা ভৱনৰ দ্বাৰ উন্মোচনী অনুষ্ঠানত গোলাঘাট জিলা পৰিষদৰ কাৰ্যবাহী বিষয়া ধীৰাজ দাস, কাকডোঙা খণ্ড উন্নয়ন বিষয়া পাৰ্থ গগৈ, কাকডোঙা আঞ্চলিক পঞ্চায়তৰ সভাপতি ৰচিদ আলি, দেৰগাঁও জিলা পৰিষদ সদস্যা নিজৰা বৰুৱা আৰু ভিজিলেঞ্চ কমিটিৰ সদস্য বলিন কলিতাকে ধৰি কেইবাটাও পঞ্চায়তৰ সভাপতি, ৱাৰ্ড সদস্য সকল উপস্থিত থাকে। অনুষ্ঠানৰ আৰম্ভণিতে দেৰগাঁও পঞ্চায়তৰ সভাপতি আনোৱাৰ হুছেইনে আঁত ধৰা সম্বৰ্ধনা অনুষ্ঠানত বিধায়ক গৰাকীৰ লগতে আমন্ত্ৰিত অতিথি সকলক ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়।

বঙাইগাঁৱত বিশ্ব স্তনপান সপ্তাহ পালন

প্ৰতিগৰাকী শিশুৰ বাবে মাতৃদুগ্ধ সঞ্জীৱনী সুধা। ছমাহ বয়সলৈকে এটি শিশুক মাতৃ দুগ্ধ পান কৰোৱাটো অতি আৱশ্যক। তেতিয়াহে শিশুটি শাৰীৰিক-মানসিকভাৱে সুস্থ হৈ বৃদ্ধি হয়। এই কথাখিনিৰ ক্ষেত্ৰত প্ৰতিগৰাকী মাতৃক সজাগ কৰাৰ অৰ্থে পালন কৰি অহা হৈছে বিশ্ব স্তনপান সপ্তাহ ৷ এইবাৰো দেওবাৰৰ পৰা আৰম্ভ হৈছে বিশ্ব স্তনপান সপ্তাহ। এই বিশ্ব স্তনপান সপ্তাহৰ লগত সংগতি ৰাখি সোমবাৰে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত পুৱা এখন সভা অনুষ্ঠিত কৰা হয় ৷ এই অনুষ্ঠানৰ শুভাৰম্ভ কৰে জিলাখনৰ অতিৰিক্ত উপায়ুক্ত (স্বাস্থ্য) নৱজ্যোতি ওজাই । তেওঁ ভাষণ প্ৰসংগত কয় যে আমি সকলো মাতৃকে সজাগ কৰিব লাগিব যে মাতৃদুগ্ধ শিশুৰ বাবে অমৃত।

মাতৃদুগ্ধই এটি শিশুক বহু ৰোগৰ পৰা ৰক্ষা কৰে আৰু সুস্থ-সবল হিচাপে বাঢ়ি অহাত সহায় কৰে। সেয়েহে প্ৰতি বছৰে ১ আগষ্টৰ পৰা ৭ আগষ্টলৈ বিশ্ব স্তনপান সপ্তাহ পালন কৰা হয়। উল্লেখ্য যে অতিৰিক্ত উপায়ুক্তগৰাকীয়ে বঙাইগাঁও অসামৰিক চিকিৎসালয়ত এটি স্তনপান কক্ষও মুকলি কৰে ৷ সভাত যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ডা: নীলমাধৱ দাসেও মাতৃ দুগ্ধৰ উপকাৰিতা সম্পৰ্কত সাৰগৰ্ভ ভাষণ আগবঢ়ায়। সেইদৰে অসামৰিক চিকিৎসালয়খনৰ শিশু বিশেষজ্ঞ ডাঃ এম আই আহমেদেও স্তনপানৰ উপকাৰিতাৰ বিষয়ে বক্তব্য ৰাখে ৷ সভাত বঙাইগাঁও অসামৰিক চিকিৎসালয়ৰ অধীক্ষক ডাঃ পি কে ৰয়ৰ লগতে উপ-অধীক্ষক, শিশু বিশেষজ্ঞসকল, জিলা আঁচনি প্ৰবন্ধক আৰু আন আন চিকিৎসকসকলো উপস্থিত থাকে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হৰেকৃষ্ণ মহন্ত আতাৰ পূণ্য স্মৃতিত শ্ৰদ্ধাঞ্জলি

বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ ,অসমীয়া সত্ৰীয়া সংস্কৃতি আৰু আধ্যাত্মিক জগতখনৰ এগৰাকী উজ্জ্বল জ্যোতিষ্ক হৰেকৃষ্ণ মহন্ত বাপ  ।তেখেতৰ পূণ্য স্মৃতিত শ্ৰদ্ধাঞ্জলি জনোৱাৰ মহান উদ্দেশ্যৰে আজি মই এই পবিত্ৰ সত্ৰ ভূমিত পদাৰ্পণ কৰিছো বুলি জানিব দিয়া অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত আতাই পৰ্বত সমান অৱদান আগবঢ়াই গৈছে।অসমৰ প্ৰতিটো জাতি- জনগোষ্ঠীক একাকাৰ কৰি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰে বাট বুলি   শ্ৰেণীবিহীন সমাজ নিৰ্মাণ কৰা মহন্ত আতা আমাৰ বাবে সদায়েই প্ৰেৰণা আৰু আদৰ্শৰ প্রতীক হৈ ৰ’ব।যোৱা ১৯জুলাই তাৰিখে বৈকুণ্ঠগামী হোৱা ওদালগুৰি জিলাৰ ডিমাকুছিস্থিত বৰঙাজুলি সত্ৰৰ সত্ৰাধিকাৰ ,ভকত শিৰোমণি ,ওদালগুৰি ৰত্ন,সত্ৰ ভূষণ আদি বিভিন্ন উপাধিৰে বিভূষিত সত্ৰাধিকাৰ হৰেকৃষ্ণ মহন্ত আতাৰ সৎকাৰস্থলী পৰিদৰ্শন কৰাৰ লগতে পূণ্য স্মৃতিত শ্ৰদ্ধাঞ্জলি আৰু সত্ৰত অসমৰ মঙ্গলৰ বাবে সেৱা আগবঢ়াই কয় তেখেতৰ আদৰ্শ নৱ প্ৰজন্মৰ মাজত প্ৰবাহিত কৰিবলৈ চিন্তা -চর্চা কৰি থকা হৈছে বুলি জানিব দিয়ে। সত্ৰ সংবৰ্ধন ,সংৰক্ষণ কৰাৰ সুব্যৱস্থা কৰি থকা বুলি জনোৱাৰ লগতে তেখেতে প্ৰতিষ্ঠা কৰা ৩৩খন সত্ৰৰ কথাও চিন্তা কৰি থকা বুলি জানিব দি কয় শংকৰদেৱে প্ৰতিষ্ঠা কৰা নৱ বৈষ্ণৱ ধৰ্মৰ পৱিত্ৰ নিৰ্মালি অসমৰ জাতীয় জীৱনত সৰ্বজন স্বীকৃতি হৈছে।শংকৰদেৱৰ আদৰ্শৰে  বাটেৰে জাতি -জনজাতিয়ে  খোজ কাঢ়িবলৈ সক্ষম হৈছে আৰু অসমৰ জাতীয় ইতিহাসত জনজাতীয় সত্ৰাধিকাৰ নিৰঞ্জন বড়োৱে আতাৰ আধৰুৱা কামবোৰ সম্পূৰ্ণকৰণ কৰিব পাৰিব   সদিচ্ছা প্রকাশ কৰিছে। বৰঙাজুলি সত্ৰ পৰিচালনা সমিতি ,ভকত বৈষ্ণৱ ,অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী প্ৰমুখ্যে বিভিন্ন ব্যক্তিয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সংগ দিয়ে।

