Home Blog Page 3068

মাজুলী জিলা সদৰ গড়মুৰত অজাপৰ প্ৰতিবাদ : মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

অসম  জাতীয় পৰিষদৰ আহ্বান মৰ্মে মাজুলী জিলা জাতীয় পৰিষদে তিনি দফীয়া দাবী পুৰণাৰ্থে মাজুলী জিলা সদৰ গড়মুৰত আজি দিনৰ ১১ বজাৰ পৰা ২ বজালৈ তিনি ঘন্টীয়া প্ৰতিবাদী অৱস্থান ধৰ্মঘট পালন কৰে । লাইকা দধিয়াবাসীৰ পুনৰ সংস্থাপন , বান খহনীয়াৰ স্থায়ী সমাধান, হৰি শংকৰ ব্ৰহ্ম প্ৰতিবেদন কাৰ্যকৰী কৰাৰ দাবীত উক্ত প্ৰতিবাদ সাব্যস্ত কৰে। প্ৰতিবাদকাৰী সকলে মাজুলী জিলা অসম জাতীয় পৰিষদৰ মূখ্য কাৰ্যালয়ৰ সন্মুখৰ পৰা বেনাৰ হাতে-হাতে প্লে-কাৰ্ড লৈ প্ৰায় শতাধিক দলীয় সমৰ্থকে ৰাজপথেৰে প্ৰতিবাদ কৰি আহি উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উপস্থিত হয়। প্ৰতিবাদকাৰী সকলে মাজুলী যোৰহাট সংযোগী দলং আৰু নিমাতীত সজাই থোৱা ৰ’পেক্স সন্দৰ্ভত মাজুলীবাসীক আভুৱা ভৰা বুলি ক্ষোভ উজাৰে।  প্ৰতিবাদ থলিত মাজুলী জিলাৰ কাৰ্যবাহী দণ্ডাধীশ বিভাষ পাঠক উপস্থিত হোৱাত প্ৰতিবাদকাৰী সকলৰ হৈ মাজুলী জিলা অসম  জাতীয় পৰিষদৰ সভাপতি শিশুধৰ দলে আৰু সম্পাদক হেমন্ত বৰা স্বাক্ষৰিত তিনিদফীয়া স্মাৰক পত্ৰ অসমৰ মুখ্যমন্ত্ৰীলৈ প্ৰেৰণৰ বাবে অৰ্পণ কৰে। প্ৰতিবাদী সমদলত মাজুলী সমষ্টি প্ৰাক্তন বিধায়ক তথা অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী পদ্মেশ্বৰ দলে , শিক্ষাবিদ সমাজ সেৱিকা চেনেহী গগৈ কলিতা আদি বিশিষ্ট লোকে অংশ গ্ৰহণ কৰে।  

মাজুলীৰ আজলী আই বা-ভগা থানত বাৰ্ষিক থান সেৱা উৎসৱ সম্পন্ন

শ্ৰীমন্ত শংকৰদেৱ ,মাধৱদেৱ, গোপালদেৱ,অনিৰুদ্ধদেৱ আদি মহান গুৰুসকলৰ পুণ্যভূমি অসমত বৰদোৱা,বৰপেটা মাজুলীকে মুখ্য কৰি অলেখ আধ্যাত্মিক অনুষ্ঠান শদিয়াৰ পৰা ধুবুৰীলৈ ব্যাপ্ত হৈ  আধ্যাত্মিক ক্ষেত্ৰ হিচাবে জিলিকি আছে।


