Home Blog Page 3068

চতিয়াত বেচৰকাৰী সংগঠনৰ উদ্যোগত বস্ত্ৰ বিতৰণ।

তিয়াৰ দক্ষিণ অঞ্চলৰ এটা বেচৰকাৰি সংগঠন প্ৰয়াস-এটি প্ৰচেষ্টাৰ উদ্যোগত চতিয়াৰ দক্ষিন অঞ্চলৰ শতাধীক দৰিদ্ৰ পৰিয়ালক ৰমজান মাহত ঈদউল ফিতৰৰ আগে আগে আজি প্ৰদান কৰে বস্ত্ৰ।
২০১৯চনত চতিয়াৰ সিপৰীয়া অঞ্চলৰ কেইজনমান শিক্ষিত যুৱকৰ উদ্যোগত গঢ়ি উঠা প্ৰয়াস এটি প্ৰচেষ্টা নামৰ বেচৰকাৰী সংগঠনটোৱে তেওঁলোকৰ সদস্য সকলৰ উৎপাজনৰ ধনৰ প্ৰতিমাহে ১ৰ পৰা ৩ হাজাৰটকাকৈ প্ৰতিজন সদস্যয়ে সংগঠনৰ পুজিত জমা কৰে আৰু নিজ সদস্যৰ মাজৰ পৰা সংগ্ৰিহিত ধনৰে অঞ্চলটোত জনহিতৰ কাম কৰি আহিছে আজিওঁ অঞ্চলটোৰ ১নং আধাভেটি,
ভোজমাৰী আদি গাওঁত শতাধীক দৰিদ্ৰ পৰিয়ালৰ মাজত বস্ত্ৰ বিতৰণ কৰে সংগঠনটোৱে।
ৰমজানমাহত দৰিদ্ৰজনৰ হাত তুলি দিয়া এপদ বস্ত্ৰয়ে সেই পৰিয়াল সমূহৰ মাজত হাহঁহী বিৰিঙাৱলে সক্ষম হৈছে।
আজি এই বস্ত্ৰ বিতৰণ অনুষ্ঠানত সন্থাটোৰ সভাপতি আৱিদুৰ ৰহমান সম্পাদক জেহিৰুল ইছলামৰ লগতে প্ৰায়সকল সদস্য উপস্থিত আছিল।

”অসমত হ’ব মহাজোঁটৰ চৰকাৰ”-জিতেন্দ্ৰ সিঙে:বদৰুদ্দিন আজমলৰ বাসগৃহত মহাজোঁটৰ ৰথী-মহাৰথী

জিতেন্দ্ৰ সিঙ

অসম বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণা হ’বলৈ মাজত আৰু কেইটামান দিন বাকী থকা অৱস্থাত আজি সন্ধিয়া হোজাইৰ গোপাল নগৰস্থিত বদৰুদ্দিন আজমলৰ বাসগৃহত মহাজোটৰ শীৰ্ষ নেতাসকলৰ হঠাৎ আগমনক লৈ অসমৰ ৰাজনৈতিক মহলত চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে। বদৰুদ্দিন আজমলৰ বাসগৃহত কংগ্ৰেছৰ জিতেন্দ্ৰ সিং, ৰিপুণ বৰা, ৰকিবুল হুছেইন, প্ৰদ্যুত বৰদলৈৰ লগতে অজিত ভূঞাও উপস্থিত থাকে।

