হাউলীৰ জয়পুৰত বেঁকী নদীক কেন্দ্ৰ কৰি পুনৰ অবৈধ শিল-বালিৰ মহল গঢ়ি উঠিছে । বৰপেটা ৰোড বনাঞ্চালৰ হাউলী আৰক্ষী থানাৰ অন্তৰ্গত হাউলীৰ ওচৰৰ জয়পুৰ বেঁকী নদীত একাংশ অসাধু ব্যৱসায়ীয়ে পুনৰ অবৈধ মহল গঢ়ি তুলি শিল-বালিৰ ৰমৰমীয়া ব্যৱসায় আৰম্ভ কৰা পৰলক্ষিত হৈছে । সম্প্ৰতি একাংশ লোকে অবৈধ ভাবে চৰকাৰক ৰাজহ ফাঁকি দি বনজ সম্পদৰ লুন্ঠন কাৰ্য অব্যাহত ৰখাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে । বন বিভাগৰ কোনো ধৰণৰ অনুজ্ঞাপত্র নোলোৱাকৈ অবৈধ ব্যৱসায়ী সকলে একাংশ শ্ৰমিকৰ দ্বাৰা নদীৰ পৰা শিল-বালি সংগ্ৰহ কৰি আহিছে । শিল-বালি সমূহ ট্ৰাক, ট্ৰেক্টৰৰ জৰিয়তে হাউলী থানাৰ সন্মুখেৰে দৈনিক গঢ়ে ৬০ৰ পৰা এশখনকৈ গাড়ী জিলা খনৰ বিভিন্ন ঠাইত বিক্ৰী কৰি থকা হৈছে বুলি অভিযোগ উঠিছে । ইয়াৰ ফলত অসম চৰকাৰৰ বন বিভাগ লাখ লাখ টকাৰ ৰাজহৰ পৰা বঞ্চিত হব লগীয়া হৈছে । এনেদৰে বনজ সম্পদৰ লুন্ঠন কাৰ্যত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । এনে কাৰ্য অতি সোনকালে বন্ধ কৰিবলৈ বন মন্ত্রীৰ হস্থক্ষেপ দাবী কৰিছে স্থানীয় ৰাইজে ।
মুম্বাইৰ হোটেলৰ পৰা ড্ৰাগছ গোচৰত NCBএ আটক কৰে আন এগৰাকী অভিনেত্ৰীক
বলীউড আৰু ড্ৰাগছ এৰা নপৰাৰ দৰেই হৈ পৰিছে। এইবাৰ আকৌ এগৰাকী অভিনেত্ৰীক আটক কৰে NCBএ। মুম্বাইৰ হোটেলৰ পৰাই ড্ৰাগছ ব্যৱহাৰৰ সন্দেহত আটক অভিনেত্ৰী গৰাকী। নিয়া নাৰ্কোটিক্স কণ্ট্ৰ’ল ব্যুৰ’(NCB)ৰ জালত যেন এটাৰ পিছত এটাকৈ সকলো ড্ৰাগছ কেছ খোল খাব।
জানিব পৰা অনুসৰি মুম্বাইৰ মীৰা ৰ’ডৰ এখন হোটেলৰ পৰা এনচিবিয়ে দক্ষিণৰ এগৰাকী অভিনেত্ৰী গৰাকীক আটক কৰে। যি সময়ত হোটেল খনত উপস্থিত আছিল দুজন ড্ৰাগছ সৰবৰাহকাৰী। আৰু লগত আছিল ৪০০ গ্ৰাম ওজনৰ ৮ৰ পৰা ১০ লাখ টকাৰ মূল্যৰ ড্ৰাগছ।
অৱশ্যে অভিনেত্ৰী গৰাকীৰ পৰিচয় সন্দৰ্ভত কোনে ধৰণৰ তথ্য সদৰি কৰা নাই এনিবিয়ে। পিছি দুই ড্ৰাগছ সৰবৰাহকাৰীৰ পৰিচয় দিছে। তাৰে এজন হৈছে চান্দ মহম্মদ আৰু আনজন চৈয়দ।
