Home Blog Page 2963

ডা: তাৰা প্ৰসাদ দাসক অসম গণ পৰিষদৰ কেন্দ্রীয় সমিতিৰ উপ-সভাপতি মনোনীত

বৰপেটাৰ সু সন্তান, সৰুক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক, অসম লোক সেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ  তথা জ্যেষ্ঠ ৰাজনীতিবিদ ডা: তাৰা প্ৰসাদ দাসক অসম গণ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি হিচাপে মনোনীত কৰা হৈছে। ডাঃ তাৰ প্ৰসাদ দাসক অসম গণ পৰিষদ দলৰ সভাপতি স্বাক্ষৰিত পত্ৰ যোগেদি এই কথা অৱগত কৰা হয় ।ডাঃ তাৰা প্ৰসাদ দাসক এই দায়িত্ব অৰ্পণ কৰাত অসম গণ পৰিষদৰ বৰপেটা জিলা সমিতিযে আদৰনী জনাইছে।উল্লেখযোগ্য যে ২১ৰ বিধানসভা নিৰ্বাচনৰ আগ মূহুৰ্তত বৰপেটা সদৰ সমষ্টিত  ডাঃতাৰা প্ৰসাদ দাসে অগপ যোগদান কৰিছিল।  ডা: দাস  এসময়ত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সক্ৰিয় সদস্য আৰু নামনি অসমৰ এগৰাকী বলিষ্ঠ কংগ্ৰেছ কৰ্মী হিচাপে জনাজাত আছিল। বৰপেটাৰ প্ৰাক্তন পৌৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰা ডা: তাৰা প্ৰসাদ দাসে ২১ৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ পৰা বৰপেটা সদৰ সমষ্টিৰ প্ৰধান দাবীদাৰ আছিল যদিও সমষ্টিটোত কেৱল মুছলমান লোককহে প্ৰাৰ্থীত্ব দিব লাগে বুলি এক কুটিল আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ বলি হৈ তেওঁ প্ৰাৰ্থীত্বৰ পৰা নাটকীয় ভাৱে বঞ্চিত হ’ব লগীয়া হয় বুলি অভিযোগ উত্থাপিত হৈছিল। ইয়াৰ ফলত অকল ডা: তাৰা প্ৰসাদ দাসে ক্ষোভিত হোৱাই নহয়,বৰপেটা কংগ্ৰেছৰ একাংশ কংগ্ৰেছ কৰ্মীৰ মাজতো ক্ষোভৰ উদ্গীৰণ ঘটিছিল। ক্ষুব্ধ কংগ্ৰেছ কৰ্মী সকলে কংগ্ৰেছী নেতাৰ তীব্ৰ হেঁচাৰ ফলস্বৰূপে ডা: দাস অমুছলমান হোৱা বাবে প্ৰাৰ্থীত্বৰ পৰা বঞ্চিত কৰা বুলি ক্ষুব্ধ কংগ্ৰেছ কৰ্মী সকলে অভিযোগ তুলি ইয়াৰ তীব্ৰ প্ৰতিবাদ জনাই জিলা কংগ্ৰেছ কাৰ্যালয় অনিৰ্দিষ্ট কাললৈ তলা বন্ধ কৰি দিছিল আৰু শেহতীয়া ভাৱে কাৰ্যালয়টোৰ মূল প্ৰবেশ পথত পকী বেৰ বান্ধি বন্ধ পৰ্যন্ত কৰি দিয়াৰ দৰে পথ লব লগীয়া হৈছিল।

পৌৰ সভাৰ দ্বাৰা টংলাত ৩০০ বগলী পোৱালি নিধন

ঘটনাস্হলী পৰ্যবেক্ষণ কৰে ওদালগুৰি জিলা উপায়ুক্তই

যিটো সময়ত বন্যপ্ৰাণী সুৰক্ষাৰ বাবে চৰকাৰে ন ন আইন গ্ৰহণ কৰিছে। তেনে সময়তে যোৱা কালি টংলা পৌৰ সভাৰ বিষয়া-কৰ্মচাৰীয়ে টংলাৰ ১ নং ওৱাৰ্দৰ বাসিন্দা লোকজিৎ সূতাৰৰ ঘৰৰ এজোপা বাঁহত পৰিভ্ৰমী বগলীয়ে বাস কৰি থকা বাঁহ সমূহ কাটি পেলোৱাৰ ফলত প্ৰায় ৩০০ বগলীৰ পোৱালি মৃত্যুমুখত পৰে। যাৰ ফলত সমগ্ৰ টংলা অঞ্চলত বিভিন্ন দল সংগঠনে প্ৰতিক্ৰিয়া প্ৰকাশ কৰা লগতে তীব্ৰ গৰিহণা দিয়ে। সংশ্লিষ্ট ঘটনাটো অৱগত হৈয়ে ওদালগুৰি জিলা উপায়ুক্ত ডʼ পি উদয় প্ৰবিন, ননৈ সংৰক্ষিত বনবিষয়া মৃন্ময় হাজৰিকা আৰু হৰিশিঙা ৰাজহচক্ৰৰ চক্ৰবিষয়া মনীষা নাথ ঘটনাস্থলীত উপস্থিত হয়। ওদালগুৰি জিলা উপায়ুক্ত পি উদয় প্ৰবীণে আঘাত প্ৰাপ্ত বগলী পোৱালি খিনি কাজিৰঙাৰ ৰিহেবিছন কেন্দ্ৰলৈ প্ৰেৰণ কৰাৰ ব্যৱস্থা কৰিম বুলি ৰাইজক প্ৰতিশ্ৰুতি দিয়ে। আনহাতে বনবিষয়াক কোনো খবৰ নিদিয়াকৈ বাঁহ কাটি নিধন কৰা টংলা পৌৰ সভাৰ দোষী বিষয়া কেইগৰাকীক উচিত তদন্ত কৰি শাস্তি প্ৰদান কৰিবলৈ টংলা আঞ্চলিক ছাত্ৰ সন্থা, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ, টংলা আঞ্চলিক, ওদালগুৰি জিলা আক্ৰাছু (পশ্চিম), ৰাভা ছাত্র সন্থা, এবছু‌ ওদালগুৰি জিলাৰ ৰাইজৰ দ’লৰ লগতে  বিভিন্ন প্ৰকৃতিপ্ৰেমী দল সংগঠনে অসম তথা বিটিআৰ চৰকাৰক দাবী জনায়।