আজমলৰ বাসগৃহত প্ৰৱেশ কৰাৰ পূৰ্বে ৰিপুণ বৰাই সংবাদ মাধ্যমৰ আগত কয়, ‘‘আজি আমাক ইফতাৰৰ বাবে নিমন্ত্ৰণ জনোৱা হৈছিল, সেই নিমন্ত্ৰণকে ৰক্ষা কৰিব আহিছো।সেইবাবে ইয়াত ইফতাৰৰ বাদে একো আলোচনা নহয় বুলিও মন্তব্য কৰে। ইপিনে বহু সময়  আজমলৰ সৈতে সকলোৱে ভিতৰত একেলগে সময় অতিবাহিত কৰাৰ পিছত এখন গাড়ীত জিতেন্দ্ৰ সিং, প্ৰদ্যুত বৰদলৈ আৰু ৰিপুণ বৰা ওলাই অহাৰ সময়ত কংগ্ৰেছৰ নেতা জিতেন্দ্ৰ সিঙে কয় যে অসমৰ জনতাই সিদ্ধান্ত কৰি পেলাইছে বৰ্তমানৰ চৰকাৰক উৎখাত কৰাৰ বাবে। গতিকে এইবাৰ অসমত মহাজোঁটৰ চৰকাৰ হ’ব। ইপিনে আজমলৰ ঘৰত ইফতাৰ উপলক্ষে অহা বুলিও কয় সিঙে।

ইপিনে মহাজোঁটে অসমত এইবাৰ ১০০ৰ ওচৰত আসন লাভ কৰিব বুলিও মন্তব্য কৰে জিতেন্দ্ৰ সিঙে। মহাজোঁটৰ চৰকাৰ হ’লে মুখ্যমন্ত্ৰী কোন হ’ব বুলি সাংবাদিকে কৰাৰ প্ৰশ্নৰ উত্তৰত জিতেন্দ্ৰ সিঙে অপেক্ষা কৰক বুলি কৰে মন্তব্য।

আজটকৰ জনপ্ৰিয় এংক’ৰ তথা জনপ্ৰিয় সাংবাদিক ৰুহিত চাৰদানাৰ কৰ’নাত আক্ৰান্ত হৈ আজি মৃত্যু ।

আজটকৰ জনপ্ৰিয় এংক’ৰ তথা জনপ্ৰিয় সাংবাদিক ৰুহিত চাৰদানাৰ কৰ’নাত আক্ৰান্ত হৈ আজি মৃত্যু ।

পিতৃ হত্যাত অভিযুক্ত দুই পুত্ৰ হাজো আৰক্ষীৰ জালত: ২৪ এপ্ৰিলত কৰিছিল পিতৃহত্যা!

আদিতৰ ৰহমান আৰু আব্দুল কাদিৰ

পিতৃক হত্যা কৰাৰ অভিযোগত পলাতক হৈ থকা দুই পুত্ৰক আটক হাজো আৰক্ষীৰ। অভিযোগ অনুসৰি, ২৪ এপ্ৰিল তাৰিখে হাজোৰ দেহৰকুৰিহাত নিচাজাতীয় সামগ্ৰী ক্ৰয় কৰিবৰ বাবে ধন দিবলৈ অমান্তি হোৱাত নিজ পিতৃক হত্যা কৰি পলাতক হৈ আছিল আদিতৰ ৰহমান আৰু আব্দুল কাদিৰ নামৰ দুই অভিযুক্ত পুত্ৰ। তাৰ পিছতেই পলাতক আব্দুল কাদিৰক কামৰূপ জিলাৰ আজ্ঞাঠুৰীৰ পৰা আৰু আদিতৰ ৰহমানক নলবাৰী জিলাৰ ঘোগাৰ পৰা আটক কৰিবলৈ সক্ষম হৈছে হাজো আৰক্ষী।

লগতে এই হত্যাকাণ্ডত ব্যৱহৃত সামগ্ৰীও জব্দ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে। স্থানীয় ৰাইজৰ অভিযোগ, গ্ৰামাঞ্চলত নিচাজাতীয় দ্ৰব্যৰ অবাধ প্ৰচলনৰ বাবেই অপৰাধজনিত ঘটনা এতিয়া সঘনাই সংঘটিত হৈছে হাজোৰ বিভিন্ন প্ৰান্তত। হাজোৰ দেহৰকুৰিহাত আব্দুল জলিলৰ হত্যাকাণ্ডত জড়িত দুই অভিযুক্ত পুত্ৰক ইতিমধ্যে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে।

