Home Blog Page 3088

আজিৰ পৰা আৰম্ভ হোৱা বিধানসভাৰ শীতকালীন অধিৱেশনত কি কি বিধেয়ক উত্থাপন হ’ব ?

আজিৰে পৰা তিনিদিনীয়াকৈ আৰম্ভ হৈছে অসম বিধানসভাৰ শীতকালীন অধিৱেশন। গৃহ, ৰাজনীতি, অসম চুক্তি ৰূপায়ণ আদিক লৈ প্ৰশ্ন উত্থাপন হ’ব সদনত ।

বিত্তমন্ত্ৰীয়ে ২০২০-২১ৰ পৰিপূৰক দাবী আৰু পৰিপূৰক বিনিয়োজন সমূহ দাখিল কৰিব বিধানসভাত। সদনত মুখ্যমন্ত্ৰীয়ে দাখিল কৰিব ‘দ্য আছাম লেংগুৱেজ (এমেণ্ডমেণ্ট বিল) ২০২০। ‘দ্য আসাম টি প্লেণ্টেচন প্ৰভিডেণ্ট ফাণ্ড এণ্ড পেঞ্চন ফাণ্ড ডিপোজিট লিংকড ইঞ্চুৰেন্স ফাণ্ড স্কীম (এমেণ্ডমেণ্ট) বিল ২০২০ উত্থাপন কৰিব মুখ্যমন্ত্ৰীয়ে।

লগতে, ‘দ্য আছাম ইজ অফ ডুয়িং বিজনেছ (এমেণ্ডমেণ্ট) বিল ২০২০ উত্থাপন কৰিব উদ্যোগ মন্ত্ৰীয়ে। বিত্তমন্ত্ৰীয়ে ‘দ্য আছাম টেক্সেছন (লিকুউডেশ্যন অব এৰিয়াৰ দিউজ) (ছেকেণ্ড এমেণ্ডমেণ্ট) বিল ২০২০ উত্থাপন কৰিব। বিত্তমন্ত্ৰীয়ে ‘দ্য আছাম মাইক্ৰ ফাইনেন্স ইনষ্টিটিউশ্যনছ (ৰেগুলেশ্যন অন মানি লেণ্ডিং) বিলখনো উত্থাপন কৰিব সদনত।

ইয়াৰউপৰি ‘মৰাণ, মটক, কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ (সংশোধন)বিধেয়ক আৰু ‘বড়ো কছাৰী ৱেলফেৱাৰ অটোনমাছ কাউন্সিল বিল ২০২০ বিল’ দাখিল কৰা হ’ব বিধানসভাত।

লগতে চাওঁক : অসম বিধানসভাৰ পৰা পোনপটীয়া সম্প্ৰচাৰ

জামুগুৰিহাটত অৱসৰপ্ৰাপ্ত শিক্ষকৰ মৃত্যু

জামুগুৰিহাট, ২৭ডিচেম্বৰ: জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক কেশৱ বৰঠাকুৰৰ আজি দিনৰ ১বজাত  বাধ্যকজনিত কাৰণত নিজা বাসগৃহত মৃত্যু হয়।মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৯৫বছৰ । সূদূৰ যোৰহাটৰ পৰা জামুগুৰিহাটলৈ আহি জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষকতাৰ জীৱনৰ পাতনি মেলা কেশৱ বৰঠাকুৰ ‘যোৰহটীয়া ছাৰ’ নামেৰেই অঞ্চলত পৰিচিত আছিল। ১৯৯০চনৰ ছেপ্তেম্বৰ মাহত শিক্ষকতাৰ চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰা বৰঠাকুৰ কাৰপিন্টাৰ বিভাগৰ শিক্ষক আছিল। অৱসৰপ্ৰাপ্ত শিক্ষক গৰাকীৰ মৃত্যুত জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়কে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শোক প্ৰকাশ কৰিছে। ইফালে আজি দিনটোতে জামুগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ আন এগৰাকী অৱসৰপ্ৰাপ্ত সংস্কৃত বিভাগৰ শিক্ষয়ত্রী তথা মাধৱ গাঁও নিৱাসী  মিনাক্ষী বৰঠাকুৰৰো(৮০) পৰলোক প্ৰাপ্তি ঘটে ।

চৰাইদেউ জিলাৰ সোনাৰিত আসাম প্ৰেছ ক’ৰেছপণ্ডেন্টছ ইউনিয়নৰ দ্বাদশ দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিবেশন

