তিতাবৰ শিক্ষা খণ্ডৰ অধীনৰ বগাৰগাঁৱৰ বিকিদেবী গট্টানী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰতিষ্ঠাপক প্ৰধান শিক্ষক অনিল বাঘ বৰাক কালি আনুষ্ঠানিক ভাৱে বিদায় সম্বৰ্দ্ধনা জনায়। বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ ছাত্ৰী ,বিদ্যালয় পৰিচালনা সমিতিয়ে ৰাজহুৱা বিদায় সম্বৰ্দ্ধনা জনায়। লগতে বিদ্যালয়ৰ শিক্ষক দেবেন তামুলী আৰু নৰেণ পাঠককো বিদায় সম্বৰ্দ্ধনা জনায়। তিতাবৰৰ শিক্ষাবিদ পদ্মেশ্বৰ গায়নৰ পৌৰহিত্যত অনুষ্ঠিত সভাখনৰ আঁতধৰে শিক্ষক নন্দন শৰ্মা ই আৰু আদৰণী সম্ভাষণ জনালে বিদ্যালয়ৰ প্ৰধান শিক্ষক পল্লব গগৈয়ে। সভাত বিদায়ী প্ৰাৰ্থী সকলক বিপুল সম্বৰ্দ্ধনা জনায় বিদ্যালয় কৰ্তৃপক্ষৰ উপৰি স্থানীয় সংগঠন আৰু শুভাকাংক্ষী ৰাইজে। সভাত বিশিষ্ট অতিথি হিচাপে তিতাবৰ জিলা হাইস্কুল শিক্ষক সংস্থাৰ সভাপতি ধৰ্মেশ্বৰ বৰুৱাআৰু তিতাবৰ প্ৰেছ ক্লাবৰ উপদেষ্টা বিমান শইকীয়াই বিশিষ্ট অতিথি হিচাপে বক্তৃতা প্ৰদান কৰে আৰু সম্পাদক আৰিফ ৰহমান,পৰীক্ষা সচিব উত্তম বৰা, , ৰত্নেশ্বৰ বৰা, প্ৰনবেন্দ্ৰ দেবনাথ, কুশল সন্দিকৈ অৰুণোদয় হাইস্কুলৰ প্ৰধান শিক্ষক চন্দ্ৰ কলিতা প্ৰমুখ্যে ব্যক্তি সকলে অংশগ্ৰহণ কৰে। বিদায়ী প্ৰাৰ্থী অনিল বাঘ বৰা,দেবেন তামুলী আৰু নৰেণ পাঠকেও বক্তব্য প্ৰদান কৰে। বিভিন্ন গীত মাতেৰে মুখৰিত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত সভাত বিদ্যালয়ৰ কৃতী শিক্ষাৰ্থী সকলকো অভিনন্দন জ্ঞাপন কৰে। সভাত অঞ্চলটোৰ বহু শিক্ষানুৰাগী ব্যক্তি আৰু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলেও বিশেষ ভাবে সহযোগিতা আগবঢ়োৱা পৰিলক্ষিত হয়। স্থাপন ৰাইজে কৃতজ্ঞতা প্ৰকাশ কৰে।
অন্ধবিশ্বাস, কুসংস্কাৰৰ বিৰুদ্ধে দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত সজাগতা সভা
