২৮ ডিচেম্বৰৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত হ’ব অসম বিধানসভাৰ অধিৱেশন । ২৮ ডিচেম্বৰৰ পৰা ৩০ডিচেম্বৰলৈ অনুষ্ঠিত হ’ব এই অধিৱেশন । এই অধিৱেশনত ১২ খনকৈ বিধেয়ক উত্থাপনৰ সম্ভাৱনা। অধিৱেশনত বড়ো-কছাৰী স্বায়ত্ব শাসিত পৰিষদ বিধেয়ক উত্থাপনৰ সম্ভাৱনা । অধিৱেশনৰ প্ৰথমদিনা অধ্যাদেশ, প্ৰতিবেদন দাখিলৰ লগতে উপস্থাপন কৰা হ’ব বিধানসভাৰ বিভিন্ন সমিতিৰ প্ৰতিবেদনসমূহ ।
বিলাসীপাৰাৰ ছুৱাপাতা গাঁৱত আজি একে দিনাই দুটা কামৰ আধাৰশিলা শুভ উদ্বোধন বিধায়ক অশোক কুমাৰ সিংহীৰ
বিলাসীপাৰা, ২৭ ডিচেম্বৰঃ নামনি অসমৰ ধুবুৰী জিলাৰ ২৭ নং বিলাসীপাৰা পূৱ বিধান সভা সমষ্টি খনত বিগত ৭৪ বছৰৰ তুলনা মুলক ভাৱে সমষ্টি খনত যোৱা ৫ বছৰতে যথেষ্ঠ পৰিমাণে উন্নয়ন মুলক কাম কৰি আহিছে, কৰ্মপটু বিধায়ক শ্ৰীযুত অশোক কুমাৰ সিংহীয়ে। মনকৰিবলগীয়া কথা যে বিধায়ক সিংহীৰ গধুৰ তত্বাৱধানত আজিৰ দিনত বিলাসীপাৰা পূৱ সমষ্টি সমষ্টি খনৰ ২০১৯-২০২০ বৰ্ষৰ চতুৰ্দশ বিৰ্ত্তীয আয়োগৰ ৩,২৪,৮২১ লাখ টকাৰ বাহিৰ ছুৱাপাতা গাওঁ পঞ্চায়তৰ বাস গৃহৰ পকীকৰণ কাম লগতে আৰু দৈখোৱা বজাৰৰ পৰা তিনি আলি আব্দুছ ছামাদ বাস গৃহলৈ ১২,৫৫,০৯৪ লাখ টকাৰ কামৰ আধাৰশিলা শুভ উদ্বোধন কৰে, কৰ্মপটু বিধায়ক শ্ৰীযুত অশোক কুমাৰ সিংহীয়ে।উল্লেখ্য যে উদ্বোধনী অনুষ্ঠানটোত উপস্থিত থাকে, চিৰাকুটা টিলাপাৰা জিলা পৰিষদৰ সদস্যা জানে আলম, বাহিৰ ছুৱাপাতা গাওঁ পঞ্চায়তৰ সভানেত্রী নাজিমা খাতুন, আঞ্চলিক পঞ্চায়তৰ সদস্যা, হাবেল উদ্দিন, উক্ত উন্নয়ন কাৰ্য্যৰ চেয়াৰমেন মছলেম উদ্দিন, মোজ্জামেল হক, বাহিৰ ছুৱাপাতা গাওঁৰ পঞ্চায়তৰ সম্পাদক আবুল কালাম আজাদ আদিকে ধৰি দলীয় সতীৰ্থ বৃন্দৰ লগতে স্থানীয় গন্য মান্য ব্যক্তিও উপস্থিত থাকে, যদিও অনুষ্ঠানটোত বাহিৰ ছুৱাপাতা গাওঁ পঞ্চায়ত বাসী ৰাইজে ২০২১ চনত বিধান সভা নিৰ্বাচনত বিধায়ক গৰাকীক আকোঁৱালি লব বুলি এক উমান পোৱা গৈছে। ইয়াৰ উপৰিও অনুষ্ঠানটোত নামনি অসমৰ অন্যতম গায়িকা, কোকিলা সৰকাৰে গীত পৰিবেশন কৰি ৰাইজক মনোমূগ্ধ কৰি তোলে।
