২৭ মাৰ্চত অনুষ্ঠিত হ’বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনক লৈ তৎপৰ ৰাজ্যৰ প্ৰশাসন। ৰাজ্যত বলৱৎ হৈ থকা নিৰ্বাচনী আচৰণবিধি বলৱৎ কৰাৰ ক্ষেত্ৰত কঠোৰ স্থিতি গ্ৰহণ কৰিছে জিলা প্ৰশাসনে। ইয়াৰ মাজতে ডিব্ৰুগড়ত মঙ্গলবাৰ আৰু বুধবাৰে বৃহৎ পৰিমানৰ ধন জব্দ কৰিবলৈ সক্ষম হয়। ডিব্ৰুগড়ৰ লাহোৱাল ৰে’লৱে ক্ৰছিঙৰ পৰা মঙ্গলবাৰে ৩ লাখ ৮০ হাজাৰ টকা নগদ ধন জব্দ কৰাৰ পিছতে বুধবাৰে ১ লাখ ২৫ হাজাৰ টকা জব্দ কৰিছে লাহোৱাল আৰক্ষীয়ে। লাহোৱাল আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অনুপম গোৱালাৰ নেতৃত্বত চলোৱা নিয়মীয়া তালাচীৰ সময়ত মুঠ ৫ লাখ ৫ হাজাৰ টকা নগদ ধন জব্দ কৰিবলৈ সক্ষম হয়। ইফালে জব্দকৃত ধনসমূহ জিলা প্ৰশাসনে গঠন কৰি দিয়া ফ্লায়িং স্কোৱাড, ভিডিঅ’ চাৰ্ভিলেন্স, ষ্টেটিক চাৰ্ভিলেন্স দলক চমজাই দিয়ে। ইতিমধ্যে নিৰ্বাচনী আচৰণবিধি বলৱতৰ ক্ষেত্ৰত এই দলটোৱে জিলাখনৰ ঠায়ে ঠায়ে অভিযান অব্যাহত ৰাখিছে।
যোগীপাৰা বালিঝাৰ সংযোগী পথৰ দুৰৱস্থা , বিধস্ত পথত যাতায়তৰ নামত হাৰাশাস্তি : গুৰুত্ব নাই বিভাগৰ
কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত যোগীপাৰা বালিঝাৰ সংযোগী গুৰুত্বপুৰ্ন পথটি দীৰ্ঘদিনৰ পৰা বিধস্ত হৈ পৰাত ৰাইজৰ মাজত চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ বিধস্ত হৈ পৰা পথটিৰে ৰাইজে যাতায়তৰ নামত খাৱলগীয়া হৈছে জ্বলাকলা ৷ জানিব পৰা মতে গ্ৰাম্য গড়কাপ্তানী বিভাগৰ অতিকৈ ব্যস্ত পথটিৰে বকো হৈ গুৱাহাটীৰ লগতে অসমৰ বিভিন্ন স্থানলৈ যাৱ পৰা সুবিধা আছে ৷ কিন্ত বিধস্ত হৈ পৰা পথটিৰ বাবেই লক্ষাধিক ৰাইজে বৰ্হি জগতৰ লগত প্ৰায় বিচিন্ন হোৱাৰ পথত ৷ আভিযোগ অনুসৰি যোগীপাৰাৰ পৰা বালিঝাৰলৈ প্ৰায় ৮কিলোমিটাৰ দৈৰ্ঘৰ পথটি প্ৰায় ১৩ বছৰ পুৰ্বে কৰা হৈছিল পকীকৰন ৷ কিন্ত পকীপথটি ক্ৰমান্বয়ে ঠায়ে ঠায়ে খলাবমা হৈ পৰাত যাতায়তৰ বাবে অনুপযোগী হৈ পৰিছে ৷ যাৰ বাবে সাধাৰন এজাক বৰষুন হলেই পথটিত পানী জমা হৈ যাতায়তৰ ক্ষেত্ৰত ব্যাঘাত জন্মায় ৷ তদুপৰি পথটিত থকা কেবাটাও পকী দলঙৰ অবস্থাও হৈ পৰিছে দুৰ্বল ৷দলঙ সমুহৰ দুয়োকাষে ফাট মেলাত তেনেই দুৰ্বল হৈ পৰিছে ইয়াৰ বহন ক্ষমতা সমুহ ৷ জানিব পৰা মতে গুৰুত্বপূৰ্ণ পথটিৰে বিভিন্ন স্থৰৰ ৰাইজৰ লগতে চলাচল কৰে শ শ সৰুবৰ যানবাহন ৷ জানিব পৰা মতে বৃহত্তৰ দেশী জনগোষ্টীয় অধ্যষিত অঞ্চলটোৰ একমাত্ৰ পথটিৰ এনে জৰাজীৰ্ন অৱস্তাৰ বিষয়ে স্থানীয় প্ৰাক্তন বিধায়িকা নন্দিতা দাসক অৱগত কৰাৰ পিছতো কোন ধৰনৰ গুৰুত্ব আৰোপ নকৰাত ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ গ্ৰাম্য পথটিৰ এনে দুৰৱস্থা থাকিলে সম্প্ৰতি অচিৰেই ৰাইজৰ যাতায়ত ব্যৱস্তা বন্ধ হৈ পৰিব সেয়া অনুমেয় ৷ ৰাইজে বিভাগীয় কৰ্তৃপক্ষক অতিশীঘ্ৰেই পথটি মেৰামতি কৰি ৰাইজৰ যাতায়ত ব্যৱস্থা সুচল কৰিবলৈ দাবী জনাইছে ৷
বিজেপিক পূৰ্ণ সমৰ্থন চাহ মজদূৰ সংঘ গোলাঘাট শাখাৰ
বিজেপিলৈ মুকলি সমৰ্থন ভাৰতীয় চাহ মজদুৰ সংঘ গোলাঘাট শাখাৰ । আজি গোলাঘাট দৈয়াং চাহ বাগিচাত ভাৰতীয় চাহ মজদুৰ সংঘ গোলাঘাট শাখায়ে সংবাদমেল যোগেদি বিজেপি আগন্তুক নিৰ্বাচনত পূৰ্ণ সমৰ্থন আগবঢ়ায়। এক সংবাদমেল সম্বোধন কৰি ভাৰতীয় চাহ মজদুৰ সংঘ গোলাঘাট শাখাৰ সভাপতি নাৰায়ণ মাহাৰে চাহ বাগিচাত বিজেপি চৰকাৰে ৰূপায়ণ কৰা উন্নয়ন মূলক আঁচনি আৰু বাট-পথ আদি উন্নয়নৰ বাবে প্ৰশংসা কৰে । উল্লেখ্য যে , কিছু দিন পূৰ্বে জামুগুৰি চাহ বাগিচাত বিজেপি নিৰ্বাচনী প্ৰচাৰ সভাত অসম চাহ জনজাতি ছাত্ৰ সন্থাই প্ৰতিবাদ কৰাৰ বাবে আটছাক সমালোচনা কৰে ভাৰতীয় চাহ মজদুৰ সংঘই।
গোলাঘাট কমাৰবন্ধা বামুনগাঁৱত হত্যাকাণ্ড : অতীষ্ঠ মাতৃয়ে অৱশেষত হত্যা কৰিলে সুৰাপায়ী স্বামীক
“মানুহজনক মাৰি দিলোঁ, ছোৱালীজনীক সদায় বলৎকাৰ কৰিব বিচাৰে ” । এগৰাকী মাতৃৰ কান্দি কান্দি দিয়া স্বীকাৰোক্তি। আজি পুৱা প্ৰায় ৬-৩০ বজাত গোলাঘাটৰ কমাৰবন্ধা বামুনগাওঁত সংঘটিত হল এক নৃশংস হত্যাকাণ্ড। নিজ পত্নীয়ে খৰিৰে মাৰি হত্যা কৰিলে স্বামীক। অত্যাধিক সুৰা পাণ কৰি ঘৰুৱা অশান্তিৰ সৃষ্টি কৰি অহা নিতুল বৰা (৪৮)নামৰ লোক জনক পত্নী জোনাকী বৰাই (৪৫) অৱশেষত হত্যা কৰে। দুটা সন্তানৰ মাতৃ জোনাকী বৰাই আৰক্ষীৰ আগত স্বীকাৰোক্তি দি কয় যে , নিতৌ সুৰাপাণ কৰি অহা স্বামীয়ে ঘৰত কৰা অশান্তিয়ে চৰম পৰ্যায় পাইছিলগৈ। নিজ কন্যাক লৈও চৰম সংশয়ত ভুগিছিল মাতৃগৰাকী। কন্যাৰ সুৰক্ষাৰ বাবে একপ্ৰকাৰ ঘৰৰ পৰা ওলাবলৈ ভয় কৰিবলগীয়া এক অৱস্থাৰ সৃষ্টি হৈছিল মাতৃগৰাকীৰ। পাষাণ পিতৃয়ে পুত্ৰৰ পঢ়া কিতাপ-বহী পৰ্যন্ত জ্বলাই দিয়াত একপ্ৰকাৰ পঢ়া-শুনা এৰিব লগীয়া অৱস্থা হৈছিল একমাত্ৰ পুত্ৰ সন্তানটিৰ। আৰু অৱশেষত অতীষ্ঠ হৈ পত্নী জোনাকী বৰাই এডাল খৰিৰে স্বামীক মূৰত মৰিয়াই মৰিয়াই হত্যা কৰিবলৈ বাধ্য হয়। উল্লেখ্য যে, স্বামীক হত্যা কৰাৰ পাছত অতি শীতল মস্তিষ্কৰে হত্যাকাৰী জোনাকী বৰাই কমাৰবন্ধা আৰক্ষীৰ ওচৰত হত্যাৰ কথা স্বীকাৰ কৰি আত্মসমৰ্পণ কৰাৰ লগতে এনেদৰে হত্যাৰ আঁৰৰ সকলো কথা ব্যক্ত কৰে।
