ডিব্ৰুগড়ৰ লাহোৱাল আৰক্ষীয়ে নিষিদ্ধ গাঞ্জাৰ বিৰুদ্ধে অভিযান চলাই ডিকম হেজেলবেঙ্ক পমাৰতলীত গাঞ্জা বিক্ৰী কৰি থকা অৱস্থাত দুৰ্গা তাঁতী আৰু সেৱন কৰি থকা অৱস্থাত বিশাল বেদিয়া আৰু মনোজ গোৱালা নামৰ মুঠ তিনিজনক হাতেলোটে আটক কৰি বৃহৎ পৰিমাণৰ গাঞ্জা জব্দ কৰে। উল্লেখ্য যে দীৰ্ঘদিনৰ পৰা আৰক্ষীৰ চকুত ধূলি দি গাঞ্জা ব্যৱসায় চলাই গৈছিল ধৃত দুই অসাধু ব্যৱসায়ীয়ে। লাহোৱাল থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপম গোৱালাৰ নেতৃত্বত চলিছিল এই অভিযান। ইতিমধ্যে আৰক্ষীয়ে তিনিজনৰ বিৰুদ্ধে146/2021 নম্বৰত এক গোচৰ পঞ্জীয়ন কৰি ভাৰতীয় দণ্ডবিধি আইনৰ 20{ b}{ ii) (B) 27 ধাৰাত এক গোচৰ পঞ্জীয়ন কৰি ৰঙাঘৰলৈ প্ৰেৰণ কৰে।
জলেশ্বৰত ড্ৰাগছৰ ঘাটি উৎখাত: নুৰুল ইচলাম মোল্লাই ঘৰৰ পিছফালে পুতি থৈছিল নিচা জাতীয় দ্ৰব্য
ৰাজ্যত একাংশ অসাধু লোকে চলাই আহিছে অসামাজিক তথা অপৰাধ জনিত কাৰ্য্য। ইয়াৰ বাবে প্ৰশাসনৰ মুৰৰ কামোৰণি হৈ পৰিছে। এই ক্ষেত্ৰত নামনি অসমৰ গোৱালপাৰা জিলাৰ জলেশ্বৰোড্ৰাগছ ব্যৱসায়ীৰ ৰম্যভূমিত পৰিণত হৈছে।প্ৰশাসনে এটাৰ পিছত এটাকৈ উৎখাত কৰিবলৈ সক্ষম হৈছে ড্ৰাগছৰ ঘাটি।যোৱাকালি এক বিশেষ সূত্ৰৰ পম খেদি লক্ষীপুৰ আৰক্ষী আৰু জলেশ্বৰ আৰক্ষীয়ে যৌথ ভাবে চলায় ড্ৰাগছ বিৰোধী অভিযান।অভিযানত আৰক্ষীয়ে আটক কৰে জলেশ্বৰ উদমাৰীৰ নুৰুল ইছলাম মোল্লা নামৰ ড্ৰাগছ মাফিয়া গৰাকীক। ইপিনে আৰক্ষীয়ে জব্দ কৰে এচ আৰ পি কেপচুল ৭ হাজাৰ ৩ শ ৪০ টা, কফ চিৰাফ ৭৮ টা আৰু নিচা জাতীয় ১ হাজাৰ ২ শ টেবলেট। উল্লেখ্য যে ড্ৰাগছ মাফিয়া নুৰুল ইছলাম মোল্লাৰ ঘৰৰ চৌহদত মাটিত পুতি থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে এই সমূহ নিচা জাতীয় ঔষধ। দীর্ঘ দিনৰ পৰাই এই গৰাকী নুৰুল ইছলাম মোল্লাই সমগ্র জলেশ্বৰ অঞ্চলত চলাই আহিছিল ড্ৰাগছৰ ৰমৰমীয়া বেহা।
মুকালমুৱাত নিচাজাতীয় ড্ৰাগছসহ এজনক আটক ৷