ডিমৌৰ শিশু সকলৰ বাবে ঐতিহাসিক সমলেৰে ভৰপূৰ শিশু গৃহ স্হাপন কৰিলে এজন শিক্ষকে
ইংৰাজী নৱবৰ্ষই ডিমৌৰ শিশু সকলৰ বাবে কঢ়িয়াই আনিছে এটি সু-খবৰ । ডিমৌ ৰাজহ চক্রৰ অন্তৰ্গত তথা ডিমৌ সমীপৰ নিতাইপুখুৰী গড়ভগা গাঁৱৰ শিল্পী , কীৰ্তি শিক্ষক শিশুৰাম ভৰলুৱাই গাঁঠিৰ ধনেৰে নিজা প্ৰচেষ্টাত ঘৰতে জ্যোতিময় ৰংপুৰ নক্সালয়ৰ মুকলি কৰিছে । এই নক্সালয়ত ঐতিহাসিক কীৰ্তিচিহ্ন আৰু শিশুসকলৰ মানসিক বিকাশৰ বাবে বহু তথ্য সম্বলিত সমল থাকিব। উক্ত শিশু সংগ্ৰহালয়ত শিল্পী তথা কীৰ্তি শিক্ষক গৰাকীয়ে সন্নিৱিষ্ট কৰিছে ৰংঘৰ, বিষ্ণুদৌল,বৰটুপ,আদি বহু ঐতিহাসিক কীৰ্তিচিহ্নৰ উপৰি অসম সচিবালয়, শৰাই, জাপি, আৰু অন্যান্য বহু সমল সম্বলিত তথ্যৰে এই গৃহলৈ অহা শিশু সকলে জ্ঞান লাভ কৰিব পাৰিব । এই সন্দৰ্ভত শিল্পী শিশুৰাম ভৰলুৱাই জানিবলৈ দিছে যে, দিঘলীয়া লকডাউনত ঘৰতে থাকি জ্যোতিময় ৰংপুৰ নক্সালয়ৰ যোগেদি শিশু সকলৰ মানসিক বিকাশৰ লক্ষ্যৰে এই কৰ্মত নিয়োজিত হোৱাৰ কথা ব্যক্ত কৰিছে। যাৰ জড়িতে দুখিয়াশ্ৰেণীৰ শিশু সকলে বাহিৰলৈ নোযোৱাকে এই সমুহ উপৰত জ্ঞান লাভ কৰিবলৈ সক্ষম হব বুলি জনাইছে। এই নক্সালয়টো উদ্ধোধনী অনুষ্ঠানৰ লগত সংগতি ৰাখি দিনযোৰাকৈ এক সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। অনুষ্ঠাত উপস্থিত শিশু সকলে গীত, নৃত্য, সংগীত পৰিবেশন কৰি উপস্থিত ৰাইজক আপ্লুত কৰে।

বেংমৰা কাপ ফুটবল প্ৰতিযোগিতাৰ সফল সামৰণি
বেংমৰা ক্ৰীড়া মঞ্চৰ উদ্যোগত,সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ তত্বাৱধানত তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ সৌজন্যত বৰগুৰি আঞ্চলিক ক্ৰীড়া সন্থা আৰু লেজাইহোলা জানমুখ যুৱ সংঘৰ সহযোগত ২৬ ডিচেম্বৰ পৰা অনুষ্ঠিত বেংমৰা কাপ ২০২০ ফুটবল প্ৰতিযোগিতা খনিৰ ৩ জানুৱাৰীত সফল সামৰণি পৰে।