ইণ্ডিগো বিমানত এটি কন্যা শিশুৰ জন্ম
এটা বিৰল ঘটনা। বুধবাৰে বাংগালোৰৰ পৰা জয়পুৰলৈ গৈ থকা এখন ইণ্ডিগো বিমানত এটি কন্যা শিশুৰ জন্ম হৈছিল।বিমান সংস্থাটোৱে এক উল্লেখ কৰা মতে “কেঁচুৱাটো ইণ্ডিগো কৰ্মচাৰীৰ সহায়ত প্ৰসৱ কৰা হৈছিল, ড০ সুবাহানা নাজিৰে কাৰ্যকৰীভাৱে সহায় কৰিছিল, ড০ সুবাহানা সেই একেখন বিমানতে যাত্ৰা কৰিছিল।জয়পুৰ বিমান বন্দৰত লগে লগে এজন চিকিৎসক আহি পোৱাৰ পিছত এম্বুলেন্সৰ ব্যৱস্থা কৰি কেঁচুৱা আৰু মা দুয়োটা হাস্পতাললৈ স্থানান্তৰ কৰা হয়।
বৰছলা বিধানসভা সমষ্টিত উন্নয়নৰ ফোঁপোলা স্বৰূপ : এইবাৰ নিৰ্বাচনত ৰাইজে উচিত শিক্ষা দিব
পৰিবৰ্তন, উন্নয়ন আৰু দুৰ্নীতিমুক্ত কৰি অসমক প্ৰগতিশীল ৰাজ্য গঢ়াৰ শ্ল’গান দি শাসনলৈ অহা বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ দিনত অধিকাংশ বিধানসভা সমষ্টিত ৰাইজে আজিও পৰ্যাপ্ত উন্নয়নৰ মুখ দেখিবলৈ নাপালে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰখনৰ দিনতো একাংশ সমষ্টিত বাট -পথবোৰ বিধ্বস্ত অৱস্থাতে পৰি থাকিল৷এই ক্ষেত্ৰত আজি কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ কেন্দ্ৰীয় সভাপতি প্ৰশান্ত বৈশ্যই সংবাদ মাধ্যমৰ আগত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি কয় যে ৰাজ্যৰ অন্যান্য সমষ্টিৰ দৰে বৰছলাৰ বিধায়ক গনেশ কুমাৰ লিম্বুও সমষ্টিটোৰ সৰ্বাংগীণ উন্নয়নত চৰমভাৱে ব্যৰ্থ হৈছে৷ সমষ্টিটোৰ উন্নয়ন সাধন কৰাত বিধায়কগৰাকী ব্যৰ্থ হোৱাৰ গুৰুত্বৰ অভিযোগ তুলিছে সমষ্টিটোৰ একাংশ ভোটাৰ ৰাইজে৷কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই লগতে কয় সমষ্টিটোৰ বহু বাট-পথ বিধায়ক লিম্বুৱে বিগত পাঁচটা বছৰৰ কাৰ্যকালত নিৰ্মাণ তথা মেৰামতি কৰিবলৈ সক্ষম নহ’ল৷ইয়াৰ পৰিপ্ৰেক্ষিতত আজিও বিধ্বস্ত পথৰেই অহা-যোৱা কৰাৰ সময়ত অঞ্চলটোৰ ৰাইজৰ লগতে বিদ্যালয়- মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলে নৰক যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে৷ বৈশ্যই ক্ষোভেৰে কয় বৰছলা বিধানসভা সমষ্টিৰ বাট-পথবোৰ উন্নয়ন কৰাৰ দাবীত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি আৰু ভগ্নী সংগঠন নাৰী সুৰক্ষা সংগ্ৰাম সমিতিয়ে ৰাইজৰ সহযোগত প্ৰায়েই গণতান্ত্ৰিকভাৱে আন্দোলন কৰি আহিছিল যদিও বিধায়কগৰাকীয়ে এই ক্ষেত্ৰত ঢাল- তৰোৱালবিহীন নিধিৰাম চৰ্দাৰৰ ভূমিকা পালন কৰি আহিছে৷ইয়াৰ জলন্ত উদাহৰণ ঢেকীয়াজুলিৰ পৰা পিৰাকটা হৈ ধিৰাই মাজুলীলৈ যোৱা অতিকৈ গুৰুত্বপূৰ্ণ পথছোৱা বিধ্বস্ত অৱস্থাতে পৰি থাকিল৷ উক্ত পথছোৱাৰ মধ্যভাগত বৰ্তমান একোটা মাছ ধৰিব পৰা পুখুৰী সদৃশ গাত৷ঢেকীয়াজুলি -পিৰাকটা -ধিৰাই মাজুলী সংযোগী অতিকৈ গুৰুত্বপূৰ্ণ পথছোৱাই সমষ্টিটোৰ উন্নয়নৰ প্ৰকৃত ছবিখন উদঙাই দিছে৷ এনে পৰিস্থিতিত সমষ্টিটোৰপৰা পুনৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱাৰ সপোন দেখা লিম্বু প্ৰকৃতাৰ্থত ব্যৰ্থ নে সফল,সেই সন্দৰ্ভত সাংবাদিকে জানিব বিচৰাত কৃষক শ্ৰমিক সুৰক্ষা সংগ্ৰাম সমিতি অসমৰ সভাতি প্ৰশান্ত বৈশ্যই কয় যে বিগত পাঁচটা বছৰে মিত্ৰজোঁটৰ চৰকাৰখনৰ কথা আৰু কামৰ মাজত আকাশ পাতাল পাৰ্থক্য থাকি গ’ল৷কৃষক শ্ৰমিক নেতা বৈশ্যই লগতে কয় ২০১৬ চনত অনুষ্ঠিত বিধান সভাৰ নিৰ্বাচনত বিজেপি চৰকাৰখনে ৰাইজক দিয়া প্ৰতিশ্ৰুতিবোৰ পালন কৰিব নোৱাৰিলে৷চৰকাৰখনে বিগত পাঁচটা বছৰে গ্ৰামাঞ্চলৰ বাট-পথবোৰৰ নিৰ্মাণ তথা উন্নয়ন সম্পূৰ্ণ হোৱা বুলি ৰাইজক পতিয়ন দিবলৈ একাংশ সংবাদ মাধ্যমত মিছা ঢাক-ঢোল বজাই দিন পাৰ কৰিলে৷ বৰছলা বিধান সভা সমষ্টিৰ অন্তৰ্গত ঢেকীয়াজুলিৰ পৰা ধিৰাই মাজুলীলৈ যোৱা পথটোৰে কেইবাখনো বিদ্যালয়ৰ হেজাৰ হেজাৰ স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে এলেকাটোৰ প্ৰায় ৫০ খনৰো অধিক গাঁৱৰ ৰাইজে অহা-যোৱা কৰি আহিছে যদিও বিগত বহু দিনৰপৰাই মেৰামতিৰ অভাৱত জহি-খহি যোৱা উক্ত পথছোৱা অকৰ্মণ্য বিধায়ক লিম্বুৱে নিৰ্মাণৰ কোনো ধৰণৰ পদক্ষেপ গ্ৰহণ নকৰিলে৷লগতে কৃষক শ্ৰমিক নেতা বৈশ্যই কয়-চৰকাৰ জিলা প্ৰশাসন তথা তেজপুৰ লোকসভা সমষ্টিৰ প্ৰাক্তন সাংসদ তথা বৰ্তমান বৰছলা সমষ্টিৰ কংগ্ৰেছ দলৰ মনোনীত বিধায়কৰ প্ৰাৰ্থী ৰাম প্ৰসাদ শৰ্মা,বৰ্তমানৰ বিজেপি দলৰ সাংসদ পল্লৱ লোচন দাস আৰু স্থানীয় বিধায়ক গনেশ কুমাৰ লিম্বুক পথছোৱা নিৰ্মাণ কৰিবলৈ কেইবাবাৰো সংগঠনটোৰ তৰফৰ পৰা দাবী জনোৱা হৈছিল যদিও আজিলৈকে পথছোৱা নিৰ্মাণৰ ব্যৱস্থা গ্ৰহণ নকৰাটো অতিকৈ দুৰ্ভাগ্যজনক৷এইবাৰ সমষ্টিটোৰ ভোটাৰ ৰাইজে উচিত শিক্ষা দিব বুলি শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই তাৎপৰ্যপূৰ্ণ মন্তব্য কৰে৷প্ৰশান্ত বৈশ্যই আৰু কয় যে এইবেলি দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঢৌ নাই৷ ৰাইজৰ মাজত সকলোৰে আনন্দ সৰ্বানন্দ’ শীৰ্ষক গীতটো হেৰাই গ’ল৷ সমষ্টি উন্নয়নত ব্যৰ্থ হোৱা বিধায়ক লিম্বুৱে ৰাইজক কৰা চৰম প্ৰতাৰণাৰ ফল ভোগ কৰাৰ বাবে সাজু হৈ থাকিবলৈ কৃষক শ্ৰমিক নেতা প্ৰশান্ত বৈশ্যই সংবাদ মাধ্যমৰ জৰিয়তে সকীয়াই দিয়ে৷
নগৰবেৰা হেকৰাত শোকাৱহ পথ দূৰ্ঘটনা : ঘটনাস্থলিতে নিহত দুই সহদৰ
নগৰবেৰাৰ হেকেৰাত শোকাৱহ পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত থিতাতে নিহত হয় দুজনকৈ স্কুলীয়া ছাত্ৰ। নিহত ছাত্ৰ দুজন আব্দুল কায়ুম মাছুদ (১৪) আৰু মনোৱাৰা হুছেইন (১৫)। ছাত্ৰ দুজন সহোদৰ ভাই ককাই।নিহত ছাত্ৰ দুজন ১ নং মালিবাৰী পথাৰ গাঁৱৰ উছমান আলীৰ দুই সন্তান। বিদ্যালয় ছুটিৰ পাছত তিনিজনকৈ স্কুলীয়া ছাত্ৰই দুচকীয়া বাহনেৰে নিজ ঘৰলৈ যোৱা অৱস্থাতে হেকেৰাত তীব্ৰেবগী অবৈধ বালি কঢ়িওৱা AS-01MC-3502 নম্বৰৰ ডাম্পাৰখনে মহতিয়াই নিয়ে। আৰু থিতাতে দুই সহোদৰ ভাই ককাই আব্দুল কায়ুক মাছুদ আৰু মনোৱাৰা হুছেইনৰ মৃত্যু হোৱাৰ লগতে আহত হয় আন এজন ছাত্ৰ নাছিৰুদ্দিন।তিনিগৰাকী নগৰবেৰাৰ দোকুচি আদৰ্শ বিদ্যালয়ৰ ছাত্ৰ বুলি জানিব পৰা গৈছে। ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতিৰ। উত্তেজিত ৰাইজে দুৰ্ঘটনাগ্ৰস্ত ডাম্পাৰখনৰ কিছু ক্ষতিসাধন কৰাৰ লগতে অৱৰোধ কৰে নগৰবেৰা – ধুপধৰা সংযোগী গঢ়কাপ্তানী পথ। অৱশেষত ঘটনাস্থলীত নগৰবেৰা ৰাহজ চক্ৰ বিষয়া আৰু আৰক্ষীৰ লোক উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে।
নাগ্ৰীজুলি আৰক্ষী চকীৰ বৃহৎ সাফল্যচাৰিজন ডকাইত
১৩ মাৰ্চৰ নিশা নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত ৪নং ডোঙাৰগাঁৱৰ এটি পৰিয়ালত ডকাইতি কৰি বৃহৎ পৰিমাণৰ ধন লৈ উধাও হোৱা এটি ডকাইতৰ দলক আজি এক বিশেষ সূত্ৰৰ পমখেদি নাগ্ৰীজুলি আৰক্ষীৰ এটি দলে আটক কৰিবলৈ সক্ষম হয়। আটকাধীন ডকাইত কেইজন হ’ল নাগ্ৰীজুলি আৰক্ষী চকীৰ অন্তৰ্গত ৩ নং আৰু ৪ নং ডোঙাৰগাঁৱৰ ক্ৰমান্বয়ে ৰমে মণ্ডল (২৬) , প্ৰেম কুমাৰ ৰয় (১৮), ইন্দ্ৰ মণ্ডল (২২) আৰু সূৰ্য্য মণ্ডল( ৩২)।
