নিজৰ প্ৰতিভাৰ স্বীকৃতি স্বৰূপে সদ্য প্ৰকাশিত ইণ্ডিয়া বুক অফ ৰেকৰ্ডছ ২০২১ ত নিজৰ নাম অন্তৰ্ভূক্ত কৰিবলৈ সক্ষম হৈছে সোণাৰিৰ এগৰাকী ছাত্ৰ। এটা কণীৰ খোলাত বিশ্বৰ ১৩৮ খন দেশৰ পতাকা অংকন কৰি ইণ্ডিয়া বুক অফ ৰেকৰ্ডছত নাম অন্তৰ্ভুক্ত কৰিছে সোণাৰিৰ ছেংগিছ হাছান নামৰ ছাত্ৰ গৰাকীয়ে। এক ঘণ্টা চল্লিশ মিনিট আঠ চেকেণ্ডত ১৩৮ খন দেশৰ পতাকা অংকন কৰি এই সফলতা লাভ কৰিছে ছেংগিজে। সোণাৰিৰ বিশিষ্ট সমাজকৰ্মী ইনামূল হুছেইন আৰু নাজমা বেগমৰ পুত্ৰ চেংগিজৰ এই সফলতাৰ পাছত শেহতীয়াকৈ এছিয়া বুক অফ ৰেকৰ্ডছৰ বাবেও নাম মনোনীত কৰা বুলি জানিব পৰা গৈছে। ডিব্ৰুগড়ত আইনৰ শিক্ষা গ্ৰহণ কৰি থকা চেংগিজৰ সাফল্যত উৎফুল্লিত হৈ পৰিছে অভিভাৱকৰ লগতে শুভাকাংক্ষীসকল। চিত্ৰ শিল্পৰ লগতে ফটোগ্ৰাফী আৰু সংগীত ক্ষেত্ৰখনৰ প্ৰতিও বিশেষ ভাৱে আগ্ৰহী চেংগিজে ইতিমধ্যে কেইবাটাও ৰাষ্ট্ৰীয় তথা ৰাজ্যিক পৰ্যায়ৰ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে।
গোলাঘাটৰ এগৰাকী ব্যৱসায়ীৰ সুকীয়া পদক্ষেপ
ক’ভিড সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাটৰ এজন ব্যৱসায়ীয়ে আগবঢ়াইছে সুকীয়া সুবিধা । ক’ভিডৰ দুয়োটা পালি প্ৰতিষেধক গ্ৰহণ কৰা লোকৰ বাবে এই বিশেষ সুবিধা । গোলাঘাটৰ এগৰাকী ব্যৱসায়ীয়ে ক’ভিডৰ দুটা পালি লোৱা সকলৰ বাবে আগবঢ়াইছে এক বিশেষ ৰেহাই। মূল্যবৃদ্ধিত জৰ্জৰিত গোলাঘাটবাসীলৈ গোলাঘাটৰ প্ৰগতি উদ্যোগ নামৰ ব্যৱসায়ী প্ৰতিষ্ঠানটোৰ আকৰ্ষণীয় অফাৰ। দুয়োপালি ভেকচিন লোৱা লোকক মিঠাতেলত ৫ টকা আৰু অন্যান্য সা-সামগ্ৰীত ৫% ৰেহাই গোলাঘাটৰ এইখন বিশেষ ব্যৱসায়িক প্ৰতিষ্ঠানৰ। সম্পূৰ্ণ পৰম্পৰাগত পদ্ধতিৰে স্বাস্থ্যসন্মত কৃষিজাত সামগ্ৰীৰ ৰেহাই মূল্যত গ্ৰাহকৰ বাবে উপলব্ধ কৰি চৰ্চাত গোলাঘাটৰ প্ৰদীপ গাৰোডিয়া। নিজৰ ব্যৱসায়ী প্ৰতিষ্ঠানটোত চকুৰ সন্মুখতে মিলত সৰিয়হ পেৰি ৰেহাই মূল্যত মিঠাতেল বিক্ৰী কৰিছে ব্যৱসায়ী জনে। ক’ভিডৰ এই জটিল সন্ধিক্ষণত এজনে আনজনক সহায়ৰ হাত আগবঢ়োৱা গাৰোডিয়াৰ এই পদক্ষেপক শলাগ লৈছে সকলোৱে।
