ক’ভিড সৃষ্ট জটিল পৰিস্থিতিৰ সুযোগ লৈ এচাম ব্যৱসায়ীয়ে খাদ্যৰ নামত বৰবিহ বিক্ৰী কৰাৰ অভিযোগ উত্থাপন হৈছে। একাংশ অসাধু ব্যৱসায়ীয়ে ম্যাদ উকলি যোৱা খাদ্য সামগ্ৰী গ্ৰাহকক যোগান ধৰি জনস্বাস্থ্যৰ প্ৰতি ভয়াবহতাৰ সৃষ্টি কৰিছে। তেনে এক ঘটনা পোহৰলৈ আনিছে চৰাইদেউ জিলাৰ সদৰ সোণাৰিৰ এগৰাকী গ্ৰাহকে। জানিব পৰা মতে গ্ৰাহক গৰাকীয়ে সোণাৰিৰ এখন বিপনীৰ পৰা ৰাজস্থানৰ বিখ্যাত পাপৰ প্ৰস্তুত প্ৰতিষ্ঠান চৌধুৰী এণ্ড কোম্পানীৰ এক পেকেট পাপৰ ক্ৰয় কৰি অনাৰ পাছত ঘৰত পেকেটটো খোলাৰ পাছত দেখে যে পাপৰবোৰ ভেঁকুৰ উঠি নষ্ট হৈ পৰিছে। পৰৱৰ্তী সময়ত গ্ৰাহক গৰাকীয়ে পাপৰৰ পেকেটটোত পাপৰ প্ৰস্তুত সম্পৰ্কীয় তাৰিখ, মূল্য আৰু ওজন সম্বন্ধীয় তথ্য লিখা ঠাইখিনি চোৱাত সংশ্লিষ্ট ঠাইৰ লগতে সমগ্ৰ পেকেটটোৰ কোনো ঠাইতে এই সম্পৰ্কীয় একো তথ্যৰ উল্লেখ বিচাৰি নাপায়। ইফালে পেকেটটোত গ্ৰাহক সেৱাৰ বাবে যিটো নম্বৰ উল্লেখ কৰা হৈছে সেই নম্বৰটোত কোনো কাৰণতে কল কৰা সম্ভৱপৰ নহয়। এবাৰ ৰিং হোৱাৰ পাছতেই নম্বৰটোত সংযোগ বিচ্ছিন্ন হৈ পৰে। এই ঘটনাৰ বাবে সমগ্ৰ বিষয়টো অধিক ৰহস্যাবৃত হৈ পৰিছে।কাৰণ দেশৰ অন্যতম পাপৰ প্ৰস্তুত প্ৰতিষ্ঠান চৌধুৰী এণ্ড কোম্পানীৰ প্ৰচুৰ জনপ্ৰিয়তা থকাৰ সুযোগ লৈ কোনো অসাধু চক্ৰই নিম্নমানৰ পাপৰ প্ৰস্তুত কৰি সেয়া বজাৰত মেলি দিয়াৰ দৰে ঘটনা সংঘটিত কৰিছে নে ম্যাদ উকলি যোৱা পাপৰৰ পেকেটৰ পৰা সমুদায় তথ্য নোহোৱা কৰি স্থানীয় ভাবে কোনো অসাধু ব্যৱসায়ী মহলে এনে দুষ্কাৰ্য সংঘটিত কৰিছে সেয়া চিন্তাৰ বিষয় হৈ পৰিছে।
ৰৌতাত ক’ভিড বিধি নমনাক আৰক্ষীৰ লাঠী
মহামাৰী ক’ভিড ভাইৰাছৰ দ্বিতীয় পৰ্যায়ৰ লহৰে সমগ্ৰ দেশৰ লগতে অসমতো ভয়াৱহ ৰূপ ধাৰণ কৰিছে । সেয়ে দেশ তথা ৰাজ্যখনত ক’ভিড-১৯ ৰ বিধি মানি চলা হৈছে । এই কভিডৰ ভয়াবহতাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক প্ৰতিহত কৰিবলৈ ৰাজ্য চৰকাৰে মাস্ক পিন্ধা , সততে চাবোনেৰে হাত ধোৱা, চেনিটাইজ কৰা ,টিকা লোৱা , সামাজিক দূৰত্ব বজাই ৰখা আদি কেইবাটাও বিধি মানি চলিবলৈ বাধ্যতামূলক নিয়ম জাৰি কৰিছে । কিন্তু এনেকুৱা এটা ভাল সন্ধিক্ষণতো ওদালগুৰি জিলাৰ বৃহত্তৰ ৰৌতা অঞ্চলতটোত দেখা যায় ইয়াৰ বিপৰীত ছবি । চৰকাৰে কঠোৰ ভাৱে বান্ধি দিয়া নীতি-নিয়মক আওকাণ কৰি একাংশ লোকে এতিয়াও নিজৰ লগতে আনৰো বিপদ চপাই অনা পৰিলক্ষিত হৈছে । উদাহৰণ স্বৰুপে ৰৌতা চাৰিআলি চহৰৰ মাজমজিয়াত আজি মাস্ক নিপিন্ধা লোক সকলৰ বিৰুদ্ধে ৰৌতা আৰক্ষী থানাৰ আৰক্ষী আৰু চিআৰপিএফ সকলে কঠোৰ হাতেৰে স্হিতি গ্ৰহণ কৰিবলৈ বাধ্য হয় । মাস্ক পৰিধান নকৰা মহিলা পুৰুষকে ধৰি সকলোকে ৰৌতা আৰক্ষী থানাৰ মেজৰ দেৱ ৰাম স্বৰ্গীয়াৰী লাঠী জোঁকাৰি চিঞৰি চিঞৰি সকলোকে মাস্ক পিন্ধিবলৈ সৈমান কৰাৰ লগতে সামাজিক দায়ৱদ্ধতাৰে সততে দূৰত্ব বজাই ৰাখিবলৈ ৰৌতা চাৰিআলি চহৰখনৰ মাজমজিয়াত আজি আহ্বান জনায় । কাৰণ ওদালগুৰি জিলা কাৰাগাৰৰ পৰা অহা এজন কাৰাবন্দী প্ৰমুখ্যে বৰ্তমান ৰৌতা আদৰ্শ ক’ভিড চিকিৎসালয়ত ৩১ জন লোক ভৰ্তি হৈ চিকিৎসাধীন অৱস্থাত থকাৰ উপৰিও অঞ্চলটোত প্ৰতিদিনে ৰেপিড এন্টিজেন টেষ্টত কভিডৰ পজিটিভ ওলাই আছে ।
নৃশংস: যুৱতীক অমানৱীয় অত্যাচাৰ,ধৰ্ষণ একাংশৰ
ছ’চিয়েল মিডিয়াত বহুলভাৱে প্ৰচাৰিত হৈছে এক ভিডিঅ’ । এগৰাকী যুৱতীক কেইজনমান যুৱক সহিত এগৰাকী যুৱতীয়ে চলাইছে অমানৱীয় অত্যাচাৰ।অৱশ্যে এই ভিডিঅ’ ক’ত, কেতিয়া সংঘটিত হৈছে এয়া এতিয়াও জানিব পৰা হোৱা নাই। কিন্তু এই ভিডিঅ’ই কঁপাই গৈছে দেশ।ভিডিঅ’টিত হোৱা বাৰ্তালাপৰ ওপৰত ভিত্তি কৰি এই ভিডিঅ’ উত্তৰ পূৰ্বাঞ্চলৰ বুলি সন্দেহ কৰিছে একাংশই।ভিডিঅ’টিত দেখিবলৈ পোৱা গৈছে যে একাংশ যুৱক আৰু এগৰাকী যুৱতীয়ে অতি নিষ্ঠুৰভাবে এগৰাকী যুৱতীক প্ৰহাৰ কৰিছে। কেৱল ইমানেই ক্ষান্ত নাথাকি যুৱতী গৰাকীৰ কাপোৰ খুলি অতি নিৰ্মম ভাৱে প্ৰহাৰ কৰে। মানৱীয়তাক লজ্জিত কৰি যুৱতী গৰাকীৰ যৌনাংগত সোমাই দিয়ে সুৰাৰ বটল।এই ভিডিঅ’ই কঁপাই গৈছে দেশ। কিয় বাৰে বাৰে এনে জঘন্য ঘটনা সংঘটিত হয়। আৰক্ষীয়ে ইতিমধ্যে অচিনাক্ত লোকৰ বিৰুদ্ধে তদন্ত অব্যাহত ৰাখিছে। লগতে অভিযুক্তৰ পৰিচয় দিয়াক পুৰস্কাৰৰ ঘোষণা কৰিছে।
হোজাইত পথ দুৰ্ঘটনা।তীব্ৰ বেগী অল্টো 800ৰ খুন্দাত ভাঙিল বিদ্যুতৰ খুটা
হোজাইত সংঘটিত হয় পথ দুৰ্ঘটনা।
বৰহোলাৰ পৰা হোজাইলৈ গৈ থাকোঁতে যোগীজান আম্লিপুখুৰী ৰিজাৰ্ভত সংগঠিত হয় এই দুৰ্ঘটনা।
তীব্ৰ বেগী অল্টো 800 গাড়ীৰ খুন্দাত বিদ্যুৎৰ খুটা ভাঙি যায়।
এই ঘটনাত আব্দুল ৰেজাক আৰু মজিবুৰ ৰহমান নামৰ দুজন লোক সামান্য ভাৱে আহত হয়।
ছাগলী বচাবলৈ গৈ এই ঘটনা সংগঠিত হয় বুলি চালক জনে মন্তব্য কৰে।
অবশ্য ঘটনা সংগঠিত হোৱাৰ লগে লগে চালক জনে আহত হোৱা আৰোহী দুজনক চিকিৎসালয়লৈ প্ৰেৰন কৰে।
দুৰ্ঘটনা হোৱা অল্টো গাড়ী খনৰ নম্বৰ হ’ল AS 31 A 0748
ঘটনাস্থলীত হোজাই আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত।
ৰঙিয়া আছুৰ উদ্যোগত কেৰালাৰ পৰা আহি আবদ্ধ হৈ পৰা বাছ চালকক সাহায্য প্ৰদান ।
আজি ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত কেৰেলাৰ পৰা অসমত আহি আবদ্ধ হৈ ৰঙিয়াৰ নিকটৱৰ্তী চেপ্তিৰ খ্ৰীষ্টান মিচনাৰী গীৰ্জাত আশ্ৰয় লৈ থকা ৮ খনকৈ বাছৰ কৰ্মচাৰী আৰু চালকক কিছু অত্যৱশ্যকীয় সা-সামগ্ৰী যোগান ধৰি মানৱতাৰ নিদৰ্শন দাঙি ধৰে । বিধানসভা নিৰ্বাচনৰ সময়ত কেৰেলাৰ পৰা এই বাছ কেইখনে বহি:ৰাজ্যত কৰ্মৰত অসমৰ শ্ৰমিক সকলক কঢ়িয়াই আনিছিল যদিও,যাত্ৰীৰ অভাৱত বৰ্তমান এই বাছকেইখন উভটি যাব পৰা নাই,কাৰণ অসমৰ পৰা কেৰেলা লৈকে উভতি যাবলৈ প্ৰায় ৭৫ হাজাৰ টকাৰ ইন্ধনৰ প্ৰয়োজন বুলি জনাই আবদ্ধ হৈ পৰা বাছৰ চালক কেইজনে। আজি ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত তেওঁলোকক কিছু অত্যৱশ্যকীয় সামগ্ৰী আগবঢ়োৱা ছাত্ৰ সন্থাৰ বিষয়ববীয়া সকলে এই বিষয়তো চৰকাৰৰ দৃষ্টি গোচৰ কৰাৰ প্ৰয়াস কৰা দেখা যায় । ৰঙিয়াৰ পৰা চৈয়দ মোস্তাফা আহমেদৰ ৰিপʼৰ্ট
নগাঁও আৰক্ষীৰ জালত ম’ষ্ট ৱাণ্টেড ড্ৰাগছ মাফিয়া নগাঁৱত পিস্তল সহ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ !ৰাইজক অপৰাধীক প্ৰশ্ৰয় দিয়াৰ পৰা বিৰত থাকিবলৈকো আহ্বান আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ
নগাঁও আৰক্ষীয়ে আজি পুৱাৰ ভাগত অভিযান চলাই হয়বৰগাও আৰক্ষী চকীৰ অন্তৰ্গত কাটিমাৰিৰ পৰা হেৰইন সহ দুজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । নগাঁও আৰক্ষীৰ সীমান্ত শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মানস শইকীয়াৰ নেতৃত্বত আৰু হয়বৰগাও আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া পূলক কুমাৰৰ সহযোগত যোৱা আৰক্ষীৰ দলে এই অভিযান চলাইছিল । এই অভিযানত নগাঁও আৰক্ষীয়ে অপৰাধ নিয়ন্ত্ৰণৰ বাবে গঠন কৰা ৰাইডাৰ স্কোৱাডে সক্ৰিয় ভূমিকা পালন কৰে। ইকবাল নামৰ মষ্ট ৱাটেন্ড ড্ৰাগছ ব্যৱসায়ী টোৱে চনু ৰবি দাস নামৰ আন এটা অপৰাধীৰ সৈতে আত্মগোপন কৰি আছিল হেৰাপট্টিৰ এটা ঘৰত। আৰক্ষীৰ দলটোৱে সমগ্ৰ অঞ্চলটো ঘেৰি পুৱাৰে পৰা অভিযান চলাই ইকবালক এটা পইণ্ট ২২ পিষ্টল আৰু ১৪গ্ৰাম ব্ৰাউন ছুগাৰ সহ গ্ৰেপ্তাৰ কৰে।