Home Blog Page 2936

ৰঙিয়া আৰক্ষীৰ সফলতা,নাগালেণ্ড মণিপুৰ সীমান্তত উদ্ধাৰ ৰঙিয়াৰ চুৰি গাড়ী

কিছুদিন পূৰ্বে ৰঙিয়াৰ মাদৈকাটা অঞ্চলৰ মোস্তাফা নামৰ যুৱক এজনৰ এএছ-২৫-চিচি-৭৪৮১ নম্বৰৰ  বʼলেৰো পিক আপ বাহন এখন যোৱা ২৫ মেত গুৱাহাটী উজান বজাৰৰ বৃহৎ গাড়ী চুৰি চক্ৰৰ মূল নায়ক তথা মাষ্টাৰ মাইণ্ড সঞ্জীৱ সিঙে অতি কৌশলেৰে নʼটাৰী আদালতত চুক্তিপত্ৰ এখন বনাই পৰৱৰ্তী পৰ্যায়ত মণিপুৰৰ অন্য এটা গাড়ী চুৰি চক্ৰক গতাই ।এই কথা জানিবপাৰি মোস্তাফাই থানাৰ লগত যোগাযোগ কৰে । ৰঙিয়া আৰক্ষীয়ে ক্ষিপ্ৰতাৰে তদন্ত আৰম্ভ কৰি এইচক্ৰটোৰ লগত জড়িত চাৰিজনক ইতিমধ্যেই গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ পঠাইছে ,আৰু ইয়াৰেই বিকাশ গগৈ নামৰ ব্যক্তিজনৰ স্বিকাৰোক্তিৰ ভিত্তিত দেওবাৰে নিশা ১২বজাত মণিপুৰ-নাগালেণ্ড সীমান্তৰ কʼহিমা পথত অভিযান চলাই গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় । কিন্তুআচৰ্যজনক ভাবে চতুৰ সঞ্জয় সিঙ পুনৰ পলাই সাৰিবলৈ সক্ষম হয় । পলাতক সঞ্জয় সিঙে ওলোটাই গাড়ীখনৰ গৰাকী মোস্তাফা নামৰ যুৱক জনক ২०হাজাৰ টকা দিলে গাড়ীখনৰ খবৰ দিম বুলি কৈ ধমক দিছিল । ‌‌‌‌উল্লেখযোগ্যযে অসম আৰক্ষীৰ শিৰ্ষ বিষয়াৰ নিৰ্দেশ মৰ্মে কামৰূপ জিলা আৰু ৰঙিয়া মহকুমা আৰক্ষী বিষয়াৰ সহযোগত ৰঙিয়া থানাৰ এটি দলে এই অভিযান চলাই গাড়ীখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।অতিশিঘ্ৰেই মাষ্টাৰমাইণ্ড সঞ্জয় সিঙক আটক কৰিব পৰা যাব বুলিও প্ৰকাশ কৰে আৰক্ষীয়ে 

জার্মানীৰ ইণ্ডিয়ান ফিল্ম ফেষ্টিভেললৈ আমন্ত্রিত ‘বেলকনিত ভগৱান’

দেশে–বিদেশে সুখ্যাতি লাভ কৰা অসমীয়া চলচ্চিত্র ‘বেলকনিত ভগৱান’ এইবাৰ প্রদর্শনীৰ বাবে আমন্ত্রণ লাভ কৰিছে জর্মানীৰ খ্যাতনামা চলচ্চিত্র মহোৎসৱ ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ ষ্টুটগার্টৰ পৰা৷ অহা ২১ জুলাইৰ পৰা অনুষ্ঠিত হ’বলগীয়া এই মহোৎসৱখনৰ স্কুল ফিল্ম অৱ দ্য ইয়েৰৰ বাবে নির্বাচন কৰা হৈছে৷ ভাৰতৰ ৪০খনৰো অধিক ছবিৰ মাজৰ পৰা প্রদর্শনৰ বাবে আমন্ত্রণ লাভ কৰিছে ‘বেলকনিত ভগৱান’ নামৰ অসমীয়া ছবিখনে৷ এই চলচ্চিত্র মহোৎসৱখনৰ জার্মান ষ্টাৰ অৱ ইণ্ডিয়া বঁটাৰ বাবে অংশগ্রহণ কৰিব অসমীয়া ছবিখনে৷ অহা ২১ জুলাইৰ পৰা ২৫ জুলাইলৈ অনুষ্ঠিত হ’ব ছবি মহোৎসৱখন৷

