Home Blog Page 2933

ধুবুৰীৰ মায়াৰচৰতো প্ৰবল ভূমিকম্প

উজনি অসমৰ পিছত নামনি অসমৰ ধুবুৰীত আজি পূৱা ৮-৪৫ মিনিটত প্ৰবল ভূমিকম্প জোকাৰনি সংঘটিত হয় : এই ভূমিকম্পৰ ফলত বিলাসীপাৰাত ভাংগি পৰিল এটা ঘৰ ৷ বিলাসীপাৰা বাতাপাৰা ২ নং ৱাৰ্ডত এই ঘটনা সংঘটিত হোৱাৰ লগতে নায়েৰ আলগা মায়াৰচৰতো বৃহৎ বৃহৎ মাটি ফটা পৰিলক্ষিত হৈছে।আজিৰ ভূমিকম্পৰ ৰিখটাৰ স্কেল আছিল ৫ .২প্ৰাৱল্য। গোৱালপাৰাৰ পৰা আছিল অভিকেন্দ্ৰিকৰ মূল কেন্দ্ৰ আছিল বুলি জানিব পৰা গৈছে ৷

ড০হিমন্ত বিশ্ব শর্মালৈ নাহৰকটীয়াৰ মহিলাই আগবঢ়ালে ২ হাজাৰ হাতেবোৱা গামোচা

মাইক্র’ফাইনেঞ্চৰ ঋণ ৰেহাইৰ বাবে ৰাজ্য চৰকাৰে গ্রহণ কৰা পদক্ষেপে লাখ লাখ মহিলাৰ বাবে কঢ়িয়াই আনিছে আশাৰ ৰেঙনি৷ নির্বাচনী প্রতিশ্রুতি ৰক্ষা কৰি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ঋণ ৰেহাইৰ বাবে লোৱা তৎকালীন ব্যৱস্থাই ধাৰৰ বৃহৎ বোজাৰ পৰা মুক্ত কৰিব বহু পৰিয়ালক৷ ঋণ আৰু সুদৰ দাঙিব নোৱাৰা বোজা বৈ ভাৰাক্রান্ত হৈ পৰা পৰিয়ালসমূহৰ মুখলৈ যেন এতিয়াহে পানী ঘূৰি আহিছে৷ সেইবাবেই গাঁৱৰ মহিলাসকলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মালৈ বিভিন্ন ধৰণে প্রদান কৰিছে কৃতজ্ঞতাৰ চিন৷ এই দৃশ্য আকৌ এবাৰ দেখা গ’ল জনতা ভৱনত৷

নাহৰকটীয়া সমষ্টিৰ ২,০০০গৰাকী মহিলাৰ এটি প্রতিনিধি দলে  মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাক তেওঁৰ জনতা ভৱনস্থিত কার্যালয় কক্ষত সাক্ষাৎ কৰি প্রকৃত ঋণগ্রস্তক অগ্রাধিকাৰ দি মাইক্র’ফাইনেঞ্চৰ ঋণ ৰেহাইৰ অর্থে তেওঁ গ্রহণ কৰা বলিষ্ঠ পদক্ষেপৰ বাবে কৃতজ্ঞতাৰ চিনস্বৰূপে ২০০০খন হাতেবোৱা গামোচা প্রদান কৰে৷ প্রতিনিধি দলটোৱে মুখ্যমন্ত্রীৰ হাতত এখন অভিনন্দন–পত্রও প্রদান কৰে৷

নাহৰকটীয়া সমষ্টিৰ মহিলাসকলৰ এই উপহাৰ আন্তৰিকতাৰে গ্রহণ কৰা বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড০ শর্মাই কয় যে মাইক্র’ফাইনেঞ্চৰ ঋণ ৰেহাইৰ বিষয়টো ৰাজ্য চৰকাৰে প্রথমৰে পৰা গুৰুত্বসহকাৰে লৈ আহিছে৷ এইক্ষেত্রত চৰকাৰখনে গ্রহণ কৰা সিদ্ধান্তই ঋণগ্রস্ত দৰিদ্র মহিলাসকলক যথেষ্ট সকাহ প্রদান কৰিবলৈ সক্ষম হ’ব বুলি তেওঁ আশা প্রকাশ কৰে৷ আজিৰ এই সাক্ষাতৰ সময়ত নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈও ডপস্থিত আছিল৷

