Home Blog Page 3035

মধ্যান্য ভোজনত অনিয়মৰ অভিযোগ

গোৱালপাৰা জিলাৰ বগুৱান উচ্চ মাধ্যমিক বিদ্যালয়ত মধ্যান্ন ভোজনত  ব্যাপক অনিয়ম হোৱাৰ অভিযোগ উঠিছে । এই লৈ যোৱা 19 ফেব্ৰুৱাৰীত বগুৱান গাঁও পঞ্চায়তৰ সভানেত্ৰী শ্ৰীমতী দেৱী, খৰমুজা মণ্ডল বি জে পিৰ সভাপতি নৱদ্বীপ নাথকে ধৰি বি জে পিৰ এটি সজাতি দলে এই সম্পৰ্কত বিদ্যালয় খনত উপস্থিত হোৱাত বিদ্যালয় খনত যে দীৰ্ঘ দিনৰ পৰা মধ্যান্য ভোজনত ব্যাপক অনিয়ম হৈ আছে এই  কথা  ওলাই পৰে । পিছত এই অনিয়মৰ বাবে এবাৰৰ বাবে ক্ষমা কৰি দিবলৈ বিদ্যালয় কতৃপক্ষ তথা বিদ্যালয়ৰ পৰিচলনা সমিতিৰ সভাপতিয়েও এনে খেলিমেলিৰ বাবে দুখ প্ৰকাশ কৰি অনুৰোধ জনায় আৰু ভবিষ্যতে এনে খেলিমেলি নহব বুলি প্ৰতিশ্ৰুতি দিয়ে । উল্লেখ্য যে শিক্ষক যোগেন্দ্ৰ নাৰায়ন নাথে  বিদ্যালয় খনৰ মধ্যান্য ভোজনৰ দায়িত্বত আছিল বুলি জানিব পৰা গৈছে ।

হোজাইত পুনৰ এগৰাকী শিশুক বলাৎকাৰ কৰি হত্যা

হোজাই জিলাৰ বৰহোলা গাঁৱত শনিবাৰে নিশা এগৰাকী ৭ বছৰীয়া কন্যা শিশুক বলাৎকাৰ কৰি হত্যা হত্যা কৰা পোহৰলৈ আহিছে। পথাৰৰ মাজত তেজেৰে লুতুৰি পুতুৰি অৱস্থাত উদ্ধাৰ হয় ৮ বছৰীয়া শিশুৰ মৃতদেহ।মুকলি পথাৰৰ মাজত অৰ্ধ উলংগ অৱস্থাত উদ্ধাৰ  হয় ৮ বছৰীয়া শিশুটিৰ মৃতদেহ। হোজাই জিলাৰ বৰহোলা গাঁৱত সংঘটিত হৈছে এই জঘন্য ঘটনা। মোমায়েকৰ বিয়া খাবলৈ অহা ৭ বছৰীয়া শিশুক বলাৎকাৰ কৰি হত্যা কৰা ঘটনাই এতিয়া অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। মৃত শিশুটিৰ মোমায়েকৰ নিশা আছিল বিবাহৰ অনুষ্ঠান। বিবাহৰ অনুষ্ঠানৰ মাজতেই শিশুটিক পথাৰলৈ নি এজন নৰাধমে ধৰ্ষণ কৰি অতি নৃশংসভাৱে হত্যা কৰি পেলাই থৈ যায়।দেওবাৰে পুৱা স্থানীয় ৰাইজে পথাৰত মৃতদেহ পৰি থকা প্ৰত্যক্ষ কৰি হোজাই আৰক্ষীক অৱগত কৰে। ঘটনা সংক্ৰান্তত হোজাই আৰক্ষীয়ে গাঁওখনৰে জয়প্ৰকাশ ওৰফে মুন্না হালোৱা নামৰ এগৰাকী ৩০ বছৰীয়া যুৱকক আটক কৰি অব্যাহত ৰাখিছে  জেৰা।মোমায়েকৰ বিয়া খাবলৈ অহা ৭ বছৰীয়া শিশুক বলাৎকাৰ কৰি হত্যা কৰা ঘটনাই এতিয়া যোগীজান অঞ্চলত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। বলৎকাৰীৰ ফাচী বিচাৰিছে স্থানীয় ৰাইজে। 