এই মহোৎসৱৰ সময়তে পৰিচালক বিশ্বজিৎ বৰাই জার্মানীৰ বিভিন্ন শিক্ষার্থীৰ সৈতে ছবিখন সন্দর্ভত এক মত বিনিময় অনুষ্ঠানতো অংশগ্রহণ কৰিব৷ উল্লেখ্য যে নুৰুল চুলতানে প্রযোজনা কৰা আৰু বিশ্বজিৎ বৰাই পৰিচালনা কৰা বেলকনিত ভগৱান শীর্ষক ছবিখনে চাংহাই আন্তঃৰাষ্ট্রীয় চলচ্চিত্র মহোৎসৱ, নিউয়র্ক ইণ্ডিয়ান চলচ্চিত্র মহোৎসৱ আদিৰ দৰে খ্যাতনামা চলচ্চিত্র মহোৎসৱত প্রদর্শন কৰাৰ সুযোগ লাভ কৰিছে৷ তদুপৰি ২৬সংখ্যক কলকাতা আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত গ’ল্ডেন ৰয়েল বেংগল বঁটাৰ লগতে শ্রেষ্ঠ পৰিচালকৰ সন্মান লাভ কৰিছিল৷

ৰাজস্থান আন্তর্জাতিক চলচ্চিত্র মহোৎসৱত শ্রেষ্ঠ কথাছবিৰ সন্মান লাভ কৰিছে বেলকনিত ভগৱানে৷ বিশ্বৰ ভিন্ন প্রান্তৰ ২০খনৰো অধিক আন্তর্জাতিক পর্যায়ৰ চলচ্চিত্র মহোৎসৱত বেলকনিত ভগৱান প্রদর্শিত হৈছে৷ এই ছবিখনৰ মূল ভূমিকাত অভিনয় কৰিছে বলীউডৰ অভিনেতা হাৰিশ খান্নাই৷ তদুপৰি প্রণামী ভাৰথী আৰু পৰিনান্ধি জিমা চুলতানাই আন দুটা মুখ্য চৰিত্রত অভিনয় কৰিছে৷ সহঃ অভিনেতা হিচাপে আছে অৰুণ হাজৰিকা, ৰাজীৱ ক্র’, শোণিত বৰা, পৱিত্র বৰুৱা, গৌৰীশংকৰ ভূঞা, অজয় ভৰালী আদিকে ধৰি বহু জনপ্রিয় অভিনেতা–ভিনেত্রী৷ অসম চৰকাৰৰ কৃষিমন্ত্রী অতুল বৰায়ো এই ছবিখনত ভুমুকি মাৰিছে৷

ভাৰত ভূটান সীমান্তৰ দৰঙ্গাৰ পৰা দহদিন ধৰি সন্ধানহীন যুৱক

তামুলপুৰ মহকুমাৰ ভাৰত ভূটান সীমান্তৱৰ্তী  দৰঙ্গামেলাত থকা মেনকা চাহ বাগিচাৰ পৰা বিষ্ণু মগৰ নামৰ এজন উন্নৈশ বছৰীয়া যুৱক যোৱা ২৭ জুনৰ পৰা সন্ধান হীন হৈ আছে।
মেনকা চাহ বাগিচাৰ প্ৰয়াত  হৰকা বাহাদুৰ মগৰ আৰু শান্তি মগৰৰ  পুত্ৰ বিষ্ণু মগৰে যোৱা ২৭ জুনৰ নিশা কোনো অজ্ঞাত লোকৰ ফোন পাই ঘৰৰ পৰা ওলাই অহাৰ পিছৰে পৰা আজি পৰ্যন্ত সন্ধান হীন হৈ থকাত পৰিয়ালৰ লোকসকল চিন্তিত হৈ পৰিছে।প্ৰায় পাঁচ ফুট উচ্চতাৰ নীলা ৰঙৰ চাৰ্ট পৰিহিত বগা বৰণৰ বিষ্ণু মগৰ নামৰ যুৱকজনক বিচাৰি পৰিয়াল আৰু দল-সংগঠনৰ লোকে আত্মীয় তথা বিভিন্ন ঠাইত খা-খবৰ কৰে যদিও কোনো সন্ধান নোপোৱাত পিছদিনাই কুমাৰীকাটা আৰক্ষী চকীত জনায়‌‌ । ইফালে কুমাৰীকাটা আৰক্ষীয়ে জোৰ তদন্ত অব্যাহত ৰাখিছে যদিও এই পৰ্যন্ত বিষ্ণুৰ কোনো শুংসূত্ৰ পোৱা নাই। কোনো লোকে যুৱক জনৰ সম্ভেদ লাভ কৰিলে 9401302971,8472007808 নম্বৰত তৎকালীন ভাৱে যোগাযোগ কৰিবলৈ অনুৰোধ জনাইছে পৰিয়াল লগতে বাক্সা জিলা চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি ধনুষ মহালিয়ে।জিলা খনৰ হাতীগড় চাহ বাগিচাৰ ১০ নং লাইনৰ বাসিন্দা তথা বৰ্তমান শুক্লাইৰ ব্যক্তিগত ক্ষুদ্ৰ চাহ বাগিচাত কৰ্মৰত দেবেন কৰ্মকাৰ আৰু গীতা কৰ্মকাৰৰ পুত্ৰ সন্ধানহীন হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।আমদাৰা শুক্লাই প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ উক্ত ছাত্ৰ জনৰ কোনো সদাশয় ব্যক্তিয়ে সম্ভেদ পালে ৯৪৩৫৮৯২২৭১ নম্বৰত যোগাযোগ কৰিবলৈ  অথবা স্থানীয় আৰক্ষী থানাত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে ।