শক্তিপীঠ কামাখ্যাত গৃহমন্ত্ৰী অমিত শ্বাহ
শক্তিপীঠ কামাখ্যাত আজি দেওবাৰে উপস্থিত হয় কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । কামাখ্যাধামত পূজা-অৰ্চনা অমিত শ্বাহৰ। অমিত শ্বাহক সংগ দিয়ে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
গৃহমন্ত্ৰীৰ আগমনৰ প্ৰতি লক্ষ্য ৰাখি কামাখ্যাত গঢ়ি তোলা হৈছিল কটকটীয়া নিৰাপত্তা ব্যৱস্থা।
শুকুৰবাৰে নিশা তিনিদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হৈছিল অমিত শ্বাহ। আমিনগাঁৱত কেইবাখনো অভিলাষী আঁচনিৰ শুভাৰম্ভ কৰে অমিত শ্বাহে।

পূজা-অৰ্চনাৰ পিছতেই ইম্ফল অভিমুখে যাত্ৰা শ্বাহৰ।

মঙলবাৰে পুনৰ আলোচনাত বহিব কেন্দ্ৰ-কৃষক সংগঠন
অহা ২৯ ডিচেম্বৰ মঙলবাৰো ষষ্ঠলানি আলোচনা কেন্দ্ৰ-বিদ্ৰোহী কৃষক সংগঠনৰ। কেন্দ্রৰ প্রস্তাৱৰ পৰিপ্রেক্ষিতত শনিবাৰে নিজৰ মাজত আলোচনাত বহিছিল প্রায় ৪০টা কৃষক সংগঠনৰ প্রতিনিধি।
তাৰ পিছতেই কেন্দ্রৰ সৈতে আলোচনাত বহাৰ সিদ্ধান্ত লয় তেওঁলোকে। লগতে এইটোও জনাই দিয়ে যে নতুন কৃষি আইন প্রত্যাহাৰেই আলোচনাৰ বিষয়বস্তু হ’ব। কেন্দ্রৰ উদ্দেশ্যে প্ৰেৰণ কৰা পত্ৰত কৃষকসকলে জনাইছে, ‘আপোনালোকে কৈছে চৰকাৰে কৃষকসকলৰ কথা শুনিব বিচাৰে। যদি সঁচাই সেয়া হয়, তেনেহ’লে আমাৰ এই আন্দোলনক লৈ কুৎসা ৰটনা বন্ধ কৰক। আমাৰ দাবী সন্দৰ্ভত ভুল বার্তা দাঙি নধৰিব। সমগ্ৰ চৰকাৰী ব্যৱস্থাক কামত লগাই কৃষকসকলৰ যি নেতিবাচক ভাবমূর্তি দাঙি ধৰাৰ চেষ্টা কৰা হৈছে, সেয়া বন্ধ কৰিব লাগিব।’
কৃষক নেতা শিৱ কুমাৰ কাক্কাই কয়, ‘আলোচনাৰ প্রস্তাৱ দি কেন্দ্রই যি পত্ৰ দিছে, সেয়া আমাৰ বিৰুদ্ধে প্রচাৰৰ বাহিৰে আন একো নহয়। কেন্দ্রই এইটো বুজাবলৈ বিচাৰিছে, যেন আমি আলোচনাৰ বাবে প্ৰস্তুত নহয়।’
অৰুণাচলত জেডি (ইউ) বিধায়কৰ বিজেপি গমন
