Home Blog Page 2989

এইবাৰ অসমত ওলাল এনে এজন লোক যি জনৰ গাত লাগি ধৰিছে চামোচ, মুদ্ৰা, খন্তি আদি

বিগত কেইদিনমানত এনে কেইবাটাও খবৰ আমি লাভ কৰিছিলোঁ যে কওভিড ভেকচিন গ্ৰহণ কৰাৰ পাছতে একাংশ লোকৰ দেহত চিম্বকীয় শক্তি দেখা দিছে। এনে বহু ফটো ভিডিঅ ছচিয়েল মিডিয়াত ভাইৰেল ঙৈছে। শেহতীয়াকৈ অসমতো এনে চুম্বকীয় শক্তিৰ অধিকাৰী লোক এজনৰ সম্ভেদ পোৱা গৈছে।

বিজনীত এইজন লোকৰ গাতো দেখা গৈছে চুম্বকীয় শক্তি ৷ বিজনীৰ কাউৱাটিকাৰ শিৱশংকৰ অধিকাৰী নামৰ এই লোক জনৰ দেহত চামুচ, হেতা, মুদ্ৰা, খন্তি আদি লাগি ধৰাত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ এই কাণ্ড দেখি স্থানীয় লোকো হতভম্ব হৈ পৰে।

ভেটাগাঁও নৱাৰূপ স্কুলৰ বিজ্ঞান শিক্ষক অধিকাৰীয়ে কিছু দিন পূৰ্বে কোভিড-১৯ৰ ভেকচিন গ্ৰহণ কৰিছিল ৷ ভেকচিন গ্ৰহণৰ পিছত বিভিন্নজনৰ গাত চুম্বকীয় শক্তি লাভ কৰা বুলি খবৰ লাভ কৰাৰ পাছত নিজে পৰীক্ষা কৰি চোৱাত এই কথা জানিব পাৰে ৷

অৱশ্যে প্ৰায় সাত বছৰ পূৰ্বেও বিজ্ঞান শিক্ষকজনৰ গাত এনে চুম্বকীয় শক্তি ধৰা পৰিছিল বুলি জানিব দিয়ে। সেয়ে ভেকচিনেচনৰ কাৰণে এই চুম্বকীয় শক্তি লাভ কৰাৰ কথা অস্বীকাৰ কৰে তেঁও ৷ কিছুু সংখ্যক লোকৰ দেহত চুম্বকীয় শক্তি থাকে বুলি দাবী কৰে বিজ্ঞান শিক্ষক শিৱশংকৰ অধিকাৰীয়ে ৷

