ক’ৰনা কালৰ মাজতে দেৰগাঁৱৰ নেঘেৰিটিং চাহ বাগিছা চিকিৎসালয়ৰ বাবে এক ভাল খবৰ কঢ়িয়াই আনিছে কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ গৌৰব গগৈয়ে। উল্লেখ্য যে, গৌৰব গগৈয়ে সাংসদ উন্নয়ন পূজিৰ ধনেৰে দেওবাৰৰ দিনটোত নেঘেৰিটিং চাহ বাগিছা চিকিৎসালয়ৰ ৰোগী সকলৰ সুবিধাৰ বাবে প্ৰদান কৰিলে এখন এম্বুলেঞ্চ । এম্বুলেঞ্চ প্ৰদান অনুষ্ঠান উপল্যক্ষে দেওবাৰে সাংসদ গৰাকী চিকিৎসালয় চৌহদত উপস্থিত হোৱাৰ পিছতে চাহ বাগিছা কতৃপক্ষ, চিকিৎসালয় কতৃপক্ষ অসম চাহ জনজাতি ছাত্র সন্থা আৰু স্থানীয় ৰাইজে উষ্ম আদৰণি জনায়। ৰাইজৰ সম্বৰ্ধনা গ্ৰহনৰ পিছতে গৌৰব গগৈয়ে ফিটা কাটি চালকৰ আসনত বহি এম্বুলেঞ্চখন ৰাইজৰ বাবে মুকলি কৰে। সাংসদ গৰাকীৰ উপস্থিতিতে নেঘেৰিটিং চাহ বাগিছা ৰংগমঞ্চত কভিড প্ৰটক’লৰ মাজেৰে একাংশ লোকৰ অংশগ্ৰহনেৰে এখনি সভা অনুষ্ঠিত হয়। কাকডোঙা ব্লক কংগ্ৰেছৰ সভাপতি ভবেন গগৈয়ে আঁত ধৰা সভাখনিত কংগ্ৰেছৰ যুৱনেতা কৃষ্ণ কান্ত দাস, বাণী হাজৰিকা, দেৰগাঁও পঞ্চায়তৰ সভাপতি আনোৱাৰ হুচেইন, কাকডোঙা আঞ্চলিক পঞ্চায়তৰ সভাপতি ৰছিদ আলিকে ধৰি কংগ্ৰেছৰ বহু কেইজন বিষয়ববীয়াৰ লগতে চাহ জনজাতি ছাত্র সন্থাৰ প্ৰফুল্ল কুৰ্মী, জীৱন মিৰ্ধা, দয়াৰাম ৰবিদাস, ভাইটি ৰবিদাস আদি ব্যক্তি সকল উপস্থিত থাকে ।সভাত সাংসদ গৰাকীয়ে বৰ্তমান চৰকাৰখনে মূল্য বৃদ্ধিৰ বোজাই সাধাৰণ জনতাক কি দৰে কোঙা কৰি পেলাইছে সেই বিষয়ে বক্তব্য ৰখাৰ উপৰিও উচ্চ আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষা হোৱা-নোহোৱা বিষয় সৰ্ন্দভত বহু গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে। সভাখনিৰ শলাগৰ শৰাই আগবঢ়াই নেঘেৰিটিং চাহ বাগিচাৰ সহ পৰিচালক উমাশংকৰ কুৰ্মীয়ে।
টকিঅ’ অলিম্পিকত ভাৰতীয় দলক ‘Chef De Mission’ হিচাপে নেতৃত্ব দিব সাংসদ বীৰেন্দ্ৰ কুমাৰ বৈশ্যই
আগন্তুক টকিঅ’ অলিম্পিকৰ বাবে ভাৰতীয় দলক ‘Chef De Mission’ হিচাপে নেতৃত্ব দি আগুৱাই নিব অসম গণ পৰিষদৰ জ্যেষ্ঠ নেতা তথা ৰাজ্যসভাৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই। অসমৰ বাবে এয়া নিতান্তই এক গৌৰৱৰ বিষয়। অগপৰ কাৰ্যকৰী সভাপতি কেশৱ মহন্তৰ সৈতে সাংসদ বৈশ্যৰ গুৱাহাটীস্থিত বাসগৃহত উপস্থিত হৈ তেখেতক সম্বৰ্ধনা জনায় আৰু আন্তৰিক অভিনন্দন তথা শুভকামনা জ্ঞাপন কৰে অসম গণ পৰিষদৰ সভাপতি তথা কৃষি মন্ত্ৰী অতুল বৰাই। অভিনন্দন জনাই মন্ত্ৰী বৰাই আশা প্ৰকাশ কৰি কয়- সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ সবল নেতৃত্বত ভাৰতীয় দলে টকিঅ’ অলিম্পিকত আশানুৰূপ ফলাফল প্ৰদৰ্শনেৰে দেশলৈ সুনাম কঢ়িয়াই আনিব।
নিজৰ উচিত ব্যৱহাৰ
মই ব্যক্তিগত ভাৱে এনে বহুলোক দেখিছোঁ যিয়ে আনে কি কৰিছে, কি কৰা নাই সেই বিষয়ে সকলো সময়তে মূৰ ঘমাই থাকি নিজৰ ব্যক্তিগত জীৱনটোত অশান্তি বৃদ্ধি কৰি লয়। তেনে কৰি জানো কিবা লাভ আছে! একো লাভ নাই। এই বেলেগৰ কামবোৰকলৈ মূৰ ঘমোৱাতকৈ আমি নিজে যি কৰি আছোঁ সেইটোক লৈ মূৰ ঘমোৱাটোৰ প্ৰয়োজন বেছি। নিজৰ কামটোৰ কথা ভবাৰ বেছি প্ৰয়োজন আছে।
এইটো স্বীকাৰ কৰিবই লাগিব যে প্ৰত্যেকজন মানুহে নিজৰ কৰিবলগীয়া কামখিনি নিজে কৰিবই লাগিব আৰু নিজে কৰি যি মানসিক তৃপ্তি পোৱা যায় সেই তৃপ্তি আনে কৰা কামৰ পৰা কেতিয়াও পোৱা নাযাই। আমি নিজে যেতিয়া কাম এটা কৰি তৃপ্তি পাম আৰু কামটোৰ পৰা সফলতা আৰ্জিম, এই সফলতা তেতিয়া নিজৰ বাবে প্ৰাপ্তি আৰু দেশৰ বাবে সম্পদ। নিজৰ লগতে দেশৰো কামত আহিব। সেয়েহে ক’ব বিচাৰোঁ যে আমি নিজৰ কামবোৰ সুচাৰুৰূপে কৰি গ’লেই দেশৰ হকে কাম কৰা হ’ব।
উদাহৰণ স্বৰূপে, এজন ব্যক্তিয়ে চৰকাৰী চাকৰী এটা কৰি আছে। এই চাকৰিটোৰ যিখিনি কাম তেওঁৰ দায়িত্ব থাকে সেইখিনি কাম নিষ্ঠাসহকাৰে কৰি গ’লেই নিজৰ লগতে দেশৰো মংগল হ’ব। তেওঁ যদি একেবাৰে কাম নকৰি কেৱল দৰমহাকেইটা লৈ থাকে তেতিয়া জানো দেশৰ মংগল হ’ব! তেতিয়া বৰঞ্চ দেশৰ অৰ্থ আৰু মানৱ সম্পদৰ অপব্যৱহাৰ হ’ব।
কামৰ কোনো সৰু বৰ নাই। নিজে যিয়ে কাম নকৰক কিয় তাক নিয়মীয়াকৈ সুপৰিকল্পিতভাৱে কৰি যাব লাগে। অৰ্থাৎ প্ৰতিজন ব্যক্তিয়ে মানৱ সম্পদক মানে নিজকে উচিতভাৱে ব্যৱহাৰ কৰিবলৈ শিকিব লাগে আৰু তেনে কৰিব পাৰিলে সন্মুখত দেখা দিয়া সকলো সমস্যাৰ সমাধানো নিজে কৰিব পাৰিব।
অসমীয়া শ্বায়েৰীৰ স্ৰষ্টা ,সাহিত্যিক-গৱেষক, ড.কুতুবুদ্দিন আহমেদৰ স্মৃতি সুঁৱৰি বিশেষ বক্তৃতা অনুষ্ঠান