এই ক্ষেত্ৰত শ্ৰীশ্ৰী অনিৰুদ্ধদেৱে প্ৰতিষ্ঠা কৰা মায়ামৰা সত্ৰৰ প্ৰায় দুকুৰিৰো অধিক সত্ৰানুষ্ঠানে কাল সংহতি ধাৰাটো সাম্প্ৰতিক সময়তো সমৃদ্ধ কৰি ৰাখিবলৈ সক্ষম হৈছে।এটা সময়ত  সত্ৰীয়া সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীত শ্ৰী শ্ৰী অনিৰুদ্ধদেৱ ,তেওঁৰ ভাতৃ  আৰু পুত্ৰসকলে মায়ামৰা থুলৰ, বা-ভগা,গুণাকটা,সাৰজান আদি সত্ৰ প্ৰতিস্থা কৰি সেইসময়ত সমাজৰ উপেক্ষিত আৰু অনাদৃত বিশেষকৈ কৈৱর্ত জনগোষ্ঠীৰ লোকসকলক ভক্তি ধৰ্মলৈ আদৰি আনি এখন শৃংখলাবদ্ধ আৰু সমন্বয়ৰ বৰসমাজ গঢ়াৰ যত্ন কৰিছিল।

ইয়াৰ ইতিহাস আৰু ঐতিহ্যৰ চিনস্বৰূপে মাজুলীৰ বৰ্তমান মেখেলিগাওঁত শ্ৰী শ্ৰী অনিৰুদ্ধ দেৱৰ মাতৃৰ নামেৰে আজলীআই থানে ইয়াৰ সাক্ষ্য বহন কৰি আহিছে । ১৬০১ খ্ৰীষ্টাব্দত প্ৰতিষ্ঠিত এই থানখনত অতীজৰে পৰা  বছৰৰ বিশেষকৈ মাঘমাহৰ প্ৰথমটো দেওবাৰত থানৰ সমীপৰ ঠাকুৰবাৰী, ডেকাশেনচোৱা, বালিচাপৰি,কাঠনিআটি,ভুৰামৰা আদি মায়ামৰা শিষ্য হৰিজি আই সকলে সামূহিক নামৰ যোগেদি থানত সেৱা আগবঢ়াই আহিছে ।

বৰ্তমান প্ৰতিবছৰে মাঘমাহৰ প্ৰথম দেওবাৰে অনুষ্ঠিত হোৱা সামূহিক “থানসেৱা” উৎসৱত অসমৰ ১৪ খন জিলাত সিচৰিত হৈ থকা মায়ামৰা ভক্ত সকলৰ উপৰিও জাতি,বৰ্ণ ,ধৰ্ম ,ভাষা নিৰ্বিশেষে লক্ষাধিক ভক্তৰ অংশগ্ৰহণৰে এখন অনন্য সুন্দৰ পুণ্যধামলৈ পৰ্যবেশিত কৰিছে।

এই থানত শৰাই আগবঢ়াই সেৱা কৰিলে ভক্তৰ মনৰ কামনা পূৰ হয় বুলি লোক বিশ্বাস আছে । এই বছৰো ১৭ জানুৱাৰী দেওবাৰে এদিনীয়াকৈ কাৰ্যসূচীৰে পৰম্পৰাগত ভাৱে বাৰ্ষিক থানসেৱা উৎসৱ প্ৰায় ত্ৰিশহাজাৰোধিক ভক্তৰ সমাগমৰ মাজেৰে সম্পন্ন হয়। 

নগাঁৱত বিজেপিৰ ৰাজ্যিক প্ৰভাৰী অজয় জামুৱাল

“আমাৰ চৰকাৰ শাসনলৈ আহি অসমৰ পৰা ভ্ৰষ্টাচাৰ নাইকীয়া কৰাত গুৰুত্ব দিছে। ইয়াৰ প্ৰমাণ হৈছে এপিএছচিত আমাৰ চৰকাৰে অনা সংস্কাৰ। অনাগত বৰ্ষসমূহত সমগ্ৰ ভাৰতৰ পৰাই ভ্ৰষ্টাচাৰ পুলিয়ে পোখাই উভালিম।”- নগাঁৱত আজি এই মন্তব্য কৰিলে বিজেপিৰ ৰাজ্যিক প্ৰভাৰী অজয় জামুৱালে।

নগাঁও সদৰ বিজেপিৰ কাৰ্যালয়ত অনুষ্ঠিত বিজেপিৰ এখন সাংগঠনিক সভাত অংশগ্ৰহণ কৰি অজয় জামুৱালে লগতে কয় যে একজিট প’লৰ সমীক্ষাত আমাক ৮১খন আসন লাভ কৰিব বুলি উল্লেখ কৰিছে  যদিও আমি ১২৬ৰ ওচৰে-পাজৰে আসন লাভ কৰিম।

