Home Blog Page 2932

পুনৰ বাঘজান তৈল খাদত প্ৰতিবাদৰ জোৱাৰ।

বাঘজানৰ জৈৱ-বৈচিত্ৰ তথা বাঘজানৰ ক্ষয়-ক্ষতিৰ ওপৰত অসমৰ বন বিভাগৰ মুখ্য ৱাইল্ডলাইফ ৱাৰ্ডেন এম.কে. যাদৱৰ তথ্য প্ৰকাশ পোৱাৰ পাছতে বাঘজানবাসী ৰাইজে পুনৰ ক্ষোভিত হৈ পৰিছে।

বাঘজান কাণ্ডই এটা বছৰ সম্পূৰ্ণ কৰিলে। ১৭৩ দিনৰ অন্তত অভিশপ্ত বাঘজান কাণ্ডৰ অন্ত পৰিল। কিন্তু অন্ত হোৱা নাই বাঘজানবাসীৰ দুৰ্দশা। বাঘজানবাসীয়ে আজি পৰ্য্যন্ত নাপালে উপযুক্ত তথা উচিত ক্ষতিপূৰণ।

উল্লেখযোগ্য যে,বাঘজান অঞ্চলৰ জৈৱ-বৈচিত্ৰ তথা পাৰিপাৰ্শ্বিক ক্ষয়-ক্ষতিৰ ওপৰত যোৱা ৭ জুন তাৰিখে অসমৰ বন বিভাগৰ মুখ্য ৱাইল্ডলাইফ ৱাৰ্ডেন এম.কে. যাদৱৰ এক প্ৰতিবেদন প্ৰকাশ পাইছিল। আৰু প্ৰতিবেদনত উল্লেখ আছে কেইবাটাও বিস্ফোৰক তথ্য। যাৰ বাবে ক্ষোভিত হৈ পৰিছে বাঘজানবাসী ৰাইজ।

বুধবাৰে বাঘজানবাসী ৰাইজৰ নেতৃত্বত বাঘজান EPS তৈল খাদৰ সন্মুখত ক্ষতিগ্ৰস্ত বাঘজানবাসীক অতি শীঘ্ৰে ক্ষতিপূৰণ প্ৰদান কৰা,অসমৰ বন বিভাগৰ মুখ্য ৱাইল্ডলাইফ ৱাৰ্ডেন এম.কে. যাদৱৰ তথ্যৰ ওপৰত ভিত্তি কৰি বাঘজান অঞ্চলৰ ৬১২টা পৰিয়ালক অতি শীঘ্ৰে ১০০% ক্ষতিপূৰণৰ ব্যৱস্থা কৰা,যোৱা ২০২০ৰ ২৭মে’ তাৰিখে বাঘজান BGN-5 নং তৈল খাদত সংঘটিত বিস্ফোৰণত জড়িত ব্যক্তিক চিনাক্ত কৰা আদি কেইবাটাও দাবীৰে বাঘজানবাসী ৰাইজে প্ৰতিকূল বতৰকো নেওচি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।

বৰপেটা চহৰত বৃহৎ পৰিমাণৰ অবৈধ সুৰা জব্দ

সুৰাৰ ঘাটিত পৰিণত হৈছে বৰপেটা চহৰ। সহাজলৈভ্য হৈ পৰিছে  বৰপেটাত সুৰা ।বৰপেটাৰ বহু অঞ্চলত  নিষিদ্ধ সুৰা ব্যৱসায়ীৰ দৌৰাত্মৰ বাবে সচেতন মহলক চিন্তিত কৰি তুলিছে।অবৈধ বেহাৰ বিৰুদ্ধে বৰপেটা আৰক্ষীৰ তীব্ৰ অভিযান অব্যাহত আছে। বৰপেটাৰ গান্ধীনগৰত বৰপেটাৰ উপ আৰক্ষী অধীক্ষকৰ নেতৃত্বত অভিযান চলাই মনোৰঞ্জন দাস নামৰ লোক এজনৰ ঘৰৰ চৌহদৰ পৰা  বৃহৎ পৰিমানৰ বিলাতী আৰু দেশীয় সুৰা জব্দ কৰিবলৈ সক্ষম হয়। কিন্তু আবকাৰী বিভাগৰ নিষ্ক্ৰিয়তাৰ বিপৰতে ব্যাপক তৎপৰত হৈছে বৰপেটা আৰক্ষী। এই সংক্ৰান্তত অবৈধ ব্যৱসায়ীক আটক কৰিবলৈ সক্ষম নহল।

