একবিংশ শতিকাৰ তৃতীয়টো দশকৰ আৰম্ভণিটো যে সমাজৰ একাংশ লোকে কঠোৰ জীৱন সংগ্ৰাম কৰিব লগীয়া হৈছে সেই কথা পুনৰ প্ৰতীয়মাণ হৈছে। কুষ্ঠৰোগত আক্ৰান্ত সোণাৰিৰ এটা দুৰ্ভগীয়া পৰিয়ালৰ কৰুণ কাহিনীয়ে এতিয়া উদঙাইছে বিকশিত অসমৰ পঁয়ালগা ছৱি। সবকা সাথ সবকা বিকাশৰ কথা কোৱা বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিকাশৰ আঁচনিয়েও যে এতিয়া ঢুকি পোৱা নাই সমাজৰ একাংশ লোকক সেই কথা প্ৰমাণিত হৈছে সোণাৰিৰ এই পৰিয়ালটোৰ কৰুণ গাঁথাই। সকলোৰে বাবে ঘৰ দিয়া বুলি যিসময়ত চৰকাৰৰ জনপ্ৰতিনিধিসকলে ভাষণৰ ফুলজাৰি মাৰি আহিছে সেই সময়তে ভগা জুপুৰীত বাস কৰিব লগীয়া হৈছে সোণাৰিৰ এই পৰিয়ালটো। সোণাৰি বিধানসভা সমষ্টিৰ কাণু গাঁৱৰ এটা পৰিয়ালৰ কঠোৰ জীৱন সংগ্ৰামৰ বিষয়ে পোহৰলৈ আহিছে সম্প্ৰতি। অসম-নগালেণ্ড আৰু অৰুণাচল প্ৰদেশ সীমান্তবৰ্তী অঞ্চল কাণু গাওঁৰ বাসিন্দা পাপু মালহাৰৰ পৰিয়ালটোৰ দুৰ্দশাই উদঙাইছে বিকশিত অসমৰ পঁয়ালগা ছৱি। এসময়ত কাণু চাহ বাগিচাত শ্ৰমিক হিচাপে নিয়োজিত পাপু মালহাৰ দুৰ্ভগীয়া পৰিয়ালটোক যে আজিলৈকে চৰকাৰৰ কোনো এখন আঁচনিয়ে ঢুকি পোৱা নাই সেই বিষয়ে পোহৰলৈ আহিছে। উল্লেখনীয় কথাটো হ’ল পাপু মালহাৰ নামৰ ব্যক্তিগৰাকী কুষ্ঠৰোগত আক্ৰান্ত হোৱাত হাত-ভৰিবোৰ অকামিলা হৈ পৰাৰ ফলত বাগিচা কৰ্তৃপক্ষই কামৰপৰা আঁতৰাই দিয়ে আজিৰপৰা চাৰি বছৰ আগতে। ইয়াৰ পৰিপ্ৰেক্ষিতত ৰোগাক্ৰান্ত পাপু মালহাৰ পত্নী মণিকা মালহাৰে বাগিচাখনৰ শ্ৰমিক হিচাপে নিয়োজিত হৈ স্বামীসহ তিনিটাকৈ সন্তান আৰু জন্মান্ধ ভাগিনীয়েকক পোহপাল দিবলৈ আৰম্ভ কৰে। আনহাতে দুটকামান উপাৰ্জনৰ আশাত তিনিটা সন্তানৰ দহবছৰীয়া জ্যেষ্ঠ সন্তানটোক অৰুণাচলত কোনো লোকৰ ঘৰত বনকৰা ল’ৰা হিচাপে পঠিয়াই দিয়ে যদিও তিনি-চাৰিবছৰ হল আজিলৈকে কোনো সম্ভেদ নাই । এনে সময়তে এবছৰমান আগতে মণিকা মালহাৰো দুৰ্ঘটনাগ্ৰস্ত হৈ কঁকালৰ হাড় ভাঙি পৰাত কাম-বন কৰিব নোৱাৰা হৈ পৰাত পৰিয়ালটোৰ উপাৰ্জনৰ পথ বন্ধ হৈ পৰে। ফলত জন্মান্ধ ভাগিনীয়েক ৰঞ্জিত মালহাৰে বিভিন্ন ঠাইত বাঁহী বজায় উপাৰ্জনৰ পথ বাছি লয় আৰু মোমায়েকৰ পুতেকক লগত লৈ হাট-বজাৰ আদিত বাঁহী বজায় আজি এবছৰে