কোকৰাঝাৰ জিলাৰ গোসাইগাঁও মহকুমাৰ অসম-বংগ সীমান্তৰ শ্ৰীৰামপুৰৰ ভাইৰিগুৰীত এখন ইংৰাজী মাধ্যমৰ বিদ্যালয়ৰ উদ্বোধন কৰা হয়।স্থানীয় কেইজন উচ্চ শিক্ষিত যুৱকৰ ব্যক্তিগত উদ্যোগত দ্ৰোণাচাৰ্য ইংলিছ মিডিয়াম নামৰ বিদ্যালয় খন আনুষ্ঠানিক ভাৱে মুকলি কৰে বিটিচিৰ শ্ৰীৰামপুৰ সমষ্টিৰ পৰা মনোনীত পৰিষদীয় সদস্য উইলচন হাছদাই। উক্ত বিদ্যালয়খন মুকলি কৰি হাছদাই শ্ৰীৰামপুৰত ইংৰাজী মাধ্যমৰ ব্যক্তিগত খণ্ডৰ একাধিক বিদ্যালয় থকাৰ পাছতো এইখন বিদ্যালয় নতুনকৈ স্হাপন কৰি নিশ্চয় ছাত্ৰ-ছাত্ৰী সকলক উপযুক্ত পাঠদান কৰিব বুলি আশা প্ৰকাশ কৰে। এই উপলক্ষে পুৱা ৯-০০ বজাত বিদ্যালয়খনৰ সভাপতি হীৰামন শ্বাওৰ পৰিচালনাত অনুষ্ঠিত উদ্বোধনী সভাত উদ্দেশ্য ব্যাখ্যা কৰে বিদ্যালয়খনৰ প্ৰধান শিক্ষক চন্দ্ৰশেখৰ শ্বাহই।আজিৰ উদ্বোধনী সভাৰ মুখ্য অতিথি উইলচন হাছদাই উদ্যোক্তা সকলৰ উদ্দেশ্য আৰু চিন্তাধাৰাৰ প্ৰশংসা কৰি কয় আধুনিক তথা প্ৰতিযোগিতামূলক শিক্ষা ব্যৱস্থাৰ পৰা বঞ্চিত এই অঞ্চলৰ শিক্ষাৰ্থীক প্ৰতিযোগিতামূলক পাঠগ্ৰহনৰ সুযোগ কৰি ইয়াৰ দৰিদ্ৰ তথা মেধাবী ছাত্ৰ-ছাত্ৰীক উপযুক্ত শিক্ষাদান কৰাৰ লক্ষ্য আগত ৰাখি শিক্ষিত নিবনুৱা যুৱককেইজনৰ উদ্যোগ সঁচাকৈয়ে প্ৰশংসা যোগ্য। শ্ৰীৰামপুৰ তথা পাৰ্শ্বৱৰ্তী অঞ্চলৰ ছাত্ৰ-ছাত্ৰী সকলক চিবিএছচিৰ পাঠক্ৰমেৰে আৰু কেন্দ্ৰীয় বিদ্যালয় সমূহৰ পাঠদানৰ প্ৰক্ৰিয়াৰে ইয়াত নাৰ্চাৰীৰ পৰা ছাত্ৰ-ছাত্ৰীক যতনেৰে পাঠ দান কৰাই ভৱিষ্যতে উচ্চ শিক্ষাৰে শিক্ষিত কৰাৰ এই প্ৰচেষ্টাৰ প্ৰতি তেওঁৰ সম্পূৰ্ণ সহযোগ থাকিব বুলি বিটিচিৰ মনোনীত পৰিষদীয় সদস্য উইলচন হাছদাই ৰাজহুৱাকৈ প্ৰতিশ্ৰুতি দিয়ে। তেওঁ আজি উক্ত বিদ্যালয়ৰ উন্নত আন্তঃগাঁথণিৰ বাবে এক লাখ টকা আৰ্থিক সাহায্য আগবঢ়ায়। প্ৰথমাৱস্হাত নাৰ্ছাৰীৰ পৰা পঞ্চম শ্ৰেণীলৈ ইয়াত পাঠদান কৰোৱা হ’ব।বিশেষ কৈ উক্ত বিদ্যালয়ত জওহৰ নৱোদয় বিদ্যালয়ত নামভৰ্তিৰ বাবে প্ৰতিযোগিতা মূলক পৰীক্ষাত উত্তীৰ্ণ হ’ব পৰাকৈ ছাত্ৰ-ছাত্ৰীক পাঠদান কৰোৱা হব বুলি জনায় প্ৰধান শিক্ষক চন্দ্ৰশেখৰ শ্বাহই। ১ এপ্ৰিল পৰা শ্ৰেণীকাৰ্য আৰম্ভ হ’ব বুলি জনায় বিদ্যালয় কৰ্তৃপক্ষই। উক্ত অনুষ্ঠানত শ্ৰীৰামপুৰ ভিচিডিচিৰ সভাপতি হৰেকৃষ্ণ দেৱনাথ,শিক্ষক তথা প্ৰাক্তন সাংবাদিক ভৱানন্দ পোদ্দাৰ,কৃষি বিষয়া মংগল টুডু,সাংবাদিক স্বপন কুমাৰ এছ প্ৰমুখ্যৰ উপৰি ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকল উপস্থিত থাকে।