১৮টা বন্যহস্তীৰ মৃত্যুৰ ঘটনাক লৈ মুখ্যমন্ত্ৰীৰ ঘোষণাক আদৰণি অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ
যোৱা ১৩ মে’ত বঢ়মপুৰৰ তপতজুৰিত ১৮টাকৈ বন্যহস্তীৰ মৃত্যু হোৱাৰ ঘটনাৰ তদন্তৰ প্ৰতিবেদনক লৈ অসমৰ মুখ্যনন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অসন্তুষ্টি ব্যক্ত কৰাৰ লগতে এই প্ৰতিবেদন ৩ মাহৰ ভিতৰত প্ৰদান কৰিবলৈ বন বিভাগক নিৰ্দেশ দিয়াৰ কাৰ্যক সমৰ্থন জনাইছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে।
আনহাতে, প্ৰয়োজনত এই তদন্ত নিজে কৰিম বুলি মুখ্যমন্ত্ৰীয়ে লোৱা সিদ্ধান্তকো আদৰণি জনাইছে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নগাঁও জিলা সমিতিয়ে। আজি সংগঠনটোৰ নগাঁও জিলা সমিতিৰ সাধাৰণ সম্পাদক প্ৰাগজ্যোতিষ বণিয়াই এই সংক্ৰান্তত সংবাদ মাধ্যমক কয়, “বঢ়মপুৰৰ তপতজুৰি পাহাৰত বন্যহস্তী নিধন সন্দৰ্ভত বনবিভাগে দিয়া প্ৰতিবেদন যে ভুৱা আছিল সেয়া মুখ্যমন্ত্ৰী গৰাকীৰ মন্তব্যৰ পৰা স্পষ্ট হৈছে। আমি মুখ্যমন্ত্ৰী গৰাকীৰ স্থিতিত সন্তুষ্ট। আমি তেঁওক এই ঘটনাৰ উচিত তদন্ত কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে তপতজুৰিৰ জৈৱ-বৈচিত্ৰ ৰক্ষাৰ বাবেও আহ্বান জনাইছো।”
আনহাতে সংগঠনটোৱে তপতজুৰিৰ পৰা কাজিৰঙালৈ থকা বন্যহস্তীৰ পথ সুৰক্ষিত কৰাৰ বাবেও আহ্বান জনায়। তেওঁলোকে লগতে কয়, বন বিভাগে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে বিভাগটোলৈ প্ৰেৰণ কৰা পত্ৰৰ উত্তৰ আজিকোপতি দিব নোৱাৰিলে। সেয়ে এই ঘটনাৰ আঁৰত যে ৰহস্য নিহিত হৈ আছে সেয়াও নিশ্চিত।
ভাৰতবর্ষৰ ৰাইজক নিষ্ঠাৰে সেৱা কৰাই মোৰ প্রধান দায়িত্ব: প্রধানমন্ত্রী মোদীক ধন্যবাদ সোণোৱালৰ