চূড়ান্ত প্ৰতিযোগিতা খনিৰ শুভ উদ্বোধন কৰে প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায়ৰ ফুটবল ৰেফাৰী শঙ্কৰ গুপ্তই । বেংমৰা কাপ ২০২০ ফুটবল প্ৰতিযোগিতাৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা “ক্ৰীড়ন” ক্ৰীড়া আলোচনী উন্মোচন কৰে সদৌ অসম মটক সন্মিলনৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক কিৰণ ৰাজখোৱাই ।
শ্ৰীপুৰীয়া ফুটবল একাডেমি বনাম দুলিয়াজান ফুটবল একাডেমিৰ মাজত অনুষ্ঠিত হোৱা খেলখনিত নিৰ্ধাৰিত সময়লৈকে ০-০ গলত ড্ৰ হোৱাত ট্ৰাইবেকাৰ পদ্ধতিত শ্ৰীপুৰীয়া ফুটবল একাডেমিয়ে দুলিয়াজান ফুটবল একাডেমিক ৪-১ গলৰ ব্যৱধানত পৰাজিত কৰি বিজয় সাব্যস্ত কৰে।
চূড়ান্ত প্ৰতিযোগিতাৰ মুকলি সভা আৰু বঁটা বিতৰণী
অনুষ্ঠানত সদৌ অসম মটক যুৱ-ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা কল্যাণ বৰা, সভাপতি তুষাৰঞ্জন চেতিয়া, সাধাৰণ সম্পাদক উজ্জ্বল বৰুৱা, বেংমৰা ক্ৰীড়া মঞ্চৰ সভাপতি মৃদুল ৰাজখোৱা, প্ৰাক্তন আন্তৰাষ্ট্ৰীয় পৰ্যায় ফুটবল খেলুৱৈ প্ৰাঞ্জল প্ৰতিম নেওগ, প্ৰাক্তন ৰাষ্ট্ৰীয় পৰ্যায় ফুটবল খেলুৱৈ প্ৰশান্ত গগৈ, অকণমান সোণোৱাল, বৰগুৰি আঞ্চলিক ক্ৰীড়া সন্থাৰ সভাপতি জিতেন গগৈ, সম্পাদক বিনন্দ বৰুৱা, লেজাইহোলা জানমুখ যুৱ সংঘৰ সভাপতি পৰ্যন্ত বৰুৱা, সম্পাদক মনোজ মৰান, তিননিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ উপ সভাপতি নিল কান্ত ফুকণ, সদৌ অসম মটক সন্মিলনৰ উপ সভাপতি সৰুজ গোঁহাই, অমৃত ৰাজখোৱা, শিক্ষক,কবি সাহিত্যিক,ফটিক চন্দ্ৰ নেওগ, বিশিষ্ট চিন্তাবিদ মটক জনগোষ্ঠী, পানীতোলা স্পৰ্টচ একাডেমিৰ সভাপতি মৃদুপৱন চেতিয়া, জাতীয়তাবাদী যুৱ পৰিষদৰ তিনিচুকীয়া জিলা সমিতিৰ সম্পাদক প্ৰাঞ্জল নেওগ, সদৌ অসম মটক যুৱ -ছাত্ৰ পৰিষদ ডিব্ৰুগড় জিলাৰ সভাপতি সত্য গোঁহাই, সম্পাদক উমাকান্ত গগৈ, তিনিচুকীয়া জিলাৰ সভাপতি কৃষ্ণকান্ত কাকতি, উপ সভাপতি নয়নমণি ফুকণ, সম্পাদক হৃদয় গোহাঁই উপস্থিত থাকে।