এতিয়াৰে পৰা ৰাজ্যৰ সকলোবোৰ চৰকাৰী কাৰ্যসূচী আৰম্ভ হ’ব জাতীয় সংগীতেৰে

এতিয়াৰে পৰা কাৰ্যকৰী হোৱাকৈ ৰাজ্যখনৰ সকলোবোৰ চৰকাৰী কাৰ্যসূচী তথা বৈঠক জাতীয় সংগীত ‘অ’ মোৰ আপোনাৰ দেশ’ ৰে আৰম্ভ হ’ব। আজিৰ কেবিনেটে এই সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰে৷ তেনেদৰে এই চৰকাৰী কাৰ্যসূচী তথা বৈঠকসমূহ ৰাষ্ট্ৰীয় সংগীত ‘জন গণ মন’ পৰিৱেশনেৰে সামৰণি পৰিব৷

এতিয়াৰে পৰা প্ৰতিখন চৰকাৰী সভা, অনুষ্ঠানত অসমৰ শিপিনীৰ হাতেবোৱা গামোছা ব্যৱহাৰ কৰা বাবে আজিৰ কেবিনেট বৈঠকে সিদ্ধান্ত গ্ৰহণ কৰে৷

এনে চৰকাৰী সভা, অনুষ্ঠানসমূহত পৰম্পৰাগত খাদ্য ব্যৱহাৰ কৰা হ’ব৷ ৰাজ্যখনৰ আত্মসহায়ক মহিলা গোটসমূহে যাতে থলুৱাভাৱে প্ৰস্তুত কৰা খাদ্য বিক্ৰীৰ সুবিধা লাভ কৰে সেই উদ্দেশ্যৰে আজিৰ কেবিনেটে এই সিদ্ধান্ত গ্ৰহণ কৰে৷

কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত : টেট উৰ্ত্তীৰ্ণৰ পৰা চৰকাৰী কৰ্মচাৰীলৈকে বহুকেইটা ভাল খবৰ

টেট উত্তীৰ্ণৰ প্রমাণপত্র বৈধতা ৭ বছৰৰ পৰিবৰ্তে জীৱনজোৰা কৰা হৈছে।
আগষ্ট মাহৰ পৰা দৰমহা প্ৰাপ্তিৰ বাবে কৰ্মচাৰীৰ NOC প্রয়োজন হ’ব।

আজি অনুষ্ঠিত কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে।মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকৰ পিছতে এক সংবাদ মেলৰ আয়োজন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই।কেবিনেটত গ্ৰহণ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা মন্ত্ৰীগৰাকীয়ে সংবাদমেলত সদৰি কৰে।

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ——–

▶️এতিয়াৰে পৰা সকলো চৰকাৰী কাৰ্যসূচী জাতীয় সংগীতেৰে আৰম্ভ হ’ব।ৰাষ্ট্রীয় সংগীতেৰে সমাপ্ত কৰা হ’ব সকলো চৰকাৰী কাৰ্যসূচী।

▶️ চৰকাৰী অনুষ্ঠানত ব্যৱহাৰ হ’ব থলুৱা গামোচা।হাতেৰে বোৱা গামোচা ব্যৱহাৰ হ’ব চৰকাৰী অনুষ্ঠানত।

