Home Blog Page 3083

প্ৰধানমন্ত্ৰীয়ে আৰম্ভ কৰিব ‘কেচ দি ৰেইন’ অভিযান

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বিশ্ব জল দিৱসত ‘জল শক্তি অভিযান- কেচ দি ৰেইন’ অভিযান আৰম্ভ কৰিব।নদীৰ আন্তঃসংযোগৰ বাবে ৰাষ্ট্ৰীয় দৃষ্টিকোণ পৰিকল্পনাৰ প্ৰথম প্ৰকল্প কেন বেতৱা সংযোগ প্ৰকল্প ৰূপায়ণ ৰখাৰ ঐতিহাসিক বুজাবুজি চুক্তিও অনুষ্ঠানটোত উত্তৰ প্ৰদেশ আৰু মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীসকলে স্বাক্ষৰ কৰিব।প্ৰধানমন্ত্ৰীয়ে’এক বিবৃতিত কয় যে গ্ৰাম্য আৰু নগৰ দুয়োটা অঞ্চলত সমগ্ৰ দেশত এই অভিযান আৰম্ভ কৰা হ’ব। ‘কেচ দি ৰেইন’য’ত পৰে, যেতিয়াই পৰে”।

ইয়াক ২২ মাৰ্চৰ পৰা ৩০ নৱেম্বৰলৈ ৰূপায়ণ কৰা হ’ব – দেশত মৌচুমী আৰু মৌচুমীৰ পূৰ্বৰ সময়।জনসাধাৰণৰ অংশগ্ৰহণৰ জৰিয়তে তৃণমূল পৰ্যায়ত পানী সংৰক্ষণ কৰাৰ বাবে ইয়াক ‘জন আন্দোলন’ (ৰাজহুৱা আন্দোলন) হিচাপে আৰম্ভ কৰা হ’ব। বতৰৰ পৰিস্থিতি আৰু চাবচঅইল স্তৰৰ বাবে উপযুক্ত বৰষুণৰ পানী সংৰক্ষণ গাঁথনি সৃষ্টি কৰিবলৈ সকলো অংশীদাৰক নজৰ ৰখাৰ উদ্দেশ্য আছে, বৰষুণৰ পানীৰ সঠিক সংৰক্ষণ নিশ্চিত কৰাৰ বাবে, পিএমঅ’য়ে কয়। অনুষ্ঠানটোৰ পিছত, পানী আৰু পানী সংৰক্ষণ সম্পৰ্কীয় বিষয়বোৰ আলোচনা কৰিবলৈ প্ৰতিখন জিলাৰ সকলো গ্ৰাম পঞ্চায়ত নিৰ্বাচনমুখী ৰাজ্যৰ বাহিৰে) গ্ৰাম্য সভা অনুষ্ঠিত হ’ব। গ্ৰাম্য সভাসমূহে জল সংৰক্ষণৰ বাবে ‘জল শপত’ (শপত) ল’ব বুলি উল্লেখ কৰে।

হিমন্ত বিশ্ব শৰ্মাৰ বিশাল ৰ’ড শ্ব’