প্ৰতিযোগিতাৰ বিজয়ী দলক নগদ ২০,০০১/- ,বিজিত-১০,০০১/- আৰু শ্ৰেষ্ঠ খেলুৱৈ আয়ূস দাসক নগদ ৩০০১/- টকা সহ ট্ৰফী ও প্ৰশংসা পত্ৰৰে পুৰস্কৃত কৰে বুলি উদ্যাপন সমিতিৰ যুটীয়া সম্পাদক ৰমেন গগৈয়ে জানিবলৈ দিয়ে ।
বিতৰ্কৰ আৱৰ্তত নগাঁও আৰক্ষী : চৌৰ্যবৃত্তিৰ অভিযোগ তুলি ব্যৱসায়ীয়ে তৰিলে গোচৰ
থানাৰ ভিতৰতে অপৰাধীৰ হাতত প্ৰহৃত হৈ অসম আৰক্ষীক কলংকিত কৰা নগাঁৱৰ মৰিকলং আৰক্ষী চকী পুনৰ বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছে। মৰিকলং আৰক্ষী চকীৰ আক্ৰমণৰ ঘটনাৰ দুমাহ উকলি যোৱাৰ পিছতো মুল অভিযুক্তক গ্ৰেপ্তাৰ কৰাত ব্যৰ্থ হোৱা নগাঁৱৰ মৰিকলং আৰক্ষীয়ে সাধাৰণ মাছ ব্যৱসায়ীক ডকা-হকা দি বজাৰত বিক্ৰী কৰিবলৈ অনা মাছ কাঢ়ি নিয়াৰ অভিযোগ উঠিছে। জানিবপৰা মতে ইদ্ৰিছ আলী নামৰ এগৰাকী মাছ ব্যৱসায়ীয়ে এই অভিযোগৰ ভিত্তিৰ মৰিকলং আৰক্ষীৰ বিৰুদ্ধে তৰিছে গোচৰ। আলীৰ অভিযোগ অনুসৰি আজি পুৱা তেঁও বজাৰলৈ মাছ বিক্ৰী কৰিবলৈ যোৱাৰ সময়ত মৰিকলং আৰক্ষী চকীৰ সন্মুখতে আৰক্ষীৰ এটা দলে তালাচীৰ বাবে ৰখাই। আৰক্ষীৰ দলটোৱে আলীৰ পৰা নগদ ১হাজাৰ টকা দাবী কৰে। কিন্তু আলীয়ে ১হাজাৰ টকাৰ পৰিৱৰ্তে ১০০টকা দিয়াত খঙতে মৰিকলং আৰক্ষীৰ দলটোৱে তেঁও বিক্ৰী কৰিবলৈ নিয়া সকলো মাছ কাঢ়ি লয়। ইয়াৰ পিছতে আৰক্ষীৰ দলটোৱে ১হাজাৰ টকা নিদিয়ালৈকে মাছ উভতাই নিদিয়াৰো ভাবুকি দিয়ে। ইদ্ৰিছ আলীয়ে তেঁওৰ মাছ খিনি ঘূৰাই দিয়াৰ বাবে বহুবাৰ অনুৰোধ জনোৱাৰ পিছতো মৰিকলং আৰক্ষীয়ে তেঁওক মাছ ঘূৰাই নিদিয়াত তেঁও উপায়হীন হৈ মৰিকলং আৰক্ষীৰ বিৰুদ্ধে আৰক্ষী চকীত এজাহাৰ প্ৰদান কৰে। এই ঘটনাৰ পিছতে ইদ্ৰিছ আলীয়ে নগাঁৱৰ সংবাদ মাধ্যমকো তেঁওক সহায়ৰ বাবে আহ্বান জনাই। আনহাতে এই সমগ্ৰ অভিযোগক অৱশ্যে নস্যাৎ কৰিছে মৰিকলং আৰক্ষীয়ে। আৰক্ষীৰ মতে ইদ্ৰিছ আলীৰ এই অভিযোগ সম্পূৰ্ণ মিছা।
ডবকাত ধান ক্ৰয় কেন্দ্ৰ পুনৰ মুকলিৰ দাবীত কৃষক ৰাইজৰ উত্তাল প্ৰতিবাদ