কংগ্ৰেছ দলৰ প্রাক্তন মন্ত্রী ৰাজীৱ লোচন পেগুৰ পদত্যাগ

মাজুলী জিলা কংগ্রেছৰ সভাপতি তথা প্রাক্তন জলসম্পদ মন্ত্রী ৰাজীৱলোচন পেগুৱে মঙলবাৰে হঠাৎ জিলা কংগ্রেছৰ সভাপতি পদৰ পৰা পদত্যাগ কৰে৷ বিগত নির্বাচনত মাজুলী সমষ্টিৰ পৰা প্রতিদ্বন্দ্বিতা কৰি পৰাজিত হোৱা বাবেই পেগুৱে জিলা কংগ্রেছৰ সভাপতিৰ দায়িত্বৰ পৰা নৈতিক দায়িত্ব স্বীকাৰ কৰি পদত্যাগ কৰা বুলি তেওঁ উল্লেখ কৰি কয় যে তেওঁ সভাপতিৰ দায়িত্বহে এৰিছে৷ কিন্তু এতিয়াও দলৰ প্রাথমিক সদস্য হৈ আছে৷

অনাগত দিনত তেওঁ দলৰ এজন সদস্য হিচাপে কাম কৰি যাব৷ দলক শক্তিশালী কৰাৰ স্বার্থতে তেওঁ সভাপতি পদ ত্যাগ কৰা বুলি সাংবাদিকক জানিবলৈ দিয়ে৷ পিছে পেগুৱে যিয়েই নকওক কিয় ৰাজনৈতিক মহলত অচিৰেই তেওঁ গেৰুৱা বসন পৰিধান কৰিব বুলি ব্যাপক চর্চা অব্যাহত আছে৷ বিশেষকৈ কেন্দ্রীয় মন্ত্রীসভাত স্থান লাভ কৰাটো একপ্রকাৰ নিশ্চিত হৈ থকা মাজুলীৰ বিধায়ক তথা প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল মঙলবাৰে দিল্লীলৈ যোৱাৰ দিনটোতেই পেগুৱে জিলা কংগ্রেছৰ সভাপতিৰ দায়িত্ব এৰাক লৈ ব্যাপক চর্চা চলিছে৷

কিয়নো সর্বানন্দ সোণোৱালে কেন্দ্রীয় মন্ত্রীসভাত স্থান লাভ কৰিলেই স্বাভাৱিকতে মাজুলী বিধানসভা সমষ্টিত উপ–নির্বাচন অনুষ্ঠিত হ’ব৷ ৰাজনৈতিক মহলত চলা চর্চা অনুসৰি আসন্ন উপ–নির্বাচনত বিজেপিৰ টিকটত মাজুলীৰ পৰা অৱতীর্ণ হোৱাৰ বাসনাৰেই পেগুৱে কংগ্রেছৰ দায়িত্বৰ পৰা পদত্যাগ কৰিছে৷ এই প্রসংগতে উল্লেখনীয় এয়ে যে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্রীৰ দায়িত্ব লৈ মাজুলী ভ্রমণলৈ অহাৰ সময়তেই ৰাজীৱলোচন পেগুৱে মাজুলীৰ আৱর্ত ভৱনত মুখ্যমন্ত্রীক সাক্ষাৎ কৰিছিল৷ তেতিয়াৰে পৰাই পেগুৱে কংগ্রেছ এৰি বিজেপিলৈ যোৱাৰ সম্ভাৱনীয়তাৰ বিষয়ে প্রকাশ পাইছিল৷

এক সূত্রই জানিবলৈ দিয়া মতে, পেগুৱে শীঘ্রেই কংগ্রেছৰ সাধাৰণ সদস্যপদো ত্যাগ কৰি বিজেপিত যোগদান কৰিব আৰু আসন্ন উপ–নির্বাচনত বিজেপিৰ পৰা প্রার্থিত্ব বিচাৰিব৷ অৱশ্যে মাজুলীৰ বিজেপি নেতৃত্বই পেগুৰ সম্ভাব্য বিজেপি গমন সন্দর্ভত তীব্র বিৰোধিতা কৰি ৰাজ্যিক নেতৃত্বলৈ পত্র প্রেৰণ কৰিছে৷ মাজুলীৰ সম্ভাব্য উপ–নির্বাচনক লৈ ইতিমধ্যে বিজেপিৰ ভুবন গাম, বিতোপন দলে, নৃপেন কামান, লোকনাথ কুটুম, মাধৱ দেউৰী, হেমচন্দ্র দলে আদিয়ে বিশেষ তৎপৰতা অব্যাহত ৰাখিছে৷