হাৰিয়ানাত ৰহস্য জনক মৃত্যু উত্তৰ- পূৰ্বাঞ্চলৰ যুৱক যুৱতীৰ : হাতে হাতে প্লেকাৰ্ড লৈ‌ তীব্ৰ প্ৰতিবাদ

পুনৰ বহি: ৰাজ্যত ৰহস্য জনক মৃত্যু উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক যুৱতী । ” উই ৱান্ট জাষ্টিচ , ৰুছে চাংমা আৰু চেমুৱেল চাংমাৰ ৰহস্য জনক মৃত্যুৰ  বিচাৰ লাগে আদি বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ  সাব্যস্ত  ভকতপাৰাত ।  প্ৰায় ৫ শতাধিক কিশোৰ – কিশোৰী , যুৱক -যুৱতী, পুৰুষ – মহিলাই ৰুছে চাংমা আৰু চেমুৱেল চাংমাৰ আত্মাৰ চিৰ শান্তি কামনাৰে দেওবাৰে সন্ধিয়া  বন্তি প্ৰজ্বলন কৰি  শ্ৰদ্ধাঞ্জলি জ্ঞাপন  কৰে । ঘটনা সন্দৰ্ভত জানিব পৰা মতে বহি:ৰাজ্য হাৰিয়ানাৰ  এটা ব্যক্তিগত খণ্ডৰ  কোম্পানীত কৰ্মৰত থকাৰ  সময়তে ৰহস্যজনক ভাৱে মৃত্যুক আকোৱালি লোৱা নাগালেণ্ডৰ ডিমাপুৰৰ যুৱতী ৰুছে চাংমা আৰু চেমুয়েল চাংমাৰ মৃত্যু এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ  তুলি দেওবাৰে নিশা   খাৰুপেটীয়াৰ  নিকটবৰ্তী ওদালগুৰি জিলাৰ  ভকতপাৰাত উক্ত  প্ৰতিবাদী কাৰ্যসুচী ৰুপায়ন কৰা হয় ৷ উল্লেখযোগ্য যে ৰুছে চাংমাৰ ভৰিত প্ৰচণ্ড বিষ অনুভৱ হোৱাত হাৰিয়ানাৰ গুৰগাও আলফা হস্পিটেলত  ভৰ্তি কৰা হয়  । আই চি ইউত থকা ৰুছে চাংমাক আইছক্ৰিম খোৱাই হত্যা কৰাৰ অভিযোগ উত্থাপিত কৰি চিকিৎসকৰ লগত তৰ্কাতৰ্কি কৰি ৰুমলৈ যায়  চেমুৱেল চাংমা  ।সেই নিশাই  ৰুমত চিপজৰী লোৱা   অৱস্থাত ৰহস্যজনক ভাৱে  উদ্ধাৰ হয় চেমুৱেল চাংমাৰ মৃতদেহ । এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ তুলিছে ভকতপাৰা আঞ্চলিক  গাৰো  সন্থাই । উক্ত ৰহস্য জনক হত্যা কাণ্ডৰ বিৰুদ্ধে   ভকতপাৰা অঞ্চলৰ  প্ৰায় পাঁচ শতাধিক গাৰো পুৰুষ মহিলাই   তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি  চিবিআইৰ দ্বাৰা তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবীত   হাতে হাতে প্লেকাৰ্ড ও মমবাতি  লৈ বিভিন্ন শ্লোগানেৰে উত্তাল কৰে পৰিবেশ । লগতে  ভোক্তভোগী পৰিয়ালক ন্যায় প্ৰদান কৰিবলৈ অসম তথা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনায়  ভকতপাৰা আঞ্চলিক গাৰো সন্থাৰ লুকেছ মাৰাক , নিচোলাছ চাংমা , কৰ্নেলিউছ চাংমা , আৰ্ছোন চাংমা , প্ৰকাশ মাৰাক , ক্ৰিছটোৰাজ মাৰাক আৰু ৰণে চাংমাই ।

