Home Blog Page 2937

ভূৰাগাঁৱৰ সোণডোবা বিলত মীন আইন অমান্য কৰি মাছ নিধনত নামিছে দুষ্টচক্ৰ

মৰিগাঁও জিলাৰ লাহৰীঘাটৰ ভূৰাগাঁও আৰক্ষী থানাৰ অন্তৰ্গত সোণডোবা বিলত বিগত কিছুদিন ধৰি এটা দুষ্টচক্ৰই অসম চৰকাৰৰ মীন আইনক ভৰিৰে মোহাৰি দৈনিক কেইবাখনো ঢেকি জালেৰে কণিযুক্ত আৰু পোনা মাছৰ নিধনত নমা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰিছে স্থানীয় ৰাইজে। উল্লেখ্য যে মীন আইন মতে ১এপ্ৰিলৰ পৰা ১৫ জুলাই লৈকে বিল,জলাশয় আদিত মাছ ধৰা নিষেধ। উল্লেখিত  সময়ছোৱা মাছৰ পোনাদিয়া আৰু বংশবৃদ্ধিৰ সময়। তেনে ক্ষেত্ৰত দৈনিক এনেদৰেই কেইবাখনো ঢেকি জালেৰে মীন আইনক ভৰিৰে মোহাৰি সোণডোবা বিলত কণিযুক্ত আৰু পোনা মাছ নিধন কৰা চক্ৰটোৰ বিৰুদ্ধে মৰিগাঁও জিলা প্ৰশাসনক ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহব্বান জনাইছে অঞ্চলটোৰ ৰাইজে, প্ৰশাসনে এই ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া হব লক্ষ্যণীয়।

নগাবন্ধা গাঁওপঞ্চায়তত অগপ আৰু বিজেপিৰ বন্ধুত্বত ছিৰাল ফাটত সভানেত্রীৰ সংবাদ মেল

মৰিগাঁও জিলাৰ লাহৰীঘাটত এইবাৰ অগপৰ পঞ্চায়ত প্ৰতিনিধিক ব্লেক মেইলিঙত নামিল বিজেপি কৰ্মী । জেহিৰুল ইছলাম নামৰ বিজেপি কৰ্মীজনে নগাবন্ধা গাঁও পঞ্চায়তৰ সভানেত্ৰী লিলুফা খাতুক ভয় ,ভ‍বুকী দেখুৱাই ব্লেকমেইলিঙ কৰি বৃহৎ অংকৰ ধনদাবী কৰাৰ  অভিযোগৰ বিষয়ে সভানেত্ৰী গৰাকীৰ  স্বামীয়ে প্ৰকাশ কৰিলে  সাংবাদিকৰ আগত। ইয়াকে লৈ লাহৰীঘাটত  শাসকী মিত্ৰ দল দুটাৰ মজিয়াত সৃষ্টি হৈছে অস্বস্তিকৰ পৰিবেশ । লাহৰীঘাটৰ  বিজেপি কৰ্মী জেহিৰুল ইছলামে অভিযোগ আনিছিল শাসকীয় মিত্ৰদল অগপৰ পঞ্চায়ত সভানেত্ৰী লিলুফা খাতুনে নগাবন্ধা গাঁও পঞ্চায়তত চৰ্তুদশ বিত্তীয় আয়োগৰ আঁচনি ৰূপায়নৰ নামত কমিচন ৰাজ  চলোবাৰ ।  জেহিৰুলে ৰাজহুবা কৰিছিল সভানেত্ৰী গৰাকীৰ স্বাক্ষৰ সম্বলিত এখন নথি ।  সেইখন নথি য’ত লিখা সভানেত্ৰী গৰাকীয়ে  এটা ৬ লাখ টকীয়া চি চি ব্লক ৰাস্তা ৰ্নিমাণৰ কামৰ বিপৰীতে  ১ লখ ৩০ হাজাৰ টকা কমিচন বন্দবস্ত হৈছিল জেহিৰুল আৰু পঞ্চায়ত সভানেত্ৰীৰ মাজত । এই কমিচনৰ চুক্তি খন ৰাজহুবা কৰাৰ পিছতে হাহাকৰ লাগে সভানেত্ৰী লিলুফা খাতুনৰ  । এনেদৰে বিজেপি কৰ্মী জেহিৰুল এনে কাৰ্য ষড়যন্ত্ৰ আখ্যা দি পঞ্চায়ত সভানেত্ৰী গৰাকীৰ স্বামীৰ প্ৰতি অভিযোগ  বিভিন্ন সময়ত জেহিৰুল ইছলাম নামৰ বিজেপি কৰ্মীজনে ভয় , ভাবুকী দি ধন দাবী কৰি আহিছে ।  এই জন জেহিৰুলে পঞ্চায়তৰ ৰ্দুনীতি ফাদিল কৰাৰ ভাবুকী দি ২ লাখ টকা দাবী কৰিছিল । দাবী কৰা ধন নিদিয়াত পঞ্চায়ত সভানেত্ৰী কাৰ্যালয় পেড চুৰ কৰি নি নিজেই কমিচনৰ চুক্তি খন প্ৰস্ত্তত কৰে । এই সমস্ত ঘটনা সন্দৰ্ভত জেহিৰুলৰ বিৰুদ্ধে লাহৰীঘাট  থানাত ৪১৪ / ২১ এটা গোচৰ পঞ্জীয়ন হৈছে ইতিমধ্যে । উল্লেখ্য যে পঞ্চায়তত  কাম দিয়াৰ বিনিময়ত কমিচন বন্দবস্তিৰ দৰে অনিয়ম এটা এনেদৰে চুক্তিৰ বিষয়টো কিমান গ্ৰহণ যোগ্য । প্ৰকৃত ঘটনা কি , কোন সঁচা কোন মিছা এই সকলোবোৰ আৰক্ষীৰ তদন্তৰ অন্তত হে উত্তৰ উলাব ।