এনেদৰেই পৰিয়ালটোৱে জীৱিকা-নিৰ্বাহ কৰা পৰিলক্ষিত হৈছে। ইফালে এসময়ত বাগিছাৰ অস্থায়ী শ্ৰমিক হিচাপে নিয়োজিত পাপু মালহাৰৰ থাকিবলৈ এটা স্থায়ী ঘৰ নথকাত শেহতীয়াকৈ কাণুগাওঁৰ এখন অব্যহৃত পথাৰত এটা জুপুৰি সাজি বাস কৰিবলৈ লোৱা পৰিলক্ষিত হৈছে। মন কৰিবলগীয়া যে নিজাকৈ এডোখৰ মাটি নথকা বাবেই চৰকাৰী এটা আবাসগৃহ তথা শৌচাগাৰৰপৰাও বঞ্চিত এই পৰিয়ালটোৰ নাই এখন ৰেচন কাৰ্ড। আনহাতে দিব্যাংগ ৰঞ্জিত মালহাৰে আজিলৈকে লাভ কৰা নাই দিব্যাংগসকললৈ চৰকাৰে আগবঢ়োৱা সা-সুবিধা। আনকি দিব্যাংগৰ প্ৰমাণ পত্ৰখনৰপৰাও বঞ্চিত হৈ আছে ৰঞ্জিত। আনহাতে পাপু মালহাৰ আৰু পত্নী মণিকা মালহাৰে আজিলৈকে ভোটাৰ কাৰ্ড খনো নোপোৱা বুলি আক্ষেপ কৰা লগতে এটা বেংক একাউণ্ট খুলিব লৈও সক্ষম নোহোৱা বুলি দুখ প্ৰকাশ কৰিছে। মন কৰিবলগীয়া যে যি সময়ত চৰকাৰে বিকশিত অসমৰ শ্ল’গান দি ভাষণৰ ফুলজাৰি মাৰি থাকে সেই সময়ত এটা চৰকাৰী আৱাস গৃহ, শৌচাগাৰ, বিদ্যুৎ সংযোগ লাভ কৰাটো দূৰৰ কথা দৰিদ্ৰ পাপু মালহাৰে আজিলৈকে লাভ কৰা নাই চৰকাৰী বিনামূলীয়া চাউলকেইটা। একমাত্ৰ দিব্যাংগ ভাগিনীয়েকৰ ওপৰতে নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰিব লগীয়া হৈছে এই পৰিয়ালটো। গাঁৱৰ গাওঁ বুঢ়া তথা ৱাৰ্ড সদস্যক এই বিষয়ে অৱগত কৰাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষই আজিলৈকে কোনো গুৰুত্ব নিদিয়াত এনেদৰেই চলাই যাব লগীয়া হৈছে কঠোৰ জীৱন সংগ্ৰাম।
সমাগত নিৰ্বাচন : পুৱ গোৱালপাৰা সমষ্টিত চকুত লগা হৈছে AIUDF দলৰ নিৰ্বাচনী প্ৰচাৰ
সমষ্টিখনৰ পৰা এইবেলি কেবাজন টিকট প্ৰত্যাশী প্ৰাৰ্থীয়ে নামি পৰিছে নিৰ্বাচনী প্ৰচাৰত ৷কিন্ত ইয়াৰে ভিতৰত জনসমৰ্থন আৰু সমাদাৰ লাভৰ লগতে চকুত লগাকৈ দলৰ হাত শক্তিশালী কৰিবলৈ সক্ষম হৈছে দলৰ কাৰ্য্যকৰী সভাপতি আবুল কালাম হুছেইনে ৷হুছেইনে দলটোৰ বাবে দিনে নিশাই একাকাৰ কৰি সমষ্টিখনৰ ইমুৰৰ পৰা সিমুৰলৈ চলাইছে প্ৰচাৰ অভিযান ৷সমষ্টিখনৰ দুৰ্গম আৰু অতিকৈ ভিতৰুৱা অঞ্চল সমুহত নিজৰ সমৰ্থকক লৈ অনুষ্টিত কৰিছে এটাৰ পিছত আন এটা সৰুবৰ সভা সমিতি ৷মহাজোট বন্ধনৰে গঠিত হোৱা দলে এইবেলি এইজন বলিষ্ট নেতা তথা দলৰ কাৰ্য্যকৰী সভাপতি