উল্লেখ্য যে, মাত্র এবছৰ পূৰ্বে হোজাইৰ দৰিয়া বস্তিত এগৰাকী ৪ বছৰীয়া কন্যাক ধৰ্ষন কৰি নিৰ্মম ভাবে হত্যা কৰা ঘটনাৰ পুনৰাবৃত্তি ঘটিল হোজাইত। এবছৰ পূৰ্বে এগৰাকী ৪ বছৰীয়া কন্যাক ধৰ্ষন কৰি হত্যা কৰা অপৰাধত ইতিমধ্যে শংকৰদেৱ নগৰ আদালতে চন্দন হৰিজন ওৰফে বিক্ৰম হৰিজন নামৰ পাষণ্ড জনক ফাচীৰ ৰায় প্ৰদান কৰিছে। পুনৰ এই ধৰ্ষণ কাণ্ডই জোকাৰিছে সমগ্ৰ হোজাই জিলা। জয়প্ৰকাশ ওৰফে মুন্না হালোৱা নামৰ এগৰাকী যুৱকক আৰক্ষীয়ে আটক কৰিছে যদিও বৰ্তমানলৈকে ঘটনাৰ প্ৰকৃত সত্য উতলিবলৈ ব্যাহত ৰাখিছে  জেৰা। ৰাজ্য জোকাৰি যোৱা এই জঘন্য ঘটনাৰ পাছতেই বলৎকাৰীৰ ফাচী বিচাৰিছে স্থানীয় ৰাইজে। মাত্ৰ এটা বছৰ পাৰ নহওতেই পুনৰ এক জঘন্য ঘটনা সংঘটিত হৈছে এইখন অসমৰে হোজাই জিলাত।

চাবুৱাত ‘সত্যবাহু হৰি পালন, শনিৰ দৰ্প চুৰ্ণ’ ভাওনা মঞ্চস্থ

চাবুৱাৰ নিকটৱৰ্তী পুলুঙা গাঁৱত কালি “সত্যবাহু হৰি পালন, শনিৰ দৰ্প চুৰ্ণ ” ভাওনা মঞ্চস্থ তথা  প্ৰদৰ্শিত হয়। পুলুঙাৰ ত্ৰিনয়ন জ্যোতি সংঘৰ প্ৰেক্ষাগৃহত দেৱেশ্বৰ গোহাঁইৰ ( বৰদোমছা) দ্বাৰা পৰিচালিত উক্ত ভাওনা নাটখনি মায়ামৰা ধৰ্মীয় সাংস্কৃতিক পৰম্পৰাৰে বৰধেমালি গায়ন-বায়নেৰে  শুভাৰম্ভ কৰা হয়। ইয়াৰ প্ৰাক মুহূৰ্তত ভাওনাৰ লগত সংগতি ৰাখি ৰঞ্জন শইকীয়া আৰু বিভৱ বড়াৰ যুটীয়া সম্পাদনাত  ‘ মিলন হেতু’ নামৰ এখনি স্মৃতিগ্ৰন্থ প্ৰকাশ কৰি উলিয়ায়। গ্ৰন্থখনি উন্মোচন কৰে ডিব্ৰুগড় কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শশীকান্ত শইকীয়াই। উল্লেখ্য যে ২১ জানুৱাৰীৰ পৰা উক্ত ভাওনাখনৰ আখৰা আৰম্ভ হৈছিল।

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী মহন্তৰ পৰিয়ালক সাক্ষাৎ প্ৰধানমন্ত্ৰীৰ

গুৰুত্বৰ ভাৱে অসুস্থ অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ পৰিয়ালক সাক্ষাৎ কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে । প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী কেইবাদিনো ধৰি নতুন দিল্লীৰ এইমছত চিকিৎসাধীন হৈ আছে । সেয়ে প্ৰধানমন্ত্ৰী মোদীয়ে তেখেতৰ দ্ৰুত আৰোগ্যৰ কামনা কৰাৰ লগতে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ পৰিয়াক সাক্ষাৎ কৰি নেতা গৰাকীৰ স্বাস্থ্যৰ বুজ লয় । প্ৰধানমন্ত্ৰীগৰাকীয়ে জয়শ্ৰী গোস্বামী মহন্ত (প্ৰফুল কুমাৰ মহন্তৰ পত্নী) আৰু তেওঁলোকৰ পুত্ৰক লোক কল্যাণ মাৰ্গত সাক্ষাৎ কৰে ।

তামুলপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপ-পৰিদৰ্শকৰ কাৰ্যালয় ঘেৰাও

অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত তামুলপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আজি মহকুমাটোৰ বিভিন্ন বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলৰ সহযোগত তামুলপুৰ মহকুমাৰ বিদ্যালয় সমূহৰ উপ-পৰিদৰ্শকৰ সন্মুখত সমবেত হৈ  তিনিঘণ্টীয়া শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰে। প্ৰাথমিক বিদ্যালয় সমূহত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰা আৰু স্নাতক শিক্ষকৰ পৰা কাঢ়ি লোৱা ৮৭০০ টকাৰ গ্ৰেড পে’ পুনৰ ঘূৰাই দিয়াৰ দাবীক মুখ্য দাবী হিচাপে লৈ তামুলপুৰ মহাকুমাৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে দিনৰ এঘাৰ বজাৰ পৰা দুই বজালৈ তিনি ঘণ্টীয়া শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰাৰ সময়তঅংশগ্ৰহণ কাৰী শিক্ষক-শিকয়িত্ৰীসকলে প্ৰাথমিক বিদ্যালয়ত প্ৰধান  শিক্ষকৰ নিযুক্তি দিয়ক, স্নাতক শিক্ষকৰ পৰা কাঢ়ি লোৱা ৮৭০০ টকাৰ গ্ৰেড পে ঘূৰাই দিয়ক, অসম চৰকাৰ হায় হায়, অসম ৰাজ্যিক প্ৰাথমিক  শিক্ষক সন্মিলনী জিন্দাবাদ ,শিক্ষক ঐক্য জিন্দাবাদ আদি বিভিন্ন ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে। নেতৃবৃন্দই প্ৰকাশ কৰা মতে ইতিপূৰ্বে অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সতে অসম চৰকাৰে বিভিন্ন পৰ্যায়ত ৩৭ বাৰকৈ আলোচনাৰ অন্তত অসমৰ মুখ্যমন্ত্ৰীয়ে দুয়োটা দাবীৰ নায্যতা বুজি শিক্ষা আৰু বিত্ত বিভাগক দাবী পূৰণৰ নিৰ্দেশ দিছিল যদিও কাৰ্যকৰী নোহোৱাত বিগত ২২ জানুৱাৰী তাৰিখে ৰাজ্যৰ চল্লিশ সহস্ৰাধিক শিক্ষকে মুখ্য মন্ত্ৰীৰ বাসভৱনত ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰি সেইদিনাৰে পৰা সুদীৰ্ঘ বিশদিন  বিত্তীয় লেনদেন আৰু তথ্য আদান-প্ৰদানৰ পৰা বিৰত থাকি আংশিক অসহযোগ পালন কৰিছিল। কিন্তু তাৰপিছতো বিষয়টোত কোনো মান্যতা প্ৰদান নকৰাত যোৱা বাজেট অধিৱেশনৰ দিনকেইটাত তিনি দিনীয়া পূৰ্ণ অসহযোগ কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল। তথাপি সমস্যা সমাধানৰ কোনো আদেশ প্ৰকাশ কৰা নোহোৱাত অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত আজি তামুলপুৰ মহকুমাৰ বিদ্যালয় সমূহৰ উপ-পৰিদৰ্শক ৰ কাৰ্যালয়ত তিনি ঘণ্টীয়া ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰি অতি শীঘ্ৰে মুখ্য মন্ত্ৰীৰ নিৰ্দেশ কাৰ্যকৰী কৰি আদেশ প্ৰকাশৰ দাবী জনায়। ঘেৰাও কাৰ্যসূচীৰ অন্তত তামুলপুৰ মহকুমা শিক্ষক সন্মিলনীৰ তৰফৰ পৰা তামুলপুৰ মহকুমা বিদ্যালয় সমূহৰ উপ-পৰিদৰ্শকৰ জৰিয়তে অসম চৰকাৰৰ শিক্ষা মন্ত্ৰী লৈ এখন স্মাৰক পত্ৰ প্ৰদান কৰা হয়। এই ঘেৰাও কাৰ্যসূচীত  তামুলপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ ভাৰপ্ৰাপ্ত সভাপতি বলো ৰাম বড়ো,সাধাৰণ সম্পাদক বাৰহুংখা বড়ো,বিটিএডি প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপ-সভাপতি উমেশ তালুকদাৰ, তামুলপুৰ মহকুমা প্ৰাথমিক শিক্ষক সন্মিলনীৰ উপদেষ্টা দীনেশ দাস, তামুলপুৰ আঞ্চলিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি সুৰেণ ৰাভা, বসন্ত তালুকদাৰ, নাৰায়ণ কলিতা প্ৰমুখ্যে শতাধিক শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে।

ৰঙাপৰা সমষ্টিত আগন্তুক বিধান সভা নিৰ্বাচনত বিভিন্ন ৰাজনৈতিক দলৰ টিকেট প্ৰত্যাশী প্ৰাৰ্থীৰ ভিৰ