বালিপৰাৰ ১৮ মাইল অকাবস্তিত বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবৈধ নিচাজাতীয় দ্ৰৱ্যৰ বিৰুদ্ধে কঠোৰ অভিযান চলি থকাৰ মাজতে যোৱা কালি শোণিতপুৰ জিলাৰ বালিপাৰাস্থিত ১৮ মাইল অকাবস্তিত আৰক্ষীয়ে বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। ৰাজ্যজুৰি অসম আৰক্ষীয়ে অপৰাধ,হিংসাৰ কাৰক হিচাপে ড্ৰাগছ,অবৈধ সুৰা নিৰ্মূল কৰাৰ অভিযান  চলাই আহিছে যদিও অব্যাহত আছে নিচাজাতীয় দ্ৰব্যৰ অবাধ বেহা। যোৱা কালি এক গোপন সূত্ৰৰ পম খেদি শোণিতপুৰ চাৰিদুৱাৰ আৰক্ষী চকীৰ আৰক্ষী বিষয়া আলিমুদ্দিন আলিৰ নেতৃত্বত এটা আৰক্ষীৰ দলে অভিযান চলাই ১৮ মাইলৰ  অকাবস্তি গাঁৱৰ পৰা বৃহৎ পৰিমানৰ গাঞ্জা জব্দ কৰিবলৈ সক্ষম হয়। অকাবস্তিৰ এখন গেলামালৰ দোকানত দীৰ্ঘদিনৰ পৰা চলাই আহিছিল এই অবাধ বেহা বুলি সূত্ৰটোৱে প্ৰকাশ কৰে। ঘটনা সন্দৰ্ভত গেলামাল দোকানী নৌচাদ আলি নামৰ এজনক গ্ৰেপ্তাৰ।