আবুল কালাম হুছেইনক আগন্তক নিৰ্বাচনৰ বাবে টিকট প্ৰদান কৰিলে নিশ্চিত উদ্ধাৰ হৱ সমষ্টিখন ৷এয়া আমাৰ দাবী নহয় ৷এইদাবী সমষ্টিখনৰ জনসাধাৰনৰ ৷গণভিত্তি থকা টিকট প্ৰত্যাশী প্ৰাৰ্থী আবুল কালাম হুছেইনে সমষ্টিখনত পুৰ্বে নথকা AIUDF দলৰ জনসমৰ্থন ঘুৰাই আনিবলৈ সক্ষম হৈছে ৷ দলৰ সভাপতি বদৰউদ্দিন আজমলক এইজন শক্তিশালী নেতাক এইবেলি জনসাধাৰনৰ লগতে দলে টিকট প্ৰদানৰ দাবী উত্থাপন কৰেছে ৷কংগ্ৰেছ দলৰ দখলত থকা সমষ্টিখনৰ বিধায়ক একে ৰচিদ আলমেও পুনৰ টিকটৰ দাবীত উন্নয়নমুলক কামৰ আধাৰশিলা স্থাপন কৰি অব্যাহত ৰাখিছে নিজৰ প্ৰচাৰ আভিযান ৷এইবেলি সমষ্টিখনৰ পৰা যুৱ নেতা. আবুল কালাম হুছেইন. মাছিদুল ইছলাম. আব্দুল হাই আৰু জাকিৰ হুছেইনে বিচাৰেছে টিকট ৷কিন্ত ইয়াৰে যুৱ নেতা আবুল কালাম হুছেইনৰ বাহিৰে অইন তিনিজন টিকট প্ৰত্যাশী প্ৰাৰ্থীৰ চকুত লগাকৈ নামি পৰা নাই প্ৰচাৰ আভিযানত ৷
আন্তৰ্জাতিক মাতৃভাষা দিৱস উপলক্ষ্যে ভোলানাথ মহাবিদ্যালয়ত বক্তৃতা অনুষ্ঠান
ভোলানাথ মহাবিদ্যালয়ৰ অসমীয়া ,বাংলা ,হিন্দী বিভাগৰ যৌথ উদ্যোগত আন্তৰ্জাতিক মাতৃভাষা দিৱস উপলক্ষ্যে ২৪ ফ্ৰেব্ৰৱাৰী , বুধবাৰে এক বিশেষ বক্তৃতা অনুষ্ঠানৰ আয়োজন কৰা হয়।অনুষ্ঠানৰ আৰম্ভণিতে সৰস্বতী বন্দনা পৰিবেশন কৰে সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপিকা ড.মৌচুমী ভট্টাচাৰ্যই ।অনুষ্ঠানৰ আৰম্ভণী গীত মিত্ৰদেৱ মহন্ত ৰচিত চিৰ চেনেহী মোৰ ভাষা জননী গীতটো পৰিবেশন কৰে অসমীয়া স্নাতকোত্তৰ শ্ৰেণীৰ ছাত্ৰীবৃন্দই ।মাতৃভাষা দিৱসৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰে অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ড.উপেন্দ্ৰজিত শৰ্মাই।ড.শৰ্মাই কয় যে যিজনে মা ,মাতৃভূমি ,মাতৃভাষাক যিয়ে মৰম নকৰে ,শ্ৰদ্ধা নকৰে তেওঁ মানুহ নামৰ অযোগ্য, এগৰাকী নৰাধম ব্যক্তি ।মাতৃভাষাৰ গুৰুত্বৰ বিষয়ে বহল ব্যাখ্যা আগবঢ়াই অসমীয়া সাহিত্য জগতৰ বিশিষ্ট কবি সাহিত্যিক ড.মৰমী বৰঠাকুৰ তালুক দাৰে।অনুষ্ঠানত ছাত্ৰ -ছাত্ৰীসকলে মা ,মাতৃভূমি ,মাতৃভাষা বিষয়ক স্বৰচিত কবিতা পাঠ কৰে ।অনুষ্ঠানত বাংলা বিভাগৰ মুৰব্বী অধ্যাপক নিৰ্মীতা নাথ,হিন্দী বিভাগৰ মুৰব্বী অধ্যাপিকা সংগীতা ৰায়ৰ লগতে অসমীয়া বিভাগৰ ড.অলকা শৰ্মা ,ড.কৰুণা কান্ত দাস,বেবী বৰা ,ড.পলী বেজবৰুৱা, আৰজুমা নাচৰিণ সৰকাৰ,ছাইফুল হাচান প্ৰমুখ্যে মহাবিদ্যালয়ৰ তিনি শতাধিক ছাত্ৰ -ছাত্ৰীয়ে।অনুষ্ঠানৰ শেষত সমৱেত ভাবে জাতীয় সংগীত পৰিবেশন কৰা হয় ।