নগাঁও-কাৰ্বিআংলঙ সীমান্তত ব্যতিক্ৰমী পদক্ষেপ : বনৰীয়া হাতীৰ বাবে তৈয়াৰ কৰা হৈছে খাদ্য

কাৰ্বিআংলঙ সীমান্তবৰ্তী হাতীখুলি ৰংহাঙ গাঁৱত হাতী-মানুহৰ সংঘাতৰ বিপৰীতে দেখিবলৈ পোৱা গৈছে এটা বিশেষ দৃশ্য । সংঘাত নহয় বন্যহস্তীৰ লগত বন্ধুত্ব স্থাপনৰ উদ্দেশ্যয়ে বন্যহস্তীৰ বিভিন্ন প্ৰিয় খাদ্যৰে ভৰপুৰ কৰি তোলা হৈছে এটা পাহাৰ ।যাক এক অৰ্থত কব পাৰি বন্যহস্তীৰ ৰেষ্টুৰেন্ট বুলি ।”হাতী বন্ধু” নামৰ এটা সংগঠনে গুৱাহাটীৰ বিশিষ্ট নাগৰিক প্ৰদীপ ভূঞাৰ পৃষ্ঠপোষকতাত আৰু চাপানালাৰ প্ৰকৃতিপ্ৰেমী যুৱক বিনোদ দুলু বৰা,মেঘ্না ময়ুৰ হাজৰিকাৰ উদ্যোগত হাতীখুলি ৰংহাঙ বাসীৰ সহযোগত এটা টকলা পাহাৰত প্ৰায় ৪০০বিঘা মাটিত ঔ-টেঙা,কুম্ভীৰ,নেফিয়াৰ ঘাঁহ আৰু ‌‌ঝাড়ুৰ লগতে হাতীৰ অন্যান্য প্ৰিয় বস্তুৰ খেতি কৰি হাতীৰ খাদ্যৰ ব্যৱস্থা কৰিছে ।সেই খাদ্য এতিয়া পাহাৰৰ বন্যহস্তীয়ে খোৱা নয়নাভিৰাম দৃশ্য দেখি “হাতী বন্ধুৰ” সদস্য সকল উৎফুল্লিত হৈ পৰিছে  । আনহাতে সেই খাদ্য‌ এতিয়া পাহৰৰ বন্যহস্তীয়ে ৰঙমনে খাবলৈ পোৱাৰ ফলত ভৈয়ামলৈ নামি যোৱা নাই ।যাৰ ফলত সততে হাতী-মানুহৰ সংঘাতপ্ৰৱণ অঞ্চল হিচাপে পৰিচিত নগাঁও-কাৰ্বিআংলঙ সীমান্তত এতিয়া কিছু পৰিমাণে কমিছে হাতী-মানুহৰ সংঘাত ।হাতী বন্ধুৰ এই মহান কাৰ্যৰ দ্বাৰা এতিয়া উপকৃত হৈছে ভৈয়ামৰ ৰাইজ । আনপিনে হাতীখুলি ৰ‌ংহাঙ গাঁৱৰ ৰাইজে হাতীৰ বাবে কৃষিকাৰ্য কৰিবলৈ নিজৰ প্ৰায় ৬০০ বিঘাৰো অধিক মাটি “হাতী বন্ধুক” প্ৰদান কৰি আন এক আৰ্দশ দেখুৱাইছে ।উল্লেখ্য যে হাতী বন্ধু নামৰ সংগঠনটোৱে বিগত তিনিবছৰ ধৰি কৰি আহিছে এই মহান কাৰ্য ।আনপিনে হাতীবন্ধুয়ে প্ৰতিবছৰে নগাঁও-কাৰ্বিআংলঙ সীমান্তবৰ্তী হাতীখুলি ৰংহাঙ গাঁৱত ঔ-টেঙা,নেফিয়াৰ,কুম্ভীৰ,ঝাড়ুৰ লগতে ২০০ বিঘা মাটিত শালি ধানিৰ খেতিও কৰি আহিছে ।এইবাৰো বন্যহস্তীৰ বাবে ২০০ বিঘা মাটিত শালি ধানৰ খেতি কৰিবৰ বাবে ইতিমধ্যে প্ৰস্তুতি চলাইছে হাতীবন্ধুয়ে ।