মৰিগাঁওৰ সাংস্কৃতিক দিশত আগবঢ়া এটি পৰিয়াল নাই কোনো আনুস্থানিক শিক্ষা

মৰিগাঁও নাওকাটা গাৱৰ এজন ব্যক্তি নাম পৱন বৰা ।এসময়ৰত অনাতাৰ কেন্দ্র পৰা অসমৰ বিভিন্ন ঠাইৰ লগতে অসমৰ বাহিৰত গীত পৰিৱেশন কৰি ক্ষ্যাতি অর্জন তথা অনাতাঁৰ কেন্দ্ৰৰ যুৱবানী অনুষ্ঠানত কেইবাবাৰু অশংগ্ৰহন কৰা এগৰাকী শিল্পী তেওঁ কন্ঠত দিহানাম,‌ড.ভুপেন হাজৰিকা ,মহেন্দ্র হাজৰিকাৰ গীত তেওঁৰ কন্ঠত এতিয়াও সুন্দৰকৈ নিগৰি আহে। চৰকাৰী সুবিধাৰ পৰা বঞ্চিত সাংস্কৃতিক দিশত আগবঢ়া পৰিয়ালটি। তেওঁ নাপালে চৰকাৰে প্ৰদান কৰা শিল্পী পেঞ্চন।
কেৱল তেওঁয়েই নহয় তেওঁৰ একমাত্র পুত্র দিব্যজ্যোতি বৰাৰ কন্ঠইও মুগ্ধ কৰিব আপোনাক।কিন্তু নাই কোনো আনুস্থানিক সংগীত শিক্ষা। ইতি মধ্যে চছিয়েল মেডিয়াত সংগীত পৰিৱেশন কৰি নিহাৰ প্রতিম নামেৰে সকলোৰে পৰিচিত হৈ পৰিছে যুৱক জন দেউতাকৰ দৰে আছে অলেখ সপোন ।লাগে মাত্ৰ এখন মঞ্চ।

চাকৰিৰ বিজ্ঞাপনক লৈ ‘অইল’ক পৰেশ বৰুৱাৰ সকীয়নি

ৰাজ্যৰ সকলো যোগ্য প্রার্থীৰ বাবে মুকলি কৰক নিযুক্তি প্রক্রিয়া

তৈল প্রতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডৰ নিযুক্তি প্রক্রিয়া ৰাজ্যৰ থলগিৰি সকলো প্রার্থীৰ বাবে মুকলি ৰাখিবলৈ সকীয়াই দিছে আলফা (স্বাধীন)ৰ সেনাধ্যক্ষ পৰেশ বৰুৱাই৷ শেহতীয়াকৈ অইলে প্রকাশ কৰা নিযুক্তিৰ বিজ্ঞাপনক লৈ প্রতিক্রিয়া প্রকাশ কৰি সেনাধ্যক্ষ বৰুৱাই কয় যে অসমৰ প্রাকৃতিক সম্পদসমূহৰ প্রকৃত অধিকাৰী অসমৰ থলগিৰি জনসাধাৰণ৷ সেয়েহে এই সম্পদসমূহৰ ওপৰত গঢ় লৈ উঠা উদ্যোগ প্রতিষ্ঠানসমূহৰ চাকৰিৰ লগতে অন্যান্য সা–সুবিধাসমূহ উপভোগ কৰিবলৈ পোৱাটো প্রতিজন থলগিৰিৰ অধিকাৰ৷ উল্লেখ্য যে শেহতীয়াকৈ অইল ইণ্ডিয়া লিমিটেডে প্রকাশ কৰা এক নিযুক্তি বিজ্ঞাপন অনুসৰি অসমৰ চাৰি জিলা ক্রমে তিনিচুকীয়া, ডিব্রুগড়, চৰাইদেউ, শিৱসাগৰ আৰু অৰুণাচল প্রদেশৰ চাংলাং জিলাৰ প্রার্থীৰ পৰাহে আবেদন বিচাৰিছে৷