মৰাণ কলেজৰ বিতৰ্কিত অধ্যক্ষা ড੦ মিতালী কোঁৱৰক শীঘ্ৰে অপসাৰণৰ দাবী

মৰাণ কলেজৰ বিতৰ্কিত অধ্যক্ষা ড੦ মিতালী কোঁৱৰক শীঘ্ৰে অপসাৰণৰ দাবী জনাইছে মৰাণবাসী ৰাইজে৷ আজি দুপৰীয়া মৰাণ কলেজ চৌহদত বিশিষ্ট সমাজকৰ্মী তথা এ পি ডি চি এলৰ অৱসৰপ্ৰাপ্ত উপ-প্ৰৱন্ধক বিপুল চন্দ্ৰ গগৈৰ সভাপতিত্বত অyনুষ্ঠিত ৰাজহুৱা সভাত অধ্যক্ষৰ আসনত বহি শিশু নিৰ্যাতিত অভিযুক্ত ড੦ মিতালী কোঁৱৰে দীৰ্ঘদিন ধৰি উচ্চ শিক্ষানুষ্ঠানখনত এক বিশৃংখল পৰিৱেশ সৃষ্টি কৰি অহাৰ লগতে বৃহৎ  বিত্তীয় কেলেংকাৰী সংঘটিত কৰি অহা কাৰ্যক তীব্ৰ সমালোচনা কৰে সচেতন ৰাইজ তথা দল-সংগঠনৰ প্ৰতিনিধিয়ে৷ কলেজখনৰ কলা শাখাৰ ছাত্ৰ সৌৰভ গগৈয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত প্ৰাক্তন ছাত্ৰ প্ৰদীপ চুতীয়া, মৰাণ মহকুমা সাংবাদিক মঞ্চৰ মুখ্য সম্পাদক যদুনাথ পুৰী, মৰাণ আঞ্চলিক কৰ্মচাৰী পৰিষদৰ সম্পাদক হেমন্ত চুতীয়া, আহোম জাতীয় গণ মঞ্চৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক অকন ভূঞা, ডিব্ৰুগড় বিশ্ববিদ্যালয় স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ সভাপতি পৱন গগৈ আৰু সাধাৰণ সম্পাদক হিমালয় বাৰিক, মৰাণ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি জিতু গগৈ আৰু সাধাৰণ সম্পাদক ভাস্কৰ বৰুৱা, মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাৰ সভাপতি ময়ুৰ বৰুৱা, মৰাণ কলেজৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ ড੦ যতীন চুতীয়া, বিশিষ্ট নাগৰিক প্ৰদীপ সেনশৰ্মা, কুসুম চুতীয়া আৰু প্ৰাক্তন ছাত্ৰনেতা পৱিত্ৰ চুতীয়াই উজিনৰ ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠানখনৰ শৈক্ষিক পৰিৱেশ পুনৰ ঘূৰাই অনাৰ স্বাৰ্থত দুৰ্নীতিৰ উচিত তদন্তৰ দাবী জনোৱাৰ লগতে এই ক্ষেত্ৰত পৰিচালনা সমিতি তথা কলেজখনৰ শিক্ষক সমাজক ফলপ্ৰসূ পদক্ষেপ ল’বলৈ আহ্বান জনায়৷ এই সভাতে বিতৰ্কিত ড੦ মিতালী কোঁৱৰক অধ্যক্ষৰ আসনৰ পৰা অপসাৰণ কৰাৰ লগতে বিষয়টো সম্পৰ্কত অহা ৫ আগষ্টৰ ভিতৰত স্থিতি স্পষ্ট কৰি ধন আত্মসাতত অভিযুক্ত অধ্যক্ষাগৰাকীৰ বিৰুদ্ধে গোচৰ তৰিবৰ বাবে পৰিচালনা সমিতিক দাবী উত্থাপন কৰে৷ তদুপৰি আজিৰ সভাই জিলা প্ৰশাসনকো মৰাণ কলেজৰ বিত্তীয় কেলেংকাৰীৰ ক্ষিপ্ৰতাৰে তদন্ত কৰি দোষীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিবলৈ দাবী জনোৱাৰ লগতে অঞ্চলটোৰ অন্যতম শিক্ষানুষ্ঠানখনৰ গৰিমা অটুত ৰখাৰ স্বাৰ্থত এখন সুৰক্ষা সমিতি গঠনৰ পোষকতা কৰে৷ উল্লেখ্য যে, নিজ গৃহত বন কৰা কিশোৰৰ গাত উতলা পানী ঢালি নিৰ্যাতন চলোৱাৰ অভিযোগত ৰঙা ঘৰৰ আলহী হোৱা বহু বিতৰ্কিত মৰাণ কলেজৰ নিলম্বিত অধ্যক্ষা ড੦ মিতালী কোঁৱৰে পুনৰ কলেজখনত যোগদান কৰাৰ পাচৰে পৰা ধন আত্মসাতৰ অভিযোগ তুলি ছাত্ৰ সমাজে বিগত একমাহ ধৰি ধাৰাবাহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷ আনকি প্ৰায় ১ কোটি ১੦ লাখ টকাৰ বৃহৎ বিত্তীয় কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ তুলি ছাত্ৰ সমাজে অধ্যক্ষাগৰাকীৰ বিৰুদ্ধে চৰাইদেউ জিলাৰ উপায়ুক্তক উচিত তদন্তৰ দাবীত স্মাৰক পত্ৰ প্ৰদান কৰাৰ লগতে জিলাখনৰ মৰাণহাট আৰক্ষী থানাত এগৰাকী ছাত্ৰৰ এজাহাৰৰ ভিত্তিত এটা গোচৰ পঞ্জীয়ন হৈ আছে যদিও আৰক্ষীৰ তদন্তৰ গতি লেহেমীয়া কৰা বুলিও ছাত্ৰ সমাজে আন এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে৷ ইফালে অধ্যক্ষগৰাকীক অপসাৰণৰ দাবীত আজিও পুৱা ১੦ বজাৰ পৰা ছাত্ৰ সমাজে কলেখনৰ প্ৰৱেশ দ্বাৰৰ সন্মুখত ৬ ঘন্টীয়া অৱস্থান ধৰ্মঘট পালন কৰে৷            