অসমৰ লগতে ভাৰতবর্ষৰ ৰাইজৰ নিষ্ঠাৰে সেৱা আগবঢ়াই যোৱাটো মোৰ প্রধান দায়িত্ব আৰু কর্তব্য হ’ব৷ –বুধবাৰে সন্ধিয়া ৰাষ্ট্রপতি ভৱনত কেন্দ্রীয় মন্ত্রী হিচাপে শপতগ্রহণ কৰাৰ পাছত সংবাদ মাধ্যমৰ আগত এইদৰে মন্তব্য কৰে সর্বানন্দ সোণোৱালে৷ দ্বিতীয়বাৰৰ কাৰণে দেশৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে তেওঁক কেন্দ্রীয় মন্ত্রীসভাত অন্তর্ভুক্ত কৰি দেশসেৱা কৰিবৰ কাৰণে যি সুযোগ দিলে, তাৰ বাবে প্রধানমন্ত্রী মোদীক আন্তৰিকতাৰে ধন্যবাদ জ্ঞাপনৰ লগতে কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, ভাৰতীয় জনতা পার্টীৰ ৰাষ্ট্রীয় অধ্যক্ষ জে পি নাড্ডাকো ধন্যবাদ জ্ঞাপন কৰি সোণোৱালে কয়– মোৰ বাবে এইটো এটা সৌভাগ্যৰ বিষয়৷ আগন্তুক দিনত মই নিশ্চিতভাৱে ভাৰতবর্ষৰ জনগণক নিষ্ঠাৰে সেৱা আগবঢ়োৱাৰ বাবে কাম কৰিব পাৰিম৷ অসমৰ বৰাক–ব্রহ্মপুত্র, পাহাৰ–ভৈয়ামৰ ৰাইজলৈও আন্তৰিকতাৰে শ্রদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰি সোণোৱালে কয় যে তেখেতসকলৰ আশীর্বাদৰ বাবেই আজি এইবোৰ সম্ভৱ হৈছে৷ সকলো সময়তে অসমৰ ৰাইজ যোৱা দিনবিলাকত যেনেধৰণে সহায় কৰি আহিছে সেইকথা কেতিয়াও পাহৰিব নোৱাৰোঁ৷
মাজুলীবাসী ৰাইজকো আন্তৰিকতাৰে শ্রদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে তেখেতসকলেও তেওঁক সকলো সময়তে যিখিনি মৰম–চেনেহ দেখুৱাই আহিছে তাৰ বাবে তেখেতসকলৰ ওচৰতো চিৰকৃতজ্ঞ৷ সোণোৱালে পুনৰ কয়– মই বিশ্বাস ৰাখিছোঁ যে অসম তথা উত্তৰ–পূর্বাঞ্চলৰ ক্ষিপ্র উন্নয়নৰ বাবে যোৱা দিনবিলাকত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে যি পদক্ষেপ লৈছে, আগন্তুক দিনত তেওঁৰ যি সপোনৰ ভাৰতবর্ষৰ ভিতৰত উত্তৰ–পূর্বাঞ্চলক অন্যতম শক্তিশালী কেন্দ্রবিন্দু হিচাপে গঢ়ি তোলাৰ, সেই ক্ষেত্রতো নিশ্চিতভাৱে ইন্ধন যোগাবৰ বাবে ময়ো এটা সুযোগ লাভ কৰিছোঁ আৰু মোৰ দৃঢ়বিশ্বাস অসমৰ ৰাইজৰ সহযোগত এইখিনি কামত আমি যথেষ্ঠখিনি অগ্রসৰ হ’ব পাৰিম, সফল হ’ব পাৰিম৷ সোণোৱালে লগতে অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ নেতৃত্বত গঠিত চৰকাৰখনে যি দৃঢ়তাৰে কাম আৰম্ভ কৰিছে তাকো সফল কৰাৰ বাবে সকলোকে মিলি কাম কৰাৰ আহ্বান জনায়৷ দলৰ প্রতিগৰাকী কার্যকর্তা, বিধায়ক, সাংসদ আটাইকে কৃতজ্ঞতা আৰু শ্রদ্ধা জ্ঞাপন কৰি আগন্তুক দিনত সকলোৱে মিলি কাম–কাজত অগ্রসৰ হোৱাৰো আশা প্রকাশ কৰে৷