অইলৰ এই কার্যত ক্ষুণ্ণ হৈ পৰা আলফা (স্বাধীন)–এ এক বিবৃতিত নিজৰ প্রতিক্রিয়া প্রকাশ কৰি কয়– ‘উক্ত চাৰি জিলা আৰু অৰুণাচল প্রদেশৰ চাংলাং জিলাৰ প্রার্থীসকলৰ বাবেহে চাকৰি মকৰলৰ জাননী জাৰি কৰি বাকী জিলাৰ যোগ্য প্রার্থীসকলক এই সুবিধাৰ পৰা বঞ্চিত কৰা আমাৰ দৃষ্টিগোচৰ হৈছে৷ অইল ইণ্ডিয়া লিমিটেডৰ এনে পক্ষপাতমূলক কার্যৰ বিৰোধিতা কৰিছোঁ৷ অইল ইণ্ডিয়া লিমিটেডে চাকৰি মকৰলৰ ক্ষেত্রত কেৱল এই চাৰি জিলাৰ প্রার্থীক সুবিধা প্রদান কৰাৰ পৰিৱর্তে আর্থিক দৈন্যৰ প্রতি লক্ষ্য ৰাখি সমগ্র অসমৰ থলুৱা যোগ্য প্রার্থী উপকৃত হ’ব পৰাকৈ ব্যৱস্থা গ্রহণ কৰক৷’
আলফাৰ দাবী আশ্চর্যজনকঃ মৰাণ ছাত্র সন্থা
অইল ইণ্ডিয়া লিমিটেডে শেহতীয়াকৈ প্রকাশ কৰা কানিষ্ঠ সহায়ক পদৰ বিজ্ঞাপনৰ ক্ষেত্রত সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ বক্তব্য সন্দর্ভত সদৌ মৰাণ ছাত্র সন্থাই প্রতিক্রিয়া প্রকাশ কৰিছে৷ সদৌ মৰাণ ছাত্র সন্থাৰ সভাপতি নৱ মৰাণ আৰু সাধাৰণ সম্পাদক মুনীন দুৱৰাই এক প্রেছ বিজ্ঞপ্তিৰ জৰিয়তে প্রতিক্রিয়া প্রকাশ কৰি কয় যে অইল ইণ্ডিয়া লিমিটেডৰ অপাৰেচন এলেকা হিচাপে বর্তমান তিনিচুকীয়া, ডিব্রুগড়, শিৱসাগৰ, চৰাইদেউ জিলাৰ লগতে অৰুণাচল প্রদেশৰ চাংলাং জিলাত খনন, উৎপাদন আৰু পৰিবহণ কার্য চলাই আহিছে৷ তেনেস্থলত অইল ইণ্ডিয়াৰ যিমানবোৰ নিযুক্তি দিয়া হয়, সেয়া কেৱল অইল অপাৰেচন অঞ্চলৰ পৰাই নিযুক্তি প্রদান কৰিব লাগে৷

সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ তৰফৰ পৰা নিযুক্তিৰ ক্ষেত্রত অসমৰ সকলো থলুৱাক সমভাৱে বিবেচনা কৰিবৰ বাবে যি দাবী উত্থাপন কৰিছে, সেয়া সদৌ মৰাণ ছাত্র সন্থাই আশ্চর্যজনক বুলি মত প্রকাশ কৰিছে৷ অসমৰ সকলো খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ সমমর্যাদা আৰু সমবিকাশৰ মতাদর্শৰে পৰিচালিত সদৌ মৰাণ ছাত্র সন্থাই গোষ্ঠীগত সংকীর্ণতা নেওচি আগুৱাই গৈছে৷ তৎসত্ত্বেও আলফা (স্বাধীন)ৰ এনে আহ্বান বাস্তৱসন্মত নহয়৷ অইল ইণ্ডিয়া লিমিটেডৰ অইল তৈলক্ষেত্র স্থাপনৰ ফলত হাজাৰ হাজাৰ কৃষিভূমি চিৰদিনৰ বাবে হেৰুৱাই পেলোৱা, চিৰকাল প্রদূষণৰ কবলত পতিত হোৱা ৰাইজৰ সমবেদনা বাহিৰত থাকি কোনোৱে উপলব্ধি কৰিব নোৱাৰে৷