সোণাৰি সমষ্টিৰ বিজেপি আৰু ইয়াৰ মিত্ৰ দল সমূহৰ প্ৰক্ষেপিত প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ হৈ প্ৰচাৰ চলোৱাৰ উদ্দেশ্যে সোণাৰি লৈ আহে মন্ত্ৰী তথা নেতাৰ আহ্বায়ক ডাঃ হিমন্ত বিশ্ব শৰ্মা । দিনৰ প্ৰায় ১ বজাত সোণাৰি ৰাজহুৱা খেলপথাৰত হেলিকপ্টাৰ যোগে আহি উপস্থিত হোৱাৰ পিছত মন্ত্ৰী গৰাকীয়ে এক বিশাল ৰ’ড শ্ব’ত অংশগ্ৰহণ কৰে । এখন বিলাসী বাহনত উঠি বিজেপি দলৰ ষ্টাৰ কেম্পেইনাৰ গৰাকীয়ে সোণাৰি নগৰৰ মূল পথ ধোদৰ আলিয়েদি উলিওৱা এক বিশাল ৰ’ড শ্ব’ত ভাগ লয় । যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ, বিধায়িকা নৱনিতা সন্দিকৈ, বিজেপি প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ সৈতে নগৰ খনৰ মাজেদি প্ৰায় ১ কিলোমিটাৰ ৰ’ড শ্ব’ত  ভাগ লৈ মহাপ্ৰতাপী মন্ত্ৰী গৰাকীয়ে স্থানীয় ভগৱতী প্ৰসাদ বৰুৱা সোঁৱৰণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত উপস্থিত হৈ তাত অনুষ্ঠিত হোৱা এক নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি ভাষণ দিয়ে । সভাত প্ৰাৰ্থী ধৰ্মেশ্বৰ কোঁৱৰৰ উপৰিও সাংসদ তপন কুমাৰ গগৈয়ে ভাষণ দিয়ে ।

কলাইগাঁও বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী পংকজ অসমীয়াৰ নিৰ্বাচনী প্ৰচাৰ তুংগত

ওদালগুৰি আৰু দৰং জিলা সামৰি লোৱা কলাইগাঁও বিধানসভা সমষ্টিত বৰ্তমান প্ৰাৰ্থীত্ব প্ৰক্ষেপ কৰা প্ৰতিটো ৰাজনৈতিক দলৰ লগতে কেইবাজনো নিৰ্দলীয় প্ৰাৰ্থীয়ে নিৰ্বাচনী প্ৰচাৰ তুংগত কৰি তুলিছে। তাৰ ব্যতিক্ৰম নহয় কৰাইগাঁও বিধানসভা সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী পংকজ অসমীয়াও। দূৰদৰ্শনৰ ধাৰাবাহিকৰ লগতে অভিনয় জগতৰ লগত জড়িত অসমীয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জিলা পৰ্যায়ৰ বিষয়ববীয়াৰ পৰা নতুনকৈ ৰাইজৰ দলৰ পৰা ৰাজনৈতিক জীৱনৰ পাতনি মেলিছে। পংকজ অসমীয়াই কলাইগাঁও বিধানসভা সমষ্টিৰ ইতু মুৰৰ পৰা সিতু মুৰলৈ তীব্ৰতৰ কৰি তুলিছে প্ৰচাৰ অভিযান। প্ৰচাৰ অভিযানৰ মাজতে সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাত পংকজ অসমীয়াই কয় – “মইকোনো ধৰনৰ ৰাজনৈতিক মোনাফা আদায় কৰাৰ বাবে বা ক্ষমতাৰ লোভত ৰাজনীতিলৈ অহা নাই মই ৰাইজৰ বিপুল দাবীত ৰাজনীতিলৈ আহিছো আৰু ৰাইজৰ বাবে কাম কৰিবলৈ আহিছোঁ। কলাইগাঁও বিধানসভা সমষ্টিত আজিলৈ শিক্ষা, স্বাস্হ্য খণ্ডৰ উন্নয়নৰ লগতে গৰাখহনীয়া, বানপানী, নিবনুৱাকে বহুতো সমস্যা আছে আৰু সেই সমস্যা বোৰৰ সম্পূৰ্ণ সমাধান আজিলৈকে হৈ উঠা নাই সেয়ে সেই সমস্যা বোৰৰ সমাধানৰ বাবে এজন সবল আৰু শক্তিশালী যুৱ নেতা ৰাইজে বিছাৰিছে আৰু তাৰ বাবে ওলাই আহিছোঁ আৰু ৰাইজৰ সহায় ‌সহয়োগ পাই‌ আনন্দিত হৈছো।”

ওৰাঙত বি পি এফৰ নিৰ্বাচনী কাৰ্য্যলয় মুকলি

ওদালগুৰি জিলাৰ ওৰাঙত ২১মাৰ্চত  বি পি এফৰ নিৰ্বাচনী কাৰ্যালয় শুভ উদ্ধোধন  অনুষ্ঠান হৈ যায় ৷ কাৰ্য্যলয়টো শুভ উদ্বোধন কৰে ৭০ নং মাজবাট বিধানসভা সমষ্টিৰ অন্তৰ্গত পাচঁনৈ চেৰফাং সমষ্টিৰ প্ৰাক্তন কাৰ্য্যবাহী সদস্য শ্যাম চুণ্ডীয়ে ৷শুভ উদ্বোধন অনুষ্ঠানটোত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি ধনশ্ৰী সমষ্টিৰ এম চিএল এ ফ্লেছ মোছাহাৰীয়ে কয়  যে  -এইবাৰ নিৰ্বাচনত ইউ পি পি এল,বিজেপি আৰু জি এছ পিৰ  চৰকাৰ নাথাকিব ৷তেওঁলোকৰ মাজত কোনো বুজা পৰা হোবা নাই ৷তেওঁলোকৰ অবস্থা অতি বেয়া ৷বিজেপি আৰু ইউ পি পি এলে  এইবোৰ নাটক কৰি আছে ৷প্ৰমোদ বড়োবে ৰাইজক দিয়া প্ৰতিশ্ৰুতিবোৰৰ  কোনো এটাও প্ৰতিশ্ৰুতি পালন কৰা নাই ৷কোকৰাঝাৰত চাপ্লাই ,ঠিকা ঠুকুলীৰ নামত ১৫/২০শতাংশ কমিশ্যান সংগ্ৰহৰ  অভিযোগ কৰে মোছাহাৰীয়ে ৷আনকি এম জি এন ৰেগাৰ কামত  ছেয়াৰমেন সকলে চহী মাৰিবলৈ ৩শতাংশ কমিশ্যান সংগ্ৰহ কৰে ৷ এইবোৰ দুৰ্নীতি নহয় নেকী বুলি মোছাহাৰীয়ে ভাষণ প্ৰসংগত উল্লেখ কৰে ৷ বিটিআৰ চুক্তিত একো নাই ৷ বিটিআৰ  চুক্তিৰ মই এগৰাকী চিগনেটৰী হোৱাৰ লগতে মই এজন সদস্য হয় ৷মই কিয় বিপিএফ দলত আহিব লগীয়া হৈছে সেয়া আৰু বহলাই কোৱাৰো প্ৰয়োজন নাই বুলিও তেওঁ ভাষণত কয় ৷মিছা  কথা,মিছা প্ৰলোভন দিয়া বিজেপি চৰকাৰক বহ্মপুত্ৰত দলিয়াই দিব লাগে ৷এইবাৰ মহাজোঁটৰ চৰকাৰ দিশপুৰ হব বুলি ভাষনত উল্লেখ কৰে মোছাহাৰীয়ে৷অনুষ্ঠানটোত ব্লক বিপিএফৰ  সম্পাদক জ্যোতিষ কলিতা,প্ৰাক্তন চেয়াৰমেন  বেনুধৰ অধিকাৰী আদিকে ধৰি বিপিএফৰ বহু নেতা কৰ্মী উপস্থিত থাকে ৷

