অহা ২৬ ফ্ৰেব্ৰুৱাৰীৰ পৰা ১৭ সংখ্যক অচ্যুত বৰুৱা সোঁৱৰনী আন্ত : জিলা চিনিয়ৰ (পুৰুষ) হেণ্ডবল প্ৰতিযোগিতা নলবাৰীত অনুষ্ঠিত হব। এই উপলক্ষে নগাঁও জিলা হেণ্ডবল এচচিয়েচনে আগন্তুক নলবাৰীত হব লগা আন্তঃজিলা হেণ্ডবল প্ৰতিযোগিতাৰ বাবে নগাঁও জিলা দল ঘোষণা কৰিছে। জিলা দলটোৰ সদস্যসকল হৈছে পিংকু মাদুৰ (গাওঁখোৱা) , নিপেন দেউৰজা, অভিজ্ঞান দেউৰী, লক্ষ্য পাটৰ, পূৰ্ন পাটৰ, ৰোৱেল পাটৰ, নিপুল বৰদলৈ, দীপজ্যোতি গাওঁখোৱা, ভূষণ কোঁৱৰ, অৰুন বৰদলৈ, পৰশু ডেকাৰজা, আৰু কৌস্তভ ডেকা । অন্যহাতে সুমেন্দ্ৰ দেউৰী আৰু গোবিন্দ ডেকাৰজাক তত্বাৱধায়ক হিচাপে দায়িত্ব অৰ্পন কৰা বুলি সম্পাদক সুধন্য কুমাৰ সেনাপতিয়ে জনাইছে ।
অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ
পুনৰবাৰ অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । অহা ২৫ ফেব্ৰুৱাৰীত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকী ।
কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কাইলৈ নগাঁও আৰু কাৰ্বি আংলং জিলাত কেইবাটাও কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । কাইলৈ প্ৰথমেই মন্ত্ৰীগৰাকীয়ে দিনৰ ১০বজাত নগাঁৱৰ পুৰণিগুদামৰ ভেৰভেৰীত দীৰ্ঘদিনীয়া প্ৰচেষ্টাৰ অন্তত নিৰ্মাণ সম্পূৰ্ণ হৈ উঠা বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ লিংগাকাৰ ১২৬ ফুট উচ্চতাৰ মহামৃত্যুঞ্জয় মন্দিৰ উন্মোচন কৰিব ।মহামৃত্যুঞ্জয় মন্দিৰত আকাশমাৰ্গেৰে আহি উপস্থিত হ’ব দেশৰ গৃহমন্ত্ৰী অমৃত শ্বাহ ।
২০০৪ চনৰ পৰায়ে বাবা ভূগুগিৰি মহাৰাজৰ অধ্যক্ষতাত নগাঁৱৰ ভেৰভেৰী নৰসিংহ ক্ষেত্ৰত নিৰ্মাণ কাৰ্য চলি আছিল ১২৬ ফুট উচ্চতাৰ মন্দিৰৰ । এই বৰ্ষৰ ২২ ফেব্ৰুৱাৰী পৰা স্থিৰ প্ৰাণ প্ৰতিষ্ঠাৰ কাৰ্যসূচী অনুষ্ঠিত হোৱাৰ পাছতেই মাঘী পূৰ্ণিমা অৰ্থাৎ অহা ২৭ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হ’ব ১০৮ কুণ্ডৰ মহামৃত্যুঞ্জয় যজ্ঞ ।
তাৰ পিচতেই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱাত উপস্থিত হ’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ । মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ১৪৬৮ চনতে স্থাপনা কৰা বটদ্ৰৱা থানৰ নতুন প্ৰকল্পৰ আন্তঃগাঁথনিৰ আধাৰশিলা স্থাপন কৰিব শ্বাহে। ১৮৮ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ হ’বলগীয়া ৰাজ্যিক অনুদানপ্ৰাপ্ত বটদ্ৰৱা সাংস্কৃতিক প্ৰকল্পৰ কামৰ মাঙ্গলিক শুভাৰম্ভ কৰিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। এই প্ৰকল্পৰ দ্বাৰা বটদ্ৰৱা থানক এখন ধৰ্মীয় আৰু আধ্যাত্মিক গৱেষণা কেন্দ্ৰ হিচাপে ৰূপান্তৰিত কৰা হ’ব ।একেদিনাই তেওঁ শংকৰী কৃষ্টি-সংস্কৃতিৰ গৱেষক, কেইবাজনো সত্ৰাধিকাৰ আৰু ৰাইজৰ উপস্থিতিত অনুষ্ঠিত হ’বলগীয়া এখন চৰকাৰী সভাত স্থানীয় জনতাৰ লগতে অসমবাসীক সম্বোধন কৰিব ।
ইয়াৰ পিছতেই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কাৰ্বি শান্তি চুক্তিত ভাগ ল’বৰ বাবে কাৰ্বি আংলঙলৈ যাব ।
ডিগবৈ সমষ্টিত বিজেপি যুৱনেতা অৰুণজ্যোতি মৰাণে ঘৰে ঘৰে চলাইছে সাংগঠনিত তৎপৰতা
সমাগত বিধান সভা নিৰ্বাচনে ৰাজ্য ৰাজনীতিৰ পৰিৱেশ উখল-মাখল কৰি তুলিছে ৷ প্ৰতিটো ৰাজনৈতিক দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী নেতাৰ বিভিন্ন সাংগঠনিক কাম-কাজে বৰ্তমান ৰাজ্যখনৰ প্ৰতিটো চুক কোন চুই গৈছে ৷ ১২৩ নং ডিগবৈ বিধান সভা সমষ্টিত শাসনাধিস্ত বিজেপি, বিৰোধি কংগ্ৰেছ আৰু নতুন আঞ্চলিক শক্তি দলৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী নেতাই চলাইছে নিজৰ নিজৰ দলৰ সাংগঠনিক ব্যাপক তৎপৰতা ৷ এই ক্ষেত্ৰত বিজেপি দলৰ যুৱনেতা অৰুণজ্যোতি মৰাণে সমষ্টিটোৰ প্ৰতিটো প্ৰান্তৰত জনতাৰ ঘৰে ঘৰে গৈ দলৰ সাংগঠনিক ভেটি শক্তিশালি কৰাৰ প্ৰস্তুতি চলাইছে ৷