আগন্তুক বিধানসভা নিৰ্বাচন ২০২১ৰ দিন চমু চাপি অহাৰ লগে লগে সমগ্ৰ ৰাজ্যতে প্ৰাক্ নিৰ্বাচনী বতাহ বলিছে। শাসক বিৰোধীকে ধৰি প্ৰতিটো ৰাজনৈতিক দলে দিছপুৰৰ মছনদ দখল কৰাৰ বাবে নিৰ্বাচনী ৰণকৌশল তৈয়াৰত ব্যস্ত।শাসকীয় দলক প্ৰতিহত কৰাৰ বাবে ৰাজ্যত গঠন হৈছে নতুন ৰাজনৈতিক দল।ক’বলৈ গ’লে প্ৰাক্ নিৰ্বাচনী প্ৰাক্ মুহূৰ্ততে আৰম্ভ হৈছে বিধানসভা-২০২১ৰ নিৰ্বাচনী ৰণদুন্দুভি।ইয়াৰ পৰিপ্ৰেক্ষিততে শোণিতপুৰ জিলাৰ ৭৪ নং ৰঙাপৰা বিধান সভা সমষ্টিতো নিৰ্বাচনৰ বতাহ বলিছে। প্ৰতিটো দলেই নিৰ্বাচনৰ কুচকাৱাজ আৰম্ভ কৰা পৰিলক্ষিত হৈছে। আগন্তুক বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে বিভিন্ন ৰাজনৈতিক দলৰ টিকেট প্ৰত্যাশী সকলৰ নামো বিশেষ ভাৱে সমষ্টি খনৰ ৰাইজৰ মাজত চৰ্চা চলিছে। জানিব পৰা মতে শাসকীয় বিজেপি দলে চাহ বাগিচা আৰু সমষ্টিৰ অন্যান্য অঞ্চল সমূহত প্ৰচাৰ প্ৰসাৰ তুংগত কৰি তোলাৰ সময়ত দলটোৰ বহু কেইগৰাকী প্রাৰ্থীয়ে নিজৰ প্ৰচাৰ আৰু প্ৰসাৰ কাৰ্য্য চলাই নিয়া পৰিলক্ষিত হৈছে।ৰাইজৰ মাজত তেজপুৰৰ সাংসদ পল্লৱ লোচন দাসে পুনৰ বিধায়ক ৰূপে প্ৰতিদন্দীতা কৰিব বুলি গুজৱ ওলাইছে যদিও সেয়া দলেহে সময়ত নিৰ্ণয় কৰিব। সামন্তৰালকৈ বিজেপি দলৰ একাংশ জনপ্ৰিয় নেতাইও  নিৰ্বাচনত প্ৰতিদ্বন্দ্বীতা কৰাৰ বাবে দলৰ শীৰ্ষ নেতাৰ লগত সঘনাই যোগাযোগ অব্যাহত ৰখাৰ নিৰ্ভৰযোগ্য খবৰ লাভ কৰা হৈছে। আলোচনা পৰ্যালোচনা চলি থকাৰ সময়ত ৰাজ্যৰ মূখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ  চৰকাৰী সচিব তুহিন হাজৰিকাই প্ৰাৰ্থীত্ব লাভ কৰাৰ কথা ব্যাপক ভাৱে চৰ্চা চলিছে। স্থানীয় যুবক তুহিন হাজৰিকাই বিজেপি দলৰ পৰা টিকেট লাভ কৰিলে দলৰ কোনো ব্যক্তিয়ে আপত্তি নকৰিব বুলি বিশেষ সুত্ৰে জানিব পৰা গৈছে। এসময়ত অঞ্চলটোৰ সামাজিক অনুষ্ঠান মিলন য়ুথ সংঘৰ সম্পাদকৰ দায়িত্ব পালন কৰি ছাত্ৰ ছাত্ৰী সকলৰ মাজত শৈক্ষিক পৰিৱেশ গঢ় দিয়াৰ লগতে বিভিন্ন শিক্ষামুলক প্ৰতিযোগিতা , স্বাস্থ্য শিবিৰ অনুষ্ঠিত কৰি দৰিদ্ৰ ৰাইজৰ মাজত