অনলাইন বাৰ্তা, ২৬ ডিচেম্বৰ : আজি গুৱাহাটী প্ৰেছক্লৱত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠিত উত্তৰন সাহিত্য মঞ্চ অসমৰ ৩৯ খন গ্ৰন্থ একেলগে উন্মোচনা কৰা হয় ৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড°গীৰিশ শৰ্মাৰ পৌৰহিত্যত অনুষ্ঠিত হোৱা গ্ৰন্থ উন্মোচনী সভাত বিশিষ্ট ব্যক্তি হিচাপে দৈনন্দিন বাৰ্তা কাকতৰ সম্পাদক শংকৰ গোহাই, অসম কবি সন্মিলনৰ উপসভাপতি তথা সহযাত্ৰী আহ্বায়ক মনোজ কুমাৰ দাস, বিশিষ্ট কবি সমালোচক প্ৰনৱ ৰন্ধন শইকীয়াই আটাইকেইখন গ্ৰন্থ উমহতীয়াভাবে উন্মোচন কৰে ৷ উত্তৰন সাহিত মঞ্চ অসমৰ প্ৰতিষ্ঠাপক তথা মুখ্য প্ৰশাসক বিনীতা গগৈয়ে গ্ৰন্থ উন্মোচনী সভাত আদৰনী ভাষন আগবঢ়াই ৷ উল্লেখ্য যে মনিকাঞ্চন প্ৰকাষন গোষ্ঠীৰ দ্বাৰা উদায়নন্দ দাসৰ ছায়াংক,তীৰ্থ পিন্টু বৰাৰ মিছ মাধুৰী,পুষ্পাঞ্জলি বৰাৰ, সপোন যেন বৰষুণ , প্ৰবীৰ কুমাৰ দত্তৰ হৃদয়ৰ বেদীত মোৰ প্ৰতিমা তুমি, মনোজ বুঢ়াগোহাঁইৰ প্ৰীতি ছায়া,নৱযানী বৰুৱা শইকীয়াৰ পুৰুষ, প্ৰতিভা দেবীৰ কুহেলিকা, অজিত ফুকনৰ সুবাসিত হাহি, উদয়ানন্দ দাসৰ আবেলি বেলিৰ ৰং, ছায়েৰা বেগমৰ সপোনৰ বাটচৰা, জেমী গগৈৰ আশাৰ ৰেঙনি, শিখাৰানী শৰ্মাৰ অনুভৱৰ এমুঠি মুকুতা, অজিত ফুকনৰ সময় বালিত পৰি ৰ’ল খোজ, ৰুলী বৰগোহাঁই গগৈৰ অনুৰাগলৈ অনুভব, প্ৰশান্ত গগৈৰ শামুক ভঙা চৰাই, কাব্যনীল মিনাক্ষীৰ সাগৰ সংগমত, নৱ সৃষ্টি ধৰ্মেশ্বৰৰ আন্ধাৰৰ গলিত জীবন বীনাৰ সুৰ, মেৰী হাজৰিকা ফুকনৰ শিমলু ফুলা দিনত, সৰোজনী বসুমতাৰীৰ যুগন্ত কল্পনাৰ স্মৃতি, কাব্যনীলৰ স্বৰচিত বাংলা কবিতা, ৰুমী কলিতা দত্তৰ হৃদয়ত আধালিখা দস্তাবেজ, নবযানী বৰুৱা শইকীয়াৰ এৰাসুঁতি, ঝজুমনি গগৈৰ হৃদয়ৰ পৰা হৃদয়লৈ, উদয়ানন্দ দাসৰ পোহৰৰ সন্ধানত, নৰেশ্বৰ শইকীয়াৰএপাহি সুখ, এপাহি দুখ, স্বাপ্না লাহনৰ অনুভৱৰ এখনি কলাজ, জয়লক্ষী বৰুৱাৰ হৃদয়ৰ সেউজীয়া অনুভৱ, ৰীনা বৰুৱাৰ ভাগৱতৰ আখ্যান, মামনী বৰঠাকুৰৰ অনুভৱ মোৰ মনৰ, জোনালী শইকীয়া ডেকাৰ ৰুদ্ৰগীৰিৰ অশ্ৰপ্ৰপাত, ৰীনা বৰুৱাৰ জগন্নাথ ধামত এভুমুকি, দিলিপ তাতীৰ এমুঠি জোনাক বিছাৰি, অনিল ফুকনৰ মানৱ জীৱনৰ ৰুপৰেখা, প্ৰশান্ত গগৈৰ মকৰা, শিখাৰানী শৰ্মাৰ ক্ৰমে মাইনা গাভৰু হ’ল , প্ৰেম আৰু বিশাদৰ একাজলি কবিতা, ভাৰতী বৰুৱা গগৈৰ সুবাস আৰু দুৰ্লভ বৰুৱাৰ সাচতীয়া বাকচ নামৰ গ্ৰন্থ সমুহ প্ৰকাশ কৰি উলিয়াই ৷ গ্ৰন্থ উন্মোচনী সভাত উন্মোচক শংকৰ গোহাই, মনোজ কুমাৰ দাস, প্ৰনৱ ৰন্জন শইকীয়াই