২৫ ফেব্ৰুৱাৰীত বটদ্ৰৱালৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। এই লৈ সমগ্ৰ নগাঁৱতে ব্যাপক নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে। কিন্তু বটদ্ৰৱাৰ বাহিৰেও নগাঁৱৰ পুৰণিগুদানৰ নৱনিৰ্মিত মহামৃত্যুঞ্জয় মন্দিৰো দৰ্শন কৰিব পাৰে গৃহমন্ত্ৰী গৰাকীয়ে। সেয়ে আজি মহামৃত্যঞ্জয় মন্দিৰলৈ নিৰাপত্তাজনিত দিশ পৰ্য্যবেক্ষণ কৰিবলৈ ৰাওনা হয় নগাঁৱৰ আৰক্ষী অধীক্ষক তথা উচ্চপদস্থ আৰক্ষী বিষয়াসকল। আৰক্ষীৰ লগতে চিআৰপিএফৰ উচ্চপদস্থ বিষয়াইয়ো মহামৃত্যঞ্জয় মন্দিৰৰ স্থান পৰিদৰ্শন কৰে। স্মৰ্তব্য যে, অহা ২৭ ফেব্ৰুৱাৰীত মাঘী পূৰ্ণিমাৰ দিনটোতে মহামৃত্যুঞ্জয় মন্দিৰৰ শুভউদ্বোধন কৰিবলৈ আমন্ত্ৰন জনোৱা হৈছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক। কিন্তু বৰ্তমানলৈকে এইক্ষেত্ৰত প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে নিশ্চয়তা প্ৰদান কৰা নাই। সেয়ে প্ৰধানমন্ত্ৰীৰ পৰিৱৰ্তে অহা ২৫ ফেব্ৰুৱাৰীত গৃহমন্ত্ৰী অমিত শ্বাহে মহামৃত্যঞ্জয় মন্দিৰ দৰ্শন কৰাৰ সম্ভাৱনা আছে। ইতিমধ্যে অমিত শ্বাহে মহামৃত্যঞ্জয় মন্দিৰ দৰ্শনৰ বাবে যাৱতীয় সকলো ব্যৱস্থা সম্পূৰ্ণ কৰিছে নগাঁও আৰক্ষীয়ে
পুনৰ দাম বাঢ়িল পেট্ৰ’ল–ডিজেলৰ, চাওক কোন চহৰত কিমান বাঢ়িল
বুধবাৰে পুনৰ দাম বাঢ়িল পেট্ৰ’ল–ডিজেলৰ। বিগত ৮–১০ দিন ধৰি ক্ৰমাগতভাৱে দাম বৃদ্ধি পেট্ৰ’ল–ডিজেলৰ। চৰকাৰী তেল সংস্থাসমূহৰ ফালৰ পৰা আজি তেলৰ দাম প্ৰতিলিটাৰত ২৫ পইচাকৈ বৃদ্ধি কৰিছে। ইয়াৰ ফলত দিল্লীত পেট্ৰ’লৰ দাম বাঢ়ি হৈছেগৈ ৮৯.৫৪ টকা। ডিজেলৰ দাম বৃদ্ধি হৈ হৈছেগৈ প্ৰতিলিটাৰত ৭৯.৯৫ টকা।আন্তৰ্জাতিক বজাৰত অপৰিশোধিত তেলৰ দাম বৃদ্ধি হোৱাৰ ফলত দেশৰ বজাৰত পেট্ৰ’ল–ডিজেলৰ দামত প্ৰভাৱ পৰিছে। প্ৰতিদিনে পুৱা ৬ বজাত পেট্ৰ’ল আৰু ডিজেলৰ দাম প্ৰকাশ কৰে তেল প্ৰতিষ্ঠানসমূহে। দিল্লি- পেট্রোল ৮৯.৫৪ টাকা, ডিজেল ৭৯.৯৫ টাকা মুম্বই- পেট্রোল ৯৬.০০ টাকা, ডিজেল ৮৬.৯৮ টাকা কলকাতা- পেট্রোল ৯০.৭৮ টাকা, ডিজেল ৮৩.৫৪ টাকা চেন্নাই- পেট্রোল ৯১.৬৮ টাকা, ডিজেল ৮৫.০১ টাকা বেঙ্গালুরু- পেট্রোল ৯২.৫৪ টাকা, ডিজেল ৮৪.৭৫ টাকা ভোপাল- পেট্রোল ৯৭.