মুকালমুৱাত ডিএচপিৰ নেতৃত্বত চলা অভিযানত জব্দ হিৰোইন৷মহিলাসহ দুই ড্ৰাগছ সৰবৰাহকাৰীক জে’ল হাজোতলৈ প্ৰেৰণ

নলবাৰী জিলাৰ সদৰ উপ আৰক্ষী অধীক্ষক জিকিৰাণী মহন্তৰ নেতৃত্বত মুকালমুৱা আৰক্ষীয়ে কালি সন্ধিয়া মুকালমুৱাত অভিযান চলাই দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰি নিষিদ্ধ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয় ৷ এক নিৰ্ভৰযোগ্য সূত্ৰৰ খবৰৰ ভিত্তিত নলবাৰী-কামৰূপ জিলাৰ সীমান্তৰ মুকালমুৱাৰ কুৰিহাত মুকালমুৱা আৰক্ষীয়ে নিয়মীয়া তালাচী চলাই থকাৰ পৰাই ড্ৰাগছ সৰবৰাহকাৰী ইছলামউদ্দিন আলী ওৰফে ছাদ্দামক আটক কৰে ৷ ধৃত সৰবৰাহকাৰীটোক আৰক্ষীয়ে আটক কৰি মাৰাথান জেৰা চলোৱাৰ অন্তত ইছলামউদ্দিনে গোপনে মজুত কৰি ৰখা হিৰোইনৰ সন্ধানত লোহাৰকাঠাত অভিযান চলাই এগৰাকী মহিলাক আটক কৰি তেওঁৰ পৰা ১৬ টা হিৰোইন ভৰ্তি টেমা উদ্ধাৰ কৰে ৷ ধৃত সৰবৰাহকাৰীটোৰ স্বীকাৰোক্তিত লোহাৰকাঠা গাঁৱৰ ৰবিজান বিবি নামৰ মহিলা গৰাকীৰ বাসগৃহত আৰক্ষীয়ে অভিযান চলাই বিক্ৰীৰ বাবে মজুত কৰি ৰখা হিৰোইনখিনি জব্দ কৰি মহিলা গৰাকীকো আটক কৰে ৷ উল্লেখ্য যে ধৃত ইছলামউদ্দিন আলী ওৰফে ছাদ্দামে মহিলা গৰাকীৰ সহযোগত দীৰ্ঘদিন ধৰি ড্ৰাগছৰ ব্যৱসায় চলাই অহাৰ অভিযোগ স্থানীয় ৰাইজৰ ৷ মহিলা গৰাকীৰ বাসগৃহত নিষিদ্ধ ড্ৰাগছ মজুত কৰি মহিলা গৰাকীৰ সহযোগত ধৃত ইছলামউদ্দিনে ব্যৱসায় চলাই অহাৰ খবৰ লাভ কৰিছিল সদৰ ডিএছপি জিকিৰাণী মহন্তই ৷ ধৃত দুই সৰবৰাহকাৰীৰ বিৰুদ্ধে মুকালমুৱা থানাত গোচৰ ৰুজু কৰি দুয়োকে আজি নলবাৰী আদালতত হাজিৰ কৰোৱাত মহামান্য আদালতে দুয়োকে জে’ল হাজোতলৈ প্ৰেৰণ কৰিছে ৷ আৰক্ষী সূত্ৰৰ পৰা জানিব পৰামতে মুকালমুৱাৰ শনিৰোডৰ নিৱাসী ধৃত ইছলামউদ্দিন ওৰফে ছাদ্দাম অঞ্চলটোত ড্ৰাগছ সৰবৰাহৰ মূল অভিযুক্ত ৷ লোহাৰকাঠাৰ দৰিদ্ৰ মহিলা গৰাকীক ড্ৰাগছ সৰবৰাহকাৰী ইছলামউদ্দিনে ধনৰ প্ৰলোভন দেখুৱাই মহিলাৰ গৰাকীৰ বাসগৃহত ড্ৰাগছ মজুত কৰি ড্ৰাগছৰ ব্যৱসায় চলাই আহিছিল বুলি জানিব পৰা গৈছে  ৷

ৰঙিয়াত ৰেল বিভাগৰ অসম বিৰোধী চৰিত্ৰ ফাদিল : বহিঃৰাজ্যৰ পৰা আহি যোগদান কৰিলে অৰ্ধশতাধিক প্ৰাৰ্থীয়ে