আনহাতে মধ্যঅসমৰ সংখ্যালঘূ প্ৰধান সমষ্টিটো এইবাৰ ভোটাৰে বিজেপিক আদৰি ল’ব বুলিও বিজেপিৰ প্ৰভাৰী গৰাকীয়ে মন্তব্য কৰে। লগতে জামালে কয় যে এইবাৰ নিৰ্বাচনত বিজেপিৰ প্ৰত্যাহ্বান জনাব পৰা শক্তি অসমত নাই।

ইপিনে  সভাত উপস্থিত থাকি সাংসদ পল্লৱলোচন দাসে আওপকীয়াকৈ ৰকিবুল হুছেইনক আক্ৰমণ কৰি কয় যে মহাজোটবন্ধনৰ আসন বুজাবুজি হ’বলৈ দিয়ক। তাৰ পিচতহে আচল খেলটো গম পোৱা যাব। খেলিমেলি কৰিবলৈ আপোনালোকৰ নগাঁৱৰ নেতাজন আছেই।” পল্লৱ লোচন দাসে মহাজোটবন্ধন চুড়ান্ত ভাৱে বিফল  হ’ব বুলিও মন্তব্য কৰে।

উল্লেখযোগ্য যে, আজিৰ এই সভাত বিজেপিৰ প্ৰভাৰী অজয় জামুৱাল,সাংসদ পল্লৱ লোচন দাসৰ লগতে বিজেপিৰ সহকাৰী প্ৰভাৰী পৱন শৰ্মা, বিধায়ক ৰূপক শৰ্মা,  প্ৰাক্তন মন্ত্ৰী ৰাজেন গোঁহাই আৰু বিজেপিৰ জিলা সভাপতি অভিজিৎ নাথ সহ দলৰ বিষয়ববীয়া সকল উপস্থিত থাকে।

পুনেৰ ছিৰাম ইনষ্টিটিউটত ভয়ংকৰ অগ্নিকাণ্ড

পুনেৰ ছিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াত সংঘটিত হৈছে ভয়ংকৰ অগ্নিকাণ্ড। পুনেৰ কোম্পানীৰ টাৰ্মিনেল ১ গেটত এই অগ্নিকাণ্ডৰ ঘটনা।

প্ৰতিষ্ঠানটোৰ টাৰ্মিনেল গেট নং১ ৰ ভিতৰৰ ছেইজ ৩ ভৱনৰ চতুৰ্থ আৰু পঞ্চম মহলাত এই  অগ্নিকাণ্ডৰ ঘটনা । কভিশ্বিল্ডৰ বৃহৎ পৰিমাণৰ ঔষধৰ প্ৰস্তুত কৰি থকা হৈছিল উক্ত মহলাত ।

জুই ব্যৱহাৰ কৰিবলৈ ১০খন অগ্নি নিৰ্বাপক বাহন উপস্থিত হৈছে ।অগ্নিকাণ্ডৰ ঘটনাৰ বিষয়ে এতিয়াও সবিশেষ জানিব পৰা হোৱা নাই।

আৰম্ভ হ’ল জোনবিল মেলা

আজিৰে পৰা আৰম্ভ হ’ল পাহাৰ-ভৈয়ামৰ সম্প্ৰীতিৰ নিদৰ্শন জোনবিল মেলা। তিনিদিনীয়া কাৰ্যসূচীৰে মৰিগাওঁ জিলাৰ জাগীৰোডৰ ওচৰৰ জংবিলৰ পাৰত থকা দয়াং বেলগুৰিত জোনবিল মেলাখন বৃহস্পতিবাৰৰ অৰ্থাৎ ২১ জানুৱাৰিৰ পৰা আৰম্ভ হৈছে। 