নগাঁৱৰ চকলাঘাটত কৰ’নাত আক্ৰান্ত হৈ নৱ বিবাহিতাৰ মৃত্যু

বনলক্ষ্মী বৰা(২৮)

নগাঁও জিলাত সৃষ্টি হোৱা কৰ’নাৰ জটিল পৰিস্থিতিৰ মাজতে আজি জিলাখনৰ চকলাঘাটত এগৰাকী নৱ বিবাহিতা বোৱাৰীৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু হয় ৷ প্ৰাপ্ত খবৰ মতে, চকলাঘাটৰ দৰঙীয়াল গাঁৱৰ যাদৱ ভূঞা নামৰ যুৱকজনৰ নৱ বিৱাহিতা পত্নী বনলক্ষ্মী বৰা(২৮)ৰ বিগত কেইবাদিনো জ্বৰ, কাহ আদি ৰোগত ভুগি আছিল যদিও ঘৰতে তেওঁক চিকিৎসা প্ৰদান কৰি থকা হৈছিল ৷ কিন্তু কালি পুৱাৰ ভাগত বোৱাৰীগৰাকীৰ স্বাস্থ্যৰ অৱস্থা অধিক অৱনতি ঘটাত নগাঁও চহৰলৈ নিয়া হয় আৰু তাতে ক’ভিড টেষ্ট কৰাত বোৱাৰীগৰাকীৰ দেহত ক’ভিডৰ উপস্থিতি ধৰা পৰে ৷ লগে লগে স্বাস্থ্য বিভাগৰ দলে নগাঁও ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ৰ ক’ভিড কেয়াৰ চেন্টাৰত ভৰ্তি কৰাই চিকিৎসাৰ ব্যৱস্থা কৰে যদিও আজি পুৱাৰ ভাগত বোৱাৰীগৰাকীয়ে শেষ নিশ্বাস ত্যাগ কৰে ৷ ইফালে, মৃত বোৱাৰীগৰাকীৰ স্বামীৰ দেহটো ক’ভিডৰ উপস্থিতি ধৰা পৰাত তেওঁকো চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ উল্লেখ্য, জন্মসূত্ৰে মৰিগাঁৱৰ জাগীৰোডৰ বাসিন্দা বনলক্ষ্মী প্ৰায় এসপ্তাহৰ পূৰ্বে চকলাঘাটৰ দৰঙীয়াল গাঁৱলৈ বিয়া হৈ আহিছিল ৷ নৱ বিবাহিত বোৱাৰীগৰাকীৰ এনে আকস্মিক মৃত্যুত স্থানীয় অঞ্চলত গভীৰ শোকৰ ছাঁ পৰিছে ৷