সমষ্টিৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান, যুৱ সংঘ, মহিলা সমিতি, ধৰ্মীয় অনুষ্ঠান, জনগোষ্ঠীয় সংগঠন, ব্যৱসায়ী প্ৰতিষ্ঠান, ক্ৰীড়া অনুষ্ঠানৰ খেল পথাৰ সমূহ কাষলৈ গৈ বিজেপি দলৰ সাংগঠনিক ভেটি শক্তিশালি কৰিবলৈ উঠিপৰি লাগিছে ৷ আগন্তুোক নিৰ্বাচনৰ দিন যিমাই চমু চাপি আহিছে ডিগবৈ সমষ্টিত সিমাইনেই বিজেপি দলৰ মাজত উৎকণ্ঠা বৃদ্ধি পাইছে ৷ কিয়নো ডিগবৈ সমষ্টিত এইবাৰ প্ৰাৰ্থীত্ব দৌৰত আছে বিধায়ক সুৰেণ ফুকন আৰু শক্তিশালি যুৱনেতা অৰুণজ্যোতি মৰাণ ৷ সেইয়ে সমষ্টিটোত বিধায়ক সুৰেণ ফুকনে যিমানেই চৰকাৰী আচনিৰ আধাৰশিলা আৰু উদ্ধোধনী কাৰ্যসূচী চলাই গৈছে সিমানেই প্ৰাৰ্থীত্ব প্ৰৱল দাবিদাৰ শীৰ্ষত থকা যুৱনেতা অৰুণজ্যোতি মৰাণে সমষ্টিটোত বসবাস কৰা বিভিন্ন ভাষা-ভাষি, জনগোষ্ঠীয় সম্পদায় পৰিয়ালৰ ঘৰত উপস্থিত হৈ জনতাৰ মনৰ কথা বুজ লৈছেগৈ ৷ ৰাজ্যৰ সংবাদ মাধ্যমৰ অনুসন্ধান মূলক বাতৰি আৰু দলীয় কেতবোৰ খৱৰ আৰু ৰণকৌশলে ডিগবৈত বিজেপি শীৰ্ষ নেতৃত্বই নতুন প্ৰাৰ্থী প্ৰেক্ষেপ কৰি সমষ্টিটো পুনৰ দখল কৰিবলৈ প্ৰদক্ষেপ গ্ৰহণ কৰা খৱৰ পোৱা গৈছে ৷ যাৰ পৰিপ্ৰেক্ষিতত অৰুণজ্যোতি মৰাণে চলাইছে ব্যাপক দলীয় সাংগঠনিক কাম-কাজ ৷ সমষ্টিৰ বিভিন্ন যুৱ শক্তি সমূহক সাক্ষাৎ কৰি বিজেপি চৰকাৰ দিনত হোৱা বিভিন্ন কামৰ খতিয়ান দাঙি ধৰাৰ লগতে মৰাণ জনগোষ্ঠীৰ বিভিন্ন স্থানত অৱস্থিত ধৰ্মীয় অনুষ্ঠান সমূহৰ ধৰ্মপ্ৰাণ ৰাইজক সাক্ষাৎ কৰি সেৱা লৈ আৰ্শিবাদ গ্ৰহণ কৰিছে ৷ ইয়াৰ উপৰিও সমষ্টিটোৰ চাহ বাগিচা, ভোজপুৰি, মাৰোৱাৰি আদি বিভিন্ন জনগোষ্ঠী, সম্পদায় প্ৰায়বোৰ পৰিয়ালক দেখা কৰাৰ লগতে নেপালী লোক সকলৰ নেতৃস্থানীয় সকলৰ পৰা আৰ্শিবাদ বিচাৰি সাক্ষাৎ কৰা দেখা গৈছে ৷ উল্লেখ যে বিগত দুটা দৰ্শক ধৰি মৰাণ জনগোষ্ঠীয় ছাত্ৰ সংগঠন সদৌ মৰাণ ছাত্ৰ সন্থাক প্ৰতিনিধিত্ব কৰি ৰাইজৰ সেৱাৰ কৰি যোৱা যুৱনেতা অৰুণজ্যোতি মৰাণৰ ডিগবৈ সমষ্টিৰ লগতে উজনি অসমত আছে বিশেষ জনপ্ৰিয়তা ৷ যাৰ পৰিপ্ৰেক্ষিতত ডিগবৈ বিজেপি দলে অৰুজ্যোতিক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰি তিনিচুকীয়া জিলাখনতে মৰাণ জনগোষ্ঠীয় লগতে সমভাৱাসম্পন্ন জনগোষ্ঠীয় ভোট সমূহ লাভ কৰিবলৈ দলৰ নেতৃত্বই বিশেষ ৰণকৌশল যোগুত কৰিছে বুলি জানিব পৰা গৈছে ৷ যাৰ ফলত অৰুণজ্যোতি মৰাণ ডিগবৈত প্ৰক্ষেপিত প্ৰাৰ্থী হলে বিধায়ক সুৰেণ ফুকন উপ্ৰেক্ষিত হৈ ৰব ৷ তেনে দলীয় ৰণকৌশলৰ বিশেষ সহাৰি লাভ কৰি হয়তুু যুৱনেতা অৰুণজ্যোতি মৰাণে ডিগবৈ অলিয়ে গলিয়ে ব্যাপক বেনাৰ পোষ্টাৰ, দেৱাল লিখন কৰি, জনতাৰ ঘৰে ঘৰে, অনুষ্ঠান প্ৰতিষ্ঠানৰ কাষলৈ গৈ দলীয় কাম কাজ আৰম্ভ কৰি দিছে ৷ যাতে বিৰোধী দল সমূহক সহজে ৰোধিব পৰা যায় ৷ ইফালে টিকটৰ আশাত বন্দি সংঘ পৰিয়ালৰ ডিগবৈ জ্যেষ্ঠ নেতা প্ৰশান্ত শইকীয়াই চলাইছে প্ৰচাৰ অভিযান ৷ মুঠৰ ওপৰত দিছপুৰৰ ভিতৰুৱা খৱৰৰ মতে এইবাৰ ডিগবৈ সমষ্টিত বিজেপি দলীয় প্ৰাৰ্থী সলনি হোৱাটো প্ৰায় খাটাং হৈ পৰিছে ৷ সেইয়ে যথেষ্ঠ পৰিমানৰ অৰ্থ খৰচ কৰি ডিগবৈ সমষ্টিত জনগোষ্ঠীয় যুৱ নেতা, সদৌ মৰাণ ছাত্ৰ সন্থা প্ৰাক্তন জনপ্ৰিয় সভাপতি তথা ক্ৰীড়া সংগঠন অসম ফুটবল সন্থা, ভলীবল সন্থা, অলিম্পিক সন্থা, হেণ্ডবল সন্থা জ্যেষ্ঠ বিষয়বৰ্বীয়া অৰুণজ্যোতি মৰাণে দিন ৰাতি একাকাৰ কৰি দলীয় সাংগঠনিক কাম কৰা দেখা গৈছে ৷
উন্নয়ণৰ শ্ব’গানেৰে বোকাখাতত মন্ত্ৰী অতুল বৰাৰ নিৰ্বাচনী প্ৰচাৰ আৰম্ভ
নিৰ্বাচনৰ দিন যিমানেই চমু চাপি আহিছে সিমানেই মন্ত্ৰী-বিধায়ক সকলৰ আধাৰশিলা ৰাজনীতিৰো ধুম উঠিছে ৷ সমাপন কৰি গৈছে ইখনৰ পাছত সিখন আঁচনিৰ আধাৰ শিলা আৰু উন্মোচন ৷ ইয়াৰ ব্যতিক্ৰম নহয় অসম গণ পৰিদষ দলৰ সভাপতি, বোকাখাতৰ বিধান সভা সমষ্টিৰ বিধায়ক তথা ৰাজ্যৰ জ্যেষ্ঠ কেবিনেট মন্ত্ৰী অতুল বৰাও ৷ আজি বোকাখাত সমষ্টিৰ পশ্চিমে হাতীখুলিৰ পৰা পূবে ৰঙামাটিলৈকে সামৰি প্ৰায় ২২ কোটি টকাৰ ব্যয় সাপেক্ষে মুঠ ২২ খন আঁচনিৰ কামৰ আধাৰশিলা আৰু হৈ যোৱা কামৰ শুভ উন্মোচন কৰে মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰীগৰাকীয়ে ক’ৰবাত যদি ৰঙা ফিটা কাটিছে, আন ক’ৰবাত আকৌ প্ৰচণ্ড জোৰে নাৰিকল ভাঙিছে ৷ বিৰামহীনভাৱে ইখনৰ পৰা সিখন আঁচনিৰ শুভ উদ্বোধন আৰু আধাৰশিলা কৰি গৈছে ৷ সমান্তৰালকৈ কংগ্ৰেছ আৰু অসম জাতীয় পৰিষদ দলকো সমালোচনা কৰিবলৈও পাহৰা নাই মন্ত্ৰীগৰাকীয়ে ৷ মন্ত্ৰীগৰাকীৰ মতে কংগ্ৰেছৰ অসম বচাওঁ আহক অভিযান কেতিয়াও অসম