গোলঘাট জিলাৰ উত্তৰ উন্নয়ন খণ্ডৰ আৰ্য্যভট্ট কেন্দ্ৰৰ উদ্যোগত দেৰগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰাংগনত অন্ধবিশ্বাস আৰু কু সংস্কাৰৰ বিৰুদ্ধে এখনি সজাগতা সভা অনুষ্ঠিত হয়। আৰ্যভট্ৰ কেন্দ্ৰ গোলাঘাট জিলাৰ সমন্বয়ক ইমদাদ আলিৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনিৰ উদ্দেশ্যে ব্যাখ্যা দাঙি ধৰে আৰ্যভট্ৰ কেন্দ্ৰ গোলাঘাট উত্তৰ উন্নয়ন খণ্ডৰ সনন্বয়ক ৰিতা শৰ্মা বেজবৰুৱাই। শিক্ষক দিগন্ত নাথে আঁত ধৰা অনুষ্ঠানটিত সমাজকৰ্মী সূৰ্য মোহন হাজৰিকা আৰু শিক্ষয়িত্ৰী নিৰু বৰুৱা নিদিষ্ট বক্তা হিছাপে উপস্থিত থাকি বৰ্তমানেও বহু সমাজত প্ৰচলিত হৈ থকা বিভিন্ন কু সংস্কাৰ আৰু অন্ধবিশ্বাসৰ ওপৰত তথ্যভিত্তিক পৰ্যালোচনা কৰি ভাষন আগবঢ়াই।দেৰগাঁৱৰ বিভিন্ন অঞ্চলৰ শতাধিক লোক উপস্থিত থকা অনুষ্ঠানটিত আৰ্যভট্ৰ বিজ্ঞান কেন্দ্ৰ গোলাঘাট উত্তৰ উন্নয়ন খণ্ডৰ সমন্বয়ক ৰিতা শৰ্মা বেজবৰুৱাই কু সংস্কাৰ আৰু অন্ধবিশ্বাসৰ প্ৰভাৱ আৰু বিজ্ঞানৰ প্ৰয়োজনীয়তাৰ ওপৰত বিশ্লেষণাত্মক মন্তব্য আগবঢ়াই।অনুষ্ঠানটিত উপস্থিত থকা মুস্তাফিজুৰ ৰহমানকে ধৰি বহু কেইজন ব্যক্তিয়ে নিজৰ জীৱনত কি দৰে অন্ধবিশ্বাস আৰু কুসংস্কাৰৰ কবলত পৰিব লগা হৈছিল সেই অভিজ্ঞতাৰ কথা প্ৰকাশ কৰি সকলোকে ইয়াৰ পৰা দুৰৈত থাকিবলৈ আহ্বান জনাই। উল্লেখ্য যে অসম চৰকাৰৰ অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিবেশ পৰিষদ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ অন্তৰ্গত গোলাঘাট জিলা আৰ্যভট্ৰ বিজ্ঞান কেন্দ্ৰ উত্তৰ উন্নয়ন খণ্ডই দেৰগাঁৱৰ বিভিন্ন স্থানত সংস্কাৰঃ মানুহে মানুহৰ বাবে শীৰ্ষক বিভিন্ন স্থানত অন্ধবিশ্বাস আৰু কু সংস্কাৰৰ বিৰুদ্ধে সজাগতা অভিযান অনুষ্ঠিত কৰি আহিছে।
মিৰ্জাত ব্যৱসায়ী মুনিন্দ্ৰ তালুকদাৰক অপহৰণ
সংযুক্ত মুক্তি বাহিনী আলফাই দুই কুইপ বিষয়াক অপহৰণ কৰা কণ্ডত ৰাজ্যজুৰি হোৱা চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ পলাশবাৰীৰ মিৰ্জাত যোৱা নিশা হোৱা ব্যৱসায়ী এজনক অপৰহণ কৰা কাণ্ডই দক্ষিণ কামৰূপ অঞ্চলত তীব্ৰ প্ৰতিক্ৰীয়াৰ সৃষ্টি কৰিছে। ব্যৱসায়ীক সংঘাতৰ পৰিণতি নে ধন দাবীৰ বাবেই অপহৃত হ’ল মিৰ্জাৰ ব্যৱসায়ী মুনিন্দ্ৰ তালুকদাৰ। নিশাৰে পৰা তদন্ত চলায়ো শুংসূত্ৰ উলিয়াব পৰা নাই আৰক্ষীয়ে। পলাশবাৰীত মিৰ্জাত যোৱা নিশা সংঘটিত হয় চাঞ্চল্যকৰ অপহৰণ কাণ্ডটি। নিশা প্ৰায় ন বজাত মিৰ্জা মিলনপুৰৰ ব্যৱসায়ী মুনীন্দ্ৰ তালুকদাৰ ওৰফে