শান্তি নিৱাসৰ অনাথৰ সতে ওপজা দিন উদযাপন প্ৰবীণ খেলুৱৈ জিতেন্দ্ৰ শৰ্মাৰ

মানুহৰ মৰমে দীৰ্ঘ সময় জীয়াই ৰাখে মানুহক” :-: ডাঃ বিপিন চন্দ্ৰ কলিতা।

মানুহৰ মৰমে দীৰ্ঘসময় জীয়াই ৰাখিব পাৰে আমাৰ জ্যেষ্ঠ জনক । মানুহ যিহেতু সামাজিক প্ৰাণী সেয়ে সমাজৰ প্ৰতিটো প্ৰজন্মৰ সতে সহাৱস্থান কৰাতো মানৱীয় ধৰ্ম ।  যিমানেই বয়স বাঢ়ি আহে সিমানেই মানুহ মৰম আকলুৱা হয় , হয়তো সেয়ে পুত্ৰ, কন্যা , নাতি , নাতিনীৰ পৰা শেষকালত জোখতকৈ বেছি মৰম ,ভালপোৱা বিচাৰে অশীতিপৰজনে ।  এই মন্তব্য বিশিষ্ট লেখক , অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ডাঃ বিপিন চন্দ্ৰ কলিতাৰ । আজি নলবাৰীৰ শান্তি নিবাস অনাথ আশ্ৰমত প্ৰবীণ খেলুৱৈ ,অতিজেষ্ঠ নাগৰিক জিতেন্দ্ৰ নাথ শৰ্মাৰ ওপজা দিনৰ ওলগনি অনুষ্ঠান শুভাৰম্ভ কৰি তেওঁ আকৌ কয় যে প্ৰতিটো জন্ম দিনে এক আশাৰ বতৰা কঢ়িয়াই আনে । জেষ্ঠ সাংবাদিক , শান্তি নিবাসৰ পৰিচালক মজিবুৰ ৰহমানে আঁত ধৰা অনুষ্ঠানটোৰ পূৰ্বে শৰ্মাই তেওঁৰ পুত্ৰ বিশিষ্ট নাট্যকাৰ , সাংবাদিক ধ্ৰুৱজ্যোতি শৰ্মাৰ সতে নিবাসৰ অনাথ সকলৰ মাজত কল , আপেল , মৌচুমী , আঙুৰ ,মিঠাই আদি বিতৰণ কৰে । নিজৰ ৮৪ বছৰত ভৰি দিয়াৰ অনুভৱ ব্যক্ত কৰি জিতেন্দ্ৰ নাথ শৰ্মাই কয় আৰ্তজনৰ সতে জীৱনৰ সুখ ,দুখ ভগাই লোৱাৰ মাদকতাই সুকীয়া । নিজৰ ওপজা দিনটো এনেদৰেই শান্তিৰ পৰিৱেশত অতি সাধাৰণকৈ উদযাপন কৰি খুবেই সুখী বুলিও মন্তব্য কৰে শৰ্মাই । আনহাতে আশ্ৰমৰ ফালৰ পৰাই কভিড নিয়ম পালন কৰি সাংবাদিক মজিবুৰে তেওঁ তেওঁৰ সুস্বাস্থ্য কামনা কৰি ফুলাম গামোচা , অংগবস্ত্ৰ আৰু কিতাপৰ টোপোলাৰে সম্ভাষণ জ্ঞাপন কৰে । মজিবৰে কয় ২০১৭ চনত ৰাজহুৱাকৈ লিটিল ফ্লাৱাৰ স্কুল প্ৰাংগণত অভিনন্দন প্ৰাপ্ত শৰ্মা এজন যথাৰ্থতে ভদ্ৰলোক আৰু ভাল মানুহ । পাঁচটাকৈ উচ্চতম শিক্ষাৰে শিক্ষিত গুণী সন্তান জন্ম দিয়া তেওঁ এজন সফল অভিভাৱক । শৰ্মাৰ একমাত্ৰ পুত্ৰ তথা নলবাৰী জিলা সাহিত্য সভাৰ সভাপতি ধ্ৰুৱজ্যোতি শৰ্মাই সংশ্লিষ্ট সকলো পক্ষৰ শলাগ লৈ কয় তেওঁৰ পিতৃ শৈশৱৰ পৰাই তেওঁৰ আদৰ্শ পুৰুষ । যিয়ে শিকাইছে জীৱনৰ আদি বৰ্ণমালা আৰু সমাজৰ সেন্দুৰীয়া দিশ । ইফালে আজি নলবাৰী ষ্টেট বেংক অব ইণ্ডিয়াৰ মুখ্য প্ৰৱন্ধক প্ৰশান্ত দাস , বিশিষ্ট নাট্যকাৰ অভিজিত ভট্টাচাৰ্য , অভিনেতা মৃদুল ভূঞা , চম্পক শৰ্মা , ভৱেশ বৰুৱা , তৌফিক ৰহমান , প্ৰযোজক সুভাষ দাস , শ্বানসৌৰাং বসুমতাৰী , প্ৰনৱ বৰ্মন, নাট্যকৰ্মী- সম্পাদক দীপক কলিতা , সাহিত্য সংগঠক গোবিন্দ কলিতা , জোন বৰ্মন, নৰেশ্বৰ কলিতা, শিক্ষাব্ৰতী যজ্ঞেশ্বৰ বুজৰ বৰুৱা , তৰণী শৰ্মা , শচীন শৰ্মা  , ছাত্ৰ নেতা ভৱজিত বেজবৰুৱা , ৰিয়াজ উদ্দিন আহমেদ ,গুণজ্যোতি পাঠক , অক্ষয় ডেকা , পাৰ্থ প্ৰতীম শৰ্মা , প্ৰাঞ্জল কলিতা , নাট্য সন্মিলনৰ জয়ন্ত হাজৰিকা , কৰ্মচাৰী পৰিষদৰ বিকাশ ভট্টাচাৰ্য , পংকজ বৰ্মন সাংবাদিক মহিবৰ ৰহমান , শ্বাহ আলম আহমেদ , বীৰেণ কলিতা, ৰমেন কলিতা , কিশোৰ কলিতা ,  বসন্ত দাস , মানিক ডেকা , কমলেশ শৰ্মা ,শশাংক শৰ্মা, মনোজ শৰ্মা, ফাইজুৰ ৰহমান আদিৰ উপৰিও কেবাগৰাকী সাংবাদিক তথা সামাজিক সংগঠনৰ নেতৃত্বত থকা শুভাকাংক্ষীয়ে প্ৰবীন  খেলুৱৈ গৰাকীক সামাজিক মাধ্যমৰ যোগেদি ওপজা দিনৰ ওলগনি জনায় ।