৫২ টাকা, ডিজেল ৮৮.১৫ টাকা নয়ডা- পেট্রোল ৮৮.১৩ টাকা, ডিজেল ৮০.৩৮ টাকাচন্ডীগড়- পেট্রোল ৮৬.১৭ টাকা, ডিজেল ৭৯.৬৫ টাকা পটনা- পেট্রোল ৯১.৯১ টাকা, ডিজেল ৮৫.১৮ টাকা লখনউ- পেট্রোল ৮৮.০৬ টাকা, ডিজেল ৮০.৩৩ টাকাপেট্ৰ’ল আৰু ডিজেলৰ মূল্যও এছএমএছৰ জৰিয়তে সহজে জনা যায়। ইণ্ডিয়ান ৱেলৰ ৱেবছাইট অনুসৰি, আৰএছপি লিখি9224992249 লৈ এছএমএছ প্ৰেৰণ কৰিব লাগে। প্ৰতিখন চহৰৰ এটা বেলেগ কোড আছে। বিএছপিচিএলৰ গ্ৰাহকসকলে 9223112222লৈ আৰএছপি লিখিব আৰু এইচপিচিএল গ্ৰাহকসকলে 9222201122 ত এইচপিমূল্যলৈ বাৰ্তা প্ৰেৰণ কৰিব পাৰে।
জে এন ইউৰ ৰাষ্ট্ৰদ্ৰোহ গোচৰত কানহায়া কুমাৰসহ অন্য ৯ জনলৈ দিল্লী আদালতৰ চমন জাৰি
২০১৬ চনৰ ৯ ফেব্ৰুৱাৰীত জেএনইউৰ চৌহদত মাৰ্ক্সিষ্ট ছাত্ৰ নেতা কানহায়া কুমাৰৰ নেতৃত্বত উলিওৱা এটা ছাত্ৰ সমদলে দেশ বিৰোধী শ্লোগান দিয়াৰ লগতে সংসদ ভৱন আক্ৰমণকাৰী আফজল গুৰুৰ সমৰ্থনত শ্লোগান দিয়াৰ অভিযোগ উত্থাপন কৰিছিল দিল্লী আৰক্ষীয়ে।
সেই সন্দৰ্ভত দিল্লী আৰক্ষীয়ে দাখিল কৰা চাৰ্জশ্বীটৰ ভিত্তিত দিল্লীৰ এখন আদালতে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়(জেএনইউ)ৰ ৰাষ্ট্ৰদ্ৰোহ কাণ্ড গোচৰত কমিউনিষ্ট পাৰ্টি অৱ ইণ্ডিয়া(মাৰ্ক্সিষ্ট)ৰ নেতা কানহায়া কুমাৰসহ আৰু অন্য ৯জনলৈ চমন জাৰি কৰিছে ।
সোমবাৰে দিল্লীৰ মুখ্য মেট্ৰ’পলিটান দণ্ডাধীশ পংকজ শৰ্মাই সমগ্ৰ বিষয়টো অধ্যয়ন কৰাৰ পিছত অহা ১৫ মাৰ্চত শুনানিৰ বাবে অভিযুক্তসকললৈ চমন জাৰি কৰে।
উল্লেখ্য যে, দিল্লী আৰক্ষীয়ে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত কানহায়া কুমাৰসহ কেবাজনো সতীৰ্থক পূৰ্বতে গ্ৰেপ্তাৰ কৰি তিহাৰ জে’ললৈ নিক্ষেপ কৰিছিল ।
২০১৯ চনত দিল্লী আৰক্ষীয়ে আদালতত দাখিল কৰাৰ অভিযোগ পত্ৰত কোৱা হৈছিল কানহায়া কুমাৰৰ নেতৃত্বত বিশ্ববিদ্যালয়ৰ চৌহদত উলিওৱা উক্ত সমদলটোত জেএনইউৰ ছাত্ৰ ওমৰ খালিদ আৰু অনিবাৰ্ণ ভট্টাচাৰ্যকে ধৰি কিছু শিক্ষাৰ্থীয়ে দেশ বিৰোধী শ্লোগান দিয়াৰ প্ৰমাণ আছে।
১২০০ পৃষ্ঠাৰ উক্ত অভিযোগ পত্ৰতে আৰু কোৱা হৈছিল যে দেশ বিৰোধী শ্লোগান দিয়া শিক্ষাৰ্থী সমদলটোক কানহায়া কুমাৰে নেতৃত্ব দিয়া প্ৰমাণ ভিডিঅ’ ফুটেজত স্পষ্টভাৱে পোৱা গৈছিল।
