Home Blog Page 3039

আজি সৰস্বতী পূজা, শিক্ষানুষ্ঠান সমূহ মুখৰিত হৈ পৰিছে বাগদেৱীৰ বন্দনাৰে

কভিড সৃষ্ট পৰিবেশৰ পিছত এক স্বাভাৱিক জীৱন ঘূৰি আহিছে । আজি ৰাজ্য়জুৰি উদযাপন কৰা হৈছে বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ আৰাধনা । বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱীৰ পূজাক লৈ স্কুল-কলেজসমূহত উখল–মাখল পৰিৱেশ । বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতীৰ শ্ৰীচৰণত সেৱা লৈ নিজৰ শিক্ষা জীৱনৰ সফলতাৰ বাবে প্ৰাৰ্থনা জনাব শিক্ষাৰ্থীসকলে।

সৰস্বতী পূজা উপলক্ষে সজাই-পৰাই তোলা হৈছে বিদ্যালয়-মহাবিদ্যালয়সমূহৰ চৌহদ। বিদ্যালয় তথা মহাবিদ্যালয়সমূহৰ চৌহদত সুন্দৰকৈ মণ্ডপ সজাই বাগদেবীৰ মূৰ্তি স্থাপন কৰি পূজাৰ আয়োজন কৰা হৈছে। ৰাজ্যৰ আন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো দেখা গৈছে উখল-মাখল পৰিৱেশ।

ৰাজ্য়ৰ শিক্ষানুষ্ঠান সমূহ মুখৰিত হৈ পৰিছে বাগদেৱীৰ বন্দনাৰে। পিছে কভিডৰ বাবে কোনো কোনো শিক্ষানুষ্ঠানত এইবাৰ উদযাপন কৰা নহ’ল সৰস্বতী পূজা।

হাতীধুৰা মহাবিদ্যালয়ত প্ৰীতি ফুটবল খেল প্ৰতিযোগিতা

মূখ্যমন্ত্ৰী সমগ্র গ্ৰাম্য উন্নয়ন যোঁজনাৰ অধিনৰ অসম যুৱ উন্নয়ন অভিযান  আঁচনিৰ অধিনত নিৰ্মিত  হাতীধুৰা মহাবিদ্যালয়ৰ খেল পথাৰ খন আজি আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰে ২৮ নং গোসাইগাঁও বিধান সভা সমষ্টিৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰীয়ে ।

উল্লেখ্য যে ধুবুৰী জিলাৰ তামাৰহাট থানাৰ অন্তৰ্গত হাতীধুৰা মহাবিদ্যালয়ৰ খেল পথাৰ খনৰ উন্নয়নৰ বাবে বিভাগীয় কতৃপক্ষই ২০১৮–১৯ বিত্তীয় বছৰত  মূখ্যমন্ত্ৰী সমগ্র গ্ৰাম্য উন্নয়ন যোঁজনাৰ অধিনৰ অসম যুৱ উন্নয়ন অভিযান  আঁচনিৰ অধিনত ২০,০০০০০ (কুৰি লাখ )টকা মঞ্জুৰী দিয়ে । উক্ত মঞ্জুৰীকৃত ধনেৰে হাতীধুৰা মহাবিদ্যালয় কতৃপক্ষই উক্ত খেল পথাৰ খনৰ উন্নয়নৰ কাম ইতিমধ্যে সমাপ্ত কৰিছে আৰু আজি ৰঙা  ফিতা কাটি খেল পথাৰ খন আনুষ্ঠানিক ভাবে শুভ উদ্বোধন কৰা হয় ।

খেল পথাৰ খনৰ উদ্বোধনৰ পিছত হাতীধুৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড’ ফৰিদ উদ্দিন আহমেদৰ সভাপতিত্বত এখনি উদ্বোধনী সভাও অনুষ্ঠিত হয় । উক্ত সভাত ২৮নং গোসাইগাঁও  বিধান সভা সমষ্টিৰ বিধায়ক মাজেন্দ্ৰ নাৰ্জাৰী আৰু ধুবুৰী জিলাৰ অতিৰিক্ত উপায়ুক্ত ধ্ৰুৱজ্যোতি দাসে ভাষণ প্ৰসংগত কয় যে ছাত্ৰ -ছাত্ৰী সকলৰ বৌদ্ধিক বিকাশৰ বাবে যেনেকৈ পুথি গত বিদ্যাৰ প্ৰয়োজন ঠিক তেনেদৰে ছাত্ৰ-ছত্ৰী সকলৰ শাৰীৰিক বিকাশৰ বাবেও খেল -ধেমালীৰ অতি প্ৰয়োজন ।