ডিমাকুছিত কিশোৰ নিৰুদ্দেশ

দালগুৰি জিলাৰ অন্তৰ্গত ডিমাকুছিত যোৱা ২৯ জুনৰ পৰা সন্ধানহীন হৈ আছে ৯ বছৰীয়া কিশোৰ সঞ্জিৱ কৰ্মকাৰ।জিলা খনৰ হাতীগড় চাহ বাগিচাৰ ১০ নং লাইনৰ বাসিন্দা তথা বৰ্তমান শুক্লাইৰ ব্যক্তিগত ক্ষুদ্ৰ চাহ বাগিচাত কৰ্মৰত দেবেন কৰ্মকাৰ আৰু গীতা কৰ্মকাৰৰ পুত্ৰ সন্ধানহীন হোৱা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।আমদাৰা শুক্লাই প্ৰাথমিক বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ উক্ত ছাত্ৰ জনৰ কোনো সদাশয় ব্যক্তিয়ে সম্ভেদ পালে ৯৪৩৫৮৯২২৭১ নম্বৰত যোগাযোগ কৰিবলৈ অথবা স্থানীয় আৰক্ষী থানাত যোগাযোগ কৰিবলৈ পৰিয়ালৰ লোকে আহ্বান জনাইছে ।

গৱেষণাপত্ৰ পাঠ কাৰ্যসূচীৰে অসমীয়া পৰিৱেশ সাহিত্যক মান্যতা সাহিত্য অকাডেমীৰ

অসমৰ পৰিৱেশ সাহিত্য বিষয়ত প্ৰথমবাৰলৈ গৱেষণা পত্ৰ পাঠ কাৰ্যসূচী সম্পন্ন কৰিলে সাহিত্য অকাডেমীয়ে। সাহিত্য অকাডেমীৰ আঞ্চলিক সচিব দেৱেন্দ্ৰ কুমাৰ দেৱেশ, সাহিত্য অকাডেমীৰ অসমীয়া ভাষা উপদেষ্টা পৰিষদৰ আহ্বায়ক ডঃ ধ্ৰুৱজ্যোতি বৰা, অসম বিজ্ঞান সমিতিৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা অসম তথ্য প্ৰযুক্তি বিজ্ঞান পৰিষদৰ পৰিৱেশ শাখাৰ মূৰব্বী জয়দ্বীপ বৰুৱাই অংশ লোৱা এই গুৰুত্বপূৰ্ণ অনলাইন আলোচনা সত্ৰত ইকো-ক্ৰিটিচিজ্মৰ চৰ্চা কৰি থকা অসমৰ তিনিগৰাকী লেখক ড০ অৰবিন্দ ৰাজখোৱা, পংকজ কুমাৰ দত্ত আৰু পংকজগোবিন্দ মেধিয়ে গৱেষণা পত্ৰ পাঠ কৰে। অসমীয়া সাহিত্যত পৰিৱেশ সাহিত্য বিষয়টো একেবাৰে নতুন হোৱা হেতুকে সাহিত্য অকাডেমীৰ এই আলোচনাসত্ৰৰ জৰিয়তে এই নতুন বিষয়টোৱে এক প্ৰকাৰ মান্যতা লাভ কৰিলে। “প্ৰকৃতি সচেতনতা আৰু অসমীয়া সাহিত্য” শীৰ্ষক
এই কাৰ্যসূচীত সমল আলোচক ৰূপে অংশ লোৱা ড০ অৰবিন্দ ৰাজখোৱাই ‘অসমীয়া গদ্য সাহিত্যত প্ৰকৃতি সচেতনতা’ পংকজ কুমাৰ দত্তই ‘অসমৰ লোক সাহিত্যত প্ৰকৃতি সচেতনতা’ আৰু পংকজ গোবিন্দ মেধিয়ে অসমীয়া কবিতা আৰু উপন্যাসত প্ৰকৃতি সচেতনতা শীৰ্ষক গৱেষণা পত্ৰ পাঠ কৰে। এই কাৰ্যসূচীত অংশ লোৱা অসমৰ আটাইকেইগৰাকী আলোচকে অসমীয়া সাহিত্যৰ এই নতুন শাখা বা বিষয়টো আলোচনা কৰা বাবে সাহিত্য অকাডেমীক ধন্যবাদ জ্ঞাপন কৰে।