আনহাতে মাজুলী জিলা গণশক্তিৰ সভাপতি ৰঞ্জিত দলেও প্রার্থিত্বৰ বাবে তৎপৰতা অব্যাহত ৰাখিছে৷ এনে অৱস্থাত মাজুলীত বিজেপিৰ টিকট অন্তিম মুহূর্তত কোনে লাভ কৰে, সেয়া সময়তহে ক’ব পৰা যাব৷

আজি কেন্দ্রীয় মন্ত্রীসভাৰ সম্প্রসাৰণঃ প্রাক্তন মুখ্যমন্ত্রী সোণোৱালৰ অন্তর্ভুক্তি নিশ্চিত

সকলো জল্পনা–কল্পনাৰ অৱসান ঘটাই আজি নৰেন্দ্র মোদী মন্ত্রীসভাৰ সম্প্রসাৰণ ঘটিব৷ ৰাষ্ট্রপতি ভৱনৰ পৰা এই সন্দর্ভত এতিয়ালৈকে কোনো বার্তা প্রেৰণ কৰা নাই যদিও প্রধানমন্ত্রী কার্যালয়ে আজি সন্ধিয়া ৫.৩০ বজাত শপতগ্রহণ কার্যসূচী ইতিমধ্যে প্রস্তুত কৰা বুলি জানিব পৰা গৈছে৷

তাৎপর্যপূর্ণভাৱে মোদী মন্ত্রীসভাৰ এই সম্প্রসাৰণত ৰাজ্যৰ প্রাক্তন মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালৰ স্থান লাভ কৰাটো এতিয়া নিশ্চিত হৈ পৰিছে৷ কেন্দ্রীয় মন্ত্রী হিচাপে শপত গ্রহণৰ বাবে সোণোৱাল মঙলবাৰে নতুন দিল্লী পাইছে৷ কেন্দ্রীয় মন্ত্রীসভা সম্প্রসাৰণৰ শপতগ্রহণৰ অনুষ্ঠানত অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাকো আমন্ত্রণ জনোৱা বাবে আজি মুখ্যমন্ত্রী ড০ শর্মা নতুন দিল্লীত উপস্থিত হ’ব বুলি জানিব পৰা গৈছে৷

সোণোৱালৰ বাহিৰে উত্তৰ–পূর্বাঞ্চলৰ পৰা মণিপুৰৰ সাংসদ আৰ কে ৰঞ্জন সিঙেও মোদী মন্ত্রীসভাত স্থান লাভ কৰাৰ সম্ভাৱনা উজ্জ্বল হৈ পৰিছে৷ জানিব পৰা মতে, বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডাই সিঙক নতুন দিল্লীলৈ তলব কৰিছে আৰু আজি পুৱাৰ ভিতৰত তেওঁ দিল্লী আহি পাব৷

মন কৰিবলগীয়া যে প্রধানমন্ত্রীৰ দ্বিতীয়টো কার্যকালৰ দুবছৰ পাৰ হৈ যোৱাৰ পিছতো ৫২জন মন্ত্রীক লৈ তেওঁ চৰকাৰ চলাই আহিছে৷ পিছে ইয়াৰ মাজতেই এন ডি এ জোঁটৰ পৰা আকালি দল আৰু শিৱসেনা আঁতৰি গৈছে৷

ইপিনে, সংবিধান অনুসৰি কেন্দ্রীয় মন্ত্রীসভাত ৮১জনলৈকে স্থান লাভ কৰিব পাৰে৷ সেই অনুসৰি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে তেওঁৰ মন্ত্রীসভাত আন ২৯জন মন্ত্রীক অন্তর্ভুক্ত কৰিব পাৰে৷ আনহাতে দলীয় সূত্রত জানিব পৰা মতে, বর্তমান মন্ত্রীসভাৰ পৰা কমেও ৩–৪জন মন্ত্রীক অব্যাহতি দিব পাৰে প্রধানমন্ত্রীয়ে৷