ইপিনে, কেন্দ্রীয় মন্ত্রী হিচাপে সোণোৱালে শপত গ্রহণ কৰাৰ পাছতেই নতুন দিল্লীৰ বাসগৃহত উপস্থিত হৈ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই তেওঁক অভিনন্দন আৰু শুভেচ্ছা জ্ঞাপন কৰে৷ সোণোৱালক কেন্দ্রীয় মন্ত্রীসভাত অন্তর্ভুক্ত কৰাৰ বাবে মুখ্যমন্ত্রী ড০ শর্মাই সংবাদ মাধ্যমৰ আগত প্রধানমন্ত্রী মোদীক ধন্যবাদ জ্ঞাপন কৰি কয় যে সন্তোষমোহন দেৱৰ পাছত অসমে সর্বানন্দ সোণোৱালক কেন্দ্রীয় মন্ত্রীসভাত কেবিনেট মন্ত্রী হিচাপে লাভ কৰিলে৷ ইয়াৰ ফলত অসমৰ গৌৰৱ বৃদ্ধি হৈছে৷ এইবাৰ কেন্দ্রীয় মন্ত্রীসভাত উত্তৰ–পূর্বাঞ্চলৰ পৰা দুজনকৈ কেবিনেট মন্ত্রী আৰু তিনিজনকৈ ৰাজ্যিক মন্ত্রী হৈছে৷ এয়া অঞ্চলটোৰ বাবে বিৰল ক্ষণ৷ পূর্বতে অঞ্চলটোৱে ইমান গুৰুত্ব লাভ কৰা নাছিল৷ প্রধানমন্ত্রী মোদীৰ উত্তৰ–পূবৰ প্রতি থকা বিশাল মৰম ইয়াৰ দ্বাৰা প্রতিফলিত হৈছে৷ ইয়াৰ ফলত ৰাষ্ট্র নির্মাণত উত্তৰ–পূবে বৰঙণি আগবঢ়াব পাৰিব৷ তেওঁলোকে ভাৰতবর্ষৰ বাবে কাম কৰাৰ লগতে অসমকে ধৰি উত্তৰ–পূবৰ বিকাশৰ ক্ষেত্রত সোণোৱালী যাত্রা আৰম্ভ হ’ব বুলি মুখ্যমন্ত্রী ড০ শর্মাই আশা প্রকাশ কৰে৷
কাৰ্বি আংলং জিলাৰ খটখটিত ব্ৰাউন চুগাৰসহ তিনিজনক আটক।
বোকাজান আৰক্ষী চকীৰ অধীনত আৰক্ষীয়ে নিষিদ্ধ যুক্ত ব্ৰাউন চুগাৰ সহ তিনিজনক লোকক আটক কৰিবলৈ সক্ষম হয়।
আটক হোৱা ব্যক্তি কেইজন হৈছে ক্ৰমে-
১) মুহিবোৰ ৰহমান (23)
২) অবিদ হুচেইন (23)
৩) ইমদাদূৰ ৰহমান (23)
জানিব পৰা মতে তিনি সৰবৰাহকাৰী কেইজন কৰিমগঞ্জ জিলাৰ বদৰপুৰৰ নিবাসী । ডিমাপুৰ দিশৰ পৰা আহি থকা এখন নাম্বৰ বিহীন যাত্ৰীবাহী অটো ৰিক্সৰ পৰা জব্দ কৰিবলৈ সক্ষম হয় ব্ৰাউন চুগাৰখিনি । 5 টা বাকচত আনিছিল ব্ৰাউন চুগাৰ খিনি। ব্ৰাউন চুগাৰ খিনিৰ ওজন 62.55 গ্ৰাম বুলি জানিব পৰা গৈছে । জব্দকৃত ব্ৰাউন চুগাৰ খিনিৰ আন্ত:ৰাষ্ট্ৰীয় বজাৰৰ মূল্য প্রায় 40 লাখৰো অধিক বুলি জানিব পৰা গৈছে ।
আইএছআইক তথ্য যোগান ধৰা সেনাৰ দুই জোৱানক গ্রেপ্তাৰ আৰক্ষীৰ