নলবাৰীত আশ্ৰয় এ বহন কৰিলে মানসিক ৰোগীক চিকিৎসাৰ ব্যয়

মানসিক ৰোগ থকা এগৰাকী মহিলাক কিছুসংখ্যক লোকে নিশা মাৰধৰ কৰি থানাত চমজাই দিয়াৰ পিছত এটা স্বেচ্ছাসেৱী সংগঠনে চিকিৎসক লগত লৈ মহিলা গৰাকীক সম্পূৰ্ণ সেৱা আগবঢ়াই সম্পূৰ্ণ সুস্থ কৰি তোলা এটা ঘটনাই সম্প্ৰতি সমাজত এক বিশেষ চৰ্চা লাভ কৰিছে। উল্লেখযোগ্য যে নলবাৰী জিলাৰ বেলশৰ থানাৰ অন্তৰ্গত নদলা গাঁওৰ দুটি কনমানি শিশুৰ মাতৃ তথা দুখীয়া বিধৱা মহিলা মামনী বৰ্মনক স্থানীয় কিছু লোকে যোৱা ৯ জুনত মানসিক ৰোগী বুলি ভিত্তিহীন অভিযোগ কৰি আনি মাৰ ধৰ কৰি নিশা ১১ বজাত বেলশৰ থানাত খবৰ দিছিল । বেলশৰ আৰক্ষীয়ে মানুহ গৰাকীক সেইদিনাই আনি নিশা সমাজ কল্যাণ বিভাগৰ দ্বাৰা পৰিচালিত “সখী একক অৱস্থান কেন্দ্ৰ” নলবাৰীত সম্পূৰ্ণ নিৰাপত্তাৰে ৰাতি থকাৰ বাবে ব্যৱস্থা কৰে । সমাজ কল্যাণ বিভাগৰ দ্বাৰা ডেজিগনেটেড এন জি অ’ ৰূপে স্বীকৃতি প্ৰাপ্ত নলবাৰীৰ আগশাৰীৰ স্বেচ্ছাসেৱী সংগঠন “আশ্ৰয়” ৰ লগত জিলা সমাজ কল্যাণ বিভাগৰ পৰা যোগাযোগ কৰাত আশ্ৰয়ৰ সভানেত্ৰী ৰিংকুবৰুৱা মহন্তই অতি তৎপৰতাৰে শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ৰ মানসিক ৰোগ বিশেষজ্ঞ ডাঃ নিপুল মহন্তৰ দ্বাৰা মহিলা গৰাকীক চিকিৎসা কৰাই। উল্লেখ্য যে নলবাৰী জিলাৰ নৱ নিযুক্তি উপায়ুক্ত গিতিমনি ফুকন উপস্থিত হৈ সখী একক অৱস্থান কেন্দ্ৰত মহিলা গৰাকীৰ বুজ লয়। ডা: নিপুল মহন্ত চিকিৎসাৰ প্ৰদান পত্ৰ অনুসৰি আশ্ৰয়ৰ ফালৰ পৰা এমাহৰ দৰৱ আৰু নিজ প্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ৰ বাবে নগদ ধন সহ সখী একক অৱস্থান কেন্দ্ৰৰ বিষয়া প্ৰজ্বলিকা চৌধুৰী, জুনু বৈশ্য, আশ্ৰয়ৰ সভানেত্ৰী সহ সদস্য কিশোৰ শৰ্মা,অৰুণ ৰাজবংশী আৰু অৰবিন্দ কলিতাই মহিলা গৰাকীৰ মাতৃ গৃহ ধমধমাৰ মহেনীয়া গাওঁত ১১ জুনত ধমধমা আৰক্ষীৰ সহযোগত থৈ আহে। তদুপৰি মহিলা গৰাকীৰ পৰৱৰ্তী সময়ত মানসিক ৰোগৰ চিকিৎসাৰ ব্যয় ‘আশ্ৰয়’ৰ তৰফৰ পৰা বহন কৰিব বুলি সাংবাদিকক জানিব দিছে। আজি চিকিৎসকে পুনৰ স্বাস্থ্যৰ বুজ লবলৈ যায়। বৰ্তমান মহিলা গৰাকী মাতৃ গৃহত নিৰাপদে আছে বুলি ‘আশ্ৰয়’ কৰ্তৃপক্ষই জানিব দিছে।

আজি 14 জুন বিশ্ব ৰক্তদাতা দিৱস : ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাইটো ৰক্তদান দিৱস আয়োজন

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে হোজাইটো এই ৰক্তদান দিৱস আয়োজন কৰা হয়।হোজাই গীতাশ্ৰমত উদযাপন কৰা হয় এই দিৱস।

নেচনেল মেডিক’জ অৰ্গেনাইজেচন আৰু সেৱা ভাৰতী পূৰ্বাঞ্চলৰ হেডগেৱাৰ স্মাৰক সমিতি,গুৱাহাটীৰ উদ্যোগত এই ৰক্ত দান শিবিৰৰ আয়োজন কৰা হয়।

হোজাইৰ বিধায়ক ৰামকৃষ্ণ গোষ প্ৰমুখ্যে উক্ত সংস্থাটোৰ বিষয় ববীয়া লগতে চিকিত্সক আৰু ৰক্ত দানৰ লগত জড়িত লোক সকল উপস্থিত থাকে।

এই ৰক্তদান দিৱসত প্ৰায় 20 গৰাকী ব্যক্তিয়ে ৰক্ত দান কৰে।

গোসাইগাঁওৰ চৌতাৰা মিলন বজাৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ

গোসাইগাঁও মহকুমাৰৰ চৌতাৰা মিলন বজাৰত অচিনাক্ত মৃতদেহ উদ্ধাৰ। ৰাতিপুৱা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়ে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰোনত্বৰ পৰীক্ষাৰ বাবে কোকৰাঝাৰলৈ প্ৰেৰণ কৰে। মৃত লোকজনৰ এতিয়ালৈকে কোনো পৰিচয় লাভ কৰা হোৱা নাই। এইটো হত্যাকাণ্ড নে আন কিবা সেয়া এতিয়াও ৰহস্যৰ আবৰ্তত।

ভাৰত বাংলা সীমান্ত বিননাছোৰা,বালাডোবাত উত্তেজনা : BSF ৰ কাৰ্য্যত অসন্তুষ্ট অঞ্চলবাসী