বকোৰ নোৱাপাৰাত শিক্ষকৰ চাঞ্চল্যকৰ আত্মহননৰ ঘটনা
এক হৃদয় বিদাৰক ঘটনা সংঘটিত কৰে হৈছে কামৰূপ জিলাৰ বকোত । ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগৰ এক হঠকাৰী সিদ্ধান্তৰ বাবে বিগত ১৫ বছৰ কাল এম ই বিদ্যালয়ত বিনা বেতনে শিক্ষকতা কৰাৰ পিছত টিউটৰ হিচাপে এল পি স্কুলত নিযুক্তি পোৱাত মানসিক চাপত ভুগি আত্মহত্যাৰ দৰে পন্থা বাচি লয় এজন শিক্ষকে ।
শিক্ষকৰ চাঞ্চল্যকৰ আত্মহনন ঘটিনাটো সংঘটিত হৈছে বকো আৰক্ষী থানাৰ অন্তৰ্গত ছয়গাঁও সমষ্টিৰ নোৱাপাৰা গাঁওত। আত্মহত্যাৰ কৰা শিক্ষকজনৰ নাম হীৰেন কলিতা ।চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তত মানসিক অন্ত:দণ্ড ভূগি শিক্ষক হীৰেণ কলিতাই বাচি ললে আত্মহত্যাৰ দৰে চৰম পথ।
ঘটনাৰ তথ্য অনুসৰি চুবুৰীয়া আত্মীয়ই সোমবাৰে পুৱা নিজ গৃহৰ চৌহদৰ ওখ গছত এডালত চিপ লৈ শিক্ষক হীৰেন কলিতাক আত্মহত্যা কৰা প্ৰত্যক্ষ কৰে।
উল্লেখ্য যে, চৰকাৰী ভাৱে যোৱা ৫ ফেব্ৰুৱাৰীত হীৰেন কলিতাই টিউটৰিয়েল শিক্ষক হিচাপে নিযুক্তি লাভ কৰিছিল। নিযুক্তি পাইছিল বাহজানী – কন্দলপাৰা প্ৰাথমিক বিদ্যালয়ত। ইয়াতে লাগিছিল কেনা। ১৫ বছৰ কাল বিজ্ঞানৰ স্নাতক হীৰেন কলিতাই শিক্ষাদান কৰি আহিছিল কন্দলপাৰাৰ সৰ্বপল্লী ৰাধাকৃষ্ণণ এম ই স্কুলত। হীৰেন কলিতাৰ লগতে আন শিক্ষক সকলে আশা কৰিছিল সৰ্বপল্লী ৰাধাকৃষ্ণণ এম ই স্কুলতে তেওলোকক নিযুক্তি দিব শিক্ষা বিভাগে। কিন্তু সেয়া নহল। নিযুক্তি দিয়া হ’ল প্ৰাথমিক বিদ্যালয়ত। এই কথাই বাৰুকৈ মানসিক চাপত পেলাইছিল হীৰেন কলিতাক। আনকি দুই এজন বন্ধুক অসন্তুষ্টিৰ কথা অৱগত কৰিছিল শিক্ষকজনে । ১০৮০০ টকাকৈ ৫২ বছৰীয়া শিক্ষক হীৰেন কলিতাই কেনেদৰে দিব পৰিয়ালক পোহপাল। কিমান দিন আৰু চাকৰি কৰিব শিক্ষকজনে, প্ৰশ্ন উদয় হৈছিল এৰি অহা এম ই স্কুলখনৰ ছাত্ৰ-ছাত্ৰীৰ ভবিষ্যৎ হব কি ? এনেবোৰ কথাত ভাগি পৰিছিল শিক্ষক হীৰেণ কলিতা। এই ঘটনাই অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে।
নগাঁৱত একেদিনাই ১ কোটি ১৫ লাখ টকা ব্যয় সাপেক্ষে ১২টাকৈ অনুষ্ঠানৰ আধাৰশিলা স্থাপন বিধায়ক ৰূপক শৰ্মাৰ