বচাবৰ বাবে নহয় ৷ কংগ্ৰেছ দলটোক পুনৰ বচাই দিছপুৰ দখলৰ বাবেহে এই অভিযান চলাই আছে ৷ দেশৰ স্বাধীনতা অনা কংগ্ৰেছৰ দৰে শক্তিশালী দলটোৱে নিজৰ স্থিতি হেৰুৱাই পেলাইছে ৷ যোৱা পোন্ধৰ বছৰত কংগ্ৰেছৰ অপশাসন আৰু ভ্ৰষ্টাচাৰৰ বাবেই অসমৰ জনসাধাৰণে ২০১৬ চনত কংগ্ৰেছক বিদায় দিলে ৷ ২০১৬ চনত মিত্ৰজোঁটৰ চৰকাৰে দিছপুৰ দখল কৰি অসমৰ দ্ৰুত উন্নয়ণ সাধন কৰিলে ৷ ক্ষমতা লাভেৰে দিছপুৰ দখল কৰাৰ মানসেৰে এতিয়া এ আই ইউ ডি এফৰ দৰে এটা সাম্প্ৰদায়িক দলৰ সৈতে মিত্ৰতা কৰি নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ কুজকাৱাজ আৰম্ভ কৰিছে কংগ্ৰেছ দলে ৷ সেই কথা অসমৰ ৰাইজে এতিয়া বুজি পাইছে ৷ গতিকে কংগ্ৰেছ দল কেতিয়া আৰু শাসনলৈ নাহে ৷ কালি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী চিলাপথাৰৰ জনসভাত অংশ গ্ৰহণ কৰাৰ পাছত কংগ্ৰেছ দলে নৰেন্দ্ৰ মোডীক এটা পৰিভ্ৰমী চৰাই বুলি কৰা মন্তব্যত মন্ত্ৰী অতুল বৰাৰ কংগ্ৰেছৰ প্ৰতি কটাক্ষ কৰি কয় যে, কংগ্ৰেছ দলটোৱে পোন্ধৰ বছৰীয়া শাসন কালত কৰা উন্নয়ণ যোৱা পাঁচটা বছৰত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্যকালত ৰাজ্যখনত হোৱা ব্যাপক উন্নয়ণ আকাশ পাতাল পাৰ্থক্য ৷ এই পাৰ্থক্য কংগ্ৰেছ দলে এতিয়া সহ্য হোৱা নাই আৰু সেইবাবেই তেওঁলোকে আবোল তাবোল বকা আৰম্ভ কৰিছে ৷ লগতে মন্ত্ৰী তথা বিধায়ক অতুল বৰাই নিজ সমষ্টিত হোৱা ব্যাপক উন্নয়ণৰ চাফাই গাবলৈ নাপাহৰিলে সাংবাদিকৰ সন্মুখত ৷ সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী অতুল বৰাই যোৱা পাঁচটা বছৰত বোকাখাত সমষ্টিত হোৱা উন্নয়ণৰ বিশেষকৈ ১০০ খন যুক্ত বোকাখাতৰ শ্বহীদ কমলা মিৰি মহকুমা অসামৰিক চিকিৎসালয়, কহঁৰাৰ শ্বহীদ বেজা বৈষ্ণৱ ৰাজ্যিক চিকিৎসালয়, পশুপালন বিভাগৰ প্ৰশিক্ষণ বিদ্যালয় আৰু চিকিৎসালয়, বোকাখাত ৰাজহুৱা খেলপথাৰ নিৰ্মাণ, এচিয়ান ডেভেলপমেন্ট বেংকৰ অৰ্থ সাহাৰ্যৰে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান সুৰক্ষাৰ বাবে সাত কিলোমিটাৰ মাথাউৰি নিৰ্মাণ, ৰাষ্ট্ৰীয় জল যোজন মিচনৰ অধীনত সমষ্টিটোৰ ২৮ টা পানী যোগান আঁচনিৰ উন্নীতকৰণ, নগৰ সমিতিক পৌৰসভালৈ উন্নীতকৰণ, খহনীয়া প্ৰতিৰোধৰ বাবে সমষ্টিটোত ৩২ কিলোমিটাৰ জিঅ’ বোগৰ মাথাউৰি নিৰ্মাণ, প্ৰতিখন ৰাজহ গাঁৱত ৭০ শতাংশ ৰেহাই মূল্যত টেক্টৰ বিতৰণ, সমষ্টিটোৰ ২০ খন গাঁও পঞ্চায়ত আৰু নগৰৰ চাৰিটা ৱাৰ্ডত ৰাস্তাঘাট, দলং, পকী নলা নিৰ্মাণ আদিৰ কথা উল্লেখ কৰে ৷ ইয়াৰ উপৰিও মিত্ৰজোঁটৰ চৰকাৰৰ কাৰ্যকালত ৰাজ্যৰ বাকী ১২৫ টা বিধান সভা সমষ্টিত যিমান দ্ৰুত উন্নয়ণ হ’ল, তাৰ বাবেই কংগ্ৰেছ দলৰ চকুত এতিয়া টোপনি নাইকীয়া হৈছে ৷ সেইয়েহে আমাৰ দিনত হোৱা উন্নয়ণ কংগ্ৰেছ কোনো কাৰণতে সহ্য কৰিব পৰা নাই ৷ আমাৰ দিনত হোৱা উন্নয়ণ ৰাজ্যৰ জনসাধাৰণে স্বচক্ষে প্ৰত্যক্ষ কৰিছে ৷ ইয়াৰ প্ৰতি লক্ষ্য ৰাখি সমাগত নিৰ্বাচনত অসমৰ জনসাধাৰণে বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰকেই ভোট প্ৰদান কৰি পুনৰ দিছপুৰ দখল কৰি চৰকাৰ গঠন কৰাত সহায় কৰিব বুলি মন্তব্য কৰে মন্ত্ৰী অতুল বৰাই ৷ ইফালে বিজেপিৰ নেগুৰত ধৰি আঞ্চলিকতাবাদক নিশেষ কৰা, আঞ্চলিকতাবাদৰ যি ভাষা, সেইয়া বিসৰ্জন দিয়া, সমাগত নিৰ্বাচনত বোকাখাতবাসীয়ে অতুল বৰাক বোকাখাতৰ পৰা বিদায় দিবলৈ ওলোৱা বুলি অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণ জ্যোতি গগৈয়ে অলপতে বোকাখাতৰ জাতীয় সমন্বয় সমাৱেশত কৰা মন্তব্যৰ প্ৰত্তুত্বৰত মন্ত্ৰী অতুল বৰাই কয় যে, সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক হৈ থাকোতে কা-আন্দোলনত আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ বোকাখাত অধিৱেশনৰ সময়ত সঙ্ঘক লৈ সঙ্ঘৰ বিৰুদ্ধে আছুৰ দৰে এটা জাতীয় যংগঠনৰ নেতা হৈ লুৰীণ জ্যোতি গগৈয়ে কৰা কটু মন্তব্যৰ কথা বোকাখাতবাসীৰ লগতে অসমবাসীয়ে কেতিয়াও পাহৰি যোৱা নাই ৷ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ৩৩ লাখ ভক্তৰ অন্তৰত দুখ দি লুৰীণ জ্যোতি গগৈয়ে কৰা মন্তব্যৰ সমাগত নিৰ্বাচনত ভোটাৰ ৰাইজে অসম জাতীয় পৰিষদ দলক ইয়াৰ যোগ্য প্ৰত্তুত্বৰ দিব আৰু বোকাখাতৰ পৰা সমাগত নিৰ্বাচনত পুনৰ তেওঁৱেই বিজয়ী হ’ব বুলি মন্তব্য কৰে ৷ কিন্তু সমাগত নিৰ্বাচনত বোকাখাতৰ পৰা কোনে শেষ হাঁহি মাৰিবলৈ সক্ষম হয়, সি সময়েহে ক’ব ৷