এই তিনিদিনত ওচৰৰ পাহৰৰ পৰা নামি অহা গ্ৰাম্য মামা-মামীসকলে অনা ভৈয়ামৰ ৰাইজৰ সৈতে প্ৰয়োজনীয় সামগ্ৰী বিনিময় কৰে। আজিৰে পৰা বিভিন্ন কাৰ্যসূচীৰে আৰম্ভ হোৱা জোনবিল মেলাখনত দুপৰীয়া ভাগত গোভা ৰজাই ডা-ডাঙৰীয়াসকলৰ সৈতে জোনবিলৰ মাছেৰে ভোজ-ভাত খাব। ইয়াৰ লগতে, তিৱা নৃত্য-গীতেৰে মুখৰিত হ’ব জোনবিলৰ পাৰ। উক্ত অনুষ্ঠানত, ২৩ জানুৱাৰীৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে।
 
ক’ভিড মহামাৰীৰ বাবে এই বৰ্ষত মুকলি মেলা আৰু সাংস্কৃতিক কাৰ্য অনুষ্ঠিত কৰা নহ’ব। তাৰোপৰি, কভিড প্ৰটকল মানি জোনবিল মেলাখন অনুষ্ঠিত কৰা হৈছে বুলিও মন্তব্য কৰে আয়োজক সমিতিয়ে।

মুম্বাই আৰক্ষীৰ সন্মুখত হাজিৰ হ’ব লাগিব অভিনেত্ৰী কংগনা ৰানাৱট

বলিউদৰ প্ৰসিদ্ধ গীতিকাৰ জাভেদ আখতাৰে দাখিল কৰা এটা মানহানিৰ গোচৰত অভিনেত্ৰী কংগনা ৰানাৱতক মুম্বাই আৰক্ষীৰ ওচৰত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে ।এজন আৰক্ষী বিষয়াই এই কথা জানিবলৈ দিয়ে।

অহা শুকুৰবাৰে অভিনেত্ৰী কংগনাক জুহু আৰক্ষীৰ সন্মুখত উপস্থিত হ’বলৈ কোৱা হৈছে বুলি আৰক্ষী বিষয়াজনে কয়।

উল্লেখ্য যে টেলিভিছনৰ এটা সাক্ষাৎকাৰত অভিনেত্ৰী কংগনাই জাভেদ আখতাৰৰ বিৰুদ্ধে আপত্তিজনক তথা ভিত্তিহীন মন্তব্য কৰা বুলি অভিযোগ তুলি যোৱা বছৰৰ নৱেম্বৰত আন্ধেৰী মেট্ৰ’পলিটান মেজিষ্ট্ৰেটৰ ওচৰত অপৰাধিক অভিযোগ দাখিল কৰিছিল।

তেওঁ লগতে কয় যে যোৱা জুন মাহত অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত টিভি সাক্ষাৎকাৰত বলিউদত ‘নেপ’টিজিম’ৰ কথা উল্লেখ কৰি কংগনাই জাভেদ আখতাৰৰ নামটো এই বিষয়ত টানি আনিছিল।

ইয়াৰ উপৰি ঋত্বিক ৰোছনৰ আৰু কংগনাৰ মাজত থকা সম্পৰ্কৰ বিষয়টো গাপ দি থবলৈ আখতাৰে অভিনেত্ৰীগৰাকীক হুমকি প্ৰদান কৰা বুলিও সাক্ষাৎকাৰটোত উল্লেখ কৰিছিল।

কংগনাৰ এই ভিত্তিহীন মন্তব্যই সমাজত জাভেদ আখতাৰৰ ভাৱমূৰ্তি বিনষ্ট কৰাৰ অভিযোগ তুলি  অভিনেত্ৰী গৰাকীৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল।

ইফালে ১৭ জানুৱাৰিত আদালতে এই গোচৰৰ তদন্ত প্ৰতিবেদন দাখিল কৰিবলৈ আৰক্ষীক ১ ফেব্ৰুৱাৰিলৈ সময় নিৰ্ধাৰণ কৰি দিছিল।

কাউলি গাঁওত ভাৰতীয় সেনাবাহিনীৰ বিনামূলীয়া স্বাস্থ্য শিবিৰ

বাক্সা জিলাৰ কাউলি গাঁওত ভাৰতীয় সেনাবাহিনীৰ ৰেড হৰ্ণ ডিভিজনৰ অপাৰেচন সদভাৱনাৰ সৌজন্যত দিনযোৰা কাৰ্যসূচীৰে এটি বিনামূলীয়া স্বাস্থ্য শিবিৰৰ আয়োজন কৰে ।