▶️সকলো চৰকাৰী অনুষ্ঠানতে থলুৱা খাদ্যৰে আপ্যায়ন কৰা হ’ব।চাহৰ সৈতে লাৰু–পিঠা খোৱাৰ দিহা কৰা হ’ব।

▶️টেট উত্তীৰ্ণৰ প্রমাণপত্র বৈধতা ৭ বছৰৰ পৰিবৰ্তে জীৱনজোৰা কৰা হৈছে।অৱশ্যে টেট উত্তীৰ্ণৰ প্রমাণপত্রৰ বৈধতা জীৱনজোৰা থাকিলেও চাকৰিৰ ঊৰ্ধ্ব সীমা প্রযোজ্য হ’ব।

▶️ বিদ্যুৎ বিল প্ৰদান কৰাৰ NOC নিদিলে চৰকাৰী কৰ্মচাৰীৰ দৰমহা কৰ্তন কৰা হ’ব।

▶️জুলাই মাহলৈকে ৰাজ্যৰ কৰ্মচাৰীয়ে বিদ্যুৎ বিল পৰিশোধ কৰি NOC দিব লাগিব।

▶️অৱশ্যে আগষ্ট মাহৰ পৰা দৰমহা প্ৰাপ্তিৰ বাবে কৰ্মচাৰীৰ NOC প্রয়োজন হ’ব।

▶️ লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ মৃত্যু দিনটোক ‘কৰ্মচাৰী দিন’ হিচাপে পালন কৰা হ’ব।
▶️কৰ্মচাৰী দিন’ত প্রতিখন জিলাৰ ৫জন কৰ্মচাৰীক সন্মানিত কৰা হ’ব।

▶️ৰাজ্যিক ভিত্তিত ১০ গৰাকী কৰ্মচাৰীক সন্মানিত কৰা হ’ব।

▶️দেশভক্ত তৰুণৰাম ফুকনৰ মৃত্যু দিনটোক ‘দেশভক্ত’ দিৱস হিচাপে পালন কৰা হ’ব।

▶️সম্পূৰ্ণ লকডাউন হোৱা জিলাত ৩দিন অভিভাৱক মন্ত্রী থাকিব।

লক্ষীপুৰত জালনোট সৰবৰাহকাৰী আটক

গোৱালপাৰা জিলাৰ লক্ষীপুৰ থানাত  নতুনকৈ যোগদান কৰিয়েই ভাৰপ্ৰাপ্ত বিষয়া ভীম কান্ত পেগুয়ে  দুগৰাকীকৈ জাল নোট সৰবৰাহকাৰীক জালনোট সহ গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । আটক হোৱা এই দুই জাল নোট সৰবৰাহকাৰী দুজন মেঘালয়ৰ ধনেছ ই চাংমা আৰু মাছান চাংমা বুলি জানিব পৰা গৈছে ।  ভাৰ প্ৰাপ্ত বিষয়া গৰাকীয়ে কালি সন্ধিয়া  এক অভিযান চলাই অসম মেঘালয় সীমান্তৰ ভীম কোছ পাৰ ঘাটত চল্লিশ খনকৈ দুহেজাৰ টকীয়া জাল নোট লেন দেন কৰি থকা অৱস্থাত  জাল নোট খিনি সহ  সৰবৰাহকাৰী দুজনক আটক কৰে । এনে জালনোট সমুহ মেঘালয়ৰ পৰা অনা বুলি সন্দেহ কৰা হৈছে । অধিক তথ্যৰ বাবে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ।

আৰিমাৰী গাওঁ পঞ্চায়তত আচনিৰ নামত চলিছে ব্যাপক লুণ্ঠন : পৰিদৰ্শন নকৰাকৈয়ে বিভাগীয় কৰ্তৃপক্ষই মোকলাই দিয়ে লাখ লাখ টকা

অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত চলিছে ব্যাপক দুৰ্নীতি । উন্নয়ন খণ্ডৰ  একাংশ চৰকাৰী বিষয়া/কৰ্মচাৰীৰ সহযোগত জনপ্ৰতীনিধিয়ে লিপ্ত হৈছে  ব্যাপক দুৰ্নীতি অনিয়মত । এটাৰ পিছত আন এটা দুৰ্নীতি অনিয়মৰ তথ্য পোহৰলৈ আহিছে  দৰঙৰ দলগাওঁ শিয়ালমাৰী উন্নয়ন খণ্ডৰ কাৰ্যালয়ৰ আৰিমাৰী গাওঁ পঞ্চায়তত । গাওঁ পঞ্চায়তৰ দায়িত্বত থকা এক্ৰিকেটেড ইঞ্জিনীয়াৰৰ উপস্থিতিত চলিছে এই লুণ্ঠন । অভিযোগ অনুযায়ী দলগাও শিয়ালমাৰী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত আৰিমাৰী গাওঁ পঞ্চায়তৰ 2020-21 বৰ্ষৰ Earthen Bundh From Badli Bairali Pub Chuba LP School to Iman Ali House লৈ যোৱা পথটোত বিভাগীয় কৰ্তৃপক্ষই ৮,৭৩,১৬৬/ টকা আবন্টন দিয়ে যদিও উক্ত আচনি চৰকাৰী প্ৰাক:কলনক বুঢ়া আঙুলি দেখুৱাই চলাই আছে পথ নিৰ্মাণ কাৰ্য। উক্ত আচনিত সংঘটিত হোৱা ব্যাপক অনিয়ম সন্দৰ্ভত দলগাও শিয়ালমাৰী খণ্ড উন্নয়ন বিষয়াৰ কাৰ্যালয়ত আৰিমাৰী গাওঁৰ এজন সচেতন ব্যক্তিয়ে অভিযোগ দিয়াৰ পাচতো গুৰুত্ব নাই বিভাগীয় কৰ্তৃপক্ষৰ।আনহাতে উক্ত আচনিৰ কামত জব কাৰ্ড শ্ৰমিকৰ পৰিবৰ্তে জেচিবিৰ জড়িয়তে কাম সম্পূৰ্ণ কৰাৰ অভিযোগ উত্থাপিত হৈছে।আনহাতে ৰূপায়ন হোৱা উক্ত পথৰ দুয়ো কাষে  দৰিদ্ৰ কৃষকৰ জলকীয়া আৰু মৰাপাটৰ খেতি নষ্ট কৰি ভুমিখিনিত  জেচিবিৰ জড়িয়তে প্ৰকাণ্ড প্ৰকাণ্ড গাত খান্দি চলাই আছে পথৰ নিৰ্মাণ কাৰ্য্য। উক্ত কামত বাধা দিয়া সত্বেও এক্ৰিকেটেড ইঞ্জিনীয়াৰৰ উপস্থিতিত বলপূৰ্বক ভাৱে চলাই আছে নিৰ্মাণ কাৰ্য্য। আনহাতে গাওঁ পঞ্চায়তখনত এমজিএনৰেগাৰ পৰা আদি কৰি চতুৰ্দশ,পঞ্চদশ আদি আচনিত ১/২ নং বৰোৱাঝাৰ গাওঁ পঞ্চায়ত,শিলবৰী গাওঁ পঞ্চায়ত, কৌপাটি গাওঁ পঞ্চায়ত, ফকীৰপাৰা গাওঁ পঞ্চায়ত, গলন্দি গাওঁ পঞ্চায়ত,বাহাবাৰী গাওঁ পঞ্চায়ত,আৰিমাৰী গাওঁ পঞ্চায়ত আৰু শ্যামপুৰ গাওঁ পঞ্চায়তত সংঘটিত হৈছে ব্যাপক দুৰ্নীতি । বিভাগীয় কৰ্তৃপক্ষই উক্ত গাওঁ পঞ্চায়ত কেইখনত পথ নিৰ্মাণৰ নামত লাখ লাখ টকা আবন্টন দিছে যদিও উক্ত কাম সমুহ চৰকাৰী প্ৰাক:কলনক জলাঞ্জলি দি ৰূপায়ণ কৰাৰ অভিযোগ । তাৎপৰ্যপূৰ্ণ কথা হল গাওঁ পঞ্চায়ত কেইখনত ৰূপায়িত হোৱা আচনি সমুহ খণ্ড উন্নয়ন বিষয়া কাৰ্যালয়ৰ কোনো এজন বিষয়াই পৰ্যবেক্ষণ নকৰাকৈয়ে আচনিৰ ধন মুকলাই দিয়াৰ অভিযোগ উত্থাপিত হৈছে। গাওঁ পঞ্চায়ত কেইখনত চলি থকা ব্যাপক দুৰ্নীতিৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছে স্থানীয় ৰাইজে।