মধ্যাহ্ন ভোজনৰ চাউল ওলাল পৰিচালনা সমিতিৰ সভানেত্ৰীৰ ঘৰত

বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰী আৰু প্ৰধান শিক্ষকৰ বিৰূদ্ধে এজাহাৰ দাখিল

দুৰ্নীতি।দুৰ্নীতি।চাৰিওফালে কেৱল দুৰ্নীতি।দুৰ্নীতিয়ে গ্ৰাস কৰিছে ৰাজ্যখনক। নবনিযুক্ত মুখ্যমন্ত্ৰীয়ে দুৰ্নীতিৰ বিৰূদ্ধে যিমানেই তৎপৰ হৈছে।সিমানেই বাঢ়িব ধৰিছে দুৰ্নীতি।এইবাৰ শিক্ষক সমাজক কলংকীত কৰাৰ বাবে দুৰ্নীতিত লিপ্ত হল এজন প্ৰধান শিক্ষক।মধ্যাহ্ন ভোজনৰ চাউল উদ্ধাৰ হল বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰীৰ ঘৰত। পৰিচালনা সমিতিৰ সভানেত্ৰীৰ সহযোগত মধ্যাহ্ন ভোজনৰ চাউল আত্মসাত কৰাৰ পৰিকল্পনা কৰিছিল প্ৰধান শিক্ষকজনে। ঘটনাটো সংঘটিত হৈছে দৰঙৰ দলগাওঁ শিয়ালমাৰী প্ৰাথমিক শিক্ষা খণ্ডৰ অন্তৰ্গত ৭৮৮নং দুলিয়াপাৰা প্ৰাথমিক বিদ্যালয়ত।অভিযোগ অনুসৰি ৭৮৮নং দুলিয়াপাৰা প্ৰাথমিক বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ বাবে যোগান ধৰা মধ্যাহ্ন ভোজনৰ চাউল বিদ্যালয় গৃহত ৰখাৰ বিপৰীতে ৰাখিছে সভানেত্ৰীৰ ঘৰত । উক্ত চাউল ক’লা বজাৰত বিক্ৰী কৰাৰ যো জা চলোৱাৰ অভিযোগ অভিভাৱকৰ । ঘটনা সন্দৰ্ভত বিদ্যালয়খনৰ প্ৰধান শিক্ষক আমবৰ আলী আৰু সভানেত্ৰী ছুফিয়া খাতুনৰ বিৰূদ্ধে দৈপাম আৰক্ষী চকীত দাখিল কৰে এখন এজেহাৰ । সেই এজাহাৰৰ ভিত্তিত দৈপাম আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অকণ শৰ্মাৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলে সভানেত্ৰীৰ ঘৰৰ পৰা ৬ বস্তা চাউল জব্দ কৰিবলৈ সক্ষম হয় । আনহাতে প্ৰধান শিক্ষক আমবৰ আলী আৰু বিদ্যালয় পৰিচালনা সমিতিৰ সভানেত্ৰীয়ে বিদ্যালয় খনত এটাৰ পিছত এটাকৈ দুৰ্নীতি সংঘটিত কৰাৰ সংঘটিত কৰাৰ অভিযোগ উত্থাপিত হৈছে।

অখিলৰ বিৰুদ্ধে চাবুৱা চানমাৰি থানাৰ গোচৰ নিম্ন আদালতৰ ৰায়ক প্রত্যাহ্বান জনাই হাইক’ৰ্টত ‘নিয়া’

চাবুৱা আৰু চানমাৰি থানাত ৰুজু হৈ থকা গোচৰত শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ আৰু তেওঁৰ সতীর্থসকলক নিম্ন আদালতে দোষমুক্ত কৰি প্রদান কৰা ৰায়ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে তদন্তকাৰী সংস্থা নেচনেল ইনভেষ্টিগেচন এজেঞ্চী (নিয়া)৷

‘নিয়া’ৰ বিশেষ আদালতে শেহতীয়াকৈ প্রদান কৰা দুয়োটা গোচৰৰ ৰায়ক প্রত্যাহ্বান জনাইছে তদন্তকাৰী সংস্থাটোৱে৷ অৱশ্যে গোচৰটো এতিয়াও তালিকাভুক্ত হোৱা নাই উচ্চ ন্যায়ালয়ত শুনানিৰ বাবে৷