এই স্বাস্থ্য শিবিৰত স্থানীয় অঞ্চলবাসী ৰাইজৰ বহুত ধৰণৰ চিকিৎসা সেৱা আগবঢ়োৱা হয় লগতে প্ৰতিজন চিকিৎসা কৰিব অহা লোকক বিনামূলীয়া ভাৱে দৰৱ পৰ্যন্ত বিতৰণ কৰা হয়  । ভাৰতীয় সেনা বাহিনীয়ে কভিড প্ৰটকল মানি অনুষ্ঠিত কৰা এই চিকিৎসা শিবিৰত প্ৰায় ১০০০ স্থানীয় ৰাইজে চিকিৎসা সেৱা লাভ কৰিবলৈ উপস্থিত হয় । ভাৰতীয় সেনাবাহিনীৰ এনে সজ পদক্ষেপক সচেতন মহলে প্ৰশংসা কৰাৰ লগতে চিকিৎসা সেৱা লাভ কৰিব অহা কাউলি গাঁওৰ স্থানীয় ৰাইজে শলাগ লয় । উল্লেখ্য যে ভাৰতীয় সেনাবাহিনীয়ে বিগত বহু  বছৰ ধৰি বিনামূলীয়া স্বাস্থ্য শিবিৰ,পশু চিকিৎসা শিবিৰ তথা বিনামূলীয়াকৈ দৰৱ  বিতৰণ কৰি আহিছে । আজিৰ এই চিকিৎসা শিবিৰত ভাৰতীয় সেনাবাহিনীৰ বিভিন্ন বিভাগৰ চিকিৎসক সহ স্থানীয় চিকিৎসকৰ লগতে ভাৰতীয় সেনাবাহিনীৰ বিষয়ববীয়া আৰু জোৱান সকল উপস্থিত থাকে ।

হোজাইত উচুপি থকা বনকৰা শিশুক উদ্ধাৰ জিলা আইনসেৱা প্ৰাধিকৰণৰ

হোজাইৰ ৰাজপথত উচুপি থকা ৮ বছৰীয়া বনকৰা শিশুক উদ্ধাৰ কৰিলে হোজাই জিলা আইনসেৱা প্ৰাধিকৰণ আৰু চাইল্ড লাইনে। বনকৰা কামত নিয়োগ কৰা শিশুটিক অমানৱীয় নিৰ্যাতনত অতিষ্ঠ হৈ শিশুটিয়ে সেই ঘৰৰ পৰা পলায়ন কৰি হোজাই ভিমসৰীয়া পথত আশ্ৰয় লয় আৰু কান্দি কান্দি সকলোৰে সহায় ভিক্ষা কৰে৷ সেই দৃশ্য প্ৰত্যক্ষ কৰি খাইৰুল ইছলাম নামৰ স্থানীয় এজন সচেতন লোকে বিষয়টো হোজাই আৰক্ষীক অৱগত কৰাত লগে লগে ঘটনাস্থলীত হোজাই জিলা আইনসেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰনিতা মৰাং, পেনেল অধিবক্তা ৰোহিনা ৱাৰিছ, চাইল্ড লাইন আৰু হোজাই আৰক্ষীৰ দল উপস্থিত হৈ শিশুটিক উদ্ধাৰ কৰি স্বাস্থ্য পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে৷ বনকৰা কামত কোনে শিশুটিক নিয়োগ কৰিছিল এই সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে৷ শিশু শ্ৰম নিয়োগ কৰাৰ পৰা বিৰত থাকিবলৈ আহ্বান জনায় অন্যথা এনেসকলৰ বিৰুদ্ধে কঠোৰ আইনী পদক্ষেপ গ্ৰহণ কৰা হ’ব বুলি জানিবলৈ দিয়ে প্ৰনিতা মৰাঙে৷ সম্প্ৰতি শিশুটিক শিশু সুৰক্ষা গৃহলৈ প্ৰেৰণ কৰা হ’ব আৰু পিছত শিশুটিৰ অভিভাৱকৰ সন্ধান কৰি অভিভাৱকৰ হাতত শিশুটিক চমজাই দিয়া হ’ব বুলি মন্তব্য কৰে প্ৰনিতা মৰাঙে৷

