Home Blog Page 3078

নগাঁৱত আটমাৰ উদ্যোগত ৩৮০ টা কৃষক কেন্দ্ৰীক গোটক পজ্ঞীয়ণ পত্ৰ প্ৰদান

কৃষক সকলৰ আৰ্থ সামাজিক উন্নয়ন টনকিয়াল কৰাৰ উদ্দেশ্যে  কেন্দ্ৰীয় চৰকাৰৰ কৃষি প্ৰযুক্তি ব্যৱস্হাপনা আঁচনি(আটমা)ৰ উদ্যেগত আৰু কৃষি বিভাগৰ সহযোগত ১০-১৫ জনীয়া ক্ষুদ্ৰ কৃষক কেন্দ্ৰীক গোট গঠন কৰা হৈছে।  আটমাৰ উদ্যোগত নগাঁও আৰু হোজাই জিলাত সৰ্বমুঠ ৩৮০ টা কৃষক কেন্দ্ৰিক গোট  গঠন কৰা হৈছে।

কৃষি ভূমিৰ পৰিমান হ্ৰাস পাই অহাৰ বাবেই আটামাই কৃষক কেন্দ্ৰীক গোট গঠন কৰি কৃষকক বিজ্ঞান ভিত্তিক খেতি কৰাৰ ব্যৱস্থা কৰি দিয়াৰ লগতে, কীট-পতংগ  নিয়ন্ত্ৰণ ব্যৱস্থা আৰু  বজাৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছে।আটমাৰ উদ্যোগত নগাঁও জিলাত গঠন হোৱা কৃষক কেন্দ্ৰীক গোটসমূহক আজি আনুষ্ঠানিকভাবে  পজ্ঞীয়ণ পত্ৰ প্ৰদান কৰা হয়।নগাঁও চহৰৰ নাট্যমন্দিৰ প্ৰেক্ষাগৃহত আটমাৰ নডেল বিষয়া তথা নগাঁও জিলা মহকুমা কৃষি বিষয়া ৰবিজিত দত্ত চৌধুৰীৰ সভাপতিত্বত এই উপলক্ষে অনুষ্ঠিত সভাখনত  আতমাৰ প্ৰকল্প সঞ্চালক তথা নগাঁও জিলা কৃষি বিষয়া অশোক বৰঠাকুৰ, কৃষি বিভাগৰ মধ্য অসমৰ যুটীয়া সঞ্চালক ঋত্বিক কেংপাই,সমিতিৰ প্ৰবন্ধক ৰমনী শৰ্মা, নগাঁও জিলাৰ পশুপালন বিভাগৰ বিষয়া ৰাম নাৰায়ণ বৰুৱা, চিলঙণি গৱেষণা কেন্দ্ৰৰ মুখ্য বিজ্ঞানী পতুল শৰ্মা, চিমফেডৰ প্ৰকল্প প্ৰবন্ধক ৰঞ্জন বৰুৱা, এ এছ আৰ এল এম শংকৰ প্ৰবাল চাণ্ডল্য প্ৰমুখ্যে আটামা আৰু কৃষি বিভাগৰ বিষয়া কৰ্মচাৰী উপস্থিত থাকে।সভাত অংশগ্ৰহণ কৰি  আতমাৰ প্ৰকল্প সঞ্চালক তথা নগাঁও জিলা কৃষি বিষয়া অশোক বৰঠাকুৰে কয় যে কৃষক কেন্দ্ৰীক গোট গঠন কৰা মূল উদ্দেশ্যে হৈছে  কৃষকৰ সৰু সৰু  গোট গঠন কৰি কৃষক সকলক কৃষি ক্ষেত্ৰত আগুৱাই নিয়া।ইয়াৰ জৰিয়তে শিক্ষিত যুৱক-যুৱতী সকল কৃষিক্ষেত্ৰৰ প্ৰতি অধিক আগ্ৰহী হৈ উঠিব।লগতে কৃষক সকলে কৃষি সামগ্ৰী বিক্ৰীৰ ক্ষেত্ৰত এখন উচিত বজাৰো লাভ কৰিব পাৰিব।উল্লেখযোগ্য যে আজিৰ সভাত নগাঁও জিলাৰ চাৰি গৰাকীকৈ আতমাৰ কাৰিকৰী প্ৰবন্ধকক তেওঁলোকৰ পাৰৰ্দশিতাৰ বাবে পুৰস্কাৰ প্ৰদান কৰা হয়।