কাশ্মীৰৰ শ্বপিয়ানত সংঘৰ্ষত চাৰিজন উগ্ৰপন্থী নিহত

দক্ষিণ কাশ্মীৰৰ শ্বপিয়ান জিলাত সোমবাৰে পুৱা নিৰাপত্তা বাহিনীৰ সৈতে হোৱা সংঘৰ্ষত চাৰিজন উগ্ৰপন্থী নিহত হয়। আৰক্ষীৰ মতে উগ্ৰপন্থী লস্কৰ-ই-তৈবা সন্ত্ৰাসবাদী গোটৰ সৈতে জড়িত আছিল।অঞ্চলটোত উগ্ৰপন্থীৰ উপস্থিতিৰ বিষয়ে অৱজ্ঞা কৰাৰ পিছত সেনা, চিআৰপিএফ আৰু আৰক্ষী নিৰাপত্তা বাহিনীৰ এটা দলে মণিহাল গাঁৱত অভিযান আৰম্ভ কৰাৰ পিছত এই সংঘৰ্ষ আৰম্ভ হৈছিল। জম্মু আৰু কাশ্মীৰ আৰক্ষীৰ মুখপাত্ৰই কৈছিল যে সংঘৰ্ষৰ স্থানৰ পৰা চাৰিটা মৃতদেহ উদ্ধাৰ কৰা হৈছিল।

নিৰাপদ উগ্ৰপন্থীৰ পৰা এটা একে-৪৭ ৰাইফল আৰু তিনিটা পিষ্টল জব্দ কৰা হৈছিল।যুদ্ধত এজন সেনা কৰ্মীও আহত হয়। নিৰাপত্তা বাহিনীয়ে সংঘৰ্ষৰ পিছত এটা চিম্বিং অভিযান আৰম্ভ কৰে।আৰক্ষীৰ মুখপাত্ৰই কয় যে আপত্তিজনক সামগ্ৰীৰে উদ্ধাৰ হোৱা চাৰিজন লোক লস্কৰ-ই-তৈবাৰ সৈতে জড়িত আছিল। তেওঁলোকক চিনাক্ত কৰা হোৱা নাই কিন্তু স্থানীয় বুলি সন্দেহ কৰা হৈছে।

যোৱা সপ্তাহত, একে ধৰণৰ অভিযানত শ্বপিয়ানৰ ৰাৱালপোৰা গাঁৱত দুজন শীৰ্ষ কমাণ্ডাৰসহ তিনিজন উগ্ৰপন্থী নিহত হৈছিল। অভিযানটো তিনি দিন ধৰি অব্যাহত আছিল। আৰক্ষীয়ে কৈছিল যে মৃতসকলৰ ভিতৰত আছিল শ্বপিয়ানৰ বিলাসত আহমাদ লোন ওৰফে সজ্জাদ আফগানী। তেওঁ শ্বপিয়ানত জইছ-ই-মহম্মদৰ কমাণ্ডাৰ আছিল।

ওদালগুৰিত সাংস্কৃতিক মহাসভা গঠন

সাংস্কৃতিক মহাসভা অসমৰ  ওদালগুৰি জিলা সমিতিৰ এখন ৰাজহুৱা  সভা যোৱা ২১মাৰ্চত  জাতীয়তাবাদী যুৱছাত্ৰ পৰিষদৰ কাৰ্যলয়ত অনুষ্ঠিত হয়।উক্ত সভাত উপস্হিত থাকি সাংস্কৃতিক মহাসভাৰ ওদালগুৰি জিলা সমিতিৰ সভাপতি ডক্টৰ হৰিৰাম দাস আৰু জিলা সমিতিৰ সম্পাদক প্ৰাঞ্জন চলিহাই মহাসভাৰ  লক্ষ্য উদ্দেশ্য তথা কাৰ্যপন্থাৰ বিষয়ে সদৰি কৰে সাংস্কৃতিক ভৱাপন্নভাৱে সকলে আগবিঢ়ি আহি শুদ্ধ দিশত সাংস্কৃতিক দিশটো আগবঢ়াই নিয়াৰ যাত্ৰা পথৰ সহযোগী হবলৈ আহ্বান জনায়।নৰেন দাসৰ সভাপতিত্বত অনুষ্ঠিত সভা খনৰ আতধৰে জিলা সমিতিৰ সভাপতি উপ ৰঞ্জিত দাসে।উক্ত সভাতে ৰঞ্জু শৰ্মাক সভাপতি,ৰাজীৱ বৰা আৰু ৰমেন দাসক উপসভাপতি,বনমালী দাসক সম্পাদক, জিতু দাসক  সহকাৰী সম্পাদক হিচাপে লৈ সাংস্কৃতিক মহাসভা অসমৰ  ওদালগুৰি আঞ্চলিক সমিতি খন গঠন কৰা হয়।

