ধুবুৰী জিলাৰ চাপৰ আৰক্ষীৰ জালত বৃহৎ পৰমাণৰ ক’ফ চিৰাপ জব্ধ। আজি আনুমানিক দিনৰ ১২ বজাত চাপৰ আৰক্ষী চকীৰ সন্মূখত গোপন সূত্ৰৰ পমদেখি এখন আম ভৰ্তি ট্ৰাকত তালাচি চলাই চাপৰ আৰক্ষীয়ে বৃহৎ পৰিমাণৰ ক’ফ চিৰাপ জব্দ কৰিবলৈ সক্ষম হয়। মূখ্যমন্ত্ৰীৰ নিৰ্দেশৰ পিছতে পুলিচ প্ৰশাসনে অধিক কঠোৰ হৈ পৰা পৰিলক্ষিত হয়।আমৰ কাৰ্টুনৰ লগত ক’ফ চিৰাপ কঢ়িয়াই অনা এটা নতুন কৌশল দেখা পোৱা গৈছে। AS-01MC-9398 নম্বৰৰ মালবাহী ট্ৰাকেৰে আমৰ লগতে ক’ফ চিৰাপ খিনি কঢ়িয়াই আনিছে।
ধুবুৰী আৰক্ষীৰ অভিযানত কেঁকো সাপ উদ্ধাৰ । এজন লোকক আটক
ধুবুৰীৰ ঝগৰাৰপাৰ চতুৰ্থ খণ্ড গাঁওৰ আবুল কালাম নামৰ লোক এজনৰ ঘৰত অভিযান চলাই এটা দুষ্প্ৰাপ্য কেঁকো সাপ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে, আবুল কালামে তিনি বছৰমান পূৰ্বে মেঘালয়ৰ পৰা তিনিশ টকাত ক্ৰয় কৰি আনিছিল কেঁকো সাপটো। তিনি বছৰে কেঁকো সাপটো পুহি ডাঙৰ দীঘল কৰি কোটি টকা মূল্যত বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছিল আবুল কালামে। কিন্তু আবুল কালামৰ কপাল বেয়া। যোৱা নিশা ধুবুৰী আৰক্ষীৰ দল এটাই এক গোপন তথ্যৰ ভিত্তিত অভিযান চলাই কেঁকো সাপডাল জব্দ কৰাৰ বিপৰীতে আবুল কালামক আটক কৰে। বৰ্তমানে ধুবুৰী সদৰ থানাত আবুল কালামক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।
বিশিষ্ট জিকিৰ-জাৰীৰ শিল্পী নবাবুদ্দিন আহমেদৰ বিয়োগ
অসমৰ বিশিষ্ট জিকিৰ আৰু জাৰীৰ শিল্পী, প্ৰসিদ্ধ গীতিকাৰ তথা কবি নবাবুদ্দিন আহমেদৰ যোৱা নিশা ১০-৩০ বজাত তেখেতৰ ৰঙিয়াৰ এন টি ৰোড স্থিত নিজা বাসভৱনত মৃত্যু হয়। মৃত্যুৰ সময়ত সংগীত শিল্পীগৰাকীৰ বয়স আছিল ৮৫ বছৰ । শিল্পীগৰাকীৰ মৃত্যুত সমগ্র ৰঙিয়াতে গভীৰ শোকৰ ছা পৰিছে । প্ৰয়াত নবাবুদ্দিন আহমেদে প্ৰায় চাৰি কুৰি জিকিৰ, জাৰী,কাৱালী আৰু আধুনিক গীত ৰচনা কৰি অসমৰ সংগীত জগতখন চহকী কৰি গৈছে । প্ৰয়াত নবাবুদ্দিন আহমেদে ৰচনা কৰা তুমি খোদা মেহেৰবান, লা ইলাহা ইল্লালাহু, ৰমজানৰে ৰোজা ৰখা, খোদাই কলে ৰচুলক, আল্লাহি আল্লা, নামাগো দৌলত, আদিকে ধৰি প্ৰায় অৰ্ধশতাধিক জিকিৰ, জাৰীৰ লগতে কাৱালী ৰচনা কৰি থৈ গৈছে । প্ৰয়াত আহমেদে ৰচনা কৰা জিকিৰ, জাৰী আৰু কাৱালীসমূহত ৰাজ্যখনৰ কেইবাগৰাকী বিশিষ্ট কন্ঠশিল্পী খগেন মহন্ত, পুলক বেনাৰ্জী, নীলিমা খাতুন, হাফিজা বেগম চৌধুৰী, হাছিনা হাজৰিকা আদিয়ে কন্ঠদান কৰিছিল। প্ৰয়াত আহমেদে ৰচনা কৰা আৰু বিশিষ্ট সংগীত পৰিচালক ৰমেন চৌধুৰীয়ে পৰিচালনা কৰা ‘গুলে নাগমা’ নামৰ কেছেটটি মুকলি হোৱাৰ পিছত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ে তেখেতক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জনাইছিল। অসম চৰকাৰৰ শিক্ষা বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আহমেদে ৰঙিয়াৰ সামাজিক ক্ষেত্ৰখনৰ লগতো জৰিত হৈ আছিল । মৃত্যুৰ সময়ত আহমেদে পত্নীৰ লগতে দুজন পুত্ৰৰ উপৰি দুগৰাকী কন্যা ইহসংসাৰত এৰি গৈছে । মঙলবাৰেদিনৰ ১০ বজাত নবাবুদ্দিন আহমেদৰ জানাজা সম্পন্ন কৰা হয় ।