স্বাস্থ্য সেৱা আগবঢ়াই জনতাৰ মাজত জনপ্ৰিয়তা লাভ কৰিছিল। অঞ্চলটোৰ বিভিন্ন সমস্যা চৰকাৰৰ দৃষ্টি গোচৰ কৰাৰ লগতে ৰেলৱে  লেভেল ক্ৰছিংত উৰণীয়া সেতু নিৰ্মাণত ক্ষেত্ৰত তুহিন হাজৰিকাই উল্লেখনীয় প্ৰচেষ্টা হাতত লৈছিল। তুহিন হাজৰিকাই বিজেপি দলৰ পৰা টিকেট লাভ কৰিলে দলৰ কৰ্মকৰ্তা সকলে পূৰ্ণ সমৰ্থন আগবঢ়াব বুলি বিশেষ সুত্ৰে জানিব পৰা গৈছে। ইপিনে বিজেপি দলৰ পৰা টিকেট প্ৰত্যাশী  সকলৰ নাম জানিব পৰা মতে শোণিতপুৰ জিলা পৰিষদৰ সভানেত্ৰী ডলি চুৰেন, বাতাছ ওৰাং, জিতেন বৰঠাকুৰ, জিতু কিষান,ভদ্ৰেশ্বৰ ওৰা‌ং আদিৰ নাম বিশেষ ভাৱে চৰ্চা লাভ কৰিছে। ইপিনে মহা গঠবন্ধন প্ৰক্ৰিয়া কংগ্ৰেছ, এ আই ই ডি এফ আৰু চি পি আই এমৰ মাজত চলি থকাৰ সময়তে অসম বিধান সভাৰ প্ৰাক্তন উপাধক্ষ্য ভীমানন্দ তাতী,প্ৰাক্তন বিধায়ক অভিজিত হাজৰিকা, অসম চাহ মজদুৰ সংঘ তেজপুৰ শাখাৰ ভাৰপাপ্ত সম্পাদক সুনিল টুটী আদি ব্যাক্তি সকলৰ নাম ৰাইজৰ মাজত চৰ্চালৈ আহিছে যদিও  নিৰ্বাচনত কংগ্ৰেছ দলে যোগ্যতা আৰু সৰ্বাধিক জনপ্ৰিয়তাৰ ভিত্তিত দলীয় প্ৰাৰ্থীত্ব প্ৰদান কৰিব বুলি ঘোষণা কৰিছে কংগ্ৰেছ নেতা তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিংয়ে। ইফালে আগন্তুক অসম বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি প্ৰতিটো ৰাজনৈতিক দলৰ সমান্তৰালকৈ অসম জাতীয় পৰিষদেও ককালত টঙালি বান্ধিব ধৰিছে। জাতীয় পৰিষদৰ নেতৃবৰ্গয়ো সমষ্টি খনৰ বিভিন্ন অঞ্চলত ব্যাপক ক্ষীপ্রতাৰে  দলটোৰ প্ৰচাৰ আৰু প্ৰসাৰৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। তাৰোপৰি দলটোত কেইবাগৰাকী জাতীয়তাবাদী শিবিৰৰ নেতাই যোগদান কৰাৰ লগতে স্থানীয় ভাৱে মিঠু মালাকাৰৰ নাম পাৰ্থী ৰূপে ৰাইজৰ মাজত সঘনাই উচ্চাৰিত হোৱা দেখা পোৱা গৈছে।মুঠ ১ লাখ ৫৬ হাজাৰ ভোটাৰ ও  প্ৰায় ২২ খন চাহ বাগিচা আৰু গাঁৱ অঞ্চলক সামৰা ৰঙাপৰা সমষ্টি খনত বৰ্তমান বহু ৰথি মহাৰথিয়ে টিকট বিচৰাৰ সময়ত কোনে কোনে টিকট পাব আৰু কাৰ কাৰ মাজত প্ৰতীদন্ধিতা হব সেয়া সময়ত লক্ষনীয় হব।