সংগীত সাধক কুল বৰুৱা আৰু নাই
অসমৰ সংগীত জগতত আন এক অপূৰণীয় ক্ষতি।
সংগীত সাধক কুল বৰুৱাৰ দেহাৱসান।
উচ্চ ৰক্তচাপজনিত কাৰণত যোৱা নিশা ১২বজাত গুৱাহাটীৰ শিলপুখুৰীস্থিত নিজ বাসভৱনত শেষ নিশ্বাস ত্যাগ কৰে কুল বৰুৱাই।
সংগীত সাধক গৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শোক প্ৰকাশ কৰিছে ।

গৰৈমাৰীত দক্ষিণ কামৰূপ অগ্ৰগামী নিৰ্মান শ্ৰমিকৰ কৰ্মী সভা সম্পন্ন
দক্ষিন কামৰূপ জিলা অগ্ৰগামী নিৰ্মান শ্ৰমিক ইউনিয়ন গৰৈমাৰী শাখা সমিতিৰ আহ্বানত অসম গৃহ আৰু অন্যান্য নিৰ্মান শ্ৰমিকৰ নাম পঞ্জীয়ন ও সুবিধা সম্পৰ্কে আজি মাজৰটোপ উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত শ্ৰমিক সজাগতা সভা অনুষ্ঠিত হৈ যায় ৷ যুৱ সমাজ কৰ্মী আজিজুৰ ৰহমান চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত সজাগতা সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে শ্ৰমিক ইউনিয়ন গৰৈমাৰী শাখা ৰ সাধাৰন সম্পাদক মহিদুল ইছলামে ৷ সজাগতা সভাত দক্ষিন কামৰূপ জিলা অগ্ৰগামী নিৰ্মান শ্ৰমিক ইউনিয়নৰ সাধাৰণ সম্পাদক কছিম উদ্দিন চৌধুৰী, উপসভাপতি আব্দুল খালেক, অসম প্ৰগ্ৰেছিভ বিল্ডিং এন্ড আদাৰছ কন্ট্ৰাকছন ৱাৰ্কাৰ্ছ ফেডাৰেছনৰ সাধাৰন সম্পাদক জিয়াউৰ ৰহমান, ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি দেবজিত কলিতা, এছ পি এছৰ সভাপতি ছাইফুল ইছলাম, আছুনেতা ৰফিকুল ইছলাম, আবু আশ্বিক ছিদ্দিক, শ্ৰমিক ইউনিয়ন গৰৈমাৰী শাখাৰ সভাপতি আব্দুৰ ৰহমান উপসভাপতি ময়নুল হক, সহ সম্পাদক জহুৰুল হক উপস্থিত থাকে ৷ শ্ৰমিক সজাগতা সভাৰ জৰিয়তে চৰকাৰী আঁচনি পোৱাৰ ক্ষেত্ৰত ৰাইজক সজাগ কৰে ৷
ধুবুৰীৰ আগমণিত ৰাজ্য চৰকাৰৰ উদ্যোগত চিলাৰায় দিৱসৰ আয়োজন
অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত আৰু ধুবুৰী জিলা প্ৰশাসন আৰু কোচ ৰাজবংশী জনগোষ্ঠীয় সংগঠনসমূহৰ সহযোগত অহা ২৭ ফেব্ৰুৱাৰীত ধুবুৰীৰ আগমণিত চিলাৰায় দিৱসৰ আয়োজন কৰা হৈছে ৷ বীৰ চিলাৰায়ৰ ৫১১ তম জন্মজয়ন্তী উপলক্ষে আগমণিৰ চিলাৰায় উদ্যানৰ সমীপত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল৷ অনুষ্ঠানত খাদ্য আৰু অসামৰিক যোগান বিভাগৰ মন্ত্ৰী ফণীভূষণ চৌধুৰী, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী নৱ কুমাৰ দলে, গোলকগঞ্জৰ বিধায়ক অশ্বিনী ৰায় সৰকাৰ, বিলাসীপাৰা পূব সমষ্টিৰ বিধায়ক অশোক কুমাৰ সিংহী প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব৷ অনুষ্ঠানত ৰাইজৰ উপস্থিতি কামনা কৰিছে ধুবুৰীৰ উপায়ুক্ত দেৱ কুমাৰ কলিতা আৰু সাংস্কৃতিক পৰিক্ৰমাৰ সঞ্চালক যাদৱ শইকীয়াই৷
নগাঁও গ্ৰেটাৰ লায়ন্স ক্লাবৰ উদ্যোগত বিনামূলীয়া চকু চিকিৎসা শিবিৰ
নগাঁও গ্ৰেটাৰ লায়ন্স ক্লাবৰ উদ্যোগত আজি নগাঁও চহৰৰ হয়বৰগাও মাৰোৱাৰী পঞ্চায়ত ভৱনত চকুত চানি পৰা ৰোগীসকলৰ এক বিনামূলীয়া চকু চিকিৎসা শিবিৰ অনুষ্ঠিত হয় । এই চকু চিকিৎসা শিবিৰত কেবাজনো অভিজ্ঞ চিকিৎসকে চিকিৎসা প্ৰদান কৰে । শিবিৰত প্ৰায় তিনি শতাধিক লোকে চিকিৎসা গ্ৰহণ কৰে । শিবিৰত চকুত চানি পৰা ৰোগ সকলৰ পৰা বাচনি কৰি গুৱাহাটীৰ লায়ন্স চকু চিকিৎসালয়ত সুদক্ষ চিকিৎসকৰ দ্বাৰা বিনামূলীয়াকৈ অস্ত্ৰোপচাৰ কৰাৰ ব্যৱস্থা গ্ৰহন কৰা হৈছে বুলি উদ্যোক্তা সকলে জানিবলৈ দিয়ে ।
তিতাবৰত জিলা প্ৰশাসন কৰ্মচাৰীৰ অসহযোগ পালন
কালি তিতাবৰত সদৌ অসম জিলা প্ৰশাসন কৰ্মচাৰী সন্থা, তিতাবৰ, তিতাবৰ উপ কোষাগাৰৰ , তিতাবৰ আৰু মৰিয়নী ৰাজহ চক্ৰৰ NPS কৰ্মচাৰীসকলে এদিনীয়া কাৰ্যসূচীৰে অসহযোগ কাৰ্যসূচী পালন কৰে। ২০০৫ চনৰ পিছত নিযুক্তি লাভ কৰা কৰ্মচাৰীসকলক নতুন পেঞ্চন আঁচনিৰ পৰিৱৰ্ত্তে পুৰণি পেঞ্চন আঁচনিৰ অধীনলৈ আনিবলৈ দাবী জনাই কৰ্মচাৰীসকলে বিভিন্ন প্লেকাৰ্ড প্ৰদৰ্শন কৰে। কৰ্মচাৰীসকলে এই সন্দৰ্ভত তিতাবৰৰ মহকুমাধিপতি অৱগত কৰে। কৰ্মচাৰীসকলে আক্ষেপেৰে কয় যে এন পি এছৰ অধীনৰ কৰ্মচাৰীসকলক চৰকাৰে অৱসৰকালীন পেঞ্চন দিবৰ বাবে কিছুমান ব্যক্তিগত কোম্পানীক দায়িত্ব অৰ্পণ কৰিছে। এই কোম্পানীবোৰে কৰ্মচাৰীৰ দৰমহাৰ পৰা কৰ্তন কৰা দহ শতাংশৰ লগত চৰকাৰৰ চৈধ্য শতাংশ যোগ কৰি শ্বেয়াৰ বজাৰত বিনিয়োগ কৰিছে। এই বিনিয়োগৰ জৰিয়তে লাভ কৰা পুঁজিৰ পৰা ষাঠি শতাংশ ঘুৰাই দিব আৰু বাকী থকা চল্লিশ শতাংশৰপৰা নিৰ্দিষ্ট হাৰত অৱসৰকালীন পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছে। যিটো অকল অনিশ্চিতই নহয় বৰঞ্চ অসুৰক্ষিতও। তাতোকৈ ডাঙৰ কথা পাঁচ বছৰৰ বাবে নিৰ্বাচিত হৈ বিধায়ক-সাংসদসকলে এক নিশ্চিত পেঞ্চন আঁচনিৰ অন্তৰ্ভুক্ত হৈ আছে, আনহাতে জীৱনৰ মূল্যবান সময় কৰ্মচাৰীসকলে চাকৰি কালত অতিবাহিত কৰি এক অনিশ্চিত পেঞ্চন আঁচনিৰ অন্তৰ্ভুক্ত হৈছে। সেয়ে চৰকাৰে কৰ্মচাৰীসকলৰ এই অনিশ্চয়তা দুৰকৰি পুৰণি পেঞ্চন আচনিৰ অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনাই।আজি তিতাবৰত অসহযোগ সফল হোৱা বুলি যোৰহাট জিলা এন পি এছ কৰ্মচাৰী সন্থাৰ উপ সভাপতি কৃষ্ণ দত্তই অসহযোগ কাৰ্যসূচী সফল ৰূপায়ণত সহযোগ কৰা সকলো ব্যক্তি কৃতজ্ঞতা জনাইছে।
চৰাইবাহীত একেদিনাই দুটাকৈ আধাৰশিলা আৰু বজাৰ গৃহ উদ্বোধন বিধায়ক ৰমাকান্ত দেউৰীৰ
যোৱা কালি মৰিগাঁও সমষ্টিৰ বিধায়ক তথা অসম চৰকাৰৰ মীন উন্নয়ন নিগমৰ অধক্ষ্য ৰমাকান্ত দেউৰীয়ে কপিলী উন্নয়ন খণ্ডৰ অন্তগ’ত বৰভগীয়া গাঁও পঞ্চায়তত দুটাকৈ আধাৰশিলা আৰু চৰাইবাহী গাঁও পঞ্চায়তত এটি বজাৰ গৃহ উদ্বোধন কৰে ৷ বিধায়ক গৰাকীয়ে অসম চৰকাৰৰ অসম দৰ্শন আচনিৰ অধীনত ২লাখ ৫০ হাজাৰ টকাৰে নিৰ্মাণ হ’ৱ লগা বৰভগীয়া গাঁও পঞ্চায়তৰ ন-বড়ি নাম ঘৰ আৰু ২০২০ – ২১ বৰ্ষৰ আনটাইড পুজিৰ ৫ লাখ টকাৰে নিৰ্মাণ হ’ৱ লগা চৰাইবাহী মায়েঙীয়া সাংস্কৃতিক কেন্দ্ৰৰ আধাৰশিলা স্থাপন কৰে ৷ আনহাতে ৬৪ নং চৰাইবাহী গাঁও পঞ্চায়তৰ ২০১৭ – ১৮ বৰ্ষৰ চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত নিৰ্মাণ হোৱা দৈনিক বজাৰ গৃহৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰে বিধায়ক ৰমাকান্ত দেউৰীয়ে ৷ এই অনুষ্ঠানত চৰাইবাহী গাঁও পঞ্চায়তৰ সভানেত্ৰী কৰবী খাটনীয়াৰ ডেকা, কপিলী উন্নয়ন খণ্ডৰ খণ্ড বিষয়া বিউটি ডেকাৰ লগতে কেবাগৰাকীও বিষয়া আৰু দলীয় কৰ্মী উপস্থিত থাকে ৷ লগতে মৰিগাঁও জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ক্ষীতিশ চন্দ্ৰ পেগু উপস্থিত থাকে ।