হোজাইৰ যমুনামুখ ৰেলৱে ষ্টেচন নিৰ্মাণ কাৰ্যত অনিয়মৰ অভিযোগ
অনা-অসমীয়া ঠিকাদাৰৰ বিৰুদ্ধে কোটি-কোটি টকা লুণ্ঠন কৰাৰ অভিযোগ স্থানীয় লোকৰ।যমুনামুখ ৰেলৱে ষ্টেচনৰ প্লেটফ্ৰৰ্ম নিৰ্মাণ কাৰ্যৰ বাবে আৱণ্টিত হৈছিল কেইবাকোটি টকা।কোটি-কোটি টকা আৱণ্টিত হোৱা ৰেলৱে ষ্টেচনৰ প্লেটফ্ৰৰ্ম নিৰ্মাণ কাৰ্যৰ বাবে ঠিকা লাভ কৰিছিল হাইদৰাবাদৰ KGM নামৰ এটা কোম্পানীয়ে।KGM নামৰ কোম্পানীটোৱে দুমাহ পূৰ্বে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিছিল যদিও , বৰ্তমান প্লেটফ্ৰমটোৰ Through Walk ৰ অধিকাংশ ঠাইত চিৰাল ফাট মেলা দেখিবলৈ পোৱা গৈছে। জহি-খহি গৈছে Through Walk ৰ দাতিঁ।আনকি প্লেটফ্ৰৰ্মটোত নিৰ্মাণ কৰা নামৰ ফলক ও ভাঙি পৰি যায় মাটিত ।স্থানীয় লোকৰ দৃষ্টি আকৰ্ষণ হোৱাত নামৰ ফলক কোনোমতে ওলমাই ৰখাৰ অভিযোগ।অতি নিম্নমানৰ সামগ্ৰীৰে প্লেটফ্ৰমটো নিৰ্মাণ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে।
তামুলপুৰ আৰক্ষী থানা চৌহদৰ পৰা চোৰে নিলে বাইক
যি সময়ত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসম আৰক্ষীক অধিক গতিশীল আৰু শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰিব বিচাৰিছে তেনে সময়তে তামুলপুৰ আৰক্ষী থানাৰ ফোপোলা স্বৰূপ ওলাই পৰে।যি সময়ত আৰক্ষীৰ ওচৰত সাধাৰণ জনতাই সুৰক্ষিত অনুভৱ কৰে তেনে সময়তেই তামুলপুৰ আৰক্ষী থানাৰ চৌহদৰ ভিতৰতে সংঘটিত হৈছে বাইক চুৰি কাৰ্য । উল্লেখ্য যে যোৱা কিছুদিন পূৰ্বে তামুলপুৰৰ এঘাৰ মাইলত হোৱা এটা সাধাৰণ পথ দুৰ্ঘটনাৰ ফলত তামুলপুৰ আৰক্ষীয়ে AS28 A 8915 আৰু AS01 BD 8124 নম্বৰৰ বাইক দুখন তামুলপুৰ আৰক্ষী থানালৈ লৈ আহে ।
সোমবাৰে সম্পূৰ্ণ নথিপত্ৰ লগত লৈ বাইকৰ মালিকপক্ষই বাইক দুখন নিবলৈ আহে । তেতিয়াহে উৰহী গছৰ ওৰ ওলাই পৰে । কাৰণ তাৰেই AS28 A 8915 নম্বৰৰ R15 বাইকখন তামুলপুৰ আৰক্ষী থানাৰ চৌহদৰ পৰাই চুৰি হোৱাৰ তথ্য পোহৰলৈ আহে।২৪ ঘন্টাই থানা চৌহদত পহৰা থকাৰ পিছতো অথবা চিচি টিভি থকাৰ পিছতো চোৰে কিদৰে সংঘটিত কৰিব পাৰিলে এই চুৰি কাৰ্য সেয়া এতিয়া সৰ্বত্ৰে চৰ্চিত হৈছে। অৱশ্যে তামুলপুৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত তদন্ত অব্যাহত থকা বুলি জানিব পৰা গৈছে।