বিজেপিৰ তৃণমূল পৰ্যায়ৰ কৰ্মীৰ কংগ্ৰেছ গমণ কাৰ্যত প্ৰতিক্ৰিয়া প্ৰকাশ বিজেপিৰ
বীৰদৰ্পে একালৰ অন্যতম সক্ৰিয় বিজেপিৰ কৰ্মী তথা ২০১৬ বিধানসভা নিৰ্বাচনত কংগ্ৰেছৰ অজন্তা নেওগৰ বিৰুদ্ধে তুমূল প্ৰতিদ্বন্দিতা আগবঢ়াই মাত্ৰ ৫০০০ ভোটত পৰাজয় বৰণ কৰা বিতোপন শইকীয়াৰ চিৰবৈৰী কংগ্ৰেছলৈ হঠাৎ কৰা গমনে গোলাঘাটৰ ৰাজনৈতিক মহলত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। এই ক্ষেত্ৰত বিজেপিৰ অন্যতম প্ৰাৰ্থীত্বৰ দাবীদাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যা জীনা বৰুৱাৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বিজেপিৰ নেত্ৰীগৰাকীয়ে মতামত বিচৰাত ধন্যবাদ জনাই কয় যে , গোলাঘাটৰ ৰাজনৈতিক চিত্ৰপট খন এতিয়া অন্য বোৰ সমষ্টি তকৈ বহুত বেলেগ হৈ আছে বুলি কব লাগিব ।এনেকুৱা ধৰণৰ ঘটনা বাস্তৱত কাচিৎ হে হয়।ৰাজনীতিৰ আধাৰত নিৰ্মিত কথা ছবিতহে সাধাৰণতে এনে ধৰণৰ কথা কাণ্ড বোৰ দেখা যায়।বিধান সভা নিৰ্বাচনৰ বাবে টিকটৰ প্ৰবল দাবীদাৰ আছিলোঁ আমি তিনিজন।বিতোপন শইকীয়া, দেবজিত বৰা আৰু মই জীনা বৰুৱা ।সমষ্টি টোত বিজেপিৰ ভাৱমূৰ্তি উন্নত কৰিবৰ বাবে আমি প্ৰতিজনেই যথেষ্ট কষ্ট কৰিলোঁ।কৰোনাৰ সময়ত অসংখ্য লোকক আৰ্থিক সাহাৰ্য্য দিলোঁ।খাদ্য সামগ্ৰী দিলোঁ।মুঠতে সমষ্টি টোত বিজেপিৰ ভেটি ইমান সবল হৈ উঠিল যে ইয়াত পুৰণি দাবীদাৰ যিকোনো এজনেই (সমষ্টিত কাম কৰি থকা )অনায়াসে জয়লাভ কৰি গ’ল হেঁতেন ,কিন্তু হঠাতে কংগ্ৰেছ দলৰ বিধায়িকা অজন্তা নেওগ ডাঙৰীয়ানীয়ে বিজেপিত যোগদান কৰি প্ৰাথীৰ্ত্ব বিচৰাত অংকত যেন কিছু খেলি মেলি লাগিল; কাৰণ বিশেষ কৈ তৃণমূল পৰ্য্যায়ৰ কাৰ্য্য কৰ্তা সকলে তেওঁৰ প্ৰাথীৰ্ত্ব মানি লব খোজা নাই ।আমাৰ কষ্টৰ বিনিময়তো প্ৰাথীৰ্ত্ব নোপোৱাৰ বাবে দুখ নিশ্চয় লাগিছে,লগাটো স্বাভাৱিক ।তথাপিও দলৰ উৰ্দ্ধতন মহলৰ সিদ্ধান্ত আমি মানি লৈছোঁ।আমাৰ মাজৰে এজন বিতোপন শইকীয়া ডাঙৰীয়া ই এই সিদ্ধান্তত আঘাত পাই দল ত্যাগ কৰি কংগ্ৰেছ দলত যোগদান কৰিছে।যিহেতু তৃণমূল কাৰ্য্যকৰ্তা সকলেও এই সিদ্ধান্ত মানি লব খোজা নাই, সেয়েহে বহু খিনি সদস্য তেওঁৰ লগতে কংগ্ৰেছ লৈ গৈছে।ইতিমধ্যে এই সকলো বোৰ কথা মিডিয়া ত প্ৰকাশ হৈছে,সম্প্ৰচাৰ হৈছে।এক কবলৈ গ’লে গোলাঘাট সমষ্টিৰ ৰাজনৈতিক প্ৰেক্ষাপট অতি উত্তপ্ত , ধূসৰতাই আৱৰি ধৰিছে।