চৰাইদেউ, ২৭ ডিচেম্বৰ: আসাম প্ৰেছ ক’ৰেছপণ্ডেন্টছ ইউনিয়নৰ দ্বাদশ দ্বি-বাৰ্ষিক পূৰ্ণাঙ্গ অধিবেশন খনি চৰাইদেউ জিলাৰ সোনাৰিত ২৬ আৰু ২৭ ডিচেম্বৰত আপকুৰ চৰাইদেউ জিলা সমিতিৰ উদ্যোগত আৰু চৰাইদেউবাসী ৰাইজৰ সহযোগত সোনাৰিৰ ৰাজহুৱা প্ৰেক্ষাগৃহত বৰ্নাঢ্য কাৰ্য্যসুচীৰে অনুষ্ঠিত হয়। অনুষ্ঠানৰ প্ৰতিনিধি সভা উদ্বোধন  কৰে চৰাইদেউ জিলাৰ উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াই।আপকুৰ কেন্দ্ৰীয় সভাপতি মনোজ সিং, সম্পাদক প্ৰধান হেমন্ত শইকীয়া, কেন্দ্ৰীয় উপ-সভাপতি আব্দুল খালেক প্ৰমুখ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰতিনিধিত্ব কৰা প্ৰায় পাচ শতাধিক বিশিষ্ট সাংবাদিক উপস্থিত থাকে ৷ আনহাতে উক্ত প্ৰতিনিধি সভাত সাংবাদিক শ্বহীদ পৰিয়ালক সম্বৰ্ধনা জ্ঞাপন কৰে আপকু কেন্দ্ৰীয় সমিতিয়ে। বিষয় বাচনি সভাত দৰং জিলাৰ আব্দুল খালেক সভাপতি আৰু প্ৰধান সম্পাদক শৰৎ শেনছোৱাকলৈ আপকুৰ সবল নেতৃত্ব দিব পৰা এখন নতুন সমিতি গঠন হয় ৷ আগন্তুক দিনত আপকুই সাংবাদিক সকলৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ জৰিয়তে সাংবাদিক সকলৰ সুৰক্ষা আৰু অসমৰ সমাজ জীৱনত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি মত প্ৰকাশ কৰে নৱ নিৰ্বাচিত সভাপতি আব্দুল খালেক আৰু প্ৰধান সম্পাদক শৰৎ শেনছোৱাই।