গুৱাহাটী প্ৰেছ ক্লাবত নেভাৰ লেট ইউ গ’ৰ নামৰ গীত উন্মোচন

গুৱাহাটী প্ৰেছ ক্লাৱত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত আজি ইছা দাসৰ কথা সুৰ আৰু কন্ঠৰে সমৃদ্ধ নেভাৰ লেট ইউ গ’ শীৰ্ষক ইংৰাজী ভাষাৰ এটি গীত আনুষ্ঠানিকভাবে মুকলি কৰা হয় ৷ বিশিষ্ট কন্ঠশিল্পী জে পি দাসে গীতটিৰ শুভ উন্মোচন কৰে ৷ তেওঁ এইক্ষেত্ৰত ইছা দাসক ভূৱসী প্ৰশাংসা কৰাৰ লগতে ভবিষ্যত অসমৰ সংগীত আকাশৰ এক উজ্বল নক্ষত্ৰ হিচাপে প্ৰতিষ্ঠা লাভ কৰাৰ আশীষ প্ৰদান কৰে ৷ অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে জনপ্ৰিয় কন্ঠশিল্পী অনুপম শইকীয়া, জনপ্ৰিয় কন্ঠশিল্পী ৰুপম ভঞা  সন্ধামেনন, প্ৰসিদ্ধ গীতাৰ বাদক বুলবুল দাস , জয়ন্ত গগৈ উপস্থিত থাকি ইছা দাসৰ উজ্জ্বল ভবিষ্যত কামনা কৰাৰ লগতে গীতটিৰ সম্পৰ্কে চমু বক্তব্য আগবঢ়াই ৷ উল্লেখ্য যে ভাৰতবৰ্ষৰ মুক্তিৰ পুৰ্বে গীতটি লন্ডনৰএফ এম প্ৰচাৰ মাধ্যমত প্ৰচাৰিত হৈ বিপুল সমাদাৰ লাভ কৰাৰ লগতে ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিছে ৷ শিশু শিল্পী ইছা দাসে ষষ্ঠ শ্ৰেনীত নিজে লিখি সুৰ কৰি বানীবদ্ধ কৰে সপ্তম শ্ৰেনীত ৷ সম্প্ৰতি নৱম মান শ্ৰেনীৰ অধ্যায়নগত ইছা দাস ৷

ৰাঙলু গ্ৰাম বিকাশ পৰিষদত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ দ্বাৰা বিজ্ঞান ভিত্তিক প্ৰতিযোগিতা

ছাত্ৰ-ছাত্ৰীৰ মনত বিজ্ঞান মানসিকতা গঢ়ি তুলিব পাৰিলেহে সমাজৰ পৰা অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ হব। শিশুৰ প্ৰতিভা বিকাশৰ ক্ষেত্ৰত আৰ্যভট্ট বিজ্ঞান কেন্দ্ৰৰ জৰিয়তে কঠীয়াতলী উন্নয়ন খণ্ডৰ অধীনস্হ উচ্চ,উচ্চতৰ মাধ্যমিকৰ লগতে মধ্য ইংৰাজী বিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ মাজত ২০০৮ বৰ্ষৰ পৰা বিজ্ঞান ভিত্তিক মডেল,চিত্ৰাঙ্কণ, আকষ্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰি আহিছে আৰু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি জিলা আৰু ৰাজ্যিক পৰ্যায়ৰ কেইবাটাও পুৰষ্কাৰ পাবলৈ সক্ষম হৈছে। আজিও ৰাঙলু গ্ৰাম বিকাশ পৰিষদৰ মজিয়াত কঠীয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়, ৰাঙলু উচ্চ মাধ্যমিক বিদ্যালয়, অনন্ত কন্দলী  উচ্চ মাধ্যমিক, কঠীয়াতলী শংকৰদেৱ বিদ্যা নিকেতন, ডঃ এ কে আব্দুল কালাম একাডেমি, বিদ্যাজ্যোতি জতীয় বিদ্যালয়- নিজ কঠীয়াতলী, গ্ৰামীণ জুনিয়ৰ জাতীয় বিদ্যালয়- ৰাঙলুৰ দুশ শিক্ষাৰ্থীৰ মাজত প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হয়। প্ৰতিযোগিতা উদ্বোধন কৰি মুখ্য অতিথি হিচাপে উপস্থিত থকা কঠীয়াতলী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ জিতেন্দ্ৰনাথ হাজৰিকাই বিজ্ঞানে বিশ্বত কেনেধৰণৰ অগ্ৰগতি সাধন কৰি আহিছে সেই বিষয়ে ব্যাখ্যা কৰে। বিশিষ্ট অতিথি হিচাপে অৱসৰপ্ৰাপ্ত বিজ্ঞান শিক্ষক বাছেদ আলী আৰু আশা কিৰণৰ সভাপতি তথা সাংবাদিক ঘনকান্ত বৰাইও অন্ধবিশ্বাস আৰু কুসংস্কাৰ দূৰ কৰাৰ ক্ষেত্ৰত বৈজ্ঞানিক মানসিকতা গঢ়ি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। প্ৰতিযোগিতাসমূহৰ বিচাৰক হিচাপে উপস্থিত থকা ৰাঙলু উচ্চ মাধ্যমিক বিদ্যালয়ৰ জ্যেষ্ঠ বিজ্ঞান শিক্ষক খগেন্দ্ৰনাথ বৰুৱা, আজিম উদ্দিন আহমেদ, অনন্ত কন্দলী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান শিক্ষক পৰাগ বৰবৰা, প্ৰধান শিক্ষক গুলজাৰ হোছেইন, শিক্ষয়িত্ৰী নাৰ্জিনা ৰহমান, ৰূপাঞ্জলী দেৱী, বিতুমনি নাথ, প্ৰধান শিক্ষক আব্দুল আলীয়ে প্ৰতিযোগীসকলৰ শ্ৰেষ্ঠতা নিৰূপণ কৰে। বিজ্ঞান ভিত্তিক চিত্ৰাঙ্কণ প্ৰতিযোগিতাত প্ৰথম ছানিয়া ফিৰ্দুছি, দ্বিতীয় গায়ত্ৰী মেছ আৰু তৃতীয় ৰূমী বেগম, মডেল প্ৰতিযোগিতাত প্ৰথম আৰিফুল হোছেইন, দ্বিতীয় আবু হানিফা আৰু তৃতীয় দিপজ্যোতি নাথ, (খ) শাখাৰ চিত্ৰাঙ্কণত প্ৰথম মিনাক্ষী বৰা, দ্বিতীয় নাজমিন আখতাৰ আৰু লুব্না ইয়াচমিন। প্ৰথম আৰু দ্বিতীয় স্হান প্ৰাপ্ত সকলক ১১ জানুৱাৰীত জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব লাগিব বুলি সমন্বয়ক নজিবুৰ ৰহমানে জনাইছে। বিয়লি নিৰ্বাচিত প্ৰতিযোগীসকলৰ মাজত বঁটা বিতৰণ কৰা হয়। অনুষ্ঠানটোত খাদ্য যোগান আৰু অন্যান্য ব্যৱস্থাপনাত আছিল গ্ৰাম বিকাশ পৰিষদৰ কৰ্মচাৰী আবুল কালাম, নবীন দৈমাৰী আৰু ছৰিফুৰ ৰহমান।

দুদিনীয়া ভ্ৰমণসূচীৰে পুনৰ অসমলৈ আহিব জে পি নাড্ডা

২০২১ৰ নিৰ্বাচৰ বাবে তত্‍পৰ হোৱা দেখা গৈছে বিজেপি। অসমলৈ আহিছে ইজনৰ পিছত সিজন শীৰ্ষ নেতা। সময়ে সময়ে নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি বিজেপিয়ে আয়োজন কৰিছে বিশাল জনসভাৰ।