প্রাপ্ত তথ্য অনুসৰি অখিল গগৈসহ আন আটাইকেইজন অভিযুক্তক দোষমুক্ত কৰি দিয়াৰ বিৰুদ্ধে ‘নিয়া’ই এই গোচৰ তৰিছে৷ উল্লেখ্য যে নাগৰিকত্ব সংশোধনী আইনবিৰোধী আন্দোলনৰ সময়ত চাবুৱা আৰু চানমাৰি থানাৰ গোচৰৰ ভিত্তিত অখিল গগৈ আৰু তেওঁৰ সতীর্থসকলক গ্রেপ্তাৰ কৰা হৈছিল৷ পৰৱর্তী সময়ত এই দুয়োখন থানাৰ গোচৰ দুটা ‘নিয়া’লৈ হস্তান্তৰ কৰা হয়৷ ‘নিয়া’ই দুয়োটা গোচৰতে অখিল গগৈ আৰু আন অভিযুক্তসকলৰ বিৰুদ্ধে চার্জশ্বীট দাখিল কৰিছিল৷

শেহতীয়াকৈ এই গোচৰ দুটাৰ ধাৰা আৰোপৰ শুনানিৰ সময়ত ‘নিয়া’ৰ বিশেষ আদালতে অখিল গগৈ আৰু আন সতীর্থসকলক দোষমুক্ত ঘোষণা কৰে৷ চাবুৱা থানাৰ গোচৰত অভিযুক্ত হৈ আছিল অখিল গগৈ, জগজিৎ গোহাঁই, ভাস্কৰজ্যোতি ফুকন আৰু ভূপেন গগৈ৷ এই গোচৰটোত কেৱল ভাস্কৰজ্যোতি ফুকনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ দুটা ধাৰা আৰোপ কৰাৰ বিপৰীতে আন অভিযুক্তসকলক দোষমুক্ত কৰি দিছিল৷ তদুপৰি ভাস্কৰজ্যোতি ফুকনৰ বিৰুদ্ধে গোচৰ ডিব্রুগড়ৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত চলাবলৈও নির্দেশ দিছিল ‘নিয়া’ৰ বিশেষ আদালতে৷ ইয়াৰ উপৰি চানমাৰি থানাৰ গোচৰটোত অখিল গগৈৰ উপৰি কৃষক মুক্তি সংগ্রাম সমিতিৰ নেতা ধৈর্য কোঁৱৰ আৰু ছাত্র মুক্তি সংগ্রাম সমিতিৰ মানস কোঁৱৰ আৰু বিতু সোণোৱাল অভিযুক্ত হৈ আছিল৷

শেহতীকৈ ‘নিয়া’ৰ বিশেষ আদালতে চাৰিওজনকে এই গোচৰটোত দোষমুক্ত কৰি দিয়ে৷ ইয়াৰ পিছতে শাৰীৰিক অসুস্থতাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ থকা অখিল গগৈ মুকলি আকাশৰ তললৈ অহাৰ পথ প্রশস্ত হৈ পৰিছিল৷ সম্প্রতি নিজৰ সমষ্টিত ব্যস্ত হৈ আছে অখিল গগৈ৷

ধুবুৰীত গো-মাফিয়ালৈ অসম আৰক্ষীৰ গুলী : ভৰা লুইতৰ মাজত আৰক্ষীয়ে গুলীয়ালে গো-মাফিয়াক

ধুবুৰীত গো-মাফিয়ালৈ অসম আৰক্ষীৰ গুলী, ভৰা লুইতৰ মাজত আৰক্ষীয়ে গুলীয়ালে গো-মাফিয়াক

বাংলাদেশলৈ অবৈধভাৱে গৰু চালান দিওঁতে আৰক্ষীৰ গুলীবৰ্ষণ, নাও এৰি পলায়ন গো-মাফিয়াৰ

গো-মাফিয়ালৈ লক্ষ্য কৰি প্ৰচণ্ড গুলীবৰ্ষণ আৰক্ষীৰ, ৩ খন নাৱৰে সৰবৰাহ কৰিছিল গৰু, ৬ টাকৈ গৰু জব্দ আৰক্ষীৰ

