দক্ষিণ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ মন্দিয়া প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত নিচানৰচৰ কালাইৰদিয়া এম ই মাদ্ৰাছাত পোহৰলৈ আহিছে বিয়াগোম দুৰ্নীতিৰ তথ্য। শিক্ষানুষ্ঠান খনৰ অৱসৰপ্ৰাপ্ত আৰু বৰ্তমানৰ দুই প্ৰধান শিক্ষকে মিলি বিদ্যালয়ৰ চৰকাৰী আৱন্টিত কেইবা লক্ষাধিক ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে। প্ৰাপ্ত অভিযোগ অনুসৰি ২০২০ চনৰ ৩১ ডিচেম্বৰত অৱসৰ পোৱা তদানীন্তন প্ৰধান শিক্ষক চামাদ আলীয়ে হিচাব নিদিয়াকৈ প্ৰায় ১১ লাখ টকা আত্মসাৎ কৰি দ্বায়িত্বভাৰ বুজাই দিয়ে নৱ নিযুক্ত প্ৰাধান শিক্ষক নৈমুদ্দিন আহমেদক। সংশ্লিষ্ট বি ই অ, ট্ৰেজাৰী আৰু একাংশ গাওঁৰ মুখিয়ালক টকা দিয়া বুলি সাধাৰণ নোট বহীত লিখিয়েই অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চামাদ আলীয়ে হজম কৰিলে প্ৰায় ১১ লাখ টকা। ছাত্ৰ ছাত্ৰীক ইউনিফৰ্ম দিয়া, মধ্যাহ্ন ভোজন আদিৰ নামতো দেখুওৱা হৈছে খৰছ কিন্তু কোনেও পোৱা নাই হেনো ইউনিফৰ্ম কিম্বা মধ্যাহ্ন ভোজন। বিগত প্ৰায় পাঁচ মাহে বন্ধ হৈ আছে বিদ্যালয় খনৰ মধ্যাহ্ন ভোজন, ইয়াৰ উপৰিও চৰকাৰে বান্ধি দিয়া বিতৰণৰ নিৰ্দেশকো মনা নাই বৰ্তমানৰ প্ৰধান শিক্ষক নৈমুদ্দিন আহমেদে। মুঠতে অৱসৰী আৰু বৰ্তমানৰ দুই প্ৰধান শিক্ষকে মিলি বিদ্যালয় খনকে সাজিলে খীৰতি গাই, ৰাইজে এনেবোৰ দুৰ্নীতিৰ তদন্তৰ দাবীত শিক্ষা বিভাগ হায় হায়, প্ৰধান শিক্ষকৰ দুৰ্নীতি বন্ধ কৰক, দুৰ্নীতিৰ তদন্ত হব লাগিবই আদি শ্ল-গানেৰে সাৱ্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। এতিয়া সচেতন ৰাইজৰ মনত প্ৰশ্ন হৈছে বিদ্যালয়ৰ দৰে পবিত্ৰ স্থানতো কি সাহসত নমস্য শিক্ষকে চলায় এনে লুটপাতৰ কাৰচাজি ? ৰাইজে বিচৰা ধৰণে তদন্তৰ দিহা কৰিবনে শিক্ষা বিভাগে ? সেয়া হ’ব লক্ষণীয়।
ধুবুৰীত শুভাৰম্ভ মুখ্যমন্ত্রীৰ ক’ভিড বিধৱা কল্যাণ আঁচনি