সেইদৰে ঘোষণা কৰা হৈছে ইখনৰ পিছত সিখন অভিলাসী আঁচনি। তাৰ মাজতে অহা ১১ জানুৱাৰীত অসমলৈ আহিব বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নড্ডা।

১১ জানুৱাৰীত প্ৰথমে শিলচৰৰ পেৰেড গ্ৰাউণ্ডত সম্বোধন কৰিব জনসভা। সেইদিনাই নিশা গুৱাহাটীলৈ উভতি আহি নিশা কটাব আমিনগাঁৱৰ লোকনিৰ্মাণ বিভাগৰ অতিথিশালাত।

অতিথিশালাতে অনুষ্ঠিত হ’ব দুখনকৈ জৰুৰী বৈঠক। ভাগ ল’ব নিৰ্বাচন পৰিচালনা সমিতিৰ বৈঠকত। ১২জানুৱাৰীৰ পুৱা কামাখ্যা দৰ্শন কৰিব। দিনৰ ভাগতে ক’ৰ কমিটীৰ বৈঠকত ভাগ লৈ উভতিব দিল্লীলৈ।

মিকিৰ বামুণীৰ কৃষকৰ কাষত কাৰ্বি ছাত্ৰ সন্থাৰ প্ৰতিনিধি দল

নগাঁৱৰ বঢ়মপুৰ সমষ্টিৰ চামগুৰি ৰাজহ চক্ৰৰ অন্তৰ্গত চলচলি মৌজাৰ মিকিৰ বামুণীৰ লালুং গাঁও, আমদাঙা গাঁৱৰ ৰায়তী খতিয়ান প্ৰাপ্ত কৃষিভূমিৰ পৰা  দখল দাৰী কৃষকক চৰকাৰ-প্ৰশাসনে বীৰত্ব প্ৰদৰ্শন কৰি উচ্ছেদ কৰি পাৱাৰ প্লান্ট প্ৰজেক্ট স্থাপন কৰিবলৈ লোৱা কাৰ্যৰ বিৰোধিতা কৰিছে কাৰ্বি ছাত্র সন্থাই।আজি কাৰ্বি ছাত্র সন্থাৰ সভাপতি ছেমচন টেৰণৰ নেতৃত্বত এটা প্ৰতিনিধি দল লালুং গাওঁ আৰু আমদাঙাত উপস্থিতহৈ নিৰ্যাতিত কৃষক সকলৰ বুজ লয়।দলটোত কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি ছেমচন টেৰণৰ লগতে উপসভাপতি বিষ্ণু টেৰণ,সহকাৰী সম্পাদক অজয় ৰংচেহন,কাৰ্যবাহী সদস্য ৰাজেন টিচ,চেচন টিমুং আছিল।কাৰ্বি ছাত্ৰ সন্থাৰ সভাপতি ছেমচন টেৰণে সংবাদ মাধ্যমৰ আগত কয় যে-ন্যায়ালয়ৰ ওপৰত আমাৰ ভৰসা আছে।এই কৃষক সকলে ন্যায় লাভ কৰিব বুলি আমি আশাবাদী।তেওঁ কয় যে-পুঁঁজিপতিৰ স্বাৰ্থত চৰকাৰৰ নিৰ্দেশত আৰক্ষী প্ৰশাসনে কৃষক সকলৰ ওপৰত যি বৰ্বৰ অত্যাচাৰ চলাইছে ই নিশ্চিতভাবে গৰিহণাযোগ্য।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ দায়িত্বত থকা গৃহ বিভাগ এই ক্ষেত্ৰত ব্যৰ্থ হৈছে।জাতি-মাটিৰ সুৰক্ষাৰ কথা কোৱা চৰকাৰখনৰ দিনত খিলঞ্জীয়া জনসাধাৰণেই সুৰক্ষিত নহয়।এই কথা মিকিৰ বামুণীৰ ঘটনাই প্ৰমাণ কৰিছে।এই ঘটনাৰ বিৰুদ্ধে সকলো জাতীয়ভাবাপন্ন দল সংগঠন একত্ৰিতহৈ সংগ্ৰাম কৰিব লাগিব।আমি কাৰ্বি ছাত্র সন্থা এই কৃষক সকলৰ লগত সদায় আছো।