ভাৰত বাংলাৰ মূল সীমাৰ পৰা দুই কিলোমিটাৰ ভিতৰত  কাঁইটীয়া তাৰৰ বেৰ BSF ৰ ।কেন্দ্ৰীয় চৰকাৰৰ নিয়ম অনুসৰি জিৰো পইণ্টৰ পৰা 150 মিটাৰৰ ভিতৰত হব লাগে কাঁইটীয়া তাৰৰ বেৰ। কিন্তু প্ৰায় দুই কিলোমিটাৰ ভিতৰত কাঁইটীয়া তাৰৰ বেৰ দিয়া লৈ আপত্তি স্থানীয় গাঁও বাসীৰ।গাঁওবাসীৰ অভিযোগত গুৰুত্ব নিদি একেদিনাই শ শ BSF এ এইদৰে কাঁইটীয়া তাৰ বেৰ নিৰ্মান কৰিলে।কাঁইটীয়া তাৰ দি গংগাধৰ নদীৰ লগতে হেজাৰ হেজাৰ বিঘা কৃষিভূমি আগুৰি দিলে।যাৰ ফলত এটুপি খোৱা পানী, খেতি কৰিবলৈ BSF অনুমতি লৈহে যাব লাগিব ।

কোবাই ফালি পেলালে মাতৃৰ মুৰ। ড্ৰাগছৰ নিচাত গাঁওখনতেই উদ্ভণ্ডালি কৰিছে নলবাৰীৰ সন্ধেলীৰ বিৰেণে।

কোবাই ফালি পেলালে মাতৃৰ মুৰ। ড্ৰাগছৰ নিচাত গাঁওখনতেই উদ্ভণ্ডালি কৰিছে নলবাৰীৰ সন্ধেলীৰ বিৰেণে।

ক’ভিডৰ পৰা ৰক্ষা পাবলৈ উত্তৰ প্রদেশত সাজি উলিয়াইছে ‘ক’ৰোনা মাতা’ মন্দিৰ

আধুনিক বিজ্ঞানৰ চিকিৎসাত বিশ্বাসী হৈও কালান্তক ক’ৰোনাৰ পৰা ৰক্ষা পৰিবলৈ দেশব্যাপী একাংশ লোকে অদৃশ্য শক্তি ঈশ্বৰৰ শৰণাপন্ন হৈছে৷ ক’ভিড–১৯ৰ সংক্রমণৰ পৰা নিজকে ৰক্ষা পাবলৈ শেহতীয়াভাৱে উত্তৰ প্রদেশৰ প্রতাপগড়ৰ শুক্লাপুৰ গাঁৱৰ বাসিন্দাসকলে সাজি উলিয়াইছে ‘ক’ৰোনা মাতা’ মন্দিৰ৷

এডাল নিমগছৰ তলত সাজি উলিওৱা ক’ৰোনা মাতা মন্দিৰত গাঁওবাসীয়ে নিতৌ দেৱীৰ পৰা আশীর্বাদ বিচাৰে৷ এই মন্দিৰটোত ক’ৰোনা মাতা মূর্তিত এখন সেউজীয়া মাস্ক পৰিধান কৰোৱা হৈছে৷ স্থানীয় বাসিন্দাসকলে বিশ্বাস কৰা মতে এই মন্দিৰটো নির্মাণ কৰিবলৈ অঞ্চলৰ পৰা ধন সংগ্রহ কৰা হৈছে৷

এই সংগৃহীত ধনেৰে স্থাপন কৰা মন্দিৰটোত দেৱীৰ আশীর্বাদ ল’লে ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পৰা ৰক্ষা পৰে বুলি বিশ্বাস কৰে৷ তাৎপর্যপূর্ণ যে মন্দিৰটোত ক’ভিড–১৯ প্রট’কল মানি প্রার্থনা কৰা হয়৷

