ৰাজ্যৰ দ্বাদশ শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে এটা বিশেষ খবৰ। অনলাইনত উপলব্ধ হৈছে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পাঠ্যক্ৰমৰ পাঠ্যপুথিসমূহ। এক জাননীৰ জৰিয়তে এই কথা জনালে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদ চমুকৈ AHSECয়ে।AHSECৰ অফিচিয়েল ৱেবছাইটত আপলোড কৰা হৈছে পাঠ্যপুথিসমূহ। শিক্ষাৰ্থীসকলক www.ahsec.nic.in যোগে পাঠ্যপুথিসমূহ ডাউনলোড কৰিবলৈ আহ্বান AHSECৰ।
একচন আৰম্ভ: নগাঁৱৰ আৰক্ষী অধীক্ষকৰ দায়িত্ৱ লৈয়েই ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে অভিযান আইপিএছ আনন্দ মিশ্ৰৰ
নতুনকৈ নগাঁও জিলাৰ আৰক্ষী অধীক্ষকৰ দায়িত্ৱ লোৱাৰ পাছতে ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে এছ পি আনন্দ মিশ্ৰৰ অভিযান।নগাঁৱৰ বটদ্ৰৱাত ব্ৰাউন ছুগাৰ আৰু হেৰ’ইনসহ আটক কৰিলে ড্ৰাগছ সৰবৰাহকাৰীক।বটদ্ৰৱাৰ কদমনিত আটক চিৰাজুল ইছলাম নামৰ এটা ড্ৰাগছ সৰবৰাহকাৰী। ৩২গ্ৰাম হেৰ’ইন আৰু ১২পেকেট ব্ৰাউন ছুগাৰ জব্দ কৰে চিৰাজুলৰ পৰা।নৱনিযুক্ত আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ নেতৃত্ৱত নগাঁও ড্ৰাগছমুক্ত হ’ব বুলি আশা কৰিছে জিলাবাসীয়ে।

৪৬ নং ৰাঙ্গাপানী গাঁও পঞ্চায়তৰ সভানেত্ৰী ৰংফুল নেচাৰ লুণ্ঠনৰ বিৰুদ্ধে ৰাইজৰ উত্তাল প্ৰতিবাদ
বকো বিধান সভা সমষ্টিৰ ছমৰীয়া উন্নয়ন খণ্ডৰ অন্তৰ্গত বিভিন্ন পঞ্চায়তত একাংশ ঠিকাদাৰৰূপী জনপ্ৰতিনিধিয়ে পঞ্চায়তী কাম-কাজত লুণ্ঠন চলাবলৈ আৰম্ভ কৰা আৰু সংশ্লিষ্ট বিভাগক সেই লুণ্ঠনৰ অভিযোগ একাংশই বাৰম্বাৰ দিয়া স্বত্বেও ফল নধৰাত বিবুদ্ধিত পৰিছে ৰাইজ। শেহতীয়াকৈ ৪৬ নং ৰাঙ্গাপানী গাঁও পঞ্চায়ত সভানেত্ৰী ৰংফুল নেছাৰ বিৰুদ্ধে একাংশই দুৰ্নীতিৰ অভিযোগ আঙুলিয়াই আ্ৰতিবাদ সাৱ্যস্ত কৰাটোৱে তাকেই প্ৰতিপন্ন কৰিছে। আজি ৪৬ নং ৰাঙ্গাপানী গাঁও পঞ্চায়তত পঞ্চায়ত সভানেত্ৰীৰ কালভাৰ্ট নিৰ্মানৰ কামত ব্যাপক দুৰ্নীতি হোৱা বুলি অভিযোগ তুলি ৰাইজে এক প্ৰতিবাদ সাৱ্যস্ত কৰে। প্ৰাপ্ত অভিযোগ মৰ্মে-৪৬ নং ৰাঙ্গাপানী গাঁও পঞ্চায়তৰ ৮ নং ৱাৰ্ডত কালভাৰ্ট এটাৰ বাবদ ৩ লাখ টকাৰ আবণ্টন কৰা হৈছিল ,সেইমৰ্মে কালভাৰ্টৰ কামো সম্পূৰ্ণ হৈ উঠিল যদিও অতি নিম্নমানৰ। মুঠ ৩ লাখ টকাৰ মাত্ৰ ৯০ হাজাৰ মান টকাৰে কালভাৰ্টৰ কাম কৰি বাকী ২ লাখ ১০ হেজাৰ টকা পঞ্চায়ত সভানেত্ৰী ৰংফুল নেছাই উদৰস্থ কৰা বুলি অভিযোগ উত্থাপন কৰিছে ৰাইজে |আনহাতে ছমৰীয়া উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া গৰাকীক সভানেত্ৰী গৰাকীৰ দুৰ্নীতি-অনিয়ম সন্দৰ্ভত ৰাইজে বাৰম্বাৰ অভিযোগ দাখিলৰ পাছতো কোনো ধৰণৰ গুৰুত্ব নিদিয়া বুলিও ৰাইজে অন্য এক অভিযোগ উত্থাপন কৰে। আনকি আজি অঞ্চলটোৰ এখন ফুটব্ৰীজ নিৰ্মানৰ দুৰ্নীতিৰ অভিযোগৰ তদন্তৰ বাবে প্ৰথমে খণ্ড উন্নয়ন বিষয়া গৰাকী ৰাঙ্গাপানীলৈ যোৱাৰ কথা থকা স্বত্বেও সেই স্থানলৈ নগৈ মাহতলীৰ পৰা উভতি যোৱা খৱৰ পাই ৰাঙ্গাপানীৰ সচেতন ৰাইজে ক্ষোভ উজাৰিছে। ৰৰইজে আজি পঞ্চায়ত সভানেত্ৰী ৰংফুল নেছাৰ কালভাৰ্ট নিৰ্মানত ব্যাপক দুৰ্নীতি সংঘটিত হোৱাৰ অভিযোগ তুলি শীঘ্ৰে তদন্তৰ দিহাৰে নিয়মানুসাৰে কৰ্মসম্পাদনৰ দাবী জনাইছে।
টীয়কত পানীৰ তলত নবনিৰ্মিত ৰাষ্ট্ৰীয় ঘাইপথ,বাৰিষাৰ আৰম্ভণিতে চপৰা চপৰে এৰাইছে ব্লেকটপিং
কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনিৰ অধীনত ৰাষ্ট্ৰীয় ঘাই পথ সম্প্ৰসাৰণৰ কাম ২০১৪ চনতে আৰম্ভ হৈছিল যদিও আজি পৰ্যন্ত সম্পূৰ্ণ হৈ উঠা নাই।বিগত সময়ত বিভিন্ন বহুজাতিক প্ৰতিস্থানে নিৰ্মাণৰ কাম অব্যাহত ৰাখিছিল আৰু শেহতীয়াকৈ লিংকন এণ্ড ডিগ্নিটি নামৰ এক ঠিকাদাৰ প্ৰতিষ্ঠানে যোৰহাট বাইপাছৰ পৰা জাঁজীলৈকে কামৰ দ্বায়িত্ব লৈছিল।কিন্তু লিংকনৰ কামত যথেষ্ট আসোঁৱাহ প্ৰত্যক্ষ কৰি বিভিন্ন সময়ত টীয়কৰ দল সংগঠন সচেতন ৰাইজে উৰ্ধতম কৰ্তৃপক্ষক অভিযোগ উত্থাপিত কৰিছিল।শেহতীয়াকৈ উৰ্ধতম কৰ্তৃপক্ষৰ লগত টীয়কৰ সচেতন সমাজ এক বৈঠকত মিলিত হৈ প্ৰতিস্থানটোৱে কৰা প্ৰতিটো কামৰ আসোঁৱাহ আঙুলিয়াই দিছিল আৰু কৰ্তৃপক্ষও পুণৰীক্ষণৰ আশ্বাস দিছিল যদিও কাৰ্যত সকলো ফোটোকাৰ ফেনত পৰিণত হৈছে।এই দৃশ্য টীয়কৰ জগদুৱাৰ তিনিআলিৰ।নৱনিৰ্মিত পথৰ ওপৰত এজাক বৰষুণতে বানপানী।