ৰঞ্জন দৈমাৰীৰ মুক্তিৰ দাবীৰে প্ৰাক্তন এনডিএফবিৰ বৈঠক

এনডিএফবিৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰঞ্জন দৈমাৰীসহ কাৰাৰুদ্ধ প্ৰাক্তন এনডিএফবি সদস্যসকলক মুক্তিৰ লগতে কেইৱাটাও গুৰুত্বপূৰ্ণ বিষয় সন্দৰ্ভত  ২আগষ্টৰ  আলোচনাত মিলিত হয় প্ৰাক্তন এনডিএফবি সদস্যসকল। ওদালগুৰি জিলাৰ নলবাৰী খেলপথাৰ প্ৰাঙ্গণত অনুষ্ঠিত হোৱা এই ৰুদ্ধদ্বাৰ বৈঠকত সংগঠনটোৰ প্ৰাক্তন সদস্যসকলে কেইৱাটাও গুৰুত্ব বিষয় সন্দৰ্ভত প্ৰস্তাৱ লোৱা বুলি জানিব পৰা গৈছে যদিও এই সন্দৰ্ভত আনুষ্ঠানিক তথ্য প্ৰকাশ পোৱা নাই। সভাৰ অন্তত প্ৰাক্তন এনডিএফবি নেতা ডি.হাৰিমুৱে সংবাদমাধ্যমৰ আগত প্ৰকাশ কৰি কয় যে “এনডিএফবি সংগঠনৰ প্ৰতিষ্ঠাপক অধ্যক্ষ তথা বিটিআৰ চুক্তিৰ অন্যতম স্বাক্ষৰকাৰী ৰঞ্জন দৈমাৰীৰ বিগত ২২ জুলাই তাৰিখে সংগোপনে গুৱাহাটী কেন্দ্ৰীয় কাৰাগাৰৰ পৰা কাহিলীপাৰাৰ দশম আৰক্ষী বেটেলিয়নৰ(10APBN) চাউনীলৈ স্থানান্তৰিত কৰি দুটা সৰু কোঠাত ৰখা হৈছে। উক্ত স্থানান্তৰকৰণৰ বিষয়ে প্ৰশাসনে দৈমাৰীৰ পৰিয়াল অথবা প্ৰাক্তন এনডিএফবি কেডাৰসকলক অৱগত কৰা নাই। ঘটনা সন্দৰ্ভত আমি যথেষ্ট দুখ পাইছো। চৰকাৰে কিয় এনেকুৱা ব্যৱস্থা গ্ৰহণ কৰিছে আজি জ্ঞাত নহয়। বড়ো শান্তি চুক্তিৰ স্বাক্ষৰকাৰী হিচাপে শান্তি প্ৰতিষ্ঠাৰ স্বাৰ্থত তেওঁক কাৰাগাৰৰ পৰা মুকলি কৰিব লাগিছিল যদিও বিটিআৰ-অসম তথা ভাৰত চৰকাৰে কিয় খেল খেলি আছে? ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই তেওঁৰ ভাষণত বিটিআৰ অঞ্চলত শান্তি প্ৰতিষ্ঠাৰ বাবে কাম কৰিব বুলি উল্লেখ কৰি আহিছে। কিন্তু প্ৰকৃতাৰ্থত আমি অশান্তি হৈ আছো, বিটিআৰ অশান্তিত আছে। যেতিয়া পৰ্যন্ত ৰঞ্জন দৈমাৰীকে ধৰি আন প্ৰাক্তন এনডিএফবি কেডাৰসকলক কাৰাগাৰৰ পৰা মুকলি কৰি নিদিয়ে, তেতিয়ালৈ বিটিআৰলৈ স্থায়ী শান্তি নাহে। আজি সংবাদ মাধ্যমৰ জৰিয়তে ঘোষণা কৰো যে যদিহে অনাগত দিনবোৰত বিটিআৰ তথা ৰাজ্য চৰকাৰে ৰঞ্জন দৈমাৰীকে ধৰি আন প্ৰাক্তন এনডিএফবি কেডাৰসকলক কাৰাগাৰৰ পৰা মুকলিৰ ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়া হ’লে আমি গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হম।” ইফালে সভাস্থলীত উপস্থিত থাকি সংগঠনটোৰ প্ৰাক্তন নেতা বি.