মণিক বাট আগচি ধৰি কোনো দুৰ্বৃত্তই অপহৰণ কাণ্ড সংঘটিত কৰে। পলাশবাৰী থানাৰ অন্তৰ্গত মিৰ্জা চ’কত থকা নিজা ব্যৱসায়ীক প্ৰতিষ্ঠান বন্ধ কৰি ঘৰলৈ গৈ থকা অৱস্থাত ঘৰৰ সমীপতে বাট আগুচি ধৰি মণিক গাড়ীৰ পৰা নমাই চাৰিচকীয়া বাহনত অহা দুৰ্বৃত্তৰ দলে অপহৰণ কৰি লৈ যায়। ঘটনাস্থলীত পলাশবাৰী আৰক্ষীৰ লগতে উচ্চ পদস্থ বিষয়াই উপস্থিত হৈ এটা খালি মেগজিনো উদ্ধাৰ কৰাৰ লগতে অভিযান অব্যাহত ৰাখিছে। প্ৰশ্ন উঠিছে ব্যৱসায়ীক সংঘাতৰ পৰিণতি নে ধন দাবীৰ বাবেই অপহৃত হল মিৰ্জাৰ ব্যৱসায়ী মুনিন্দ্ৰ তালুকদাৰ। উল্লেখ্য যে প্ৰায় দুবছৰ পূৰ্বে অবৈধ গুটখাৰ বেহাত জড়িত হৈ এইগৰাকী মুনিন্দ্ৰ তালুকদাৰে আৰক্ষীৰ হাতত ধৰা পৰি ৰঙাঘৰৰ আলহী হ’ব লগা হৈছিল। এতিয়া তদন্ত চলায়ো আৰক্ষীয়ে শুংসূত্ৰই উলিয়াব পৰা নাই। এই ঘটনাকলৈ মিৰ্জা অঞ্চলত আতংকৰ সৃষ্টি হৈছে। কোনে কিয় অপহৰণ কৰিলে সেয়া স্পষ্ট হোৱা নাই যদিও পৰিয়ালৰ লোকে হাহাকাৰ কৰিছে। কোবৌ কাকুতি কৰিছে মুক্তিৰ বাবে। এতিয়া কোনে কিহৰ বাবে অপহৰণ কৰিলে মুনিন্দ্ৰ তালুকদাৰক তাক লৈ সৃষ্টি হৈছে নানা ৰহস্যৰ।
আধাৰশিলা স্থাপন কৰিবলৈ গৈ জনৰোষত বিধায়ক শুকুৰ আলী আহমেদ
নিৰ্বাচনী অধিসূচনা জাৰি হোৱাৰ পূৰ্বে মন্ত্ৰী-বিধায়ক সকল নিজৰ নিজৰ সমষ্টিত প্ৰচাৰ অভিযান আৰম্ভ কৰিছে ক্ৰমান্বয়ে গৰম হৈ উঠিছে নিৰ্বাচনী কুচকাৱাজ এই ক্ষেত্ৰত পিছ পৰি থকা নাই বৰপেটা জিলাৰ ৪৭ নং চেঙা বিধান সভা সমষ্টিৰ কংগ্ৰেছী বিধায়ক শুকুৰ আলী আহমেদ। প্ৰাক্তন মন্ত্ৰী তথা বৰ্তমানৰ বিধায়ক গৰাকী নিজ সমষ্টিতে ৰাইজৰ ৰোষত পৰাৰ তথ্য পোহৰলৈ আহিছে। শনিবাৰে সমষ্টিটোৰ দক্ষিণ পাৰৰ খোলাবান্ধাত এম জি এনৰেগা কামৰ আধাৰশিলা স্থাপন কৰিবলৈ গৈ ৰাইজৰ ৰোষত পৰিল বিধায়ক গৰাকী। নিৰ্বাচনৰ প্ৰাকক্ষণত বিধায়ক গৰাকীয়ে সমাগত নিৰ্বাচনৰ বাবেই আধাৰশিলাৰ ল’লীপপ আগবঢ়োৱাৰ অভিযোগ উত্থাপন কৰি ক্ষোভিত হৈ একাংশই হাতে- হাতে কলা পতাকা লৈ বিধায়ক শুকুৰ আলীৰ বিৰুদ্ধে ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদো সাব্যস্ত কৰে। শুকুৰ আলী মুৰ্দাবাদ, শুকুৰ আলীক নালাগে, শুকুৰ হাটাও চেঙা বচাও আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে।