ৰাইজে নিৰ্মাণৰ সময়ত বাৰম্বাৰ অভিযোগ দিছিল যে পূৰ্বৰ পথতকৈ নৱনিৰ্বাচিত পথটোৰ উচ্চতা কম হোৱাৰ বাবে বাৰিষা কৃত্ৰিম বাণপানী হোৱা আশংকা থাকিব।তৎসত্তেও প্ৰতিস্থানটোৱে ৰাইজৰ অভিযোগৰ প্ৰতি কাণসাৰ নিদি কাম চলাই নিছিল।ৰাইজৰ অভিযোগ আজি আখৰে আখৰে প্ৰতিফলন ঘটিছে সমগ্ৰ টীয়ক নগৰত।সেয়ে এইবাৰ নৱনিৰ্বাচিত মুখ্যমন্ত্ৰীগৰাকীক উক্ত কাম-কাজত নিজে হস্তক্ষেপ কৰি চৰকাৰী ধনৰ সদব্যৱহাৰ কৰি ৰাইজক উপহাৰ দিবলৈ আহ্বান জনাইছে।
অসমত ব্লেক ফাংগাছত আক্ৰান্ত ৰোগীৰ মৃত্যু
নগাঁৱৰ ধিঙৰ চমুৱাগাঁৱৰ যুৱকজনৰ নাম পলমণি বৰা৷* পুৱা ৬ বজাত এপল’ হাস্পতালত মৃত্যু হয় যুৱক জনৰ |
নাজিৰা মহকুমাধিপতিৰ মহকুমাৰ অন্তৰ্গত চাহ বাগানত পৰিভ্ৰমণ : যুদ্ধকালীন প্ৰস্তুতিৰে ক’ভিড কেয়াৰ চেণ্টাৰ নিৰ্মাণৰ নিৰ্দেশ
নাজিৰা মহকুমাত ক’ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাই অহাৰ পৰিপ্ৰেক্ষিতত মহকুমা প্ৰশাসনৰ তৎপৰতা বাঢ়ি আহিছে। মহকুমাধিপতি লখিমী দত্তই নাজিৰা মহকুমা অন্তৰ্গত বিভিন্ন চাহ বাগান সমূহ নিজেই পৰিদৰ্শন কৰে আৰু ক’ভিডৰ বিষয়ে বুজ লোৱাৰ উপৰিও বাগান সমূহৰ প্ৰবন্ধক সকলৰ সৈতে এক আলোচনাত মিলিত হয়। এই আলোচনাত মহকুমাধিপতি গৰাকীয়ে বহু সংখ্যক গুৰুত্বপূৰ্ণ পদক্ষেপ হাতত তুলি লয়। তেখেতে স্পষ্ট ভাষাত প্ৰবন্ধক সকলক ক’ভিড পৰিস্থিতিৰ সন্দৰ্ভত সষ্টম হৈ উঠিবলৈ আহ্বান জনায়। লগতে বাগান সমূহ তথা বাগানৰ কৰ্মকৰ্তাৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত অধিক মনোনিবেশ কৰিবলৈ মহকুমাধিপতি গৰাকীয়ে পৌৰসভাৰ কাৰ্য্যবাহী বিষয়া সুজাতা গগৈক চাহ বাগানৰ নদেল বিষয়া হিচাপে দায়িত্ব অৰ্পণ কৰে। তদুপৰি তেখেতে বাগানৰ প্ৰবন্ধক সকলক ক’ভিড সম্পৰ্কীয় ব্যৱস্থাৱলী সমূহ যেনে – দ্ৰুত গতিত ক’ভিদ কেয়াৰ চেণ্টাৰ নিৰ্মাণ কৰা, সামাজিক সংক্ৰমণ ৰোধ কৰিবলৈ নিৰৱিচ্ছিন্ন ভাৱে ক’ভিড পৰীক্ষা সম্পন্ন কৰা, চাহ বাগানৰ কৰ্মী সন্থাৰ সৈতে ক’ভিদ মনিতৰিং কমিটি ( monitoring committee)গঠন কৰা, নিয়মীয়াকৈ সজাগতা মূলক সভা অনুষ্ঠিত কৰা, বাগানৰ মজদুৰ সকলৰ ভ্ৰমণ সন্দৰ্ভত নিৰীক্ষণ কৰা ইত্যাদি, যুদ্ধকালীন প্ৰস্তুতিৰে সম্পন্ন কৰিবলৈ আহ্বান জনায়। মহকুমাধিপতি লখিমী দত্তই কয় যে – “নাজিৰা