নগাঁৱৰ অতিৰিক্ত আৰক্ষী অধীক্ষক মানস শইকীয়াই জনোৱা মতে , এক গোপন সুত্ৰৰ পম খেদি আমি ৰাইডাৰ স্কোৱাডক লগত লৈ এই অভিযান চলাইছিলো । অভিযানৰ সময়ত আমি কাটিমাৰিৰ ইকবাল হুছেইন (১৯) আৰু চুনু ৰবিদাস(৩৩) নামৰ দজন ড্ৰাগছ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰাৰ লগতে তেওঁ লোকৰ পৰা ১৪ গ্ৰাম হেৰইন আৰু এটা হস্ত নিৰ্মিত পিস্তল আৰু কিছু পৰিমাণৰ সজীৱ গুলি উদ্ধাৰ কৰা হয় । আৰক্ষী বিষয়া গৰাকীয়ে লগতে জানিবলৈ দিয়ে যে নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নিৰ্দেশ মৰ্মে জিলাখনত অপৰাধ মূলক কাম কাজৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তোলা হৈছে । জিলা আৰক্ষীয়ে গঠন কৰা ৰাইডাৰ স্কোৱাডে এই অভিযান সফল কৰি তোলাত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছে । উল্লেখ যে , নগাঁও আৰক্ষীয়ে জিলাখনত ড্ৰাগছ আৰু অপৰাধ জনিত ঘটনাৰ বিৰুদ্ধে ব্যাপক অভিযান অব্যাহত ৰাখিছ। নগাঁও আৰক্ষী অধীক্ষক হিচাবে আনন্দ মিশ্ৰই যোগদান কৰাৰ পিছৰে পৰা নগাঁও জিলাত আৰক্ষীয়ে ড্ৰাগছ আৰু অপৰাধ জনিত ঘটনাৰ বিৰুদ্ধে ব্যাপক অভিযান অব্যাহত ৰাখিছে । আজি ৯ দিনৰ ভিতৰত নগাঁও আৰক্ষীয়ে বুজন পৰিমাণৰ ড্ৰাগছ সহ বহু কেইজনক লোকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।ইপিনে ইকবালক গ্ৰেপ্তাৰৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰ। আৰক্ষী অধীক্ষক গৰাকীয়ে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে সেই অঞ্চলৰ ৰাইজক এনে অপৰাধীক প্ৰশ্ৰয় দিয়াৰ পৰা বিৰত থাকিবলৈকো আহ্বান জনাই।
দুলীয়াজানত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান
দুলীয়াজানত ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান,বৃহৎ পৰিমাণৰ হিৰইন-গাঞ্জা উদ্ধাৰ,মহিলাসহ পাঁচজনক আটক
Inbox
ইণ্ডিয়ান আইডলৰ পৱনদ্বীপ ৰাজনৰ কন্ঠত অসমৰ নীল আকাশৰ গীত।
