অবৈজ্ঞানীক পৰিকল্পনাৰে নিৰ্মাণৰত চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণৰ অভিযোগ এতিয়া সৰ্বত্ৰে। কলিয়াবৰো ইয়াৰ ব্যতিক্ৰম নহয়। কলিয়াবৰৰ চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাই পথৰ আঁসোৱাপূৰ্ণ নিৰ্মাণৰ ফল ভূগিছে পথৰ কাষৰ বাসিন্দাই। কলিয়াবৰ তিনিআলিৰ পৰা তেজপুৰ অভিমুখী ৩৭ (ক) নং ৰাষ্ট্ৰীয় পথত চাৰিলেন যুক্ত ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণত ভালেমান বিসঙ্গতিৰ অভিযোগ পূৰ্বৰে পৰা উত্থাপিত হৈ আহিছে। বিশেষকৈ পথৰ কাষৰ নলা আৰু সেৱা পথ নিৰ্মাণ নকৰাক লৈ প্ৰতিবাদো চলি আহিছে।
যোৱা কেইবাদিন ধৰি বৰষুণ দি থকাৰ ফলত কলিয়াবৰ মহকুমাধিপতিৰ কাৰ্য্যালয়ৰ প্ৰায় গাতে লাগি থকা কেইবাটাও বাসগৃহ কৃটিম বানৰ কৱলত।
পথ নিৰ্মাণ ঠিকাদাৰী প্ৰতিষ্ঠানৰ লেহেমীয়া আৰু বিসঙ্গতিপূৰ্ণ কামৰ ফল ভূগিবলগীয়া হৈছে বুলি অভিযোগ তোলে ভূক্তভোগীয়ে।
শেহতীয়াকৈ, কলিয়াবৰ মহকুমাৰ ভাৰপ্ৰাপ্ত মহকুমাধিপতি পবিত্ৰ কুমাৰ দাসে উক্ত স্থানত উপস্থিত হৈ কৃটিম বানৰ কৱলত পৰা পৰিয়ালকেইটাৰ অৱস্থাৰ বুজ লয়। ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণকাৰী সংস্থাৰ প্ৰতিনিধিক মতাই আনি অনতিপলমে কৃটিম বানৰ সমস্যা দূৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ লগতে বৰষুণৰ পানী নিষ্কাষণৰ ব্যৱস্থা কৰিবলৈ নিৰ্দেশ দিয়ে।
চাৰিলেন যুক্ত পথ নিৰ্মাণৰ বিসংগতিৰ বাবে কলিয়াবৰত কৃত্ৰিম বান
ঠেলাত চিকিৎসালয়লৈ প্ৰেৰণ গৰ্ভৱতী মহিলাক
ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ নামত, জন-জাতিক সুৰক্ষিত কৰাৰ নামত কিমান শৰাধ কৰিব চৰকাৰী ধন? ৰাজ্যৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ উন্নয়নৰ বাবে স্বায়ত্ব শাসনৰ ব্যৱস্থা কৰিছে যদিও কিমান সফল এই ব্যৱস্থা? বছৰ-বছৰ ধৰি নগাঁও জিলাৰ সীমামূৰীয়া কাৰ্বি-আংলং জিলাৰ বহু অঞ্চলৰ বাট-পথ, স্বাস্থ্য-শিক্ষা উন্নয়নৰ যি স্বৰূপ, সেই উন্নয়নে কাৰ্বি ৰাইজক জীয়াতু ভোগাই আহিছে।
নগাঁও কাৰ্বি-আংলং সীমান্তৱৰ্তী ৰংবং ৱেৰ অঞ্চলৰ বাট-পথৰ শোচনীয় অৱস্থাৰ বাবেই এই গাঁওখনলৈ আহিব নোৱাৰে এম্বুলেঞ্চ।