ইয়াৰ উপৰি উদ্বোধনী সভা খনত   হাতীধুৰা মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি আৰ, ডি,  সিং, গোসাইগাঁও মহাবিদ্যালয়ৰ উপ – অধ্যক্ষ,  মহাবিদ্যালয় খনৰ সহকাৰী অধ্যাপক-অধ্যাপিকা সকল , তামাৰহাট  থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আৰু স্থানীয় বিশিষ্ঠ ব্যাক্তি সকল উপস্থিত থাকে । মন কৰিবলগীয়া যে উক্ত উদ্বোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি মহাবিদ্যালয় খনৰ ছাত্ৰ সকলৰ দ্বাৰা এখন আকৰ্ষণীয় প্ৰীতি মূলক ফুট বল খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয় ।

বিহালীত বিজেপিৰ বাঘমৰা আৰু বিহালী মণ্ডলৰ পৃষ্ঠা প্রমুখ সন্মিলন

সমাগত বিধান সভা নিৰ্বাচন । তৎপৰতা বৃদ্ধি পাইছে বিভিন্ন ৰাজনীতি দল সংগঠন সমুহৰ ‌। নিজৰ নিজৰ ৰাজনৈতিক ভেটি সৱল কৰিবলৈ ইখনৰ পাছত সিখন সভা সমিতি আয়োজন কৰিছে ৰাজনীতি দল সমুহে। সমান্তৰালকৈ বিশ্বনাথ জিলাতো ভাৰতীয় জনতা পাৰ্টিয়ে ব্যাপক ভাৱে প্ৰচাৰ চলোৱা দেখা গৈছে।

সোমবাৰে ২০২১ ৰ নির্বাচনৰ প্রতি লক্ষ্য ৰাখি ভাৰতীয় জনতা পার্টি, বিশ্বনাথ জিলাৰ ৭৭ নং বিহালী বিধান সভা সমষ্টিৰ বাঘমৰা আৰু বিহালী মণ্ডলৰ পৃষ্ঠা প্রমুখ সন্মিলন আয়োজন কৰে । য’ত উপস্থিত থাকে অসম চৰকাৰৰ কেৱিনেট মন্ত্ৰী ৰঞ্জিত দত্ত । মন্ত্ৰী ৰঞ্জিত দত্তই সভাত অংশগ্রহণ কৰি পৃষ্ঠা প্ৰমুখ সকলৰ সৈতে মত বিনিময় কৰি আগন্তুক বিধান সভা নিৰ্বাচনত কি দৰে বিহালী সমষ্টি বিজেপিৰ দখলত ৰাখিব পাৰি তাৰ ওপৰত ৰণ কৌশল প্ৰস্তুত কৰাৰ লগতে দলীয় কৰ্মী সকলে ৰাইজৰ মাজত গৈ বিজেপিয়ে যোৱা ৪ বছৰ কৰা উন্নয়ন মূলক কাম সমুহ দাঙি ধৰিবলৈ আহ্বান জনাই মন্ত্ৰী ৰঞ্জিত দত্তই ।

ইফালে সন্মিলনত উপস্থিত থাকে বিশ্বনাথৰ বিধায়ক প্ৰমোদ বৰঠাকুৰ, বিশ্বনাথ জিলাৰ সভাপতি দিগন্ত ঘাটোৱাৰকে ধৰি বহু কেইজন বিজেপি কৰ্মী।

টেঙাখাত আঞ্চলিক জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ মধ্যকালীন অধিৱেশনৰ সফল সামৰণি

অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ টেঙাখাত আঞ্চলিক সমিতিৰ মধ্যকালীন অধিৱেশন খনি ১৩ আৰু ১৪ ফেব্ৰুৱাৰী তাৰিখে টেঙাখাতৰ ৰাজহুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হৈ যায়।দুদিনীয়া কাৰ্যসুচীৰে অনুষ্ঠিত হোৱা এই অধিবেশনখনিৰ প্ৰথমদিনা সংগঠনটোৰ টেঙাখাত আঞ্চলিকৰ সভাপতি নন্দৰাজ বৰশইকীয়াই পতাকা উত্তোলন আৰু সাধাৰণ সম্পাদক পাৰ্থপ্ৰতিম কোঁৱৰে শ্বহীদ তৰ্পণ আৰু বন্তি প্ৰজ্বলন কৰি অনুষ্ঠানৰ শুভাৰম্ভ কৰে।এই অধিবেশনৰ লগত সংগতি ৰাখি আয়োজক সমিতিয়ে ছাত্ৰ ছাত্ৰী সকলৰ মাজত তৰ্ক প্ৰতিযোগিতা, চিত্ৰাংকন, কবিতা আবৃত্তি, কুইজ আদিৰো আয়োজন কৰা হয়।১৪ ফেব্ৰুৱাৰীৰ দিনা পুৱাই সংগঠনটোৰ তৰফৰ পৰা সাংস্কৃতিক শোভাযাত্ৰা উলিওৱা হয়।তাৰ পিছতে টেঙাখাত আঞ্চলিকৰ সভাপতি নন্দৰাজ বৰশইকীয়াই সভাপতিত্ব কৰা মুকলি সভাত আদৰণি ভাষণ প্ৰদান কৰে সাধাৰণ সম্পাদক পাৰ্থপ্ৰতিম কোঁৱৰে।এই মুকলি সভাত ডিব্ৰুগড় জিলাৰ সংগঠনটোৰ সভাপতি ভবেন সোনোৱালে অসমীয়া জাতিৰ সুৰক্ষাৰ স্বাৰ্থত সংগঠনটোৰ কৰণীয় আৰু ইতিহাস সম্পৰ্কে এক সুন্দৰ আলোচনা আগবঢ়ায়।এই সভাত আছু,সোনোৱাল কছাৰী ছাত্ৰ সন্থা আৰু বহু সংগঠনৰ বিষয়ববীয়া উপস্থিত থাকে।গধূলি অধিৱেশনত অনুষ্ঠিত হোৱা প্ৰতিযোগিতা সমূহৰ বটা বিতৰণ কৰাৰ লগতে এক আটকধুনীয়া সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰে টেঙাখাত আঞ্চলিকৰ বিষয়ববীয়া সকলে।

ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনক কেন্দ্ৰৰ কৰি উত্তপ্ত ডিব্ৰুগড় বিশ্ববিদ্যালয়

বিতৰ্কই লগ নেৰা হৈছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ক । এইবাৰ বিশ্ববিদ্যালয় খনৰ সাধাৰণ নিৰ্বাচনক কেন্দ্ৰ কৰি সোমবাৰে নিশা সৃষ্টি হ’ল উত্তপ্ত পৰিস্থিতিৰ। নিশা জ্যোতি বাটচ’ৰাত একাংশ অসন্তুষ্ট ছাত্ৰই সাব্যস্ত কৰে প্ৰতিবাদ।

স্নাতকোত্তৰ মহলা ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনক কেন্দ্ৰৰ কৰি পুনৰ কঁপি উঠে ডিব্ৰুগড় বিশ্ববিদ্যালয়। বিশ্ববিদ্যালয়ৰ সাধাৰণ নিৰ্বাচনৰ মনোনয়ন পত্ৰ প্ৰদানৰ অন্তিম দিন আছিল। দুপৰীয়া ২.৩০ বজাৰলৈকে মনোনয়ন পত্ৰ প্ৰদানৰ সময় ধাৰ্য কৰিছিল বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক বিভাগে।