ধুবুৰী জিলা সাহিত্য সভাৰ উদ্যোগত আৰু ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ সহযোগত অসমীয়া শ্বায়েৰীৰ স্ৰষ্টা ,গৱেষক -সাহিত্যিক ড.কুতুবুদ্দিন আহমেদৰ বৰ্ণাঢ্য জীৱনৰ স্মৃতি সোঁৱৰণ কৰি ৩ জুলাই তাৰিখে এক বিশেষ বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয় |অসম সাহিত্য সভাৰ পত্ৰিকা সম্পাদক তথা ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড. উপেন্দ্ৰজিত শৰ্মাৰ সঞ্চালনাত অনুষ্ঠিত হোৱা সভাখন শিশু শিল্পী ময়ূৰী শৰ্মাই পৰিবেশন কৰা সুন্দৰ কোঁৱৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ অমৰ সৃষ্টি -লুইতৰ চাপৰিত কৰে নাঁৱৰীয়া গীতেৰে আৰম্ভ কৰা হয়| সভাখনৰ উদ্দেশ্য ব্যাখ্যা আৰু পণ্ডিত গৰাকীৰ চমু পৰিচিতি দাঙি ধৰে ধুবুৰী জিলা সাহিত্য সভাৰ সম্পাদক আজাদ আলী আহমেদে |আদৰণী ভাষণ প্ৰদান কৰে জিলা সাহিত্য সভাৰ আকাশ উপসমিতিৰ কাৰ্যকৰী সভাপতি হেমলতা কাকতিয়ে | বক্তৃতা অনুষ্ঠানটোৰ আৰম্ভণিতে অনুষ্ঠানৰ সঞ্চালক ড.উপেন্দ্ৰজিত শৰ্মাই সাহিত্যিকগৰাকীৰ লগত থকা সান্নিধ্যৰ সোঁৱৰণ কৰি কয় যে ড.কুতুবুদ্দিন আহমেদৰ নিচিনা সৰলমনা ,নীতি -নিষ্ঠ আদৰ্শপুষ্ঠ ব্যক্তি আমাৰ সমাজত বিৰল |পাণ্ডিত্যৰ লেখমানো অহংকাৰ নথকা ,নিস্কাম কৰ্ম প্ৰেৰণাৰ পৰিচায়ক আছিল এইগৰাকী ব্যক্তি |অসমীয়া ভাষাক প্ৰাণভৰি ভালপোৱা ড.আহমেদে আজীৱন অসম সাহিত্য সভাৰ সেৱা কৰি গৈছিল |তেখেতে জীৱন কালত সাঁচি ৰখা ধনৰ পৰা ১০ লাখ টকা গৱেষণাৰ কামত ব্যৱহাৰ কৰিবলৈ নিস্বাৰ্থভাবে অসম সাহিত্যলৈ আগবঢ়াই যায় |অনুষ্ঠানটোৰ শুভ উদ্বোধন কৰে অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক প্ৰতাপ চন্দ্ৰ বৰুৱাই |ভাষণ প্ৰসংগত বৰুৱাই ড.কুতুবুদ্দিন আহমেদৰ সৰলমনা ব্যক্তিত্বৰ পৰিচয় দাঙি ধৰে |যোৰহাটৰ প্ৰসিদ্ধ শিল্পী ,কবি জুলি বৰুৱাই ড.কুতুবুদ্দিন আহমেদৰ ওপৰত ৰচনা কৰা কবিতা এটি পাঠ কৰে | যোৰহাট মহিলা বিশ্ববিদ্যালয়ৰ অতিথি অধ্যাপক ,বিশিষ্ট সাহিত্যিক ড.মাণিক শইকীয়াই “ড.কুতুবুদ্দিন আহমেদৰ জীৱন -প্ৰজ্ঞা,সাধনা “শীৰ্ষক বিশেষ বক্তৃতা প্ৰদান কৰে |ভাষণ প্ৰসংগত ড.