ডবকাত ধান ক্ৰয় কেন্দ্ৰ মুকলি : উৎফল্লিত কৃষক ৰাইজ : দুষ্ট চক্ৰৰ গভীৰ ষড়যন্ত্ৰ

ডবকা, ২৭ ডিচেম্বৰঃ হোজাই জিলাৰ ডবকা ৰাজহ চক্ৰৰ অন্তৰ্গত চাংমাজি গাৱত শনিবাৰে হোজাই জিলা যোগান বিভাগৰ দ্বাৰা এটি ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰা হয়, যদিও এটা চক্ৰই গভীৰ ষড়যন্ত্ৰত লিপ্ত হোৱাৰ অভিযোগ উত্তাপন কৰিছে শশ কৃষক সকলে৷ প্ৰথমে ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰাক  লৈ বৃহত্তৰ ডবকা অঞ্চলৰ কৃষক উৎফল্লিত হোৱা দেখা গৈছিল ৷ বাতৰি অনুসৰি বৃহত্তৰ ডবকা অঞ্চলৰ কৃষিজীৱী ৰাইজে নিজৰ উৎপাদিত ধান বিক্ৰি কৰাৰ বাবে দীৰ্ঘদিন ধৰি এখন উপযুক্ত বজাৰ পোৱা নাছিল ৷ যাৰবাবে কৃষিজীৱী ৰাইজে নিজে উৎপাদন কৰা ধান পানীৰ দৰত বিক্ৰি কৰিবলগীয়া হৈছিল আৰু এক বৃহত লোকচানৰ সন্মুখীন হব লগা হৈছিল ৷ কৃষিজীৱী ৰাইজৰ প্ৰবল দাবীৰ প্ৰতি সহাৰি জনাই এইবাৰ অসম চৰকাৰৰ খাদ্য আৰু অসামৰিক যোগান পৰিসমিতিৰ অধীনত হোজাই জিলা প্ৰশাসনৰ সহযোগত ডবকাৰ চাংমাজি গাৱত এটি ধান ক্ৰয় কেন্দ্ৰ মুকলি কৰা হয় ৷ মুকলি কৰাৰ সময়ত হোজাই জিলা খাদ্য অসামৰিক যোগান বিভাগৰ সহকাৰী অধীক্ষক, যোগান পৰিদৰ্শকে আদি কৰি গন্য মান্য ব্যক্তি সকল উপস্থিত থাকে ৷ আনহাতে এই কেন্দ্ৰটো বন্ধ কৰাৰ বাবে এটি দুষ্ট চক্ৰই উঠি পৰি লগাৰো গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ কৃষক ৰাইজে এইটো গৰিহনা দিয়াৰ লগতে দুষ্ট চক্ৰটোৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন কৰিবলৈ হোজাই জিলা প্ৰশাসনৰ ওচৰত দাবী জনাই ৷ উল্লেখ্য যে যোৱা বছৰো এটি ধান ক্ৰয় কেন্দ্ৰ খোলা হৈছিল ৷ কিন্তু তাত প্ৰকৃত কৃষকৰ পৰিবৰ্তে একাংশ মধ্যভোগী একাংশ বিষয়াৰ লগত মিলি ব্যাপক দুৰ্ণীতি ৰ অভিযোগ উত্থাপিত হৈছিল ৷ তাৰ পাছত খেলিমেলিৰ বাবে কেন্দ্ৰ টো বন্ধ কৰি দিয়া হৈছিল ৷ পাছত কৃষক ৰাইজৰ মাজত এক হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ডবকাৰ ধান ক্ৰয় কেন্দ্ৰ টো যাতে কোনো পধ্যেই চক্ৰটোৱে আতৰাই দিব নোৱাৰে তাৰ বাবে প্ৰয়োজনীয় প্ৰশাসনে পদক্ষেপ গ্ৰহণ কৰাৰ দাবী উত্থাপন কৰে। ডবকা জাব্ৰাকোৱাৰ ধান ক্ৰয় কেন্দ্ৰটো বিভাগে কৃষক সকলৰ স্বাৰ্থত জাব্ৰাকোৱাৰ পৰা আতৰাই যাতে কঠিয়াতলি লৈ নাযায়, তাৰ বাবে কৃষক ৰাইজে দাবী উত্থাপন কৰে। দুই এজনৰ স্বাৰ্থত ব্যাঘাত জন্মাৰ বাবে শনিবাৰে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয় যদিও আজি দণ্ডাধীশ আৰু শাসকীয় দলৰ লোকে পৰিস্থিতিৰ বুজ লোৱা পৰিলক্ষিত হয়। 

ৰাজগড় বিহুতলীত অসম দৰ্শন আঁচনিৰ আৰ্থিক অনুদান পত্ৰ বিতৰণ : মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই বিতৰন কৰিলে ৯০ টা নামঘৰৰ চৰকাৰী আৰ্থিক অনুদান পত্ৰ