শুকুৰবাৰে ৰঙিয়া মাণ্ডলিক ৰেল প্ৰৱন্ধকৰ কাৰ্যালয়ত যোগদান কৰিবলৈ আহি উপস্থিত হয় বহিঃৰাজ্যৰ পৰা অহা ৫১ জনকৈ প্ৰাৰ্থী । যি সময়ত কৰʼণাৰ সংহাৰে সমগ্ৰ দেশত বিভিষিকাৰ সৃষ্টি কৰিছে, ঠিক তেনেসময়তে এই কাল কৰʼণাৰ পূৰ্ণসুযোগ গ্ৰহণ কৰি গোপনে ৰঙিয়াত ৰেল বিভাগত যোগদান কৰিবলৈ উপস্থিত হয় প্ৰায় ৫১ জনকৈ বহিঃৰাজ্যৰ যুৱক। জানিবপৰা মতে শুকুৰবাৰে ৰাতিপুৱাৰ পৰাই ৰঙিয়াস্থিত মাণ্ডলিক ৰেল প্ৰৱন্ধকৰ কাৰ্যালয়ত উক্ত যুৱক কেইজনে ৰৈ থকা প্ৰত্যক্ষ কৰে স্থানীয় ব্যক্তিসকলে । ইয়াৰ পিছতেই ৰঙিয়া আঞ্চলিক ছাত্ৰসন্থাৰ বিষয়ববীয়াসকলে উক্ত খবৰ লাভ কৰি ৰঙিয়াস্থিত ৰেলৱে মাণ্ডলিক প্ৰৱন্ধকৰ কাৰ্যালয়ত উপস্থিত হয় আৰুতীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ।কোনোপধ্যেই এই নিযুক্তি মানিলোৱা নহয় বুলি হুংকাৰ প্ৰদান কৰে। তাৎপৰ্যপূৰ্ণভাৱে ৰেল বিভাগত প্ৰায়েই অসম বিৰোধী মানসিকতাৰে একাংশ বহিঃৰাজ্যৰ পৰা আহি অসম ৰেল বিভাগত কৰ্মৰত উচ্চপদস্ত বিষয়াৰ  হস্তক্ষেপত এইদৰে গোপনে নিযুক্তি প্ৰক্ৰিয়া চলি আহিছে বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰে ছাত্ৰসন্থাৰ বিষয়ববীয়াসকলে। এই ঘটনা অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া যুৱক-যুৱতী সকলৰ বাবে অত্যন্ত দুৰ্ভাগ্যজনক বুলিও বিবেচীত হৈছে ।

ধেমাজিৰ চকুলো জীয়াঢল নদীৰ গতিপথ সলনি : সম্ভাব্য বানৰ পৰা মুক্ত বহু পঞ্চায়ত

প্ৰতি বছৰে বাৰিষা আহিলেই ধেমাজিৰ শশ গাঁৱৰ ৰাইজৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷কাৰণ জীয়াঢল কুমটীয়া আৰু গাইনৈইৰ বানে তাণ্ডৱ সৃষ্টি কৰে ধেমাজি জিলাৰ কেইবাটাও পঞ্চায়তৰ শশ গাঁও ৷ প্ৰতি পাঁচ বছৰ মুৰে একোখনকৈ চৰকাৰ আহে আৰু যায় ৷ভোটৰ লালসাত দলীয় বিয়াগোম বিয়াগোম নেতা সকলে এই বানে সৰ্বস্বান্ত কৰা অঞ্চললৈ কেৱল ভুৰা প্ৰতিশ্ৰুতি দি আহে ,কিন্তুু নিৰ্বাচনৰ পিছত ফুটুকাৰ ফেন ৷ইফালে ঠিকাদাৰ সৈতে কমিচনৰ অংকত নামি পৰে জলসম্পদ বিভাগৰ একাংশ বিষয়া-কৰ্মচাৰী ৷