ক’ৰনাত আক্রান্ত হৈ মৃত্যু ঘটা স্বামী হাৰা মহিলা ৰ বাবে অসম চৰকাৰে প্ৰবৰ্তন কৰা ক’ভিড বিধৱা কল্যান আঁচনি ৰ অধীনত ২ লাখ ৫০ হেজাৰ টকাৰ চেক আজি আনুষ্ঠানিক ভাৱে ধুবুৰী ত অভিভাৱক মন্ত্রী ৰঞ্জিত কুমাৰ দাস জিলা উপায়ুক্ত ৰ কাৰ্য্যলয় প্ৰেক্ষাগৃহ ত এক অনুষ্ঠানত ৮ গৰাকী বিধৱা মহিলাক বিতৰণ কৰে। অনুষ্ঠানত জিলা বিজেপি সভাপতি দেবময় সান্যাল, জিলা উপায়ুক্ত অম্বামুথন এম পি, সহ জিলা প্ৰশাসন ৰ বিভিন্ন বিষয়া উপস্থিত থাকে।
ইয়াৰ আগতে মন্ত্রী ৰঞ্জিত কুমাৰ দাস এ ধুবুৰী আবৰ্তিত ভৱনত সুকীয়াকৈ অভিভাৱক কাৰ্য্যলয় ৰ শুভ উদ্বোধন কৰে।
বেলশৰ থানা গাঁওৰক্ষী সমিতি আৰু আঞ্চলিক জেষ্ঠ্য নাগৰিক সমাজৰ সাহাৰ্য পুঁজিলৈ বৰঙণি
দেশৰ ক’ভিড পৰিস্হিতি নিয়ন্ত্ৰনৰ বাবে সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তিয়ে সাধ্যানুসাৰে পশ্চিম নলবাৰীৰ বেলশৰ থানা গাঁওৰক্ষী সমিতি আৰু বৃহত্তৰ বেলশৰ আঞ্চলিক জ্যেষ্ঠ নগৰিক সমাজে কালি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ কিছু ধন চেক যোগে প্ৰদান কৰে ৷ দুপৰীয়া ১ বজাত সংগঠন দুটাৰ চাৰিজনীয়া বিষয়ববীয়াৰ এটি দল চামতাস্থ পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয় ৷ বেলশৰ থানা গাঁওৰক্ষী সংঠনৰ চক্ৰ সংগঠক বিকাশমল্ল বুজৰবৰুৱা বেলশৰ থানা গাঁওৰক্ষী সমিতিৰ উপদেষ্টা প্ৰমোদ চন্দ্ৰ কলিতা, বৃহত্তৰ আঞ্চলিক জ্যেষ্ঠ নাগৰিক সমাজৰ সভাপতি বসন্ত মহন্ত আৰু সম্পাদক প্ৰভাত হালৈয়ে পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়া বাৰ্বী হাজৰিকাৰ হাতত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বুলি তিনি হাজাৰ টকাৰ এখন চেক প্ৰদান কৰে ৷ চক্ৰ বিষয়া হাজৰিকাই জ্যেষ্ঠ নাগৰিকসকলক ধন্যবাদ জ্ঞাপন কৰে আৰু তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয় ৷
চেঙা উন্নয়ন খণ্ডত ‘অসম ৰাজহুৱা সেৱা অধিকাৰ আইন’ সন্দৰ্ভত সজাগতা সভা
বৰপেটা জিলাৰ ৪৭ নং চেঙা বিধানসভা সমষ্টিৰ অন্তৰ্গত চেঙা ৰাজহ চক্ৰৰ উদ্যোগত চেঙা উন্নয়ন খণ্ড কাৰ্য্যালয়ৰ সভাকক্ষত আজি ‘অসম ৰাজহুৱা সেৱা অধিকাৰ আইন ২০১৯’ সম্পৰ্কীয় এখন সজাগতামূলক সভা অনুষ্ঠিত হৈ যায় ৷ জনসাধাৰণক ‘অসম ৰাজহুৱা সেৱা অধিকাৰ আইন’ৰ অধীনত নিৰ্ধাৰিত সময় সীমাৰ ভিতৰত উপলব্ধ হোৱা সেৱা সমূহৰ বিষয়ে বক্তব্য আগবঢ়াই ক্ৰমে চেঙা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰানজিৎ কুমাৰ দেৱৰ লগতে অসম ৰাজহুৱা সেৱা অধিকাৰ আইনৰ বৰপেটা জিলাৰ মাষ্টাৰ ট্ৰেইনাৰ অধ্যাপক পাৰ্থপ্ৰতিম চৌধুৰীয়ে। চেঙা ৰাজহ চক্ৰৰ জ্যেষ্ঠ সহায়ক গীতা কাকতি পাঠকে অাঁত ধৰা এই অনুষ্ঠানত চেঙা আৰু গোমাফুলবাৰী উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ক্ৰমে লাচিত দাস আৰু আয়নাল হ’ক মোল্লাৰ লগতে চেঙা ৰাজহ চক্ৰৰ অধীনৰ গাঁওবুঢ়া, গাঁও পঞ্চায়তৰ সভাপতি, সম্পাদকসকল উপস্থিত থাকে।
বঙাইগাঁৱত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ প্ৰস্তাৱঃ উৎফুল্লিত জিলাবাসী
অসম বিধান সভাৰ বাজেট অধিৱেশনত শুকুৰবাৰে বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰা বাজেটত বঙাইগাঁও জিলাত এখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ প্ৰস্তাৱ গ্ৰহণ কৰাত জিলাবাসী উৎফুল্লিত হৈ পৰিছে ৷ উল্লেখ্য যে দীৰ্ঘদিন ধৰি জিলাখনৰ বিভিন্ন দল- সংগঠনৰ লগতে ৰাইজে চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবী জনাই আহিছিল ৷ কিন্তু শেহতীয়াভাৱে ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন বিজেপি মিত্ৰ দলৰ চৰকাৰে বঙাইগাঁও জিলাবাসীৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি সঁহাৰি জনাই তাক বাস্তৱায়িত কৰিবলৈ আগবঢ়াত জিলাবাসীৰ আন এটা আশা পূৰণ হ’ল ৷ যাৰ বাবে জিলাখনৰ সৰ্বস্তৰৰ ৰাইজ, একাদিশ দল সংগঠনৰ নেতৃত্ব, বঙাইগাঁও জিলা যুৱ পৰিষদৰ নেতা, বঙাইগাঁও অঞ্চলৰ স্থানীয় যুৱক আদিয়ে অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডঃহিমন্ত বিশ্ব শৰ্মা, বিত্ত মন্ত্ৰী অজন্তা নেওগ, স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ লগতে স্থানীয় বিধায়ক ফণীভূষণ চৌধুৰীক ধন্যবাদ জ্ঞাপন কৰে৷ ইপিনে বঙাইগাঁৱত চিকিৎসা মহাবিদ্যালয় স্থাপনৰ ক্ষেত্ৰত বঙাইগাঁও সমষ্টিৰ বিধায়ক ফণীভূষণ চৌধুৰীয়ে গ্ৰহণ কৰা ভূমিকাৰ প্ৰশংসা কৰে অগপ দলে ৷ শনিবাৰে বঙাইগাঁও জিলা অগপ কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰী তথা বিধায়ক চৌধুৰীক অগপৰ লগতে মিত্ৰ দল বিজেপি আৰু বিভিন্ন অনুষ্ঠান, প্ৰতিষ্ঠানৰ তৰফৰ পৰা সম্বৰ্ধনা জনায় ৷ সেইদৰে বঙাইগাঁও জিলা যুৱ পৰিষদৰ নেতা সমন্বিতে বঙাইগাঁৱৰ স্থানীয় যুৱক সকলেও অসম চৰকাৰক ধন্যবাদ জনোৱাৰ লগতে বিধায়ক গৰাকীকো ধন্যবাদ জ্ঞাপন কৰে৷
