উত্তৰ–পূব সীমান্ত ৰে’লৱেই অহা ১২ জুলাইৰ পৰা পৰৱর্তী নির্দেশ নিদিয়ালৈ গুৱাহাটী আৰু যোৰহাট টাউনৰ মাজত এখন বিশেষ জনশতাব্দী ৰে’ল চলোৱাৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ ৰে’লযাত্রীসকলৰ সুবিধার্থে দেওবাৰটোৰ বাহিৰে সপ্তাহৰ ছয়দিন ৰে’লখন গুৱাহাটী আৰু যোৰহাট টাউনৰ মাজত চালচল কৰিব৷
উত্তৰ–পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পর্কৰক্ষী বিষয়া শুভানন চন্দই এই সন্দর্ভত এক বিবৃতিযোগে জানিবলৈ দিয়া মতে ১২০৬৭ গুৱাহাটী–যোৰহাট টাউন জনশতাব্দী বিশেষ ৰে’লখনে গুৱাহাটীৰ পৰা দৈনিক পুৱা ৬.১০ বজাত যাত্রা আৰম্ভ কৰি একেদিনাই দিনৰ এক বজাত যোৰহাট টাউনত উপস্থিত হ’ব৷