এই ধেমাজিৰ চকুলো জীয়াঢল নদীয়ে বিগত সময়চোৱাত বানৰ বিভীষিকাময় পৰিস্থিতি সৃষ্টি কৰাৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ ধেমাজিৰ জলসম্পদ বিভাগ আৰু মিছিং স্বায়ত্ত্বশাসিত পৰিষদে  জীয়াঢল নদীখনৰ অৰ্জুন চাপৰিত দুই কিঃমিঃ মথাউৰি নিৰ্মাণ কৰি দিয়াত নদীখনে পূৰ্বৰ গতিপথলৈ সলনি হোৱাত বিভাগটোৱে এক সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে বুলি কব লাগিব ৷ ধেমাজি জলসম্পদ বিভাগে জীয়াঢ়ল নদীখনৰ অৰ্জুন চাপৰিত ১.৫০ মিটাৰ কফাৰ ডেেম নিৰ্মাণৰ বাবে প্ৰায় ৮০ লাখ টকা আৰু মিছিং স্বায়ত্ত্বশাসিত পৰিষদে ৫০০ মিটাৰ নিৰ্মাণৰ বাবে প্ৰায় ৩০ লাখ টকাৰ এই আঁচনিখনৰ বাবে প্ৰাকক’লন  তৈয়াৰ কৰিছে ৷ এই ক্ষেত্ৰত উল্লেখ কৰিব লাগিব যে  অসম চৰকাৰৰ শিক্ষামন্ত্ৰী তথা ধেমাজি সমষ্টিৰ বিধায়ক  ডাঃ ৰণোজ পেগুৰ  ভূমিকা  আৰু মিছিং স্বায়ত্ত্বশাসিত পৰিষদৰ ১৪ নং জীয়াঢ়ল সমষ্টিৰ সাধাৰণ সদস্য বানীকান্ত দলেৰ সহযোগত এই জীয়াঢ়ল নদীখনৰ গতিপথ সলনি কৰি বানাক্ৰান্ত ৰাইজক কিছু সকাহ দিবলৈ সক্ষম হৈছে ৷প্ৰায় ১ কোটি ২০ লাখ টকাৰ ব্যয় সাপেক্ষে জলসম্পদ বিভাগৰ কোনো গাইড লাইন নামানি মুনিন্দ কুমাৰ দলে আৰু বানীকান্ত দলে দুয়োজনৰ প্ৰচেষ্টাত যাৰ  বৰ্মন গাওঁ , পাতিৰ চুক , লাগাচু চুক , বৰ মথাউৰি , দীঘল গঢ়া , তিনিঘৰীয়া , কেকুঁৰি , দিহিৰি , নলামুখকে আদি কৰি প্ৰায় পোন্ধৰ খন মান গাঁঁৱঁৰ শশ পৰিয়ালে এইবাৰ বানৰ পৰা কিছু হলেও পৰিত্ৰান পোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে ৷   অসম চৰকাৰ  শিক্ষামন্ত্ৰী হিচাপে গধুৰ দায়িত্ব লাভ কৰা  ধেমাজিৰ বিধায়ক ডাঃ পেগুৱে সমষ্টিৰ ৰাইজৰ  প্ৰতিটো ক্ষেত্ৰত যি সহাঁয়ি জনাই অহিছে ইয়াৰ বাবে অঞ্চলবাসীয়ে ভূয়সী প্ৰশংসা কৰিছে ৷ উল্লেখ্য যে কিছুদিনৰ আগেয়ে ধেমাজিৰ বান পৰিস্থিতি  বুজলবলৈ  অহা অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পিয়ুয হাজৰিকাই অনাগত দিনত জিলাখনৰ মথাউৰি সমুহ খৰালিতে সম্পূৰ্ণ কৰা আশ্বাস প্ৰদান কৰে ৷ইয়াৰ উপৰিও  বৰ্তমান বানৰ কেনেকৈ জিলাখনে ৰক্ষা পাব তাকলৈ তৎকালীন ব্যৱস্থা কৰিবলৈ বিভাগ সমুহৰ নিৰ্দেশ দিছিল ৷ যাৰ ফলশ্ৰুতিত বিভাগটোৱে তৎকালীন ব্যৱস্থা কৰি নদীখনৰ গতিপথ সলনি কৰাৰ আঁচনিখন গ্ৰহণ কৰিছে বুলি জানিব পৰা হৈছে ৷
অৱশ্যে আগন্তুক বানত ধেমাজি বাসী ৰাইজে ৰক্ষা পাবনে তাকলৈ সচেতন ৰাইজৰ ডাঙৰ প্ৰশ্ন ৷কাৰণ বাৰিষা আৰম্ভ হৈছেহে মাথোঁ ৷

নুমলীগড় শোধানাগাৰৰ বজালীলৈ পাঁচটা অক্সিজেন কনচেনট্ৰেটৰ

ক্ৰমাৎ  বজালী  জিলাত  ক’ভিডৰ  প্ৰাৱল্য নিম্নমুখী হোৱা পৰিলক্ষিত হৈছে । প্ৰতিদিনে  ব্যাপক হাৰত  কভিডৰ  পৰীক্ষা  জিলাখনৰ  ভিন্ন প্ৰান্তত  হৈ  থকাৰ   উপৰিও  জিলাখনৰ  চিকিৎসালয় সমূহত  আৰু স্বাস্হ্যকেন্দ্ৰ বোৰত প্ৰতিষেধক প্ৰদান  কাৰ্যসূচী  অব্যাহত আছে।  মনকৰিবলগা কথা যে, জনসাধাৰণে  জিলা  প্ৰশাসনে  কৰা  নিৰন্তৰ আহ্বানৰ  প্ৰতি  সহাঁৰি  দি   কভিড পৰীক্ষা আৰু  প্ৰতিষেধক  লোৱাৰ  বাবে  আগবাঢ়ি অহা  পৰিলক্ষিত  হৈছে ।  উল্লেখ্য  যে, ক’ভিড  যুদ্ধ খনত  সহায়ক  হোৱাকৈ নুমুলীগড়  শোধানাগাৰে  আজি  বজালী  জিলা  প্ৰশাসনক পাঁচটা অক্সিজেন  কনচেনট্ৰেটৰ  প্ৰদান  কৰিছে  । ইয়াৰ পূৰ্বেও  জিলা  উপায়ুক্ত গৰাকীৰ  অনুৰোধত    জিলা  প্ৰশাসনক  দুটামান  সংস্হাই  কনচেনট্ৰেটৰ  যোগান  ধৰিছিল । ইপিনে,  পাটাছাৰকুছিস্থিত  নিৰ্মল  হালৈ  মহাবিদ্যালয়ত  প্ৰশাসনে  স্হাপন কৰা  ক’ভিড  কেন্দ্ৰত কে’বাগৰাকীও   ক’ভিড  সক্ৰিয়  ৰোগীক  চিকিৎসা  প্ৰদান  কৰি  আছে  জিলা  প্ৰশাসনৰ  তত্বাৱধানত স্বাস্হ্য বিভাগে । জিলাখনত  ক’ভিডৰ  সংক্ৰমণ  ৰোধ  কৰাৰ  বাবে  প্ৰশাসনে  ব্যাপক  তৎপৰতা  অবলম্বন  কৰিছে   আৰু সম্ভাব্য  পৰিস্হিতিৰ  স’তে   মুখামুখি  হোৱাৰ  বাবে   সস্তম  হৈ  আছে।