খাৰ্কলাই ওৰফে কমল বসুমতাৰীয়ে কয় যে “ৰঞ্জন দৈমাৰীৰ বাবে এনডিএফবিৰ জন্ম হৈছিল আৰু এনডিএফবিৰ সংগ্ৰামৰ বাবেই আজি বিটিআৰ চু্ক্তি সম্পন্ন হৈছে। প্ৰমোদ বড়োৱে এই এনডিএফবি সংগ্ৰামৰ গ‌ইনা লৈ আজি বিটিআৰৰ চীফ হৈছে। গতিকে প্ৰমোদ বড়োৱে এই সংগ্ৰামৰ কথা পাহৰিলে নহব। এই সংগ্ৰামৰ বাবে আজিও ৰঞ্জন দৈমাৰীয়ে কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে। কিন্তু বিগত ২২ জুলাইত সংগোপনে মনে মনে কেন্দ্ৰীয় কাৰাগাৰৰ পৰা দৈমাৰীক নি দশম আৰক্ষী বেটেলিয়নৰ চাউনীত হাজোতীৰ দৰে আৱদ্ধ কৰাটো দুৰ্ভাগ্যজনক। গতিকে ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ইয়াৰ উত্তৰ দিব লাগিব। এনে কাৰ্যৰ বাবে আমি বৰ্তমান শান্তিৰে শুব পৰা নাই। ৰাজ্য তথা বিটিআৰ চৰকাৰখনে ৰঞ্জন দৈমাৰীক বিটিআৰ চুক্তিৰ স্বাক্ষৰকাৰী হিচাপে সন্মান দিব জনা নাই। এইক্ষেত্ৰত বিটিআৰৰ মুখ্য কাৰ্যবাহী আৰু উপমুখ্য কাৰ্যবাহী সদস্যদ্বয় ক্ৰমে প্ৰমোদ বড়ো অৰু গোবিন্দ বসুমতাৰীক অৱগত কৰিছো যদিও গুৰুত্ব পোৱা নাই। গতিকে দুয়োগৰাকী নেতাক সকিয়াই দিও যে এই বিষয়ত ৰাজনীতি নকৰিব। বিগত দিনবোৰত আমি সংবাদমাধ্যমৰ জৰিয়তে বহুবাৰ ৰঞ্জন দৈমাৰীসহ আন কেডাৰসকলক মুকলিৰ দাবী উত্থাপন কৰি আহিছো যদিও আজিলৈ কোনো সুফল লাভ কৰা নাই। আমি আগন্তুক ১৫ আগষ্টলৈ সময়সীমা বান্ধি দিছো। যদি আমাৰ দাবী পুৰণ নহয় তেন্তে ১৬ আগষ্টৰ পৰা সমগ্ৰ বিটিআৰ অনিৰ্দিষ্টকালীন বন্দ কৰি দিয়াৰ লগতে তীব্ৰ গণতান্ত্ৰিক আন্দোলন কৰিবলৈ বাধ্য হম।” এই সভাৰ জৰিয়তে প্ৰাক্তন এনডিএফবি সদস্যসকলৰ গোচৰসমূহ প্ৰত্যাহাৰ কৰাৰ লগতে পুনঃসংস্থাপনৰ দাবী উত্থাপন কৰে। সভাৰ শেষত “ৰঞ্জন দৈমাৰীসহ আন সদস্যসকলক মুক্তি দিয়ক, প্ৰাক্তন এনডিএফবি কেডাৰৰ গোচৰসমূহ প্ৰত্যাহাৰ কৰক, প্ৰাক্তন এনডিএফবি কেডাৰসকলৰ পুনঃসংস্থাপনৰ ব্যৱস্থা কৰক” ইত্যাদি শ্লোগান প্ৰদান কৰে।