বিশ্বনাথ কৃষি মহাবিদ্যালয়ত নৱাগত আদৰণি সভা
কভিড ১৯ ৰ সংক্ৰমণ কিছু হ্ৰাস পোৱাৰ পিছত বিশ্বনাথ কৃষি মহাবিদ্যালয়লৈ অসম তথা ভাৰত বৰ্ষৰ বিভিন্ন ৰাজ্যৰ পৰা অহা শ্নাতক আৰু শ্নাতোকোত্তৰ পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষৰ ছাত্ৰ ছাত্ৰী সকলক আদৰণি জনোৱাৰ বাৱে ২০ ফেব্ৰুৱাৰী তাৰিখে নৱাগত আদৰণি সভাৰ লগতে সাংস্কৃ তি ক সন্ধিয়াৰ আয়োজন কৰা হয়।মহাবিদ্যালয় খনৰ প্ৰেক্ষাগৃহত বন্তি প্রজ্বলনেৰে শুভ আৰম্ভণি হোৱা অনুষ্ঠানৰ মুকলি সভাত মহাবিদ্যালয়ৰ সহযোগী বিজ্ঞান গুৰু ড° ৰনেন্দ্ৰ নাথ বৰ্মনে তেখেতৰ ভাষণত ছাত্ৰ-ছাত্ৰী সকলক আদৰণি জনোৱাৰ লগতে কৃষি পাঠ্যক্ৰমত কেৰিয়াৰ সম্পৰ্কে অৱগত কৰে। অসম কৃষি বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ পাঠ্যক্ৰমৰ সঞ্চালক ড° অজিত বৈশ্যই সন্মানীয় অতিথি হিচাপে অংশ গ্ৰহণ কৰা মুকলি সভাৰ ভাষণত ছাত্ৰ ছাত্ৰী সকলক উৎসাহিত কৰাৰ লগতে কৃষি খণ্ডত ভৱিষ্যত আৰু আধুনিক প্ৰযুক্তিবিদ্যাৰ বিষয়ে সদৰী কয়। সভাৰ সন্মানীয় অতিথি বিশ্বনাথ জিলাৰ উপায়ুক্ত শ্ৰী যুত প্ৰণৱ কুমাৰ শৰ্মাই ছাত্ৰ-ছাত্ৰী সকলক কোভিড নিয়মাৱলীৰ মাজেৰে কৰ্তব্য আগুৱাই নিবলৈ পৰামৰ্শ আগবঢ়াই। মুল সভাত অধ্যাপক ড° ৰত্নকিংকৰ গোস্বামীয়ে নিজৰ ভাষণত নবাগত ছাত্ৰ ছাত্ৰী সকলক আদৰণি জনায়।সহকাৰী অধ্যাপক সীমনা তামুলীয়ে আঁত ধৰা মুল সভাত সহকাৰী অধ্যাপক ড° ৰাণীমা মিশ্ৰই শলাগৰ শৰাই আগবঢ়ায়। সন্ধিয়া আকৰ্ষণীয় সাংস্কৃতিক সন্ধ্যাৰ কাৰ্যসূচীৰে অনুষ্ঠানৰ সামৰণি পৰে।
মাজুলীত “সহোদৰ” ২০২০-২১ তুঙ্গত উঠিছে প্ৰস্তুতি
মাজুলীত অনুষ্ঠিত হ’ৱ লগা ২০২০-২১ বৰ্ষৰ “সহোদৰ” শীৰ্ষক অনুষ্ঠানত বিভিন্ন জাতি জনগোষ্ঠীৰ ৬০০ শিল্পীয়ে অংশগ্ৰহণ কৰিব ৷ ১০০ খুলীয়াই শুভাৰম্ভ কৰিব সহোদৰ অনুষ্ঠানটিৰ |বিভিন্ন জাতি জনগোষ্ঠীৰ লোকৰ সমন্বয়ৰ ক্ষেত্ৰ হ’ব মাজুলী |