অনলাইন বাৰ্তা, ২৭ ডিচেম্বৰ : পূৱ গুৱাহাটী সমষ্টিৰ অন্তৰৰ্গত ৰাজগড় বিহুতলীত আজি    অনুষ্ঠিত হোৱা এক ৰাজহুৱা সভাত অসম দৰ্শন আছনিৰ অধিনৰ ৯০ টা মন্দিৰৰ আৰ্থিক অনুদান পত্ৰ বিতৰন কৰা হয় ৷ পূৱ গুৱাহাটী সমষ্টিৰ বিধায়ক তথা গুৱাহাটী উন্নয়ন মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই দুইলাখ পঞ্চাশ হাজৰ টকাকৈ প্ৰতিটো মন্দিৰ সমিতিলৈ আৰ্থিক অনুদান পত্ৰ বিতৰন কৰে ৷ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই অনুদান বিতৰন অনুষ্ঠানত উপস্থিত থাকি ভাষন প্ৰদান কৰি কয় যে অসমৰ ১২৬ টা সমষ্টিৰ ভিতৰত পূৱ গুৱাহাটী সমষ্টিয়ে সৰ্বাধিক নামঘৰৰ অনুদান লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইয়াৰ বাবেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল আৰু বিত্তমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰী ভট্টাচাৰ্যই ৷ তেওঁ লগতে পূৱ গুৱাহাটী সমষ্টিত ১৭ হাজৰ দুখীয়া পৰিয়ালে অৰুনোদয় আছনিৰ ধন লাভ কৰিছে বুলি উল্লেখ কৰে ৷ ইপিনে বিশিষ্ট ব্যক্তি হিচাপে সভাত উপস্থিত থাকি  জিলা উন্নয়ন আয়ুক্ত অতুল চন্দ্ৰ শৰ্মাই ভাষন প্ৰদান কৰি কয় যে  চৰকাৰী নীতি নিয়মৰ মাজেৰে নামঘৰ সমুহে এই ধন লাভ কৰিব ৷ এই ক্ষেত্ৰত জিলা উন্নয়ন বিভাগৰ তৰফৰ যাবতীয় কাম কাজৰ বাবে সহায় সহযোগিতা আগবঢ়াব বুলি শৰ্মাই উল্লেখ কৰে ৷ উল্লেখ্য যে বিশিষ্ট বিশিষ্ট ব্যক্তি হিচাপে মহানগৰ জিলা গবেষনা সহায়িকা প্ৰিয়ংকা তালুকদাৰ, ৰাজগড় বিহুতলীৰ সভাপতি বীৰেন বৰ্মন , বিজেপি মধ্য গুৱাহাটী মন্ডলৰ সভাপতি অসীম হাজৰিকা, পূৱ গুৱাহাটী মন্ডল সভাপতি সন্জীব গোশ্বামী উপস্থিতি থাকি চমু ভাষন প্ৰদান কৰে ৷ মধ্য গুৱাহাটী মন্ডলৰ সাধৰন সম্পাদক নব চৌধুৰীয়ে আতধৰা সভাত প্ৰায় পাচ শতাধিক ব্যকি উপস্থিত থাকে ৷

তাজমহল চাবলৈ যোৱাৰ পৰিকল্পনা কৰিছে নেকি ! আপোনাৰ বাবে ভাল খবৰ ।

আপুনি তাজমহল চাবলৈ যোৱাৰ পৰিকল্পনা কৰিছে নেকি ! আপোনাৰ বাবে ভাল খবৰ । আগৰা জিলা প্ৰশাসনে তাজমহলত দৰ্শনাৰ্থীৰ সংখ্যা প্ৰতি দিনে ১৫,০০০লৈ বৃদ্ধি কৰিছে ।  একে সময়তে, আগৰা ফৰ্টত দৰ্শনাৰ্থীৰ সংখ্যা প্ৰতিদিনে ৭,৫০০লৈ বৃদ্ধি কৰা হৈছে।

পৰ্যটকৰ সমস্যা বিবেচনা কৰি জিলা প্ৰশাসন আৰু পুৰাতাকীয় জৰীপ অফ ইণ্ডিয়া (এএছআই)-এ স্মাৰকসমূহলৈ দৰ্শনাৰ্থীৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

India rows back on Taj Mahal reopening decision

প্ৰশাসনে COVID পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ পিছত নতুন বছৰৰ আগতে পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে

কৰোনা ভাইৰাছৰ পৰিপেক্ষিটত বাবে প্ৰায় ১৯০ দিন বন্ধ হৈ যোৱাৰ পিছত, ২০২০ চনৰ ২১ ছেপ্টেম্বৰত পৰ্যটকৰ বাবে তাজ মাহ আৰু আগ্ৰা কিৰ্ট খোলা হৈছিল।

Taj Mahal | Definition, Story, History, & Facts | Britannica

কৰ’না ভাইৰাছৰ পৰিপ্ৰেক্ষিতত দিয়া লকডাউনৰ বাবে ১৯০ দিনৰ পিছত যোৱা ২১ ছেপ্তেম্বৰ ২০২০ত পুনৰ পৰ্যটকৰ বাবে তাজমহল আৰু আগ্ৰা ফৰ্ট খোলা হৈছিল ।

গৃহ মন্ত্ৰালয়ৰ নিৰ্দেশ অনুসৰি তাজমহলত সৰ্বাধিক ৫০০০ পৰ্যটক আৰু আগৰা কিলাত ২,৩০০ পৰ্যটকক প্ৰৱেশৰ অনুমতি আছিল ।

Imam's body slams ASI over 'ban' on offering namaz at Taj Mahal mosque,  alleges 'double standard' | India News | Zee News

নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ত “মা” শীৰ্ষক বিশেষ অনুষ্ঠান