কংগ্ৰেছ-এ আই ইউ ডি এফৰ মহাজোট বন্ধন নহয়,মহাজট বন্ধনহে হব

কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ জোটবন্ধনে এটা দুটা সমষ্টিত খিলঞ্জীয়া ক্ষতিগ্ৰস্ত কৰিব:পীয়ুষ হাজৰিকা

কংগ্ৰেছ-এ আই ইউ ডি এফৰ মহাজোট বন্ধন নহয়, মহাজট বন্ধন হব।কেইদিনমানৰ পিচত জট ভাঙোতেই কাজিয়া হব। কংগ্ৰেছো শূণ্য আৰু এ আই ইউ ডি এফো শূণ্য। গতিকে শূণ্যৰ লগত শূণ্য যোগ হ’লে উত্তৰ শূণ্যই হব। কিন্তু এই জোটবন্ধনে কিছু কিছু স্থানত যে খিলঞ্জীয়া অসমীয়া মানুহৰ বাবে কৰবাত কৰবাত যে চিন্তনীয় হব সেইটো অস্বীকাৰ নকৰো। সেয়ে অসমীয়া মানুহে সিদ্ধান্ত লব লাগিব যে তেওঁলোকে কংগ্ৰেছ-এ আই ইউ ডি এফৰ যোটবন্ধনক সমৰ্থন কৰিব নে নকৰিব। আজি নগাঁৱত ‘কিয়া’ মটৰচ নামৰ বিলাসী বাহন খন উন্মোচন কৰিবলৈ আহি এই মন্তব্য কৰে ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ ৰাজ্যিক মন্ত্ৰী পীয়ূষ হাজৰিকাই। সাংবাদিকৰ আগত হাজৰিকাই কয় যে-‘জোটবন্ধনত থকা অন্যদলসমূহৰ কোনো অস্তিত্ব আছে বুলি নাভাবো। জোটবন্ধনত দুটাহে দল আছে। জোটবন্ধন হৈছে কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ ই শঠামিতিৰালি। ইপিনে নগাঁও জিলাৰ ধৰ্মীয় সংখ্যালঘুৰ লোক অধিক থকা ধিং আৰু ৰূপহীহাট বিধান সভা সমষ্টিৰ সম্পৰ্কত মন্ত্ৰী হাজৰিকাই কয়-‘ধিং আৰু ৰূপহীহাট সমষ্টিত বিজেপি নাইয়েই। সেই সমষ্টিত হয় কংগ্ৰেছ বা ,এ আই ইউ ডি এফ জয়ী হব। গতিকে এই দুটা সমষ্টিকলৈ আমাৰ কোনো মতলব নাই। ‘ মন্ত্ৰী হাজৰিকাই কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ যোটবন্ধনে এটা দুটা সমষ্টিত কৰবাত খিলঞ্জীয়া ক্ষতিগ্ৰস্ত কৰিব পাৰে বুলি মন্তব্য কৰি কয়-তাৰ বিপৰীতে খিলঞ্জীয়া ৰাইজ জাগ্ৰতও হব আৰু আমাৰ লাভো হব।সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী হাজৰিকাই কয়-‘ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ জোটবন্ধনে বিজেপিৰ ওপৰতকোনো ধৰণৰ প্ৰভাৱ নেপেলায়।লুৰিণজ্যোতি গগৈয়ে ৰহা বিধান সভা সমষ্টিৰ কচুৱা আৰু ধিং বিধান সভা সমষ্টিৰ মৈৰাবাৰীত সভা অনুষ্ঠিত কৰিছে।এই সভাই বিজেপিক লাভান্বিতহে কৰিব। ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ জোটবন্ধনে কংগ্ৰেছ আৰু এ আই ইউ ডি এফকহে ক্ষতিগ্ৰস্ত কৰিব। গতিকে বিজেপিয়েই চৰকাৰ কৰিব।