ক’ভিড প্রতিৰোধী নিষেধাজ্ঞা শিথিল দিল্লীত : সকলো বজাৰ মুকলিৰ অনুমতি

দেশত প্রাণঘাতী ক’ভিড মহামাৰীৰ সংক্রমণৰ সংহাৰ অব্যাহত আছে৷ মহামাৰীৰ দ্বিতীয় জোৱাৰৰ সংক্রমণত বিগত ২৪ ঘণ্টাত আক্রান্ত হয় ৮০,৮৩৪গৰাকী লোক৷ ইফালে, কেন্দ্রীয় আৰু স্বাস্থ্য পৰিয়াল কল্যাণ মন্ত্রালয়ে সদৰী কৰা অনুসৰি এই সময়ছোৱাত ক’ভিড মহামাৰীত প্রাণ হেৰুৱাইছে ৩,৩০৩গৰাকী লোকে৷ অৱশ্যে দেশজুৰি ক’ভিড মহামাৰীত সংক্রমণৰ হাৰ একেৰাহে ষষ্ঠ দিনৰ বাবে ৫ শতাংশৰ তলত আছে৷ বিগত ২৪ ঘণ্টাত দেশত পজিটিভিটী ৰেট আছিল ৪.২৫ শতাংশ৷ দেশৰ ৰাজধানী মহানগৰ দিল্লীত ক’ভিড মহামাৰীৰ দ্বিতীয় জোৱাৰৰ বাবে বিদ্যালয় আৰু মহাবিদ্যালয়সমূহ বন্ধ আছে যদিও মুখ্যমন্ত্রী অৰবিন্দ কেজৱালে আজিৰে পৰা ক’ভিড প্রতিৰোধী নিষেধাজ্ঞা শিথিল কৰাৰ সিদ্ধান্ত লৈছে কেন্দ্রীয়শাসিত ৰাজ্যখনত৷ কেজৰিৱালে  ঘোষণা কৰিছে যে কোনোধৰণৰ যুগ্ম–যুগ্ম নম্বৰ অবিহনেই আজিৰে পৰা সকলো বজাৰ পুনৰ মুকলি কৰা হ’ব দিল্লীত৷ ৫০ শতাংশ আসনৰ সুবিধাৰে ৰেষ্টুৰেণ্টবোৰ খোলাৰ অনুমতি প্রদান কৰিছে কেজৰিৱালে৷

অর্থাৎ ক’ভিড–১৯ মহামাৰী প্রতিৰোধী নিষেধাজ্ঞা শিথিল কৰাৰ পাছত দিল্লীৰ ৰেষ্টুৰেণ্টসমূহত ৫০ শতাংশ গ্রাহকহে উপস্থিত থাকিব পাৰিব৷ অকল সেয়াই নহয়, এসপ্তাহৰ বাবে এই আনলক প্রক্রিয়া দিল্লীত অব্যাহত ৰাখিব চৰকাৰে৷ ক’ভিড প্রতিৰোধী নিষেধাজ্ঞা শিথিলৰ পাছত এসপ্তাহৰ ভিতৰত যদি সংক্রমণৰ হাৰ বৃদ্ধি নাপায়, তেন্তে এই আনলক প্রক্রিয়া ধাৰাবাহিকভাৱে প্রয়োগ কৰা হ’ব দিল্লীত৷ কেজিৱালে এখন সংবাদ মেলত ঘোষণা কৰা অনুসৰি যদি সপ্তাহটোৰ ভিতৰত সংক্রমিত লোকৰ সংখ্যা বৃদ্ধি পায়, তেন্তে পুনৰ কঠোৰ নিষেধাজ্ঞা বলৱৎ কৰা হ’ব৷

ইফালে, দেশত ভেকচিনক লৈ চলি থকা চৰম নাটনিৰ মাজতে দিল্লীৰ ইন্দ্রপ্রস্থ হাস্পতালে ১৫ জুনৰ পৰা ৰাছিয়াত প্রস্তুত কৰা স্পুটনিক ভি ভেকচিন জনসাধাৰণক প্রদান কৰাৰ সিদ্ধান্ত লৈছে৷ দিল্লীৰ এপল’ হাস্পতালৰ উপৰি হায়দৰাবাদৰ কণ্টিনেণ্টেল হাস্পতালতো আগন্তুক ১৫ জুলাইৰ পৰা স্পুটনিক ভি ভেকচিন প্রদান কৰা হ’ব৷ কেন্দ্রীয় চৰকাৰে ঘোষণা কৰা অনুসৰি মাত্র এটা ড’জ প্রদান কৰিবলগীয়া এই ভেকচিনৰ প্রতিটোৰ মূল্য হ’ব ১,১৪৫ টকা৷ স্মর্তব্য যে ৰাছিয়াই স্পুটনিক ভি ভেকচিন ৯৪.৩ শতাংশ ফলপ্রসূ বুলি ইতিমধ্যে ঘোষণা কৰিছে৷

আৰ্থিক সংকটৰে জীৱন যুজঁত অৱতীৰ্ণ হোৱা সুকণ্ঠী গায়িকা চয়নিকা সভাপণ্ডিতলৈ অসম চৰকাৰৰ সহায়