জামুগুৰিহাটৰ বিউটী পাৰ্লাৰৰ স্বত্বাধিকাৰী হৈ পৰিল বাঁহৰ খৰাহী,পাঁচি বিক্ৰেতা

মূখ্যমন্ত্ৰীপৰা সহায় লাভ কৰাৰ আশাবাদী৷

মহামাৰীসদৃশ কৰ’নাই যেন সলাই পেলালে বহুজনৰ জীৱণ আৰু জীৱিকা৷বহুজনৰদৰেই জামুগুৰিহাটৰ এগৰাকী মহিলা ব্যৱসায়ীৰো সলাই পেলালে জীৱন আৰু জীৱিকাৰ পথ৷কৰ’ণাৰ বাবেই ২২ বছৰকাল “বিউতি পাৰ্লাৰ”ৰ লগত জড়িত হৈ পৰিয়াল পোহপাল দিয়া জামুগুৰিহাটৰ ব্যৱসায়ীক কেন্দ্ৰস্থলৰ মাজমজিয়াত থকা “প্ৰীতি বিউতি পাৰ্লাৰ”ৰ স্বত্বাধিকাৰী বৰভগীয়া গাঁৱৰ ববি হাজৰিকা এতিয়া হৈ পৰিল বাঁহৰ খৰাহী,পাঁচি,বিচনি,কুলা,দলা আদি সামগ্ৰী বিক্ৰেতাৰূপে৷সন্তানসহিতে পৰিয়াল পোহপালন দিবৰ বাবেই নিজকে স্বাৱলম্বী কৰিবলৈ বাছি লোৱা “বিউতি পাৰ্লাৰ”ৰ ব্যৱসায় বৰ্তমান ত্যাগ কৰি প্ৰতিষ্ঠানটিৰ সন্মুখত এতিয়া এই সামগ্ৰীসমুহ ওলমাই সলাই পেলাবলৈ বাধ্য হ’ল জীৱণ আৰু জীৱিকাৰ পথ৷মহিলা ব্যৱসায়ী ববি হাজৰিকাই দুখেৰে কয়-মহামাৰীসদৃশ কৰ’নাই আমাৰ দৰে বহু ক্ষুদ্ৰ ব্যৱসায়ীসকলকো জীৱনৰ মাদকতা শেষ কৰাৰ দৰে কৰি পেলালে৷ক’ভিডৰ আতংকত এতিয়া বিউতি পাৰ্লাৰ বন্ধ হৈ পৰিল৷গতিকে সন্তানৰ পঢ়া শুনা তথা পৰিয়ালটো পোহপাল দিবলৈ এইদৰেই স্বামীৰ সৈতে নিশা বাঁহৰ সামগ্ৰী তৈয়াৰ কৰি চৰকাৰৰ এচঅ’পি মানি কাহিলি পুৱাইতেই আহো দুই এপদ সামগ্ৰী বিক্ৰী কৰিবৰ বাবে৷আমি এসাজ নোখোৱাকৈ থাকিব পাৰিলেও সন্তানদুটিকটো লঘোনে ৰাখিব নোৱাৰো৷বিউতি পাৰ্লাৰ খুলি নিজকে স্বাৱলম্বী কৰি তুলিবৰ বাবে চেষ্টা কৰা মহিলা ব্যৱসায়ী ববী হাজৰিকাৰ পূৰ্ৱৰ বিউতি পাৰ্লাৰৰ ব্যৱসায় বন্ধ হৈ পৰাত নতুন কৰ্মত হাত দি যথেষ্ট আশাবাদী যে তেঁওৰ দৰে তীব্ৰ সংকটৰ সন্মুখীন হোৱা মহিলা ক্ষুদ্ৰ ব্যৱসায়ীসকলে অন্তত নতুন চৰকাৰৰ মূখ্যমন্ত্ৰীগৰাকীৰ পৰাও কিছু সহায়ৰ হাত লাভ কৰিব৷

ভাস্কৰ্য শিল্পৰে নিৰলস সাধনা বাক্সাৰ প্ৰচাৰ বিমুখ শিল্পী কমল দেউৰীৰ

বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ বৃহদাকাৰৰ আবক্ষ মূৰ্তি নিৰ্মাণ