সংঘর্ষজর্জৰ আফ্রিকান ৰাষ্ট্র দক্ষিণ ছুডানত ভয়াৱহ খাদ্য সংকটে দেখা দিছে৷ ৰাষ্ট্রসংঘৰ শিশু কল্যাণ সংস্থা ইউনিচেফৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি দেশখনৰ ৪৫ লাখ শিশুক শীঘ্রে মানৱীয় সাহায্য প্রদান নকৰিলে পৰিস্থিতি জটিল হৈ পৰিব৷ সংঘর্ষৰ উপৰি জলবায়ু পৰিৱর্তনৰ প্রতিকূল প্রভাৱ পৰিছে দেশখনত৷
বিশেষকৈ অতিবৃষ্টি আৰু খৰাং পৰিস্থিতিয়ে বিগত কেইটামান বছৰৰ ভিতৰত দেশখনত খাদ্য শস্যৰ উৎপাদন হ্রাস কৰিছে৷ ইয়াৰ ফলতে শিশুৰ মৃত্যুৰ হাৰ অভাৱনীয়ভাৱে বৃদ্ধি পাইছে দেশখনত৷ লক্ষণীয়ভাৱে অপুষ্টিৰ বলি হ’বলগীয়া হৈছে লাখ লাখ শিশু৷ একে সময়তে অশিক্ষা আৰু অস্বাস্থ্যৰ অন্ধকাৰত কটাবলগীয়া হৈছে দেশখনৰ ২৮ লাখ শিশু৷ এই শিশুসকলে আজিও বিদ্যালয়ৰ মজিয়া গচকি পোৱা নাই৷
কেন্দ্ৰীয় মন্ত্ৰী সভাত নতুনকৈ অন্তৰ্ভুক্ত হ’ব লগীয়াসকল
শ্ৰী নাৰায়ণ টাটু ৰামে
শ্ৰী সৰ্বানন্দ সোনোৱাল
ড° বিৰেন্দ্ৰ কুমাৰ
শ্ৰী জ্যোতিৰাদিত্য ম সিন্ধিয়া
শ্ৰী ৰাম চন্দ্ৰ প্ৰসাদ সিং
শ্ৰী অশ্বনী বৈষ্ণৱ
শ্ৰী প্ৰসো প্ৰতি কুমাৰ পৰশ
শ্ৰী কিৰণ ৰিজিজু
শ্ৰী ৰাজ কুমাৰ সিং
শ্ৰী সৰদ্বিপ সিং পুৰী
শ্ৰী মনশোক মণ্দভীয়া
শ্ৰী ভুপেন্দ্ৰ য়াদৱ
শ্ৰী পুৰুষোত্তম ৰুপলা
শ্ৰী জি কৃষ্ণ ৰেদ্দী
শ্ৰী অনুৰাগ সিং ঠাকুৰ
শ্ৰী পংকজ চৌধুৰী
শ্ৰী যুক্তা অণু প্ৰিয়া সিং পেটেল
ড° সত্য পাল সিং ভোগলে
শ্ৰী ৰাজীৱ চন্দ্ৰ শেখৰ
শুশ্ৰী সুভা কৰণণ্দলাজে
শ্ৰী ভাণু প্ৰতাপ সিং বাৰ্মা
শ্ৰীযুতা দৰ্শনা বিক্ৰাম জৰদ’ছ
শ্ৰীযুতা মিণাক্ষী লক্ষি
শ্ৰীযুতা অন্নুপুৰাণা দেৱী
শ্ৰী এ নাৰায়ণস্বামী
শ্ৰী কোশল কিশোৰ
শ্ৰী অজয় ভাট
শ্ৰী বি এল বাৰ্মা
শ্ৰী অজয় কুমাৰ
শ্ৰী চৌহান দেবাশীষ
শ্ৰী ভগৱন্ত খোব্বা
শ্ৰী কপীল মহেশ্বৰ পেটেল
সুৰেশ প্ৰতিম ভৌমিক
ড° সুভাষ চৰকাৰ
ড° ভগৱত কৃষ্ণ ৰাও কাৰাড
ড° ৰাজকুমাৰ ৰঞ্জন সিং
ড° ভাৰতী প্ৰবীণ পাৱাৰ
শ্ৰী বিশ্বেশ্বৰ তুদু
শ্ৰী শান্তনু ঠাকুৰ
ড° মুঞ্জাপাৰা মহেন্দ্ৰভাই
শ্ৰী জ’ন বাৰ্লা
ড° এৰ মুৰুগান
শ্ৰী নিসিষ প্ৰমাণিক