আৰক্ষী সূত্ৰৰ খবৰ মতে লোকেইজনে যোৱা ১৩ মাৰ্চৰ নিশা ৪ নং ডোঙাৰ গাওঁৰ সুদেৱ মণ্ডলৰ ঘৰত পুতলা পিষ্টল , খুকৰী দেখুৱাই নগদ ধন – সোণ লুট কৰিছিল ৷ পিছত পৰিয়ালৰ লোকে চিঞৰ-বাখৰ কৰাত গাঁঁওবাসী ওলাই অহাত ডকাইত কেইজন পলাই সাৰে। ৪ নং ডোঙাৰগাৱঁৰ সুদেৱ মণ্ডলে দিয়া এজাহাৰৰ ভিত্তিত নাগ্ৰীজুলি আৰক্ষীয়ে ক্ষীপ্ৰতাৰে তদন্ত কৰি এক বিশেষ সূত্ৰৰ পমখেদি ডকাইত কেইজনক আটক কৰে আৰু তেওঁ লোকৰ বিৰুদ্ধে ভাৰতীয় দণ্ড বিধিৰ আধাৰত গোচৰ ৰুজু কৰি আজি জেল হাজোতলৈ প্ৰেৰণ কৰে ৷
তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ অধিৱেশনৰ সফল সমাপ্তি
অসম অৰুণাচল সীমান্তৱৰ্তী তিনিচুকীয়া জিলাৰ কাকপথাৰ সাংস্কৃতিক সংঘত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ দ্বি-বিংশতিতম দ্বি-বাৰ্ষিক অধিৱেশনখনি কালি সফল সমাপ্তি ঘটে ৷ কাৰ্যসূচী অনুসৰি প্ৰথম দিনা স্বৰ্গীয় পৰাগ ভূঞা সোঁৱৰণী ক্ষেত্ৰ উদ্ধোধন কৰে হাতীগড় মায়ামৰা মূলনীসত্ৰৰ সত্ৰাধিকাৰ চক্ৰেশ্বৰ মহন্তই পিছতেই আৰম্ভ হয় বিভিন্ন প্ৰতিযোগিতা। প্ৰতিযোগিতা অন্তত “অ আমাৰ গাওঁ” কায্যসূচী হিচাপে অসম অৰুণাচল প্ৰদেশৰ সীমান্তৱতী চুমনি চাপৰি গাওঁ পৰিভ্ৰমণ কৰি সমস্যাৰ বুজ লয় ত্ৰিশ জনীয়া এটি সাংবাদিক দলে ৷ দ্বিতীয় দিনা ডিৰাক চাৰিআলিৰ পৰা কাকপথাৰ সাংস্কৃতিক সংঘলৈ চেমনীয়া মাৰাথান দৌৰ প্ৰতিযোগিতাৰ পিছতেই পতাকা উত্তোলন কৰে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি ড’ ঋষি দাসে, স্মৃতি তৰ্পন কৰে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সম্পাদক ৰাণাজ্যোতি নেওগে, প্ৰয়াত সাংবাদিক পৰাগ ভূঞা প্ৰতিচ্ছবিত মাল্যাৰ্পন আৰু বন্তি প্ৰজ্বলনৰ পিছতেই প্ৰতিনিধি সভা অনুষ্ঠিত হয় ৷ তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ সভাপতি ড’ ঋষি দাসে সভাপতিত্ব কৰা প্ৰতিনিধি সভাখনত জিলাখনৰ প্ৰায় শতাধিক সাংবাদিকে অংশগ্ৰহণ কৰে । প্ৰতিনিধি সভাৰ সিদ্ধান্ত মৰ্মে ডুমডুমাৰ অনুজ কলিতাক সভাপতি, মাৰ্ঘেৰিটাৰ ৰাণাজ্যোতি নেওঁগক সম্পাদক হিচাপে লৈ কৰি ২০২১-২৩ বৰ্ষৰ বাবে দায়িত্বভাৰ অৰ্পন কৰে ৷ অধিৱেশনখনিৰ লগত সংগতি ৰাখি জিলাখনৰ কবি সকলৰ মাজত ৰতন বৰা আৰু অৰুণা গগৈ বৰুৱাৰ সঞ্চালনাত ন-পুৰণি এখন কবি সন্মিলনো অনুষ্ঠিত হয় ৷ অনুষ্ঠানটোত জিলাখনৰ প্ৰায় অৰ্ধশতাধিক ন-পুৰণি কবিয়ে অংশগ্ৰহণ কৰে ৷ তৃতীয় তথা অন্তিম দিনা দলীয় নৃত্য প্ৰতিযোগিতাৰ পিছতেই মুকলি ও বঁটা