মৰাণ অধ্যুষিত বাৰেকুৰি, বাঘজান, মামৰণি, লাংকাছি, শুকানি, হেবেদা আদি অঞ্চলৰ কৃষিজীৱী ৰাইজ কেনেদৰে অইলৰ দ্বাৰাই সর্বস্বান্ত হ’ল, সেই কথা স্বচক্ষুৰে নেদেখা মানুহে বুজি পাব নোৱাৰে৷ সমান্তৰালভাৱে ডিব্রুগড়, শিৱসাগৰ, চৰাইদেউ, অৰুণাচলৰ চাংলাং জিলা আদিসমূহৰ ভূমিপুত্রসকলৰ তৈলক্ষেত্র সম্প্রসাৰণৰ ফলত ধ্বংসমুখী সমাজ জীৱন কটাব লগা হৈছে৷ তৎসত্ত্বেও অইল কর্তৃপক্ষই এই বৃহৎ জনগণৰ প্রতি নিযুক্তিৰ দিশতেই নহয়, সামাজিক দায়বদ্ধতাৰ অধীনত কৰিবলগীয়া উন্নয়নমূলক কর্মক্ষেত্রতো প্রতাৰণা কৰি আহিছে৷ গতিকে এনে প্রতাৰণা ওৰ পৰিব লাগিব বুলি সদৌ মৰাণ ছাত্র সন্থাই ব্যক্ত কৰিছে৷ তৈলক্ষেত্রসমূহৰ ফলত ক্ষতিগ্রস্ত হোৱা ৰাইজৰ সকলো ক্ষেত্রতে আলফা (স্বাধীন)–এ মাত মতা উচিত বুলি সদৌ মৰাণ ছাত্র সন্থাই বিবেচনা কৰে৷ গতিকে অইল অধ্যুষিত অঞ্চলৰ ক্ষতিগ্রস্ত হোৱা যোগ্যতাসম্পন্ন প্রার্থীসকলক নিযুক্তি প্রদানৰ লগতে অইল ইণ্ডিয়া লিমিটেডৰ খালী হৈ থকা সকলো পদ শীঘ্রে পূৰণ কৰিবলৈ অইল ইণ্ডিয়াক সদৌ মৰাণ ছাত্র সন্থাই দাবী জনাইছে৷

অৰুনাচল প্ৰদেশত হোৱা প্ৰবল বৰষুণৰ ফলত ডুবিল চিলাপথাৰৰ মুক্তিয়াৰ পঞ্চায়তৰ বহু অঞ্চল

যোৱা নিশা চুবুৰীয়া ৰাজ্য অৰুনাচল প্ৰদেশত হোৱা প্ৰবল বৰষুণৰ ফলত ঘঘৰা নদীয়েদি নামি অহা পানীৰ ধলে ডুবাই ৰাখিছে চিলাপথাৰৰ মুক্তিয়াৰ পঞ্চায়তৰ বহু অঞ্চল৷ পুৱাৰ ভাগত অহা প্ৰবল বানে মুক্তিয়াৰ পঞ্চায়তৰ মহাৰাণীপুৰ, ২ নং কমলপুৰ, ১ নং কাকোবাৰী, বোকাবিল, কাকোবাৰী কমলপুৰ, দহঘৰীয়া আদি গাঁও ডুবাই ৰখাৰ লগতে বিস্তৰ ক্ষতিসাধন কৰে৷ বানৰ ফলত চিলাপথাৰ নগৰলৈ কাম কৰিবলৈ অহা শ্ৰমিক-কৰ্মচাৰীসকল কৰ্মস্থলীলৈ আহিব নোৱাৰিলে৷ সম্প্ৰতি সম্পূৰ্ণ বাঢ়নী পানীৰ তলত বাসগৃহ, খেতিপথাৰ, পথ আদি৷ প্ৰতিবছৰে এনেদৰে ঘঘৰা নদীৰ বাঢ়নী পানীৰ ফলত সৰ্বশ্ৰান্ত হোৱা বৃহৎ অঞ্চলৰ ৰাইজে বিজ্ঞানসন্মতভাৱে বান সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ চৰকাৰক দাবী জনাইছে৷