একাংশ দুষ্ট প্ৰকৃতিৰ লোকৰ অপপ্ৰচাৰত ডবকাৰ চাংমাজি পথাৰত থকা ধান ক্ৰয় কেন্দ্ৰটোত ধান ক্ৰয় প্ৰক্ৰিয়া বন্ধ ৰাখিছে প্ৰশাসনে ৷ দুষ্ট চক্ৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহনৰ দাবী ৷
হোজাই জিলাৰ ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত চাংমাজি গাৱৰ ধান ক্ৰয় কেন্দ্ৰটো পুনৰ মুকলি কৰাৰ দাবীত কালি আবেলি শতাধিক ৰাইজে প্ৰতিবাদ সাব্যস্থ কৰি পৰিবেশ উত্তাল কৰি তোলে ৷ প্ৰতিবাদ কৰাৰ অন্তত ৰাইজে ডবকা ৰাজহ চক্ৰ বিষয়াক এক স্মাৰক পত্ৰওঁ প্ৰদান কৰে ৷ দুদিনমান পূৰ্বেও জিলা উপায়ুক্তৰ ওপৰত কৃষক ৰাইজে অভিযোগ দাখিল কৰিছিল। প্ৰাপ্ত তথ্য অনুসৰি হোজাই জিলাৰ যমুনামুখ সমষ্টিৰ কৃষক ৰাইজৰ প্ৰৱল দাবীৰ প্ৰতি সহাৰি জনাই অসম চৰকাৰৰ অসামৰিক যোগান পৰিসমিতিয়ে কৃষি প্ৰধান অঞ্চল ডবকাৰ চাংমাজি পথাৰ গাৱত এটি ধান ক্ৰয় কেন্দ্ৰ স্থাপন কৰিছিল ৷ ধান ক্ৰয় কেন্দ্ৰটো স্থাপন হোৱা খবৰ পাই যমুনামুখ সমষ্টিবাসী ৰাইজ উৎফল্লিত হৈ পৰিছিল ৷ তাৰে মাজতে কেন্দ্ৰটো স্থাপন কৰাক লৈ এটি দুষ্ট চক্ৰই কেন্দ্ৰটো স্থানান্তৰিত কৰাৰ বাবেই গভীৰ ক্ষড়যন্ত্ৰ ৰচাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ কৃষক ৰাইজে কৰা অভিযোগ অনুসৰি ধান ক্ৰয় আৰম্ভ কৰাৰ দিনাই দুষ্ট চক্ৰটোৱে কেন্দ্ৰটোৰ বিৰুদ্ধে হকে বিহকে বিভিন্ন মাধ্যমত অপপ্ৰচাৰ কৰাৰ লগতে এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে। এনে ধৰনৰ অপপ্ৰচাৰৰ ফলত হোজাই জিলা প্ৰশাসনে ধান ক্ৰয়ৰ প্ৰক্ৰিয়া বন্ধ কৰি দিয়ে। ধান ক্ৰয় প্ৰক্ৰিয়া বন্ধ হোৱাৰ ফলত দুখীয়া কৃষক ৰাইজৰ মাজত এক প্ৰকাৰ হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ৷ ৰাইজে এনে ধৰনৰ অপপ্ৰচাৰত ভূল নগৈ কেন্দ্ৰটো বন্ধ নকৰি ধান ক্ৰয়ৰ প্ৰক্ৰিয়া অৱ্যাহত ৰখা আৰু দুষ্ট চক্ৰটোৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহন কৰিবলৈ যোৱা ৩০ ডিচেম্বৰত তাৰিখে হোজাইৰ উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰিছিল ৷ তাৰ পাছতো ৰাইজে কোনো সুফল নোপোৱাৰো অভিযোগ উত্থাপিত