অৰুণাচলত নীতিশ কুমাৰৰ দল ভাঙিলে গেৰুৱা শিবিৰে। তাৰ পৰিপ্ৰেক্ষিততে বিৰোধীসকলৰ সৈতে যোগাযোগ ৰাখিবলৈ নীতিশ কুমাৰৰ উদ্দেশ্যে কংগ্রেছ সাংসদ অধীৰৰঞ্জন চৌধুৰীৰ পৰামর্শক কেন্দ্ৰ কৰি এতিয়া জল্পনা তুঙ্গত উঠিছে। ৰাজনৈতিক পর্যবেক্ষকসকলৰ দাবী, বিহাৰতো মুখ্যমন্ত্রী নীতিশ কুমাৰ প্ৰবল চাপত আছে। নির্বাচনত ‘বৃহত্তম অংশীদাৰ’ দল হিচাবে আত্মপ্রকাশ কৰিছে বিজেপিয়ে। ‘ঘনিষ্ঠ’ সুশীল মোদীকো আঁতৰাই দিয়া হৈছে। পৰিৱর্তে উপ-মুখ্যমন্ত্রী পদত বহুওৱা হৈছে সঙ্ঘ পৰিয়ালৰ ঘনিষ্ঠ দুই বিজেপি নেতা–নেত্রীক।
উল্লেখ্য, সম্প্রতি অৰুণাচল প্রদেশত ৬জন জেডি (ইউ) বিধায়কে ৰাজ্যৰ শাসকীয় দল বিজেপিত যোগ দিছে। ২০১৯ চনৰ বিধানসভা নিৰ্বাচনত অৰুণাচলত ৪১খন আসন লাভ কৰিছিল বিজেপিয়ে। আসন সংখ্যাৰ হিচাবত মুঠ সাত বিধায়কসহ প্রধান বিৰোধী দলৰ যি মর্যাদা জেডি (ইউ)-এ লাভ কৰিছিল, সেয়া এইবাৰ হেৰুৱাবলগা হ’ল নীতিশৰ দলে। ইয়াৰ পিছতেই অধীৰৰঞ্জনৰ টুইট, ‘এয়া বিজেপি ! সাৱধানে থাকক। উত্তৰ–পূব ভাৰতৰ কুখ্যাত চিকাৰীবোৰৰ দৰে এওঁলোক দল ভঙাৰ অভিযানত অত্যন্ত দক্ষ আৰু ওস্তাদ।’
বিহাৰতো একেই ঘটনা ঘটিব পাৰে বুলি ইঙ্গিত দি তেওঁ কয়, ‘ভাঙি টুকুৰা টুকুৰ হোৱাৰ আগতে নতুন কিবা ভাবক নীতিশজী। অৰুণাচলৰ ঘটনাৰ প্রতিবাদত যোগ্য প্ৰত্যুত্তৰ দিবলৈ বিহাৰত বিৰোধীসকলৰ সৈতে যোগাযোগ ৰাখক।’
কালিৰ আমিনগাঁৱৰ বিশাল জনসভাত কি কলে দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে
২০২১ত পুনৰ অসমত বিজেপি চৰকাৰ । আমিনগাঁৱত ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ । উন্নয়ন আৰু বিকাশৰ বতৰা লৈ শনিবাৰে আমিনগাঁৱত কেইবাখনো অভিলাষী আঁচনিৰ শুভাৰম্ভ কৰে গৃহমন্ত্ৰীগৰাকীয়ে ।
আমিনগাঁৱৰ বিশাল জনসভাখনত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে ভাষণত কয় যে,
পূৰ্বতে ভাৰতৰ পূব প্ৰান্তত বিভিন্ন আন্দোলন, হিংসা সংঘটিত হৈছিল আৰু বহুতকে অস্ত্ৰ তুলি লোৱা দেখা গৈছিল। কিন্তু এতিয়া সেই সকলোৱে মূলসুঁতিত বিলীন হ’ল। পূৰ্বতে আন্দোলন কৰা যুৱচামে আজি অসমৰ উন্নয়নৰ যাত্ৰাত অংশীদাৰ হৈ অসমক দেশৰ প্ৰগতিৰ ইঞ্জিন হিচাপে গঢ়ি তুলিবলৈ অহৰ্নিশে কাম কৰি আছে।