বাক্সা জিলাৰ বৰমাৰ এগৰাকী প্ৰচাৰ বিমুখ চিত্ৰশিল্পী। তেওঁ ছবি আঁকে, ভাস্কৰ্য নিৰ্মাণ কৰে। চিত্ৰকলাৰ সকলো মাধ্যমতে তেওঁৰ অবাধ দখল। তেওঁৰ নিপুণ হাতৰ পৰশত নিৰ্জীৱ কাঠ এটুকুৰাইও প্ৰাণ পাই উঠে, প্ৰতিখন ছবিয়েই তেওঁৰ তুলিকাত হৈ পৰে একোটা দুৰ্লভ শিল্প। তেওঁৰ প্ৰতিটো শিল্পতে বাংময় হৈ উঠে একোটি জীয়া কবিতা ৷ সম্পূৰ্ণ ফাইবাৰ গ্লাছ, ব্ৰঞ্জ আদিৰে সৃষ্টি কৰি আহিছে একো একোজনকৈ বিশিষ্ট ব্যক্তিৰ আবক্ষ তথা প্ৰতিমূৰ্তি। সৰুৰে পৰাই শিল্পকলাৰ প্ৰতি অশেষ ৰাপ থকা এই শিল্পী গৰাকীৰ নাম হৈছে কমল দেউৰী। বৰপেটা জিলাৰ বৰঘোপাত জন্মগ্ৰহণ কৰা কমল দেউৰীয়ে সম্প্ৰতি বাক্সা জিলাৰ বৰমাত থকা নিজ মোমায়েকৰ ঘৰত থাকিয়ে সৃষ্টি কৰি আহিছে এই নিৰলস সাধনা।

সৰুৰে পৰাই ছবি আঁকি ভাল পোৱা কমলে স্কুলীয়া শিক্ষা শেষ কৰি কোকৰাঝাৰ মিউজিক আৰু ফাইন আৰ্টচ কলেজত নামভৰ্তি কৰে। ইয়াৰ পৰৱৰ্তী সময়ত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হোৱাৰ পিচত আনুষ্ঠানিকভাৱে জড়িত হৈ পৰে শিল্পকলাৰ জগতখনৰ সৈতে। কঠোৰ শ্ৰম আৰু প্ৰচুৰ অধ্যৱসায়ৰ ফলতেই তেওঁ অৰ্জন কৰিছে চিত্ৰকলাৰ আটাইবোৰ মাধ্যমতে নিপুণতা ৷

সকলোবোৰ মাধ্যমেৰে তেওঁ নিৰ্মাণ কৰি উলিয়াইছে বিভিন্ন ধৰণৰ শিল্প ৷ কাঠ, মাটি, চিমেণ্ট, মাৰ্বলৰ উপৰিও কমলে নিৰ্মাণ কৰি উলিয়াইছে কেবাটাও ব্ৰঞ্জৰ সৰু-বৰ ভাস্কৰ্য ৷ ইতিমধ্যে বহুতো বৰেণ্য ব্যক্তিৰ আবক্ষ তথা প্ৰতিমূৰ্তি নিৰ্মাণ কৰা ভাস্কৰ্য শিল্পী কমলে শেহতীয়াকৈ বৰমাৰ নৱ প্ৰভাত নামৰ এটা বেচৰকাৰী স্বেচ্ছাসেৱী সংস্থাৰ অনুৰোধত আধুনিক বৰমাৰ খনিকৰ ৰত্নেশ্বৰ শৰ্মা, বি কে ভাণ্ডাৰী আৰু গোপী চৌধুৰীৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰি উলিওৱা বুলি জানিবলৈ দিয়ে। ফাইবাৰ গ্লাছ, ব্ৰঞ্জ আৰু হীৰা মাটিৰে নিৰ্মাণ কৰা প্ৰতিটো আবক্ষ তথা প্ৰতিমূৰ্তিৰ দাম আকাৰ অনুযায়ী ভিন্ন বুলি মন্তব্য কৰে কমলে।

ফাইবাৰ গ্লাছেৰে নিৰ্মিত প্ৰতিটো প্ৰতিমূৰ্তিৰ মূল্য ৬০ হাজাৰ টকা আৰু ব্ৰঞ্জেৰে নিৰ্মিত প্ৰতিটো প্ৰতিমূৰ্তিৰ মূল্য ৩ লাখ টকা নিৰ্ধাৰণ কৰা বুলি কয়। বৰ্তমান বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ এক বৃহদাকাৰৰ আবক্ষ মূৰ্তি নিৰ্মাণৰ কাম হাতত লোৱা ভাস্কৰ্য শিল্পী কমল দেউৰীয়ে ইয়াৰ পিচতে অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো আৰু সুধাকন্ঠ ভূপেন হাজৰিকাৰ ব্ৰঞ্জৰ আবক্ষ মূৰ্তি নিৰ্মাণ কৰাৰ পৰিকল্পনা থকাৰ কথা ব্যক্ত কৰে এই প্ৰতিবেদকৰ আগত ।

আবক্ষ তথা প্ৰতিমূৰ্তি নিৰ্মাণৰ সমান্তৰালভাৱে তেওঁ চলাই গৈছে ৰেইনব’ আৰ্ট স্কুল নামৰ এখন চিত্ৰকলাৰ শিক্ষানুষ্ঠানো। সম্পূৰ্ণ স্বকীয়তাৰে স্থাপন কৰি কলা তথা ভাস্কৰ্য শিল্পৰ বিষয়ে বহু ছাত্ৰ-ছাত্ৰীক শিক্ষা দি আহিছে এই শিক্ষানুষ্ঠানখনত। সম্প্ৰতি ৮০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে এই শিক্ষানুষ্ঠানত শিক্ষাগ্ৰহণ কৰি থকা বুলিও কমল দেউৰীয়ে জানিবলৈ দিয়ে।