বিতৰণী সভা অনুষ্ঠিত হয় ৷ মুকলি সভাত অসম বাৰ্তাজীৱী সংঘৰ সভাপতি কেশৱ কলিতা,সম্পাদক টুটুমনি ফুকন, ভাস্কৰ শৰ্মা, তিনিচুকীয়া জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমৰজ্যোতি গোহাঁই, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ তিনিচুকীয়া জিলা সমিতিৰ সভাপতি সুৰজিৎ মৰাণ, সদৌ তাই আহোম ছাত্ৰ সন্থাৰ মিলন বুঢ়াগোহাঁই, মটক যুৱ ছাত্ৰ সন্মিলনৰ মুখ্য উপদেষ্টা ধৰণী গোহাঁইৰ লগতে তিনিচুকীয়া জিলা সাংবাদিক সন্থাৰ বহুকেইজন প্ৰাক্তন সভাপতি, সম্পাদক উপস্থিত থাকে ৷ অধিৱেশনৰ লগত সংগতি ৰাখি জনধ্বনি আৰু প্ৰতিফলন নামেৰে দুখনকৈ স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয় ৷ মুকলি সভাতেই জিলা সাংবাদিক সন্থাই ভদ্ৰকৃঞ্চ গোস্বামী সোৱঁৰণী সাংবাদিকতা বঁটা সোণাৰীৰ দিপক বৰালৈ, কাকপথাৰ প্ৰেছ ক্লাবৰ প্ৰয়াত পৰাগ ভূঞা সোৱঁৰণি শ্ৰেষ্ঠ যুৱ সাংবাদিকতা বঁটা ডিগবৈ ৰিণা কাকতি গগৈলৈ আৰু প্ৰয়াত সোমেশ্বৰ কলিতা সোৱঁৰণী পৰিৱেশ সুৰক্ষা বঁটা প্ৰকৃতি প্ৰেমী কৃঞ্চকান্ত গগৈলৈ আগবঢ়াই ৷
নিজ গৃহ পালেহি বীৰ শ্বহীদ নিতুল গগৈৰ মৃতদেহ : ছয় জাঁই টোপ ধ্বনিৰে ৰাজ্যিক ময্যদাৰে শেষ শ্ৰদ্ধাঞ্জঁলি
এক শোকাকুল পৰিবেশত চীন ভাৰতৰ সীমান্ত চিয়াচিন গ্লেচিয়াৰত কৰ্তব্যৰত অৱস্থাত মৃত্যুক সাৱটি লোৱা শিৱসাগৰ জিলাৰ গৌৰীসাগৰ আৰক্ষী থানাৰ অন্তৰ্গত খনামুখ টিপমীয়া গাৱঁৰ সেনা বাহিনীৰ বীৰ শ্বহীদ জোৱান নিতুল গগৈৰ নশ্বৰদেহ আজি বিয়লি নিজ জন্ম গাওঁ আহি পোৱাৰ পাছতে এক শোকাকুল পৰিবেশত ৰাজ্যিক পয্যায়ৰ সামৰিক ময্যদাৰে শেষ কৃত সম্পন্ন কৰা হয়। এক বিশেষ বিমানৰ জৰিয়তে বীৰ শ্বহীদ গৰাকীৰ মৃতদেহ ডিব্ৰুগড় মোহনবাৰী বিমান বন্দৰ আহি পোৱাৰ পাছতে সেনা বাহিনীয়ে শ্ৰদ্ধাঞ্জঁলী জনোৱাৰ পাছতে সেনা বাহিনীৰ গাড়ীত বীৰ শ্বহীদ গৰাকীৰ মৃতদেহ নিজ গৃহলৈ কঢ়িয়াই আনে। সেনা বাহিনীৰ অষ্টম অসম ৰেজিমেন্টৰ নায়ক চুবেদাৰ পদত নিয়োজিত বীৰ শ্বহীদ গৰাকী কেইমাহমানৰ পূৰ্বে চিয়াচিন গ্লেচিয়াৰত কামত যোগদান কৰিছিল।সামুদ্ৰিক পৃষ্ঠৰ পৰা 19600 কিলো মিটাৰ উচ্চতাত নিয়োজিত সেনা বাহিনীৰ বীৰ শ্বহীদ গৰাকী যোৱা 13 মাৰ্চ তাৰিখে কৰ্মৰত অৱস্থাতে অসুস্থ হৈ পৰে।