নগাঁও, ২৭ ডিচেম্বৰ: নগাঁও চহৰৰ অগ্ৰনী শিক্ষানুষ্ঠান ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ মজিয়াত লক্ষিমপুৰ নিবাসী গোবিন্দ বৰদলৈ ব্যৱস্থাপনাত আজি “মা” শীৰ্ষক এক গাম্ভীৰ্য্যপূৰ্ণ অনুষ্ঠান অনুষ্ঠিত হয়। মাতৃ স্থানীয় মহিলা সকলক সেৱাৰ উদ্দেশ্যে অনুষ্ঠিত এই অনুষ্ঠানটিত গণিতজ্ঞ ৰামানুজনৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰা হয়। অনুষ্ঠানটিৰ জি বৰদলৈ এন্টাৰপ্ৰাইজৰ স্বতাধীকাৰী গোবিন্দ বৰদলৈয়ে অনুষ্ঠানৰ উদ্দেশ্য ব্যাখ্যাৰ প্ৰসংগত ব্যক্তিৰ জীৱনত মাতৃৰ ভূমিকা বাখ্যা কৰি সমগ্ৰ সভাকক্ষ আবেগিক কৰি তোলে। নিজৰ সন্তানৰ বাবে শৰীৰৰ শ্ৰম, হাজাৰ দুখ কষ্ট নেওচি যি গৰাকী মাতৃয়ে নিজৰ জীৱন বিপন্ন কৰি তুলিব পাৰে, সেই মাতৃ গৰাকী অকল স্নেহাময়ীয়েই নহয় মহিমাময়ীও। ভাষন প্ৰসংগত বৰদলৈয়ে কয়- “মা” এটি শব্দ নহয়। ‘মা’ হৈছে আমাৰ আশ্ৰয়, বিশ্বাস আৰু সাহসৰ মুৰ্ত্ত প্ৰতীক। যাৰ বাবে আমি পৃথিৱী দেখাৰ সৌভাগ্য লাভ কৰো। ৰামানুজন কনিষ্ঠ মহাবিদ্যালয় অধ্যক্ষ দিলীপ কুমাৰ বৰাৰ সভাপতিত্বত অনুষ্ঠিত অনুষ্ঠানত নগাঁও কলেজৰ অধ্যক্ষ ড. শৰৎ বৰকটকী, গল্পকাৰ শিৱানন্দ কাকতি, অবসৰপ্ৰাপ্ত অধ্যাপক বিপুল বৰা, অবসৰপ্ৰাপ্ত অধ্যাপিকা স্বপ্না নেওগ, শিক্ষাবিদ ভাৰত নাথ আদিয়ে অংশগ্ৰহণ কৰে। অনুষ্ঠানত নগাঁও চহৰৰ মাতৃ স্থানীয় মহিলা সকলক সেৱা আগবঢ়োৱা হয়। কনিষ্ঠ মহাবিদ্যালয়খনৰ উপাধ্যক্ষা সংগীত বৰুৱা বৰাৰ পৰিচালনাত অনুষ্ঠানৰ লগত সংগতি ৰাখি ড: ভূপেন হাজৰিকাৰ সংগীত আদিৰো পৰিবেশন কৰা হয়।মহাবিদ্যালয়খনৰ প্ৰাক্তন ছাত্ৰীয়ে নৃত্য আৰু গীত পৰিৱেশন কৰাৰ লগতে জনপ্ৰিয় কন্ঠশিল্পী কৃষ্ণামনি নাথৰ গীতেৰে মুখৰিত হৈ পৰে। তদুপৰি অসমৰ বিশিষ্ট কন্ঠশিল্পী মহেন্দ্ৰ হাজৰিকা আৰু তেওঁৰ সমধৰ্মীনি প্ৰাৰ্থনা বৰঠাকুৰৰ গীতৰ তালত সকলো মুগ্ধ হৈ পৰে।Attachments area