কিন্তু অভিযোগ কৰা অনুসৰি একাংশ প্ৰাৰ্থীয়ে নিৰ্দিষ্ট সময়ত দাখিল কৰিব পৰা নাছিল মনোনয়ন পত্ৰ। যাৰ বাবে প্ৰাৰ্থীসকলৰ মাজত সংঘাত আৰম্ভ হয়। প্ৰশাসনিক বিভাগে একেদিনাই প্ৰাৰ্থীৰ নামো ঘোণা কৰাৰ কথা আছিল। কিন্তু বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক বিভাগে সঠিক সময়ত প্ৰাৰ্থী নাম ঘোষণা কৰাৰ পৰিৱৰ্তে সমগ্ৰ নিৰ্বাচনী প্ৰক্ৰিয়াৰ ৰহস্যজনকভাৱে পিছুৱাই দিয়াৰ বাবে একাংশৰ ছাত্ৰ ক্ষোভিত হৈ পৰে।

ইয়াৰ পিছতেই ক্ষোভিত ছাত্ৰ সকলে বিশ্ববিদ্যালয়ৰ জ্যোতি বাট’চৰাৰ সন্মুখত বহু নিশা পৰ্যন্ত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উল্লেখ্য যে, যোৱা দুবছৰে বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই অনুষ্ঠিত কৰিব পৰা নাই বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচন। ইফালে প্ৰতিবাদকাৰী ছাত্ৰসকলে এটা বিশেষ ছাত্ৰ সংগঠনলৈ অভিযোগৰ আঙুলি টোৱাইছে।

ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ উদ্যোগত গোলাঘাটত নাটক সমাৰোহৰ আয়োজন

ভাৰত চৰকাৰৰ সাংস্কৃতিক মন্ত্ৰনালয়ৰ অধীনৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়, নতুন দিল্লীৰ উদ্যোগত আৰু গোলাঘাট এমেচাৰ থিয়েটাৰ চ’চাইটিৰ সহযোগত চ’চাইটিৰ মঞ্চত অনুষ্ঠিত হ’ব নাট সমাৰোহ ।

অহা ২৪ ফেব্ৰুৱাৰীৰ পৰা আয়োজন কৰা নাট সমাৰোহ খনি ২৮ ফেব্ৰুৱাৰীলৈকে পাঁচদিনীয়াকৈ অনুষ্ঠিত হ’ব । নাট সমাৰোহ খনিৰ বিষয়ে কালি অনুষ্ঠিত এক সংবাদমেলত এই কথা প্ৰকাশ কৰে সমাৰোহৰ মুখ্য সমন্বয়ক ডা: মানস ৰয়ে । সমন্বয়ক গৰাকীয়ে সংবাদমেলত প্ৰকাশ কৰা অনুসৰি নাট সমাৰোহত ভাৰতৰ কেইবাগৰাকীও খ্যাতনামা নাট্যকাৰৰ নাটক মঞ্চায়ন কৰিব ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ৰ ৰেপাৰেটাৰী নাট্য দলে ।

ৰাষ্ট্ৰীয় ভাষা হিন্দীত মঞ্চায়ন হ’ব লগীয়া নাটক সমূহৰ সূচী  এনেধৰণৰ,  ২৪ ফেব্ৰুৱাৰীত নাটক ‘পেহলা সত্যাগ্ৰহী’ পৰিচালক প্ৰফেছাৰ সুৰেশ শৰ্মা । ২৫ ফেব্ৰুৱাৰীত নাটক ‘তাজমহল কি টেণ্ডাৰ’ পৰিচালক চিত্তৰঞ্জন ত্ৰিপাঠী । ২৬ ফেব্ৰুৱাৰীত নাটক  ‘জাত হী পুছৌ সাধু কি’ পৰিচালক ৰাজেন্দ্ৰ নাথ । ২৭ ফেব্ৰুৱাৰীত নাটক ‘খামোশী চিলি চিলি’ পৰিচালক প্ৰফেছাৰ সুৰেশ শৰ্মা আৰু ২৮ ফেব্ৰুৱাৰীত নাটক ‘বায়েন’  পৰিচালক ঊষা গাংগুলী  ।