শোণিতপুৰত ১৫৩ গৰাকী জীৱিকা সখীক স্কুটি প্ৰদান মুখ্যমন্ত্ৰী সোনোৱালৰ
শোণিতপুৰ জিলাৰ জামুগুৰিহাটৰ দীঘলী চাপৰিত কালি ২৩ ফেব্ৰুৱাৰীত ৩১৫ বিঘা ভূমি সামৰি স্থাপন কৰিবলগীয়া উদ্যোগিক উদ্যানৰ আধাৰশিলা স্থাপন কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ।

এই অনুষ্ঠানতে জিলাখনৰ ১৫৩ গৰাকী জীৱিকা সখীক স্কুটি প্ৰদান কৰাৰ লগতে জিলাখনৰ আত্মসহায়ক গোটসমূহক ৫০ হাজাৰ টকাকৈ আৰ্থিক অনুদান আগবঢ়ায় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে ।

এই মহিলা আত্মসহায়ক গোটসমূহে ৰাজ্যখনক অৰ্থনৈতিক দিশত শক্তিশালী কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে।
বকোত কৃষ্ণা দাসৰ নিৰ্বাচনী কুচকাৱাজ, পাখি কটা যাব নেকি কংগ্ৰেছৰ বিধায়িকা নন্দিতা দাসৰ
সমাগত ২১ ৰ বিধান সভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে ৰাজ্যত ক্ৰমান্বয়ে গৰম হৈ উঠিছে নিৰ্বাচনী বতাহ, প্ৰত্যেকটো ৰাজনৈতিক দলে আৰাম্ভ কৰিছে প্ৰচাৰ অভিযান, এই ক্ষেত্ৰত পিছ পৰি থকা নাই ৪৮ নং বকো বিধান সভা সমষ্টি। সমষ্টিটোত প্ৰতিটো ৰাজনৈতিক দলে নিজ নিজ দলৰ ভেটি মজবুত কৰিবলৈ বিভিন্ন কৌশল অৱলম্বন কৰা পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত সমষ্টিটোত কংগ্ৰেছ দলৰ মাজত চলিছে অঘোষিত বিসম্বাদৰ উকমুকনি। উল্লেখ্য যে বকো সমষ্টিৰ বিধায়িকা নন্দিতা দাসৰ লগত সমষ্টিটোৰ ঠায়ে ঠায়ে কৰ্মী সকলৰ সৈতে হোৱা অন্তঃকলহৰ বাবে নন্দিতা দাসৰ ভেটি লাহে লাহে দুৰ্বল হৈ আহিবলৈ ধৰিছে। সমষ্টিটোত বিসম্বাদৰ সৃষ্টি হৈ কংগ্ৰেছৰ মাজত দুটা ভাগ হৈ পৰিছে। বিধায়িকা নন্দিতা দাসৰ একনায়কত্ববাদৰ বাবে সমষ্টিটো একাংশ কৰ্মীয়ে ফলৰি কাটি সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভানেত্ৰী কৃষ্ণা দাসক প্ৰাৰ্থী প্ৰত্যাশী হিচাপে সমষ্টিটোৰ চোকে কোনে প্ৰচাৰ চলোৱা পৰিলক্ষিত হৈছে। সোমবাৰে আবেলি সৰ্বভাৰতীয় যুৱ কংগ্ৰেছৰ সভানেত্ৰী তথা ৪৮ নং বকো বিধান সভা সমষ্টিৰ প্ৰাৰ্থীত্ব প্ৰত্যাশী কৃষ্ণা দাসে সমষ্টিটোৰ সোনতলী-টুপামাৰী অঞ্চল পৰিভ্ৰমণ কৰি ভোটাৰ ৰাইজৰ সৈতে মত বিনিময় কৰে। সাংবাদিকৰ আগত একাংশই বিধায়িকা নন্দিতাৰ বিৰুদ্ধে ক্ষোভ উজাৰে আৰু নন্দিতা দাসৰ শাসনক সৈৰাচাৰী শাসন আখ্যা দিয়ে। আনহাতে ’ ২১ ৰ নিৰ্বাচনত নন্দিতা দাসক পুনৰাই প্ৰাৰ্থীত্বোপ্ৰদান কৰিলে বকোত কংগ্ৰেছ নিশ্চিহ্ন হোৱাৰ বিপৰীতে যদি কৃষ্ণা দাসক প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিলে জয়ৰ সম্ভৱনা পূৰামাত্ৰাই থকা বুলিও তাৎপৰ্যপূৰ্ণ মন্তব্য আগবঢ়ায়। উল্লেখ্য যে কৃষ্ণা দাসে সমষ্টিটোৰ ভোটাৰ ৰাইজৰ মাজত খুব কম দিনৰ ভিতৰত জনপ্ৰিয়তা অৰ্জন কৰা পৰিলক্ষিত হৈছে।
আজি বিশ্বৰ বৃহৎ মটেৰা ষ্টেডিয়াম উদ্বোধন কৰিব ৰাষ্ট্রপতিয়ে
চৰ্দাৰ বল্লভ ভাই। পেটেলৰ দীর্ঘদেহী প্রতিমূর্তিৰ পিছত গৃহ ৰাজ্য গুজৰাটৰ প্রতি প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীয়ে আন এক বৃহৎ উপহাৰ প্ৰদান কৰিছে গুজৰাটবাসীক।

আহমেদাবাদৰ সৱৰমতী নতুনকৈ নির্মাণ কৰা চৰ্দাৰ পেটেল মটেৰা ষ্টেডিয়াম বিশ্বৰ ভিতৰতে বৃহৎ ষ্টেডিয়াম ৰূপে গঢ় দি কাইলৈ দেশবাসীৰ প্রতি সমর্পিত কৰা হ’ব।

ৰাষ্ট্রপতি ৰামনাথ কোবিন্দে আজি মটেৰা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব লগা ভাৰত-ইংলেণ্ডৰ মাজৰ তৃতীয় দিবা-নৈশ টেষ্টমেচত উপস্থিত থাকি বিশ্বৰ ভিতৰতে বৃহত্তম ক্রিকেট ষ্টেডিয়ামখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব।

উল্লেখ কৰিব পাৰি যে আজি এইখন ষ্টেডিয়ামতে ভাৰতে দিবা-নৈশ ৰূপত পিংক বল দ্বিতীয়বাৰৰ বাবে খেলিব। ইতিপূর্বে ভাৰতে ইডেন গার্ডেন বাংলাদেশৰ বিপক্ষে প্রথমবাৰৰ বাবে পিংক বল খেলিছিল।

স্মর্তব্য যে বিশ্বৰ ভিতৰত বর্তমানে বৃহত্তম ক্রিকেট ষ্টেডিয়ামৰূপে পৰিগণিত হৈ আহিছে মেলবর্ণ ক্রিকেট ষ্টেডিয়াম।