মহকুমাত ২২ খন কৈ চাহ বাগান থকাৰ পৰিপ্ৰেক্ষিতত আমাৰ সন্মুখত যি প্ৰত্যাহ্বান আছে, সেই সকলোখিনি আমাৰ সংশ্লিষ্ট পক্ষই মুখামুখি হৈ সমাধান কৰিবলৈ সাজু হৈছে। মই নিজেই বাগান সমূহ পৰিভ্ৰমণ কৰিছোঁ আৰু লবলগীয়া ব্যৱস্থা সমূহৰ বিষয়ে প্ৰবন্ধক সকলৰ লগত আলোচনা কৰিছোঁ। বাগানৰ কোনো লোক ক’ভিডত আক্ৰান্ত হলে তেওঁলোকক যাতে তাৎক্ষণিক ভাৱে ক’ভিড কেয়াৰ চেণ্টাৰত ভৰ্তি কৰাব পাৰি তাৰ বাবে ক’ভিড কেয়াৰ চেণ্টাৰৰ প্ৰস্তুতি ক্ষিপ্ৰতাৰে কৰিবলৈ নিৰ্দেশ দিছোঁ।” সহকাৰী আয়ুক্ত তন্মই চেতিয়াই জানিবলৈ দিয়া মতে নাজিৰা মহকুমা অন্তৰ্গত চাহ বাগান সমূহত ১৮ মে’ পৰ্য্যন্ত মুঠ ১২ জন ব্যক্তি ক’ভিডত আক্ৰান্ত হৈছিল, তাৰে ৩ জন আৰোগ্য লাভ কৰাৰ ফলত আজিৰ তাৰিখত ৯ জন ব্যক্তি ক’ভিডত আক্ৰান্ত হৈ আছে। উল্লেখ্য যে, চাহ বাগান সম্পৰ্কীয় তথ্যৰ বাবে নদেল বিষয়া সুজাতা গগৈক যোগাযোগ কৰিব পাৰে বুলি মহকুমাধিপতি লখিমী দত্তই জানিবলৈ দিয়ে।

মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত আজি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকে নিম্নোল্লিখিত সিদ্ধান্তসমূহ গ্ৰহণ কৰে।
1) ভৱিষ্যতে ক’ভিড ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত অক্সিজেনৰ যাতে অভাৱ নহয় তাৰবাবে কেবিনেটে সিদ্ধান্ত লয় যে-
➡️ নতুনকৈ স্থাপন কৰা অক্সিজেন উৎপাদন উদ্যোগলৈ ১০০% বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ’ব।
➡️ বন্ধ হৈ থকা অক্সিজেন উৎপাদন উদ্যোগ পুনৰ মুকলি কৰিলেও ১০০% বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ’ব।
➡️ বৰ্তমান চলি থকা এনে উদ্যোগৰ সম্প্ৰসাৰণৰ ক্ষেত্ৰতো ১০০ শতাংশ বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ’ব।
➡️ ইতিমধ্যে উৎপাদন চলাই থকা অক্সিজেন উৎপাদন উদ্যোগসমূহলৈ ২০ শতাংশ বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ’ব।
➡️ এই সিদ্ধান্তসমূহ ১ জানুৱাৰী, ২০২১ৰ পৰা কাৰ্যকৰী হ’ব যদিও বিত্তীয় বৰ্ষ হিচাপে ১ এপ্ৰিল, ২০২১ৰ পৰা ৩১ মাৰ্চ, ২০২২ প্ৰযোজ্য হ’ব।