দিকৰাই প্ৰাথমিক বিদ্যালয়ত বিদায় সম্বৰ্দ্ধনা অনুষ্ঠান : সহকাৰী শিক্ষক গোলাপ বৰাইকক বিদায় সম্বৰ্দ্ধনা
বিশ্বনাথ জিলাৰ ইটাখোলাস্থিত বৃহৎৰ দিকৰাই প্ৰাথমিক বিদ্যালয়ত আজি সদ্য বিদায়ী শিক্ষক গোলাপ বৰাইকক বিদায় সম্বৰ্দ্ধনা জনায়। বিদ্যালয়খনত পুৱাৰ ভাগত অনুষ্ঠিত বিদায় সম্বৰ্দ্ধনা অনুষ্ঠানটিৰ আঁত ধৰে বিদ্যালয়খনৰে সহঃশিক্ষক গোপাল চৱৰ আৰু সভাৰ সভাপতিত্ব কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি লক্ষন তাঁতিয়ে। দিকৰাই প্ৰাথমিক বিদ্যালয়ত ২০১১ চনত সহকাৰী শিক্ষক হিচাপে যোগদান কৰা শিক্ষক গোলাপ বৰাইক যোৱা ২০২০ বৰ্ষৰ আগষ্ট মাহত ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগে নিযুক্তি দিয়া নিয়মীয়া শিক্ষক হিচাপে নিযুক্তি পোৱাত শিক্ষক গৰাকীয়ে বিদ্যালয়খনৰ পৰা বিদায় লবলগীয়া হয়। উল্লেখ্য যে বিশেষ ভাবে সক্ষম শিক্ষক গোলাপ বৰাইকে উইলিয়াম চন মেগৰ কোম্পানীৰ চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়ত শিক্ষককতা হিচাপে কৰ্মৰত অৱস্থাত যোৱা ২০১৯ বৰ্ষত শিক্ষা বিভাগে অনুষ্ঠিত সাধাৰণ টেট পৰীক্ষাত অৱতীৰ্ন হৈ সুখ্যাতিৰে উৰ্ত্তীন্ন হৈছিল। দুইশতাধিক ছাত্ৰ-ছাত্ৰীয়ে অধ্যয়ন কৰা দিকৰাই প্ৰাথমিক বিদ্যালয়খনত ৰাইজ অবিভাৱক আৰু বিদ্যালয় পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ উপস্থিতিত অনুষ্ঠিত বিদায় সম্বৰ্দ্ধনা অনুষ্ঠানটিত বিদায়ী শিক্ষক বৰাইকক ফোলাম গামোচা,সম্বৰ্দ্ধনা পত্ৰ আৰু এখন শৰাইৰে বিদায় সম্ভাষণ জনোৱা হয় লগতে প্ৰতিযোগি মনোভাৱসম্পন্ন থকা শিক্ষক গৰাকীক ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলেও ফোলাম গামোচা, কিতাপ,কলম আদিৰে বিদায় সম্বৰ্দ্ধনা জনায়। দিকৰাই বাগিচাখৰে বাসিন্দা কনিষ্ঠ শিক্ষক বৰাইক বৰ্তমান শোণিতপুৰ জিলাৰ বালিপাৰা শিক্ষা খণ্ডৰ অন্তৰ্গত বাঁহবাৰী প্ৰাথমিক বিদ্যালয়ৰ সহকাৰী শিক্ষক হিচাপে কৰ্মৰত। এক আবেগ বিহুলনল পৰিৱেশত বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী ৰীতা তাঁতীয়ে