অভিনেতা দিলীপ কুমাৰ আৰু নাই

বলীউডৰ প্ৰবীণ অভিনেতা দিলীপ কুমাৰ আৰু নাই ৷ তেওঁ আজি ৰাতিপুৱা ৭.৩০ বজাত শেষ নিশ্বাস ত্যাগ কৰে। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৯৮ বছৰ ৷ দিলীপ কুমাৰক উশাহ-নিশাহৰ অসুবিধাৰ বাবে ২৯ জুনত মুম্বাইৰ হিন্দুজা চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। স্বাস্থ্যজনিত সমস্যাৰ বাবে তেওঁক আইচিইউ ৱাৰ্ডত ভৰ্তি কৰোৱা হৈছিল। তেখেতে ৮ বাৰ ফিল্ম ফেয়াৰ এৱাৰ্ড পোৱাৰ লগতে ১৯৯৪ চন দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল ৷ অভিনয় জগতলৈ তেখেতে আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰে তেখেতক ১৯৯১ চনত পদ্মভূষণ আৰু ২০১৫ চনত পদ্মবিভূষণ বঁটাৰে সন্মানীত কৰিছিল৷ তেখেতে ৰাজ্য সভাৰো সাংসদ আছিল ৷ বিশিষ্ট অভিনেতা গৰাকী হিন্দী বোলছবি জগতৰ
“ট্ৰেজেডী কিং” হিচাবে জনাজাত আছিল ৷

বৰ্ষীয়ান অভিনেতা দিলীপ কুমাৰ মৃত্যুত প্ৰধানমন্ত্ৰীৰ শোক প্ৰকাশ

বলীউডৰ বৰ্ষীয়ান অভিনেতা দিলীপ কুমাৰ আৰু নাই। ৯৮ বছৰ বয়সত মুম্বাইৰ হিন্দুজা হাস্পতালত শেষ নিশ্বাস ত্যাগ দিলীপ কুমাৰৰ। পুৱা ৭ বাজি ৩০ মিনিটত দেহাৱসান ঘটে যশস্বী অভিনেতাগৰাকীৰ।

‘ট্ৰেজেডী কিং’ ৰূপে পৰিচিত প্ৰবীণ অভিনেতা দিলীপ কুমাৰৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰী মোডীয়ে শোক প্ৰকাশ কৰি কয়, “তেওঁক চলচ্চিত্ৰৰ কিংবদন্তী হিচাপে স্মৰণ কৰা হ’ব। তেওঁৰ অভিনয়ৰ বাবে প্ৰজন্মজুৰি দৰ্শকসকল আকৰ্ষিত হৈ আহিছিল। তেওঁৰ মৃত্যু আমাৰ সাংস্কৃতিক জগতৰ বাবে অপূৰণীয় ক্ষতি।”

ৰাজ্যৰ পেচেঞ্জাৰ ট্ৰেইনসমূহ অচিৰেই চলাচল কৰোৱাৰ বাবে উদ্যোগ গ্ৰহণ সাংসদ ভূৱনেশ্বৰ কলিতাৰ

ক’ভিড সৃষ্ট পৰিৱেশৰ বাবে অসমত আন্তঃজিলা পৰিবহণ বন্ধ হৈ থকাৰ পৰিপ্ৰেক্ষিতত চৰকাৰী-বেচৰকাৰী বিভিন্ন খণ্ডত কৰ্মৰত লোকসকলে নিজ নিজ কৰ্তব্যস্থানত উপস্থিত হ’বলৈ এখন জিলাৰ পৰা আনখন জিলালৈ যাবলগীয়া হোৱাৰ ক্ষেত্ৰত বিভিন্ন অসুবিধাৰ সন্মুখীন  হৈ আহিছে । একাংশ লোকৰ যাতাযয়তৰ প্ৰধান আহিলা এই স্থানীয় পেচেঞ্জাৰ ট্ৰেইন সমূহ ।যিহেতু অসমত ৰে’লৰ যোগেদি এক বৃহত্তৰ পৰিসৰৰ ৰাইজে দৈনিক অহাযোৱা কৰে এই ট্ৰেইন সমূহেৰে । বৰ্তমান সময়ত পেচেঞ্জাৰ ট্ৰেইন সমূহৰ ভিতৰত কেৱলমাত্ৰ নিউবঙাইগাঁওৰ পৰা গুৱাহাটীলৈ চলা মানস ৰাইনো পেচেঞ্জাৰ ট্ৰেইন খনৰ বাহিৰে অন্য ট্ৰেইন সমূহৰ চলাচল বন্ধ হৈ আছে । অসমৰ ৰাইজৰ সুবিধাৰ্থে অন্য পেচেঞ্জাৰ ট্ৰেইন সমূহ অচিৰেই পুণৰ চলাচলৰ ব্যৱস্থা কৰিবৰ বাবে কেন্দ্ৰীয় ৰেল মন্ত্ৰী পিয়ুষ গোৱেলক ৪ জুন ২০২১ তাৰিখে আহ্বান জনাই ৰাজ্যসভাৰ সাংসদ ভূৱনেশ্বৰ কলিতাই । সাংসদ কলিতাৰ এই আহ্বানক ৰেলমন্ত্ৰীগৰাকীয়ে  গুৰুত্ব সহকাৰে গ্ৰহণ কৰি উত্তৰ-পূৰ্বাঞ্চল সীমান্ত ৰেল বিভাগক এই সন্দৰ্ভত বিহীত ব্যৱস্থা গ্ৰহণৰ বাবে নিৰ্দেশ দিয়ে।ইয়াৰ পিছতেই মঙ্গলবাৰে ৰাতিপুৱা উত্তৰ-পূব সীমান্ত ৰেল বিভাগৰ মুখ্যকাৰ্যলয়ৰ তৰফৰ পৰা সবিশেষ বিচাৰি সাংসদ ভূৱনেশ্বৰ কলিতাৰ সৈতে যোগাযোগ কৰে আৰু কলিতাই”নিউবঙাইগাঁও-ৰঙিয়া-গুৱাহাটী” মুখ্য পথৰ ট্ৰেইন সমূহ ক্ৰমে১) ১৫৭৬৯ নং আলিপুৰদুৱাৰ-লামডিং ইণ্টাৰচিটি এক্সপ্ৰেছ ।২) ৫৫৭৫৩ নং আলিপুৰদুৱাৰ-গুৱাহাটী পেচেঞ্জাৰ ।৩) ১৫৭৬১ নং আলিপুৰদুৱাৰ-কামাখ্যা ইণ্টাৰচিটি এক্সপ্ৰেছ ।৪) ৫৫৮১০ নং নামনিমুৱা গুৱাহাটী-নিউবঙাইগাঁও পেচেঞ্জাৰ ।৫) ৫৫৮১৮ নং নামনিমুৱা গুৱাহাটী-নিউবঙাইগাঁও পেচেঞ্জাৰ ।                       “ৰঙাপাৰা-ৰঙিয়া-গুৱাহাটী” পথৰ ট্ৰেইন সমূহ -১) ৫৫৮৯৪ নং ৰঙাপাৰা ৰঙিয়া পেচেঞ্জাৰ ।২) ১৫৮১৬ নং ডেকাৰগাঁও-গুৱাহাটী ইণ্টাৰচিটি এক্সপ্ৰেছ ।৩) ৫৫৮৬২ নং ডেকাৰগাঁও-ৰঙিয়া পেচেঞ্জাৰ ।৪) ৫৫৮৯৬ নং মুৰ্কংচেলেং-ৰঙিয়া পেচেঞ্জাৰ এই ট্ৰেইন সমূহ পুণৰ চলাচলৰ ব্যৱস্থা গ্ৰহণ কৰোৱাৰ বাবে আহ্বান জনাই । জানিবপৰামতে অতি কমদিনৰ ভিতৰত এই ট্ৰেইন সমূহ নিৰ্ধাৰিত স্থানৰ পৰি চলাচল কৰিব।ৰাইজে দীৰ্ঘদিন ধৰি ভূগি থকা যাতায়াতৰ এই সমস্যাৰ প্ৰতি গুৰুত্ব আৰোপ কৰা কেন্দ্ৰীয় ৰেলমন্ত্ৰী পিয়ুষ গোৱেলৰ লগতে উক্ত সমস্যাটো সাংসদ কলিতাৰ দৃষ্টিগোচৰ কৰোৱা সদৌ অসম ৰেলযাত্ৰী সংস্থাৰ সাধাৰণ সম্পাদক দীপাংকৰ শৰ্মাকো ধন্যবাদ জ্ঞাপন কৰে সাংসদ গৰাকীয়ে ।