লাহৰীঘাটৰ স্বাস্হ্য কৰ্মী আক্ৰমণৰ ঘটনাত জড়িত তিনি পলাতক অভিযুক্তক গ্ৰেপ্তাৰ
মৰিগাঁও জিলাৰ লাহৰীঘাটৰ বোৱালগুৰিত ১ জুলাইত এদল দূৰ্বিত্তই এজন চিকিৎসা কৰ্মীক প্ৰহাৰ কৰে।আৰক্ষীয়ে যোৱা কালি ডিমাপুৰৰ পৰা তিনিওজনকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত অভিযুক্ত কেইজন হ’ল মুকছিদুল ইছলাম, ,আফতাপ হুছেইন আৰু আনোৱাৰ হুছেইন । উল্লেখ্য যে যোৱা ১ জুলাই কৰ্মৰত অৱস্থাত স্বাস্থ্য কৰ্মী ছাইফুল ইছলামক ছয়-সাত জনীয়া দূৰ্বিত্তৰ দলে আক্ৰমণ কৰিছিল।পিছত ছাইফুল ইছলামে লাহৰীঘাট আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছিল।দোষীক কৰায়ত্বৰ দাবীত স্বাস্থ্য কৰ্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰিছিল। সেই বাতৰি সংবাদ মাধ্যমত সম্প্ৰচাৰ হৈছিল। এজাহাৰৰ ভিত্তিত এজনক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ প্ৰেৰণ কৰে যদিও বাকী কেইজন অভিযুক্ত পলাতক আছিল। বাকী কেইজন অভিযুক্তৰ ভিতৰত তিনিজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী। তিনি অভিযুক্তক লাহৰীঘাট আৰক্ষীয়ে জেল হাজতলৈ প্ৰেৰণ কৰে।
BigBreaking | ৰাজ্যৰ ৭ খনকৈ জিলাক কনটেইণ্টমেণ্ট জিলা ৰূপে ঘোষণা
আজি প্ৰকাশ পালে ক’ভিডৰ নতুন এছঅ’পি। ক’ভিডৰ নতুন এছঅ’পি অনুসৰি ৰাজ্যৰ ৭ খন জিলা সম্পূৰ্ণ কনটেইণ্টমেণ্ট জিলা ৰূপে ঘোষণা। এসপ্তাহৰ বাবে বিশ্বনাথ, লখিমপুৰ, শোণিতপুৰ, গোলাঘাট, যোৰহাট, মৰিগাঁও, গোৱালপাৰাত ২৪ ঘণ্টাই কাৰ্ফিউ।ইফালে ১৬খন জিলাত দুপৰীয়া ২ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈ সান্ধ্য আইন। এই ১৬খন জিলা ক্ৰমে শিৱসাগৰ, ডিব্ৰুগড়, কোকৰাঝাৰ, বৰপেটা, নলবাৰী, বাগচা, বজালী, কৰিমগঞ্জ, কামৰূপ, দৰং, নগাঁও, হোজাই, তিনিচুকীয়া, ধেমাজি, কাচাৰ, কাৰ্বি আংলং।
ইয়াৰোপৰি কামৰূপ মহানগৰকে ধৰি ৰাজ্যৰ ধুবুৰী, দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, চৰাইদেউ আৰু হাইলাকান্দি মুঠ ১১খন জিলাত বিয়লি ৫ বজাৰ পৰা পিছদিনা পুৱা ৫ বজালৈ সান্ধ্য আইন।
ইফালে শিৱসাগৰ আৰু ডিব্ৰুগড়ত প্ৰশাসনৰ চোকা নজৰ থাকিব। আনহাতে ৰাজ্যত আন্তঃজিলা যাতায়ত সম্পূৰ্ণ ৰূপে বন্ধ থাকিব।
আজি এক সংবাদমেল যোগে এই ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই।
ওদালগুৰি জিলাত ১৩৯৮৩৯ জন হিতাধিকাৰীক ভেকচিন প্ৰদান