এই ষ্টেডিয়ামৰ ৯০ হাজাৰ দর্শক বহনক্ষম। কিন্তু আহমেদাবাদৰ নতুনকৈ নির্মাণ কৰা চর্দাৰ পেটেল মটেৰা ক্রিকেট ষ্টেডিয়ামৰ দর্শকৰ বহন ক্ষমতা হ’ল ১.১০ লাখ।

ষ্টেডিয়ামখন নিৰ্মাণৰ বাবে ৬৩ একৰ ভূমি ব্যৱহাৰ কৰা হৈছে। ষ্টেডিয়ামখন নিৰ্মাণৰ বাবে ৮০০ কোটি টকা ব্যৱহাৰ কৰা হৈছে। চালে চকুৰােৱা এই নতুন ষ্টেডিয়ামখন নির্মাণকাৰী সংস্থা হৈছে ষ্টেচু অব ইউনিট।নির্মাণ কৰা লাছেন এণ্ড টাব কোম্পানী।

প্রধানমন্ত্রী নৰেন্দ্ৰ মােডীৰ সপােনৰ প্রজেক্ট এই ষ্টেডিয়ামত আছে ৭৬ টা কৰ্পৰেট বক্স, অলিম্পিক পর্যায়ৰ চুইমিংপুল, ইন্দৰ একাডেমী, চাৰিটাকৈ ড্রেচিংৰুম, ফুড কর্ট আৰু জিচিএ ক্লাব হাউচ।

সুন্দৰকৈ নির্মাণ কৰা এই ষ্টেডিয়ামখনত ১১ খন ক্রিকেট পিটছ আছে। ইয়াৰ ৬ খন ৰঙা মাটি আৰু ৫ খন ক’লা মাটিৰে নির্মাণ কৰা হৈছে।

এইখনেই হৈছে বিশ্বৰ প্রথমখন ষ্টেডিয়াম, য’ত মুখ্য পিটছ আৰু অনুশীলন পিটছ উভয় বৰণৰ বােকা মাটিৰে নির্মাণ কৰা হৈছে। যদিহে খেলত বৰষুণ হয়, তেন্তে আধা ঘণ্টাৰ ভিতৰতে পিটছ শুকুৱাৰ ব্যৱস্থা আছে এই ষ্টেডিয়ামত।
মানকাচৰ শিক্ষাখণ্ডত মধ্যাহ্ন ভোজনৰ নামত লাখ লাখ টকা লুন্ঠন একাংশ ছি আৰ ছি ছিৰ নেতৃত্বত
দঃশালমাৰা মানকাচৰ জিলাৰ ২১ নং মানকাচাৰ সমষ্টিৰ অন্তৰ্গত মানকাচৰ শিক্ষা খণ্ডৰ বিষয়াৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰি প্ৰায় ২ কৌটি টকাৰ লকডাউনৰ সময়ত মধ্যাহ্ন ভোজনৰ চাউল ডালি, নগদ ধনৰ নামত এক ভয়ংকৰ কেলেংকাৰী অভিযোগ উত্থাপন হৈছে ।অভিযোগ মতে বাঘাপাৰাৰ আপাৰ বান শালী প্ৰাথমিক বিদ্যালয়, গাৰোপাহাৰ এলপি স্কল, কুকুৰ মাৰা ওকৰাবাৰী এলপি স্কল, নমদাস পাৰা এলপি স্কল, শান্তি পুৰ এলি স্কুল, মালিৰ আলগা বৰ্মন পাৰা এলপি স্কল, দক্ষিণ দয়াৰ চৰ এলপি স্কল, পাগলাৰতোলা এলপি স্কল, বেপাৰী পাৰা এলপি স্কল আদিকে ধৰি প্ৰায় ১০০ টা স্কলত মধ্যাহ্ন ভোজনৰ নামত লুণ্ঠন চলাই কাগজে কলমে বিভাগীয় নথিপত্ৰৰ কাম সম্পূৰ্ণ কৰি কেইবাজনো ছি আৰ ছি ছি আৰু স্কলৰ প্ৰধান শিক্ষকে বিলাসী জীৱন জাপন কৰি আছে। ইয়াৰ উপৰিও মানকাচৰ শিক্ষা খণ্ডত প্ৰায় ৫০০০ হাজাৰ ভূৱা ছাত্ৰ ছাত্ৰীৰ নামত মাহিলী এক বৃহৎ পৰিমাণৰ চৰকাৰী ধন অপচয় কৰি আছে যদিও শিক্ষা খণ্ড বিষয়া জন নিমাত। মানকাচৰ সমষ্টিৰ প্ৰায় ৪০ টা প্ৰাইভেট বেচৰকাৰী জাতীয় বিদ্যালয় আছে। উক্ত জাতীয় বিদ্যালয়ত অধ্যয়নত শ শ ছাত্ৰ ছাত্ৰীৰ নাম বিভিন্ন চৰকাৰী প্ৰাথমিক বিদ্যালয়ৰ এপিয়াৰ লিষ্টত সন্নিৱিষ্ট কৰি একাংশ ছি আৰ ছি ছিৰ সহযোগত প্ৰধান শিক্ষকে পোছাকৰ নামত ধন, মধ্যাহ্ন ভোজনৰ চাউল ডালি আৰু নগদ ধনৰ লুণ্ঠন চলাই আছে। একাংশ ছি আৰ ছি ছি স্কলৰ সময়ত নিজৰ কৰ্তব্য পালন নকৰি হাটশিঙিমাৰীৰ ছুপাৰ মাৰ্কেটত অযথা ঘুৰি ফুৰি সময় অতিবাহিত কৰা আমি প্ৰায় দেখিবলৈ পাও। আন এক অভিযোগ মতে চৰকাৰী ভাবে প্ৰতিজন ছাত্ৰ ছাত্ৰীক চাৰিযোৰ কৰি স্কলৰ পোছাক যোগান ধৰাৰ পৰিবৰ্তে বহু স্কলত মাথো দুজৰা পোছাক যোগান দি বাকী টকা আত্মসাৎ কৰিছে। গতিকে অনতি পলমে অসম চৰকাৰ শিক্ষা মন্ত্ৰী মহোদয়ে বিভাগীয় ভাবে মানকাচৰ শিক্ষা খণ্ডৰ দুৰ্ণীতিৰ বিৰুদ্ধে উচ্চ পৰ্যায়ৰ তদন্ত কৰি দোষী ব্যক্তিৰ বিৰুদ্ধে প্ৰশাসনিক ব্যৱস্থা লোৱাৰ দাবী জনায় সচেতন মহলে আৰু বিভিন্ন অভিভাৱকে।
অসম মীন আইন -১৯৫৩ আৰু অসম মীন নীতিৰ প্ৰয়োজনীয় সংশোধনৰ ব্যৱস্থা
গুৱাহাটীৰ লাষ্টগেটস্থীত লোকনিৰ্মান প্ৰশিক্ষণ কেন্দ্ৰত আয়োজিত এক সংবাদমেলত মীন আৰু আবকাৰী বিভাগৰ মন্ত্ৰী পৰিমল শুক্লবৈদ্যই বিগত ১৬-১৭ বিত্তীয় বৰ্ষৰ পৰা বৰ্তমানলৈকে মীন আৰু আবকাৰী বিভাগে ৰূপায়ন কৰা বিভিন্ন আচঁনি আৰু ইয়াৰ ফলাফল সমূহৰ বিষয়ে অৱগত কৰে ।
সংবাদমেলখনত মন্ত্ৰী গৰাকীয়ে দাঙি ধৰা তথ্য অনুসৰি মাছ উৎপাদনৰ ক্ষেত্ৰত ৰাজ্য খনে ২০১৫-১৬ৰ পৰা ২০১৯-২০ বৰ্ষলৈ ২৬.৮৭ শতাংশলৈ বৃদ্ধি কৰিবলৈ সক্ষম হৈছে । মাছৰ পোনা উৎপাদন ২০১৫-১৬ৰ পৰা ২০১৯-২০ বৰ্ষলৈ ৬৭.৬৫ শতাংশলৈ বৃদ্ধি হৈছে ।
বিগত চাৰি বছৰত কেন্দ্ৰীয় চৰকাৰৰ সাহায্যত ৰূপায়িত ‘ঘৰে ঘৰে পুখুৰী ঘৰে ঘৰে মাছ’ আদি আঁচনিৰ জৰিয়তে ৰাজ্য খনত প্ৰায় ১২৫০০ ব্যাক্তিগত আৰু ৰাজহুৱা নতুন পুখুৰী নিৰ্মাণ কৰি মাছ পালন কৰি থকা হৈছে ।