জীৱনে কি নিশিকাই । দিনটোৰ  দুবেলা – দুমুঠি যোগাৰ কৰিবলৈকে গোলাঘাটৰ এগৰাকী মেধাৱী ছাত্ৰী তথা সু – গায়িকা চয়নিকা সভাপণ্ডিতে  জীৱন যুজঁত অৱতীৰ্ণ হৈছে এগৰাকী পাচলি বিক্ৰেতা হিচাপে । কটন বিশ্ববিদ্যালয়ৰ এইগৰাকী মেধাৱী ছাত্ৰী তথা সু – গায়িকা চয়নিকা সভাপণ্ডিতে চৰম আৰ্থিক দৈন্যতাৰ পৰা পৰিত্ৰাণ বিচাৰি  অৱশেষত ঘৰৰ সন্মুখতে আৰম্ভ কৰিছিল শাক- পাচলিৰ এখন সৰু  দোকান। ছাত্ৰী গৰাকীৰ কৰ্ম সংস্কৃতিৰ কথা ইতিমধ্যে গোলাঘাটত চৰ্চাৰ বিষয় হৈ পৰিছিল আৰু আজি   ছাত্ৰী গৰাকীক এই আৰ্থিক সংকটৰ পৰা কিছু সকাহ দিয়াৰ উদ্দেশ্যেৰে বিত্তমন্ত্ৰী অজন্তা নেওগ আহি গোলাঘাটৰ পাঁচ আলিৰ সমীপৰ জীৱন তামূলী পথৰ  চয়নিকাৰ বাসগৃহত  উপস্থিত হ’য়।  উপস্থিত হৈয়ে মুখ্যমন্ত্ৰীয়ে প্ৰেৰণ কৰা ৫০ হাজাৰ টকাৰ এখন চেক প্ৰদান কৰি চয়নিকাৰ এই কৰ্মৰ শলাগ লোৱাৰ উপৰিও  উজ্জ্বল ভৱিষ্যতৰ আৰ্শীবাদ দিয়ে। মন্ত্ৰী গৰাকীয়ে চয়নিকাৰ এই কৰ্মৰ উচ্চ প্ৰশংসা কৰাৰ লগতে গোলাঘাটৰ নৱ প্ৰজন্মই চয়নিকাৰ আদৰ্শৰে আগবাঢ়ি হাতে-কামে লাগিলে গোলাঘাট স্ব- নিৰ্ভৰশীল হৈ উঠিব বুলি মত প্ৰকাশ কৰে। লগতে মুখ্যমন্ত্ৰীয়ে অতি তৎপৰতাৰে চয়নিকালৈ আগবঢ়োৱা এই সহায়ৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে।এই অনুষ্ঠানত বিত্তমন্ত্ৰী গৰাকীৰ লগত উপস্থিত থাকে  সৰুপথাৰ বিধান সভা সমষ্টিৰ বিধায়ক বিশ্বজিৎ ফুকন।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাৰ সংবাদমেল, কি ক’লে মুখ্যমন্ত্ৰীগৰাকীয়ে ?

আজি বিজুলি ভৱনত শক্তি বিভাগৰ মন্ত্ৰী আৰু জ্যেষ্ঠ বিষয়াবর্গৰে দুঘণ্টাজোৰা বৈঠকত মিলিত হ’ল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা। বৈঠকৰ অন্তত এখন সংবাদমেল সম্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। সংবাদমেলত কেইবাটাও গুৰুত্বপূর্ণ মন্তব্য কৰে হিমন্ত বিশ্ব শর্মাই।

১. তিনিওটা শক্তি কোম্পানী ক্ৰমে APDCL, APGCL আৰু AEGCLৰ হেৰাই যোৱা ৰাজহ পুনৰুদ্ধাৰ কৰাৰ পৰিকল্পনা।

২. বিদ্যুৎ চুৰীৰ ক্ষেত্ৰত কঠোৰ হ’ব চৰকাৰ।

৩. বিদ্যুৎ চুৰী কৰাসকলৰ বাবে সর্বসাধাৰণ ৰাইজে যাতে বিদ্যুতৰ বিল অধিক বহন কৰিব নালাগে তাৰ প্ৰতি লক্ষ্য ৰাখিব চৰকাৰে।

৪. এটা বৃহৎ কোম্পানীয়ে দিয়া GST আৰু ব্যৱহাৰ কৰা বিদ্যুতৰ তাৰতম্য কিমান, সেয়া পৰীক্ষা কৰা হ’ব।

৫. গুজৰাটৰ শক্তি বিতৰণৰ আর্হিক অসমত প্ৰয়োগ কৰি শক্তি কিদৰে বচাব পাৰি, সেই সন্দর্ভত শক্তি বিভাগৰে হ’ব ভিডিঅ’ কনফাৰেন্স।