আগন্তুক বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি ৰাজ্যৰ বিভিন্ন স্থানৰ দৰে নগাঁও সদৰ বিধানসভা সমষ্টিটো বিভিন্ন ৰাজনৈতিক দলৰ তৎপৰতা ক্ৰমাৎ বৃদ্ধি পাব ধৰিছে ৷ সমষ্টিটোত সকলো ৰাজনৈতিক দলেই ব্যাপক নিৰ্বাচনী কুচকাৱাজ চলাই থকা দেখা গৈছে ৷ বিশেষকৈ শাসনাধিষ্ঠিত বিজেপি দলৰ বিধায়ক ৰূপক শৰ্মাই সমষ্টিটো পুনৰ নিজৰ দখলত ৰাখিবৰ বাবে বিভিন্ন উন্নয়নমূলক কাম-কাজ ৰূপায়ণৰ দ্বাৰা ৰাইজৰ মাজত তৎপৰতা অব্যাহত ৰাখিছে ৷
ইয়াৰ অংশস্বৰূপে আজি বিধায়কগৰাকীয়ে সমষ্টিটোৰ বেবেজীয়া ডিমৌ, বাংথাই গাঁও পঞ্চায়ত, দেওধৰ গাঁও পঞ্চায়তত আৰু শেনছোৱা গাঁও পঞ্চায়তত ১ কোটি ১৫ লাখ টকা ব্যয় সাপেক্ষে কেইবাটাও অনুষ্ঠানৰ আধাৰশিলা স্থাপন কৰে।আধাৰশিলা স্থাপন কৰি বিধায়ক গৰাকীয়ে কয় যে আজিৰ পৰা পাঁচ বছৰৰ আগৰ অসমখনৰ লগত আজিৰ সময়ৰ অসমখনৰ মাজৰ পাৰ্থক্য ৰাইজে নিজে দেখিছে ৷ আমাৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্ত, গড়কাপ্তানী আদি বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ সবল প্ৰচেষ্টাত আজি অসম উন্নয়নৰ শীৰ্ষতম পৰ্যায়লৈ আগবাঢ়িছে ৷ ঠিক একেদৰেই নগাঁও সমষ্টিতো সৰ্বদিশৰ উন্নয়নৰ ছবিখনে বিশেষ সফলতা লাভ কৰিছে ৷ অনাগত দিনত আমাৰ চৰকাৰখনে ৰাইজৰ পদূলিত থিয় হোৱাৰ পৰিৱৰ্তে উন্নয়নমূলক আৰু বহু কৰ্ম-আঁচনি লৈ ৰাইজৰ লগত থিয় হৈ আমি ৰাইজৰ হৃদয়ত থাকিম বুলিও বিধায়ক শৰ্মাই মন্তব্য কৰে ।
আনহাতে বিৰোধী দলক সমালোচনাৰে বিধায়ক গৰাকীয়ে একপ্ৰকাৰ নিৰ্বাচনী ৰণ শিঙা বজায় ৷ বিধায়ক শৰ্মাই আজি ‘অসম আদৰ্শ গাঁও যোজনা’ৰ অধীনত বেবেজীয়া চাৰিআলি বজাৰগৃহৰ ৰাজহুৱা প্ৰস্ৰাৱগাৰ আৰু খোৱা পানী ব্যৱস্থা নিৰ্মাণ, টোকোলাই বেবেজীয়া ৰাজহুৱা গৃহ আৰু অনাময় ব্যৱস্থা নিৰ্মাণ, টোকোলাই বেবেজীয়া আত্মসহায়ক গোটৰ হস্ততাঁত উৎপাদন আৰু বিক্ৰী কেন্দ্ৰ নিৰ্মাণ, টোকোলাই বেবেজীয়া ৰাজহ গাঁৱৰ অন্তৰ্গত তিনিটা অংগনবাড়ী কেন্দ্ৰ মেৰামতিকৰণৰ লগতে ভোগেশ্বৰ হাজৰিকা ছোৱালী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ মুকলি মঞ্চ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে ৷