নলবাৰী জিলাৰ মুকালমুৱা আৰক্ষীয়ে নিতৌ ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই গ্ৰেপ্তাৰ কৰিছে ইজনৰ পিছত সিজন ড্ৰাগছ সৰবৰাহকাৰীক ৷ আজিও মুকালমুৱা থানাৰ ২নং ঘোগাত (বালিকুছি) এক গোপন সুত্ৰৰ খবৰৰ ভিত্তীত মুকালমুৱা আৰক্ষীয়ে অভিযান চলায় এটা ড্ৰাগছ ব্যৱসায়ীক আটক কৰি সৰবৰাহকাৰীজনৰ পৰা বুজন পৰিমানৰ নিচাজাতীয় টেৱলেট আৰু ঔষধ জব্দ কৰিবলৈ সক্ষম হয় ৷ ধৃত সৰবৰাহকাৰীজন ঘোগা গাঁৱৰ ৰঞ্জন আলী ৷ উল্লেখ্য যে মুকালমুৱা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত মুকালমুৱাৰ বিভিন্ন প্ৰান্তত ড্ৰাগছ বিৰোধী অভিযান অব্যাহত ৰাখিছে ৷
ৰঙিয়াৰ ব্যক্তিগত বিদ্যালয়ে আগবঢ়ালে বিনামূলীয়া ক’ভিড এম্বুলেন্স
আজি ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত ৰঙিয়া তুলসিবাৰীস্থিত ব্যক্তিগত খণ্ডৰ ডি মাথা নামৰ ইংৰাজী মাধ্যমৰ বিদ্যালয় খনৰ তৰফৰ পৰা এখন বিনামূলীয়া এম্বুলেন্স প্ৰদান কৰে। উল্লেখযোগ্য যে ৰঙিয়াত দিনকদিনে বৃদ্ধি পাই অহা ক’ভিড আক্ৰান্তৰ সুবিধাৰ হকে এম্বুলেন্স খন চমজি লয় ৰঙিয়া ৰাজহ চক্ৰ বিষয়া চন্দন বুঢ়াগোহাঁইয়ে ।ৰোগীসকলৰ হকে এই এম্বুলেঞ্চ খন গ্ৰহণ কৰি ৰঙিয়া স্বাস্থ্যবিভাগৰ দ্বাৰা ৰঙিয়াত থকা কোভিড কেয়াৰ চেন্টাৰ সমূহত ৰোগী অনা নিয়া কৰা বাবে ব্যৱহাৰ কৰা হব বুলি জনাই চক্ৰ বিষয়া গৰাকীয়ে , লগতে তেওঁ ব্যক্তিগত বিদ্যালয় খনে এই দুৰ্যোগৰ সময়ত লোৱা পদক্ষেপক আদৰণী জনাই কয় যে কোভিডৰ বিৰুদ্ধে যুঁজখনত ৰঙিয়া প্ৰশাসনক অনাগত দিনত আৰু অধিক শক্তিশালী কৰি তুলিব বুলি উল্লেখ কৰে । আনহাতে”ডি মাথা” নামৰ এই ব্যক্তিগত বিদ্যালয় খনৰ তৰফৰ পৰা যিসকল দৰিদ্ৰ লোক ক’ভিডত আক্ৰান্ত হৈছে সেই সকল লোকক খাদ্য সামগ্ৰী লগতে ঔষধ দৰৱ পাতি যোগান ধৰা হৈ আছে বুলি জানিব দিয়ে ইয়াৰ কৰ্মকৰ্তা সকলে । লগতে আগন্তুক দিনত তেওঁলোকে ৰাইজৰ স্বাৰ্থত আৰু অধিক কাম কৰি যাব বুলি জনাই সংবাদ মাধ্যমৰ আগত ।
ৰঙিয়া ৰাজহ চক্ৰ বিষয়াৰ বৰলীয়া নৈৰ মথাউৰি পৰিদৰ্শন
বাৰিষা কাল সমাগত , ইতিমধ্যেই মুখ্যমন্ত্ৰী হিমন্তবিশ্ব শৰ্মাই বিভাগীয় মন্ত্ৰী তথা স্থানীয় বিধায়ক সকলক ভগ্ন মথাউৰী নিৰ্মাণৰ কামৰ তদাৰক কৰিবলৈ নিৰ্দেশ দিছে । বাৰিষাৰ পূৰ্বেই আটাইবোৰ মথাউৰীৰ নিৰ্মাণ তথা মেৰামতীৰো কঠোৰ নিৰ্দেশ দিছে যাৰবাবে উৰ্দ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশনা মৰ্মে ৰঙিয়াৰ নিকটৱৰ্তী বঢ়মপুৰ অঞ্চলত বৰলীয়া নদীৰ খহনীয়া আৰু স্পৰ্শকাতৰ অৱস্থাত থকা মথাউৰী পৰিদৰ্শন কৰি সেই অঞ্চলৰ লোকসকলৰ পৰিস্থিতিৰ বুজ লয় । সাংবাদিকৰ মুখামুখীহৈ বিষয়াগৰাকীয়ে বাৰিষা কালত এই অঞ্চলসমূহত হʼব পৰা পৰিস্থিতিৰ লগত মোকাবিলা কৰিব পৰাকৈ ৰঙিয়া মহকুমা প্ৰশাসন সম্পূৰ্ণ সাজু বুলি জনাই ।উল্লেখযোগ্য যে যোৱা বছৰ এই অঞ্চলটো কঠমপি ৰক্ষা পৰিছিল বানৰ কবলৰ পৰা ।
ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদ ।
ক’ভিডত আক্ৰান্ত হৈ মৃত্যু তামুলপুৰৰ বিধায়ক লেহোৰাম বড়োৰ
তামুলপুৰৰ বিধায়কৰ লেহো ৰাম বড়োৰ দেহাৱসান। বিগত ২৭ মে’ৰ পৰা ভৰ্তি হৈ আছিল গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত । আজি ৰাতিপুৱা মৃত্যক সাৱটি লয় তামুলপুৰ সমষ্টিৰ নৱ নিৰ্বাচিত বিধায়ক গৰাকীয়ে । গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ আইচিইউত চিকিৎসাধীন হৈ আছিল বিধায়ক গৰাকী ।
মাজবাটৰ বেটেলি চাহ বাগিছাত ক’ৰোনাৰ ভয়াবহ সংক্ৰমণ
সমগ্ৰ ৰাজ্যত ভয়াবহ ভাৱে বাঢ়ি অহা দ্বিতীয় পৰ্যায়ৰ ক’ৰোনা মহামাৰী ওদালগুৰি জিলাৰ মাজবাটৰ বেটেলি চাহ বাগিছাত দিনক দিনে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি হোৱাত অঞ্চল জুৰি এক আতংকময় সৃষ্টি হৈছে । মাজবাটৰ টাউন গাঁৱ অঞ্চলৰ লগতে মহামাৰী ক’ৰোনা সংক্ৰমণ সমানে বৃদ্ধি পাইছে চাহ বাগিছা অঞ্চল সমুহতো । ১৯ মে’ ৰ পৰা ২৮মে লৈকে স্বাস্থ্য বিভাগৰ ৰেপিড এন্টিজেন পৰীক্ষাত ৯১ গৰাকী ব্যক্তিৰ দেহত ক’ভিড আক্ৰান্তৰ লক্ষণ ধৰা পৰে । ১৯ মে’ তাৰিখে মাজবাট ৰাজহ চক্ৰৰ অন্তৰ্গত কুকুৰাখাইটী গাঁৱত ১৩ জন লোকৰ দেহত ক’ৰোনাৰ লক্ষণ ধৰা পৰাত ওদালগুৰি জিলা প্ৰশাসনে গাঁৱখনক Micro Containment Zone হিচাপে ঘোষণা কৰে । আনহাতে মাজবাট ৰাজহ চক্ৰৰ অন্তৰ্গত ধনশ্ৰী চাহ বাগিছা, লামাবাৰী চাহ বাগিছা,বেতিবাৰী চাহ বাগিছা , মাজবাট চাহ বাগিছা আৰু বেটেলি চাহ বাগিছাত প্ৰতিদিনে ক’ৰোনাত আক্ৰান্তৰ তথ্য পোহৰলৈ আহিছে। আন আন চাহ বাগিছাৰ তুলনাত বেটেলি চাহ বাগিছাত দিনক দিনে আক্ৰান্তৰ সংখ্যা বৃদ্ধি পোৱাত সচেতন মহলৰ লগতে স্থানীয় প্ৰশাসন আৰু স্বাস্থ্য বিভাগ চিন্তিত হৈ পৰিছে । ২৬ মে’ তাৰিখে বেটেলি চাহ বাগিছাত ক’ৰোনাত আক্ৰান্ত হয় ১৭ গৰাকী ব্যক্তি ।