উত্তৰ অভয়াপুৰী সমষ্টিত বিধায়কৰ অকৰ্মণ্যতাত বহিৰাগত প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ পয়োভৰ

 বিধানসভা নিৰ্বাচন কেইটামান মাহ বাকী থকা অৱস্থাত বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থিত্বৰ দাবীদাৰৰ তালিকাখন ক্ৰমশঃ দীঘলীয়া হৈ থকাৰ লগতে ভোট ভিক্ষাত নামি পৰিছে টিকট প্ৰত্যাশীসকলে ৷ বিশেষকৈ কংগ্ৰেছ দলৰ ১৫ গৰাকী আৰু ইউডিএফ দলৰ ১০ গৰাকীলৈ বৃদ্ধি পোৱা প্ৰাৰ্থিত্বপ্ৰত্যাশীৰ সংখ্যাই একপ্ৰকাৰ অভিলেখ সৃষ্টি কৰিছে ৷ কংগ্ৰেছৰ পৰা বৰ্তমানৰ বিধায়ক আব্দুল হাই নাগৰিৰ লগতে যুৱ নেতা ৰমেজ উদ্দিন, আব্দুল বাতিন খন্দকাৰ, আব্দুল মতিন আহমেদ, জেবিন আৰা বেগম, লিয়াকত আলী আহমেদ, খাইৰুল ইছলাম, আব্দুল কৰিম বনিয়া, দৌলাতন চৌধুৰী, ড° আনোৱাৰ হুছাইন, সৰপ আলী, মোস্তাব আলী, নাজিনা খাতুন, ছামিনা আকতাৰ চৌধুৰী, উমেদ আলী মণ্ডল আৰু নুৰুল ইছলাম ৷ ইপিনে এআইউডিএফ দলৰ পৰা জনিয়াৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰৌফ আৰু তেওঁৰ পুত্ৰ ৰেজাউল হাছান, দেৱান আব্দুল হাই, আব্দুল লতিফ মণ্ডল, ছুৰমান আলী, গাজিবৰ ৰহমান, ছেলিমা আখতাৰ কল্যাণী, হবিবৰ ৰহমান, লিয়াকত আলী খান, নুৰুল ইছলাম ৷ তাতপৰ্য্যপূৰ্ণ যে দুয়োটা দলৰেই গৰিষ্ঠ সংখ্যক দাবীদাৰেই অইন সমষ্টিৰ ৷ দুয়োটা দলতেই বহিৰাগত প্ৰাৰ্থীৰ উজান উঠা বিষয়টোৱে  ছছিয়েল মেডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে ৷ সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক আব্দুল হাই নাগৰীৰ দুৰ্বল স্থিতি, দুৰ্নীতি পৰায়ন মানসিকতা, দালালক অত্যাধিক গুৰুত্ব দিয়াৰ বাবেই প্ৰাৰ্থিত্ব লাভৰ দাবীত বাহিৰৰ নেতাপালিনেতাৰ পয়োভৰ ঘটা বুলি বিভিন্ন মহলত আলোচনা চলিছে ৷ আনহাতে বিধায়ক হাই নাগৰিৰ কামকাজে দলটোক ৰাইজৰ পৰা আঁতৰাই নিয়াৰ অভিযোগ তুলি সমষ্টিটোৰ কেবাগৰাকী কংগ্ৰেছ নেতাপালিনেতাই প্ৰাৰ্থিত্বৰ দাবিৰে প্ৰচাৰ কাৰ্যত নামি পৰিছে ৷ সমষ্টিত নাগৰিৰ জনসমৰ্থন শূন্যৰ ফালে গতি কৰাৰ বিপৰীতে যুৱ নেতা ৰমিজ উদ্দিনে লক ডাউন আৰু বানপানীৰ সময়ত দৰিদ্ৰ ৰাইজক সহায় কৰাৰ বাবে জনসমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে। ইপিনে সমষ্টিটোৰ সংখ্যালঘু ভোটাৰৰ মাজত থকা কংগ্ৰেছৰ জনপ্ৰিয়তা হ্ৰাস পোৱাৰ দাবী কৰি এআইউডিএফ দলৰ  প্ৰাৰ্থিত্বপ্ৰত্যাশীয়ে চুকে চুকেকোণে সভাসমিতি পাতি ৰাইজৰ কাষ চাপিবলৈ চেষ্টা কৰিছে ৷ বিভিন্ন সভাইসমিতিয়ে প্ৰত্যেকেই টিকত পোৱাতো খাটাং বুলি কৈ নিজকে যোগ্য প্ৰাৰ্থী হিচাপে জাহিৰ কৰি ফুৰা কাৰ্য্য ৰাইজৰ বাবে হৈ পৰিছে আমোদজনক ৷ যদি এআইডিইউএফে সমষ্টিৰ বাহিৰৰ লোকক প্ৰাৰ্থীত্ব প্ৰদান কৰে তেন্তে আমানত ধন বাজেয়াপ্ত হোৱাৰ সম্ভাৱনা আছে। যদি দলটোৱে লতিফ মণ্ডল বা দেৱান আব্দুল হাইক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে জয়লাভৰ সম্ভাৱনা আছে বুলি পৰ্য্যবেক্ষক মহলে দাবী কৰিছে। সম্প্ৰতি কংগ্ৰেছ আৰু ইউডিএফ দলৰ প্ৰাৰ্থিত্বপ্ৰত্যাশীৰ মাজত চলা শীতল যুঁজ খনে এটা সময়ত সমষ্টিটোৰ নিৰ্বাচনী সমীকৰণ ওলটপালট কৰিব বুলি পৰ্যবেক্ষক মহলে ধাৰণা কৰিছে ৷ কংগ্ৰেছৰ দাবীদাৰ সকলে যেনেদৰে ইজনে সিজনক হেয় কৰাৰ ষড়যন্ত্ৰত নামি পৰিছে, তেনেদৰে এআইইউডিএফ দলৰো এজনে আনজনক ৰাজনৈতিক শত্ৰুতাৰে ধ্বংস কৰাৰ চেষ্টা চলাইছে ৷ ফলত নিৰ্বাচনৰ দিন ঘোষণা নৌপাওঁতেই বহুধাবিভক্তত জুৰুলা হৈছে কংগ্ৰেছ-ইউডিএফ ৷ এনেদৰে নেতা-কৰ্মীৰ মাজত চলা পৰস্পৰ বিৰোধী সংঘাতে মহাজোঁটৰ অংশীদাৰ দুয়ো দলৰ বাবে কঢ়িয়াই আনিছে অশনি সংকেত ৷ কাৰন মহাজোঁটৰ আসন বুজাবুজিৰ পিচত সমষ্টি হেৰুৱাবলগীয়া দলৰ অসন্তুষ্ট নেতা-কৰ্মীৰ মাজত চৰম বিদ্ৰোহৰ সূচনা হোৱাতো নিশ্চিত ৷ অন্যহাতে বিৰোধী শিবিৰত অৱস্থান কৰিব টিকট বঞ্চিত সকল ৷ সম্ভাব্য এনে পৰিস্থিতিৰ সুযোগৰ অপেক্ষাত আছে সমষ্টিটোত শক্তিশালী ৰূপত থকা অগপই ৷ অগপৰ পৰা প্ৰাক্তন বিধায়ক ভূপেন ৰায়ে প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা আছে। বিজেপিৰ পৰা মকিবুল ইছলাম মজুমদাৰে প্ৰচাৰ কাৰ্য্য চলোৱা পৰিলক্ষিত হৈছে। ৰাইজৰ দলৰ পৰা মহিদৰ ৰায়ে প্ৰচাৰ চলাই আছে। অসম জাতীয় পৰিষদৰ পৰা প্ৰাক্তন বিধায়ক মকবুল হুছাইন আৰু অজন্তা বৰুৱা প্ৰচাৰ চলাই আছে। সময় থাকোতে যদি কংগ্ৰেছ আৰু এআইইউডিএফ দলে প্ৰাৰ্থিত্বপ্ৰত্যাশী সকলোক নিয়ন্ত্ৰণ নকৰে তেন্তে আহি থকা দিনত দল দুটাৰ বাবে সুবিধাজনক নহ’ব বুলি ৰাজনৈতিক পৰ্যাবেক্ষক মহলত চৰ্চিত হৈছে ৷ কংগ্ৰেছ আৰু এআইডিইউএফৰ মাজত চলা মহা জোটবন্দনত উত্তৰ অভয়াপুৰী সমষ্টিত আউল লাগিছে। 