অহা ২১ আৰু ২২ ফেব্ৰুৱাৰীত মাজুলীত হ’বলগীয়া “সহোদৰ” সমন্বয় আৰু ভাতৃত্ববোধৰ এক প্ৰয়াস অনুষ্ঠান অনুষ্ঠিত হ’ৱ জেংৰাইমুখৰ মৰাসুঁতিৰ পাৰত । অসমৰ সাংস্কৃতিক প্ৰাণকেন্দ্ৰ মাজুলীত অনুষ্ঠিত হ’ব এই বৰ্ষৰ সহোদৰ ২০২০-২১। মাজুলীৰ অনন্য সংস্কৃতি আৰু সৃষ্টিশীল স্থানীয় বৈশিষ্ট সমূহক অসমৰ প্ৰতিটো প্ৰান্তত প্ৰচাৰ তথা সমাদৰ লাভৰ নিমিত্তে মাজুলীত এই সহোদৰ অনুষ্ঠানটি আয়োজন কৰা হৈছে। কিয়নো মাজুলী হ’ল সমগ্ৰ অসমৰ এক সাংস্কৃতিক স্বৰূপ : বৈচিত্ৰময়, বৰ্ণিল আৰু ঐক্যবদ্ধ স্থান হ’ল মাজুলী ৷ এই অনুষ্ঠানৰ উদ্যোক্তা সকলে জানিবলৈ দিয়া মতে সহোদৰ ২০২০-২১ হ’ব এনে এক মাধ্যম য’ত অসমৰ খিলঞ্জীয়া জনজাতি আৰু অজনজাতি সমূহৰ মাজত বিদ্যমান সাংস্কৃতিক সংমিশ্ৰণৰ আনুষ্ঠানিক ৰূপত প্ৰতিফলন ঘটিব । এনে এক বৰ্ণিল , সৃজনীশীল আৰু সৌহাদ্দ্যপূৰ্ণ অভিজ্ঞতা আৰু অনুভুতিৰ সাক্ষী হ’বলৈ অনুৰোধ জনাইছে উদোক্তা সকলে। সাংস্কৃতিক অনুষ্ঠানটিত অংশগ্ৰহণ কৰিৱ – অসমৰ জনপ্ৰিয় কন্ঠশিল্পী সীমান্ত শেখৰ , দেৱজিৎ সাহা, কৃষ্ণমনি চুতীয়াকে ধৰি বহু কেইজন শিল্পী আৰু অভিনেতা অভিনেত্ৰীয়ে | এই উপলক্ষে জেংৰাইমুখৰ মৰাসুঁতি পথাৰত তুংগত হৈ উঠিছে অনুষ্ঠানৰ পূৰ্ণ প্ৰস্তুতিৰ।
দৰঙত ১২৬খন শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতিক সম্বৰ্ধনা জ্ঞাপন
সমগ্ৰ শিক্ষা অভিযানৰ দৰং জিলাৰ উদ্যোগত কালি (২০ ফ্ৰেব্ৰুৱাৰী) সৈনিক ভৱন প্ৰেক্ষাগৃহত জিলাখনৰ ১২৬ খন শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতি আৰু মাতৃ গোটক সম্বৰ্ধনা জ্ঞাপন কৰা হয়। দৰং জিলাৰ সমগ্ৰ শিক্ষা অভিযানৰ জিলা আঁচনি বিষয়া চিত্তৰঞ্জন কলিতাই উদ্দেশ্য বাখ্যা কৰা সভাখন সঞ্চালনা কৰে জিলা প্ৰাথমিক শিক্ষা বিষয়া ড: জোৱাহিৰা তব্বাচুমে। জিলা আঁচনি বিষয়া গোবিন্দ শইকীয়াই আঁত ধৰা সভাখনত বক্তব্য প্ৰদান কৰে দলগাঁও শিক্ষা খণ্ডৰ প্ৰথমিক শিক্ষা বিষয়া সিতেশ্বৰ নাথ,কলাইগাঁও শিক্ষাখণ্ডৰ প্ৰাথমিক শিক্ষা বিষয়া সমৰেন্দ্ৰ চহৰীয়া,ছিপাঝাৰ শিক্ষা খণ্ডৰ প্ৰাথমিক শিক্ষা বিষয়া গীতা দেৱী আৰু ছিপাঝাৰ শিক্ষা খণ্ডৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক লক্ষ্যধৰ শৰ্মাই। চাৰি নম্বৰ বৰুৱাঝাৰ দক্ষিণ চুবা প্ৰাথমিক বিদ্যালয় পৰিচালনা সমিতিৰ সদস্য চফিকুল ইছলামে গীত পৰিবেশন কৰা সভাখনত দলগাঁও, কলাইগাঁও আৰু ছিপাঝাৰ শিক্ষা খণ্ডৰ অন্তৰ্গত বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ক্ৰমে