আনহাতে দেওধৰ গাঁও পঞ্চায়তত আজি বিধায়ক ৰূপক শৰ্মাই আধাৰশিলা স্হাপন কৰা উন্নয়ন মূলক কাম সমূহ ক্ৰমেঅসম আৰ্দশ গাঁও যোজনাৰ অধীনত “দেওধৰ গাঁও পঞ্চায়তৰ ৬ নং খন্ডত খোৱাপানী আৰু শৌচাগাৰ সুবিধাৰে অংগনৱাদী কেন্দ্ৰ” নিৰ্মাণৰ আধাৰশিলা, অসম আৰ্দশ গাঁও যোজনাৰ অধীনত “ৰজাভেটি প্ৰাথমিক বিদ্যালয়ত কম্পিউটাৰ সুবিধাৰ লগতে শ্ৰেণীকোঠা” নিৰ্মানৰ আধাৰশিলা,অসম আৰ্দশ গাঁও যোজনাৰ অধীনত “সোণোৱালী পুথিভঁৰাল নিৰ্মাণ”ৰ আধাৰশিলা,অসম আৰ্দশ যোজনাৰ অধীনত “খন্ড উন্নয়ন বিষয়া কাৰ্যালয়ত মহিলা আত্মসহায়ক গোটৰ বাবে বহুমুখী প্ৰশিক্ষণ কেন্দ্ৰ প্ৰকল্প”ৰ আধাৰশিলা,দেওধৰ পঞ্চায়তৰ দেওধৰ চাৰিআলিত “ৰাজহুৱা প্ৰস্ৰাৱগাৰৰ লগতে খোৱা পানী ব্যৱস্থা নিৰ্মাণ”ৰ আধাৰশিলা।
ইয়াৰোপৰি বিধায়ক গৰাকীয়ে আজি অসম চৰকাৰৰ আছুতীয়া পূঁজিৰ জৰিয়তে শেনছোৱা গাঁও পঞ্চায়তৰ অন্তৰ্গত খুটিকটীয়া কৃষ্টি বিকাশ সমাজৰ আন্তঃগাঠনি উন্নয়নৰ কামৰ শুভাৰম্ভ কৰে।অসম চৰকাৰৰ আছুতীয়া পূজিৰ দ্বাৰাই দেওধৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত “পিনাক পাণি সনাতন সমাজ আৰু সাংস্কৃতিক বিকাশ কেন্দ্ৰ”ৰ আন্তঃগাঠনি উন্নয়নৰ কামৰো আজি শুভাৰম্ভ কৰে।
মুকালমুৱাত গ্ৰেপ্তাৰ দুটা বেটাৰী চোৰ
মুকালমুৱা আৰক্ষীয়ে কালি নিশা অভিযান চলাই গ্ৰেপ্তাৰ কৰে দুটাকৈ বেটাৰী চোৰক ৷ মুকালমুৱা আৰক্ষী থানাৰ সহকাৰী উপ পৰিদৰ্শক চম্পক মেধীৰ নেতৃত্বত এটা আৰক্ষীৰ দলে মুকালমুৱাৰ মেৰুৱাট্টাৰীত অভিযান চলাই গ্ৰেপ্তাৰ কৰে বেটাৰী চোৰ আফনুৰ আলী আৰু চোনা মিঞাক ৷
উল্লেখ্য যে ধৃত দুই চোৰসহ আৰু আন দুটা চোৰে দেওবাৰে নিশা মেৰুৱাট্টাৰীৰ বোৰিং মেচিনৰ এটাৰ পৰা চুৰি কৰিছিল বেটাৰী ৷ মেচিনৰ গৰাকীয়ে কালি দিনৰ ভাগত মুকালমুৱা আৰক্ষী থানাত দাখিল কৰিছিল এজাহাৰ ৷ নিশা মুকালমুৱা থানাৰ সহকাৰী উপ পৰিদৰ্শক চম্পক মেধীয়ে তৎপৰতাৰে ঘটনাৰ অনুসন্ধান চলাই গ্ৰেপ্তাৰ কৰে ধৃত দুই চোৰক ৷
ইতিমধ্যে দুয়োটা চোৰে চুৰিকাৰ্যৰ কথা আৰক্ষীৰ আগত স্বীকাৰ কৰিছে ৷ ইপিনে চুৰি কাৰ্যত জড়িত থকা আন দুটা চোৰ বৰ্তমানেও পলাতক অৱস্থাত থকা বুলি জানিব পৰা গৈছে ৷ মুকালমুৱা আৰক্ষী থানাত ৬৮/২১ নম্বৰ গোচৰত ভাৰতীয় দণ্ডবিধিৰ ৩৮০ ধাৰাত গ্ৰেপ্তাৰ কৰি আজি দুয়োটা চোৰকে নলবাৰী আদালতত হাজিৰ কৰোৱাত আদালতে দুয়োটাকে ন্যায়িক জিন্মালৈ প্ৰেৰণ কৰে ৷