উল্লেখিত ৫টা তাৰিখৰ প্ৰতি সন্ধিয়া ৬-৩০ বজাৰ পৰা নাটক মঞ্চস্থ কৰা হ’ব । কোনো প্ৰৱেশ পত্ৰৰ ব্যবস্থা নকৰা এই সমাৰোহত দৰ্শক সকলে বিনামুলীয়াকৈ নাটক উপভোগ কৰিব পাৰিব বুলি উল্লেখ কৰি সকলো নাট্য প্ৰেমী দৰ্শকক নিমন্ত্ৰণ জনাইছে সংবাদমেলৰ জৰিয়তে ।

সংবাদমেলত সমাৰোহৰ সমন্বয়ক ক্ৰমে ডা ; অজিত বৰুৱা, অনিল শৰ্মা, দীপমনি খাটনীয়াৰ, মৃদুল কাকতী, নিলোফাৰ -ই -মাহটাবী  উপস্থিত আছিল ।

অসম আৰক্ষী উপ-পৰিদৰ্শকৰ পৰীক্ষাৰ ফলাফল ঘোষণা

অৱশেষত ঘোষণা কৰা হ’ল অসম আৰক্ষী উপ-পৰিদৰ্শকৰ পৰীক্ষাৰ ফলাফল। ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি ব’ৰ্ডে উপ-পৰিদৰ্শকৰ (ইউ বি) ৫৯৭টা পদৰ বাবে অনুষ্ঠিত কৰা পৰীক্ষাৰ ফলাফল ঘোষণা কৰিলে। এই ফলাফলত ৫৯৭ পদত ৪১৮ জন পুৰুষ আৰু ১৭৯ গৰাকী মহিলা পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে।

উল্লেখ্য যে, ২০ ছেপ্তেম্বৰত প্ৰথমটো পৰীক্ষা অনুষ্ঠিত হোৱাৰ কিছু সময়ৰ ভিতৰতেই পৰীক্ষাৰ প্ৰশ্ন কাকত ফাদিল হৈছিল। যাৰ ফলত বাতিল হৈছিল প্ৰথমটো পৰীক্ষা। ইয়াৰ পাছত প্ৰশ্নকাকত ফাদিলক লৈ কঠোৰ হৈছিল মুখ্যমন্ত্ৰী সোণোৱাল। এই প্ৰশ্ন কাকত ফাদিলক লৈ কৰা তদন্তত ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ হৈছিল পি কে দত্ত, দিবন ডেকাকে ধৰি আৰক্ষীৰ শীৰ্ষ বিষয়া কুমাৰ সঞ্জীত কৃষ্ণ। 

ইফালে এই তদন্ত প্ৰক্ৰিয়া চলি থকাৰ মাজতেই পুনৰ নিকা পদ্ধতিৰে ২২ নৱেম্বৰত অনুষ্ঠিত হৈছিল নিযুক্তি পৰীক্ষা। মুখ্যমন্ত্ৰীৰ তৎপৰতাত সম্পূৰ্ণ নিকা পদ্ধতিৰে পৰীক্ষাৰ ফলাফল ঘোষণাৰ পাছতেই চৰকাৰৰ ক্ষীপ্ৰ পদক্ষেপত বিভিন্ন জনে এতিয়া শলাগ লোৱাৰ লগতে উত্তীৰ্ণ প্ৰাৰ্থীসকলে সন্তুোষ প্ৰকাশ কৰিছে।

দুলীয়াজানত অইলৰ তেল চোৰৰ দপদপনি অব‍্যাহত, আৰক্ষীৰ অভিযানত ১২ হাজাৰ লিটাৰ চোৰাং খাৰুৱাতেলসহ টেংকাৰ জব্দ