আটাইকেইগৰাকী লিখকক শুভেচ্ছা জ্ঞাপন কৰি চমু বক্তব্য প্ৰদান কৰে ৷ এই ক্ষেত্ৰত মুখ্য প্ৰশাসক বিনীতা গগৈয়ে কয় যে অসমৰ বিভিন্ন জিলাৰ উদীয়মান লিখক সকলে গ্ৰন্থ লিখিবলৈ সক্ষম হলেও প্ৰকাশ কৰাৰ ক্ষেত্ৰত যঠেষ্ট অসুবিধাৰ সন্মুখীন হয় ৷ ইয়াৰ বাবেই উত্তৰন সাহিত্য মঞ্চই মনিকাঞ্চন প্ৰকাশনৰ লগত এক বুজাবুজিত উপনিত হৈ ৩৯ খন গ্ৰন্থ প্ৰকাশ কৰি উলিয়াই ৷ এয়া গ্ৰন্থ লিখকৰ বাবেই এটি সুখবৰ বুলি কব পাৰি ৷ ধনৰ অভাবত গ্ৰন্থ প্ৰকাশ নোপোৱাকৈ নাথাকে বুলি বিনীতা গগৈয়ে উল্লেখ কৰে ৷ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত কেইবাগৰাকী বিশিষ্ট ব্যক্তি লগতে ভালে সংখ্যক গন্যমান্য ব্যক্তি উপস্থিত উপস্হিত থাকে ৷
ডিব্ৰুগড়ত এন পি এছ কৰ্মচাৰী সন্থাৰ বিশেষ সভা : জানুৱাৰীত গুৱাহাটীত বিশেষ অভিবৰ্তনৰ আয়োজন
মদাৰখাত, ২৬ ডিচেম্বৰ : ডিব্ৰুগড় জিলাৰ চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ উদ্যোগত ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ত আঞ্চলিক সমিতিৰ প্ৰতিনিধিৰ উপস্থিতিৰে এখন বিশেষ সভা অনুষ্ঠিত হয়। সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ ৰাজ্যিক সভাপতি অচ্যুতানন্দ হাজৰিকাই মুখ্য অতিথি হিচাপে অংশ লোৱা সভাখনৰ আঁত ধৰে জিলা কাৰ্যনিৰ্বাহক যুগল কোঁৱৰে। জিলা সমিতিৰ সম্পাদক মনোজ মহনে আদৰণি ভাষণ প্ৰদান কৰে। মুখ্য অতিথিৰ ভাষণত ৰাজ্যিক সভাপতি অচ্যুতানন্দ হাজৰিকাই কয় ‘ অসমৰ সকলো বিষয়া, শিক্ষক-কৰ্মচাৰীৰ ঐক্যৱদ্ধ প্ৰচেষ্টাত সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাই কাৰ্যক্ষেত্ৰত আগবাঢ়ি আহিছে। চৰকাৰী ব্যৱস্থাৰ ক্ষেত্ৰত ইতিমধ্যে বহু লাঞ্চনাৰ বাবে কৰ্মচাৰীসকল ভুক্তভোগী। চৰকাৰী শিক্ষক-বিষয়া-কৰ্মচাৰীৰ যি সেৱা তাৰ সফলতাবোৰ আন্ধাৰত ৰাখি এন পি এছৰ আওতালৈ আনি কৰ্মচাৰীক প্ৰবঞ্চনা কৰিছে চৰকাৰে।’ ৰাষ্ট্ৰীয় পেঞ্চন নীতি অৱসৰকালীন সময়ৰ এক বিড়ম্বনাহে বুলি কয়। সেয়েহে এই ব্যৱস্থাৰ পৰিবৰ্তে পুৰণি পেঞ্চন নীতিৰ আধাৰত পেঞ্চন প্ৰদান কৰিবলৈ আহ্বান জনায়। চৰকাৰক বিভিন্ন ধৰণেৰে, মাধ্যমেৰে ৰাষ্ট্ৰীয় পেঞ্চন নীতিৰ ভয়াবহতাৰ সন্দৰ্ভত অৱগত কৰি ভৱিষ্যত সুৰক্ষাৰ স্বাৰ্থত পুৰণি পেঞ্চন ব্যৱস্থা বাহাল ৰাখিবলৈ বাধ্য কৰাবলৈ বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰাৰ মত প্ৰকাশ কৰে। ‘কৰ্মসংস্কৃতি বৰ্তাই ৰাখি দীঘলীয়া সংগ্ৰামৰে, ধৈৰ্য সহকাৰে আগুৱাই গৈ প্ৰাপ্য অধিকাৰ আঁজুৰি অনাত মানসিক প্ৰস্তুতি গঢ়ি তোলাত সকলো সাজু হওক।’ ৰাষ্ট্ৰীয় পেঞ্চন নীতি আৰু পুৰণি পেঞ্চন নীতিৰ বিস্তৃত বিশ্লেষণ কৰি সন্থাৰ কাৰ্যপন্থা আৰু ভৱিষ্যত কৰ্মসূচীৰ সন্দৰ্ভত বিতং ব্যাখ্যা কৰে। অহা জানুৱাৰীত গুৱাহাটীত গণ অভিবৰ্তন অনুষ্ঠিত কৰাৰ কথা ঘোষণা কৰি সফল কৰিবলৈ সকলো এন পি এছ কৰ্মচাৰীলৈ মুকলি আহ্বান জনায়। সংগ্ৰামখন তীব্ৰতৰ কৰাৰ পোষকতা কৰে। তেওঁ সাংগঠনিক দিশতো মন্তব্য আগবঢ়ায়। ডিব্ৰুগড় হনুমানবক্স সুৰজমল কানৈ বাণিজ্য মহাবিদ্যালয়ৰ অধ্যক্ষ ড° খনিন্দ্ৰ মিশ্ৰ ভাগৱতীয়ে পেঞ্চন ব্যৱস্থা পুনৰ প্ৰৱৰ্তনৰ ক্ষেত্ৰত চৰকাৰক আহ্বান জনোৱাৰ লগতে সন্থাৰ আন্দোলন পৰিকল্পিতভাৱে আগবঢ়াই নিয়াৰ পোষকতা কৰে। ডিব্ৰুগড় জিলা সমিতিৰ মুখ্য উপদেষ্টা ড° জয়দেৱ গগৈয়ে অনাগত দিনত সবলভাৱে নিজৰ অধিকাৰৰ বাবে আগুৱাই আহি ন্যাৰ্য প্ৰাপ্তিৰ দিশত অগ্ৰসৰ হোৱাৰ কথা কয়। লগতে কৰ্মচাৰীসকলৰ মাজত ব্যাপক সজাগতা সৃষ্টি কটৰাত গুৰুত্ব আৰোপ কৰে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ কৰ্মী সন্থাৰ প্ৰতিনিধি জয়দ্বীপ মজুমদাৰ, সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ ৰাজ্যিক সাংগঠনিক সম্পাদক মৌচুমী দেউৰী ফুকনৰ লগতে লাহোৱাল, চাবুৱা, টেঙাখাত, বৰবৰুৱা, নাহৰকটীয়া, মৰাণ আঞ্চলিক সমিতিৰ প্ৰতিনিধিবৰ্গৰ লগতে জিলা সমিতিৰ বিষয়ববীয়াই সভাত অংশ গ্ৰহণ কৰা সভাত শলাগৰ শৰাই আগবঢ়াই মৌচুমী দেউৰী ফুকনে।
সাংস্কৃতিক বিকাশ মঞ্চ, অসমৰ দ্বাৰা ‘ৰাম বিজয়’ নাটৰ আখৰা তুংগত
উজনি-মাজুলী, ২৫ ডিচেম্বৰঃ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ মাজুলী জিলা সাংস্কৃতিক কেন্দ্ৰৰ সহযোগত সাংস্কৃতিক বিকাশ মঞ্চ, অসমৰ দ্বাৰা নামনি চেৰেপাই গাঁৱৰ হৰিমন্দিৰত অঙ্কীয়া নাট প্ৰশিক্ষণ কৰ্মশালা আৰু ‘ৰাম বিজয়’ নাটৰ আখৰা তুংগত উঠিছে | সাংস্কৃতিক বিকাশ মঞ্চ,অসমৰ প্ৰধান সম্পাদক জয়ন্ত হাজৰিকাই জনোৱা মতে সমগ্ৰ খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকৰ লগতে ধৰ্মান্তৰিত হোৱা মাজুলীৰ খ্ৰীষ্টান লোকেসকলে যিসময়ত বৰদিন উদযাপনৰ কৰিছে ঠিক তেনেসময়ত সাংস্কৃতিক বিকাশ মঞ্চ, অসমৰ উদ্যোগত নামনি চেৰেপাই অঞ্চলত এচাম কনকন শিশু-কিশোৰৰ নৃত্যৰে প্ৰাণ পাই উঠিছে মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ গুৰুজনাৰ অমৰ সৃষ্টি ‘ৰাম বিজয়’নাটে | কোনোদিন অঙ্কীয়া নাট বা প্ৰশিক্ষণৰ উমান নোপোৱা এইসকল কণকণ শিশুৰ নৃত্য – গীত বা সংস্কৃত ভাষাৰ সংলাপ শুনিলে সকলো সংস্কৃতিবান লোকৰে মন-প্ৰাণ ভৰি পৰিব | ‘ মিচিং জনজাতি অধ্যূষিত এই অঞ্চলত এসময়ত এচাম লোকৰ প্ৰৰোচনাত বহুলোকে খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছিল যদিও সংস্কৃতিবান মিচিং লোকসকলৰ উদ্যমী পদক্ষেপৰ ফলত স্ব-ধৰ্মৰ প্ৰতি আনুগত্য প্ৰকাশ আৰু নিজা ভাষা-সাহিত্য-সংস্কৃতিৰ অভিজাত পৰিচয় দাঙি ধৰি আহিছে | প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা অংকীয়া নাট আৰু ভাওনাৰ কৰ্মশালাত তিনিকুৰিৰোধিক ছাত্ৰ-ছাত্ৰী আৰু সমানে অভিভাৱকসকলৰ উপস্থিতিৰে যোৱা এমাহ কাল কৰ্মশালা আৰু প্ৰশিক্ষণ চলি আছে | সাংস্কৃতিক সঞ্চালকালয়ৰ অধীনস্থ মাজুলী সাংস্কৃতিক কেন্দ্ৰৰ বিশিষ্ট পৰিচালক গোলাপ বৰুৱা বৰবায়ন, বিশিষ্ট সাংস্কৃতিক কৰ্মী, প্ৰশিক্ষক মালভোগ শইকীয়া, সাংস্কৃতিক কৰ্মী যদু শইকীয়াৰ পৰিচালনাত আজিও পূৰ্ণগতিত চলিছে নাট কৰ্মশালা | দীক্ষান্ত সমাৰোহৰ দিনা মঞ্চস্থ হ’বলগীয়া ‘ ৰাম বিজয়’নাট উপভোগৰ বাবে সুধী-সজ্জন সমস্তজনকে নিমন্ত্ৰণ জনাইছে মঞ্চৰ প্ৰধান সম্পাদক জয়ন্ত হাজৰিকাই | স্থানীয় বিশিষ্ট সমাজ-কৰ্মী ভৰত পেগু, বুদ্ধিন পেগু, কৃষ্ণ পেগু প্ৰমুখ্যে ব্যক্তিসকলেও সচেতন সংস্কৃতি-প্ৰেমী লোক আৰু বিশিষ্ট লোকসকলে কৰ্মশালাটি আগবঢ়োৱা কাৰ্যটিৰ ভূয়সী প্ৰশংসা কৰিছে |
সত্ৰীয়া নৃত্যশৈলীৰ অগ্ৰণী শিল্পী শাৰদী শইকীয়ালৈ কেন্দ্ৰীয় চৰকাৰৰ টেগোৰ ৰাষ্ট্ৰীয় বৃত্তি
সত্ৰীয়া নৃত্যশৈলীৰ অগ্ৰণী শিল্পী শাৰদী শইকীয়াই কেন্দ্ৰীয় চৰকাৰে আগৱঢ়োৱা টেগোৰ ৰাষ্ট্ৰীয় বৃত্তি লাভ কৰিছে। চলিত বৰ্ষত দেশৰ সৰ্বমুঠ ১৫ জন জ্যেষ্ঠ পৰিৱেশ্য কলাৰ লগত জড়িত লোকক এই বৃত্তি প্ৰদান কৰা হৈছে।
প্ৰয়াত ৰসেশ্বৰ শইকীয়া বৰবায়নৰ অন্যতম প্ৰধান ছাত্ৰী শাৰদী শইকীয়াই বিগত ৫ টা দশক ধৰি সত্ৰীয়া নৃত্যধাৰাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে চৰ্চা, শিক্ষণৰ লগতে পৰিৱেশনমূলক বক্তৃতা প্ৰদান আৰু সংৰচনাৰ কামত আত্মনিয়োগ কৰি আহিছে।
তেওঁ ইতিমধ্য বিভিন্ন ৰাষ্ট্ৰীয় পৰ্যায়ৰ বঁটাৰ লগতে ৰাষ্ট্ৰীয় সংগীত নাটক অকাডেমী বঁটাৰেও সন্মানিত হৈছিল। নৃত্যাংগনা শিল্পী গৰাকীয়ে শ্ৰীশ্ৰীকমলাবাৰী সত্ৰত প্ৰচলিত মাটি আখৰাৰ এক বিশ্লেষণাত্মক অধ্যয়নৰ বাবে লাভ কৰিছে এই বৃত্তিটো। তেওঁ ইতিমধ্যে এই কামৰ প্ৰয়োজনীয় আনুসংগিক হিচাপে নতুন দিল্লীৰ সংগীত নাটক অকাডেমীত যোগদান কৰিছে।
১৩৬ নং বেটেলিয়ন চি আৰ পি এফ বাহিনীৰ পানী ফিল্টাৰ বিতৰণ