মৈৰাবাৰীৰ আৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ নিষিদ্ধ ব্ৰাউন চুগাৰসহ ৬ অবৈধ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ
নৱ প্ৰজন্মৰ অভিশাপ স্বৰূপ নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে মৰিগাঁও জিলাৰ মৈৰাবাৰী আৰক্ষীয়ে চলোৱা অভিযানত নিতৌ ধৰা পৰিছে নিষিদ্ধ ড্ৰাগছ সৰবৰাহকাৰী তথা অন্যান্য নিচাজাতীয় দ্ৰব্যৰ ব্যৱসায়ৰ লগত জড়িত থকা বহু দুষ্ট চক্ৰ। কালি পুৱা মৈৰাবাৰী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মৃদুল হাজৰিকাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে মৈৰাবাৰী থানাৰ অন্তৰ্গত পলাহজুৰী গাঁৱৰ আশ্বাদুল ইছলামৰ ঘৰৰ পৰা ১৪৯.৭৬ গ্ৰাম ব্ৰাউন চুগাৰ ১০০ টা কন্টেনাৰ নগদ ৫ লাখ ৫৪ হেজাৰ টকা, দুখন বিলাসী গাড়ীসহ ৬ জন ব্ৰাউন চুগাৰৰ সৰবৰাহকাৰী বৃহৎ চক্ৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। দীৰ্ঘদিন ধৰি নাগালেণ্ডৰ ডিমাপুৰ, মনিপুৰ আৰু অৰুণাচলৰ পৰা মৈৰাবাৰীলৈ অতি চোৰাংভাৱে নিষিদ্ধ ড্ৰাগছৰ ব্যৱসায় চলাই অহা এই বৃহৎ ড্ৰাগছ সৰবৰাহকাৰী কেইজনে যোৱা ৰাতি এই বুজন পৰিমাণৰ ব্ৰাউন চুগাৰখিনি লৈ পলাহজুৰীৰ আশ্বাদুলৰ ঘৰত ঘাটি পাতিছিল। আশ্বাদুল ইছলামৰ ঘৰৰ পৰাই ড্ৰাগছ ব্ৰাউন চুগাৰ অসমৰ বিভিন্ন জিলাত বিতৰণ কৰা হয়। বৃহৎ পৰিমাণৰ ব্ৰাউন চুগাৰখিনি আশ্বাদুলৰ ঘৰত অনাৰ পাছত আৰক্ষীয়ে এক গোপন সূত্ৰত গম পোৱাৰ লগে লগেই এক অভিযান চলায়। প্ৰায় পাঁচ ঘন্টা সময় ক্ষেত্ৰ ভিত্তিক অভিযান চলাই অৱশেষত এই বূহৎ পৰিমাণৰ নিষিদ্ধ ব্ৰাউন চুগাৰ ড্ৰাগছ, গাড়ী আৰু ড্ৰাগছ সৰবৰাহকাৰী কেইজন ক্ৰমে লক্ষীমপুৰৰ ছকিনা খাতুন জমিৰ উদ্দিন আৰু নগাঁও জিলাৰ দুজন ক্ৰমে ছফিকুল ইছলাম আৰু জহিৰুল ইছলাম আৰু ড্ৰাগছ সৰবৰাহকাৰী আশ্বাদুল ইছলামৰ পত্নী ছালমা বেগমক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। উল্লেখযোগ্য যে মধ্য অসমৰ ম’ষ্ট ৱান্টেড ড্ৰাগছ বেপাৰী আশ্বাদুল ইছলাম আগতীয়াকৈ পলায়ন কৰে যদিও ব্ৰাউন চুগাৰ বেপাৰ কৰাত