দুলীয়াজানত অইল ইণ্ডিয়া লিমিটেডৰ পনীয়া সোণৰ চোৰাং ব্যৱসায় অব্যাহত আছে । এই ক্ষেত্ৰত চোৰক নাকি লগোৱাত ব্যৰ্থ অইল নিৰাপত্তা বিভাগ । নিশা নাওশলীয়া আৰক্ষীয়ে অৰ্তকিতে অভিযান চলাই চোৰাং খাৰুৱাতেল সৰবৰাহ কৰা এখন টেংকাৰ জব্দ কৰিবলৈ সক্ষম হয় । নাওশলীয়া আৰক্ষী চকীৰ এটা আৰক্ষী দলে মধুবন অঞ্চলত অৰ্তকিতে অভিযান চলাই এ এছ ০১ টি ৪৭৯৯ নম্বৰৰ খাৰুৱাতেল পৰিবাহী এখন টেংকাৰ জব্দ কৰিবলৈ সক্ষম হয় । ঘটনাস্থলীত আৰক্ষীৰ অভিযানকাৰী দলটোৰ উপস্থিতিৰ উমান পাই ঘটনাস্থলীৰ পৰা টেংকাৰৰ চালক আৰু সহযোগী পলায়ণ কৰিবলৈ সক্ষম হয় । অৱশ্যে অভিযানকাৰী দলটোৱে তিনিচুকীয়াৰ অশোক মাহাতু (৩২) নামৰ লোকজনক হাতে-লোটে আটক কৰিবলৈ সক্ষম হয় । পিছত আৰক্ষীয়ে তদন্ত কৰি অশোক মাহাতুক ডিব্ৰুগড় কাৰাগাৰলৈ নিক্ষেপ কৰে । শেহতীয়াকৈ আৰক্ষীৰ তদন্তত কেতবোৰ  তথ্য পোহৰলৈ আহিছে ‌। জব্দ কৰা সময়ত  টেংকাৰখনত এ এছ ০১ টি ৪৭৯৯ নম্বৰৰ প্লেট লাগি আছিল যদিও  টেংকাৰখনত এন এল ০৫ জি ০৫৮১ নম্বৰৰ বুলি আৰক্ষীয়ে নিশ্চিত কৰিছে । ইফালে আৰক্ষীয়ে জব্দ কৰা টেংকাৰখনৰ ১২ হাজাৰ লিটাৰ খাৰুৱাতেল অইল কৰ্তৃপক্ষক চমজাই দিয়াৰ লগতে খাৰুৱাতেলৰ নমুনা সংগ্ৰহ কৰি নমুনা পৰীক্ষাৰ বাবে ফৰেনচিকলৈ প্ৰেৰণ কৰে ।
ইফালে জব্দ হোৱা টেংকাৰখনত অইল ইণ্ডিয়া লিমিটেডৰ ১২ হাজাৰ লিটাৰ খাৰুৱা তেল মজুত আছিল । আৰক্ষীয়ে ঘটনা সৰ্ন্দভত দুলীয়াজান আৰক্ষী থানাত ৬৮/২০২১ নম্বৰৰ এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।

বিশ্বত্ৰাস ক’ভিডত স্ব-গৃহলৈ উভতি অহা এচাম নিবনুৱা যুৱকে আৰম্ভ কৰিছে “হেল্ল’ শইকীয়া

বিশ্বব্যাপী কৰ’না অতিমাৰীয়ে ত্ৰাসৰ সৃষ্টি কৰাৰ সমান্তৰালকৈ নিবনুৱা সমস্যাৰো বৃদ্ধি কৰিলে। অসমৰ অন্য এক অৰ্থনৈতিক অন্তৰায় হৈছে নিবনুৱা সমস্যা।  ৰাজ্যৰ বাহিৰত বহু অসমীয়া যুৱক কৰ্মৰত হৈ স্বাৱলম্বীতাৰ পথ বাছি লৈছিল। যদিও ভূতৰ ওপৰত দানৱ পৰাদি সমগ্ৰ ভাৰতবৰ্ষত  ক’ভিড – ১৯ য়ে ত্ৰাসৰ সৃষ্টি কৰাত এইসকল যুৱক নিজ ৰাজ্যলৈ ঘূৰি আহিবলৈ বাধ্য হৈছিল। চৰকাৰে এই সকল যুৱকক কৰ্মসংস্থাপন দিয়াৰ কথা ঘোষণা কৰিছিল যদিও সেয়া কেৱল ঘোষণাতে আৱদ্ধ হ’ল।