বিদায়ী শিক্ষক গৰাকীক পোৱা কৰ্ম দিনৰ ওপৰত অভিজ্ঞতা সম্পৰ্কে মন্তব্য আগবঢ়াই। এক গাম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত বিশেষভাবে অংশ গ্ৰহণ কৰি নদুৱাৰ শাখা আটছাৰ সভাপতি আনন্দ তচাই বিদায়ী শিক্ষক গৰাকীক সম্বোধন কৰি শিক্ষাগুৰু সকলৰ ত্যাগী জীৱণ সম্পৰ্কে এক আলোকপাত আগবঢ়াই। বিদ্যালয়খনৰ শিক্ষক গোট আৰু বিদ্যালয় পৰিচালনা সমিতিয়ে আয়োজিত অনুষ্ঠানটিত দিকৰাই চাহ বাগিচাৰ কৰ্মচাৰী ফিৰংগী বৰাইক,মাতৃ গোটৰ সভানেত্ৰী পদ্মা তচা,বিশিষ্ট ব্যক্তি ৰুহীত তচা আদি কৰি স্থানীয় কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।
বিহালীত দলে দলে বিজেপিত যোগদান
বিহালীত কংগ্রেছ নেতৃত্বাধীন মহাজোঁটত বন্ধনে বিহালীত কংগ্রেছৰ সলনি চি পিআই (এম অল)ক এৰি দিয়াত কংগ্রেছৰ মাজত ক্ষোভৰ জুই জ্বলি উঠিছে । আজি ক্ষুদ্ধ বহু কংগ্রেছ কর্মীয়ে বিজেপিক যোগদান কৰি বলৈ ওলাই আহিছে । অকল সেয়ে নহয় বহু কংগ্রেছৰ দলীয় কর্মীয়ে বিজেপিক সহায় কৰিব বুলিও জানিব পৰা গৈছে । বিশ্বনাথ জিলা অনুসূচীত জাতি মৰ্চাৰ সাধাৰণ সম্পাদক অৰূপ দাসৰ নেতৃত্বত বিহালীৰ বটীয়ামাৰী গাঁও পঞ্চায়তৰ ৰাংছালী গাঁৱৰ ১নং আৰু ২নং ৱার্ডৰ দুই শতাধিক কংগ্রেছ কর্মীয়ে বিজেপিত যোগদান কৰিছে । এই অনুষ্ঠানত মন্ত্রী ৰঞ্জিত দত্ত, নিজ বিহালী জিলা পৰিষদৰ সদস্যা দিপীকা দেবী ঢাকাল, বটীয়ামাৰী গাঁও পঞ্চায়তৰ সভানেত্রী ফুলমনি দাস, বিশ্বনাথ জিলা অনুসুচীত জাতি মর্চাৰ সাধাৰণ সম্পাদক অৰূপ দাস ,বিহালী মণ্ডল বিজেপিৰ সভাপতি লাচিত বৰা সহ কেইবা জনো ব্যক্তি উপস্হিত থাকে । আনহাতে মোনাবাৰী , জিনজিয়া আদিতো বহু কংগ্রেছ দলৰ কর্মীয়ে যোগদান কৰিব বুলি জানিব পৰা গৈছে ।
বাঘমাৰাত গড়কাপ্তানি পথ নিৰ্মানত ঠিকাদাৰৰ বিয়াগোম দুৰ্নীতি বিৰোধী ৰাইজৰ প্ৰতিবাদ : ব্যৱস্থা গ্ৰহণৰ দাবী
বৰপেটাৰ বাঘমাৰাত প্ৰধান মন্ত্ৰী গ্ৰাম চড়ক যোজনাৰ পকী পথ নিৰ্মাণত ব্যাপক দূৰ্নীতিৰ তথ্য পোহৰলৈ আনিছে স্থানীয় সচেতন ৰাইজে। বাঘবৰ সমষ্টিৰ দক্ষিণ প্ৰান্তত গড়কাপ্তানি(লোকনিৰ্মান) বিভাগৰ অধীনত নিৰ্মিত কিম্বা নিৰ্মীয়মাণ চৰাঞ্চলৰ প্ৰায় প্ৰতিটো পথতেই নিৰ্মাণ ক্ষেত্ৰত দুৰ্নীতি-অনিয়মৰ অভিযোগ উত্থাপিত হৈছে ,শেহতীয়াকৈ ৪ নং বাঘমাৰাৰ পৰা আলোপতি মণ্ডলপাৰালৈ (পেকেজ নং-AS01 202) যোৱা গড়কাপ্তানি পথৰ মেৰামতিৰ কামত বিভাগীয় উদাসীনতাত ফয়জল হক নামৰ ঠিকাদাৰ গৰাকীয়ে পথ পৰিস্কাৰ নকৰাকৈ ৰোলাৰ’ মৰা আৰু এদিনো পানী নমৰাকৈ যাৱতীয় কাম পূৰ্ণগতিত চলাই থকাৰ অভিযোগ উত্থাপিত হৈছে। আনহাতে কাম নিম্নমানৰ হোৱা বাবে নিৰ্মান বন্ধ ৰাখিবলৈ একাংশই দাবী জনাইছিল যদিও ঠিকাদাৰৰ মহৰিয়ে সেই বাধাক গুৰুত্ব নিদি মনমৰ্জি কাম অব্যাহত ৰখাত এক উত্তেজনাৰো সৃষ্টি হয়৷ সাংবাদিকৰ কেমেৰা দেখিহে মহৰিয়ে ঘটনাস্থলীৰ পৰা আঁতৰি যায়। বিভাগীয় একাংশ দুৰ্নীতিপৰায়ণ বিষয়া আৰু স্থানীয় কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীৰ ছত্ৰ-ছায়া পাই ঠিকাদাৰ ফয়জল হকে এনে নিন্মমানৰ কাম কৰাৰ সাহস গোটোৱা বুলিও অভিযোগকাৰীয়ে মন্তব্য কৰিছে। উপায়বিহীন হৈ নিম্নমানৰ কামৰ বিৰোধিতাৰে গড়কাপ্তানি বিভাগ হায় ,হায় । ঠিকাদাৰৰ দুৰ্নীতি নচলিব , দুৰ্ণীতি বন্ধ কৰক আদি বিভিন্ন শ্ল’গানেৰে ৰবিবাৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰাৰ উপৰি দূৰ্নীতিপৰায়ণ ঠিকাদাৰৰ বিৰুদ্ধে বিভাগীয় কতৃপক্ষক বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈও দাবী উত্থাপন কৰে। প্ৰশ্ন হয় ,নিৰ্বাচনী অধিসূচনা জাৰি হোৱা সময়তে নিৰ্মান বিসংগতিৰে পথ নিৰ্মাণ কাৰ্য অব্যাহত ৰখা হাতদীঘল ঠিকাদাৰ ফয়জল হকৰ বিৰুদ্ধে কিবা ব্যৱস্থা ল’বনে সংশ্লিষ্ট প্ৰশাসনে ? ৰাইজক সন্তুষ্ট কৰিব পৰাকৈ আগলৈ উন্নত মানৰ হ’বগৈ নে পথৰ যাৱতীয় কামফেৰা ?
মেকীপুৰত ভয়ানক অগ্নিকাণ্ডত আহত – ১
নাজিৰা আদৰ্শ আৰক্ষী থানাৰ পৰা পাঁচ কিঃমিঃ নিলগৰ মেকীপুৰ সাপ্তাহিক বজাৰৰ ওচৰত যোৱা নিশা প্ৰায় ১০ বজাত সংঘটিত এক প্ৰচণ্ড অগ্নিকাণ্ডত ৰঞ্জিৎ তাঁতী নামৰ এজনৰ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভষ্মীভূত হয় । ৰঞ্জিৎ তাঁতীৰ পত্নী ৰেণু তাঁতী (৪০) জুইৰ গ্ৰাসত পৰি গুৰুতৰ ৰূপে আহত হয় । নাজিৰা অগ্নি নিৰ্বাপন আৰু জৰুৰী সেৱাৰ বাহনে খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত হয় । নাজিৰা আৰক্ষীয়ে অধিক তৎপৰতাৰে উদ্ধাৰ অভিযানত নামি পৰি অধিক জীৱনৰ ক্ষয় ক্ষতি হোৱাৰ পৰা ৰক্ষা কৰে । আহত ৰেণু তাঁতীক এম্বুলেন্সেৰে স্থানীয় চিকিৎসালয়লৈ নিয়া হয় ।