হৈছে ৷ ইফালে কৃষক ৰাইজে নিজে উৎপাদন কৰা ধান উচিত মূল্যত বিক্ৰি কৰাৰ পৰা বঞ্চিত হব লগা হোৱাত ক্ষোভিত হৈ পৰে ৷ ক্ষোভিত কৃষক সকলে চাংমাজি পথাৰ গাৱত থকা ধান ক্ৰয় কেন্দ্ৰটোৰ সন্মুখত উপস্থিত হৈ ‘ধান ক্ৰয় কেন্দ্ৰটো অতিশীঘ্ৰে মুকলি কৰক’, ‘কেন্দ্ৰৰ বিৰুদ্ধে অপপ্ৰচাৰ বন্ধ কৰক’, ‘কেন্দ্ৰ বিৰুদ্ধে ক্ষড়যন্ত্ৰ বন্ধ কৰক’, ক্ষড়যন্ত্ৰকাৰী সকলৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰক আদি বিভিন্ন শ্লোগানেৰে সমগ্ৰ পৰিবেশ উত্তাল কৰি তুলে ৷ প্ৰতিবাদৰ অন্তত কৃষক ৰাইজে অতিশীৰ্ঘ্ৰে ধান ক্ৰয় কেন্দ্ৰটো মুকলি কৰাৰ দাবীত ডবকা ৰাজহ চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰে ৷


শ্মশানত মৃতদেহ দাহ কৰিবলৈ আহি মৃত্যু ২৫জনৰ
দেওবাৰে উত্তৰ প্ৰদেশৰ গাজিয়াবাদ জিলাৰ মুৰাদনগৰৰ এখন শ্মশানৰ মূধচ খহি পৰাত মৃত্যুৰ মুখত পৰে ২৫জন লোক। লগতে ১৫জনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে । স্থানীয় চৰকাৰী চিকিৎসালয়ৰ চিকিৎসা বিষয়া অনুৰাগ ভাৰ্গৱে সংবাদ মাধ্যমক জনোৱা মতে, আহত সকলক চিকিৎসা প্ৰদান কৰি থকা হৈছে।

দেওবাৰে ১০.৩০ বজাত শ্মশানখনত মৃতকৰ অন্ত্যেষ্টিক্ৰিয়াত ১০০ৰো অধিক লোকৰ সমাগম হৈছিল। প্ৰবল বৰষুণ দিয়াৰ বাবে সমবেত লোকসকল এখন মূধচৰ তলত গোট খাইছিল। তেতিয়াই প্ৰৱল বৃষ্টিপাত সহিব নোৱাৰি মূধচখন খহি পৰে।

উল্লেখযোগ্য যে নগৰ নিগমে মাথোঁ কেইমাহমানৰ আগতে এই মূধচখন নিৰ্মাণ কৰি দিছিল। স্থানীয় লোকৰ মতে, নিম্নমানৰ সামগ্ৰীৰে মূধচখন নির্মাণ কৰা হৈছে যাৰ কাৰণে বৰষুণ সহিব নোৱাৰি খহি পৰিল।

আনহাতে NDRFৰ শীৰ্ষ বিষয়াই জনোৱা মতে, ১ বজাত তেওঁলোকৰ দল ঘটনাস্থলীত উপস্থিত হয় আৰু ৬ বজালৈ উদ্ধাৰ অভিযান চলি থাকে। উত্তৰ প্ৰদেশ আৰক্ষীয়ে নগৰ নিগমৰ অধিকাৰীৰ বিৰুদ্ধে ইতিমধ্যে গোচৰ ৰুজু কৰিছে।
হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা : এইবাৰ ছাত্ৰীয়ে পাব প্ৰতিদিনৰ ক্লাছৰ বাবদ ১০০ টকা !