2) বিটিআৰ প্ৰধানৰ লগতে কাৰ্বি আংলং আৰু ডিমা হাচাও স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্যসকলক কেবিনেট পদমৰ্যাদা প্ৰদানৰ বাবে কেবিনেটে সিদ্ধান্ত লয়।
3) অধিবক্তা দেৱজিৎ শইকীয়াক ৰাজ্যৰ মহাধিবক্তা হিচাপে নিযুক্তি প্ৰদানৰ সিদ্ধান্ত গ্ৰহণ।
4) ইতিমধ্যে বৰ্তি থকা তত্বাৱধায়ক মন্ত্ৰীৰ নামৰ পৰিৱৰ্তন কৰি অভিভাৱক মন্ত্ৰী কৰিবলৈ সিদ্ধান্ত গ্ৰহণ। অভিভাৱক মন্ত্ৰীসকলে জিলাখনৰ উন্নয়নৰ সকলো দিশ তদাৰক কৰিব।
মানাহ ৰাষ্ট্ৰীয় উদ্যানত গঁড়ৰ মৃত্যু
প্ৰকৃতিপ্ৰেমী সকলৰ বাবে দুখবৰ। বুধবাৰে পুৱতি নিশা বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানত এজনী গঁড়ৰ মৃত্যু হয় । খবৰ পোৱা অনুসৰি, ৰাষ্ট্ৰীয় উদ্যানখনৰ বাঁহবাৰী বনাঞ্চলত আন গড়ৰ আক্ৰমণত মৃত্যু হয় ৰাষ্ট্ৰীয় উদ্যানখনৰ ২২ নম্বৰ মাইকী গঁড়জনীৰ। উল্লেখ্য যে ১৪ এপ্ৰিলত পবিতৰাৰ পৰা অনা হৈছিল মাইকী গঁড়জনী ।পূৰ্বৰে পৰা আঘাতপ্ৰাপ্ত হৈ আছিল গঁড়জনী । ৰাষ্ট্ৰীয় উদ্যানখনৰ বনাঞ্চলত নতুনকৈ প্ৰৱেশ কৰা বাবে পুৰণি গঁড়ৰ আক্ৰমণত এই গঁড়জনীৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে বন বিষয়া বাবুল ব্ৰহ্মই।
পিছত ঘটনাস্থলীত ৰাষ্ট্ৰীয় উদ্যানখনৰ উপ সঞ্চালক ৰঘুনাথ বড়ো, বাহাবাৰী বনাঞ্চলিক বিষয়া বাবুল ব্ৰহ্ম, চিকিৎসক প্ৰভাত বসুমতাৰীৰ লগতে ডব্লিউ ডব্লিউ এফৰ দল উপস্থিত হৈ মৰনোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰে গঁড়জনীক ।
ক’ভিড আক্ৰান্তৰ মৃত্যুক কেন্দ্ৰ কৰি খুমটাই চাহ বাগিচাত উত্তপ্ত পৰিস্থিতি
আজি পুৱাৰ ভাগত গোলাঘাটৰ খুমটাই চাহ বাগিচাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হ’য় । খুমটাই চাহ বাগিচাৰ ক্ষুব্ধ শ্ৰমিকে ঘেৰাও কৰিলে বাগিচাৰ মুখ্য কাৰ্যালয়। বাগিচা খনত কৰ্মৰত এগৰাকী মহিলা শ্ৰমিক ক’ভিড -১৯ ৰোগত আক্ৰান্ত হৈ মৃত্যু হোৱাৰ পিছতেই বাগিচা কৰ্তৃপক্ষৰ বিৰুদ্ধে উত্তেজিত হৈ পৰে শ্ৰমিক সকল। ক’ভিড পজিটিভত আক্ৰান্ত হৈ মৃত্যু হোৱা মহিলা গৰাকীৰ নাম বিনু কৰ্মকাৰ। মৃত শ্ৰমিক গৰাকী উপযুক্ত চিকিৎসা নোপোৱাৰ বাবে মৃত্যু হোৱাৰ অভিযোগ তুলিছে ক্ষুদ্ধ শ্ৰমিক সকলে । যোৱা ১৪ মে’ত মহিলা গৰাকীৰ শৰীৰত ধৰা পৰিছিল ক’ভিড