বছৰ বছৰ ধৰি যাতায়তৰ নামত যমৰ-যাতনাৰ সন্মুখীন হৈ আহিছে ৰংবং ৱে অঞ্চলৰ জনসাধাৰণে। ৰাস্তা-ঘাট, দলঙকে ধৰি বিভিন্ন সমস্যাৰে জৰ্জৰিত ৰংবং ৱে অঞ্চলৰ জনসাধাৰণে বছৰ বছৰ ধৰি ভুগিব লগা হৈছে যমৰ-যাতনা।
ফলত যাতায়তৰ বাবে অচল হৈ থকা পথেৰে এম্বুলেঞ্চ আহিব নোৱাৰাত স্বামীয়ে নিজ পত্নীৰ প্ৰসৱ বেদনা সহিব নোৱাৰি এখন ঠেলাৰ উঠাই লৈ আনে জখলাবন্ধা চিকিৎসালয়লৈ। এগৰাকী গৰ্ভৱতী মহিলাক ঠেলাত উঠাই চিকিৎসালয়লৈ লৈ অনা দুখ লগা দৃশ্যই কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ উন্নয়নৰ ফোপোলা স্বৰূপ উদঙাই দিয়া পৰিলক্ষিত হয়।
উল্লেখযোগ্য যে, কাৰ্বি জনজাতিৰ সামগ্ৰীক উন্নয়নৰ বাবে গঠন কৰা কাৰ্বি-আংলং স্বায়ত্ব পৰিষদৰ সীমান্তৱৰ্তী কাৰ্বি জনসাধাৰণ প্ৰতি খোজতে উন্নয়নৰ পৰা বঞ্চিত হৈ আহিছে। কাৰ্বি-আংলং স্বায়ত্ব পৰিষদ সমষ্টি চুচেংঢেন্তাৰ সদস্যা কাচ্ছেৰ ৰংপিপীৰ উন্নয়নৰ নমুনাই তাকে প্ৰমাণ কৰে।
কলিয়াবৰ প্ৰেছ ক্লাৱৰ বিশেষ পদক্ষেপ
উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰতে সমবায় খণ্ডৰ একমাত্ৰ এসময়ৰ লাভজনক উদ্যোগটোৱে বিগত প্ৰায় দুবছৰ ধৰি অদক্ষ পৰিচালনা, অদূৰদৰ্শী সিদ্ধান্ত তথা গ্ৰহনীয় কিছুমান নীতিৰ বাৱেই লোকচানৰ সন্মুখীন হৈ আহিছে। বৰ্তমান কলটোৱে মৰাপাট যোগনিয়াৰ সকলক অনাদায় হৈ থকা ধনৰ পৰিমাণ প্ৰায় ১১ কোটি টকা।
কলটোৰ আৰ্থিক দুৰৱস্থাৰ সময়ত তদানীন্তন বিত্ত মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ১০ কোটি টকা সাহায্যৰ কথা ঘোষণা কৰিছিল। ঘোষণাৰ পাছতেই এই বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা কলটোৰ উৎপাদন কাৰ্য্য আৰম্ভ হৈছিল যদিও দীৰ্ঘদিনীয়া নহ’ল। আৰ্থিক সংকট আৰু কৰ’নাৰ বাবে যোৱা দুমাহতকৈও অধিক কাল কলটো বন্ধ হৈ আছে। ১০ কোটি টকাৰ সাহাৰ্য্য বিষয়টোও কোনো অগ্ৰগতি লাভ নকৰাৰ ফলত গভীৰ অনিশ্চয়তাৰ দিশে সমবায় খণ্ডৰ সহস্ৰাধিক লোকৰ সংস্থাপনৰ কেন্দ্ৰ অসম সমবায় মৰাপাট কলটো।
কিন্তু ৰাজ্য চৰকাৰৰ যোৱা ১৬ জুলাই তাৰিখে বিধান সভাত উত্থাপন হোৱা ২০২১-২০২২ বৰ্ষৰ বাজেটত কলটোৰ আন্তঃগাঠনি নিৰ্মাণৰ বাবে ৮ কোটি টকা ধাৰ্য্য কৰিছে। ফলস্বৰূপে কলটোৰ ভৱিষ্যতক লৈ এক আশাৰ ৰেঙনি কঢ়িয়াই আনিছে বুলি অনুভৱ কৰিছে কল কৰ্মী, কৰ্তৃপক্ষ তথা কলিয়াবৰীয়া ৰাইজে। আনহাতে, পূৰ্বে ঘোষণা কৰা ১০ কোটি টকাৰ সাহৰ্য্য লাভ কৰাৰ পথ এতিয়াও প্ৰশস্ত হৈ আছে বুলি মৰাপাট কলটোৰ পৰিচালন মণ্ডলীৰ অধ্যক্ষ মন্ত্ৰী কেশৱ মহন্তই জানিবলৈ দিছে।