নলবাৰী, ২৬ ডিচেম্বৰ : কেৱল ভাৰতবৰ্ষৰে নহয় বৰ্তমান এচিয়াৰ ভিতৰত সৰ্ববৃহৎ অৰ্ধ সৈনিক বল হোৱা হেতুকে কেন্দ্ৰীয় ৰিজাৰ্ভ পুলিচ বলে বিভিন্ন ধৰণে শত্ৰুৰ দেশক ৰক্ষা কৰাৰ লগতে সমাজ বিৰোধী কাৰ্য ৰোধ কৰাৰ উপৰিও সামাজিক কল্যাণ বাবে বিভিন্ন পদক্ষেপ হাতত লো ৱাত পৰিলক্ষিত হৈছে । সেইমৰ্মে নলবাৰী জিলাৰ সৰিয়হতলীস্থিত ১৩৬ নং বেটেলিয়ন চি আৰ পি এফ বাহিনীয়ে কৰ’ণা মহামাৰীৰ সময়ৰ পৰা জিলাখনৰ বিভিন্ন গাওঁ ভূয়ে খাদ্য সামগ্ৰী, চেনেটাইজাৰ, হেণ্ড গ্লোবছ, হেণ্ড ওৱাছ, মাস্ক আদি বিতৰত কৰি আহিছে । সমান্তৰালভাৱে আজি ১৩৬ নং বেটেলিয়ন চি আৰ পি এফ বাহিনী য়ে নলবাৰী জিলাৰ ১০ খনকৈ বিদ্যালয়ত পানী ফিল্টাৰ আৰু মান পত্ৰ প্ৰদান কৰে । ফিল্টাৰ বিতৰণৰ পিছত ১৩৬ বেটেলিয়ন চি আৰ পি এফ বাহিনীৰ কামানডেন্ট পিচি চৌহানে প্ৰকাশ কৰে যে স্বচ্ছতা মানৱ জীৱনৰ এক প্ৰয়োজনীয় অংশ আৰু এই স্বচ্ছতা বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ । যদিহে স্কুলত ছাত্ৰ ছাত্ৰী সকলে বিদ্যালয়ত স্বচ্ছ পানী সেৱন কৰিব নাপালে শাৰিৰীক ভাৱে বহুত কষ্ট ভুগিবলগীয়া হয় যাৰ কাৰণে দৈহিক বিকাশৰ লগতে পঢ়া শুনাত প্ৰভাৱ পৰে । এই উদ্দেশ্য ৰাখি আজি ১৩৬ বেটেলিয়ন চি আৰ পি এফ বাহিনীৰ পি চি চৌহানৰ দ্বাৰা পানী ফিল্টাৰ বিতৰণ কৰা হয় । অনুষ্ঠানৰ মাজতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ছাত্ৰ-ছাত্ৰী সকলে বিভিন্ন ধৰণৰ থলুৱা নৃত্য পৰিবেশন কৰে । উল্লেখ্য যে আজিৰ এই অনুষ্ঠানত কাশ্মিৰত শ্বহীদ হোৱা নিৰোদ শৰ্মাৰ পৰিয়ালক কামানডেন্ট পি চি চৌহান সহ চি আৰ পি এফ বাহিনীয়ে সম্বৰ্দ্ধনা জ্ঞাপন কৰে ।

শোণিতপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন : ৰক্তদান শিবিৰ আয়োজন
জামুগুৰিহাট, ২৬ ডিচেম্বৰ: শোণিতপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱসটি উত্তৰ জামুগুৰি আঞ্চলিক গোৰ্খা ছাত্ৰ সন্থাৰ আৰ্তিথ্যত মৰিসূতিত দিনজোৰা কাৰ্যসুচীৰে উদযাপন কৰা হয়। সংগঠনটিৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে শোণিতপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাই এটি ৰক্তদান শিৱিৰৰো আয়োজন কৰে ৷ মূঢ়াদল জিলা পৰিষদৰ সদস্য কিশোৰ দাহালে শুভ উদ্বোধন কৰা মৰিসুতিৰ মাউন্ট চিনাই ইংলিছ স্কুলত অনুষ্ঠিত ৰক্তদান শিবিৰটোত তেজপুৰ চিকিৎসা মহাবিদ্যালয়ৰ ৰক্তদান বিভাগৰ লগত জড়িত চিকিৎসাকৰ্মী সকলৰ উপস্থিতিত গোৰ্খা ছাত্র সন্থাৰ সদস্য সকলৰ লগতে স্থানীয় লোকসকলেও