ডিব্ৰুগড়ৰ মাইজান, অকলেণ্ড ,নগাঘুলীত ভয়ঙ্কৰ গৰাখহনীয়া

তিনি কিলোমিটাৰ এলেকাত মহাবাহুৰ কালৰূপ

মোহনবাৰী বিমানবন্দৰ, অসম চিকিৎসা মহাবিদ্যালয়কে ধৰি সমগ্ৰ ডিব্ৰুগড় চহৰলৈ কঢ়িয়াছে প্ৰচণ্ড ভাবুকি

চাহ বাগিচাৰ পৰিবেষ্টিত অঞ্চলটোত খহনীয়া পৰিদৰ্শন অসম চাহ মজদুৰ সংঘৰ সাধাৰণ সম্পাদক তথা ডুমডুমা সমষ্টিৰ বিধায়ক ৰূপেশ গোৱালা আৰু লাহোৱাল সমষ্টিৰ বিধায়ক বিনোদ হাজৰিকাৰ।

অতি শ্ৰীঘ্ৰে খহনীয়া পতিৰোধৰ আশ্বাস বিধায়কদ্বয়ৰ

আগন্তুক বাজেট অধিবেশনত ৰহমৰীয়া পৰা মাইজানলৈকে প্ৰায় ২০ কিলোমিটাৰ এলেকাত ৫০ দশকৰ পৰা চলি থকা খহনীয়া সমস্যা স্হায়ী সমাধানৰ বাবে বিছাৰিব বিশেষ পেকেজ

উলেখ্য যে মাইজান আৰু অকলেণ্ড চাহ বাগিচাৰ শ শ হেক্টৰ ভুমি ইতিমধ্যে মহাবাহু ব্ৰহ্মপুত্ৰৰ বুকুত বিলিন হল

বাগিচাৰ বহু লোকে নিজৰ আপোন ঘৰ বাৰী হেৰুৱাই মঠাউৰিত আশ্ৰয় গ্ৰহণ কৰিব লগীয়া দুভাগ্যজনক পৰিষ্টিৰ উদ্দেগ প্ৰকাশ কৰিছে
এ চি এম এছৰ সাধাৰণ সম্পাদক গৰাকীয়ে ‌

প্ৰায় দুই কিলোমিটাৰ পদব্ৰজে গৈ দুই গৰাকী বিধায়কে গড়াখহনীয়া গ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰা লগতে স্হানীয় ৰাইজৰ সৈতে মত বিনিময় কৰে

জলসম্পদ বিভাগৰ অভিযন্তা,অসম চাহ মজদুৰ সংঘ আৰু আটছাৰ বিষয়ববীয়াই পৰিদৰ্শন সময়ত সংগ দিয়ে