মৰিগাঁৱত বিশ্ব হিন্দু মহাসংঘৰ অসম শাখাৰ জিলা সমিতি গঠন

মৰিগাঁও চহৰৰ শ্ৰী শ্ৰীৰাস মন্দিৰ প্ৰাংগনত কালি বিশ্ব হিন্দু মহাসংঘৰ অসম শাখাৰ মৰিগাঁও জিলা সমিতি খন গঠন কৰা হয়। মৰিগাঁও জিলা সত্ৰ মহাসভাৰ প্ৰাক্তন সভাপতি ক্ষীৰোদ গোস্বামীৰ সভাপতিত্বত দিনৰ ভাগত অনুষ্ঠিত হোৱা সভাতেই ক্ষীৰোদ গোস্বামীক সভাপতি, ঘনকান্ত বৰা, চন্দ্ৰ তামুলী, অতুল চন্দ্ৰ বৰুৱা, প্ৰদীপ পৰাশৰ, নিত্যানন্দ ডেকাক উপ-সভাপতি আৰু বন্ধুৰাম কাকতিক সাধাৰণ সম্পাদক হিচাপে লৈ এখন ২১ জনীয়া শক্তিশালী সমিতি গঠন কৰা হয়। কালি অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত‌ বিশ্বৰ হিন্দু মহাসংঘ অসম শাখাৰ সভাপতি তথা শ্ৰীশ্ৰী দক্ষিণপাট গৃহাশ্ৰম সত্ৰৰ সত্ৰাধিকাৰ জনাৰ্দ্দন দেৱ গোস্বামীক ৰাসমন্দিৰ পৰিচালনা সমিতিৰ সভাপতি তিলেন বৰাৰ লগতে গুণমুগ্ধই আদৰণি জনায়। সভাত বিশ্ব হিন্দু মহাসংঘৰ সম্পাদক বলেন বৈশ্যকে ধৰি কেন্দ্ৰীয় বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে।

১৩ জানুৱাৰীত মাঘ বিহুৰ উৰুকাৰ বন্ধ

মাঘ বিহুত ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে বাবে সুখবৰ । চাৰিটাকৈ সীমিত বন্ধৰ তালিকাত অন্তভূক্ত কৰা হৈছে মাঘ বিহুৰ উৰুকাৰ বন্ধ। মাঘ বিহুত এইবাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীৰ কাৰণে আছে সুখবৰ। মাঘ বিহুৰ উৰুকাত এইবাৰ ৰাজ্য চৰকাৰৰ কৰ্মচাৰীয়ে বন্ধ পাব। অসম চৰকাৰে এই দিনটোত সীমিত বন্ধৰ ঘোষণা কৰিছে। ১৩জানুৱাৰীত সীমিত বন্ধৰ ঘোষণা কৰিছে ৰাজ্য চৰকাৰে। চাৰিটাকৈ সীমিত বন্ধৰ তালিকাত অন্তভূক্ত কৰা হৈছে মাঘ বিহুৰ উৰুকাৰ বন্ধ।

কাকপথাৰত শৈক্ষিক বিপ্লৱৰ সূচনা : পদ্মনাথ গোহাঞি বৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ত আদৰণি অনুষ্ঠান