মাজুলীত প্ৰাক্তন মন্ত্ৰী সহ অসম গণ পৰিষদৰ ফুলনি আঞ্চলিক সমিতিৰ সমূহীয়া পদত্যাগ

উজনি-মাজুলী, ২৭ ডিচেম্বৰঃ আজি ফুলনি আঞ্চলিক সমিতিৰ স্থায়ী সভাপতি দীপক বেজৰ সভাপতিত্বত অনুষ্ঠিত হোৱা অসম গণ পৰিষদৰ এখন সভাত অসম চৰকাৰৰ প্ৰাক্তন মন্ত্ৰী পদ্মেশ্বৰ দলে সহ সমূহ বিষয়ববীয়া তথা সদস্যই আঞ্চলিক সমিতিৰ পৰা পদত্যাগ কৰে।  কেন্দ্ৰীয় নেতৃত্বৰ চৰম নীতিহীনতাৰ প্ৰতি অতিষ্ঠ হৈ এই সিদ্ধান্ত গ্ৰহণ কৰে। ভাৰতীয় জনতা পাৰ্টীৰ দৰে এটা ৰাষ্ট্ৰীয় দলৰ লগত মিত্ৰতা কৰি এসময়ৰ সৰল আঞ্চলিক দলটোক নিশেষ কৰাৰ যি ষড়যন্ত্ৰ ৰচনা কৰিছে ইতিমধ্যেই তাৰ উমান পোৱা গৈছে। কা’ৰ দৰে এখন অসম ধ্বংশী আইন বলৱত কৰাৰ ক্ষেত্ৰত দুমুখীয়া চৰিত্ৰৰ প্ৰতি ঘৃণা ভাৱ প্ৰকাশ কৰি দল ত্যাগৰ দৰে চৰম সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হয়। পদত্যাগী সদস্য সকল হ’ল- পদ্মেশ্বৰ দলে প্ৰাক্তন মন্ত্ৰী অসম চৰকাৰ, দীপক বেজ, সৰ্বানন্দ মিলি, পংকজ কুমাৰ নাথ, প্ৰফুল্ল নৰহ, মৃদুল শইকীয়া, চেনিৰাম শইকীয়া , বিশ্ব শইকীয়া, ৰনজিৎ নাথ, দিপন্ত নেৱাৰ, বাবুল বৰা, অজিত শইকীয়া, হৰিধন ডেকা, অচিন্ত মিলি, ধনিৰাম শইকীয়া আৰু প্ৰফুল্ল শইকীয়া বুলি এক প্ৰেছ বিবৃতি যোগে জানিবলৈ দিছে ।

সদৌ মাজুলী জিলা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত ‘ৰত্নপুৰ বঁটা’ প্ৰদান

 উজনি-মাজুলী, ২৭ ডিচেম্বৰঃ সদৌ মাজুলী চুতীয়া ছাত্ৰ সন্থাই প্ৰৱৰ্তন কৰা ৰত্নপুৰ বঁটা প্ৰথম বাৰৰ বাবে মৰণোত্তৰ ভাবে প্ৰয়াত অধ্যাপক কোষেশ্বৰ বৰুৱাক প্ৰদান কৰা হয় । পিতৃৰ হৈ এই বঁটা  গ্ৰহণ কৰে তেখতৰ পুত্ৰ শংকৰজ্যোতি বৰুৱাই । উক্ত বঁটাত আছে এখন সম্বৰ্ধনা পত্ৰ, গামোছা, চেলেং, সঁফুৰা । আজি সদৌ মাজুলী জিলা চুতীয়া ছাত্ৰ সন্থাৰ উদ্যোগত বৰবিল উচ্চ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হোৱা ষষ্ঠ  দ্বি-বাৰ্ষিক প্ৰতিনিধি সভাত উক্ত বঁটা প্ৰদান কৰা হয় । সদৌ মাজুলী চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি ৰূপজ্যোতি বৰাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভা খনৰ আঁত ধৰে প্ৰাঞ্জল ৰাজখোৱাই । সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ উপদেষ্টা বিপুল চুতীয়াই উদ্ধোধন কৰা সভাখনত নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়াই সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ উপ-সভাপতি ৰাজু চুতীয়াই । নিৰ্দিষ্ট বক্তা গৰাকীয়ে চুতীয়া জাতিক জনজাতি হিচাপে স্বীকৃতি প্ৰদান নকৰাত চৰকাৰক কঠোৰ ভাবে সকিয়নী দি প্ৰয়োজনত জংগী আন্দোলন কৰাৰ কথা ৰাজহুৱাকৈ ঘোষণা কৰে । সভাত সদৌ চুতীয়া জাতি মহিলা সন্মিলন, অসমৰ সম্পাদিকা অৰ্পনা চুতীয়াই মুখ্য অতিথিৰ ভাষণত চুতীয়া জাতিৰ মহিলা সকলক  চুতীয়া জাতিৰ পোছাক পৰিধান কৰাৰ লগতে জাতিটোৰ প্ৰতি সেৱা আগবঢ়াবলৈ আহ্বান জনায় । সভাত মাজুলী জিলা চুতীয়া জাতি সন্মিলনিৰ সভাপতি দিগেন সেনাপতি, প্ৰাক্তন সভাপতি ডিম্বেশ্বৰ খনিকৰে চুতীয়া সকলক ৰাজ্য চৰকাৰে কৰা বঞ্চনা সন্দৰ্ভত ক্ষোভ প্ৰকাশ কৰে ‌। আজিৰ প্ৰতিনিধি সভাতেই পৰৱৰ্তী দুবছৰীয়া কাৰ্যকালৰ বাবে মন্টু বৰাক সভাপতি, অৰুণ শইকীয়া, মৃত্যুঞ্জয় খনিকৰক উপ-সভাপতি, কাৰ্যকৰী সভাপতি অচ্যুত বৰা, অংকুৰ চুতীয়াক সাধাৰণ সম্পাদক, অন্যহাতে  ৰূপজ্যোতি বৰা, প্ৰনব বৰা, দাদু বৰাক কেন্দ্ৰীয় সদস্য হিচাপে মনোনীত কৰি পোন্ধৰ জনীয়া মাজুলী জিলা চুতীয়া ছাত্ৰ সন্থা গঠন কৰা হয় । ইফালে উক্ত সভাতেই সৰজু বৰাক সভানেত্ৰী, বন্তি সেনাপতিক সম্পাদিকা হিচাপে লৈ একৈশ জনীয়া মাজুলী জিলা চুতীয়া জাতি মহিলা সন্মিলনখন গঠন কৰা হয় । ইয়াৰ পূৰ্বে পুৱা পতাকা উত্তোলন কৰে মাজুলী জিলা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি ৰূপজ্যোতি বৰাই, গছপুলি ৰোপণ কৰে বৰবিল উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী অৰুণা সেনাপতিয়ে আৰু স্মৃতি তৰ্পণ কৰে মাজুলী জিলা চুতীয়া ছাত্ৰ সন্থাৰ সম্পাদক অংকুৰ চুতীয়াই ।