ৰাজ্যৰ শিক্ষাৰ্থীলৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা । ৰাজ্যৰ প্ৰতিগৰাকী ছাত্ৰীয়ে প্ৰতিদিনে স্কুল-কলেজলৈ যোৱা বাবদ ১০০ টকাকৈ প্ৰদান কৰাৰ ইচ্ছা প্ৰকাশ কৰে মন্ত্ৰী শৰ্মাই । লগতে স্নাতক বৰ্ষৰ ছাত্ৰীকো কিতাপ-পত্ৰৰ বাবদ দিয়া হ’ব ১৫০০ টকাকৈ। শিৱসাগৰত অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতীৰ অধীনত ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান অনুষ্ঠানত এই সন্দৰ্ভত ইতিমধ্যে পৰিকল্পনা কৰা হৈছে বুলি জনাই মন্ত্ৰী শৰ্মাই । আনুষ্ঠানটোত ৯৪৮ গৰাকী মেধাৱী ছাত্ৰীক স্কুটি বিতৰন কৰা হয় ।
আনহাতে স্নাতকৰ শিক্ষাৰ্থীক ১৫০০ আৰু বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীক ২০০০ কৈ এই মাহৰ শেষত টকা প্ৰদান কৰিব ৰাজ্য চৰকাৰে ।
হোজাইত প্ৰজ্ঞান ভাৰতীৰ অধীনত ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান
হোজাইৰ শংকৰদেৱ নগৰ কাছাৰী ময়দানত অসম চৰকাৰৰ প্ৰজ্ঞান ভাৰতীৰ অধীনত ড৹ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদান ।

উক্ত অনুষ্ঠানত ৬৩৪ গৰাকী ছাত্ৰীক স্কুটি বিতৰন কৰা হয় । উচ্চ শিক্ষা বিভাগ, অসম চৰকাৰৰ অধীনত হোজাইৰ শংকৰদেৱ নগৰ কাছাৰী ময়দানত মন্ত্ৰী পীযুষ হাজৰিকাই বিতৰণ কৰে স্কুটি সমূহ ৷
সভাত হোজাইৰ বিধায়ক শিলাদিত্য দেৱ, লামডিংৰ বিধায়ক শিবু মিশ্ৰ, জিলা পৰিষদৰ সভানেত্ৰী ৰমাৱালা দেৱী, সুশিল দত্ত, বিজেপিৰ জিলা সভাপতি অনুপ দেৱ, লংকা মহাবিদ্যালয়ৰ অধ্যক্ষ শিং উপস্থিত থাকে।
বিলাসীপাৰাত দৰিদ্ৰ জনতাৰ মাজত জোনাকী এছোছিয়েছনৰ কম্বল বিতৰণ
পশ্চিম অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰাত মানুহ মানুহৰ বাবে এক সুস্থ সমাজিক -সাংস্কৃতিক আৰু শৈক্ষিক আঞ্চলিক সেচ্ছাসেৱী সন্থা জোনাকী এছোছিয়েছনৰ সম্পাদক, মস্তাফিজুৰ ৰহমান আৰু লগতে কৰ্মকৰ্ত্তা সকলৰ মানৱীয় যাত্রাৰ মহান অংশ স্বৰুপে বিলাসীপাৰা বানিয়াপৰা আৰু বাতাপাৰা অঞ্চল সমূঁহৰ দৰিদ্ৰ -নিপিঢ়িত ব্যক্তি সকলৰ মাজত আজি নৱবৰ্ষৰ দ্বিতীয় দিনা খনত কম্বল বিতৰণ কাৰ্য্যসূচী ৰূপায়ণ কৰে।
উল্লেখ্য বিতৰণ কাৰ্য্যসূচী খনত জোনাকী এছোছিয়েছনে বিলাসীপাৰা আৰক্ষী নিৱেশৰ টাউন পৰিদৰ্শক প্ৰনৱ দলেৰ নিজৰ কৰ্তব্য দায়িত্বৰ প্ৰতি লক্ষ্য ৰাখি এখন মানপত্র প্ৰদান কৰে, ইয়াৰ উপৰিও বিলাসীপাৰা চহৰৰ সমাজ সেৱক তথা ডঃ কানুলাল দাসৰ এক মহানুৱতাৰ প্ৰতি লক্ষ্য ৰাখি এখন মানপত্র বিতৰণ কৰে। মনকৰিবলগীয়া যে উক্ত কাৰ্যসুচী খনত ৰোকাখাতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক বজন্দ্ৰ নাথ,আদিকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তিও উপস্থিত থাকে।।