মন্ত্ৰী অজন্তা নেওগৰ গুৰুত্বপূৰ্ণ বৈঠক

আজি মন্ত্ৰী অজন্তা নেওগে সমাজ কল্যাণ সঞ্চালকালয়ত এখন গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত উপস্থিত হৈ বিভাগটোত বিভিন্ন কাম-কাজৰ বুজ লয় ।অসমৰ বিভিন্ন ঠাইত নতুনকৈ স্থাপন হ’বলগীয়া আদৰ্শ অংগনবাড়ী কেন্দ্ৰসমূহৰ লগতে পুৰণি অংগনবাড়ী কেন্দ্ৰসমূহত বিশুদ্ধ খোৱা পানী আৰু বিদ্যুৎ সংযোগৰ সুব্যৱস্থা বিষয়েও বৈঠকত আলোচনা কৰা হয়। শিশু, মহিলা, দিব্যাংগ আৰু বয়োজ্যেষ্ঠসকলে যাতে সমাজ কল্যাণ বিভাগৰ সকলো আঁ‌চনিৰ সুবিধা লাভ কৰিব পাৰে, তাৰ বাবে বিভাগীয় কৰ্তৃপক্ষক চোকা দৃষ্টি ৰাখিবলৈ তথা সাংসদ আৰু বিধায়কসকলক বিভাগীয় আঁ‌চনিসমূহৰ বিষয়ে নিয়মীয়াকৈ অৱগত কৰিবলৈ এক সজাগতামূলক কাৰ্যপন্থা হাতত ল’বলৈ নিৰ্দেশ দিয়ে। লগতে, প্ৰসূতি মাতৃ আৰু নৱজাত শিশুৰ মৃত্যুৰ হাৰ হ্ৰাস কৰিবলৈ উপযুক্ত ব্যৱস্থা গ্ৰহণেৰে কাৰ্য্যক্ষম কৰি তুলিবলৈ নিৰ্দেশ প্ৰদান।