ভাৰতীয় জনতা পাৰ্টিয়ে পালন কৰে “কলা দিৱস“

১৯৭৫ চনৰ ২৫ জুন তাৰিখে তদানীন্তন কংগ্ৰেছ চৰকাৰে দেশজুৰি বলবৎ কৰা স্বেচ্ছাচাৰী জৰুৰীকালীন অৱস্হাৰ প্ৰতিবাদত আজি ২৫ জুন তাৰিখে ভাৰতীয় জনতা পাৰ্টিয়ে প্ৰতি বছৰৰ দৰে এইবাৰো “কলা দিৱস“ ৰূপে পালন কৰে ৷ ক’ৰণা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক কাৰ্যলয়ত পুৱা ১১ বজাত ৰাজ্যিক পৰ্য্যায়ত এখনি ভিডিঅ ’ কনফাৰেঞ্চৰ জৰিয়তে এই প্ৰতিবাদী “কলা দিবস “ পালন কৰা হয় ৷
ৰাজ্যিক সভাপতি ৰণজিৎ দাস ,উপ-সভাপতি সপ্ননীল বৰুৰা, সাধাৰণ সম্পাদক সাংসদ তপন গগৈ, সাংসদ পল্লবলোচন দাস , মন্ত্ৰী অশোক সিংহল আৰু দলৰ ৰাজ্যিক বিষয় ববিয়া নেতা কাৰ্য্যকৰ্তাৰ উপস্থিতিত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জ্যেষ্ঠ প্ৰচাৰক তীৰ্থঙ্কৰ দাস কলিতাই মুখ্য অতিথি ৰূপে বক্তব্য ৰাখে ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাক্তন সভাপতি ৰমেন ডেকা .ভাৰতীয় জনতা পাৰ্টিৰ জ্যেষ্ঠ কাৰ্য্যকৰ্তা শ্ৰী হৰেকৃষ্ণ ভড়ালী সেই সময়ৰ কাৰাবৰণ কৰা অভিজ্ঞতা অবগত কৰে ৷