ততাতৈয়াকৈ সেনা বাহিনীৰ চিকিৎসালয়ত ভৰ্তী কৰাই যদিও চিকিৎসাধীন অৱস্থাত উক্ত দিনাই মৃত্যুক সাৱটি লয়। যোৱা 4 মাৰ্চ তাৰিখে বিধবা মাতৃ নিজ পত্নী আৰু কণমানি কণ্যা দুজনিৰ সৈতে মবাইলত ভিডিঅ কলৰ জৰিয়তে শেষ কথা পতা বীৱ শ্বহীদ গৰাকী অহা মে মাহত নিজ ঘৰলৈ দুমাহৰ বাবে ছুটিত অহাৰ কথা আছিল। কিন্তু তাৰ পৰিবৰ্তে বীৰ শ্বহীদ গৰাকীৰ নিথৰ দেহ বগা কাপোৰে আবৃত হৈ কফিনত সোমাই আহিল নিজ গৃহলৈ।শ্বহীদগৰাকীৰ মৃতদেহ খনামুখ তিনি আলি আহি পোৱাৰ পাছতে গায়ন বায়নসহ শতাধিক মটৰ চাইকেলেৰে বীৰ শ্বহীদ নিতুল গগৈ অমৰ হওক আদি ধ্বনিৰে নিজ গৃহলৈ আদৰি আনে।গাওঁখনৰ প্ৰতিটো পৰিয়ালে পদুলিমুখত বন্তি প্ৰজ্বলন আৰু অশ্ৰুসিক্ত নয়নেৰে শেষ শ্ৰদ্ধাঞ্জঁলি জনায় বীৰশ্বহীদ নিতুল গগৈক।অতি অমায়িক মৃদুভাষী বীৰ শ্বহীদগৰাকীৰ বাসগৃহত পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ পৰা অহা লোকে শেষ শ্ৰদ্ধাঞ্জঁলী জনাবলৈ অধীৰ আগ্ৰহৰে ৰৈ আছিল। সামৰিক জোৱান সকলে শ্বহীদ গৰাকীৰ নশ্বৰদেহ কঢ়িয়াই অনা সামৰিক বাহিনীৰ বিশেষ বাহনখনৰ পৰা আপোনঘৰখনলৈ কঢ়িয়াই অনাৰ পাছতে কান্দোনৰ ৰোল উঠে। বীৰ শ্বহীদ গৰাকীৰ সত্তোৰদ্ধৰ বৃদ্ধা মাতৃৰ লগতে পত্নী কবিতা গগৈ প্ৰথম আৰু মুকুল শ্ৰেণীত অধ্যনয়ৰত কণমানি কণ্যা দিবাক্ষী আৰু দিপাশ্ৰীৰ হিয়াঁ ভগা কান্দোনে তাত উপস্থিত প্ৰত্যেকজন লোকক আবেগিক কৰি তোলে।তাৰ পাছতে শ্বহীদগৰাকীৰ বাসগৃহত এক শ্ৰদ্ধাঞ্জঁলী অনুষ্ঠান অনুষ্ঠিত হয়।সেনা বাহিনীৰ অষ্টম অসম ৰেজিমেন্টৰ জি অ চি ৪১ আৰু ১০১ চাব এৰিয়াৰ কামণ্ডিং অফিচাৰ, ১১ আসাম গাৰ্লচ কৰ্প এনচিচিৰ(শিৱসাগৰ) শিৱসাগৰ জিলা উপায়ুক্ত বিষ্ণু কমল বৰা, জিলা আৰক্ষী অধীক্ষক অমিতাভ সিনহা,আমগুৰি সমষ্টিৰ অগপৰ মিত্ৰজোটৰ প্ৰাৰ্থী প্ৰদীপ হাজৰিকা,অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ মিত্ৰজোটৰ প্ৰাৰ্থী চন্দ্ৰ বৰুৱা,বিজেপি দলৰ ৰাজ্যিক কাৰ্যনিব্বাহক সদস্য ডঅংশ্ৰুমিতা গগৈ,শিৱসাগৰ আৰু যোৰহাট জিলাৰ প্ৰাক্তন সেনা বাহিনী সন্থাৰ চেয়াৰমেন এচ আৰ হাজৰিকা আদিকে ধৰি বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানে শেষ শ্ৰদ্ধাঞ্জঁলী জনোৱাৰ পাছতে বীৰ শ্বহীদ গৰাকীৰ মৃতদেহ সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে ঘৰৰ সন্মূখৰ সৎকাৰ স্থলীলৈ লৈ যায়। ভতিজায়েক মাইনা গগৈয়ে মুখাগ্নি কৰা বীৰ শ্বহীদ গৰাকীক অন্ত্যোষ্টিক্ৰিয়াৰ পূৰ্বে সামৰিক বাহিনীৰ জোৱানসকলে আঠ জাই টোপধ্বনিৰ সৈতে ৰাজ্যিক সামৰিক ময্যদাৰে শেষ শ্ৰদ্ধাঞ্জঁলী জনায়।