ইণ্ডিয়ান আইডলৰ পৱনদ্বীপ ৰাজনৰ কন্ঠত অসমৰ নীল আকাশৰ গীত।
ক’ভিডৰ চিকিৎসাত নাৰ্ছিং হোমত কিহৰ বাবে লাখ লাখ টকা লয়? আচলতে কি চলে নাৰ্ছিং হোমত? ‘ডিবি নিউজ’ অনুসন্ধানৰ প্ৰথম প্ৰতিবেদন।
ক’ভিডৰ চিকিৎসাত নাৰ্ছিং হোমত কিহৰ বাবে লাখ লাখ টকা লয়? আচলতে কি চলে নাৰ্ছিং হোমত? ‘ডিবি নিউজ’ অনুসন্ধানৰ প্ৰথম প্ৰতিবেদন।
পেঙেৰীৰ মুগং পথাৰত ৪ জন ড্ৰাগছ আৰু কানি ব্যৱসায়ৰ লগত জড়িত লোকক আটক
সমগ্ৰ ৰাজ্যখনতে এচাম যুৱ প্ৰজন্মই সামাজিকভাৱে নিষিদ্ধ কানি,ভাং ,ড্ৰাগছকে আদি কৰি বিভিন্ন নিচাযুক্ত দ্ৰব্য সেৱন কৰি নিজৰ লগতে সমাজখনক অন্ধকাৰ দিশলৈ লৈ গৈছে ৷ তিনিচুকীয়া জিলাখনতো মাৰাত্মক ড্ৰাগছৰ অবাধ প্ৰচলন অৱ্যাহত আছে| বিশেষকৈ জিলাখনৰ মাৰ্ঘেৰিটাৰ মহকুমাৰ অন্তৰ্গত বিভিন্ন ঠাইত মুকলিকৈয়ে নিষিদ্ধ ড্ৰাগছৰ বেহা ৰমৰমীয়া বেহা চলে বুলি কলেও বঢ়াই কোৱা নহ’ব |একাংশ অসাধু লোকৰ সহজতে ধন ঘটাৰ মানসিকতা বাবেই উঠি অহা নৱ প্ৰজন্মক তিল তিলকৈ মৃত্যুৰ মুখলৈ ঠেলি দিয়া হৈছে।বৰ্তমান অৱশ্যে অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে যথেষ্ট সক্ৰিয় হোৱা পৰিলক্ষিত হৈছে।ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰতিদিনেই জব্দ হৈছে বৃহৎ পৰিমানৰ ড্ৰাগছ ,কানিকে আদি কৰি ভিন্ন নিচাযুক্ত সামগ্ৰী।আজিও তিনিচুকীয়া জিলাৰ পেঙেৰী থানাৰ অন্তৰ্গত মুগংপথাৰত ড্ৰাগছ আৰু কানিসহ চাৰিজনলোকক স্থানীয় গাওঁৰক্ষীৰ আৰু স্থানীয় লোকে আটক কৰি পেঙেৰী আৰক্ষীক গতাই দিয়ে । আটক কৰা লোককেইজনৰ হল ক্ৰমে-লম্বিত মাচে ওৰফে হুচেইন (৫৮)কেটেতং ১নং দিবং নিৱাসী , পদম বাহাদুৰ চেত্ৰী ওৰফে পদে(৫৬)ডিগবৈ , ঢেকীয়াজান নিৱাসী , প্ৰদীপ শ্বাহ ওৰফে বাবা(৩০) কেটেতং, ১ নং ডিবং নিৱাসী আৰু ৰামু কিষান( ৩২)|ইনথেম ,মাইচাংপানী নিৱাসী| তেওঁলোকে ব্যৱহাৰ কৰা চাৰিখন মটৰচাইকেলো আৰক্ষীক চমজাই দিয়া হয়| ড্ৰাগছ আৰু কানিৰ লগত জড়িত মূল ব্যক্তি গঙ্গা বাহাদুৰ কাৰ্কী নামৰ লোকজন পলাই হাৰিবলৈ সক্ষম হয়| লোকজনৰ সন্ধানত স্থানীয় ৰাইজে বৰ্তমানেও অভিযান অব্যাহত ৰাখিছে| কোনো কাৰণতে অঞ্চলটোত কানি , ড্ৰাগছ আদি মাদ্ৰক দ্ৰব্যৰ বিৰুদ্ধে এই অভিযান অনাগত দিনতো চলি থাকিব্ বুলি স্থানীয় ৰাইজে স্পষ্ট কৰি দিছে|