ৰাজ্যত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ ক’ৰোণা মহামাৰী ওদালগুৰি জিলাতো দিনক দিনে ক’ৰোণা আক্ৰান্ত আৰু মৃত্যুৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাত জিলাখনত এক আতংকময় পৰিবেশৰ সৃষ্টি হৈছে। স্বাস্হ্য বিভাগৰ পৰা পোৱা তথ্য অনুসৰি ৭জুলাইত ওদালগুৰিত ৩১ গৰাকী ক’ৰোণা আক্ৰান্ত হৈছে।এইলৈ ওদালগুৰিত এক এপ্ৰিলৰ পৰা ৫জুলাইলৈ আক্ৰান্তৰ সংখ্যা ৩৮৫১ গৰাকীলৈ বৃদ্ধি পালে। স্বাস্হ্য বিভাগৰ জনোৱা মতে ৫জুলাইত ৭২৪গৰাকীক পৰীক্ষা কৰাৰ পিছত ৩১ গৰাকীৰ দেহত কৰোনা ধৰা পৰে।জিলা খনৰ মুঠ ৩৮৫১ ক’ভিড আক্ৰান্তৰ ভিতৰৰ ৩৫৯৪ জনক ক’ভিড মুক্ত ঘোষনা কৰাৰ লগতে ওদালগুৰিৰ বিভিন্ন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকাৰ বিপৰীতে ৫৬২ গৰাকীৰ ১৭৪ আইচিলেচনত, ১৯৪ সক্ৰিয় ৰোগী চিকিৎসাধীন হৈ আছে।ইপিনে- শেহতীয়া তথ্য অনুসৰি মাৰ্চ’২১ৰ পৰা ৫ জুলাই লৈকে মৃত্যু হোৱা লোকৰ সংখ্যা ৬৩ গৰাকীলৈ বৃদ্ধি পালে।ইপিনে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ত ১৩৯৮৩৯গৰাকীক ভেকচিন প্ৰদান কৰা হৈছে।সেয়ে এনে ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাইজকে সজাগ আৰু সচেতন হৈ মাস্ক ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি ক’ভিডৰ নীতি নিৰ্দেশনা মানি চলিবলৈ স্বাস্হ্য বিভাগে আহ্বান জনায়। আনহাতে সমগ্ৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত অঞ্চল সমুহত ২০১ গৰাকীক ৰেট পৰীক্ষাত ১১ গৰাকী ক’ভিড চিনাক্ত কৰা হৈছে ৷
নিজগেৰুৱা গাঁও পঞ্চায়তত চোৰে চলালে চাফাই অভিযান
মৰিগাঁও জিলাৰ লাহৰীঘাটৰ নিজ গেৰুৱা গাঁও পঞ্চায়ত এলেকাত চোৰৰ উপদ্ৰৱ। সোমবাৰে নিশা পঞ্চায়ত কাৰ্যালয়ৰ তলা ভাঙি লৈ গ’ল দুটা চলাৰ বেটাৰি, ইনভাৰ্টাৰ, চলাৰ প্লেট আদি । পঞ্চায়তৰ গুৰুত্বপূৰ্ণ নথি পত্ৰৰ কোঠাৰ তলা ভাঙিবলৈ চেষ্টা চোৰৰ। গেছ চিলিণ্ডাৰ পেলাই থৈ গ’ল ৰাস্তাত। দীৰ্ঘ দিন ধৰি চোৰৰ উপদ্ৰৱ হৈ আছে যদিও ভূৰাগাঁও আৰক্ষীয়ে বৰ্তমানলৈ কোনো চোৰকে আটক কৰিব পৰা নাই । গোহালিৰ গৰু ছাগলি কেইটাক লৈয়ো সংকিত গেৰুৱাবাসী। ভূৰাগাঁও আৰক্ষী চূড়ান্ত ব্যৰ্থ জনসাধাৰণক নিৰাপত্তা দিয়াত। মন্দিৰ নামঘৰতো কিছু দিন ধৰি চলি আছে চোৰৰ উপদ্ৰৱ।
মাজবাটৰ লাল পানীত চোৰাং বল্ডাৰসহ টেক্টৰ জব্দ
ওদালগুৰি জিলাৰ ৰৌতা চক্ৰ আৰক্ষী সংমণ্ডল পৰিদৰ্শক কাৰ্যালয় তথা মাজবাট আৰক্ষী থানাৰ অন্তৰ্গত লাল পানীত ৬ জুলাই মঙলবাৰে মাজবাট বন বিভাগে চোৰাং ভাৱে বল্ডাৰ কঢ়িয়াই অনা এখন টেক্টৰ জব্দ কৰিবলৈ সক্ষম হয় । জনামতে ,মাজবাট বনাঞ্চলিক কাৰ্যালয়ৰ বিট অফিচাৰ মিন্টু বড়োৰ নেতৃত্বত যোৱা এটি বন কৰ্মীৰ দলে নম্বৰ বিহীন বল্ডাৰ কঢ়িয়াই অনা টেক্টৰ জব্দ কৰে । অৱশ্যে আগতিয়াকৈ বন কৰ্মীৰ দলটোক দেখা পাই ড্ৰাইভাৰজনে ট্ৰেক্টৰখন এৰি পলায়ন কৰে। বল্ডাৰ ভৰ্তি টেক্টৰ খন মাজবাট বনাঞ্চলিক কাৰ্যালয়লৈ আনি বন আইনৰ অধীনত এটি গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে বিট অফিচাৰ মিন্টু বড়োই ।