মৰাণত পুনৰ তিনিজন লোক কভিডত আক্ৰান্ত

মৰাণত নিৰ্বাচনী গৰম বতাহৰ মাজতে ক’ৰোণাৰ পুনৰ সন্ত্ৰাস। আজি মৰাণত তিনিজন লোকৰ দেহত ক’ৰোণা ধৰা পৰাত এতিয়া মৰাণত আতংক সৃষ্টি হৈছে।ডিব্ৰুগড় জিলাৰ মৰাণ ২নং ডোমৰদলঙৰ নিবাসী পতি-পত্নী ক্ৰমে-দমৰিক ধানোৱাৰ(৩৪)আৰু হেলেনা কুল্লু(২৮)লগতে চৰাইদেউ জিলাৰ মৰাণ জ্যোতিপুৰৰ নিবাসী সুমেন্দ্ৰ গগৈৰ পত্নী মৌচুমী গগৈ(৪৮)দেহত আজি ক’ৰোণা পজিটিভ ধৰা পৰিছে।ইয়াৰে সুমেন্দ ধানোৱাৰ আৰু হেলেনা কুল্লুক হোমআইচোলেচনত ৰখাৰ বিপৰীতে মৌচুমী গগৈক ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হস্পিতালৰ ক’ভিড কেয়াৰ চেন্টাৰত ভৰ্তি কৰিছে।

বৰপেটাৰ খংৰাত “নাই ৰশিনী” কাৰ্যসূচী সম্পন্ন

মহিলাসকলোক অধিক সবলীকৰণৰ লক্ষ্যৰে মহিলা সবলীকৰণৰ লক্ষ্যৰে মিনিষ্ট্ৰী অৱ মাইনৰিটি এফেয়াৰ্ছ বিভাগৰ উদ্যোগত আৰু বৰপেটাৰ সামাজিক অনুষ্ঠান পূৱ বৰপেটা ছোচিয়েল ৱেলফেয়াৰ ছোছাইটীৰ সহযোগত বৰপেটা জিলাৰ খংৰাত “নাই ৰশিনী” (Nai Roshni) কাৰ্যসূচী আজি সম্পন্ন হয় ৷ ১৫ মাৰ্চৰ পৰা অনুষ্ঠিত এই কাৰ্যসূচীত প্ৰায় ২৫ গৰাকী মহিলাক বিভিন্ন দিশৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰা হয় ৷ এই কাৰ্যসূচীৰ জড়িয়তে মহিলাসকলোক সমাজত প্ৰচলিত অন্ধবিশ্বাস, কুসংস্কাৰ, বাল্যবিবাহ আদিৰ ক্ষেত্ৰত সজাগ কৰাৰ লগতে শিক্ষাৰ ক্ষেত্ৰত অনগ্ৰসৰ লোকক অধিক আগ্ৰহী কৰি তোলাৰ প্ৰচেষ্টা চলোৱাৰ লক্ষ্য ৰখা হয়। এই কাৰ্যসূচীত মূখ্য অতিথি হিচাবে অংশগ্ৰহণ কৰে শিশু সুৰক্ষা বিষয়া ৰুমী কাকতিয়ে ৷ ৬ দিনীয়াকৈ অনুষ্ঠিত এই কাৰ্যসুচীত ৰিচৰ্জ পাৰ্ছন হিচাবে উপস্থিত থাকে ক্ৰমে প্ৰৱক্তা হবিবৰ ৰহমান, সমাজকৰ্মী ৱাজুল ইছলাম , নুৰ আলমিনা, অৱসৰপ্ৰাপ্ত সহকাৰী শিক্ষক লটিফুৰ ৰহমান আৰু ৰৌমাৰী গাওঁ পঞ্চায়তৰ সভাপতি জুলহাজ আলী। উল্লেখ্য যে ইয়াৰ পূৰ্বে গদিচআলীত ৬ দিনীয়া এই কাৰ্যসূচী সম্পন্ন কৰাৰ লগতে সোণাৰটাৰী, বালাৰটাৰী আৰু চটলাতো “নাই ৰশিনী” কাৰ্যসূচী ৰূপায়ন কৰা হব বুলি পূৱ বৰপেটা ছোচিয়েল ৱেলফেয়াৰ ছোছাইটীৰ সাধাৰণ সম্পাদক হাছান আলীয়ে জানিবলৈ দিয়ে ৷