শইকীয়াই সাহিত্যিকগৰাকীৰ বহুমুখী প্ৰতিভাৰ পৰিচয় দাঙি ধৰাৰ লগতে তেওঁৰ নিস্কাম ভাবপূৰ্ণ কাৰ্যাৱলীৰ ৰেখাপাত কৰে |তাৰে উদাহৰণ দিবলৈ গৈ তেওঁ কয় যেএই গৰাকী সাহিত্যিকৰ জীৱন চৰ্যা আছিল নিচেই সৰল আৰু সাধাৰণ | বহুতৰ বাবে ঈস্পিত ধন -ঐশ্বৰ্য ,বিভূতিৰ প্ৰতি তেওঁ আছিল নিৰাসক্ত |সৰলতা আছিল তেওঁৰ জীৱনৰ ভূষণ |গুগল মিটৰ জৰিয়তে অনুষ্ঠিত হোৱা সভাখনত পণ্ডিতগৰাকীৰ পাণ্ডিত্যৰ লগতে সান্নিধ্যৰ সোঁৱৰণ আৰু অনুষ্ঠানৰ অনুভৱ ব্যক্ত কৰে যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ড.ৰাতুল চন্দ্ৰ বৰা ,ড. বৰাই ভাষণ প্ৰসংগত জানিবলৈ দিয়ে যে যোৰহাট জিলা সাহিত্য সভাই এইগৰাকী ব্যক্তিৰ নিৰলস সাহিত্য সাধনা আৰু ভাষা -জননীৰ নিস্বাৰ্থ সেৱাৰ বাবে এইবেলি যোৰহাট গ্ৰন্থ মেলাত “সাহিত্য প্ৰাণ”উপাধিৰে বিভূষিত কৰিছে |অসম সাহিত্য সভাৰ ভাৰপ্ৰাপ্ত সভাপতি প্ৰহ্লাদ চন্দ্ৰ তাচা , অসম সাহিত্য সভাৰ কৰ্ণধাৰ সমিতিৰ সদস্য ডা.গিৰীশ সন্দিকৈ ,প্ৰাক্তন সহকাৰী সম্পাদক দেৱজিত বৰা ,অধ্যাপক জীৱমণি নাথ,বিশিষ্ট সাহিত্যিক , যোৰহাট জে.বি. মহাবিদ্যালয়ৰ অধ্যাপিকা ড.জ্যোতিৰেখা হাজৰিকা , হোজাই জিলা সাহিত্য সভাৰ সম্পাদক ,সাহিত্যিক অনুপ বৰঠাকুৰ ,নলবাৰী জিলা সাহিত্য সভাৰ সম্পাদক পংকজ বেজবৰুৱা , কামৰূপ মহানগৰ জিলাসাহিত্য সভাৰ বিষয়ববীয়া অংকুৰ ৰায় মেধী,কামৰূপ জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ৰমেন ভৰালী , ,ধুবুৰীৰ বৰ্ষীয়ান সাহিত্যিক দেবেন্দ্ৰ নাথ শৰ্মা প্ৰমুখ্যে বিশিষ্টসকলে | অনুষ্ঠানত মাজুলীৰ পৰা শংকু সিদ্ধ নাথ ,ধুবুৰীৰ পৰা আব্দুল হানিফ খান ,তিলক প্ৰসাদ প্ৰমুখ্যে নৱ প্ৰজন্মৰ কবি -সাহিত্যিক সকলে কবিতা আৰু শ্বায়েৰীৰে সাহিত্যিক গৰাকীক স্মৰণ কৰে |ৰামধেনু উপসমিতিৰ কাৰ্যকৰী সভাপতি মিহিৰ দাস ,মিলনদেৱী ধুবুৰী ভোলানাথ মহাবিদ্যালয়ৰ ড.অলকা শৰ্মা ,ছাইফুল হাচান ,প্ৰমুখ্যে মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ ছাত্ৰ -ছাত্ৰীবৃন্দই |ধুবুৰী জিলা সাহিত্য সভাৰ সভাপতি তৰণী কান্ত ৰায়ে সভাপতিৰ বক্তব্য আৰু মন্তব্য প্ৰদান কৰে |শলাগ জ্ঞাপন কৰে জিলা সম্পাদক আজাদ আলী আহমেদে |অসম সংগীতেৰে সভাৰ সামৰণি পৰে |
ৱাক ইণ্ডিয়া কিক বক্সিঙ ফেডাৰেচনলৈ স্বীকৃতি