শনিবাৰে নিশা কলিয়াবৰ প্ৰেছ ক্লাৱৰ জখলাবন্ধাৰ কাৰ্য্যালয়ত মন্ত্ৰী কেশৱ মহন্তৰে হোৱা কলিয়াবৰৰ সংবাদসেৱীসকলৰে হোৱা এক বিশেষ বৈঠকত কলটোৰ ভৱিষ্যতৰ বিষয়টো আলোচিত হয়। ইতিমধ্যে, কলিয়াবৰৰ অন্যতম সম্পদ মৰাপাট কলটোৰ চলি অহা অচলাৱস্থা দূৰ কৰিবলৈ কলিয়াবৰ প্ৰেছ ক্লাৱে কল প্ৰৱন্ধন কৰ্তৃপক্ষ আৰু কল কৰ্মী সন্থাৰে পৃঠকে-পৃঠকে আলোচনাত মিলিত হৈছিল। শনিবাৰে নিশা মন্ত্ৰী কেশৱ মহন্ত তথা কল পৰিচালন মণ্ডলীৰ অধ্যক্ষ কেশৱ মহন্তৰ সৈতে কলটোৰ অচলাৱস্থা দূৰ কৰাৰ ক্ষেত্ৰত ল’বলগীয়া প্ৰয়োজনীয় ব্যৱস্থা আৰু পৰিকল্পনাৰ বিষয়ে এক স্মাৰক পত্ৰ প্ৰদান কৰা হয়। স্মাৰক পত্ৰত সন্নিবিষ্ট বিষয়সমূহ খৰচি মাৰি আলোচনা কৰাৰ লগতে বিষয়সমূহৰ ওপৰত যাৱতীয় ব্যৱস্থা গ্ৰহণৰ প্ৰতিশ্ৰুতি দিয়ে। কলটো যাতে অনাগত দিনত সুকলমে চলে এই ক্ষেত্ৰত স্মাৰক পত্ৰত সন্নিবিষ্ট বিশেষজ্ঞ সমিতিৰ দ্বাৰা তদন্ত কৰাৰ ব্যৱস্থা কৰা হ’ব বুলি আশ্বাস দিয়ে।
কলটো পুনৰ চলোৱাৰ ক্ষেত্ৰত সমবায় মন্ত্ৰী অতুল বৰাকে ধৰি ৰাজ্য চৰকাৰৰ কলটোৰে সংলগ্ন কেইবাটাও বিভাগৰ লগত হোৱা আলোচনা মৰ্মে ঐক্য মতত উপনীত হৈছে। তথাপিও কলটোৰ উৎপাদনৰ কাৰ্য্যৰ আনুসঙ্গিক কাৰিকৰী বিষয়বোৰ তন্ন-তন্নকৈ পৰীক্ষা কৰি অনতি পলমে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কাম-কাজ চলি আছে। যাতে অদূৰ ভৱিষ্যতে কলটোৰ কোনো হানি-বিঘিনি নোহোৱাকৈ চলাই নিব পাৰি। এই ক্ষেত্ৰত কলিয়াবৰ প্ৰেছ ক্লাৱ আৰু কলিয়াবৰ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ ভূমিকাৰ কথাঐ উল্লেখ কৰে।
কলিয়াবৰ প্ৰেছ ক্লাৱৰ অসম সমবায় কলটো পুনৰ উৎপাদনমুখী কৰাৰ স্বাৰ্থত লোৱা পদক্ষেপক ভূয়সী প্ৰশংসা কৰে মন্ত্ৰীগৰাকীয়ে।
মাজবাটৰ কলামনিপাৰাৰ বিউটি দৈমাৰীৰ ক’ভিড-১৯ত মৃত্যু
ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্হ্যকেন্দ্ৰৰ অন্তৰ্গত অৰুণাচল সীমান্তবৰ্তী গাওঁ কলামনিপাৰাৰ বাসিন্দা প্ৰেমসিং ইছলাৰীৰ পত্নী বিউটী দৈমাৰীৰ(৪০) ১৭ জুলাইত ক’ভিড১৯ ত আক্ৰান্ত হৈ মৃত্যু হয় ৷জানিব পৰা মতে মহিলা গৰাকী আজি কিছুদিন ধৰি জ্বৰত আক্ৰান্ত হৈ আছিল ৷পৰিয়ালৰ লোকে মহিলা গৰাকীক