সুখবৰ,ৰাজ্যত প্ৰতি ইউনিট বিদ্যুতৰ মাচুল ১৫ ৰ পৰা ২০ পইচা হ্ৰাস
প্ৰতি ইউনিট বিদ্যুতৰ মাচুল ১৫ ৰ পৰা ২০ পইচা হ্ৰাস ।
অসম ৰাজ্যিক বিদ্যুৎ নিয়ামক আয়োগে এইকথা প্ৰকাশ কৰি কৈছে যে ২ শতাংশ মাচুল হ্ৰাসৰ এই নতুন নিৰিখ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব ।
গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত ১০০০গৰাকী খেলুৱৈক আৰ্থিক অনুদান প্ৰদান
গুৱাহাটীৰ নেহৰু ষ্টেডিয়ামত ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ দ্বাৰা ৰাজ্যৰ বহুসংখ্যক খেলুৱৈক আৰ্থিক অনুদান প্ৰদান মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ ।
১০০০গৰাকী খেলুৱৈক আৰ্থিক অনুদান প্ৰদান কৰা হয় অনুষ্ঠানটোত ।
বিমলা প্ৰসাদ চলিহা ছুইমিং পুলৰ পুনৰ নিৰ্মাণ আৰু নেহৰু ষ্টেডিয়ামত নতুনকৈ নিৰ্মাণ কৰা আছাম ফেন্সিং এছ’চিয়েচনৰ ভৱনটো উদ্বোধন কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
পূব ভাৰতৰ প্ৰথমখন দক্ষতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন মুখ্যমন্ত্ৰীৰ
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ১৫ ফেব্ৰুৱাৰীত দৰং জিলাৰ মঙ্গলদৈত পূব ভাৰতৰ প্ৰথমখন দক্ষতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰে ।
ইয়াৰ নিৰ্মাণৰ ব্যয় ১০০০কোটি টকা আৰু ইয়াত একেলগে ১০,০০০ শিক্ষাৰ্থীয়ে মুঠ ১২টা পৃথক বিভাগত শিক্ষা গ্ৰহণৰ সুবিধা থাকিব ।
অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ত অংকুৰণ প্ৰকাশনৰ ৬ খনকৈ গ্ৰন্থ উন্মোচন
অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ভৱন প্ৰাঙ্গণস্থিত ৰাধাকান্ত সন্দিকৈ ভৱনৰ সভাকক্ষত লৱ(ৰাজু) কুমাৰ দত্তৰ সভাপতিত্বত অনুষ্ঠিত সভাত যোৰহাটৰ অংকুৰণ প্ৰকাশনে প্ৰকাশ কৰা ৬ খন গ্ৰন্থ উন্মোচন কৰা হয়। শৰ্মীষ্ঠা বৰ্মনে লেখা “মোৰ ভ্ৰমণ ডায়েৰী” অসম নাট্য সন্মিলনৰ প্ৰাক্তন সভাপতি ডঃ অখিল চক্ৰৱৰ্তীয়ে, শিক্ষয়িত্ৰী কুৰালগুৰিৰ ৰাজশ্ৰী বৰাই লেখা “হেঁপাহৰ আবিৰ” শিক্ষয়িত্ৰী বন্দনা দত্তই, যোৰহাটৰ নাৰায়ণ চন্দ্ৰ ঘোষে লেখা “স্মৃতিৰ সঁফুৰা” কবি সাহিত্যিক দেৱেন তাছাই, মাজুলীৰ ত্ৰিবেণী পায়েঙে লেখা “জ্যোতি” গোপালদেৱ সেৱক সমাজৰ যোৰহাটৰ সম্পাদক সুৰেশচন্দ্ৰ হাজৰিকাই, লখিমপুৰৰ আকবৰ পায়েঙে লেখা “নৱ যুৱ সমাজঃ তেজস্বী কলম” মাজুলীৰ সাংবাদিক অৱসৰপ্ৰাপ্ত শিক্ষক কিশোৰী মোহন পালে আৰু মাজুলীৰ পদ্ম পেগুৱে লেখা “মোৰ মুক্ত চিন্তা” নামৰ গ্ৰন্থখন আমাৰ অসমৰ পশ্চিম যোৰহাটৰ প্ৰতিবেদক ৰমেন শইকীয়াই উন্মোচন কৰি বক্তব্য আগবঢ়ায়। অংকুৰণ প্ৰকাশনৰ স্বত্বাধিকাৰ হেমেন নাথে আঁত ধৰা গ্ৰন্থ উন্মোচনী সভাখন ডঃ অখিল চক্ৰৱৰ্তীয়ে ধূপ-দীপ প্ৰজ্বলন কৰি শুভাৰম্ভ কৰে। অংগন-ই আলোচনীখনৰ সম্পৰ্কত ৰূপজ্যোতি নাথে বক্তব্য আগবঢ়োৱা কবিতা পাঠ অনুষ্ঠান পৰিচালনা কৰে অৰ্চনা শইকীয়াই। ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা আহি সমবেত হোৱা সকলৰে সৌৰভ জ্যোতি দুৱৰা, ধন দাস, স্বেতা ছেত্ৰী, তেজস্বিনী বৰঠাকুৰ, ৰিতু ভৰালী, পংকজ দাস, অন্তৰীপ কাকতি, বুবুল শইকীয়া, আৰতী টুকুৰীয়া, আৰতী শইকীয়া, বিৰাজ দত্ত, প্ৰিয়ংকা কলিতা, চয়নিকা বৰুৱা, জোনা বৰঠাকুৰ, ৰাণুপ্ৰভা দত্ত, অঞ্জুমণি বৈৰাগী দত্তই স্ব-ৰচিত কবিতা পাঠ কৰে।অংকুৰণ প্ৰকাশনৰ উদ্যোগত অনলাইনযোগে আয়োজন কৰা নীলা খামৰ চিঠি প্ৰতিযোগিতাত যোৰহাটৰ বিশ্ব বৰুৱা, গোলাঘাটৰ নেইনা বৰঠাকুৰ, কাৰ্বি আংলঙৰ লক্ষ্যজিৎ শইকীয়াই, স্ব-ৰচিত কবিতা প্ৰতিযোগিতাত গুৱাহাটীৰ মধুমিতা বৰুৱা শইকীয়া, যোৰহাট টীয়কৰ ঋতুপৰ্ন দত্ত, শিৱসাগৰৰ পাৰ্থপ্ৰতিম নাথে, অংকুৰণ ৰঙালী বিহু মডেল প্ৰতিযোগিতাত শিৱসাগৰৰ কল্পদ্বীপ নাথ, যোৰহাট টীয়কৰ তছলিনা বেগম, দুলীয়াজানৰ পৰকাষ্ঠা শইকীয়াই ক্ৰমে প্ৰথম, দ্বিতীয়, তৃতীয়কৈ স্থান লাভ কৰাত পুৰষ্কাৰ প্ৰদানৰ লগতে দৰ্শনত সৰ্বোচ্চৰ বাবে শিৱসাগৰৰ অনুষ্পা দেৱীক বিশেষ পুৰষ্কাৰ ১২ ফেব্ৰুৱাৰীত অংকুৰণ প্ৰকাশনৰ উদ্যোগত ৰাধাকান্ত সন্দিকৈ ভৱনৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত গ্ৰন্থ উন্মোচন আৰু কবিতা পাঠ অনুষ্ঠানত পুৰষ্কাৰ প্ৰদান কৰা হয়। উল্লেখ্য, এইঅনুষ্ঠানত অনুপস্থিত বিজয়ীসকলক কাৰ্যালয়ৰ পৰা তেওঁলোকৰ পুৰস্কাৰ সমূহ সংগ্ৰহ কৰিবলৈ অনুৰোধ জনায়।