দৃশ্য–শ্ৰব্য গীতৰ সঁফুৰা ‘জীৱন মাথোঁ সপোন’ উন্মোচন

নলবাৰী জিলা সাহিত্য সভাৰ কাৰ্যালয় সুভদ্ৰা চৌধুৰী ভৱনৰ নন্দনতাত্ত্বিক ত্ৰৈলোক্যনাথ গোস্বামী পুথিভঁৰালত দেওবাৰে নলবাৰী জিলা সাহিত্য সভাৰ উদ্যোগত ‘জীৱন মাথোঁ সপোন’ নামৰ দৃশ্য–শ্ৰব্য গীতৰ সঁফুৰা এটি উন্মোচন কৰা হয় ।   বিশিষ্ট শিক্ষাবিদ  তথা জনপ্ৰিয় কবি ডঃ মঞ্জু  হালৈৰদ্বাৰা ৰচিত গীত তথা সামগ্ৰিক পৰিচালনাৰে আৰু জনপ্ৰিয় কণ্ঠশিল্পী  আৰু বিশিষ্ট শিক্ষাব্ৰতী সুকন্যা গোস্বামীয়ে গোৱা তথা এদল নৱীন অভিনেতা, অভিনেত্ৰী আৰু কলা–কুশলীৰে সজোৱা এই দৃশ্য–শ্ৰব্য গীতৰ সঁফুৰাটি উন্মোচন কৰে নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই । এই অনুষ্ঠানত অসম সাহিত্য সভাৰ সাংগঠনিক সম্পাদক গোৱিন্দ কলিতা আৰু  কাৰ্যমিৰ্বাহক সদস্য ডাঃ বিপিন চন্দ্ৰ কলিতাই বিশিষ্ট অতিথি হিচাপে ভাগ লৈ প্ৰাসংগিক ভাষণ প্ৰদান কৰে । নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱাই পৰিচালনা কৰা এই অনুষ্ঠানত কৃতী শিক্ষাৰ্থী শিৱাশ্ৰী গোস্বামীয়ে হীৰেন ভট্টাচাৰ্যৰ কবিতা আবৃত্তি, অভিনেত্ৰী ৰীমা শৰ্মাই নৃত্য; জনপ্ৰিয় কণ্ঠশিল্পী সুকন্যা গোস্বামী আৰু বিদ্যুৎ বৰফুকনে গীত পৰিৱেশন কৰে । গীতৰ ৰচয়িতা আৰু দৃশ্য–শ্ৰব্য সঁফুৰাটিৰ সামগ্ৰিক পৰিকল্পনাকাৰী  ডঃ মঞ্জু হালৈয়ে সঁফুৰাটি সন্দৰ্ভত বক্তব্য প্ৰদান কৰে । ইয়াৰ পাছত ৰীমা শৰ্মা, অৰূপ শৰ্মা, বিদ্যুৎ বৰফুকন, পিণ্টু ভৰদ্বাজ, নিপুল দাস, গীতু শৰ্মা আৰু ত্ৰৈলোক্য বৈশ্যই অভিনয় কৰা ‘জীৱন মাথোঁ সপোন’ মুকলিভাৱে প্ৰদৰ্শন কৰোৱা হয় । এই অনুষ্ঠানৰ পূৰ্বে ভাষা আন্দোলনৰ প্ৰথমগৰাকী ছহিদ ৰঞ্জিত বৰপূজাৰী আৰু সুগন্ধি পখিলাৰ কবি হীৰেন ভট্টাচাৰ্যৰ স্মৃতি দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সমাপন কৰা হয়। অনুষ্ঠানটো মুকলি কৰে প্ৰাক্তন ছাত্ৰনেতা নৰেশ্বৰ কলিতাই।  দুয়োগৰাকী  অসমপ্ৰাণৰ প্ৰতিচ্ছবিৰ সন্মুখত ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক উৎপল গোস্বামী আৰু নলবাৰী জিলা সাহিত্য সভাৰ উপ সভাপতি অতুল চন্দ্ৰ শৰ্মাই বন্তি প্ৰজ্বলন কৰে । 