ৰক্তদান কৰে। শোণিতপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে গোৰ্খা ছাত্ৰ সন্থাৰ এখনি কৰ্মী সভাও অনুষ্ঠিত হয় । শোণিতপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠা দিৱসটিৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা অনুষ্ঠানটিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য সুনীল চেত্ৰী, ৰোহিত লমচাল, জিলা সাংগঠনিক সচিব নাৰায়ন খৰ্কা, জিলা সচিব অঞ্জন শৰ্মা, জিলা সদস্য প্ৰকাশ আচাৰ্য, হেমন্ত নিৰলা, মানস শৰ্মাকে ধৰি কেবাগৰাকীও বিষয়ববীয়া উপস্থিত আছিল ৷ উল্লেখ্য যে শোণিতপুৰ জিলা গোৰ্খা ছাত্ৰ সন্থাৰ ৭৪ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ছাত্ৰ সংগঠনটিয়ে এনেদৰে আয়োজন কৰা ৰক্তদান শিৱিৰটোত প্ৰায় ১৫০ গৰাকীয়ে ৰক্তদান কৰে ৷

জামুগুৰিহাটত নদুৱাৰ উন্নয়ন খণ্ডৰ ব্যতিক্ৰমী পদক্ষেপ
জামুগুৰিহাট, ২৬ডিচেম্বৰ: হেৰাই যাবলৈ ধৰা কুটীৰ শিল্পক ধৰি ৰখাৰ প্ৰয়াস কৰিছে জামুগুৰিহাটৰ নদুৱাৰ উন্নয়ন খণ্ড আৰু আঞ্চলিক পঞ্চায়তে। নদুৱাৰ আঞ্চলিক পঞ্চায়তৰ সীমিত পুজিৰে নদুৱাৰ উন্নয়ন খণ্ডৰ দহটাকৈ গাঁও পঞ্চায়তৰ কিছু সংখ্যক লোকক ক্ৰমাৎ হেৰাই যাবলৈ ধৰা কুটীৰ শিল্পৰ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰা হৈছে। নদুৱাৰ উন্নয়ন খণ্ডৰ চৌহদত দুগৰাকী প্ৰশিক্ষকে যোৱা ২১ডিচেম্বৰৰ পৰা তিনি দিনীয়াকৈ প্ৰদান কৰা প্ৰশিক্ষণ কাৰ্যসূচীত খৰাহী, পাচি, চালনীকে ধৰি আমাৰ প্ৰয়োজনীয় সামগ্ৰী সমুহ তৈয়াৰ কৰাৰ প্ৰশিক্ষণ দিয়া হৈছে বহু সংখ্যক লোকক। আমাৰ সমাজৰ পৰা হেৰাই যাবলৈ ধৰা এই কুটীৰ শিল্পক জীয়াই ৰখাৰ বাবে নদুৱাৰ উন্নয়ন খণ্ড আৰু আঞ্চলিক পঞ্চায়তে লোৱা এই পদক্ষেপ আদৰণীয় হিচাপে বিবেচিত হৈছে। নদুৱাৰ উন্নয়ন খণ্ডৰ খণ্ড উন্নয়ন বিষয়া ৰাজীৱ বৰাই জনোৱা মতে ইয়াৰ পিছতে উন্নয়ন খণ্ডটোৰ ফালৰ পৰা প্লাষ্টিকৰ পেলনীয়া সামগ্ৰীৰ পৰাও বিভিন্ন সামগ্ৰী নিৰ্মাণৰ প্ৰশিক্ষণ প্ৰদান কৰা হ’ব। কুটীৰ শিল্পৰ প্ৰশিক্ষণৰ সামৰণি অনুষ্ঠানত স্থানীয় বিধায়ক পদ্ম হাজৰিকাও উপস্থিত থাকি প্ৰশিক্ষাৰ্থী সকলক উৎসাহিত কৰে ।
বটদ্ৰৱা থানৰ শোভা বৰ্ধনৰ বাবে ১৮০ কোটি টকা চৰকাৰৰ
গুৱাহাটীত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । আমিনগাঁৱত দেশৰ কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে সম্বোধন কৰিছে এখন বিশাল জনসভা। আজিৰ অনুষ্ঠানতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে মুকলি কৰিব চাৰিখনকৈ বিশেষ অভিলাসী আঁচনি। অনুষ্ঠানত উপস্থিত আছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