ভাৰতীয় জনতা পাৰ্টি সদায়ে ৰাজ্যসমূহৰ পৰিচয়, কলা-সংস্কৃতি তথা ভাষাৰ স্বকীয়তাক সবল কৰাত বিশ্বাসী। কিয়নো আমি ভাবোঁ যে- যেতিয়ালৈকে আমাৰ ৰাজ্যবোৰৰ ভাষা-সংস্কৃতি শক্তিশালী নহয়, তেতিয়ালৈকে ভাৰত কেতিয়াও মহান হ’ব নোৱাৰে। অসমীয়া কলা-সাহিত্য অবিহনে ভাৰতৰ কলা-সাহিত্যও আধৰুৱা।
সংস্কৃতি, ভাষা আৰু সংগীতৰ দিশত অসম যথেষ্ট আগবঢ়া। ভূপেন হাজৰিকাদেৱ কেৱল অসমৰে নহয় সমগ্ৰ উত্তৰ-পূবৰে কলা-সাহিত্যৰ প্ৰতীক হৈ দেশবাসীৰ হৃদয়ত ৰৈ গৈছে। কিন্তু তেখেতে প্ৰাপ্য সন্মান পোৱা নাছিল। নৰেন্দ্ৰ মোদীজীয়ে হাজৰিকাদেৱলৈ ভাৰত ৰত্ন আগবঢ়াই আমাৰ কলা-সাহিত্যক অনন্য মাত্ৰা দিলে।
অসমৰ নিৰ্বাচন সমাগত। বিচ্ছিন্নতাবাদৰ ভাষা কোৱা চেহেৰাবোৰে আকৌ ৰং-ৰূপ সলাই ৰাইজৰ মাজলৈ যাব আৰু আভুৱা ভৰা কথাৰে ৰাইজক বিভ্ৰান্ত কৰিব। মই তেওঁলোকক আজি সুধিব বিচাৰিছোঁ- আপোনালোকে আন্দোলন কৰি অসমক কি দিলে ? আপোনালোকে কেৱল অসমৰ যুৱক-যুৱতীসকলক শ্বহীদ হ’বলৈ উচতনিহে দিলে।
অসম গৌৰৱ এটা খৰ্গৰ গঁড়ক ৰক্ষণাবেক্ষণ দিয়াৰ বাবে অসম চৰকাৰৰ শক্তিশালী পদক্ষেপৰ শলাগ লৈছোঁ। কংগ্ৰেছে গঁড়ৰ চোৰাং চিকাৰীক ৰাজকীয় আতিথ্য দি অসমৰ গৌৰৱক নিঃশেষ কৰিবলৈ আগবাঢ়িছিল। কিন্তু এতিয়া ৰাজ্য চৰকাৰে ইয়াৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লৈ কাজিৰঙাক অনুপ্ৰৱেশকাৰীৰ কৱলৰপৰা মুক্ত কৰিলে।
বহু বছৰ ধৰি অসম চৰকাৰে ৮,০০০ কোটি টকাৰ গেছৰ ৰ’য়েল্টী পোৱা নাছিল। স্বয়ং মনমোহন সিঙে ১৮ বছৰ ধৰি অসমৰপৰা সাংসদ হৈছিল যদিও এই বিষয়টো সমাধান কৰিব নোৱাৰিলে। মোদী ডাঙৰীয়াই অসমত নতুন চৰকাৰ হোৱাৰ পূৰ্বেই ৰ’য়েল্টীৰ সমস্যাটো সমাধান কৰি অসমৰ বিকাশৰ বাবে বহুখিনি কাম কৰিলে।
আমিনগাঁৱৰ বিশাল জনসভাত কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীৰ সম্পূৰ্ণ ভাষণ