পজিটিভ। তেতিয়াৰ পৰাই হ’ম আইছ’লেশ্যনত আছিল মহিলা গৰাকী। বুধবাৰে পুৱতি নিশা মহিলা গৰাকী উশাহ-নিশাহ লোৱাত অসুবিধা পাই মৃত্যু বৰণ কৰে। বাগিচা কৰ্তৃপক্ষৰ লগতে চৰকাৰৰ বিৰুদ্ধে ক্ষোভ প্ৰকাশ বাগিচাৰ শ্ৰমিক সকলৰ। শ্ৰমিক সকলৰ দাবী যে এনে পৰিস্থিতিত বাগিচাখনৰ শ্ৰমিক সকলে এতিয়া কেনেধৰণে মোকামিলা কৰিব ।
ওৰাঙত অতি উদ্বেগজনক ভাবে বৃদ্ধি পাইছে ক’ভিড পজিটিভৰ সংখ্যা ৩২২ ,মৃত্যু-৫
সমগ্ৰ অসমৰ লগতে ওদালগুৰি জিলাৰ ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনস্থ ওৰাং,মাজবাট,ৰৌতা আদি এলেকা,অঞ্চল সমুহত কভিড ১৯ মহামাৰী উদ্বেগজনক ভাবে তীব্ৰ গতিত বৃদ্ধি পাব ধৰিছে । জিলা খনৰ ৭০নং মাজবাট বিধান সভা সমষ্টিৰ অন্তৰ্গত ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্ত্ৰত যোৱা ২০এপ্ৰিলৰ পৰা ১৮মে লৈকে প্ৰায় ৩ হেজাৰ গৰাকী ব্যক্তিক ক’ভিড ১৬৫৬ গৰাকী ক ৰেপিড টেষ্ট কৰা হৈছিল । এই টেষ্টত ৩২২ গৰাকী লোকৰ শৰীৰত কভিড ১৯ ৰ পজিটিভ ধৰা পৰে ।
এই সময় চোৱাত স্বাস্থ্য বিভাগে ২৫৯ গৰাকীক হোম আইশ্যলেশ্যন , ১৭৫ গৰাকীক একটিভ হোম আইশ্যলেশ্যন আৰু ৬৩ গৰাকীক ক’ভিড বাকী অন্যন্য চিকিৎসালয় লৈ প্ৰেৰণ কৰিছে ।
ইতিমধ্যে মাজবাটৰ চুলেমান আলী, কৰ্ন প্ৰসাদ উপাধ্যায়,ৰৌতাৰ মূদুল হক চৌধুৰী,বিবিকা বসুমতাৰী,বাবু লাল আগৰৱালাৰ কভিড ১৯ ত আক্ৰান্ত ৫গৰাকী লোকৰ মৃত্যু হৈছে ৷মাজবাট ৰাজহ চক্ৰৰ অন্তৰ্গত আশা গাওঁ ২৮০খন তথা ২৫০ খন ৰাজহ গাঁওৰ দুই লাখ ষাঠি হাজাৰ জনসংখ্যা সামৰি লোৱা ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত আছে তিনিটাকৈ ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ,এটাকৈ ৰাজ্যিক চিকিৎসালয়,নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ,দুটা আৰ্দশ চিকিৎসালয় ক্ৰমে , মাজবাট ,ৰৌতা, গেৰুৱা প্ৰথমিক স্বাস্থ্য কেন্দ্ৰ ,পাউৰীপোটা ৰাজ্যিক চিকিৎসালয়,ধনশ্ৰীঘাট নতুন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু ৰৌতা আৰু মাজবাটৰ মহলীয়াপাৰা আৰ্দশ চিকিৎসালয় ৷ এই বৃহৎ এলেকা সামৰি গঠন স্বাস্থ্যটোত ক’ভিড ১৯ ৰ বিৰুদ্ধে যুঁজিবলৈ কভিড ১৯ যোদ্ধা সকলৰ হাতত নাই