অসম চাহ মজদুৰ সংঘৰ বাগিচাই বাগিচাই ধৰ্ণা কাৰ্যসূচী
শোণিতপুৰ জিলাৰ ৰঙাপৰা সমষ্টিৰ অন্তৰ্গত বিভিন্ন চাহ বাগিচাত আজি অসম চাহ মজদুৰ সংঘই শ্ৰমিক ৰাইজে পাবলগীয়া বকেয়া ধন(বাড়তি) টকাৰ দাবীত ২ ঘন্টীয়া ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত কৰে।উল্লেখ্য যে চাহ বাগিছাত কৰ্মৰত শ্ৰমিক ৰাইজৰ দৈনিক মজুৰি বৃদ্ধিৰ দাবী বিভিন্ন দল সংগঠনৰ আছিল তাৰ ভিতৰত অন্যতম অসম চাহ মজদূৰ সংঘ, আটছা, আৰু আছা আদি। অসম চাহ মজদুৰ সংঘ তেজপুৰ শাখাৰ ভাৰপাপ্ত সম্পাদক সুনিল টুটীৰ নেতৃত্বত অঞ্চলটোৰ সমুহ বাগিচা পূৱা ধৰ্ণা কাৰ্যসূচী অনুষ্ঠিত হয়।চৰকাৰে কেৱল ভোটৰ অংকৰ বাবে বাগিছা কৰ্মৰত খাটি খোৱা শ্ৰমিক ৰাইজৰ দৈনিক মজুৰি অত দিনে ৰখাই সাধাৰণ নিৰ্বাচনৰ ঠিক আগমূহুৰ্তত দৈনিক মজুৰি অন্তৱৰ্তিকালীন সাহাৰ্য্য হিচাপে ঘোষণা কৰা কাৰ্য্যক অসম চাহ মজদুৰ সংঘৰ তেজপুৰ শাখাৰ ভাৰপাপ্ত সম্পাদক সুনিল টুটীয়ে নিৰ্বাচনী চমক বুলি উল্লেখ কৰে।উল্লেখ্যযে শ্ৰমিক ৰাইজ পাবলগীয়া বকেয়া ধন (বাড়তি) টকাৰ বাবে অসম চাহ মজদূৰ সংঘই যোৱা ২০১৮ বৰ্ষৰ মাৰ্চ মাহৰ পৰা দিব লাগে বুলি অসম চাহ মজদুৰ সংঘই প্ৰতিবাদ কৰি আহিছে।চৰকাৰে ঘোষণা কৰা দৈনিক মজুৰি আচলতে মজুৰি বৃদ্ধিৰ চুক্তি নহয় এইটো অন্তৱৰ্তিকালীন সাহায্য হে যিটো ইয়াৰ আগতেও ২০১৮ বৰ্ষত ঘোষণা কৰি দুমাহৰ বকেয়া ধন শ্ৰমিক ৰাইজক দিয়া হোৱা নাছিল,কিন্তু পুনৰ অন্তৱৰ্তিকালীন সাহায্য ঘোষণা কৰি শ্ৰমিক ৰাইজক চৰকাৰে প্ৰতাৰণা কৰিলে, কাৰন চৰকাৰে পূৰ্বে ৩৫১.৩৩ টকা দৈনিক মজুৰি হব বুলি ঘোষণা কৰিছিল। কিন্তু আজি বিজেপি নেত্ৰাধীন চৰকাৰৰ পাঁচ বছৰ কাল শেষ হোৱাৰ অন্তত দৈনিক মজুৰি বৃদ্ধিৰ চুক্তি কৰিব নোৱাৰি পুনৰ অন্তৱৰ্তিকালীন সাহায্য ঘোষণা কৰাটো দুৰ্ভাগ্যজনক বিষয় বুলি সংঘৰ বিষয়াই উল্লেখ কৰে। যোৱা তিনিটা বছৰ মজুৰি বৃদ্ধি নকৰাৰ ফলত শ্ৰমিক ৰাইজৰ দৈনিক পি. এফ. গ্ৰেছ্যুইটি, বনাচ, ছুটি হাজিৰা টকা আদি লোকচান হৈছে তাৰোপৰি যি সকল ইতিমধ্যে পাৰমানেন্ট কামৰ পৰা অব্যাহতি গ্ৰহন কৰিলে তেখেতসকলৰ পি. এফ টকাৰ লগতে গ্ৰেছ্যুইটি টকাৰো লোকচান হৈছে বুলি সুনিল টুটীয়ে কয়।