ভাৰতত কিক বক্সিঙ খেলক আৰু অধিক উন্নত কৰাৰ বাবে ভাৰত চৰকাৰৰ ক্ৰীড়া মন্ত্ৰনালয়ে অবশেষত ললে সময়োচিত পদক্ষেপ । ভাৰত চৰকাৰৰ ক্ৰীড়া আৰু যুৱ মন্ত্ৰণালয়ে যোৱা ২ জুলাই তাৰিখে ৱাক ইণ্ডিয়া কিক বক্সিঙ ফেডাৰেচনক নেছনেল স্পোৰ্টছ ফেদাৰেচনৰ অধীনত (NATIONAL SPORTS FEDERATION) স্বীকৃতি প্ৰদান কৰে । এই স্বীকৃতিয়ে এক আশাৰ বতৰা কঢ়িয়াই আনিছে ভাৰতৰ লগতে অসমৰ কিক বক্সিঙ খেলুৱৈ সকলৰ বাবে। ৱাক ইণ্ডিয়া কিক বক্সিঙ ফেডাৰেচনৰ অসমৰ একমাত্ৰ স্বীকৃতি প্ৰাপ্ত এমেচুৰ কিকবক্সিঙ এচছিয়েচন অসমৰ ( AMATEUR KICKBOXING ASSOCIATION ASSAM) সভাপতি তথা ৱাক ইণ্ডিয়া কিক বক্সিঙ ফেডাৰেচনৰ সদস্য হিৰণ্য কুমাৰ বৰুৱাই অসমৰ কিক বক্সিঙ খেলুৱৈ সকলৰ বাবে এয়া এক ভাল খবৰ বুলি এক বিবৃতি যোগে জানিবলৈ দিছে । আনহাতে এতিয়াৰ পৰা ২ জুলাইৰ দিনটো “ৰাষ্ট্ৰীয় কিক বক্সিঙ দিৱস” হিচাবে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৱাক ইণ্ডিয়া কিক বক্সিঙ ফেডাৰেচনে । সদৌ অসম কিক বক্সীং এচ’ছিয়েশ্বনৰ তৰফৰ পৰা এক প্ৰেছ বিজ্ঞপ্তি যোগে জনাইছে এই কথা ।
“মুখ্যমন্ত্ৰীৰ ক’ভিড-১৯ বিধৱা সাহায্য আঁচনি” সংশোধনৰ দাবী কংগ্ৰেছৰ
ক’ভিড-১৯ মহামাৰীত আক্ৰান্ত হৈ স্বামীহাৰা হোৱা নিম্ন আয়ৰ পৰিয়ালৰ বিধৱা মহিলালৈ অসম চৰকাৰে এককালীন সাহায্য আগবঢ়াবলৈ গ্ৰহণ কৰা সিদ্ধান্তক আদৰণি জনাই, আৰু কিছু সংশোধনৰ প্ৰয়োজন আছে বুলি অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ৰাজ্য চৰকাৰক আহ্বান জনাইছে।
ক’ৰোণা মহামাৰী এক অদৃশ্য আৰু এতিয়ালৈকে অনিয়ন্ত্ৰিত ৰোগ হিচাপে সমগ্ৰ বিশ্বই স্বীকাৰ কৰিছে। সাৱধানতা,পৰিচ্ছন্নতা আৰু সামাজিক দূৰত্ব অৱলম্বনেৰে এই ৰোগৰ প্ৰাদুৰ্ভাৱ ৰোধিবহে পাৰি কিন্তু আক্ৰান্ত হৈ সুস্থ হৈ উঠাৰ পিছতো এই মহামাৰীৰ পাৰ্শ্বক্ৰিয়াৰ ফলত এমাহৰ পৰা দুমাহৰ ভিতৰত বহু লোকে প্ৰাণ হেৰুৱাব লগাত পৰিছে। যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে এই মহামাৰীক প্ৰাকৃতিক দুৰ্যোগ হিচাপে চিহ্নিত কৰি “ৰাষ্ট্ৰীয় দুৰ্যোগ ব্যৱস্থাপনা” বিভাগৰ অধীনত মোকাবিলা কৰি আহিছে। এনে কাৰণত কেৱল আক্ৰান্ত হৈ থকাৰ সময়তে মৃত্যু বৰণ কৰা স্বামীৰ বিধৱা হোৱা মহিলাক এককালীন সাহায্য দিয়াৰ লগতে, আক্ৰান্ত হৈ সুস্থ হৈ উঠাৰ পৰৱৰ্তী কালত স্বামীহীণ হোৱা নিম্ন আয়ৰ পৰিয়ালৰ মহিলাকো এই আঁচনিৰ অন্তৰ্ভুক্ত কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সাধাৰণ সম্পাদক তথা জ্যোষ্ঠ মুখপাত্ৰ অপূৰ্ব কুমাৰ ভট্টাচাৰ্য্য ই আহ্বান জনাই কয় যে, বিগত সময়চোৱাত মৃত্যু বৰণ কৰা লোকৰ মৃত্যুৰ কাৰণ পৰ্য্যবেক্ষণ কৰি দেখা গৈছে যে, ক’ভিড আক্ৰান্ত হৈ সুস্থ হৈ উঠাৰ পিছতহে অধিকাংশ লোকে প্ৰাণ হেৰুৱাব লগীয়া হৈছে। এনে সংকটৰ ফলত সৃষ্ট পৰিস্থিতিলৈ লক্ষ্য ৰাখিয়েই দেশৰ মহামান্য উচ্চতম ন্যায়ালয়েও এই বিষয়ত এক দৃষ্টিভংগী দাঙি ধৰিছে।
ভাৰতবৰ্ষ এখন কল্যানকামী ৰাষ্ট্ৰ। তেনেস্থলত প্ৰাকৃতিক দুৰ্যোগত ক্ষতিগ্ৰস্ত সকলো মানুহে এই দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ অধীনত, নীতিগত কাৰণতে সকলো নিম্ন আয়ৰ পৰিয়ালে চৰকাৰৰ পৰা সাহায্য লাভ কৰাটো মানৱীয় তথা যুক্তিসংগত বুলি আমি কংগ্ৰেছ দলে অনুভৱ কৰো।
সেয়েহে, ৰাজ্য চৰকাৰে ঘোষণা কৰা মুখ্যমন্ত্ৰীৰ ক’ভিড-১৯ বিধৱা সাহায্য আঁচনিৰ সংশোধন ঘটাই সুস্থ হৈ উঠাৰ পিছত মৃত্যু বৰণ কৰা পৰিয়ালকো এই আঁচনিৰ অন্তৰ্ভুক্ত কৰিবলৈ প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা মানৱীয় আবেদন জনায়।।
দুখীয়াৰ বন্ধু ১০৮
বন্ধু! তাকো দুখীয়াৰ বন্ধু! দুখীয়া মানুহৰ বন্ধু খুউব কম থাকে বুলি কয়। বিপদে আপদে সহায় কৰা মানুহৰ সংখ্যা অতি কম। দুখীয়া নিচলাবোৰৰ বিপদ অহা মানে তেনে পৰিয়ালৰ মানুহে দিনতে তৰা দেখে। কি কৰিব কি নকৰিব? কেনেকৈ বিপদৰ পৰা উদ্ধাৰ পাব ইত্যাদিবোৰৰ কথা চিন্তা কৰি পাৰাপাৰ নাপায়। এনেবোৰ কথাৰ উৰ পেলাই ২০০৮ চনৰ পৰা ৰাইজৰ মাজত দুখীয়াৰ বন্ধু হিচাপে দেখা দি আহিছে ১০৮-এ। বেমাৰ আজাৰ, কিবা দূৰ্ঘটনাত পতিত হোৱাৰ লগে লগে হাতত টকা পইচা থাকক বা নাথকক কোনোবা এজনৰ হাতত থকা ফোনটোৰে ১০৮ ডায়েল কৰাৰ কিছু সময়ৰ পিছতে বিপদত সহায় কৰিবৰ বাবে ১০৮ উপস্থিত হৈহি। একো নহ’লেও জৰুৰীকালীন সেৱাখিনি চৰকাৰী চিকিৎসালয়ত কৰাই দিয়ে। যদি এই ১০৮ সেৱা উপলব্ধ নাথাকিলহেঁতেন টকা-পইচা ধাৰলৈ বিচাৰি গাড়ী ঠিক কৰোঁ মানে ৰুগীৰ জীৱন বিপদত পৰাৰ সম্ভাবনা আৰু বেছি থাকে। এই বিনামূলীয়া চৰকাৰী সেৱাই সঁচাকৈয়ে সকলো ধনী-দুখীয়া সকলো শ্ৰেণীৰ মানুহকে সহায় কৰি আহিছে। বিশেষকৈ হাতত টকা পইচা নথকা মানুহখিনিৰ সন্মুখত ১০৮এ বিপদৰ ব বন্ধু, প্ৰকৃত বন্ধুৰ ৰূপত দেখা দি আহিছে। গতিকে এনে বিপদৰ বন্ধুক আমিও সহায় কৰিব লাগে। এই বন্ধু যেতিয়া ৰাস্তাৰে গৈ থাকে তাক আমি যাবলৈ সদায় ৰাস্তা এৰি দিব লাগে যাতে কোনোবা বিপদত পৰা মানুহক সোনকালে সহায় কৰিব পাৰে।