দলগাঁৱৰ দুলিয়াপাৰাত মধ্যাহ্ন ভোজনৰ চাউল জব্দ আৰক্ষীৰ

পৰিচালনা সমিতিৰ সভানেত্ৰী-প্ৰধান শিক্ষকৰ বিৰূদ্ধে এজাহাৰ 

দৰঙৰ দলগাওঁ শিয়ালমাৰী প্ৰাথমিক শিক্ষা খণ্ডৰ একাংশ  শিক্ষানুষ্ঠানত  চলিছে কেৱল দুৰ্নীতি আৰু কেলেংকাৰী । এনে দুৰ্নীতি কেলেংকাৰীৰ  অভিযোগ উত্থাপিত হৈছে দুলিয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ বিৰুদ্ধে ।  অভিযোগ অনুসৰি , দৰঙৰ দলগাওঁ শিয়ালমাৰী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ৭৮৮ নং দুলিয়াপাৰা প্ৰাথমিক বিদ্যালয়ত মধ্যাহ্ন ভোজনৰ চাউল আত্মসাৎ কৰাৰ অভিযোগ তুলিছে ৰাইজে  । অসম চৰকাৰৰ শিক্ষা বিভাগে কণ কণ শিক্ষাৰ্থীৰ বাবে যোগান ধৰা মধ্যাহ্ন ভোজনৰ চাউল  বিদ্যালয় গৃহৰ  পৰিবৰ্তে   সভানেত্ৰীৰ ঘৰত উদ্বাৰ হোৱাক লৈ  মঙ্গলবাৰে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় বিদ্যালয় প্ৰাঙণত । উক্ত চাউল ক’লা বজাৰত বিক্ৰীৰ  বাবে প্ৰধান শিক্ষক গৰাকীয়ে সভানেত্ৰীৰ ঘৰত ৰাখি বিক্ৰীৰ বাবে  যো জা চলোৱাৰ সময়তে পোহৰলৈ আহে  দুৰ্নীতি – কেলেংকাৰীৰ তথ্য । যাক লৈ ক্ষুব্ধ হৈ পৰে ৰাইজ । ঘটনা সন্দৰ্ভত ছাত্ৰ ছাত্ৰীৰ ক্ষুব্ধ  অভিভাৱকে দৈপাম আৰক্ষী চকীত বিদ্যালয় খনৰ প্ৰধান শিক্ষক আমবৰ আলী , পৰিচালনা সমিতিৰ সভানেত্ৰী ছুফিয়া খাতুন আৰু সদস্য আবু শামাৰ বিৰুদ্ধে দাখিল কৰে এজেহাৰ । উক্ত এজাহাৰৰ ভিত্তিত  দৈপাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অকণ শৰ্মাৰ নেতৃত্বত আৰক্ষীৰ এটা দল সভানেত্ৰী ছুফিয়া খাতুনৰ ঘৰত উপস্থিত হৈ ৬ বস্তা চাউল জব্দ কৰে । স্মৰ্তব্য যে প্ৰধান শিক্ষক আমবৰ আলী আৰু সভানেত্ৰীৰ স্বামী সুৰুজ আলীয়ে বিদ্যালয় খনত এটাৰ পিছত আন  এটা  কেলেংকাৰী সংঘটিত কৰাৰ অভিযোগ তুলিছে ছাত্ৰ – ছাত্ৰীৰ অভিভাৱক অভিভাৱিকা সকলে । উল্লেখ্যযোগ্য যে বিদ্যালয় খনৰ ছাত্ৰ ছাত্ৰীৰ বাবে শিক্ষা বিভাগে যোগান ধৰা ইউনিফৰ্মৰ নামতো ব্যাপক দুৰ্নীতি সংঘটিত কৰিছে প্ৰধান শিক্ষক আমবৰ আলীয়ে । দলগাওঁ শিয়ালমাৰী উন্নয়ন খণ্ডৰ অন্তৰ্গত আন আন বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী সকলে স্কুলাৰ শ্বিপৰ ধন লাভ কৰিছে যদিও ৭৮৮ নং দুলিয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ গাফিলতিৰ বাবে ছাত্ৰ ছাত্ৰী সকলে সেই ধনৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে । আনকি স্কুলাৰ শ্বিপৰ ব্যৱস্থা কৰি দিয়াৰ নামত ছাত্ৰ ছাত্ৰী সকলৰ পৰা ১০০/১৫০ টকাকৈ ধন সংগ্ৰহ কৰাৰ গুৰুতৰ অভিযোগ প্ৰধান শিক্ষক আমবৰ আলীৰ বিৰুদ্ধে । বিদ্যালয় উন্নয়নৰ বাবে অসম চৰকাৰৰ শিক্ষা বিভাগে যোগান ধৰা আন্ত গাঁথনিৰ ধনেৰে কেই খন মান দৰ্জা খিৰিকীৰ ৰিপিয়াৰিঙৰ কাম কৰি সিংহভাগ ধন আত্মসাৎ কৰাৰো অভিযোগ উত্থাপিত হৈছে । জিলা উপায়ুক্তৰ লগতে মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ হস্তক্ষেপ দাবী কৰিছে পৰিচালনা সমিতিৰ সদস্য সকলে ।  প্ৰশ্ন হয় , কাৰ আশীৰ্বাদত প্ৰধান শিক্ষক গৰাকীয়ে এটাৰ পিছত এটাকৈ দুৰ্নীতি কেলেংকাৰী সংঘটিত কৰি আহিছে ? দুৰ্নীতিগ্ৰস্থ প্ৰধান শিক্ষক আমবৰ আলীৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্রীয়ে কিবা ব্যৱস্থা গ্ৰহণ  কৰিব নে ? সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হব ।