ৰাজ্যত দ্ৰুত গতিত বৃদ্ধি পোৱা মূল্যবৃদ্ধিক লৈ মাজবাটত প্ৰতিবাদ
ৰাজ্যত দ্ৰুতগতিত বৃদ্ধি পোৱা মূল্য বৃদ্ধিক লৈ সৰৱ হৈ পৰিছে মাজবাটৰ যুৱ প্রজন্ম। ১৭জুলাইত মাজবাট টাউনৰ টেক্সি ষ্টেন্ডত দিনৰ এক বজাত মাজবাট অঞ্চলৰ যুৱ প্রজন্ম সকলে প্ৰতিবাদ সাব্যস্ত কৰে। যি সময়ত দেশখনৰ সৰ্বসাধাৰণ ৰাইজে এমুঠি অন্নৰ বাবে যুঁজ দি আছে ঠিক সেই সময়তে বস্তুৰ চৰা দামে ৰাইজক একপ্ৰকাৰে কোঙা কৰি পেলাইছে !আজিৰ দিনত দালি ,মিঠাতেল , ৰন্ধন গেছ আদিৰ লগতে পেট্ৰলৰ মূল্য 100 টকা ,ডিজেলৰ মূল্য 90/- টকা চুইছেগৈ কিন্তুু এই ক্ষেত্ৰত চূড়ান্ত ভাৱে ব্যৰ্থ হৈছে চৰকাৰ ।এই প্ৰতিবাদৰ জৰিয়তে অসম চৰকাৰক আহ্বান জনায় মূল্য বৃদ্ধি হ্ৰাস কৰিবৰ বাবে মাজবাটৰ যুৱক প্রজন্ময়। ইয়াৰোপৰি এই মূল্য বৃদ্ধিৰ সন্দৰ্ভত ৰাজ্য চৰকাৰে অতি সোনকালে বেৱস্থা গ্রহণ কৰক
ড্ৰাগছৰ বিৰুদ্ধে শূণ্য সহনশীল মুখ্যমন্ত্ৰী: নিজ হাতেৰে দহন কৰিলে জব্দকৃত ড্ৰাগছ
আজি গোলাঘাটত উপস্থিত হ’য় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা । উপস্থিত হৈয়ে গোলাঘাটস্থিত বগৰীজেং পুলিচ প্লে গ্ৰাউণ্ডত অনুষ্ঠিত হোৱা এক সভাত বিগত মাহত জব্দ কৰা সমূহ ড্ৰাগছ নিজ হাতে অগ্নি সংযোগ কৰি বিনষ্ট কৰে। ড্ৰাগছৰ বিৰুদ্ধে শূণ্য সহনশীল নীতি গ্ৰহণ কৰা মুখ্যমন্ত্ৰীয়ে ড্ৰাগছৰ ক্ষেত্ৰত কোনোধৰণৰ আপোচ কৰা নহ’ব বুলি উল্লেখ কৰি এইক্ষেত্ৰত ৰাইজৰ সহযোগিতা কামনা কৰে। ইয়াৰপিছতে ক’ভিড-১৯ ত স্বামীহাৰা হোৱা ৩৫ গৰাকী মহিলাক আৰ্থিক সকাহ দিয়াৰ উদ্দেশ্যে আঢ়ৈ লাখকৈ টকাৰ সাহাৰ্য প্ৰদান কৰে। ভাষণ প্ৰসংগত মুখ্যমন্ত্ৰী গৰাকীয়ে অসম আৰক্ষীক ড্ৰাগছ ব্যৱসায়ী বিৰুদ্ধে কঠোৰ পদক্ষেপ লবলৈ সম্পূৰ্ণ স্বাধীনতা প্ৰদান কৰি উৎসাহিত কৰে । ড্ৰাগছৰ বিৰুদ্ধে অসম আৰক্ষীয়ে কৰা এই যুঁজ খনত বিগত দুই মাহত ৰাজ্যখনত ১৬৮.৩৮ কোটি ড্ৰাগছ জব্দ কৰে বুলিও জানিবলৈ দিয়ে মুখ্যমন্ত্ৰী গৰাকীয়ে । বিশেষকৈ ৰাজ্যজুৰি ড্ৰাগছৰ বিৰুদ্ধে কৰা যুজঁ খনত অসম আৰক্ষীয়ে লাভ কৰা সফলতাক প্ৰশংসা কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে । আজি এই অনুষ্ঠানত অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্ত ,মন্ত্ৰী অজন্তা নেওগ , অতুল বৰা, যোগেন মোহন , কেশৱ মহন্ত , অশোক সিংঘল বিধায়ক ভৱেন ভৰালী, প্ৰশান্ত ফূকন , বিশ্বজিৎ ফূকন উপস্থিত থাকে।