নগাঁৱত যুৱকৰ ৰহস্যজনক মৃত্যু : হত্যাৰ সন্দেহ পৰিয়ালৰ

নগাঁও চহৰৰ সমীপৰ চলচলি দলঙৰ ওচৰত এজন যুৱকৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি নগাঁৱত সৃষ্টি হৈছে ব্যাপক চাঞ্চল্যৰ। এই ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি আজি একাংশ লোকে হয়বৰগাঁও আৰক্ষী চকীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে।

জানিব পৰা মতে কালি বিয়লি প্ৰায় তিনি বজাত চলচলি দলঙৰ সমীপৰ এখন চেলুনৰ স্বত্বাধিকাৰী আনন্দ মোহন ঠাকুৰে চেলুনৰ সন্মুখতে থকা ৰোচন আলি নামৰ পাণ দোকানীৰ সৈতে কথা পাতি আছিল। কথা পাতি থকা অৱস্থাতেই হঠাৎ ঢলি পৰে আনন্দ মোহন ঠাকুৰ। লগে লগে আনন্দ মোহনৰ জেষ্ঠ ভ্ৰাতৃ স্বভাষ ঠাকুৰে আনন্দক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে। আনন্দৰ এই মৃত্যুক পৰিয়ালৰ লোকে  সহজভাৱে ল’ব পৰা নাই।  আনন্দ মোহনৰ মৃত্যুক হত্যাকাণ্ড বলি অভিযোগ উত্থাপন কৰি শতাধিক লোকে হয়বৰগাঁও আৰক্ষী চকীৰ সন্মুখত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। তেওঁলোকে আনন্দ মোহন ঠাকুৰক পৰিকল্পিতভাৱে হত্যা কৰিছে বুলি অভিযোগ কৰি দোষীক কঠোৰ শাস্তি বিহাৰ দাবী জনাই।

ইতিমধ্যে এই সন্দৰ্ভত আনন্দ মোহন ঠাকুৰৰ ভ্ৰাতৃ স্বভাষ ঠাকুৰে আজি হয়বৰগাঁও আৰক্ষী চকীত এজাহাৰ দখল কৰি তেওঁ ভ্ৰাতৃৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ দাবী জনাইছে। পাণ দোকানী ৰোচন আলিক অভিযুক্ত কৰি উল্লেখ কৰা হৈছে যে- আনন্দ মোহন ঠাকুৰৰ বুকুত এটা ফুটা পৰিলক্ষিত হৈছে। সেয়ে আনন্দ মোহন ঠাকুৰৰ মৃত্যুৰ ঘটনা পাণ দোকানী জনে সংঘটিত কৰিছে বুলি এজাহাৰত উল্লেখ কৰা হৈছে। আনহাতে হয়বৰগাঁও চকীত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰা একাংশ লোকে অভিযোগ কৰা মতে পাণ দোকানী জনে চিৰিঞ্জৰ জৰিয়তে আনন্দৰ দেহত বিষাক্ত দ্ৰব্য সুমুৱাই দিয়াৰ বাবে আনন্দৰ মৃত্যু হ’ল । আজি মৰণোত্তৰ পৰীক্ষা কৰি মৃতদেহ পৰিয়ালৰ লোকক আৰক্ষীয়ে চমজাই দিয়ে।মৰোণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আৰু আৰক্ষীৰ তদন্তইহে যুৱকজনৰ ৰহস্যজনক মৃত্যুৰ তথ্য পোহৰলৈ অনাৰ সম্ভাৱনা আছে। যুৱক জনৰ মৃত্যুৰপ্ৰতিবাদত আজি নগাঁও চহৰৰ চেলুন ব্যৱসায়ীসকলে চেলুন সমূহ বন্ধ ৰাখে। জানিব পৰা মতে কালি এই ঘটনা সংঘটিত হোৱাৰ পাছৰ পৰা ৰোচন আলি পলাতক অৱস্থাত আছে।