তদুপৰি, অনাগত দিনত বিভাগটোক আৰু অধিক সক্ৰিয় আৰু কাৰ্যক্ষম কৰাৰ উদ্দেশ্যে বিভাগীয় কৰ্তৃপক্ষক নিৰ্দিষ্ট ৰ’ডমেপ তৈয়াৰ কৰিবলৈ নিৰ্দেশ। নিষ্ঠা সহকাৰে দ্বায়িত্ব পালন কৰা কৰ্মচাৰীসকলক পুৰস্কাৰ আৰু দ্বায়িত্বত গাফিলতি কৰা কৰ্মচাৰীক উপযুক্ত শাস্তি বিহিবলৈ ব্যৱস্থা গ্ৰহণ কৰা হ’ব যাতে আমি ৰাইজলৈ সেৱা আগবঢ়োৱাত কোনো ধৰণৰ বাধাৰ সৃষ্টি নহয়।

আজিৰ বৈঠকত সমাজ কল্যাণ সঞ্চালকালয়ৰ সঞ্চালক শ্ৰী বিভাষ কুমাৰ মোদী, মুখ্য সচিব শ্ৰী মুকেশ চন্দ্ৰ চাহু, কমিশ্বনাৰ অব্ ডিজেবিলিটিছ শ্ৰী দেৱেশ্বৰ বৰা, বিভাগীয় সচিব শ্ৰী পাৰ্থ প্ৰতিম মজুমদাৰৰ লগতে বিভাগৰ অন্যান্য শীৰ্ষস্থানীয় বিষয়াসকল উপস্থিত থাকে।

২০২৬ চনত অসমত ৰাইজৰ দলৰ চৰকাৰ গঠনৰ আগজাননী

ৰাইজৰ দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কমল কুমাৰ মেধিৰ উপস্থিতিত মৈৰাবাৰীত ধিং সমষ্টিৰ কাৰ্য্যনিৰ্বাহক সভা অনুষ্ঠিত হৈ যায়।
যুৱ নেতা, তথা ৰাইজৰ দলৰ মুখপাত্ৰ মেহবুব মুক্তাৰ আৰু দলৰ অন্যান্য কৰ্মকৰ্তাক লৈ সভাখন অনুষ্ঠিত হৈ যায়।

সভা শেষ কৰি সাংবাদিক সকলৰ সৈতে হোৱা এক সাক্ষাৎকাৰত কমল কুমাৰ মেধিয়ে-বিজেপি, আৰু AIUDF এই কেইটা সাম্প্ৰদায়িক দলক উফৰাই অহা ২০২৬ চনত অসমত ৰাইজৰ দলৰ চৰকাৰ গঠন হোৱাৰো আগজাননী দিয়ে।
আনহাতে ফেচবুক MLA খ্যাত ধিংৰ বিধায়ক আমিনুল ইছলামে যোৱা ১৫ টা বছৰে ধিং সমষ্টিৰ একো উন্নতি কৰা নাই বুলিও তেঁও উল্লেখ কৰে।

AIUDF বিজেপিৰ B টিম বুলিও কমল কুমাৰ মেধিয়ে উল্লেখ কৰে।

AIUDF আৰু বিজেপিক সাম্প্ৰদায়িক আখ্যা দি তেওঁ আৰু কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু বদৰ উদ্দীন আজমলে অসম খন অধঃপতনে নিয়াবলৈ চেষ্টা কৰি আছে।
অহা ২০২৬ চনৰ ইলেকচনত বিজেপি আৰু AIUDF’ক উৎখাত কৰি ৰাইজৰ দলে চৰকাৰ গঠন কৰিব বুলিও কমল কুমাৰ মেধিয়ে উল্লেখ কৰে।