‘ৰাজ্যৰ প্ৰায় ১৪০০০০ মাছমৰীয়াক বিনামূলীয়া জীৱন বীমাৰ সুবিধা আগবঢ়োৱা হৈছে । খচৰা ৰাজ্যিক মীন নীতি চুড়ান্ত হৈ উঠিছে আৰু মহামান্য অসম কেবিনেটৰ অনুমোদন পোৱাৰ পৰ্যায়ত আছে । অসম মীন আইন -১৯৫৩ আৰু অসম মীন নীতিৰ প্ৰয়োজনীয় সংশোধনৰ ব্যৱস্থা চলি আছে ।’ : মন্ত্ৰী পৰিমল শুক্লবৈদ্য
‘২০১৮ চনৰ ১৫ জুনত চৰকাৰী অধিসূচনা মৰ্মে ‘ফিছফেড’ৰ প্ৰশাসনিক কৰ্তৃত্ব মীন বিভাগলৈ হস্তান্তৰ হোৱাৰ পিছত মহানগৰীত সমবায় সমিতিসমূহৰ স্থানীয় উৎপাদিত মাছ মধ্যভোগী ব্যতিৰেকে বিপণনৰ ব্যৱস্থা আৰম্ভ আৰু বছৰি নাৰ্য্যমূল্যত প্ৰায় ৪৫,০০০ কেজি মৎস বিপণন সুনিশ্চিত কৰা হয় । পৰৱৰ্তী সময়ত ‘ফিছফেড’ৰ বিপণন পৰিক্ৰমা শক্তিশালী কৰাৰ লগতে ঘৰে ঘৰে অত্যাধুনিক এপ ব্যৱহাৰ কৰি মৎস্য যোগানৰ ব্যৱস্থা কৰা হ’ব বুলি মন্ত্ৰী গৰাকীয়ে জানিবলৈ দিয়াৰ লগতে ২১ নৱেম্বৰত নতুন দিল্লীত আয়োজিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশ্ব মৎস্য দিৱসৰ কাৰ্যসূচীত ‘ফিছফেড’লৈ উত্তৰ-পূৱ আৰু পাহাৰীয়া ৰাজ্য শিতানত শ্ৰেষ্ঠ নিকায়ৰ বটা লাভ কৰে বুলি মন্তব্য কৰে ।‘
আনহাতে, আবকাৰী বিভাগ সম্পৰ্কত মন্ত্ৰী পৰিমল শুক্লবৈদ্যই জনোৱা অনুসৰি ‘ কেইবাটাও ধাৰাৰ অধীনত জৰিমনা ব্যৱস্থা অধিক কঠোৰ আৰু কাৰ্যকৰী কৰাৰ বাবে ২০১৮ চনত সংশোধন কৰা অসম আবকাৰী আইন ২০০০ । আবকাৰী বিভাগক আবকাৰী আইন উলংঘন আৰু আবকাৰী অপৰাধ বোৰ যথেষ্ট পৰিমাণে প্ৰতিহত আৰু নিয়ন্ত্ৰন কৰাত সহায় কৰিছে ।’
যমুনামুখত এআইইউডিএফৰ স্থিতি থৰক-বৰকঃ সুযোগৰ অপেক্ষাত বিজেপি,অজাপ
ৰাজ্যৰ এক গুৰুত্বপূৰ্ণ সমষ্টি হিচাপে পৰিচিত যমুনামুখ সমষ্টি ৷ বৰ্তমান সমষ্টিটোৰ বিধায়ক আব্দুৰ ৰহিম আজমল ৷ তেখেত ধুবুৰীৰ সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ দ্বিতীয় পুত্ৰ ৷ ১৯৫১ চনৰ পৰা সমষ্টিটোক একাধিক্ৰমে ১৬ গৰাকী বিধায়কে প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে ৷ ১৯৫১ চনত কংগ্ৰেছ দলৰ বিমলাকান্ত বৰা, ১৯৫৭ চনত কংগ্ৰেছৰ পৰা ৰহিমুদ্দিন আহমেদ, ১৯৬২ চনত কংগ্ৰেছৰ পৰা বেগম আফিয়া, ১৯৬৭ চনত লক্ষ্মীপ্ৰসাদ গোস্বামী, ১৯৭২ চনত কংগ্ৰেছ দলৰ পৰা দেবেন্দ্ৰনাথ বৰা, ১৯৭৮ চনত জনতা দলৰ পৰা মোজাম্মিল আলী চৌধুৰী, ১৯৮৩ চনত কংগ্ৰেছ দলৰ পৰা ফৰমান আলী, ১৯৮৫ চনত ইউএমএফৰ পৰা মৌলানা আব্দুল জলিল ৰাগিবী, ১৯৯১ চনত কংগ্ৰেছ দলৰ পৰা দ্বিতীয় বাৰৰ বাবে মৌলানা আব্দুল জলিল ৰাগিবী নিৰ্বাচিত হয় ৷ একেদৰে ১৯৯৬ আৰু ২০০১ চনত সমষ্টিটোৰ পৰা একেৰাহে দুবাৰকৈ অগপ দলৰ পৰা আলহাজ খলিলুৰ ৰহমান চৌধুৰী বিধায়ক নিৰ্বাচিত হৈছিল ৷ ২০০৬ চনত সমষ্টিটোৰ পৰা বিধায়ক নিৰ্বাচিত হয় মৌলানা বদৰুদ্দিন আজমল ৷ তেওঁ এআইইউডিএফৰ পৰা বিধায়ক নিৰ্বাচিত হয় ৷ বদৰুদ্দিন আজমলে সেই বছৰ দুটা সমষ্টি ক্ৰমে দক্ষিণ শালমাৰা আৰু যমুনামুখ সমষ্টিৰ পৰা নিৰ্বাচিত হোৱাত তেওঁ যমুনামুখ আসন খন এৰি দিয়ে ৷ অনুষ্ঠিত হয় উপ নিৰ্বাচন ৷ ২০০৬ চনত অনুষ্ঠিত উপ নিৰ্বাচনত এআইইউডিএফৰ পৰা বিধায়ক নিৰ্বাচিত হয় বদৰুদ্দিন আজমলৰ ভাতৃ ছিৰাজুদ্দিন আজমল ৷ তাৰ পিছৰ পৰা ক্ৰমান্বয়ে ২০১১ চনত ছিৰাজুদ্দিন আজমল, ২০১৪ চনৰ উপ নিৰ্বাচনত আব্দুৰ ৰহিম আজমল, ২০১৬ চনৰ বিধানসভা নিৰ্বাচনত আব্দুৰ ৰহিম আজমল পুনৰ বিধায়ক নিৰ্বাচিত হয় ৷ সমষ্টিটোত এতিয়ালৈকে দুটাকৈ উপ নিৰ্বাচন সহ মুঠ ১৬ বাৰ বিধানসভা নিৰ্বাচন অনুষ্ঠিত হয় ৷ তাৰে মৌলানা আব্দুল জলিল ৰাগিবী, আলহাজ খলিলুৰ ৰহমান চৌধুৰী, ছিৰাজুদ্দিন আজমল, আব্দুৰ ৰহিম আজমল সমষ্টিটোৰ পৰা দুবাৰকৈ নিৰ্বাচিত হোৱাৰ বিপৰীতে বাকীসকল এবাৰকৈ নিৰ্বাচিত হৈ সমষ্টিটোক প্ৰতিনিধিত্ব কৰা সুযোগ পায় ৷ এতিয়ালৈকে সমষ্টিটোক মুঠ ১২ গৰাকী ব্যক্তিয়ে প্ৰতিনিধিত্ব কৰাৰ সুযোগ লাভ কৰিছে ৷ তাৰে মোজাম্মিল আলী চৌধুৰী (১৯৭৮), ফৰমান আলী (১৯৮৩), মৌলানা আব্দুল জলিল ৰাগিবী (১৯৮৫, ১৯৯১), আলহাজ খলিলুৰ ৰহমান চৌধুৰী (১৯৯৬, ২০০১) যমুনামুখৰ স্থানীয় ভোটাৰ হোৱাৰ বিপৰীতে বাকী আটাইসকল সমষ্টিৰ বাহিৰৰ লোকে এই সমষ্টিটোক প্ৰতিনিধিত্ব কৰে ৷ সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক গৰাকীও হোজাই সমষ্টিৰ গোপালনগৰৰ ভোটাৰ ৷ অসম