দেৰগাঁৱত নিৰ্দলীয়ৰূপত প্ৰতিদ্বন্দ্বিতা কৰাৰ যো-জা প্ৰাক্তন বিধায়িকা সুশীলা হাজৰিকাৰ
দেৰগাঁও সমষ্টিৰ মিত্ৰজোঁটৰ উমৈহতীয়া প্ৰাৰ্থীৰূপে পুণৰবাৰ অগপৰ ভৱেন্দ্ৰ নাথ ভৰালীক প্ৰাৰ্থীত্ব প্ৰদান কৰাৰ পাছত সমষ্টিটোৰ ভোটাৰ ৰাইজৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিশেষকৈ, বিজেপি কৰ্মীসকলৰ নিজা প্ৰাৰ্থী প্ৰক্ষেপৰ দাবীক নেতৃত্বই গুৰুত্ব নিদিয়াত বিজেপি তৃনমূলৰ কৰ্মীসকল ক্ষোভিত হৈ পৰিছে। যোৱা কায্যকালত সমষ্টি উন্নয়নত ব্যৰ্থতা, মিত্ৰজোঁটৰ কৰ্মীসকলক গুৰুত্ব নিদিয়া, দেৰগাঁৱত অগপৰ নিশকটিয়া ভেটি আদিৰ অভিযোগেৰে এইবাৰ নিৰ্বাচনত বিজেপি কৰ্মীসকলে ভঁৰালীৰ প্ৰাৰ্থীত্বৰ বিৰোধিতা কৰি যিকোনো এজন বি জে পিৰ দলীয় দাবীদাৰক দেৰগাঁৱত প্ৰাৰ্থীত্ব প্ৰদাণৰ দাবী উত্থাপন কৰিছিল। কিন্তু শেহান্তৰত পুণৰ ভৱেন্দ্ৰ নাথ ভঁৰালীকে প্ৰাৰ্থীত্ব দিয়াত অসন্তুষ্ট বিজেপিৰ একাংশ কৰ্মীয়ে চৰম ক্ষোভ প্ৰকাশ কৰি, এইবাৰ ভোট বৰ্জন, দলত্যাগ,আৰু অন্যদলৰ প্ৰাৰ্থীক সমৰ্থন আগবঢ়াব বুলি ব্যক্ত কৰিছে। শাসকীয় মিত্ৰজোঁটৰ প্ৰাৰ্থীত্বকলৈ এনে প্ৰতিক্ৰিয়া অব্যাহত থকা সময়তে বিজেপিৰ বঞ্চিত প্ৰাৰ্থীত্বৰ দাবীদাৰ, প্ৰাক্তন বিধায়িকা সুশীলা হাজৰিকাই নিৰ্বাচনত নিৰ্দলীয়ৰূপত অৱতীৰ্ণ হোৱাৰ যো-জা কৰাৰ খবৰ এক বিশেষ সুত্ৰৰ যোগেদি জানিব পৰা গৈছে। এই খৱৰে একপ্ৰকাৰ দেৰগাঁৱত মিত্ৰজোঁটৰ প্ৰাৰ্থী ভৱেন্দ্ৰ নাথ ভঁৰালীলৈ সংশয় নমাই আনিছে ।উল্লেখযোগ্য যে, কংগ্ৰেছৰ প্ৰাক্তন বিধায়িকা আৰতী হাজৰিকা কছাৰীৰ অকাল বিয়োগৰ পিছত সমষ্টিটোত এইবাৰ কংগ্ৰেছ প্ৰাৰ্থী বাণী হাজৰিকা হ’ব নতুনমুখ।তাৰোপৰি কেবাজনো দীৰ্ঘদিনীয়া দাবীদাৰৰ মাজৰ অন্যতম যোৰহাট জিলা কংগ্ৰেছ প্ৰশাসনিক সাধাৰণ সম্পাদক কৃষ্ণকান্ত দাস, উচ্চ শিক্ষিত ব্যক্তি তথা কলেজ শিক্ষক ড০ ৰমানন্দ দাসক বঞ্চিত কৰি বানী হাজৰিকাৰ প্ৰাৰ্থীত্ব লাভে কংগ্ৰেছ শিবিৰতো সমৰ্থক সকল অসন্তুষ্ট নোহোৱাকৈ থকা নাই।।ইফালে, অসম জাতীয় পৰিষদ, ৰাইজৰ দলৰ উমৈহতীয়া প্ৰাৰ্থী অৱসৰপ্ৰাপ্ত অধ্যক্ষ আনন্দ চন্দ্ৰ দাসো এগৰাকী শক্তিশালী প্ৰাৰ্থী।এনে পৰিপেক্ষিতত নতুন মুখৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক অভিজ্ঞতাপুষ্ট ভৱেন ভৰালীয়ে পৰাস্ত কৰি পুণৰবাৰ দেৰগাঁৱৰ আসনখন লাভৰ সম্ভাৱনা নথকাও নহয় যদিও বিজেপি নেত্ৰী তথা প্ৰাক্তন অগপ বিধায়িকা সুশীলা হাজৰিকাই প্ৰতিদ্বন্দ্বিতা আগবঢ়ালে ভৱেন ভৰালীৰ সন্মুখত যে তীব্র প্ৰত্যাহ্বান আহি পৰিব ই নিশ্চিত।