উজনি অসমৰ একেবাৰে পূব প্ৰান্তৰ এসময়ৰ সন্ত্ৰাসজৰ্জৰ অঞ্চল কাকপথাৰত এতিয়া নতুনকৈ সূচনা হৈছে শৈক্ষিক বিপ্লৱৰ । অঞ্চলটোৰ বহু প্ৰত্যাশিত এখন উচ্চ শিক্ষাৰ প্ৰতিষ্ঠান নৱনিৰ্মিত পদ্মনাথ গোহাঞি বৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ সভা কক্ষত আজি এক আদৰণি অনুষ্ঠান অনুষ্ঠিত হৈ যায় । মহাবিদ্যালয়খনৰ অধ্যক্ষ ডঃ থানুৰাম মজিন্দাৰৰ সঞ্চলনাত অনুষ্ঠিত আদৰণি অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়া জিলাৰ অতিৰিক্ত উপায়ুক্ত (শিক্ষা) গীতালি দুৱৰা, তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি তথা পদ্মনাথ গোহাঞি বৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ প্ৰস্তুতি সমিতিৰ সভাপতি ললিত মৰাণ, ডুমডুমা মহাবিদ্যালয়ৰ প্ৰাক্তন  অধ্যাপক গিৰিশ কোঁৱৰ ।

নিজৰ বক্তব্যৰ মাজেৰে অতিৰিক্ত উপায়ুক্ত (শিক্ষা) গীতালি দুৱৰাই নৱনিযুক্ত শিক্ষক আৰু ছাত্ৰ ছাত্ৰীসকলক উমৈহতীয়া যত্নৰ মাজেৰে শিক্ষাৰ ক্ষেত্ৰত পিছপৰা অঞ্চলটোক জ্ঞানৰ পোহৰেৰে আলোকিত কৰিবলৈ আহ্বান জনায়। কাকপথাৰ অঞ্চলত এখন উচ্চ শিক্ষাৰ অনুষ্ঠানৰ গুৰুত্ব আৰু মহাবিদ্যালয় প্ৰতিষ্ঠাৰ আঁৰত থকা স্থানীয় দল সংগঠন, প্ৰশাসন আৰু ৰাইজৰ সহযোগিতাৰ বিষয়ে তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি তথা পদ্মনাথ গোহাঞি বৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ প্ৰস্তুতি সমিতিৰ সভাপতি ললিত মৰানে বিষদভাৱে অৱগত কৰে। নৱ নিযুক্ত অধ্যাপকসকলক উদ্দেশ্যি  গিৰিশ কোঁৱৰে মানৱ সম্পদ গঢ় দিয়াই শিক্ষকৰ আটাইতকৈ পবিত্ৰ কৰ্ম বুলি উল্লেখ কৰে । অনুষ্ঠানটোত উপস্থিত বিশিষ্ট ব্যক্তিসকলক মহাবিদ্যালয়ৰ তৰফৰ পৰা একোখন মৰাণ জনগোষ্ঠীয় গামোচাৰে আদৰণি জনোৱা হয় ।  শতাধিক ছাত্ৰ ছাত্ৰীয়ে ইতিমধ্যে নামভৰ্তি কৰা মহাবিদ্যালয়খনত সদ্য নিযুক্তপ্ৰাপ্ত অধ্যাপক- অধ্যাপিকাসকলক আদৰণি জনোৱাৰ লগতে এক চিনাকি পৰ্ব অনুষ্ঠান অনুষ্ঠিত  হৈ যায়। অনুষ্ঠান সামৰণি পৰা লগে লগে তিনিচুকীয়া জিলাৰ অতিৰিক্ত উপায়ুক্ত (শিক্ষা) গীতালি দুৱৰাই বন্তি প্ৰজ্বলন আৰু তিনিচুকীয়া জিলা পৰিষদৰ সভাপতি তথা পদ্মনাথ গোহাঞি বৰুৱা চৰকাৰী আদৰ্শ মহাবিদ্যালয়ৰ প্ৰস্তুতি সমিতিৰ সভাপতি ললিত মৰাণে মহাবিদ্যালয়ৰ কেণ্টিন উদ্বোধন কৰে । 

১২-১৩ জানুৱাৰীত অসমলৈ আহিব নিৰ্বাচন আয়োগৰ প্ৰতিনিধি

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ বাবে প্ৰস্তুতি আৰম্ভ কৰিছে । বিভিন্ন ৰাজনৈতিক দলৰ মজিয়াত আৰম্ভ হৈছে নিৰ্বাচন কেন্দ্ৰিক ব্যস্ততা, তেনেদৰে নিকা ভাৱে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে দেশৰ নিৰ্বাচন আয়োগো সাজু হৈছে । বিজেপি দল আৰু চৰকাৰৰ লগতে ৰাজ্যপাল জগদীশ মুখী আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালেও নিৰ্বাচন আয়োগক ২০ এপ্ৰিলৰ ভিতৰত ভোটগ্ৰহণ অনুষ্ঠিত কৰাৰ বাবে অনুৰোধ জনাইছে ।