মাজবাটৰ বাদল নাৰ্চিং হ’মত ভৰ্তি কৰাই চিকিৎসা কৰাইছিল ৷ যদিও যোৱা ১৭জুলাইত মহিলা গৰাকীৰ স্বাস্হ্যৰ অধিক অৱনতি ঘটাত তেজপুৰ চিকিৎসা মহাবিদ্যালয়লৈ লৈ যোৱা হয় ৷তাতে মহিলা গৰাকী ক’ভিড১৯ ত আক্ৰান্ত হোৱা বুলি চিনাক্ত হয় ৷গল্ড ব্ৰাদাৰ আৰু ডাইবেটিছ ৰোগতো আক্ৰান্ত মহিলা গৰাকী আবেলি ২ মান বজাত মৃত্যুক সাৱটি লয় ৷ইফালে এই খবৰ লাভ কৰি ওদালগুৰি জিলা স্বাস্থ্যবিভাগে কলামনি পাৰাৰ পৰিয়ালটিক হ’ম আইশ্যলেশ্যন কৰে ৷স্বাস্থ্য বিভাগে কভিড প্ৰট’কল অনুসৰি ওৰাঙৰ সমীপৰ ধনশ্ৰীঘাটৰ কভিড শ্মশানত সৎকাৰ কৰা হয়৷ মৃত্যুৰ সময়ত মহিলা গৰাকী দুগৰাকী নাবালক পুত্ৰ এৰি থৈ যায় ৷নাওহেৰুৱা,কলামনি পাৰা আদি অঞ্চলৰ সচেতন ৰাইজে অঞ্চলটোত কভিড পৰীক্ষা কৰিবলৈ স্বাস্হ্য বিভাগক অনুৰোধ জনাইছে ৷আনহাতেৰাজ্যখনত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ কৰোনা মহামাৰী ওদালগুৰি জিলাতো দিনক দিনে ক’ৰণাত আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। স্বাস্হ্য বিভাগৰ পৰা পোৱা তথ্য অনুসৰি ১৭ জুলাইত ওদালগুৰিত ৩৬ গৰাকী কৰোনাত আক্ৰান্ত হৈছে।এইলৈ ওদালগুৰিত এক এপ্ৰিলৰ পৰা ১৭ জুলাইলৈ আক্ৰান্তৰ সংখ্যা ৪২৪৪ গৰাকীলৈ বৃদ্ধি পালে। স্বাস্হ্য বিভাগৰ জনোৱা মতে ১৭ জুলাইত ২১৮৫ গৰাকীক পৰীক্ষা কৰাৰ পিছত ৩৬ গৰাকীৰ দেহত কৰোনা ধৰা পৰে।জিলা খনৰ মুঠ ৪২৪৪ কভিড আক্ৰান্তৰ ভিতৰৰ ৩৯৬৭ জনক কভিড মুক্ত ঘোষনা কৰাৰ লগতে ওদালগুৰিৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৫৬২ গৰাকীৰ ১৮১ আইচিলেচনত, ২১২ সক্ৰিয় ৰোগী চিকিৎসাধীন হৈ আছে।ইপিনে- শেহতীয়া তথ্য অনুসৰি মাৰ্চ’২১ৰ পৰা ৮ জুলাই লৈকে মৃত্যু হোৱা লোকৰ সংখ্যা ৬৫ গৰাকীলৈ বৃদ্ধি পালে।ইপিনে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত ১৫২৪২৬গৰাকীক ভেকচিন প্ৰদান কৰা হৈছে।সেয়ে এনে ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাইজকে সজাগ আৰু সচেতন হৈ মাস্ক ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি ক’ভিডৰ নীতি নিৰ্দেশনা মানি চলিবলৈ স্বাস্হ্য বিভাগৰ লগতে ওদালগুৰি জিলাৰ সচেতন নাগৰিক সমিতিয়ে আহ্বান জনাইছে ৷আনহাতে সমগ্ৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত অঞ্চল সমুহত ৪২৩ গৰাকীক ৰেট পৰীক্ষাত ১৩ গৰাকী ক’ভিড চিনাক্ত কৰা হৈছে ৷
লাহদৈগড়ৰ আৰক্ষী বিষয়া সঞ্জয় ৰয়ৰ বৃহৎ সাফল্য
সমগ্ৰ ৰাজ্যতে অসম অৰক্ষীৰ অভিযান সমূহ সফল হৈছে।লাহদৈগড় আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া সজ্ঞয় ৰয়ৰ নেতৃত্বত সুৰা আৰু অসামাজিক কাৰ্য্যকলাপৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। আজি পুৱা ভাগত চটাই,চেনিজান ,তিনিকুৰীয়া আদি অঞ্চল সমূহত অভিযান চলাই প্ৰায় ৩,০০০(তিনি হাজাৰ)লিটাৰ দেশী বিদেশী সুৰা জব্দ কৰাৰ লগতে AS05C-1169নম্বৰৰ এখন ট্ৰাকত চুলাই মদ উঠাই থকাৰ সময়তে উক্ত ট্ৰাক খন জব্দ কৰাৰ লগতে এজন লোকক আটক কৰিবলৈ সক্ষম হয়। জব্দ কৰা অবৈধ সুৰা সমূহ আৱকাৰী বিভাগক চমজাই দিয়াৰ লগতে আৰক্ষীয়ে নিজা ববীয়াকৈ গোচৰ ৰুজু কৰিৱ বুলি জানিবলৈ দিছে।
মুখ্যমন্ত্ৰী সাহাৰ্য্য পুঁজিলৈ বৰীপাৰা প্ৰাথমিক বিদ্যালয়ৰ মাতৃগোটৰ অনুদান
ক’ভিড কালিন পৰিস্থিতিৰ লগত মোকাবিলা কৰিবলৈ ৰাজ্যৰ জনতাক সহায়ৰ হাত আগবঢ়াব অনুৰোধ জনাইছিল মুখ্যমন্ত্ৰীয়ে। সেয়ে মুখ্যমন্ত্ৰীৰ আহ্বানক সন্মান জনাই কামৰূপ জিলাৰ বকো প্ৰাথমিক শিক্ষা খণ্ডৰ অধিনৰ বৰীপাৰা প্ৰাথমিক বিদ্যালয়ৰ মাতৃগোটে আজি একগোট হৈ পৰিয়ালৰ পৰা অৰ্থ সংগ্ৰহ কৰি মুঠ পাঁচ হাজাৰ এক টকা বৰঙণি হিচাপে আগবঢ়ায়। আজি এক আনুষ্ঠানিক কাৰ্য্যসুচীৰে বিদ্যালয় প্ৰাঙ্গনত মোৱাইল বেংকিং ব্যৱস্থাৰে মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁজিলৈ এই ধন প্ৰদান কৰে। উল্লেখ্য যে ; বকো বৰীপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক অমিয় কুমাৰ ৰয়ৰ তৎপৰতাত বিদ্যালয় পৰিচালনা সমিতিৰ সহযোগত আৰু মাতৃগোটৰ উদ্যোগত বৰঙণি সংগ্ৰহ কৰি প্ৰদান কৰা হয় উক্ত সাহাৰ্য্য পুঁজি। সাহাৰ্য্য পুঁজিলৈ অৰ্থ প্ৰদান কৰা অনুস্থানত উপস্থিত থাকে বিশিষ্ট শিক্ষাবিদ সমালোচক তথা হেকেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ ড: গণেশ্বৰ চহৰীয়া ; বৰীপাৰা প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ভদ্ৰেশ্বৰ ৰাভাৰ লগতে পৰিচালনা সমিতিৰ বিষয় ববীয়া সকল ; মাতৃগোটৰ সভানেত্ৰী উৰ্মিলা ৰাভা ; সম্পাদিকা চিনু ৰাভা সহ বহু কেইগৰাকী মহিলা। প্ৰকাশ্য যে ; সম্পুৰ্ণ ক’ভিড প্ৰ’টকল মানি বিদ্যালয় চৌহদত সমবেত হৈ প্ৰদান কৰে উক্ত সাহাৰ্য্য পুঁজি।
এসময়ৰ ৰাজ্যিক পৰ্যায়ৰ মহিলা এথলিট: তাঁত শাল বই কটাইছে জীৱন
এসময়ৰ এথলিট হিচাপে পৰিচিত আছিল নাম নিজৰা দাস। প্ৰচাৰ বিমুখ খেলুৱৈ গৰাকীৰ নাই কোনো চৰকাৰী চাকৰি ৷ খেলুৱৈ হিচাপে অনেক কৃতিত্বৰ দাবীদাৰ বহু যুৱক-যুৱতীয়ে অসম চৰকাৰৰ পৰা নাপায় উপযুক্ত মৰ্যাদা ৷ স্ব-প্ৰতিভাৰে ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰক সমৃদ্ধ কৰি থৈ যোৱাৰ পিচতো চৰকাৰীভাৱে উপেক্ষিত হৈ ৰৈছে বহু প্ৰতিভাৱান খেলুৱৈ ৷ তেনে এগৰাকী খেলুৱৈ হৈছে ৰাজ্যিক পৰ্যায়ৰ মহিলা এথলিট বৰপেটাৰ নিজৰা দাস ৷ চৰকাৰী সাহায্য-সংস্থাপন অবিহনে সম্প্ৰতি দুখ-যন্ত্ৰনাৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে বৰপেটাৰ বামুণা গাঁও নিবাসী নিজৰা দাসে ৷ উল্লেখ্য যে পঞ্চম শ্ৰেণীত পঢ়ি থকা সময়তেই এগৰাকী এথলিট হিচাপে নিজৰ শ্ৰেষ্ঠত্ব প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা নিজৰাই পিচলৈ আন্ত:জিলা চেম্পিয়নশ্বিপত অংশগ্ৰহণৰ বাবে বাছনিভুক্ত হৈছিল ৷ ১৯৯৩,১৯৯৪ আৰু ১৯৯৫ চনত ক্ৰমে ডিব্ৰুগড়, তিনিচুকীয়া আৰু যোৰহাটত অনুষ্ঠিত আন্ত:জিলা চেম্পিয়নশ্বিপত বৰপেটা জিলাৰ হৈ প্ৰতিনিধিত্ব কৰি নিৰ্দিষ্ট ইভেন্টত প্ৰথম স্থান অধিকাৰ কৰিছিল নিজৰাই ৷ ১৯৯৩ চনত শ্বিলঙত অনুষ্ঠিত নৰ্থ-অষ্ট চেম্পিয়নশ্বিপত নিজৰাই অসমৰ হৈ প্ৰথবাবাৰৰ বাবে ৰাজ্যিক খেলুৱৈ হিচাপে অংশ লৈছিল ৷ পৰৱৰ্তী সময়ত উত্তৰ প্ৰদেশৰ লক্ষ্ণৌ, বিহাৰৰ ৰাছী আৰু হাৰিয়ানাৰ ৰোহটকত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলতো অংশ লৈছিল নিজৰাই ৷ কলেজীয়া দিনত বৰপেটাৰ এম চি কলেজৰ কলেজ সপ্তাহ,গুৱাহাটী বিশ্ববিদ্যালয়ৰ যুৱ মহোৎসৱ আদিত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হোৱা এথলিটগৰাকীয়ে ১৯৯৫ চনত অসম অলিম্পিক সন্থাৰ উদ্যোগত অনুষ্ঠিত আসাম ষ্টেট গেম’৯৫ শীৰ্ষক প্ৰতিযোগিতাতো অংশগ্ৰহণৰ সুযোগ লাভ কৰিছিল ৷ এক সময়ত ৰাজ্যৰ ক্ৰীড়া ক্ষেত্ৰখনত এনেদৰেই উজলাই ৰখা দুখীয়া পৰিয়ালৰ সন্তান নিজৰাৰ ভৱিষ্যৎ জীৱন সুখকৰ হ’ব বুলি সকলোৱে ধাৰণা কৰিছিল যদিও বাস্তৱত সেয়া যেন সম্ভৱ নহ’ল ৷ বিভিন্ন সময়ত বহুকেইটা পৰীক্ষা-সাক্ষাৎকাৰত অৱতীৰ্ণ হোৱাৰ পিচতো অগ্ৰাধিকাৰ ভিত্তিত কোনো এটা চৰকাৰী চাকৰিত