2৮ ডিচেম্বৰৰ পৰা গোগামুখত ধেমাজি এবছুৰ ২৬ সংখ্যক বাৰ্ষিক অধিৱেশন : উখল-মাখল ঔগুৰি দাউহাৰো পথাৰ
অসমৰ অন্যতম ভুমিপুত্ৰ বড়ো সকলৰ একমাত্ৰ ছাত্ৰ সংগঠন নিখিল বড়ো ছাত্ৰ সন্হা চমুকৈ এবছুৰ ধেমাজি জিলা সমিতিৰ ২৬ সংখ্যক বাৰ্ষিক অধিৱেশনখন কালিৰ পৰা অনুষ্ঠিত হব ৷ ধেমাজি জিলাৰ গোগামুখৰ মধ্য মিংমাং পঞ্চায়তৰ অন্তৰ্গত ঔগুৰিৰ দাউহাৰো পথাৰত ২৮ আৰু ২৯ ডিচেম্বৰত দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰেে অনুষ্ঠিত হ’বলগা অধিৱেশনৰ প্ৰস্তুতিি পৰ্ব ইতিমধ্যে সম্পূৰ্ণ হৈছে ৷
অধিৱেশনখন মূল সভাগৃহ, মঞ্চ আৰু আদৰণি তোৰণ ইতিমধ্যে আটক ধুনীয়াকৈ সজাই তোলা হৈছে ৷ এবছুৰ ধেমাজি জিলা সমিতিৰ সভাপতি শিৱৰাম বসুমতাৰী আৰু সম্পাদক উদাং বি বড’চাই জানিবলৈ দিয়া মতে অধিৱেশনখনত প্ৰায় ১ হাজাৰ প্ৰতিনিধি উপস্থিত থাকিব ৷ প্ৰতিনিধি সকল কাইলৈ পুৱাৰ ভাগত অধিৱেশনস্হলীত উপস্থিত হ’ব আৰু প্ৰতিনিধি সকলৰ থকা-খোৱাৰ সু-ব্যৱস্হা কৰা হৈছে বুলি তেওঁলোকে জনাইছে ৷ অধিৱেশনৰ কাৰ্যসূচী অনুযায়ী কাইলৈ চাফাই অভিযান, আদৰণি তোৰণ উদ্বোধন, অতিথিশালা উদ্বোধন, মূল সভাগৃহ উদ্বোধন, অস্থায়ী বজাৰগৃহ উদ্বোধন, প্ৰতিনিধি শিবিৰ উদ্বোধন, প্ৰতিনিধি পঞ্জীয়ন, স্মৃতিগ্ৰন্থ উন্মোচন কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব ৷ ইয়াৰ পিছতে ছেমিনাৰ অনুষ্ঠিত হ’ব ৷ সন্ধিয়া সাংস্কৃতিক প্ৰতিযোগিতা, প্ৰতিনিধি সভা মুকলি আৰু প্ৰতিনিধি সভা অনুষ্ঠিত হ’ব ৷ অধিৱেশনৰ দিত্বীয় দিনা গছপুলি ৰোপন, পতাকা উত্তোলন, মুকলি সভা
অনুষ্ঠিত কৰা হ’ব ৷ অভ্যৰ্থনা সমিতিৰ সভাপতি পৰমানন্দ ছায়েঙ্গীয়া, কাৰ্যকৰী সভাপতি কামেন স্বৰ্গীয়াৰী আৰু সম্পাদক মনিণ বসুমতাৰীয়ে অধিৱেশনত সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছে ৷
অমিত শ্বাহক সাক্ষাৎ অজন্তা নেওগ আৰু বিধায়ক ৰাজদ্বীপ গোৱালাৰ