ভাষণ প্ৰসংগত হিমন্ত বিশ্ব শৰ্মাই কয় যে, ‘এনেকুৱা মংগলময় দিন বহুত কম আহে। য’ত সকলো ভকতবৃন্দ একে স্থানতে সমবেত হয়। এনেকুৱা দিন পূৰ্বে কোনোও দেখা নাছিল’
বটদ্ৰৱা থানৰ প্ৰসংগ মন্ত্ৰী শৰ্মাই কয় যে, ‘আমাৰ বাবে বেয়া দিন আছিল, যি সময়ত বটদ্ৰৱা থানৰ মাটি সন্দেহযুক্ত লোকে দখল কৰিছিল। বটদ্ৰৱা থানৰ পৰা আমি সন্দেহযুক্ত লোকসকলক খেদিবলৈ সক্ষম হলো। বটদ্ৰৱা থানৰ বাবে ১৮০ কোটি টকা মুকলি কৰিব আজি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে। পঞ্জাৱৰ স্বৰ্ণ মন্দিৰৰ দৰে এই প্ৰকল্প বিশ্ববাসীৰ সন্মুখত জাকত জিলিকা হওক।’
২০২১ বৰ্ষৰ জুলাইত সম্পূৰ্ণ হ’ব এইমছ । ২০০০ তকৈ অধিক বিছনা থাকিব গুৱাহাটীৰ নতুন চিকিৎসা মহাবিদ্যালয়ত। ৮০০ কোটি টকা ব্যায় কৰা হ’ব।’
কন্যকা বহুমুখী কৃষি পামৰ নৱতম সংযোজন : ‘কন্যকা ৰেষ্টুৰেন্ট’ৰ শুভ উদ্বোধন বিধায়ক পদ্ম হাজৰিকাৰ
জামুগুৰিহাট, ২৬ ডিচেম্বৰ: চতিয়া সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই অভিনৱ প্ৰকল্প কন্যকা বহুমুখী পামৰ এক নতুন সংযোজন “কন্যকা ৰেষ্টুৰেন্ট”ৰ কালি শুভ উদ্বোধন কৰে । খীষ্টান ধৰ্মালম্বী লোকসকলৰ পৱিত্ৰ উৎসৱ বৰদিন আৰু ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী, আধুনিক ভাৰতৰ নিৰ্মাতা স্বৰূপ অটল বিহাৰী বাজপেয়ীৰ জন্মদিন ‘সুশাসন দিন’ৰ শুভক্ষণৰ লগত সংগতি ৰাখি আয়োজন কৰা “কন্যকা ৰেষ্টুৰেন্ট”ৰ শুভ উদ্বোধনী অনুষ্ঠানত কেক কাটি বিধায়ক পদ্ম হাজৰিকাই ৰেষ্টুৰেন্টখন মুকলি কৰে । নদুৱাৰ ৰাজহ চক্ৰ বিষয়া ড° আকাশদ্বীপ কাকতি আৰু চাৰিদুৱাৰ ৰাজহ চক্ৰ বিষয়া সূৰ্য কমল বৰাৰ লগতে বহু গণ্য-মান্য ব্যক্তি উপস্থিত থকা এই অনুষ্ঠানত বিধায়ক পদ্ম হাজৰিকাই কন্যকাৰ জৰিয়তে ৰাইজৰ বাবে আৰু বহুতো সা-সুবিধা আগবঢ়োৱাৰ বাবে তেওঁ বদ্ধপৰিকৰ বুলি মন্তৱ্য কৰে । উল্লেখ্য যে, বিধায়ক হাজৰিকাই কন্যকা বহুমুখী পামৰ জৰিয়তে সমষ্টিটোৰ যুৱক-যুৱতীসকলক আত্মসংস্থাপনৰ পথ দেখুওৱাৰ লগতে থলুৱাভাবে উৎপাদিত সামগ্ৰীসমূহ ৰাইজৰ বাবে সুলভ কৰি এক যুগান্তকাৰী পৰিৱৰ্তনৰ সূচনা কৰিবলৈ সক্ষম হৈছে । পথাৰ আৰু বজাৰ দখল কৰি ল’ব নোৱাৰিলে এটা জাতিৰ অস্তিত্ব সদায় বিপদাপন্ন বুলি মন্তৱ্য কৰা পদ্ম হাজৰিকাৰ এই নতুন পদক্ষেপে ইতিমধ্যেই ৰাইজৰ সঁহাৰী লাভ কৰা পৰিলক্ষিত হৈছে ।