অৱশ্যে সুশীলা হাজৰিকাই,নেতৃত্বৰ বিৰুদ্ধে অসন্তুষ্ট বিজেপি কৰ্মীসকলৰ আহবানত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰাৰ যো-জা চলাইছে যদিও এইয়া হৈ উঠে নে নুঠে সেইয়া এতিয়াও স্পষ্ট হোৱা নাই।
বি জে পিৰ আঙুৰলতা ডেকাক বাৰপূজীয়াত সমৰ্থকৰ বিপুল আদৰনি
অসমৰ আসন্ন বিধান সভাৰ নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজনৈতিক দলসমূহে নিৰ্বাচনী ততপৰতা তথা প্ৰাৰ্থী বাচনি প্ৰক্ৰিয়া সম্পন্ন কৰিছে । ইতিমধ্যে প্ৰাৰ্থীত্ব প্ৰয়াসীসকলৰ জল্পনা-কল্পনা ওৰ পেলাই 84 নং বটদ্ৰৱা সমষ্টিত বি জে পি কংগ্ৰেছ অসম জাতীয় পৰিষদ ৰাইজৰ দলে ইতিমধ্যে নিজা নিজা প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে । সেই হিচাপে আগন্তুক 2021 চনৰ বিধানসভাৰ বটদ্ৰৱা সমষ্টিত কংগ্ৰেছে শিৱাণী বৰা বিজেপিয়ে পুনৰ আঙুৰলতা ডেকাক প্ৰাৰ্থীৰূপে প্ৰক্ষেপ কৰিছে । দিনৰ 11 বজাত বি জে পি দলৰ টিকট নিশ্চিত কৰি প্ৰাৰ্থী আঙুৰলতা ডেকা সমষ্টি তথা নিজা গৃহভূমি অভিমুখে অহাৰ পথত বাৰপূজীয়াত উপস্থিত হোৱাৰ লগে লগে আদৰিবলৈ ৰৈথকা বিপুল সংখ্যক সমৰ্থকৰ হৰ্মাষোল্লাসৰ মাজত আঙুৰলতা জিন্দাবাদ বি জে পি জিন্দাবাদ ধ্বনিৰে ফটকা আতচবাজীৰে এক আবতৰীয়া দেৱালী পৰিবেশৰ সূচনা কৰে । পিছত উপস্থিত সমৰ্থক -ৰাইজৰ অভিনন্দন তথা আশীষলৈ সমৰ্থকসহ সদলবলে প্ৰাক্তন বিধায়িকা গৰাকীয়ে নিজাগৃহভূমি লৈ যাত্রা আৰম্ভ কৰে । বি জে পি দলৰ বিৰুদ্ধে প্ৰতিপক্ষ দলসমূহে কেনেদৰে যুঁজত অৱতীৰ্ন হয় সেয়া সময়তহে দেখা পোৱা যাব ।
আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত সংগতি ৰাখি মাৰ্ঘেৰিটা পেঙেৰীত মাৰাথান দৌৰ প্ৰতিযোগিতা
আন্ত:ৰাষ্ট্ৰীয় নাৰী দিৱসৰ লগত সংগতি ৰাখি আজি তিনিচুকীয়া জিলা পেঙেৰী ১নং টকৌ পথাৰত মাৰাথান দৌৰ প্ৰতিযোগিতা লগতে মহিলা আৰু ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। পেঙেৰীৰ ১নং টকৌ পথাৰ মহিলা সমিতিৰ উদ্যোগত তথা পেঙেৰীৰ স্থিত ১৮ নং গাড়োৱাল বেটেলিয়ান ৰাইফলচৰ সহযোগত দিনযোৰা কাৰ্যসূচীয়ে বিশ্ব মহিলা দিৱসৰ লগত সংগতি ৰাখি