২৭০০গৰাকী চৰ্দাৰক স্মাৰ্টফোন প্ৰদান মুখ্যমন্ত্ৰী সোণোৱালৰ

ডিব্ৰুগড়ৰ চৌকিদিঙি খেলপথাৰত আজি বিয়লি শ্ৰম উন্নয়ন বিভাগে চাহ জনজাতি সঞ্চালকালয়ৰ তৰফৰ পৰা ২৭০০গৰাকী চৰ্দাৰক স্মাৰ্টফোন, ৩০৩৯জন চাহ বাগিচাৰ লাইন চকীদাৰক চাইকেল আৰু চাহ জনজাতি ছাত্ৰ-ছাত্ৰীক মেট্ৰিকোত্তৰ জলপানি প্ৰদান কৰে । অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।

উদীয়মান কন্ঠ শিল্পী জৰ্জ কুমাৰ বৰিক সংস্কৃতিক পৰিক্ৰমা বিভাগৰ শিল্পী সম্বৰ্ধনা আঁচনি প্ৰদান

 বোকাখাত মহকুমাৰ মহুৰামুখৰ বান ক্ষতিগ্ৰস্ত কৰা বৰটিকা গাৱঁৰ উদীয়মান সংগীত শিল্পী, ভি চি ডি এলবামৰ প্ৰয়োজক, পৰিচালক, গীতিকাৰ, স‌ংগীত ব্যৱস্থাপক জৰ্জ কুমাৰ বৰিৰ ওৰফে জৰ্জ বিজয়াক অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ শিল্পী সম্বৰ্ধনা আঁচনি অলপতে প্ৰদান কৰে৷নৈ পৰীয়া বৰটিকা গাৱঁত ডাঙৰ দীঘল হোৱা পিতৃ অবনি কুমাৰ বৰিৰ পুত্ৰ জৰ্জ কুমাৰ বৰিয়ে জৰ্জ বিজয় নামেৰে ২০০৬ চনত নিজে ৰচনা কৰি সুৰ কৰা “জোন-জোনালী” শীৰ্ষক গীতটি জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ সতে কন্ঠ দান কৰাৰ পিছৰে পৰা একানপটীয়াকৈ সংগীতৰ চৰ্চাত মনোনিৱেশ কৰে৷জৰ্জ বিজয়ে ইতিমধ্যে ২০০৭ চনত বিমান বৰুৱাৰ পৰিচালিত বিহুগীতৰ এলবাম “কাঁচিজোন”ত “কনেং ঐ কনেং”,২০০৮ চনত অসমীয়া বোলছবি “মহাযুদ্ধ”ৰ তিনিটা গীতত কথা-সুৰ দিয়াৰ লগতে কন্ঠ দানো কৰে৷২০০৯ চনত মৌচুম গগৈৰ সতে “ঐয়া”,২০১০ ত “মাকন”,২০১৩ ত “ঢৌ” বোলছবিত,২০১৫ ত “চিলিম টানা”, ৰিপুঞ্জয় গগৈৰ বিহু এলবাম “জোন”,তৰুলতা কুটুমৰ জনপ্ৰিয় বিহু গীতৰ এলবাম সৰুভনীত কন্ঠ দান কৰাৰ ওপৰিও বহুকেইটা এলবামত নিজেই গীত লিখি সুৰ কৰা,স‌ংগীত পৰিচালনা কৰাৰ লগতে স‌ংগীত ব্যৱস্থাপনা নিজেই কৰি বহু জনপ্ৰিয় গীত অসমৰ ৰাইজক উপহাৰ দিছে।পিতৃৰ কৰ্মসূত্ৰে বোকাখাতত থাকি নিজা বাসগৃহতে এটি ষ্টুডিঅৰ ব্যৱস্থা কৰি নিজা চাউন ট্ৰেকত নিজৰ স‌ংগীত সম্পাদনাৰ কৰাৰ উপৰিও বহু শিল্পীৰ গীত সম্পাদনা কৰি আহিছে।অসমত কেছেত আৰু ভিচিডি বন্ধ হোৱাৰ পিছৰে পৰা ইন্টাৰনেটৰ, চচিয়েল মাধ্যমত গীত, ভিডিঅ ৰিলিজ হোৱাৰে পৰা একেধাৰে অসমৰ স‌ংগীত জগতত নিজৰ নাম উজ্বলাই ৰাখিছে।”বৰ্হমথুৰী” এলবামৰ “ৰহেদৈ”,২০১৬ ত “হিমালয় পৰ্বত”,“মাজুলীৰ কনেং”,২০১৭ ত “মিছিং চোতাল বিহু”,২০১৮ ত ললিত লইংৰ স’তে “বগৰী কাঠৰ নাঙল”,২০১৯ ত “ভবাতো নাচিলো”,“এখন ভঙা হৃদয়”,“দেউতা”,২০২০ ত তৰুলতা কুটুমৰ “কাজে মিছিং ঐ” আৰু “খ্ৰীষ্টমাচ চং”, নয়ন সাগৰৰ “হিয়াৰ লগৰী”, ৰূপান্তৰ বৰাৰ “পাবজি বিহু” ৰ উপৰিওতেওঁ জানমণি আই লাভ ইউ,জানমনি ইজ বেক,জানমনি বিহু বিহু লাগে,হিমালয় পৰ্বত, চকুত চকু পৰেনে, আদিৰ দৰে গীত ৰচনা কৰি নিজে কন্ঠ দান কৰিছে ভিডিঅ বনোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে৷শেহতীয়াকৈ মুক্তি পাব লগীয়া গীত” ল‌ং লিভ অছাম” গীতটো অসমৰ ৰাইজে আদৰি লব বুলি আশাবাদী শিল্পী গৰাকী।কন্ঠ শিল্পী জৰ্জ কুমাৰ বৰিৰ এনে প্ৰচেষ্টাক জন্মস্থান বৰটিকা বাসীৰ লগতে নৈপৰীয়া ৰাইজে আদৰণি জনাইছে।

তামুলপুৰ মহকুমাৰ কুমাৰীকাটাত বৰ্মন কছাৰী সাহিত্য সভাৰ প্ৰথম বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কুমাৰীকাটাৰ ঢেকীয়াবস্তিত বৰ্মন কছাৰী সাহিত্য সভাৰ প্ৰথম বাৰ্ষিক অধিবেশনৰ পূৰ্ণ প্ৰস্তুতি আৰম্ভ হৈছে। অহা ১২, ১৩ আৰু ১৪ মাৰ্চত তিনিদিনীয়াকৈ অনুষ্ঠিত হব লগীয়া বৰ্মন কছাৰী সাহিত্য সভাৰ প্ৰথম বাৰ্ষিক অধিবেশন উপলক্ষে  শুকুৰবাৰে বিয়লি কুমাৰীকাটাৰ ঢেকীয়াবস্তিত লাইখুটা স্থাপন কৰা হয়। মাংগলিক পৰিৱেশত শুকুৰবাৰে বিয়লি  লাইখুটা স্থাপন কৰে তামুলপুৰৰ বিধায়ক ইমানুৱেল মছাহাৰীয়ে। এই অনুষ্ঠানত  বৰ্মন কছাৰী সাহিত্য সভাৰ বিষয়-ববীয়া, জনগোষ্ঠীটোৰ কেইবাটাও দল সংগঠনৰ বিষয়-ববীয়া আৰু ভালে সংখ্যক জনগোষ্ঠীটোৰ লোক   উপস্থিত থাকে। লাই খুটা স্থাপন অনুষ্ঠানটোবৰ্মন কছাৰী লোক নৃত্যৰে মুখৰিত হৈ পৰা দেখা যায়।