কংগ্ৰেছৰ ৰাজ্যিক নেতৃত্বৰ ৰহস্যজনক ভূমিকাৰ বাবেই যমুনামুখ উদ্ধাৰ কৰিব পৰা নাই কংগ্ৰেছে : মাহমুদ হুছেইন
ডবকা , ২৬ ডিচেম্বৰ: কংগ্ৰেছ ৰাজ্যিক নেতৃত্বৰ ৰহস্যজনক ভূমিকাৰ বাবেই বাৰে যমুনামুখ সমষ্টিত পৰাজিত হৈছে কংগ্ৰেছৰ বিধান সভাৰ প্ৰাৰ্থী। এই বিস্ফোৰক অভিযোগ বৰ্ষীয়ান কংগ্ৰেছ নেতা তথা যমুনামুখ সমষ্টিৰ প্ৰাক্তন ব্লক কংগ্ৰেছৰ সভাপতি মাহমুদ হুছেইনৰ। যমুনামুখ কংগ্ৰেছ জেষ্ঠ নেতা বসিৰ উদ্দিন লস্কৰৰ পিছত এইবাৰ ক্ষোভ উজাৰিছে জেষ্ঠ কংগ্ৰেছ মাহমুদ হুছেইনে। ডবকাত সাংবাদিকৰ সংবাদমেল আয়োজন কৰি নেতা গৰাকীয়ে আক্ষেপৰে কয় যে কংগ্ৰেছৰ প্ৰবিন আৰু জেষ্ঠ নেতা কৰ্মীৰ কোনে গুৰুত্ব নাই যমুনামুখ সমষ্টিত। বিন্নাকান্দি ব্লক কংগ্ৰেছৰ সভাপতি আব্দুল হান্নানক সভাপতি নিযুক্ত দিয়াটো অবৈধ হৈছে। এই অভিযোগ 40 বছৰৰ পৰা কংগ্ৰেছৰ কৰা তথা যমুনামুখ ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি মাহমুদ হুছেইনৰ। বিধান সভা নিৰ্বাচনলৈ কেবামাহ বকী আছে। কিন্তু যমুনামুখ সমষ্টিত যেন এনে হৈছে নিৰ্বাচন চলিয়েই আছে। সকলো দল সংগঠনৰ এধিকাংশ নেতাৰ যমুনামুখ সমষ্টিৰ বিধায়ক হোৱাৰ মন। নিজ দলৰ মাজতেই চলিছে প্ৰাৰ্থিত্ব কেন্দ্ৰীক সংঘাত । সমষ্টিৰ জেষ্ঠ কংগ্ৰেছ নেতা তথা যমুনামুখ সমষ্টিৰ প্ৰাক্তন ব্লক কংগ্ৰেছৰ সভাপতি মাহমুদ হুছেইনে সংবাদ মেলৰ জৰিয়তে যুৱ নেতা ৰেহান উদ্দিনৰ বিৰুদ্ধেও কৰিছে কেবাটাও বিস্ফোৰণ মন্তব্য কৰে, সাম্প্ৰতিক সময়ত যুৱ নেতা ৰেহান উদ্দিনে পুৰণি একাংশ জেষ্ঠ নেতাক গুৰুত্ব নিদিয়াকৈ চলাই গৈছে দলীয় কাম-কাজ। বিগত ৪০ বছৰৰে পৰা কংগ্ৰেছ কৰি আহিছিল জেষ্ঠ নেতা গৰাকী। বিগত ৪০ বছৰৰে পৰা কংগ্ৰেছ কৰি অহা নেতা গৰাকী আজি নতুন কংগ্ৰেছৰী নেতা সকলৰ মাজত এলাগী হৈ পৰিছে বুলি আক্ষেপ কৰে । ক্ষোভৰ বহিৰ্প্ৰকাশ ঘটিছে যমুনামুখত। উৰ্দতম কৰ্তৃপক্ষইৰ ৰহস্যজনক ভূমিকা তথা যমুনামুখ সমষ্টিত দুৰ্বল প্ৰাৰ্থিত্ব দিয়াৰ বাবেই কংগ্ৰেছৰ বিধায়ক জয়ী হব পৰা নাই যমুনামুখত। এইবাৰ জেষ্ঠ নেতা গৰাকীয়েও সমাগত ২১’ৰ বিধান সভা নিৰ্বাচনৰ প্ৰতি লক্ষ্যৰাখি চলাই গৈছে নিৰ্বাচনী প্ৰচাৰ। সমষ্টিৰ চুকে কোণে জেষ্ঠ নেতা কৰ্মীৰ সৈতে সঘনাই চলাইছে যোগাযোগ। বৰ্ষীয়ান নেতা গৰাকীৰ মতে অসমত AIUDF য়ে সংখ্যালঘু ভোটাৰক হেয় প্ৰতিপন্ন কৰি ৰাখিছে।জেষ্ঠ নেতা গৰাকীয়ে এইবাৰ টিকট পালে ২১’ৰ বিধান সভা নিৰ্বাচনত প্ৰতিদদ্বিতা কৰিবলৈ সাঁজু বুলিও উল্লেখ কৰাৰ লগতে জয়ী হব পাৰিব বুলিও কয়।