বিলাসীপাৰাত সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ তিনি দিনীয়া প্ৰথম সংখ্যক কেন্দ্ৰীয় ত্রি-বাৰ্ষিক অধিৱেশন

বিলাসীপাৰা, ২৬ ডিচেম্বৰঃ পশ্চিম অসমৰ ধুবুৰী জিলাৰ বিলাসীপাৰা হেলাগাড়ীত  সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ সভাপতি শ্ৰীযুত লক্ষন নাথৰ সভাপতিত্বত ২৫, ২৬, ২৭ ডিচেম্বৰ তাৰিখে তিনি দিনীয়া প্ৰথম সংখ্যক কেন্দ্ৰীয় ত্রি- বাৰ্ষিক অধিৱেশন অনুষ্ঠিত হয় । অধিৱেশন খনত আজি  সাংগঠনৰ দৃষ্টিভংগীৰ দিশত ব্যাখ্যা কৰে, সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ  সাধাৰণ সম্পাদক শ্ৰীযুত অৰবিন্দ নাথ, আৰু মূখ্যঅতিথি হিচাপে ভাষন প্ৰদান কৰে, সদৌ অসম ছাত্ৰ সন্থাৰ  মূখ্য উপদেষ্টা শ্ৰীযুত  ডঃ সমুজ্জল কুমাৰ ভট্টাচাৰ্য্য, লগতে উপস্থিত থাকে আছাম টকছৰ মূখ্য কাৰ্য্যৱাহী সম্পাদক শ্ৰীযুত দেৱজিৎ তালুকদাৰ, সদৌ কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ উপদেষ্টা শ্ৰীযুত হিতেশ্বৰ বৰ্মন, সদৌ মৰাণ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি শ্ৰীযুত অৰুণজ্যোতি, সদৌ নাথ যোগী ছাত্ৰ সন্থাৰ উপদেষ্টা শ্ৰীযুত সনজিৎ কুমাৰ নাথ আদিকে ধৰি ভাষন প্ৰদান কৰে। উল্লেখ্য যে অধিৱেশন খনৰ আজি দ্বিতীয় দিনাত প্ৰায় পঞ্চাশ হেজাৰৰ অধিক লোক সমাগম হোৱা বুলি জানিব পৰা গৈছে ।