মকৰল কৰা নহ’ল নিজৰাক ৷ নিজৰাই আজিলৈকৈ নাপালে কোনো চৰকাৰী সাহায্য ৷ পাচলি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া স্বামীৰ উপাৰ্জন কম হোৱা হেতুকে ঘৰ চলাবলৈ তাঁতশালত বহিবলগীয়া হৈছে এসময়ৰ প্ৰতিভাৱান এথলিটগৰাকীয়ে ৷ নিজে বোৱা কাপোৰ আনৰ ওচৰত বিক্ৰী কৰি স্বামীক পৰিয়াল পোহপাল দিয়াত সহায় কৰি গৈছে নিজৰাই ৷ প্ৰশ্ন হয়-অদূৰ ভৱিষ্যতে নিজৰাহঁতৰ দৰে খেলুৱৈৰ বাবে চৰকাৰী সাহায্য-সংস্থাপন লাভ কৰাটো সম্ভৱ হ’বনে ? সঘনাই সবকা সাথ সবকা বিকাশৰ শ্ল’গান আওৰাই থকা ড°হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন নতুন চৰকাৰখনৰ কল্যাণকামী আঁচনিয়ে নিজৰাহঁতৰ দৰে এসময়ৰ প্ৰতিভাৱান খেলুৱৈসকলক স্পৰ্শ কৰিবলৈ সক্ষম হবনে?
এম ই মাদ্ৰাছাৰ প্ৰধান শিক্ষকৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ, ৰাইজৰ প্ৰতিবাদ
দক্ষিণ বৰপেটা জিলাৰ বাঘবৰ সমষ্টিৰ মন্দিয়া প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত নিচানৰচৰ কালাইৰদিয়া এম ই মাদ্ৰাছাত পোহৰলৈ আহিছে বিয়াগোম দুৰ্নীতিৰ তথ্য। শিক্ষানুষ্ঠান খনৰ অৱসৰপ্ৰাপ্ত আৰু বৰ্তমানৰ দুই প্ৰধান শিক্ষকে মিলি বিদ্যালয়ৰ চৰকাৰী আৱন্টিত কেইবা লক্ষাধিক ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপিত কৰিছে ৰাইজে। প্ৰাপ্ত অভিযোগ অনুসৰি ২০২০ চনৰ ৩১ ডিচেম্বৰত অৱসৰ পোৱা তদানীন্তন প্ৰধান শিক্ষক চামাদ আলীয়ে হিচাব নিদিয়াকৈ প্ৰায় ১১ লাখ টকা আত্মসাৎ কৰি দ্বায়িত্বভাৰ বুজাই দিয়ে নৱ নিযুক্ত প্ৰাধান শিক্ষক নৈমুদ্দিন আহমেদক। সংশ্লিষ্ট বি ই অ, ট্ৰেজাৰী আৰু একাংশ গাওঁৰ মুখিয়ালক টকা দিয়া বুলি সাধাৰণ নোট বহীত লিখিয়েই অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক চামাদ আলীয়ে হজম কৰিলে প্ৰায় ১১ লাখ টকা। ছাত্ৰ ছাত্ৰীক ইউনিফৰ্ম দিয়া, মধ্যাহ্ন ভোজন আদিৰ নামতো দেখুওৱা হৈছে খৰছ কিন্তু কোনেও পোৱা নাই হেনো ইউনিফৰ্ম কিম্বা মধ্যাহ্ন ভোজন। বিগত প্ৰায় পাঁচ মাহে বন্ধ হৈ আছে বিদ্যালয় খনৰ মধ্যাহ্ন ভোজন, ইয়াৰ উপৰিও চৰকাৰে বান্ধি দিয়া বিতৰণৰ নিৰ্দেশকো মনা নাই বৰ্তমানৰ প্ৰধান শিক্ষক নৈমুদ্দিন আহমেদে। মুঠতে অৱসৰী আৰু বৰ্তমানৰ দুই প্ৰধান শিক্ষকে মিলি বিদ্যালয় খনকে সাজিলে খীৰতি গাই, ৰাইজে