আনহাতে, শেহতীয়া তথ্য অনুসৰি ১২ আৰু ১৩ জানুৱাৰীত নিৰ্বাচনৰ প্ৰস্তুতিৰ বুজ ল’বলৈ অসমলৈ আহিব দেশৰ নিৰ্বাচন আয়োগৰ এটা প্ৰতিনিধি দল ।

একেদৰে নিৰ্বাচন আয়োগে ইতিমধ্যে পৰ্যায়ক্ৰমে অসমলৈ ই ভি এম প্ৰেৰণৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিছে । একেদৰে সুকলমে নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে অৰ্ধ সামৰিক বাহিনীৰ অতিৰিক্ত কোম্পানীও অসমলৈ প্ৰেৰণ কৰাৰ প্ৰক্ৰিয়া কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে আৰম্ভ কৰিছে ।

বিধায়ক বিমল বড়াৰে ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সাক্ষাৎ

ৰাজ্যৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষকসকলৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি চৰকাৰৰ অনীহাক অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে তীব্ৰ ভাষাৰে গৰিহণা দিছে। বিশেষকৈ প্ৰাথমিক বিদ্যালয়ত আজিও প্ৰধান শিক্ষক পদ সৃষ্টি নকৰাটো আৰু সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি প্ৰাথমিক বিদ্যালয়ত কৰ্মৰত স্নাতক শিক্ষকৰ গ্ৰেড পে ৮৭০০ টকা আদায় দিয়াৰ পাছত আকৌ ঘূৰাই লোৱাটো আশ্চৰ্যৰ বিষয়। এই দাবীত সন্মিলনীয়ে ২২ জানুৱাৰীত মুখ্যমন্ত্ৰীৰ চৰকাৰী বাসভৱন ঘেৰাও কাৰ্যসূচী ঘোষণা কৰিছে। এই সন্দৰ্ভত ৰাজ্যৰ সকলো বিধায়কক সৱিশেষ জ্ঞাত কৰিবলৈ স্মাৰক পত্ৰ প্ৰদানৰ এক কাৰ্যসূচী ৰূপায়ণ কৰা হয়। আজি ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সম্পাদক পংকজ বড়া, জয়পুৰ শিক্ষাখণ্ডৰ সাংগঠনিক সভাপতি মুনিন গগৈ, জিলাৰ প্ৰাক্তন সভাপতি পদ্মেশ্বৰ ৰাইদিঙীয়াৰ নেতৃত্বত যোৱা এটি সঁজাতি দলে টিংখাঙৰ বিধায়ক বিমল বড়াক সাক্ষাৎ কৰি প্ৰাথমিক শিক্ষকৰ সমস্যাৰ সন্দৰ্ভত অৱগত কৰি স্মাৰক পত্ৰ প্ৰদান কৰে। ২০১৯ চনৰ ৩০ ডিচেম্বৰত মুখ্যমন্ত্ৰীৰে হোৱা আলোচনাত প্ৰধান শিক্ষক পদ সৃষ্টিৰ বাবে শিক্ষা আৰু বিত্ত বিভাগক নিৰ্দেশনা সত্বেও আজিপৰ্যন্ত কাৰ্যকৰী নকৰি মুখ্যমন্ত্ৰীৰ আসনৰ গৰিমা ম্লান কৰিছে বুলি সন্মিলনীয়ে অভিযোগ ঊত্থাপন কৰিছে। শেহতীয়াকৈ সন্মিলনীৰ স’তে ৫ আৰু ১৪ নৱেম্বৰত শিক্ষামন্ত্ৰীৰ আলোচনাৰ অন্তত জ্যেষ্ঠ সহকাৰী শিক্ষকৰ পদটো প্ৰধান শিক্ষকৰ পদলৈ পদোন্নতি কৰাবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে যদিও কোনো সময় সীমা নিৰ্দ্ধাৰণ নকৰাত সন্মিলনী সন্দিহান হৈ পৰিছে। স্মাৰক পত্ৰত দেশৰ কোনো ৰাজ্যতে নোহোৱা নোপোজা ঘটনা অসমৰ প্ৰাথমিক শিক্ষা বিভাগত সংঘটিত হৈছে বুলি এক গুৰুতৰ অভিযোগ কৰিছে। অসম চৰকাৰৰ কেবিনেট আৰু ৰাজ্যপালৰ দ্বাৰা অনুমোদিত সপ্তম দৰমহা বিধিক বিভাগে নসাৎ কৰিছে। দৰমহা বিধি অনুসৰি প্ৰাথমিক বিদ্যালয়ৰ স্নাতক শিক্ষকক গ্ৰেড পে ৮৭০০ টকা সোতৰ মাহে আদায় দিয়াৰ পাছত ৭৪০০ টকালৈ অৱনমিত কৰা হয়। উল্লেখ্য যে দৰমহা বিধিয়ে ৰাজ্য চৰকাৰৰ ৩১ বিভাগৰ কৰ্মচাৰীৰ গ্ৰেড পে বৃদ্ধি কৰিছিল আৰু উদ্দেশ্যপ্ৰণোদিতভাৱে প্ৰাথমিক শিক্ষকৰ গ্ৰেড পে আঁসোৱাহ নিৰাময় সমিতিৰ যোগে কৰ্তন কৰি চৰম প্ৰতাৰণা কৰিছে। এবাৰ আদায় দিয়াৰ পাছত পুনৰ কৰ্তন কৰি শিক্ষকসকলক বঞ্চিত কৰি ক্ষোভিত কৰি তুলিছে। এনে কাৰ্য কেতিয়াও সমৰ্থনযোগ্য নহয় বুলি স্মাৰক পত্ৰত উল্লেখ কৰিছে। সন্মিলনীয়ে অতি সোনকালে ইয়াৰ কাৰ্যকৰীকৰণ কৰি প্ৰাথমিক শিক্ষকক ন্যায্য প্ৰদান কৰিবলৈ আহ্বান জনাইছে। অন্যথাই ২২ জানুৱাৰীত মুখ্যমন্ত্ৰীৰ বাসগৃহ ঘেৰাও কৰি শৈক্ষিক ক্ষেত্ৰ বাদ দি বিত্তীয় লেন দেন তথা তথ্য আদান-প্ৰদানৰ সকলো ধৰণৰ কাৰ্যৰ পৰা শিক্ষকসকল আঁতৰি থাকিব বুলি হুংকাৰ প্ৰদান কৰিছে। উক্ত কাৰ্যসূচীৰ আগতেই বিভাগে প্ৰধান শিক্ষক পদ সৃষ্টি আৰু স্নাতক শিক্ষকৰ গ্ৰেড পে পুনৰ ঘূৰাই দিয়াৰ বাবে নিৰ্দেশনা জাৰি কৰি কাৰ্যকৰী কৰিবলৈ অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে আহ্বান জনাইছে। লগতে প্ৰাথমিক শিক্ষাৰ গতিশীলতাত কোনো জটিলতাৰ সৃষ্টি হ’লে প্ৰাথমিক শিক্ষক সমাজ জগৰীয়া নহ’ব বুলি সকীয়াই দিয়ে। এই সম্পৰ্কে সকলো বিধায়ক, শিক্ষা বিষয়া, মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰীক ইতিমধ্যে অৱগত কৰা হৈছে। মুখ্যমন্ত্ৰীৰ বাসগৃহ ঘেৰাও কাৰ্যসূচী ৰূপায়নৰ বাবে ডিব্ৰুগড় জিলাৰ প্ৰাথমিক শিক্ষকসকললৈ আহ্বান জনাইছে ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি পুষ্পধৰ তামুলী আৰু সম্পাদক পংকজ বড়াই।