টেট শিক্ষক সন্দৰ্ভত কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত, কেবিনেটৰ সিদ্ধান্তত লা‍ভান্বিত হ’ব আত্মসহায়ক গোটসমূহো

আজি অনুষ্ঠিত কেবিনেট বৈঠকৰ পিছতে এক সংবাদ মেলৰ আয়োজন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই। কেবিনেটত গ্ৰহণ কৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্তৰ কথা সংবাদমেলত সদৰি কৰে মন্ত্ৰীগৰাকীয়ে।

সংবাদমেলত মন্ত্ৰীগৰাকীয়ে কয় যে এতিয়াৰে পৰা জাতীয় সংগীতেৰে আৰম্ভ হ’ব চৰকাৰী অনুষ্ঠান আৰু ৰাষ্ট্ৰীয় সংগীতেৰে সামৰণি পৰিব। চৰকাৰী অনুষ্ঠান ব্যৱহাৰ হ’ব থলুৱা গামোচা। হাতেৰে বোৱা গামোচা ব্যৱহাৰ হ’ব চৰকাৰী অনুষ্ঠানত। লগতে চাহৰ সৈতে লাৰু–পিঠা খোৱাৰ দিহা কৰা হ’ব। আত্মসহায়ক গোটক লাভাম্বিত কৰাৰ উদ্দেশ্যে এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেবিনেটে।