২৭ মে’ তাৰিখে আক্ৰান্তৰ লক্ষণ ধৰা পৰে ১২ গৰাকী ব্যক্তিৰ দেহত ।ক’ভিডৰ এই ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি স্বাস্থ্য বিভাগে বেটেলি চাহ বাগিছাত ৰেপিড এন্টিজেন পৰীক্ষা কৰাত ২৮ মে” তাৰিখে পুণৰ ১২ গৰাকী ব্যক্তিৰ দেহত ক’ভিডৰ লক্ষণ ধৰা পৰে । ১৯ মে’ ৰ পৰা ২৮ মেলৈকে মাজবাটৰ বিভিন্ন অঞ্চলৰ তুলনাত ক’ভিডত আক্ৰান্তৰ সংখ্যা বেটেলি চাহ বাগিচাত ভয়ানক ভাৱে ৪১ গৰাকীলৈ বৃদ্ধি হোৱাত সচেতন মহলৰ লগতে স্থানীয় প্ৰশাসন আৰু স্বাস্থ্য বিভাগ চিন্তিত হৈ পৰিছে ।বেটেলি চাহ বাগিচাত ক’ৰোনা সংক্ৰমণ ভয়ানক ভাৱে বৃদ্ধি হোৱাত বিটিচি পৰিষদীয় সমষ্টিৰ ৩৯ নংপাঁচনৈ চেৰফাং সমষ্টিৰ এম.চি.এলে দীপক মৌৰ মাজবাট ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সুৰজ সোণোৱাল ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য খণ্ডৰ ব্লক বিপিএম পংকজ সভাপন্ডিত চাহ বাগিচাৰ পৰিচালক আৰু বিষয়ববীয়া সকলৰ লগত বেটেলি চাহ বাগিচাত ক’ভিড সম্পৰ্কীয় ৰাইজৰ মাজত সজাগতা আনিবলৈ চাহ বাগিছাত উপস্হিত হয় আৰু ভেকচিনেচন আৰু ক’ভিড কেয়াৰ চেন্টাৰ প্ৰদৰ্শন কৰে । মাজবাট অঞ্চলৰ বিভিন্ন চাহ বাগিচা আৰু গাঁৱ সমুহত ক’ৰোনা সংক্ৰমণৰ লক্ষণ বৃদ্ধি হৈ আছে যদিও এতিয়াও এনে বহুসংখ্যক লোকে চৰকাৰী নীতি- নীয়ম নামানি বজাৰ , বেংক আদিত মাস্ক পৰিধান নকৰাকৈ ঘুৰি ফুৰা দেখা যায় ।সেয়ে এনে ভয়বহতাৰ প্ৰতি লক্ষ্য ৰাখি সকলো ৰাইজকে মাস্ক ব্যৱহাৰ কৰাৰ লগতে সামাজিক দূৰত্ব বজাই ৰাখি সজাগ আৰু সচেতন হৈ ক’ভিডৰ নিতি নিয়ম মানি চলিবলৈ স্বাস্থ্য বিভাগে সকলোকে আহ্বান জনাইছে । আনহাতে স্থানীয় প্ৰশাসনক একাংশ সচেতন মাজবাট বাসী ৰাইজে ক’ভিডৰ নীতি নিয়ম নামানি মাস্ক আৰু সামাজিক দূৰত্ব বজাই নাৰাখি অনাই বনাই ঘূৰি ফুৰা লোক সকলৰ ওপৰত বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে ।ইপিনে ২৮মেত মাজবাটৰ পাহাৰ তলীৰ ২নং ধনশ্ৰী বাগান গাঁৱত ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত ৪০ গৰাকী ব্যক্তিক ৰেপিড এন্টিজেন পৰীক্ষা কৰাত ৬ গৰাকী ব্যক্তিৰ দেহত ক’ভিডৰ লক্ষণ ধৰা পৰাত উক্ত গাঁৱ খনক ওদালগুৰি জিলা প্ৰশাসনে Containment Zone হিচাপে ঘোষণা কৰে ।