ক’ভিড-১৯ত স্বামীহাৰা ৩২ গৰাকী বিধৱা মহিলাক মন্ত্ৰী পিযুষ হাজৰিকাৰ চেক প্ৰদান
শণিবাৰে বিশ্বনাথ জিলাৰ অভিভাৱক মন্ত্ৰী পীযুষ হাজৰীকাই ক’ভিড-১৯ ত স্বামীহাৰা হোৱা বিধৱা মহিলাসকলক আনুষ্ঠানিকভাৱে চেক প্ৰদান কৰে । বিশ্বনাথ কৃষি মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা এই অনুষ্ঠানটিত বিশ্বনাথ জিলাৰ ৩২ গৰাকী স্বামীহাৰা হোৱা বিধৱা মহিলাক প্ৰদান কৰা হয় ২ লাখ ৫০ হেজাৰ আৰ্থিক সাহাৰ্য চেক । উল্লেখ্য যে প্ৰথম পৰ্যায়ত ৩২ গৰাকী স্বামীহাৰা হোৱা বিধৱা মহিলাসকলক প্ৰদান কৰা হৈছে যদিও পৰৱৰ্তী সময়ত পৰ্যায়ক্ৰমে বাকী সকল পৰিয়ালকো বিতৰণ কৰা হ’ব এই সাহায্য ।ইফালে মন্ত্ৰী পিযুষ হাজৰিকাই লগতে কয় এই আচঁনি একমাত্ৰ দৰিদ্ৰ পৰিয়াল সকলক হে প্ৰথম পৰ্যায়ত দি থকা হৈছে।আনহাতে সাংবাদিকে সুধা এক প্ৰশ্ন উত্তৰ কয় বিশ্বনাথ জিলাত কভিড পৰিস্থিতি কিছু স্বাভাৱিক হৈছে যদিও কন্টেনমেন্ট জ’ন উঠোঁ হ’ব নে নহয় ৰাইজৰ লগতে প্ৰশাসন লগত বিষয়টো আলোচনা কৰি হে চিন্তা কৰা হ’ব বুলি প্ৰকাশ কৰে ।ন’হলে ৬০ জনৰ ৬০০ জন হ’ব বুলি মন্তব্য কৰে মন্ত্ৰী পিযুষ হাজৰিকাই।
চেক প্ৰদান অনুষ্ঠানত উপস্থিত থাকে তেজপুৰ লোকসভাৰ সাংসদ পল্লব লকচন দাস, বিশ্বনাথ সমষ্টিৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ,বিহালী সমষ্টিৰ বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী ৰঞ্জিত দত্ত,চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা,গহপুৰ সমষ্টিৰ বিধায়ক উৎপল বৰা,বিশ্বনাথ জিলাৰ উপায়ুক্ত প্ৰনব কুমাৰ শৰ্মা,জিলা আৰক্ষী অধিক্ষক ৰিপুল দাস,জিলা প্ৰশাসনৰ সকলো প্ৰশাসনিক বিষয়া সহ উপস্হিত থাকে বহু লোক।।
লাহৰীঘাটত ৬ জুৱাৰীক গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ
আজি জুৱাৰীৰ বিৰুদ্ধে লাহৰীঘাট আৰক্ষীৰ অভিযান।নিশা অভিযান চলাই লাহৰীঘাটৰ শিঙাহেৰুৱা গাঁৱৰ পৰা লাহৰীঘাটৰ ছয়জন জুৱাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।লগতে জুৱাৰী কেইটাৰ পৰা ৭,৪৫০ টকাসহ ছয় পেকেট তাচপাত উদ্ধাৰ কৰে।গ্ৰেপ্তাৰ হোৱা জুৱাৰী কেইটা হৈছে লাহৰীঘাট অঞ্চলৰ অমৰাগুৰি গাঁৱৰ হজৰত আলী,নিজাম আলী,মুছাবীৰ হুছেইন, মহিবুৰ ৰহমান, মৰিতলিৰ আলী হুছেইন আৰু ডোংগাপাৰাৰ ৰফিকুল ইছলাম ওৰফে কালীয়া।ইফালে জুৱাৰী কেইটাৰ বিৰুদ্ধে লাহৰীঘাট আৰক্ষীয়ে ৪৪৬/২১ নম্বৰত এটি গোচৰ ৰুজু কৰি আজি এনেদৰে আটাইকেইজনকে জেল হাজোতলৈ প্ৰেৰণ কৰে।
বৰনৰ্দ্দীত ক’ভিড জয় কৰা অশীতিপৰ বৃদ্ধাক স্বাস্থ্যকৰ্মীৰ সম্বৰ্ধনা
নলবাৰী জিলাৰ বৰনৰ্দ্দী নিবাসী এগৰাকী অশীতিপৰ ক’ভিড আক্ৰান্ত বৃদ্ধাই হেলাৰঙে নিজ ঘৰতে চিকিৎসাধীন হৈ থাকি ক’ভিড জয় কৰিবলৈ সক্ষম হোৱাৰ পাছত স্থানীয় বৰনৰ্দ্দী বিনন্দ চন্দ্ৰ ডেকা সোঁৱৰণী সামুহিক স্বাস্থ্যকেন্দ্ৰৰ স্বাস্থ্যকৰ্মীৰ এটা দলে ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰে ৷ শুক্ৰবাৰে আবেলি বৰনৰ্দ্দী সামুহিক স্বাস্থ্যকেন্দ্ৰৰ উপ-অধীক্ষক ডা° বসন্ত ডেকাৰ নেতৃত্বত স্বাস্থ্যকৰ্মীৰ এটা দল ক’ভিড জয় কৰা অশীতিপৰ বৃদ্ধা অলকা দেৱীৰ বাসগৃহত উপস্থিত হৈ সম্বৰ্ধনা জ্ঞাপন কৰে ৷ উল্লেখ্য যে যোৱা ৩ জুলাইত বৰনৰ্দ্দী সামুহিক স্বাস্থ্যকেন্দ্ৰলৈ গৈ অলকা দেৱীৰ ক’ভিড পৰীক্ষা কৰোতে ক’ভিড আক্ৰান্ত হোৱাৰ বিষয়ে অৱগত হয় ৷ স্বাস্থ্য বিভাগে তেওঁক নিয়ম অনুসৰি চিকিৎসালয়ত ভৰ্তি কৰাব বিচাৰিছিল যদিও বৃদ্ধাগৰাকীয়ে নিজৰ ঘৰতে থাকি চিকিৎসা গ্ৰহণ কৰিব বুলি জনায় ৷ তেওঁ পশ্চিম নলবাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া আৰু স্বাস্থ্য বিভাগক লিখিতভাবে অৱগত কৰে যে যদি ঘৰত চিকিৎসাসেৱা লাভ কৰাৰ পৰিপ্ৰেক্ষিতত তেওঁৰ মৃত্যু হয়, তেন্তে স্বাস্থ্য বিভাগ জগৰীয়া নহ’ব ৷ ইয়াৰ পাছত বৃদ্ধাগৰাকীক ঘৰতে চিকিৎসাসেৱা লাভৰ অনুমতি প্ৰদান কৰে ৷ যোৱা ১১ জুলাইত পুনৰ তেওঁৰ স্বাস্থ্য পৰীক্ষা কৰাত ক’ভিড নিকেটিভ বুলি ফলাফল আহে ৷ ৮৪ বছৰ বয়সত সাহসেৰে ক’ভিড জয় কৰা বৃদ্ধাগৰাকীক আজি স্বাস্থ্য বিভাগে সম্বৰ্ধনা জনোৱা কাৰ্যক সচেতন মহলে প্ৰশংসা কৰিছে ৷