গৌৰীপুৰৰ ৰূপচীত লক্ষাধিক টকাৰ চোৰাং কাঠ জব্দ

গৌৰীপুৰৰ পৰ্বতঝোৰা বন সংমণ্ডলৰ অধীনস্থ ৰূপচীত বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে বন কৰ্মীয়ে। সুদীৰ্ঘ দিন ধৰি পৰ্বতঝোৰা বন সংমণ্ডলৰ এলেকাত এচাম অসাধু দুষ্ট চক্ৰই দিনে নিশাই পাহাৰৰ মূল্যৱান গছ গছনি চোৰাং কৈ কাটি নি চলাই গৈছে এক ৰমৰমীয়া বেহা । যাৰ বিৰুদ্ধে বন কৰ্মীয়ে চলাই গৈছে তীব্ৰ অভিযান । বাঁশবাৰী আঞ্চলিক বন কাৰ্য্যালয়ৰ ৰেঞ্জাৰ দীপক কুমাৰ ৰায়ৰ অশেষ প্ৰচেষ্টাত চোৰাং কাৰবাৰীৰ কৱলৰ পৰা উদ্ধাৰ কৰে বৃহৎ পৰিমাণৰ চোৰাং শাল কাঠ । যোৱা নিশা এক গোপন সূত্রৰ পম খেদি ৰূপচী খণ্ড বন কাৰ্য্যালয়ৰ এলেকাধীন লালকুৰাৰ পৰা বন কৰ্মীয়ে চোৰাং কাৰবাৰীয়ে মজুত কৰি ৰখা শাল কাঠৰ কুণ্ডা জব্দ কৰি ৰূপচী বন কাৰ্য্যালয় লৈ নিয়ে । উক্ত চোৰাং কাঠ খিনিৰ বজাৰ মূল্য লক্ষাধিক টকা হব বুলি বনকৰ্মীয়ে সাংবাদিকক জানিবলৈ দিয়ে । 

পুনৰ ক’ৰনাত আক্ৰান্ত সাংসদ তপন কুমাৰ গগৈ

পুনৰ ক’ৰনাত আক্ৰান্ত হৈছে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ । দ্বিতীয়বাৰৰ বাবে ক’ৰনাত আক্ৰান্ত সাংসদগৰাকী । চাবুৱাত প্ৰধানমন্ত্ৰীৰ প্ৰচাৰ সভাৰ পূৰ্বে যোৰহাটত কৰা টেষ্টত তেওঁৰ ৰিজাল্ট পজিটিভ আহে ।মোদীৰ সভাৰ মঞ্চত থাকিবলগীয়াসকলৰ কৰা হৈছিল ক’ভিড টেষ্ট । মোদীৰ জন সভাত উপস্থিত থকাৰ কথা আছিল তপন কুমাৰ গগৈ । আনহাতে ইয়াৰ পূৰ্বেও ২০২০ত প্ৰথমবাৰ ক’ৰনাত আক্ৰান্ত হৈছিল সাংসদগৰাকী । ইতিমধ্যে সোনাৰিৰ বাসগৃহত হোম কোৱাৰেন্টাইনত আছে সাংসদগৰাকী ।