প্ৰধানমন্ত্ৰী মোডীয়ে ৮০লাখ টকা খৰচ কৰে মেক আপ কৰাৰ নামত? সঁচা নে মিছা? DB FACT CHECK

প্ৰধানমন্ত্ৰী মোডীয়ে ৮০লাখ টকা খৰচ কৰি এগৰাকী মেক আপ আৰ্টিষ্ট লোৱা বুলি অসমৰ বহুতেই ফেচবুকত পোষ্ট শ্বেয়াৰ কৰা দেখা গৈছে। ভাইৰেল হৈ পৰিছে।

পোষ্টকেইটাত এখন ফটো লগোৱা হৈছে, য’ত এগৰাকী মহিলাই মোডীৰ মুখত মেক আপ সানি থকাৰ দৰে দেখা গৈছে আৰু তাত লিখা হৈছে যে মোডীয়ে ৮০লাখ টকা ব্যয় কৰে মেক আপত।

আমি জানিব পাৰিলো যে ফটোখন ২০১৬ৰ, যেতিয়া মেডাম টুছডৰ মমৰ সংগ্ৰহালয়ৰ এদল কৰ্মীয়ে মোডীৰ মুৰ্তি বনাবৰ বাবে তেখেতৰ দেহৰ জোখ মাপ ল’বলৈ তেখেতৰ বাসভৱনলৈ আহিছিল।

আমি ফটোখন লৈ গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰোতে Eye Punjab নামৰ প্ৰোফাইল এটাই ২০১৭চনৰ ৭এপ্ৰিলত আপলোড কৰা এটা ইউট্যুৱ লিংক পালো য’ত লিখা আছিল(………)। ভাইৰেল ফটোখনত দেখা মহিলাগৰাকী আৰু মোডীৰ সাজপোচাকৰ লগতে বেকগ্ৰাউণ্ডো ভিডিঅ’টোৰ সৈতে একেই।

ইয়াৰ পিছত আমি প্ৰাসংগিক শব্দ কৈ চাৰ্ছ কৰি চাওতে ২০১৬চনৰ এই ফটোখন পালো,যেতিয়া মেডাম টুছড ৱেক্স মিউজিয়ামৰ দলে আহি মোডীৰ জোখমাপৰ লগত অন্য তথ্য সংগ্ৰহ কৰিছিল,তেওঁলোকৰ সংগ্ৰহালয়ত মোডীৰ মুৰ্তি বনোৱাৰ বাবে।

ফটোত দেখা মহিলাগৰাকীয়ে মোডীৰ মুখমণ্ডলৰ গঠন আৰু চুলিৰ ধৰণ অধ্যয়ন কৰি আছিল আৰু। একেধৰণৰ ভিডিঅ’ এটা মেডাম টুছডছৰ ইউট্যুৱ চেনেলতো পোৱা যায়।

চিংগাপুৰৰ মেডাম টুছড মিউজিয়ামত মোডীৰ মমৰ মুৰ্তি উন্মোচন হোৱাৰ পিছত ইণ্ডিয়ান এক্সপ্ৰেছে প্ৰকাশ কৰা এটা বাতৰি এয়া।

বিজনেছ ইনছাইডাৰে তাৰকাসকলৰ মমৰ মুৰ্তি নিৰ্মান কৰা ২০০ বছৰীয়া পদ্ধতি সম্পৰ্কত প্ৰস্তুত কৰা এটা ভিডিঅ’ ও আমি পালো। এই ভিডিঅ’টোত কোৱা হৈছে যে চুলি,চকু আৰু চালৰ ৰঙৰ লগতে ২৫০টা জোখমাপ সংগ্ৰহ কৰা হয়।

আমি মোডীৰ মেক আপৰ খৰচ সম্পৰ্কত ক’ৰবাত কিবা খবৰ বাতৰি পাব পাৰি নেকি চালো কিন্তু তেনেকুৱা একো নাপালো।

ফলাফল:
গতিকে এইটো স্পষ্ট যে সেই ফটোখন ২০১৬চনত মেডাম টুছড ৱেক্স মিউজিয়ামৰ দলে মোডীৰ দেহৰ জোখমাপ লৈ মোডীৰ এটা মমৰ মুৰ্তি বনোৱাৰ বাবে অহাৰ সময়ৰ আৰু সেয়া মোডীয়ে মেক আপ কৰি থকা ফটো নহয়। লগতে তেওঁ মেক আপত ৮০ লাখ টকা ব্যয় কৰাৰ কোনো তথ্য নাই।

ব্যক্তিগত চিকিৎসালয়ত এগৰাকী মহিলাই জন্ম দিলে চাৰিটাকৈ সন্তান

বুধবাৰে ৰঙিয়াৰ এখন ব্যক্তিগত চিকিৎসালয়ত সংঘটিত হৈছে এক বিৰল ঘটনা । ৰঙিয়াৰ ৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাতিত অৱস্থিত স্বস্তি হাস্পতালত সুপৰ্ণা ঘোষ নামৰ এগৰাকী মহিলাই জন্ম দিয়ে চাৰিটাকৈ সন্তান ।
জানিব পৰা মতে এই প্ৰসূতিগৰাকী ধুবুৰী জিলাৰ। তেওঁ দীৰ্ঘদিন ধৰি চিকিৎসালয়খনৰ জ্যেষ্ঠ চিকিৎসক হিতেন্দ্ৰ কলিতাৰ তত্বাৱধানত চিকিৎসা গ্ৰহণ কৰি আছিল ।
বুধবাৰে মহিলাগৰাকীয়ে দুটি কন্যা সন্তানৰ লগতে দুটা ল’ৰা সন্তান জন্ম দিয়ে । প্ৰথম বাৰৰ বাবে চিকিৎসালয়খনত এই ঘটনা ঘটিছে বুলি চিকিৎসালয়খনৰ কৰ্তৃপক্ষই জনোৱাৰ লগতে মহিলাগৰাকী আৰু চাৰিওটা সন্তান বৰ্তমান সুস্থ অৱস্থাত থকাৰ কথাও উল্লেখ কৰে । এই ঘটনা পোহৰলৈ অহাত চহৰখনত তীব্ৰ চৰ্চা লাভ কৰাৰ লগতে হাস্পতালৰ চিকিৎসক-কৰ্মচাৰীৰ লগতে পিতৃ-মাতৃ যথেষ্ট উৎফুল্লিত হৈ পৰা পৰিলক্ষিত হয় ।