বৰ্হিৰাজ্যত কোম্পানীৰ চাকৰি কৰি একোখনকৈ ঘৰ চলাই থকা যুৱকসকলৰ এতিয়া যেন পানীত হাঁহ নচৰা এক অৱস্থা । তেনেসময়তে চেন্নাইত কৰি অহা অভিজ্ঞতাৰে গোলাঘাটৰ শালিকীহাট কানিমহল চাৰিআলিত উদ্যমী যুৱক বিক্ৰম শইকীয়াৰ উদ্যোগত প্ৰায় ১৫ জন নিবনুৱা যুৱকে আৰম্ভ কৰিছে এক নতুন চিন্তাৰ ব্যৱসায়। হেল্ল’ শইকীয়া চাৰ্ভিছ ।

এই প্ৰতিষ্ঠানৰ  যোগেদি বৰ্তমান সময়ৰ লগত খাপ খুৱাই বিভিন্ন কৰ্মৰ যোগেদি মানুহক সহায় কৰি স্বাৱলম্বী হবলৈ প্ৰচেষ্টা লৈছে।পুনৰ সংস্থাপিত হোৱাৰ এক নতুন ধাৰণা । এই সেৱাত উপলব্ধ হ’ব বিয়া-সৱাহ বা   যিকোনো সভা -সমিতি , অনুষ্ঠানৰ যাৱতীয় সকলো সা-সুবিধা, বাজেট নিৰ্ধাৰণ, যাতায়ত, গৃহ সজ্জা, ৱাল পেইন্টিং, শ্ৰমিক যোগান, বিদ্যালয়-মহাবিদ্যালয়ৰ বিভিন্ন অনুষ্ঠান, ফ’টগ্ৰাফী, ভিডিঅ’গ্ৰাফী, ই- টিকট যোগাযোগ আদি।

বৰ্তমান সময়ৰ অভাৱত মানুহৰ বাবে আগবঢ়োৱা এখনি সহায়ৰ হাত হেল্ল’ শইকীয়া চাৰ্ভিছ । ইয়াৰ যোগেদি আপুনি-আমি লাভাম্বিত হোৱাৰ লগতে এদল নিবনুৱাৰ স্বাৱলম্বীতাৰ বাট মুকলি হব। এক নতুন উদ্যমেৰে দেওবাৰে এই প্ৰতিষ্ঠানটো মুকলি কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় সম্পাদক বিদ্যুৎ শইকীয়াই লগত উপস্থিত থাকে সমাজকৰ্মী জিতুল হাজৰিকা। এই যাত্ৰাত হেল্ল’ শইকীয়াৰ সকলো কৰ্ম-কৰ্তাই গোলাঘাটবাসীৰ সহায়- সহযোগ কামনা কৰিছে।

হোজাইৰ কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ

নিৰ্বাচনৰ দিন চমূ চাপি অহাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তত অবিৰত যাত্ৰা অব্যাহত ৰাখিছে মূখ্য মন্ত্ৰী, চৰকাৰে কৰা উন্নয়নমূলক কাম সমূহৰ  আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰাত ব্যস্ত হৈ পৰিছে তেওঁ। দেওবাৰে হোজাইত কেইবাটাও চৰকাৰী তথা দলীয় কাৰ্যসূচী লৈ উপস্থিত হয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল। পোনপ্ৰথমতে দিনৰ প্ৰায় ১:১০ বজাত বিহুতলী ৰাজহুৱা খেলপথাৰত অৱতৰণ কৰে মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ।

ইয়াৰ পৰা পোনে পোনে ৰাওনা হয় শিলিগুৰি বস্তিৰ শ্রীশ্রী বৃদ্ধপ্ৰভু আশ্রমত অনুষ্ঠিত হোৱা দলীয় পৃষ্ঠাপ্ৰমুখ সন্মিলনত। সৰ্বপ্ৰথমে উক্ত স্থানত চলি থকা পঞ্চায়ত মেলাৰ প্ৰদৰ্শনীমূলক বিপণীসমূহ পৰিদৰ্শন কৰে। ইয়াৰ পিছত কেবাটাও উন্নয়নমূলক কামৰ আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে সৰ্বানন্দ সোনোৱালে।