আন্তঃজিলা যাতায়তৰ ক্ষেত্ৰত আজি কিছু শিথিলতা :এখন জিলাৰ পৰা আন এখন জিলালৈ কৰিব পাৰিব যাতায়ত

উপযুক্ত প্ৰমাণ দেখুৱাই কৰিব পাৰিব যাতায়ত,কেৱল পৰীক্ষাৰ্থীৰ বাবে এটা দিনৰ বাবে এই সুবিধা প্ৰদান,টুইটযোগে এই কথা জনাইছে জি পি সিঙে

খৰাঙৰ কবলত পৰিছে ওৰাং মৌজা :পৰ্যাপ্ত পৰিমাণৰ বৰষুণ নাই

পুনৰ খৰাঙৰ কবলত পৰিছে  ওদালগুৰি জিলাৰ ওৰাং মৌজা ।প্ৰতিদিনে মেঘে ওন্দোলাই আছে যদিও পৰ্যাপ্ত পৰিমাণে বৰষুণ হোবা নাই । ফলত আহাৰৰ প্ৰথমটো সপ্তাহতো  মাজবাট ৰাজহ চক্ৰৰ অধীনস্থ ওৰাং মৌজাৰ কৃষক সকলে শালীধানৰ কঠিয়া   এতিয়ালৈকে ৰুব পৰা নাই। জলসিঞ্চনৰ ব্যৱস্থা নথকা মৌজাটোৰ কৃষক  সকলে অইন বছৰ জেঠৰ শেষ আৰু আহাৰৰ প্ৰথম সপ্তাহত শালিধানৰ কঠিয়া ৰুই বছৰৰ প্ৰথমটো গোজ মাঙ্গলিক অনুষ্ঠানেৰে আৰাম্ভ কৰে যদিও এইবেলি পৰ্যাপ্ত পৰিমাণৰ বৰষুণ নোহোৱাৰ বাবে এই পৰ্যন্ত এমুঠি শালী ধানৰ কঠীয়া ৰুব পৰা নাই কৃষক সকলে ।পুৰ্বতে মেচিনেৰে পানী সিচিঁ কঠিয়া পাৰি শালিধান ৰুবলৈ কৃষক সসকলে মাটি তৈয়াৰ কৰি লৈছিল যদিও বৰষুনৰ অভাবত আজি পৰ্য্যন্ত শালিধান ৰুব পৰা নাই ওৰাং মৌজাৰ কৃষক সকলে। উপায়ন্তৰ হৈ  ৭০ মাজবাট বিধান সভা সমষ্টিৰ  ওৰাং মৌজাৰ কৃষ্ণক সকলে মূৰে কপালে হাত সাবতি বহি থাকিবলগীয়া হৈছে । কাৰন ৭০ শতাংশ কৃষকে বৰষুন পানীৰে  কৃষি কাৰ্য্য সমাপন কৰে ।যদিও এইবেলি বৰষুণৰ অভাবত এই  পৰ্য্যন্ত এদৰা মাটি ৰুব পৰা নাই ওৰাং মৌজাৰ কৃষক সকলে । এনেদৰে আৰু এসপ্তাহ যদি ওৰাং মৌজাত বৰষুণ নিদিয়ে তেনেহলে কৃষক সকলক খাদ্য সংকটত  পৰাটো নিশ্চিত ।