হাৰিয়ানাত ৰহস্যজনক মৃত্যু উত্তৰ- পূৰ্বাঞ্চলৰ যুৱক যুৱতীৰ

পুনৰ বহি: ৰাজ্যত ৰহস্য জনক মৃত্যু উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক যুৱতী । উই ৱান্ট জাষ্টিচ , ৰুছে চাংমা আৰু চেমুৱেল চাংমাৰ ৰহস্য জনক মৃত্যুৰ  বিচাৰ লাগে আদি বিভিন্ন শ্লোগানেৰে উত্তাল প্ৰতিবাদ  সাব্যস্ত  ভকতপাৰাত ।  প্ৰায় ৫ শতাধিক কিশোৰ – কিশোৰী , যুৱক -যুৱতী, পুৰুষ – মহিলাই ৰুছে চাংমা আৰু চেমুৱেল চাংমাৰ আত্মাৰ চিৰ শান্তি কামনাৰে দেওবাৰে সন্ধিয়া  বন্তি প্ৰজ্বলন কৰি  শ্ৰদ্ধাঞ্জলি জ্ঞাপন  কৰে । ঘটনা সন্দৰ্ভত জানিব পৰা মতে বহি:ৰাজ্য হাৰিয়ানাৰ  এটা ব্যক্তিগত খণ্ডৰ  কোম্পানীত কৰ্মৰত থকাৰ  সময়তে ৰহস্যজনক ভাৱে মৃত্যুক আকোৱালি লোৱা নাগালেণ্ডৰ ডিমাপুৰৰ যুৱতী ৰুছে চাংমা আৰু চেমুয়েল চাংমাৰ মৃত্যু এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ  তুলি দেওবাৰে নিশা   খাৰুপেটীয়াৰ  নিকটবৰ্তী ওদালগুৰি জিলাৰ  ভকতপাৰাত উক্ত  প্ৰতিবাদী কাৰ্যসুচী ৰুপায়ন কৰা হয় ৷ উল্লেখযোগ্য যে ৰুছে চাংমাৰ ভৰিত প্ৰচণ্ড বিষ অনুভৱ হোৱাত হাৰিয়ানাৰ গুৰগাও আলফা হস্পিটেলত  ভৰ্তি কৰা হয়  । আই চি ইউত থকা ৰুছে চাংমাক আইছক্ৰিম খোৱাই হত্যা কৰাৰ অভিযোগ উত্থাপিত কৰি চিকিৎসকৰ লগত তৰ্কাতৰ্কি কৰি ৰুমলৈ যায়  চেমুৱেল চাংমা  ।সেই নিশাই  ৰুমত চিপজৰী লোৱা   অৱস্থাত ৰহস্যজনক ভাৱে  উদ্ধাৰ হয় চেমুৱেল চাংমাৰ মৃতদেহ । এয়া এক পৰিকল্পিত হত্যাকাণ্ড বুলি অভিযোগ তুলিছে ভকতপাৰা আঞ্চলিক  গাৰো  সন্থাই । উক্ত ৰহস্য জনক হত্যা কাণ্ডৰ বিৰুদ্ধে   ভকতপাৰা অঞ্চলৰ  প্ৰায় পাঁচ শতাধিক গাৰো পুৰুষ মহিলাই   তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি  চিবিআইৰ দ্বাৰা তদন্ত কৰি দোষীক উপযুক্ত শাস্তি প্ৰদানৰ দাবীত   হাতে হাতে প্লেকাৰ্ড ও মমবাতি  লৈ বিভিন্ন শ্লোগানেৰে উত্তাল কৰে পৰিবেশ । লগতে  ভোক্তভোগী পৰিয়ালক ন্যায় প্ৰদান কৰিবলৈ অসম তথা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনায়  ভকতপাৰা আঞ্চলিক গাৰো সন্থাৰ লুকেছ মাৰাক , নিচোলাছ চাংমা , কৰ্নেলিউছ চাংমা , আৰ্ছোন চাংমা , প্ৰকাশ মাৰাক , ক্ৰিছটোৰাজ মাৰাক আৰু ৰণে চাংমাই ।