অসম চৰকাৰৰ মৈত্ৰী আঁচনিৰ অধীনত নিৰ্মান সম্পন্ন হোৱা হোজাই আৰক্ষী থানাৰ নৱনিৰ্মিতি ভৱনৰ শুভ উদ্বোধন কৰাৰ লগতে ভাৰ্চুৱেল পদ্ধতিৰে পশ্চিম কাৰ্বিআংলং জিলাৰ হামৰেন থানা, যোৰহাটৰ পুলিবৰ আৰক্ষী থানা আৰু চৰাইদেও জিলাৰ সুনাৰী আৰক্ষী থানা উদ্বোধন কৰে।

এই উপলক্ষে আয়োজিত সভাত ভাষণ প্ৰদান কৰি মূখ্য মন্ত্ৰীয়ে কয় যে আৰক্ষী থানাৰ আন্তঃগাথঁনি উন্নয়নকে ধৰি আৰক্ষী বাহিনী শক্তিশালী কৰণৰ বাবে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা পদক্ষেপৰ বাবে অসম আৰক্ষী আজি উল্লেখযোগ্য সফলতা দেখুৱাবলৈ সক্ষম হৈছে। ভাষণত আৰক্ষীক জনসাধাৰনৰ সেৱা আগবঢ়াবলৈ আহ্বান জনায়। নিজৰ ভাষণ প্ৰসংগত বিধায়ক শিলাদিত্যই সমষ্টিত বহু উন্নয়ন সাধন কৰিবলৈ সক্ষম হৈছে বুলি কোৱাৰ লগতে তেওঁক আৰ্শীবাদ প্ৰদাণ কৰি যাবলৈ আহ্বান জনায়।


অনুষ্ঠানত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তই আদৰণি ভাষণ প্ৰদান কৰা উক্ত সভাত স্থানীয় বিধায়ক দ্বয় ক্ৰমে শিলাদিত্য দেৱ আৰু শিবু মিশ্র, অসম পৰ্য্যটন উন্নয়ন নিগমৰ অধক্ষ্য জয়ন্ত মল্ল বৰুৱা, অসম আৰক্ষীৰ গৃহ নিৰ্মান নিগমৰ পৰিচালন সঞ্চালক অৰবিন্দ কলিতা, হোজাই জিলাৰ উপায়ুক্ত, আৰক্ষী অধীক্ষককে ধৰি শীৰ্ষ বিষয়া সকল উপস্থিত আছিল।

পৰৱৰ্তী সময়ত ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়ত উপস্থিত হৈ বিশ্ববিদ্যালয়ৰ কলা ভৱন নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰাৰ ওপৰিও নেতাজী সুভাষ চন্দ্ৰ বসুৰ নামেৰে নামাকৰণ কৰা  ইণ্ড’ৰ ষ্টেডিয়াম আৰু নীলবাগান – হোজাই সংযোগী পথটি ৰাইজৰ বাবে উচৰ্গা কৰে।

শেষৰ কাৰ্য্যসূচীত মুখ্যমন্ত্ৰীৰ হৈ হোজাই সমষ্টিৰ বিধায়ক শিলাদিত্য দেৱ আৰু লামডিং সমষ্টিৰ শিবু মিশ্ৰই যৌথ ভাবে জোৰাপুখুৰী – হোজাই সংযোগী পথৰ শুভ উদ্বোধন কৰাৰ লগতে ভূমি সংৰক্ষণ বিভাগৰ এক প্ৰকল্পৰও আধাৰশিলা স্থাপন কৰে।

মূখ্যমন্ত্ৰী ভ্ৰমনৰ বাবে হোজাইত আৰক্ষীৰ কতকতীয়া নিৰাপত্তা বেষ্টনী গঢ়োতোলা হৈছিল। দলীয় কাৰ্য্যকৰ্তাসকলে নিজৰ প্ৰিয় মূখ্য মন্ত্ৰীক কাষৰ পৰা চাবলৈ অসংখ্য লোক শিলিগুৰি বস্তিৰ উক্ত পৃষ্ঠা প্ৰমূখ সন্মিলনত ভিৰ কৰা পৰিলক্ষীত হয়।