চাকিয়ে কেচৰ,ৰাণা শংকৰ ভূঞা আৰু নগেন ডেকাই বক্তব্য ৰাখে। তিনি শতাধিক পৰিচালনা সমিতিৰ সভাপতি,উপ-সভাপতি,সদস্য,শিক্ষক , মণ্ডল সমল কেন্দ্ৰ সমন্বয়কসকলৰ উপস্থিতিত অনুস্থিত গাম্ভীৰ্য পূৰ্ণ সভাখনত জিলা প্ৰাথমিক শিক্ষা বিষয়া আৰু খণ্ড প্ৰাথমিক শিক্ষা বিষয়াসকলে মণ্ডল সমল কেন্দ্ৰ ভিত্তিত বাচনি কৰা শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতি সমূহক এখন ফুলাম গামোচা, ট্ৰফী আৰু মানপ্ৰত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰে । জিলা খনৰ ছিপাঝাৰ শিক্ষা খণ্ডৰ ৪৩ খন,কলাইগাঁও শিক্ষা খণ্ডৰ ৩৫খন আৰু দলগাঁও শিক্ষাখণ্ডৰ ৪৮খন বিদ্যালয়ৰ পৰিচালনা সমিতিক শ্ৰেষ্ঠ বিদ্যালয় পৰিচালনা সমিতি হিচাবে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সভাত সমগ্ৰ শিক্ষা অভিযানৰ জিলা আঁচনি বিষয়া হেমপ্ৰভা ডেকা ,ধনজিত ৰাজবংশী, দিব্যপদ নাথে অংশগ্ৰহণ কৰে। মণ্ডল কেন্দ্ৰ সমন্বয়ক প্ৰণৱ কুমাৰ ডেকা, মাইনু ডেকা,গীতিমা হাজৰিকা,জুমিয়াৰা বেগম,প্ৰশান্ত কোচ, প্ৰণৱ কুমাৰ নাথ, খণ্ড গাণণিক দীপক কুমাৰ ডেকা,নজৰুল ইচলাম,চুবল সাহা , খণ্ড সমল ব্যক্তি দীপক কলিতা আদিয়ে অনুষ্ঠানত বিশেষ সহযোগিতা আগবঢ়ায়। দৰং জিলাত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত উক্ত স্বীকৃতিয়ে বিদ্যালয় পৰিচালনা সমিতি সমূহক অধিক উৎসাহেৰে কাম কৰাৰ বাবে অনুপ্ৰাণিত কৰিব বুলি বিজ্ঞমহলত আলোচিত হৈছে।
শিমলুগুৰিত স্ব-নিৰ্ভৰ নাৰী আত্মনিৰ্ভৰ অসম আঁচনিৰ শুভাৰম্ভণি
ৰাজ্যৰ নাৰী সৱলীকৰণৰ লক্ষ্য আগত ৰাখি অসম চৰকাৰে গ্ৰহণ কৰা মহাত্মা গান্ধী গ্ৰাম্য নিয়োগ নিশ্চিত আইনৰ অধীনত স্ব-নিৰ্ভৰ নাৰী আত্মনিৰ্ভৰ অসম আঁচনিখন নাজিৰা উন্নয়ন খণ্ডৰ অধীনৰ শিমলুগুৰি গাঁও পঞ্চায়তত যোৱা বৃহস্পতিবাৰে শুভাৰম্ভণি কৰা হয়। আঁচনিখনৰ ২০২০-২১ বৰ্ষৰ শুভাৰম্ভণি কৰে শিমলুগুৰি গাঁও পঞ্চায়তৰ হৈ পঞ্চায়ত সচিব মলয় কাকতিয়ে। শুভাৰম্ভণিৰ দিনটোত পঞ্চায়তটোৰ ৫ গৰাকী মহিলালৈ উদ্যান শস্যৰ বাগিছা, পথাৰৰ পুখুৰী খনন, গাহৰি আৰু কুকুৰা পালনৰ গড়াল নিৰ্মাণ আদি শিতানৰ বাবে পুঁজি আৱন্টন দিয়া হয়। লগতে এই আঁচনিসমূহ কেনেদৰে