গোলাঘাটত ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰ অভিযান : নিশা ড্ৰাগছ সহ গ্ৰেপ্তাৰ ড্ৰাগছ ব্যৱসায়ী
ৰাজ্যজুৰি আৰক্ষী- প্ৰশাসনৰ ৰদ-বদলৰ পিছতেই সমগ্র ৰাজ্যত চলিছে ড্ৰাগছ ব্যৱসায়ৰ উৎখাত অভিযান। পিছ পৰি ৰোৱা নাই গোলাঘাট আৰক্ষীও। দীৰ্ঘদিন ধৰি জিলাখনত ড্ৰাগছৰ কৱলত পৰি বহু প্ৰতিভাৱান যুৱক-যুৱতী ধ্বংসৰ গৰাহলৈ গতি কৰিছে । যদিও আৰক্ষীৰ ধাৰাবাহিক অভিযানত বহু ড্ৰাগছ আসক্ত যুৱক-যুৱতীৰ সহ ড্ৰাগছ ব্যৱসায়ী আটক হৈছিল। তথাপি আৰক্ষীৰ চকুত ধুলি দি অন্য একাংশ ড্ৰাগছ মাফিয়াই চলাই নিছিল ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায়। পুনৰ কালি নিশাৰ ভাগত গোলাঘাটত ড্ৰাগছৰ বিৰুদ্ধে কঠোৰ অভিযান চলালে গোলাঘাট আৰক্ষীয়ে l অভিযানত ২. ৫ গ্ৰাম ড্ৰাগছ সহ এখন স্কুটী কৰায়ত্ত কৰিবলৈ সক্ষম গোলাঘাট আৰক্ষী । গোলাঘাট সদৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া দীপক বৰা নেতৃত্বত যোৱা এটা আৰক্ষীৰ দলে গোলাঘাট নগৰস্থিত কুমাৰপট্টীৰ পৰা অভিষেক দাস নামৰ এটা ড্ৰাগছ ব্যৱসায়ীকো ড্ৰাগছসহ গ্ৰেপ্তাৰ কৰে l উল্লেখযোগ্য যে, নগালেণ্ড সীমাত অৱস্থিত জিলাখনত দিনক দিনে ড্ৰাগছে ছানি ধৰাত এক বিভীষিকাময় পৰিবেশৰ সৃষ্টি হৈছে। প্ৰতিজন পিতৃ-মাতৃৰ চিন্তাৰ বিশেষ কাৰণ হৈ পৰা এই ড্ৰাগছৰ পৰা যুৱ প্ৰজন্মক উদ্ধাৰ কৰিবলৈ লোৱা আৰক্ষীৰ এই ধাৰাবাহিক আৰু জোৰদাৰ অভিযানক সকলোৱে একেমুখে শলাগ লৈছে।
নগাঁৱত ড্ৰাগছৰ বিৰুদ্ধে নগাঁও আৰক্ষীৰ অভিযান অব্যাহত।নগাঁও সদৰ থানাৰ এলেকাতে আজি ৮ জন গ্ৰেপ্তাৰ।
নগাঁও জিলাৰ আৰক্ষী অধীক্ষক হিচাবে আনন্দ মিশ্ৰই যোগদান কৰাৰ পিছৰে পৰা আৰক্ষীয়ে জিলা খনৰ সৰ্বত্ৰতে ড্ৰাগছৰ বিৰুদ্ধে আৰু অপৰাধ মূলক কাম কাজৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। সমান্তৰাল ভাবে আৰক্ষীয়ে এনে বোৰ কাম কাজৰ বিৰুদ্ধে ৰাইজৰ মাজত সজাগতা সৃষ্টিৰ বাবে পদক্ষেপ গ্ৰহণ কৰিছে । আৰক্ষীৰ সমান্তৰালভাৱে ৰাইজে ড্ৰাগছৰ বিৰুদ্ধে সতৰ্ক দৃষ্টি ৰাখিছে । আজি নগাঁও চহৰৰ চকীটুপ অঞ্চলত ড্ৰাগছ সৰবৰাহ কৰিবলৈ যোৱা এজন যুৱকক ৰাইজে কৰায়ত্ত কৰে । ইয়াক কেন্দ্ৰ কৰি চকীটুপ অঞ্চলত উত্তপ্ত পৰিস্থতিৰ সৃষ্টি হয় । পিছত ৰাইজে আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ যুবক জনক আটক কৰি নগাঁও সদৰ থানালৈ লৈ আহে । ইপিনে নগাঁও আৰক্ষীয়ে অভিযান চলাই জিলাখনৰ বিভিন্ন স্থানৰ পৰা বুজন পৰিমানৰ ড্ৰাগছ সহ ১০ জনৰো অধিক ড্ৰাগছ সৰহবৰাহকাৰী আৰু ব্যবসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । নগাঁও আৰক্ষী অধীক্ষক হিচাপে আনন্দ মিশ্ৰই ১৭ মেত যোগদান কৰাৰ পিছৰে পৰা আৰক্ষী অধীক্ষক গৰাকী ড্ৰাগছ আৰু নিছা যুক্ত ঔষধৰ বিৰুদ্ধে তৎপৰ হৈ পৰে । আৰক্ষী অধীক্ষক গৰাকীৰ নিৰ্দেশত নগাঁও জিলা আৰক্ষীয়ে ড্ৰাগছ বিৰোধী স্কোৱাড আৰু অপৰাধ নিয়ন্ত্ৰণৰ বাবে ৰাইডাৰ স্কোৱাড গঠন কৰি অভিযান অব্যাহত ৰাখিছে । জিলাখনৰ ৰূপহীহাট , জুৰীয়া , ধিং , কচুৱা , ৰহা , চামগুৰি , বটদ্ৰবা , কামপুৰ , আদি আৰক্ষী থানাই আজি ১১ দিনে অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছ , ৬০ জনৰো অধিক ড্ৰাগছ সৰবৰাহকাৰী আৰু ব্যবসায়ীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে । আজি নগাঁও সদৰ থানাই গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰী কেইজন হল – মিনাৰা বেগম , আৰিফুল হক , বাহাৰুল ইছলাম , মিৰাজুল হক , পঙ্কজ বৰা , দিদাৰুল হক , ছাদ্দাম হুছেইন । আৰক্ষীয়ে ড্ৰাগছ সৰবৰাহকাৰী কেইজনক জেৰা অব্যাহত ৰাখিছে । নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ধ্ৰুৱ বৰাই সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে জিলাখনত ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত থাকিব । আমি নগাঁও জিলাক ড্ৰাগছ মুক্ত জিলা হিচাপে গঢ়ি তোলাৰ প্ৰয়াস কৰিছো । এই ক্ষেত্ৰত আমি ৰাইজৰ সহযোগিতা কামনা কৰিছোঁ ।
দুলীয়াজান-ডিগবৈত ড্ৰাগছ-গাঞ্জাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
দুলীয়াজান-ডিগবৈত ড্ৰাগছ-গাঞ্জাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান/বিলাসী বাহন, নগদ ধনসহ বৃহৎ পৰিমাণৰ ড্ৰাগছ-গাঞ্জা জব্দ/মহিলাসহ পাঁচগৰাকীক ৰঙাঘৰলৈ