অলিম্পিক আৰু অসমীয়া ক্ৰীড়াবিদ…

আন্তৰ্জাতিক পৰ্য্যায়ত এগৰাকী উদীয়মান খেলুৱৈয়ে ব্যক্তিগতভাৱে সাফল্য অৰ্জন কৰিলে পৰিয়াল, ৰাজ্য আৰু দেশৰ জনগণে আনন্দিত আৰু গৌৰৱান্বিত হোৱাটো স্বাভাৱিক। কিন্তু সেই আনন্দ আৰু গৌৰৱক প্ৰকাশ কৰাৰ পন্থা আৰু স্তৰৰ ওপৰত সেই প্ৰতিভাৱান ব্যক্তি গৰাকীৰ ভৱিষ্যত প্ৰগতিৰ পথ বহু পৰিমাণে নিৰ্ভৰ কৰে।অভিজ্ঞ অভিভাৱকে উৎসাহ আৰু প্ৰশ্ৰয়ৰ মাজৰ পাৰ্থক্য জানে। সেয়েহে সন্তানৰ প্ৰাৰম্ভিক সাফল্যত অত্যুৎসাহী হৈ বিজয়োল্লাস কৰি প্ৰাপ্তিৰ সৰ্বোচ্চ শিখৰ পোৱাৰ আনন্দক প্ৰশ্ৰয় দিয়াতকৈ সীমাহীন আকাশৰ সুউচ্চ শিখৰৰ লক্ষ্যক দৰ্শন কৰাব পৰাটোতহে আচল উৎসাহ নিহিত থাকে।অন্য ৰাজ্য বা ৰাষ্ট্ৰৰ সঠিক পদ্ধতিৰ বিষয়ে আমি অৱগত নহওঁ। আমাৰ ৰাজ্যৰ কোনো উদীয়মান ক্ৰীড়াবিদক সঠিক অনুশীলনৰ দ্বাৰা কোনো দল সংগঠনে কাৰোবাক উচ্চ শিখৰ প্ৰাপ্তিত কিবা অৰিহণা যোগাইছে বুলি শুনা নাই। তাৰ সলনি, নিজস্ব প্ৰয়াসেৰে বিশেষ সন্মান আজুৰি অনাৰ পাছত সন্মান যাচিবলৈ, অভ্যৰ্থনা জনাবলৈ, চান্দাৰ ধনেৰে গামোচা পিন্ধাবলৈ হেতা ওপৰা লগায়। এনে দেখুৱাবলৈ চেষ্টা কৰে যেন তেওঁলোকৰ জোৰতহে সেই সন্মান আজুৰি আনিলে। আচলতে সেই ক্ৰীড়াবিদ গৰাকীৰ সাফল্য আৰু জনপ্ৰিয়তাৰ ভাগ তেওলোককো লাগে। তাৰ পাছত তেওঁ কি অনুশীলন কৰিছে, কলৈ গৈছে বাতৰিলৈ বাট চালেই হৈ যায়।”উৰন্ত শিখ” খ্যাত পদ্মশ্ৰী মিল্খা সিং ইহ সংসাৰ ত্যাগ কৰি কালি গুছি গ’ল। ‌”ধিং এক্সপ্ৰেছ” খ্যাত হিমা দাসৰ টুইটাৰৰ পম খেদি গম পাওঁ যে, ২০১৮ চনত ফিনলেণ্ডত অনুষ্ঠিত “ইণ্টাৰনেচনেল এচ’চিয়েচন অফ এথলেটিক্স ফেডাৰেশ্যনৰ” ২০ অনুৰ্ধ্বৰ ৪০০ মিটাৰ দৌৰত প্ৰথম ভাৰতীয় হিচাপে বিশ্ব খিতাপ অৰ্জন কৰা আৰু এচিয়ান গেমছত সোণৰ পদক লাভ কৰাৰ পিছত ভাৰত বৰ্ষৰ ক্ৰীড়া প্ৰেমীৰ প্ৰেৰণা স্বৰূপ মিলখা সিঙে হিমালৈ ফোন কৰি কৈছিল, – “কষ্ট কৰি অনুশীলন কৰি যোৱা। তোমাৰ হাতত যথেষ্ট সময় আছে। তুমি বিশ্বক্ৰীড়াক্ষেত্ৰৰ পৰা দেশৰ বাবে সোণৰ পদক আজুৰি আনিব পাৰিবা।” প্ৰত্যুত্তৰত দ্ৰুত ধাৱক হিমাই প্ৰত্যয়েৰে কৈছিল, “মই আপোনাৰ সপোন সফল কৰিবলৈ চেষ্টা কৰিম চাৰ।”প্ৰতিগৰাকী অসমীয়াৰ মানসিক আৱেদনৰ সাধুতা মিলখা সিঙৰ সমানেই আছিল নে ? মানৱ সমাজৰ প্ৰতিটো ক্ষেত্ৰতে কুটিলতা বিৰাজমান। ক্ৰীড়া জগততো আন্তঃজাতীয়, আন্তঃৰাজ্যিক আৰু আন্তঃৰাষ্ট্ৰীয় কূটনীতিৰ পৰা বিচ্ছিন্ন নহয় বুলি অনেক ক্ৰীড়াবিদৰ জীৱন বুৰঞ্জীয়ে চিঞঁৰি চিঞঁৰি কয়।বংশানুক্ৰমে পোৱা দেহৰ গঠন, মাক দেউতাকৰ লগত খেতিত কাম কৰি, গাঁৱৰ ল’ৰাৰ লগত বোকা পানীত খেলা ফুটবলৰ অনুশীলনে হিমাক যি বিশ্ব স্তৰৰ ধাৱকলৈ উন্নীত কৰিছিল, তাৰ ৰহণ আৰু ছন্দই ক’ৰবাত যেন গতি হেৰুৱাবলৈ আৰম্ভ কৰিছিল নেকি ? দেশ আৰু সমাজে সন্মান আৰু অত্যাধুনিক অনুশীলনৰ নামত অতিপ্ৰশ্ৰয় বা পেম্পাৰিং কৰিছিল নেকি ? মানুহৰ জীৱনত ঈশ্বৰ প্ৰদত্ত প্ৰতিভাৰ প্ৰয়োগ দুই ধৰণে হ’ব পাৰে-১.মাজবাটতে  অৰ্থনৈতিক সবলতাৰ বাবে প্ৰয়োগ । ২. সৰ্বোচ্চ শিখৰত অৱতৰণৰ বাবে অবিৰত অনুশীলন।উৰন্ত শিখ মিলখা সিঙৰ জীৱনৰ ভিত্তিত ‌প্ৰজোজনা কৰা “ভাগ মিলখা ভাগ” ছবিখনৰ দৃশ্যাৱলী যদি সম্পূৰ্ণ সত্যৰ ওপৰত প্ৰতিষ্ঠিত হয়; তেন্তে, তেখেতৰ অনুশীলন ধিঙৰ কৃষিভূমি আৰু বোকাময় খেলপথাৰ খনতকৈ অধিক ৰূঢ় আছিল। সেই সময়ত আমাৰ দেশত আজিৰ দৰে আন্তঃৰাষ্ট্ৰীয় বৃহৎ বণিয়া গোষ্ঠী সমূহৰ পণ্য সামগ্ৰীৰ প্ৰচাৰ প্ৰচলন হোৱা নাছিল। সেয়ে হয়তো সেইবিলাক আকৰ্ষণৰ দ্বাৰা অন্যমনস্ক হোৱাৰ পৰা বাচি গৈছিল। অৱশ্যে অন্য ধৰণে ভাৱিলে, সুবিধা পাওতেই লৈ নললে পাছৰ জীৱনত অনুতপ্ত হোৱাতকৈ জীৱনৰ মানদণ্ড উন্নততৰ কৰাৰ হকে সুবিধা সমূহ লৈ যোৱাটোও অনেকৰ বাবে জ্ঞানীৰ কামেই হ’ব পাৰে। সেই ক্ষেত্ৰত ৰাজ্যৰ আৰু দেশৰ নাগৰিক হিচাপে এগৰাকী ক্ৰীড়াবিদৰ সাফল্যত বুকু ফিন্দাবলৈ পোৱাটোৱেই আমাৰ একমাত্ৰ স্বাৰ্থ হৈ পৰে।আচলতে শিৱ থাপা আৰু হিমা দাস কোৱালিফাই হোৱা হ’লে লাভলিনাক লৈ অসমবাসীয়ে তিনিগৰাকী অলিম্পিয়ান “ট’কিঅ’ ২০২০” লৈ পঠোৱাৰ গৌৰৱ অৰ্জন কৰিলোঁ হেঁতেন।