অসম ভ্ৰমণত থকা কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰিলে কংগ্ৰেছৰ দুই বিধায়ক অজন্তা নেওগ আৰু ৰাজদ্বীপ গোৱালাই । যোৱা ২৫ ডিচেম্বৰত কংগ্ৰেছৰ সকলো পদৰ পৰা পদত্যাগ কৰিছিল গোলাঘাটৰ বিধায়িকা অজন্তা নেওগে। ইয়াৰ পাছতেই শনিবাৰে আমিনগাঁৱৰ লোক নিৰ্মান বিভাগৰ পৰিদৰ্শন বাংলোত অমিত শ্বাহৰ সৈতে হোৱা এক বৈঠকত যোৱাৰ সময়ত বিজেপিৰ ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পীযুষ হাজৰিকা আৰু পল্লৱলোচন দাসৰ লগত একেখন গাড়ীতে দেখা গৈছিল নেত্ৰীগৰাকীক।
দীৰ্ঘদিন ধৰি মৌনতা অৱলম্বন কৰি থকা কংগ্ৰেছৰ সদ্য পদত্যাগী নেত্ৰী অজন্তা নেওগে খুলিলে মুখ । কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎৰ পিছত সাংবাদ মাধ্যমৰ আগত অজন্তা নেওগৰ মন্তব্য – “মই বিজেপি দলত যোগদান কৰিয়েই সকলো কম। গৃহমন্ত্ৰীৰ সৈতে মোৰ সাক্ষাৎকাৰ সৌজন্যমূলক আছিল।”
অমিত শ্বাহক সাক্ষাৎ কৰি অতি সোনকালে বিজেপিত যোগদান কৰাৰ কথা অৱগত কৰিলে নেত্ৰীগৰাকীয়ে।
তেওঁ লগতে কয় যে যিহেতু কালি দিনটোলৈ তেওঁ কংগ্ৰেছ দলত সেইবাবে নীতি-নিয়ম পালন কৰি একো মন্তব্য কৰা নাছিল নেত্ৰীগৰাকীয়ে। বিজেপিত যোগদান কৰিয়েই সকলো অভিযোগ আৰু প্ৰশ্নৰ উত্তৰ দিব অজন্তা নেওগে। দুই এদিনতে বিজেপিত যোগদান কৰিব বুলি কয় । বৈঠকত মিলিত হৈয়েই পল্লৱলোচন দাস , পীযুষ হাজৰিকাৰ সৈতে একেখন গাড়ীতে ওভতিল অজন্তা নেওগ।
বটদ্ৰৱা থানৰ বিকাশ আৰু সৌন্দৰ্য বৰ্ধনৰ বৃহৎ প্ৰকল্পৰ শুভাৰম্ভণি : বটদ্ৰৱা থানৰ কীৰ্তনঘৰত ভকত বৈষ্ণৱৰ হৰিধ্বনি
নগাঁও, ২৬ ডিচেম্বৰঃ অসমীয়া জাতীয় সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থান খনিক বিশ্ব ধৰ্মীয় পৰ্য্যটন কেন্দ্ৰ , আধ্যাত্মিক কৃষ্টি গৱেষণাৰ স্থান হিচাপে গঢ়ি তোলাৰ আন্তৰিক প্ৰয়াস স্বৰূপে আজি দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে শুভাৰম্ভ কৰে “বটদ্ৰৱা থানৰ বিকাশ আৰু সৌন্দৰ্য বৰ্ধনৰ বৃহৎ প্ৰকল্প”ৰ। যাৰ পৰিপেক্ষিতত বটদ্ৰৱাত এক আনন্দমুখৰ পৰিবেশ বিৰাজ কৰিছে। বটদ্ৰৱা থানৰ কীৰ্তনঘৰত ভকত বৈষ্ণৱে দুপৰীয়া প্ৰসংগৰ শেষত হৰিধ্বনি দি প্ৰকল্পৰ সফল ৰূপায়নৰ বাবে প্ৰাৰ্থনা জনাই। আনহাতে ভকত বৈষ্ণৱৰ লগতে বটদ্ৰৱা থানলৈ আগমন ঘটা তীৰ্থযাত্রী সকলেওঁ সন্তুষ্টি প্ৰকাশ কৰাৰ লগতে উৎফুল্লিত হৈ পৰে। বটদ্ৰৱা থানৰ ভকত বৈষ্ণৱৰ হৈ নামলগোৱা ডম্বৰুধৰ গায়ন, কৃষ্ণ কলিতা, প্ৰাক্তন সাধাৰণ সম্পাদক ব্ৰজেন কাকতি, সমাজকৰ্মী ভাস্কৰ জ্যোতি বৰা, মন্টু শইকীয়া , শিল্পী ৰঞ্জিত মহন্ত, মনি আতৈ…প্ৰমুখ্যে বিভিন্ন জনে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমিত শ্বাহক গুৰুজনাৰ জন্মস্থান দৰ্শনৰ বাবে আমন্ত্ৰণ জনায়। থান খনিক আধ্যাত্মিক তীৰ্থ পৰ্যটনৰ কেন্দ্ৰ ৰূপে গঢ়ি তোলাৰ বাবে ১৮৮ কোটি টকা ধনৰ আবন্টন দিয়াৰ উপৰিও অসম দৰ্শন আঁচনিৰ অধীনত নগাঁও-বৰদোৱা সংযোগী পথটো চাৰিলেন যুক্ত কৰিবলৈ প্রায় ২০০ কোটিৰো অধিক টকা আবন্তন কৰি শুভাৰম্ভ কৰা ঐতিহাসিক মূহুৰ্তৰ বাবে বটদ্ৰৱাৰ স্থানীয় ৰাইজে থানৰ জাপি বাটচ’ৰাৰ সন্মুখ আৰু দক্ষিণ দিশৰ সিংহদ্বাৰৰ সন্মুখত বন্তি প্তজ্বলন, আতচবাজি প্ৰদৰ্শনৰ মাজেৰে এক উৎসৱ মুখৰ পৰিৱেশৰ সূচনা কৰে আৰু আই সকলে নাম কীৰ্তন কৰে। সন্ধ্যা শলগুৰি আৰু নৰোৱা সত্রৰ প্ৰতিঘৰ পদূলিত বন্তি প্ৰজ্বলন কৰি আদৰনি জনাই ।
উৰিয়াগাঁৱত পথ দুৰ্ঘটনাত যুৱক নিহত
নগাঁও, ২৬ ডিচেম্বৰঃ নগাঁও জিলাৰ ইটাচালি টাউন আৰক্ষী চকীৰ অন্তৰ্গত উৰিয়াগাঁৱৰ বাইপাছ চ’কৰ সমীপত কালি নিশা প্ৰায় ১১.৩০ বজাত সংঘটিত এক পথ দুৰ্ঘটনাত এজন যুৱক থিতাতে নিহত হয়। নিহত যুৱকজন বঢ়মপুৰ তিনিআলিৰ হিমাংশু বৰা (২৪) ।জানিব পৰা মতে ,কালি নিশা হিমাংশুৰ এজন বন্ধুৱে দিয়া জন্মদিনৰ পাৰ্টী উপভোগ কৰিবলৈ গৈ অজ্ঞাত কাৰণত নিশা নগাঁও চহৰৰ অভিমুখে নিজৰ এ এছ ০১ই পি ৩৬৪৪ নম্বৰৰ মহিন্দ্ৰা মাৰাজ’ গাড়ীখন লৈ গৈ থকা অৱস্থাতে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিতে বাগৰি পৰে। যাৰ ফলত গাড়ীখনৰ চালক হিমাংশু বৰা থিতাতে নিহত হয় আৰু গাড়ীখনত যোৱা আন দুজন বন্ধু কিছুপৰিমাণে আহত হয় বুলি জানিব পৰা গৈছে।