এনেবোৰ দুৰ্নীতিৰ তদন্তৰ দাবীত শিক্ষা বিভাগ হায় হায়, প্ৰধান শিক্ষকৰ দুৰ্নীতি বন্ধ কৰক, দুৰ্নীতিৰ তদন্ত হব লাগিবই আদি শ্ল-গানেৰে সাৱ্যস্ত কৰিলে উত্তাল প্ৰতিবাদ। এতিয়া সচেতন ৰাইজৰ মনত প্ৰশ্ন হৈছে বিদ্যালয়ৰ দৰে পবিত্ৰ স্থানতো কি সাহসত নমস্য শিক্ষকে চলায় এনে লুটপাতৰ কাৰচাজি ? ৰাইজে বিচৰা ধৰণে তদন্তৰ দিহা কৰিবনে শিক্ষা বিভাগে ? সেয়া হ’ব লক্ষণীয়।
ধুবুৰীত শুভাৰম্ভ মুখ্যমন্ত্রীৰ ক’ভিড বিধৱা কল্যাণ আঁচনি
ক’ৰনাত আক্রান্ত হৈ মৃত্যু ঘটা স্বামী হাৰা মহিলা ৰ বাবে অসম চৰকাৰে প্ৰবৰ্তন কৰা ক’ভিড বিধৱা কল্যান আঁচনি ৰ অধীনত ২ লাখ ৫০ হেজাৰ টকাৰ চেক আজি আনুষ্ঠানিক ভাৱে ধুবুৰী ত অভিভাৱক মন্ত্রী ৰঞ্জিত কুমাৰ দাস জিলা উপায়ুক্ত ৰ কাৰ্য্যলয় প্ৰেক্ষাগৃহ ত এক অনুষ্ঠানত ৮ গৰাকী বিধৱা মহিলাক বিতৰণ কৰে। অনুষ্ঠানত জিলা বিজেপি সভাপতি দেবময় সান্যাল, জিলা উপায়ুক্ত অম্বামুথন এম পি, সহ জিলা প্ৰশাসন ৰ বিভিন্ন বিষয়া উপস্থিত থাকে।
ইয়াৰ আগতে মন্ত্রী ৰঞ্জিত কুমাৰ দাস এ ধুবুৰী আবৰ্তিত ভৱনত সুকীয়াকৈ অভিভাৱক কাৰ্য্যলয় ৰ শুভ উদ্বোধন কৰে।
বেলশৰ থানা গাঁওৰক্ষী সমিতি আৰু আঞ্চলিক জেষ্ঠ্য নাগৰিক সমাজৰ সাহাৰ্য পুঁজিলৈ বৰঙণি
দেশৰ ক’ভিড পৰিস্হিতি নিয়ন্ত্ৰনৰ বাবে সমাজৰ বিভিন্ন স্তৰৰ ব্যক্তিয়ে সাধ্যানুসাৰে পশ্চিম নলবাৰীৰ বেলশৰ থানা গাঁওৰক্ষী সমিতি আৰু বৃহত্তৰ বেলশৰ আঞ্চলিক জ্যেষ্ঠ নগৰিক সমাজে কালি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ কিছু ধন চেক যোগে প্ৰদান কৰে ৷ দুপৰীয়া ১ বজাত সংগঠন দুটাৰ চাৰিজনীয়া বিষয়ববীয়াৰ এটি দল চামতাস্থ পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত উপস্থিত হয় ৷ বেলশৰ থানা গাঁওৰক্ষী সংঠনৰ চক্ৰ সংগঠক বিকাশমল্ল বুজৰবৰুৱা বেলশৰ থানা গাঁওৰক্ষী সমিতিৰ উপদেষ্টা প্ৰমোদ চন্দ্ৰ কলিতা, বৃহত্তৰ আঞ্চলিক জ্যেষ্ঠ নাগৰিক সমাজৰ সভাপতি বসন্ত মহন্ত আৰু সম্পাদক প্ৰভাত হালৈয়ে পশ্চিম নলবাৰী ৰাজহ চক্ৰ বিষয়া বাৰ্বী হাজৰিকাৰ হাতত মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বুলি তিনি হাজাৰ টকাৰ এখন চেক প্ৰদান কৰে ৷ চক্ৰ বিষয়া হাজৰিকাই জ্যেষ্ঠ নাগৰিকসকলক ধন্যবাদ জ্ঞাপন কৰে আৰু তেওঁলোকৰ স্বাস্থ্যৰ বুজ লয় ৷