সৰুপথাৰত ষ্ট্ৰং ৰুমত নিশা অঘটন। টিঙৰ বেৰা উন্মুক্ত হৈ থকাৰ গুৰুত্বৰ অভিযোগ ।

সৰুপথাৰ ষ্ট্ৰং ৰুমত নিশা অঘটন

ষ্ট্ৰং ৰুমৰ বাউণ্ডেৰীৰ এটা অংশৰ টিঙৰ বেৰা উন্মুক্ত হৈ থকাৰ গুৰুত্বৰ অভিযোগ ।

নিশা প্ৰায় ১. ৩০ মান বজাত সংঘটিত হয় এই ঘটনা ।

সৰুপথাৰ মহাবিদ্যালয়ৰ প্ৰৱেশদ্বাৰৰ ফালৰ পৰা পোৱা যায় এই টিঙৰ বেৰা খন ।

কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদৰ WATCH AGENT য়ে উত্থাপন কৰিছে এই গুৰুত্বৰ অভিযোগ

প্ৰশাসনক উচিত তদন্ত কৰাৰ দাবী WATCH AGENT সকলৰ ।

তামুলপুৰৰ কাউলীত বিদ্যুৎ বিভাগৰ চৰম হেমাহি আৰু গাফিলতিৰ বাবে এটি ৭ বছৰীয়া শিশুৰ মৃত্যু

তামুলপুৰ মহকুমাৰ নাগ্ৰীজুলিৰ কাউলীত ধুমুহাৰ পিছত ছিঙি পৰি থকা বিদ্যুতৰ তাৰত বিদ্যুৎস্পৃষ্ট হৈ সাত বছৰীয়া শিশুৰ কৰুণ মৃত্যু।

একমাত্ৰ বিদ্যুৎ বিভাগৰ ভুল আৰু চৰম হেমাহীৰ ফলতে কৰুণ মৃত্যুক সাৱটিলে শিশুটিয়ে।

মঙলবাৰে নিশা ধুমুহাৰ পিছত ছিঙি পৰি থকা তাৰত লাগি কালি সন্ধিয়াৰ ভাগত মৃত্যু হয় প্ৰশান্ত মণ্ডল নামৰ এটি সাত বছৰীয়া শিশুৰ।

অঞ্চলটোৰ লোকে বিদ্যুত পৰিবাহী তাৰ পথত ছিঙি পৰি থকাৰ খবৰ বিদ্যুৎ বিভাগক বাৰম্বাৰ জনোৱাৰ পিছতো বিভাগৰ ফালৰ পৰা কোনো গুৰুত্ত্ব প্ৰদান কৰা নহল। ফলত সংঘটিত হয় এই দুৰ্ঘটনাটো।

প্ৰথম অৱস্থাত তাঁৰ কেইডালত বিদ্যুৎ প্ৰবাহ নাছিল যদিও বিদ্যুৎ বিভাগে হঠাৎ বিদ্যুৎ প্ৰবাহ চালিত কৰাত খেলি থকা অৱস্থাতে সাত বছৰীয়া প্ৰশান্ত মণ্ডল বিদ্যুৎ ষ্পৃষ্ট হয় আৰু গুৰুতৰ ভাৱে আহত হয়।

স্থানীয় লোকে ততাতৈয়াকৈ শিশুটিক কুমাৰীকাটা ৰাজ্যিক চিকিৎসালয়লৈ লৈ যায় যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে শিশুটিক। শিশুটিৰ মৃত্যুৰ পিছতে এতিয়া ক্ষোভত ফাটি পৰিছে তামুলপুৰ বিদ্যুৎ বিভাগৰ ওপৰত।