বিজ্ঞানসন্মত পদ্ধতিৰে ফলপ্ৰসু কৰি এই আঁচনিসমূহৰ জৰিয়তে আত্মনিৰ্ভৰ হব পাৰি তাৰ ওপৰত আলোকপাত কৰি পঞ্চায়ত প্ৰতিনিধিসকলৰ তৰফৰ পৰা এক সজাগতামূলক অনুস্থানৰো আয়োজন কৰা হয়। আগন্তুক সময়ত পঞ্চায়তটোৰ অধীনত মূঠ ৫২ গৰাকী মহিলাক এই আঁচনিখনৰ জৰিয়তে সামৰি লোৱা হব বুলি জানিবলৈ দুয়ে পঞ্চায়ত সচিব মলয় কাকতিয়ে।
ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও শিক্ষকৰ
অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ বিভিন্ন দাবীৰ পৰিপ্ৰেক্ষিতত তিনি ঘণ্টীয়া কাৰ্যালয় ঘেৰাও কাৰ্যসূচী সমগ্র অসমৰ লগতে ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰা হয়। প্ৰধান শিক্ষক পদ সৃষ্টি, স্নাতক শিক্ষকৰ ৮৭০০ গ্ৰেড পে পুনৰ ঘূৰাই দিয়া, ঠিকাভিত্তিক শিক্ষকৰ পদ নিয়মীয়া কৰা, এন পি এছ বাতিল কৰি পুৰণি পেঞ্চন বাহাল ৰখা আদিৰ দাবীৰ সমৰ্থনত কাৰ্যসূচী সম্পন্ন হয়। ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি পুষ্পধৰ তামুলী, সম্পাদক পংকজ বড়াৰ নেতৃত্বত অনুষ্ঠিত কাৰ্যসূচীত অখিল ভাৰতীয় শিক্ষক সংঘৰ সদস্য অজিত খনিকৰ, অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ ৰাজ্যিক সদস্য নীলাক্ষি গগৈয়ে চৰকাৰৰ অমনোযোগিতাক তীব্র সমালোচনা কৰাৰ লগতে অতি সোনকালে দাবী পূৰণ কৰিবলৈ আহ্বান জনাইছে। শিক্ষকসকলে তীব্র প্রতিবাদ কৰি নিজৰ অধিকাৰৰ বাবে বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰাটোৱে যথেষ্ট তাৎপর্য বহন কৰিছে। উল্লেখ্য যে বিগত ৩৭ বাৰ প্ৰধান শিক্ষক পদৰ সন্দৰ্ভত আলোচনা হয় যদিও আজিও সমাধান নোহোৱাকৈ থকাটোৱে প্ৰাথমিক শিক্ষকক উপেক্ষা কৰা বুলি সন্মিলনীয়ে অভিযোগ কৰিছে। লগতে স্নাতক শিক্ষকৰ গ্ৰেড পে ৮৭০০ টকা ১৭ মাহ আদায় দি পুনৰ উভতাই লোৱাটোৱে প্ৰাথমিক শিক্ষকৰ তীব্র অসন্তোষ্টি সৃষ্টি কৰিছে। ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষা বিষয়া দেবজ্যোতি গগৈৰ হাতত জিলা সমিতিৰ বিষয়ববীয়াই স্মাৰক পত্র প্ৰদান কৰে।
দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ আদৰণীয় পদক্ষেপ : গ্ৰাম্যাঞ্চলৰ ৰাইজৰ জীৱনৰ মান উন্নত কৰিবলৈ পাচখন গাঁৱৰ প্ৰতিপালনৰ ললে দায়িত্ব
দক্ষিণ কামৰূপ অঞ্চলৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ মিৰ্জাস্থিত দক্ষিন কামৰূপ মহাবিদ্যালয়ে স্থানীয় গ্ৰাম্যাঞ্চলবাসীৰ বাবে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। বৃহত্তৰ অঞ্চলটোৰ পাচখন গাওঁ নহিৰা, দখলা, সোনতলা, পাৰাকুছি আৰু মনপুৰ গাঁৱৰ প্ৰতিপালনৰ দায়িত্ব গ্ৰহণ কৰি বিশেষ কাৰ্যসূচী গ্ৰহণ কৰিছে।

কেন্দ্ৰীয় চৰকাৰৰ উন্নত ভাৰত অভিযান গোটৰ জৰিয়তে আৰু স্বেচ্ছাসেৱী সংগঠন “পোহৰ ফাউণ্ডেচন” মিৰ্জাৰ সহযোগত গাৱলৈ গৈ আয়োজন কৰিছে এই গাঁওসভা। মহাবিদ্যালয়খনে এই কাৰ্যসূচীৰ অধিনত নহিৰাত ২১ ফেব্ৰুৱাৰীত আয়োজন কৰা প্ৰথমখন সভাত ৰাইজৰ অভাব অভিযোগ, শিক্ষা, স্বাস্থ্য, যাতায়ত, কৃষি, পশুপালন, হস্তশিল্প , তাতশিল্প আদি বিষয়ে ৰাইজৰ পৰা বুজ লয়। লগতে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে ৰাইজৰ বাবে গ্ৰহণ কৰা বিভিন্ন চৰকাৰী আঁচনিৰ লাভালাভ বা বঞ্চিত হোৱা আদি বিভিন্ন বিষয়কলৈ মতবিনিময় কৰে। গাওঁখনৰ সাধাৰণ ৰাইজৰ সামাজিক, শৈক্ষিক, অৰ্থনৈতিক উত্তোৰণৰ লগতে গাঁওবাসীৰ মাজত বিভিন্ন বিষয়ে সচেতনতা বৃদ্ধিৰ বাবে আলোচনা কৰা হয়।

গ্ৰাম্যাঞ্চলবাসীৰ জীৱন ধাৰণৰ মান উন্নত কৰাৰ বাবে সমস্যা সমাধানৰ বাবে উন্নত ভাৰত অভিযানৰ জৰিয়তে পদক্ষেপ গ্ৰহণৰ ৰাইজক প্ৰতিশ্ৰুতি দিয়ে। ইয়াৰ বাবে সকলো ক্ষেত্ৰতে মহাবিদ্যালয় কতৃপক্ষ আৰু “পোহৰ ফাউণ্ডেচন” সহায় সহযোগিতা কৰিব ৰাইজক জানিবলৈ দিয়ে। এনেধৰণৰ সভা গাঁও পাচ খনৰ বিভিন্ন স্থানত আয়োজন হৈয়ে থাকিব বুলি উল্লেখ কৰে। সভাত দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ উন্নত ভাৰত অভিযান গোটৰ সমন্বয়ক তথা ইংৰাজী বিভাগৰ অধ্যাপিকা ড০ গাৰ্গী চক্ৰৱৰ্তী, সহ সমন্বয়ক প্ৰবক্তা মানবেন্দ্ৰ কলিতা, “পোহৰ ফাউণ্ডেচন”ৰ সভাপতি অমল দলৈ, সম্পাদক শৈলেন্দ্ৰ দাস, গণিত বিভাগৰ প্ৰবক্তা প্ৰশান্ত কলিতাৰ লগতে বহু কেইজন বিশিষ্ট ব্যক্তিৰ লগতে শতাধিক গাওঁবাসীয়ে অংশগ্ৰহণৰ কৰে। দক্ষিণ কামৰূপ মহাবিদ্যালয় আৰু পোহৰ ফাউণ্ডেচন গ্ৰাম্যাঞ্চলবাসীৰ বাবে গ্ৰহণ কৰে এই পদক্ষেপক ৰাইজে প্ৰশংসা কৰে ।