এতিয়াও কোনোধৰণৰ হেণ্ড চেনিটাইজাৰ , এন95 মাস্ক, ত্ৰিপোল লেয়াৰ মাস্ক,কেপ,পিপি কিট,ফেচ শ্লাইড গ্লোভছ, ,ভেকচিন আদি অত্যাৱশীয় সামগ্ৰীবোৰ। ফলত ক’ভিড ১৯ ৰ বিৰুদ্ধে যুঁজ দিয়া স্বাস্থ্য কৰ্মী সকলেও এতিয়া ভীষণ সমস্যাৰ সন্মুখীন হৈছে । কভিড যুজাৰু একাংশ স্বাস্থ্য আৰু চিকিৎসা বিষয়া ডাঃ লক্ষণ কুমাৰ বড়ো,ডাঃ ৰাজু ব্ৰহ্ম,ডাঃ হেমন্ত চৌধুৰী,ডাঃ হিৰণ্য গয়াৰী,ডাঃ চন্দন কুমাৰ সাহা,ডাঃৰাকেশ ডেকা,ডাঃ নিৰুপমা বৰুৱা,ডাঃ সৌৰব বৰ্মন,ডাঃ খগেন নাথ,ডাঃ দীপাঞ্জলী বৰা,ডাঃ নবনীতা হাজৰিকা,সামুহিক স্বাস্থ্য বিষয়া -আশা কুৰ্মী,মিনা বসুমতাৰী,প্ৰফুল্ল পাটৰ,পাৰ্থজিৎ ৰয়,জিৰোছা বাগলাৰী জিম্পী শইকীয়া দেবৰাজ হাজং ,বিপিএম পংকজ সভাপণ্ডিত ,ৰৌতাৰ এবিপিএম সুৰজিত চহৰীয়া স্বাস্থ্য কৰ্মী তথা কভিড যোদ্ধা বিপ্লব জ্যোতি ডেকা,গজেন বড়ো,দীনেশ গৌতম,কাষ্টিল দৈমাৰী,সঞ্জীত কুমাৰ দাস ,মনোজ কুমাৰ দাস ,শিবু বসুমতাৰী,ডেভিদ দৈমাৰী,নীতা দেবী,,অতুল শইকীয়া,জয়া ৰামছিয়াৰী,মালবিকা বৰা,ৰিংকু দৈমাৰী,তৈয়বুৰ ৰহমান,আবু বক্কৰ চিদ্দিক ,ইনামুল হক জাভেদ ,মেৰিনা বৰা,হিমাংক কলিতা ,ৰিছা দৈমাৰী, বীৰেন্দ্ৰ হাজং,গোপী এ চাংমাআশা চুপাৰভাইজাৰ অৰ্চনা ডেকা,ৰঞ্জনা দাস ৰাভা,, মৰণক শৰণ দি দিনে নিশাই কৰ্তব্য সম্পাদনা কৰি থকা দেখিবলৈ পোৱা গৈছে ৷আনহাতে ওৰাং খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰত জীৱন দাইনী ঔষধ ক্ৰমে ভিটামিন চি টেবলেট , জিংক 500 এম জি টেবলেট , ইজথ্ৰ’মাইচিন 500 টেবলেট , ডস্কিচাইক্লিন 100 এম জি আদি এন্টিবায়টিক ঔষধ সমুহ পাবলৈ নাই তথা নোহোৱা হৈছে ফলত এই ঘোৰ কৰুণা কালৰ সময়ত স্বাস্থ্য কেন্দ্ৰটোত এক মহা সংকটে দেখা দি আহিছে । যদিও সংশ্লিষ্ট বিভাগ কতৃপক্ষই কোনোধৰণৰ গুৰুত্ব প্ৰদান কৰা নাই ৷ফলস্বৰূপে দ্ৰৰিদ্ৰ কভিড ৰোগী সকলে ঔষধ ক্ৰয় কৰিব নোৱাৰি ঔষধ অবিহনে হোম আইশ্যলেশ্যন হৈ আহিছে ৷এই ক্ষেত্ৰত চৰকাৰে অতি সোনকালে পৰ্য্যাপ্ত পৰিমানে ঔষধ,এন্টিবায়টিক ,সা সামগ্ৰী ,সজুঁলিসমূহ প্ৰদান কৰিবলৈ চৰকাৰ ,সংশ্লিষ্ট বিভাগ,কতৃপক্ষ সমুহক ওদালগুৰি জিলা সচেতন নাগৰিকসমিতিয়ে দাবী জনাইছে ৷