ব্যৱহাৰ কৰা As-03 3535 নম্বৰৰ বিলাসী গাড়ীসহ দুখন গাড়ী জব্দ কৰিবলৈ সক্ষম হয়। মৈৰাবাৰী আৰক্ষীয়ে ২৬৮/২১ নম্বৰৰ এক গোচৰ পঞ্জীয়ন কৰি অপৰাধীকেইজনক জেল-হাজোতলৈ প্ৰেৰণ কৰে। কালি এই বৃহৎ চক্ৰটো উৎখাত কৰা আৰু ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাত ৰাইজে সন্তুষ্টি প্ৰকাশ কৰিছে।
মাইক্ৰ’ ফাইনেঞ্চে মানসিক বিকাৰগ্ৰস্ত কৰা জানমনিৰ কাহিনী : বাস কৰে গোহালী সদৃশ ঘৰত, নাই কোনো জনপ্ৰতিনিধিৰ সহাৰি
নৱম আৰু ষষ্ঠ শ্ৰেণীত পঢ়ি থকা কন্যা আৰু পুত্ৰ, সুন্দৰ পত্নীৰে ৰঙৰ কাম কৰা প্ৰমোদ বৰদলৈৰ সংসাৰখন সুখৰ আছিল ৷ কিন্তু মাইক্ৰ’ ফাইনেঞ্চে সৰ্বহাৰা কৰা পৰিয়ালটো এতিয়া বাস কৰে গোহালী সদৃশ এটা ঘৰত ৷ মাইক্ৰ ফাইনেঞ্চে ঘৰৰ সামগ্ৰী কাঢ়ি নিয়াৰ বাবে মহিলা গৰাকী এতিয়া মানসিক বিকাৰগ্ৰস্ত হৈ পৰিছে ৷ এই ঘটনা বোকাখাতৰ ম’হমাইকী গাঁও পঞ্চায়তৰ তিনি নং ৱাৰ্ডৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ জীৱন গাঠা ৷ মাইক্ৰ’ ফাইনেঞ্চৰ পৰা ঋণ লৈ সৰ্বচান্ত হৈ পৰা দুৰ্ভগীয়া পৰিয়ালটোৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা ৷ তাৰোপৰি দিন হাজিৰা কৰা স্বামীয়ে ক’ভিড ১৯ মহামাৰীৰ বাবে বোকাখাত মহকুমা সম্পূৰ্ণৰূপে কন্টেইনমেন্ট জ’ন হৈ থকাৰ বাবে কামলৈও যাব পৰা নাই ৷ ইফালে পত্নী জানমণি বৰদলৈয়ে মাইক্ৰ’ ফাইনেঞ্চৰ কেইবাটাও ঋণ লৈ ঋণ পৰিশোধ কৰিব নোৱাৰাত গোটৰ লোকে ঘৰৰ পৰা লৈ গ’ল গডৰেজ, টিভি, হোম থিয়েটাৰ, মূল্যৱান বিচনাকে ধৰি বহু সামগ্ৰী ৷ যাৰ ফলত ঘৰখনৰ গৰাকী প্ৰমোদ বৰদলৈৰ পত্নী জানমণি বৰদলৈ এতিয়া মানসিক ৰোগীত পৰিণত হৈছে ৷ ইতিমধ্যে মানসিক ভাৰসাম্য হেৰুৱাই পেলাইছে জানমনি বৰদলৈয়ে ৷ ফলত ঘৰখনৰ লগতে ওচৰ চুবুৰীয়াই সদায় অশান্তিত দিন কটাব লগা হৈছে ৷ গোহালী সদৃশ এটা ঘৰত এতিয়া বাস কৰে এসময়ৰ সৰু আৰু সুখী পৰিয়ালটো ৷ জৰাজীৰ্ণ বাসগৃহটোত নাই কোনো উন্নতমানৰ বেৰ আৰু বিজুলীৰ সংযোগ ব্যৱস্থা ৷ ক’ভিড ১৯ ৰ মহা সংক্ৰমণ ৰোধৰ বাবে যোৱা বৰ্ষৰ পৰা বিদ্যালয় সমূহ বন্ধ হৈ আছে যদিও এনড্ৰ’ইট মবাইলৰ অভাৱত নৱম শ্ৰেণীত পঢ়ি থকা ৰুবী বৰদলৈ আৰু ষষ্ঠ শ্ৰেণীত পঢ়ি থকা শান্তনু বৰদলৈয়ে অন লাইন ক্লাচো কৰিব পৰা নাই ৷ ইফালে বিদ্যুৎ সংযোগ নথকা ঘৰখনত কেতিয়াবা কেৰাচিন তেলৰ অভাৱৰ বাবেও দুই সন্তানে নিয়মিত পঢ়াশুনা কৰিব নোৱাৰে ৷ তাৰোপৰি মাতৃৰ মানসিক ৰোগৰ আমনিবোৰ আছেই ৷ জানমনি বৰদলৈয়ে অসমী গোট, এল এন টি গোট, সংস্কাৰ গোট, আৰোহন গোট আৰু বন্ধন গোটৰ পৰা ঋণ লৈ ঋণ পৰিশোধ কৰিব নোৱাৰাত অসমী গোটৰ সদস্যাই তেওঁলোকৰ ঘৰৰ সামগ্ৰী কাঢ়ি নি বিক্ৰী কৰি বেংকৰ ধাৰ মাৰে ৷ বন্ধন গোটৰ বাহিৰে আন কেইটা গোটৰ মেনেজাৰে জানমনিৰ মানসিক অৱস্থাৰ বাবে ইতিমধ্যে ৠণ ৰেহাই দিছে ৷ এসময়ৰ সহকৰ্মী অসমী গোটৰ সদস্যাই সামগ্ৰী কাঢ়ি নিয়াৰ পাছৰে পৰাই মানসিকভাৱে ভাগি পৰিল জানমনি বৰদলৈ ৷ আনহাতে দৈনিক ৰং মিস্ত্ৰীৰ কাম কৰা ঘৰৰ একমাত্ৰ উপাৰ্জনক্ষম ব্যক্তি প্ৰমোদ বৰদলৈয়ে বোকাখাত মহকুমাত কন্টেইনমেন্ট জ’ন ঘোষণা হৈ থকাৰ বাবে কাম কৰিবলৈ যাব নোৱাৰি এসাজ খাই এসাজ খাবলৈ নোপোৱা অৱস্থাৰ সৃষ্টি হৈছে ৷ অৰ্থৰ অভাৱত পত্নী জানমণি বৰদলৈক চিকিৎসা কৰোৱাব নোৱাৰি স্থানীয় বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাৰ লগতে মুখ্যমন্ত্ৰী আৰু স্বাস্থ্যমন্ত্ৰীৰ পৰা সহায় বিচাৰিছে ৷ আনহাতে ওচৰ চুবুৰীয়া লোকে অগপৰ স্থানীয় নেতাৰ জৰিয়তে মন্ত্ৰী অতুল বৰাক বিষয়টি অৱগত কৰিছে যদিও কোনো সুফল লাভ কৰা নাই ৷ মুখ্যমন্ত্ৰীয়ে নিৰ্বাচনৰ সময়ত মাইক্ৰ’ ফাইনেঞ্চ ঋণ মাফৰ ঘোষণা কাৰ্যকৰী কৰি বৰদলৈ পৰিয়ালক ৰক্ষা কৰিব পাৰিবনে ? নে চৰকাৰী ৰঙা ফিটাৰ পাকত পৰিয়ালটো অকালতে মৰহি যাব ?


BREAKING মোদীৰ সম্প্ৰসাৰণ মন্ত্ৰী সভাৰত সৰ্বানন্দ সোনোৱাল !
কেন্দ্ৰীয় মন্ত্ৰী সভাৰ সম্প্ৰসাৰণৰ পূৰ্বে মন্ত্ৰী দায়িত্ব দিব লগিয়া প্ৰাৰ্থীসকলৰ সৈতে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰথম শাৰীত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা প্ৰাক্তন ক্ৰিয়া মন্ত্ৰী সৰ্বানন্দ সোনোৱাল