‘‘২৮ জুলাইত দেশভক্ত তৰুণ ৰাম ফুকনৰ মৃত্যু তিথি। উক্ত দিনটো দেশভক্ত দিৱস হিচাপে ৰাজ্যত পালন কৰা হ’ব। ৫ আগষ্টত গোপীনাথ বৰদলৈৰ মৃত্যু দিৱস, সেই দিনটো কৰ্মচাৰী দিৱস হিচাপে পালন কৰা হ’ব। এই দিৱসত জিলাভিত্তিক ৫জন শ্ৰেষ্ঠ কৰ্মচাৰীক পুৰস্কাৰ দিয়া হ’ব। ৰাজ্যিক হিচাপে ১০জনক দিয়া হ’ব শ্ৰেষ্ঠ পুৰস্কাৰ।’’ ক’লে মন্ত্ৰী পীযুষ হাজৰিকাই।কেবিনেট বৈঠকত টেট শিক্ষক সন্দৰ্ভতো গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। টেট শিক্ষকৰ কোৱালিফিকেশ্যন কেন্দ্ৰই সিদ্ধান্ত লয়। টেট উত্তীৰ্ণ শিক্ষকৰ প্ৰমাণ পত্ৰৰ ম্যাদ বৃদ্ধি। জীৱনজোৰা হ’ব টেট শিক্ষকৰ প্ৰমাণ পত্ৰৰ ম্যাদ। অৱশ্যে চাকৰিৰ নিযুক্তিৰ ক্ষেত্ৰত প্ৰযোজ্য হ’ব বয়সৰ ঊৰ্ধ্বসীমা।

জাক জাক বগলীৰ কাকলিৰে মূখৰিত জামুগুৰিহাট : জনবসতি পূৰ্ণ এলেকাত নিৰ্ভয়ে নিঃসংকোচে বিচৰণ

 শোণিতপুৰ জিলাৰ জামুগুৰিহাটত এতিয়া জাক জাক বগলীৰ কোলাহলৰ মূখৰিত হৈ থকা এক মনোমোহা দৃশ্য। যিটো সময়ত ক’ৰণা মহামাৰীক দোহাই দি দৰং জিলাৰ টংলাৰ পৌৰ সভাই শ শ বগলী নিধন যজ্ঞ পাতিলে সেই সময়তে জামুগুৰিহাটৰ জনবসতি এলেকাত ৰাইজৰ নিৰাপত্তাৰ মাজতে সুদীৰ্ঘ বিশ পচিশ বছৰ ধৰি নিৰ্ভয়-নিঃসংকুচে বসবাস কৰি আহিছে হাজাৰ হাজাৰ বগলী। জামুগুৰিহাটৰ ব্যৱসায়ী কেন্দ্ৰ্স্থলৰ মাজমজিয়াত অৱস্থিত বাপুজী ভৱনৰ পিছফালে তিনি জোপাকৈ বাঁহ গছত বছৰ বছৰ ধৰি বাস কৰি আহিছে এই সমুহ বগলীয়ে। দুপৰীয়াৰ ভাগত বগলী জাকে কিছু আতৰি গলেও ৰাতিপুৱা আৰু সন্দ্ধিয়াৰ ভাগত এই সমুহ বগলীৰ কাকলিৰে মূখৰিত হৈ পৰে জামুগুৰিৰ কেন্দ্ৰ্স্থল। সেউজীয়া বাঁহ গছত আপোন মনেৰে বহলকৈ ডেউকা মেলি নিৰ্ভয়ে বিচৰণ কৰা দৃষ্টিনন্দন শোভাই সকলোকে আকৰ্ষিত কৰি আহিছে। অৱশ্যে বগলীৰ পৃষ্ঠাৰ দূৰ্গন্দ্ধই মাজে মাজে অঞ্চলবাসী ৰাইজক কিছু আমনি দিয়ে যদিও প্ৰকৃতিৰ অনবদ্য উপহাৰ চৰাইবিধক সংৰক্ষণৰ স্বাৰ্থতেই আজিও বগলীবোৰৰ আবাসস্থলীৰ ক্ষতি কৰা নাই অঞ্চলবাসীয়ে। জামুগুৰি ব্যৱসায়ী কেন্দ্ৰৰ দৰে ঘন জনবসতি পূৰ্ণ এলেকাত এই দৰে হাজাৰ হাজাৰ বগলীয়ে নিৰ্ভয়ে বসবাস কৰি থকাটো প্ৰকৃতি প্ৰেমী ৰাইজৰ নিশ্চয়কৈ এক সুখৱৰ হিচাপে বিবেচিত হৈছে।