মাংস ব্যৱসায়ীৰ পৰা কথাছবি নিৰ্মাতালৈ দক্ষিণ কামৰূপৰ এজন যুৱক

দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ সৰপাৰা গাওঁৰ নিবাসী তথা উদিয়মান অভিনেতা, পৰিচালক তথা সৰপাৰাৰ বি.টি. চি.ৰ “বৰষা মাংস ঘৰ”ৰ স্বত্তাধিকাৰী মাংস ব্যৱসায়ী হিচাপে পৰিচিত দিৱস দৰ্শনে নিৰ্মাণ কৰিছে এখন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া কথাছবি। পিতৃ ৰমণী দাস আৰু ৰীণা দাসৰ জ্যেষ্ঠ পুত্ৰ দিৱস দৰ্শন।অতি সাধাৰণ পৰিয়ালত জন্মগ্ৰহণ কৰা দিৱস দৰ্শনে সৰুৰে পৰা বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ লগতে বিভিন্ন নাট প্ৰতিযোগীতাত অভিনয়,  পৰিচালনা, সংগীত  পৰিচালনা কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ বিজ্ঞান শাখাৰ ছাত্ৰ দিৱসে চৰকাৰী চাকৰিৰ আশা নকৰি মাংস ব্যৱসায়ৰ ব্যস্ততাৰ সমান্তৰালকৈ সপোনৰ পম খেদি নিৰ্মাণ কৰিছে অসমীয়া কথাছবি “অমিতাভ”। ২০১৭ চনৰ পৰা পৰ্যায়ক্ৰমে ২০২০ চনলৈ কথাছবিখনৰ দৃশ্য গ্ৰহণ হোৱাৰ লগতে যাৱতীয় কাম সম্পূৰ্ণ হৈ উঠিছে। কিন্তু সমগ্ৰ বিশ্বৰ লগতে ৰাজ্যতো মহামাৰী ক’ৰণাই সন্ত্ৰাস সৃষ্টি কৰাৰ বাবে কথাছবিখন মুক্তি দিব পৰা নাই। দিৱস দৰ্শনে ৰচনা আৰু পৰিচালনা কৰা “অমিতাভ”কথাছবিখনত অসমৰ জনপ্ৰিয় কৌতুক অভিনেতা অতুল পাচনিৰ লগতে অৰুণ হাজৰিকা, দেৱজিত মজুমদাৰ, ভাৰ্গৱ কতকী, অমুল্য কুমাৰ, প্ৰতিভা চৌধুৰী, কৌশিক নাথ, প্ৰদ্যুত বিকাশ দাস, ৰাখি শইকীয়া, দীপজ্যোতি মালী, অপুৰ্ব ঠাকুৰীয়া, বলেন চৌধুৰী, ৰোহিনী মহন্ত, পংকজ দেৱান, নৱ প্ৰজন্মৰ জনপ্ৰিয় অভিনেতা কিশোৰ দাস, নৱাগত চুহানা ৰহমান, শিশুশিল্পী নৱজিৎ, চুইটি আৰু পৰিনীতাই অভিনয় কৰিছে। উক্ত কথাছবিখনত  গুৱাহাটী, পলাশবাৰী, ৰাণী, মিৰ্জা, সৰপাৰা, নতুন লক্ষীটাৰী, অসম মেঘালয় সীমান্তৱৰ্তী অঞ্চলৰ চানডুবিৰ লগতে দক্ষিণ কামৰূপৰ বিভিন্ন ঠাইত দৃশ্যগ্ৰহণ কৰা ছবিখনৰ উদীয়মান লেখিকা দিক্ষিতাৰ সংলাপ, কৌশিক নাথ আৰু দিৱস দৰ্শনৰ চিত্ৰানাট্য আৰু সংগীত কুশল মিৰ্জাই সুন্দৰ ভাবে পৰিচালনা কৰিছে। ইয়াৰ উপৰিও দিৱস দৰ্শনে দক্ষিণ কামৰূপৰ বৰঢুলিয়া আধাৰত বিশ্বজিৎ কলিতাই ৰচনা আৰু পৰিচালনাৰে নিৰ্মাণ কৰা  “ভাৱৰীয়া” কথাছবিখনত গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয়ৰ লগতে প্ৰযোজনা নিয়ন্ত্ৰক হিচাপে থাকি ৰাইজৰ মনত সাঁচ বহুৱাবলৈ সক্ষম হৈছিল। বৰ্তমান সময়ৰপ্ৰতি লক্ষ্য ৰাখি মহামাৰী ক’ৰনাৰ পৰিস্থিতি শিথিল হলেই ৰাইজৰ ওচৰলৈ আহিব কথাছবি অমিতাভ। শিশুৰ পৰা বৃদ্ধলৈ সকলো ৰাইজে উপভোগ কৰিব পৰাকৈ  সোনালী অসমৰ পম খেদি অসমৰ গ্ৰামোন্নয়নৰ শিক্ষা, অৰ্থ আৰু মানসিক উন্নতিৰ লক্ষ্য আগত ৰাখি এটি সাৱলীল কাহিনীৰে উপস্থাপনৰ চেষ্টা কৰিছে পৰিচালক দিৱস দৰ্শনে। উল্লেখ যে, “অমিতাভ” কথাছবিখন ছবিখনত প্ৰথমবাৰৰ বাবে অভিনয় কৰিছে দখলাৰ অলকা দাসে। যিগৰাকী অলকা দাসে সাহসিকতা, ধৈৰ্যশীল তথা ব্যক্তিক্ৰমী কৰ্ম চিন্তাৰে আনৰো অনুপ্ৰেৰণা যোগাই আহিছে। তেখেতৰ জীৱন সংগ্ৰাম কৰি জীৱন নিৰ্বাহ কৰিছে। দাসে সমষ্টিৰ বিভিন্ন প্ৰান্তত ঘৰে ঘৰে গৈ চিলিণ্ডাৰ বিতৰণ কৰি ৰাইজৰ প্ৰশংসা বুটবলৈ সক্ষম হোৱাৰ উপৰিও নিজৰ দক্ষতাৰ জড়িয়তে ৰাজ্য চৰকাৰৰ পৰা বিশেষ বঁটা আৰু আৰ্থিক ভাৱে সহাৰ্য পাবলৈ সক্ষম হৈছে। এইগৰাকী অলকা দাসেও দিৱস দৰ্শনৰ অমিতাভ কথাছবিখনৰ এটি বিশেষ চৰিত্ৰত অভিনয় কৰিছে। সাম্প্ৰতিক সময়ৰ পৰিস্থিতি কিছু শিথিল হ’লেই ‘অভিতাভ’ কথাছবিখন ৰাইজৰ মাজত মুক্ত দিয়াৰ পৰিকল্পনা কৰিছে বুলি জানিবলৈ দিছে পৰিচালক দিৱস দৰ্শনে। আশা কৰিছে দিৱস দৰ্শনে কথাছবিখন অসমবাসী ৰাইজে আকোৱালি ল’ব।