নেঘেৰিটিং চাহ বাগিছালৈ সাংসদ গৌৰৱ গগৈৰ এম্বুলেঞ্চ প্ৰদান

ক’ৰনা কালৰ মাজতে দেৰগাঁৱৰ নেঘেৰিটিং চাহ বাগিছা চিকিৎসালয়ৰ বাবে এক ভাল খবৰ কঢ়িয়াই আনিছে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰব গগৈয়ে। উল্লেখ্য যে, গৌৰব গগৈয়ে সাংসদ উন্নয়ন পূজিৰ ধনেৰে দেওবাৰৰ দিনটোত নেঘেৰিটিং চাহ বাগিছা চিকিৎসালয়ৰ ৰোগী সকলৰ সুবিধাৰ বাবে প্ৰদান কৰিলে এখন এম্বুলেঞ্চ । এম্বুলেঞ্চ প্ৰদান অনুষ্ঠান উপল্যক্ষে দেওবাৰে সাংসদ গৰাকী চিকিৎসালয় চৌহদত উপস্থিত হোৱাৰ পিছতে চাহ বাগিছা কতৃপক্ষ, চিকিৎসালয় কতৃপক্ষ অসম চাহ জনজাতি ছাত্র সন্থা আৰু স্থানীয় ৰাইজে উষ্ম আদৰণি জনায়। ৰাইজৰ সম্বৰ্ধনা গ্ৰহনৰ পিছতে গৌৰব গগৈয়ে ফিটা কাটি চালকৰ আসনত বহি এম্বুলেঞ্চখন ৰাইজৰ বাবে মুকলি কৰে।  সাংসদ গৰাকীৰ উপস্থিতিতে নেঘেৰিটিং চাহ বাগিছা ৰংগমঞ্চত কভিড প্ৰটক’লৰ মাজেৰে  একাংশ লোকৰ অংশগ্ৰহনেৰে এখনি সভা অনুষ্ঠিত হয়। কাকডোঙা ব্লক কংগ্ৰেছৰ সভাপতি ভবেন গগৈয়ে আঁত ধৰা সভাখনিত কংগ্ৰেছৰ যুৱনেতা কৃষ্ণ কান্ত দাস, বাণী হাজৰিকা, দেৰগাঁও পঞ্চায়তৰ সভাপতি আনোৱাৰ হুচেইন, কাকডোঙা আঞ্চলিক পঞ্চায়তৰ সভাপতি ৰছিদ আলিকে ধৰি কংগ্ৰেছৰ বহু কেইজন বিষয়ববীয়াৰ লগতে চাহ জনজাতি ছাত্র সন্থাৰ প্ৰফুল্ল কুৰ্মী, জীৱন মিৰ্ধা, দয়াৰাম ৰবিদাস, ভাইটি ৰবিদাস আদি ব্যক্তি সকল উপস্থিত থাকে ।সভাত সাংসদ গৰাকীয়ে বৰ্তমান চৰকাৰখনে মূল্য বৃদ্ধিৰ বোজাই সাধাৰণ জনতাক কি দৰে কোঙা কৰি পেলাইছে সেই বিষয়ে বক্তব্য ৰখাৰ উপৰিও  উচ্চ আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষা হোৱা-নোহোৱা বিষয় সৰ্ন্দভত বহু গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে। সভাখনিৰ শলাগৰ শৰাই আগবঢ়াই নেঘেৰিটিং চাহ বাগিচাৰ সহ পৰিচালক উমাশংকৰ কুৰ্মীয়ে।

টকিঅ’ অলিম্পিকত ভাৰতীয় দলক ‘Chef De Mission’ হিচাপে নেতৃত্ব দিব সাংসদ বীৰেন্দ্ৰ কুমাৰ বৈশ্যই

আগন্তুক টকিঅ’ অলিম্পিকৰ বাবে ভাৰতীয় দলক ‘Chef De Mission’ হিচাপে নেতৃত্ব দি আগুৱাই নিব অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই। অসমৰ বাবে এয়া নিতান্তই এক গৌৰৱৰ বিষয়। অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ সৈতে সাংসদ বৈশ্যৰ গুৱাহাটীস্থিত বাসগৃহত উপস্থিত হৈ তেখেতক সম্বৰ্ধনা জনায় আৰু আন্তৰিক অভিনন্দন তথা শুভকামনা জ্ঞাপন কৰে অসম গণ পৰিষদৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাই। অভিনন্দন জনাই মন্ত্ৰী বৰাই আশা প্ৰকাশ কৰি কয়- সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ সবল নেতৃত্বত ভাৰতীয় দলে টকিঅ’ অলিম্পিকত আশানুৰূপ ফলাফল প্ৰদৰ্শনেৰে দেশলৈ সুনাম কঢ়িয়াই আনিব।