অনুষ্ঠানৰ আয়োজন কৰা হয়। পুৱা কাৰ্যসূচী শুভাৰম্ভা কৰে ১৮ নং গাড়োৱাল বেটেলিয়ান ৰাইফলচৰ কামাণ্ডিং অফিচাৰ কৰ্ণেল জনে। ইয়াৰ পিছতে টকৌ পথাৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰাংঙ্গনত এটি গছ পুলি ৰোপন কৰা হয়। তিনিটা শাখাত অনুষ্ঠিত হোৱা মাৰাথান দৌৰ প্ৰতিযোগিতাত অঞ্চলটো কেইবা শতাধিক ছাত্ৰ -ছাত্ৰীৰ লগতে মহিলাসকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি বুঢ়ীদিহীং অঞ্চলৰ বিশিষ্ট মহিলা তথা বুঢ়ীদিহীং কনিষ্ঠ মহাবিদ্যালয়ৰ অধ্যক্ষা দিপিকা মৰাণক ১নং মহিলা সমিতিৰ তৰফৰ পৰা বিশেষভাবে সন্বৰ্ধনা জ্ঞাৰ্পন কৰা হয়। বঁটা বিৰ্তৰণী ও মুকলিসভাত উপস্থিত থাকে পেঙেৰী স্থিত সেনা চাউনিৰ মেজৰ গৌৰৱ , বিশিষ্ট সাংবাদিক ৰবীন মৰান, সাংবাদিক প্ৰমোদ ভূঞাসহ অঞ্চলটো বহু সংখ্যক গণ্য-মান্য ব্যক্তি।
ৰঙিয়াত ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বিৰুদ্ধে ক্ষোভ,গঠন হʼল অভিভাৱক কমিটি
ৰাজ্যত কেৱলমাত্ৰ ব্যৱসায়িক স্বাৰ্থত কাঠফুলাৰ দৰে গঢ়ি উঠা একাংশ ব্যক্তিগত খণ্ডৰ বিদ্যালয়ৰ বিৰুদ্ধে অতিষ্ঠ হৈ পৰিছে অভিভাৱক সকল। প্ৰতিবাৰেই কোনো ধৰণৰ আলোচনা অথবা আগজাননী নিদিয়াকৈ ছাত্ৰ-ছাত্ৰীৰ ভৰ্তি মাচুলকে ধৰি শৈক্ষিক মাচুল নিজ ময়মতালিৰে বৃদ্ধি কৰি অহাৰ অভিযোগ উত্থাপন হৈছে ৰঙিয়াৰ মাজমজিয়াত অৱস্থিত চাৰ্ছ পাব্লিক স্কুল নামৰ ব্যক্তিগতখণ্ডৰ বিদ্যালয় খনৰ বিৰুদ্ধে। ইয়াকেলৈ বিদ্যালয় খনত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলে চাৰ্ছ পাব্লিক স্কুল ফʼৰাম নামেৰে এখন ২১ জনীয়া অভিভাৱক কমিটি গঠন কৰা হয়। প্ৰায় ৯०জন অভিভাৱকৰ উপস্থিতিত অনুষ্ঠিত হোৱা সভাখনত স্থানীয় প্ৰাক্তন আছু নেতা অৰূপ শৰ্মাক সভাপতি,হেমন্ত মজুমদাৰক উপ-সভাপতি হিচাপে লৈ গঠন কৰা কমিটি খনে শীঘ্ৰেই এই সন্দৰ্ভত স্কুল কৰ্তৃপক্ষৰ সৈতে আলোচনাত মিলিত হৈ বৰ্দ্ধিত মাচুল,শৈক্ষিক দিশ উন্নিতকৰণ তথা ছাত্ৰ-ছাত্ৰী সকলৰ বিভিন্ন সমস্য সমাধানৰ প্ৰস্তাৱ গ্ৰহণ কৰা হয় বুলি জনাই । উল্লেখযোগ্য যে যদিহে বিদ্যালয় কৰ্তৃপক্ষই তেওলোকৰ প্ৰস্তাবসমহ মানি নলয় অভিভাৱক কমিটিয়ে বিদ্যালয়খন অচিৰেই বন্ধ কৰি দিয়াৰ হুংকাৰ প্ৰদান কৰে,স্বাভাৱিকতেই এই ঘটনাই সচেতন মহলত চিন্তাৰ উদ্বেগ বঢ়াইছে।