ক’ৰোণা মহামাৰীৰ সময়ত কম মানুহক ১০৮এ সহায় কৰা নাইনে? ১০৮ সেৱাত থকা পাইলটজন আৰু EMTজন সঁচাই সলাগৰ পাত্ৰ। নিজৰ জীৱনৰ কথা নাভাবি কেৱল নিজৰ কৰ্তব্যৰ জৰিয়তে মানৱসেৱা কৰি আছে।ক’ৰোণাৰ সময়ত কৰা কৰ্তব্যৰ বাবে প্ৰতি গৰাকী ডাক্টৰ, নাৰ্চৰ পৰা আৰম্ভ কৰি চিকিৎসাসেৱাৰ লগত জড়িত সকলোকে আন্তৰিকভাৱে কৃতজ্ঞতা জনোৱাটো আমাৰ কৰ্তব্য।
চফিখুৰ ৰহমান
আন্তঃৰাষ্ট্ৰীয় হিন্দু সেনাৰ উদ্যোগত ৰক্তদান শিবিৰ
আন্তঃৰাষ্ট্ৰীয় হিন্দু সেনা, অসম ৰাজ্যিক কমিটিৰ উদ্যোগত দেওবাৰে গুৱাহাটীৰ ধীৰেনপাৰাস্থিত জয় হিন্দ ক্লাৱত এক ৰক্তদান কার্যসূচীৰ আয়োজন কৰা হয় । গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ সহযোগত অনুষ্ঠিত উক্ত ৰক্তদান কার্যসূচীত অংশ লয় সংগঠনটোৰ ৰাজ্যিক সভাপতি ইন্দ্ৰজিত সাহা, সাংগঠনিক সাধাৰণ সম্পাদক হেমাংগ মজুমদাৰৰ সৈতে আন কেইবাগৰাকী কৰ্মকৰ্তাইও ৰক্তদান কৰে ।
বৰপেটাত আটক এজন সুৰা ব্যৱসায়ী
আৱকাৰী বিভাগৰ নিৰ্লিপ্ততাৰ সুযোগ লৈ একাংশ অসাধু ব্যৱসায়ীয়ে চুলাই মদকে ধৰি দেশী-বেদেশী সুৰাৰ চলাইছে ৰমৰমীয়া বেহা। এই ক্ষেত্ৰত বৰপেটা আৰক্ষীয়ে আগভাগ লৈ চলাইছে অভিযান।এইবাৰ বৰপেটা আৰক্ষীৰ জালত পৰিল এজন সুৰা ব্যৱসায়ী। সুৰাৰ ঘাটিত পৰিণত হোৱা বৰপেটা চহৰ সুৰামুক্ত কৰা এক ডাঙৰ সংকল্প হৈ পৰিছে বৰপেটা আৰক্ষীৰ ।ড্ৰাগছৰ পিছত এইবাৰ সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে বৰপেটা আৰক্ষীয়ে।বিশেষ সূত্ৰৰ খবৰ লাভ কৰি এই অভিযানত জব্দ কৰে বৃহৎ পৰিমাণৰ দেশী-বিদেশী সুৰা। আৰক্ষী সূত্ৰই জানিব দিয়া মতে বৰপেটাৰ গান্ধীনগৰত ভদ্ৰেশ্বৰ দাসে বিক্ৰীৰ বাবে লৈ আনিছিল এই বৃহৎ পৰিমাণৰ সুৰা । দিৰ্ঘ্যদিন ধৰি সুৰা ব্যৱসায় চলাই গৈছিল ভদ্ৰেশ্বৰ দাসে ।এই সংক্ৰান্তত ব্যৱসায়ী জনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি আটক কৰে আৰক্ষীয়ে।
থলুৱা অসমীয়াৰ অধিকাৰৰ স্বাৰ্থত আলফা স্বাধীনৰ প্ৰেছ বিবৃতি
অসমত গঢ় লৈ উঠা উদ্যোগ-প্ৰতিষ্ঠান সমূহত অসমৰ যোগ্য থলুৱা অসমীয়াৰ অধিকাৰ থকাৰ সন্দৰ্ভত আলফা স্বাধীন পৰেশ অসমৰ প্ৰেছ বিবৃতি