বিধানসভা নিৰ্বাচনলৈ মাজত মাত্ৰ এমাহ মান সময় বাকী ৷ এনে অৱস্থাত ৰাজ্যৰ অন্যান্য সমষ্টিৰ লগতে যমুনামুখতো আৰম্ভ হৈছে নিৰ্বাচনী তৎপৰতা ৷ এই পৰ্যন্ত সমষ্টিটোত নিৰ্বাচনী যুঁজত নামিবলৈ যিসকল ব্যক্তিৰ নাম উচ্চাৰণ হৈছে, সেই সকল হৈছে ক্ৰমে এআইইউডিএফৰ পৰা বৰ্তমানৰ বিধায়ক আব্দুৰ ৰহিম আজমল, প্ৰাক্তন বিধায়ক তথা বৰপেটাৰ প্ৰাক্তন সাংসদ ছিৰাজুদ্দিন আজমল, বিধায়কৰ নমিনি মোহাম্মদ আলী, হাম হস্পিটালৰ ন্যাসৰক্ষী শ্বহিদ হুছেইন, ডবকাৰ বিশিষ্ট সমাজকৰ্মী আনোৱাৰ হুছেইন আৰু মৌলানা আব্দুল কাদিৰ কাছিমী ৷ নৱগঠিত আঞ্চলিক দল অসম জাতীয় পৰিষদ চমুকৈ এজেপিৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশীসকল হৈছে ক্ৰমে সাংবাদিক জিয়াউৰ ৰহমান, অধিবক্তা আব্দুল হাচিব, পঞ্চায়ত সভাপতি বদৰুল হক, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা আবু জাফৰ আটিয়া ৷ একেদৰে অগপৰ পৰা এনামুল কৰিম চৌধুৰী, ৰেজাউল কৰিম চৌধুৰী, জিয়া উদ্দিন আহমেদৰ নাম চৰ্চালৈ আহিছে ৷ কংগ্ৰেছৰ দলীয় টিকটৰ বাবে আবেদন কৰিছে যুৱ নেতা ৰেহান উদ্দিন, মাহমুদ হুছেইন, ৰেজিয়া চুলতানা, আব্দুল হান্নান আৰু চাহাবুদ্দিন মজুমদাৰে ৷ শাসকীয় বিজেপিৰ পৰা চৰ্চালৈ অহা নাম কেইটা হৈছে ক্ৰমে অমৰজ্যোতি শইকীয়া, নজমুল আলম লস্কৰ আৰু বিলাল উদ্দিন ৷ অখিল গগৈৰ ৰাজনৈতিক পাৰ্টি ৰাইজৰ দলৰ পৰা টিকটৰ আশাত বন্দী দিলোৱাৰা বেগম চৌধুৰী ৷ সমষ্টিটোৰ বিগত ছটা বিধানসভা নিৰ্বাচনৰ বিজয়ী প্ৰাৰ্থী আৰু প্ৰতিদ্বন্দ্বী প্ৰাৰ্থীয়ে লাভ কৰা ভোটৰ এক তথ্য এনে ধৰণৰ ৷ ১৯৯১ চনত যমুনামুখ সমষ্টিত মুঠ ১৬ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল ৷ বিজয়ী হয় কংগ্ৰেছৰ মৌলানা আব্দুল জলিল ৰাগিবী ৷ তেওঁ লাভ কৰিছিল ১৪১৯২ টা ভোট ৷ তেওঁৰ নিকটতম নিৰ্দলীয় প্ৰাৰ্থী আবু জাফৰ আটিয়াই ১২৩৮৫ টা ভোট, চিপিআইৰ নুৰুল হুছেইনে ৯৩৭৪ টা ভোট, অগপৰ আব্দুৰ ৰহমান বৰভূঞাই ৭১৬৮ টা ভোট, নিৰ্দলীয় প্ৰাৰ্থী বসিৰ উদ্দিন লস্কৰে লাভ কৰিছিল ৬৮৪৫ টা ভোট ৷ প্ৰায় ১৮০৭ টা ভোটত জয়ী হৈছিল কংগ্ৰেছ প্ৰাৰ্থী আব্দুল জলিল ৰাগিবী ৷ ১৯৯৬ চনত অনুষ্ঠিত যমুনামুখ বিধানসভা সমষ্টিত মুঠ ১৪ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল ৷ সেই বছৰ সমষ্টিটোৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল অগপৰ খলিলুৰ ৰহমান চৌধুৰী ৷ তেওঁ লাভ কৰিছিল ২৮৮৯৯ টা ভোট ৷ তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ক্ৰমে কংগ্ৰেছৰ মৌলানা আব্দুল জলিল ৰাগিবীয়ে ১৯৬৩৪ টা ভোট, নিৰ্দলীয় ৰূপত অৱতীৰ্ণ হোৱা আবু জাফৰ আটিয়াই ১১৮৯২ টা ভোট, বিজেপিৰ আবুল হুছেইনে ৫৫১৪ টা ভোট, নিৰ্দলীয় আব্দুল হান্নানে ৩১০২ টা ভোট আৰু চিপিআইৰ নুৰুল হুছেইনে লাভ কৰিছিল ২০৮৩ টা ভোট ৷ সেই বছৰ অগপৰ খলিলুৰ ৰহমান চৌধুৰী ৯২৬৫ টা ভোটত জয়ী হৈছিল ৷ ২০০১ চনত যমুনামুখ সমষ্টিত মুঠ ৩ গৰাকী প্ৰাৰ্থী নিৰ্বাচনী ৰণত অৱতীৰ্ণ হয় ৷ জয়ী হৈছিল অগপৰ প্ৰাৰ্থী খলিলুৰ ৰহমান চৌধুৰী ৷ তেওঁ লাভ কৰিছিল ৪৭২৫৫ টা ভোট ৷ তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী মৌলানা আব্দুল জলিল ৰাগিবীয়ে ৩৭৬১৪ টা ভোট লাভ কৰিছিল ৷ ৯৬৪১ টা ভোটৰ ব্যৱধানত জয় লাভ কৰে খলিলুৰ ৰহমান চৌধুৰীয়ে ৷ ২০০৬ চনৰ বিধানসভা নিৰ্বাচনত যমুনামুখ সমষ্টিত মুঠ ৯ গৰাকী প্ৰাৰ্থী নিৰ্বাচনী ৰণত অৱতীৰ্ণ হৈছিল ৷ নৱগঠিত ৰাজনৈতিক দল এআইইউডিএফৰ প্ৰাৰ্থী হিচাপে সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰি মৌলানা বদৰুদ্দিন আজমলে ৫৩০৪০ টা ভোট লাভ কৰি বিজয় সাব্যস্ত কৰে ৷ তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী ক্ৰমে অগপৰ খলিলুৰ ৰহমান চৌধুৰীয়ে ৩২৬১১ টা ভোট, এনচিপিৰ চামচুল হক তালুকদাৰে ১৪৫৫৫ টা ভোট, বিজেপিৰ আবুল হুছেইনে ১৮৪২ টা ভোট আৰু কংগ্ৰেছ সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী আনোৱাৰ হুছেইনে লাভ কৰিছিল ২৬৭৩ টা ভোট ৷ বদৰুদ্দিন আজমল ২০৪২৯ টা ভোটৰ ব্যৱধান জয়ী হয় ৷ সেই বৰ্ষত অনুষ্ঠিত উপ নিৰ্বাচনত আজমলৰ ভাতৃ চিৰাজুদ্দিন আজমল সমষ্টিটোৰ পৰা নিৰ্বাচিত হয় ৷ তেওঁ লাভ কৰে ৫৮২১০ টা ভোট আৰু তেওঁৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছ দলৰ প্ৰাৰ্থী খলিলুৰ ৰহমান চৌধুৰীয়ে লাভ কৰে ৪৫০৪৩ টা ভোট ৷ ভোটৰ ব্যৱধান হয় ১৩১৬৭ টা ভোট ৷ ২০১১ চনৰ বিধানসভা নিৰ্বাচনত যমুনামুখ সমষ্টিত মুঠ ১২ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হয় ৷ বিজয়ী হৈছিল এআইইউডিএফৰ প্ৰাৰ্থী চিৰাজুদ্দিন আজমল ৷ তেওঁ লাভ কৰিছিল ৬১২৬৭ টা ভোট ৷ তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী কংগ্ৰেছৰ ৰেজাউল কৰিম চৌধুৰীয়ে ৪৮৫৪১ টা ভোট লাভ কৰাৰ বিপৰীতে বিজেপিৰ নজমুল আলম লস্কৰে লাভ কৰে ৪২৩৮ টা ভোট ৷ ১২৭২৬ টা ভোটৰ ব্যৱধানত জয়ী হৈছিল ছিৰাজুদ্দিন আজমল ৷ ২০১৪ চনৰ লোকসভা নিৰ্বাচনত চিৰাজুদ্দিন আজমল বৰপেটাৰ পৰা সাংসদ নিৰ্বাচিত হোৱাত সমষ্টিটোত পুনৰবাৰ উপ নিৰ্বাচন অনুষ্ঠিত হয় ৷ উপ নিৰ্বাচনত বদৰুদ্দিন আজমল নেতৃত্বাধীন এআইইউডিএফ দলৰ প্ৰাৰ্থী হয় তেওঁৰ পুত্ৰ আব্দুৰ ৰহিম আজমল ৷ তেওঁ লাভ কৰে ৬২১৫৩ টা ভোট আৰু তেওঁৰ প্ৰতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থী বসিৰ উদ্দিন লস্কৰে লাভ কৰে ৩৯১৯৪ টা ভোট ৷ ২০১৬ চনত অনুষ্ঠিত বিধানসভা নিৰ্বাচনতো বিজয়ধ্বজা উৰুৱাবলৈ সক্ষম হয় এআইইউডিএফে ৷ বিজয়ী হয় এআইইউডিএফৰ প্ৰাৰ্থী আব্দুৰ ৰহিম আজমল ৷ সমষ্টিটোৰ পৰা মুঠ ১৫ গৰাকী প্ৰাৰ্থী অৱতীৰ্ণ হৈছিল ৷ আজমল-পুত্ৰই লাভ কৰে ৬৫৫৯৯ টা ভোট ৷ তেওঁৰ নিকটতম প্ৰতিদ্বন্দ্বী নিৰ্দলীয় প্ৰাৰ্থী আলহাজ ৰেজাউল কৰিম চৌধুৰীয়ে লাভ কৰে ৫২১৯৫ টা ভোট, কংগ্ৰেছৰ বসিৰ উদ্দিন লস্কৰে ২৩৮৪৯ টা ভোট, অগপৰ প্ৰাৰ্থী জিয়া উদ্দিন আহমেদে লাভ কৰে ৪৭৩২ টা ভোট ৷ ১৩৪০৪ টা ভোটৰ ব্যৱধানত জয়ী হয় আব্দুৰ ৰহিম আজমল ৷ আজমলৰ দখলত থকা সমষ্টিটোত তেওঁৰ বিৰুদ্ধে প্ৰৱল হৈ উঠিছে প্ৰতিষ্ঠান বিৰোধী ঢৌ ৷ এই দৃষ্টিত এইবাৰ আজমলৰ বাবে মুঠেই মসৃণ হৈ থকা নাই সমষ্টিটো পুনৰুদ্ধাৰ কৰা ৷ কাৰণ, বছৰটোৰ সৰহ সময় মুম্বাই-ডুবাইত থকা আজমল পুত্ৰই সমষ্টিত ভৰি দিয়াৰ লগে লগে ৰাইজৰ তীব্ৰ ক্ষোভৰ সন্মুখীন হবলগীয়া হৈছে ৷ ইতিমধ্যে কেবাবাৰো জনৰোষৰ বলি হৈছে আজমল-তনয় ৷ এনে অৱস্থাত আজমলৰ বাবে সমষ্টিটো উদ্ধাৰৰ কৌশল হৈছে কংগ্ৰেছৰে মিত্ৰতা ৷ মিত্ৰ কংগ্ৰেছৰ কান্ধত বন্দুক থৈ আজমলে নিৰ্বাচনী বৈতৰণী পাৰ কৰিব খুজিছে ৷ সমষ্টিটো উদ্ধাৰৰ বাবে আজমলৰ ওচৰত এই সময়ত মিত্ৰতাৰ বিকল্প নাই ৷ কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা হোৱাৰ সূত্ৰে সমষ্টিটো আজমলৰ ভাগত পৰিলে উদ্ধাৰ হোৱাৰ এক ক্ষীণ আশা আছে ৷ যদি কংগ্ৰেছ কৰ্মীসকলে সেই মিত্ৰতা মানি নলৈ অন্য কোনো স্থানীয় বিকল্প প্ৰাৰ্থীক সমৰ্থন কৰে, তেন্তে আজমলৰ বাবে নিশ্চিত বিপদ ঘন্টা বাজিব ৷ আজমলৰ বিৰুদ্ধে প্ৰৱল অধিষ্ঠান বিৰোধী ঢৌৰ সুযোগ গ্ৰহণ কৰি সমষ্টিটোত কংগ্ৰেছে এক শক্তিশালী খোপনি পুতিবলৈ সক্ষম হৈছে ৷ বিগত পঞ্চায়ত নিৰ্বাচনত সমষ্টিটোত চমকপ্ৰদ সফলতা লাভ কৰিবলৈ সক্ষম হয় কংগ্ৰেছ দলে ৷ এনে অৱস্থাত কংগ্ৰেছে সমষ্টিটো একেবাৰে সহজতে বদৰুদ্দিন আজমলক এৰি দিবলৈ প্ৰস্তুত নহয় ৷ কংগ্ৰেছৰ সমানে সমষ্টিটোত ৰাইজৰ দলেও প্ৰচাৰৰ ক্ষেত্ৰত পিছপৰি ৰোৱা নাই ৷ বিশিষ্ট ব্যৱসায়ী ইমদাদ আলীৰ পত্নী তথা যমুনামুখৰ দুবাৰৰ বিধায়ক প্ৰয়াত খলিলুৰ ৰহমান চৌধুৰীৰ কন্যা দিলোৱাৰা বেগম চৌধুৰীয়ে ৰাইজৰ দলৰ হৈ তীব্ৰ প্ৰচাৰ অভিযান আৰু জনসংযোগ যাত্ৰা আৰম্ভ কৰিছে ৷ সামাজিক মাধ্যমৰ জৰিয়তেও চলাইছে জোৰদাৰ প্ৰচাৰ ৷ অসম জাতীয় পৰিষদেও সমষ্টিটোত সৱল কৰি তুলিছে সাংগঠনিক ভেটি ৷ ইতিমধ্যে লুৰিণজ্যোতি গগৈয়ে দুবাৰকৈ আহি সমষ্টিটোত চলাই গৈছে প্ৰচাৰ ৷ শাসকীয় বিজেপি দলে সমষ্টিটো নিজৰ দখলত নিবলৈ যৎপৰোনাস্তি চেষ্টা চলাইছে ৷ দলটোৰ হৈ অধিবক্তা অমৰজ্যোতি শইকীয়া শক্তিশালী প্ৰাৰ্থিত্বৰ দাবীদাৰ ৷ বুথ সভা, পৃষ্ঠা প্ৰমূখ সন্মিলন পাতি অমৰজ্যোতি শইকীয়াই সমষ্টিটোত বিজেপিৰ সৱল সাংগঠনিক ভেটিৰ উমান দিছে দলৰ শীৰ্ষ নেতৃত্বক ৷ সমষ্টিটোত এক শক্তিশালী গণভিত্তি থকা প্ৰয়াত বিধায়ক খলিলুৰ ৰহমান চৌধুৰীৰ উত্তৰসূৰী ৰেজাউল কৰিম চৌধুৰীয়ে সমষ্টিটোত প্ৰচাৰ অভিযানৰ সমানে ভোটাৰৰ ঘৰে ঘৰে গৈ প্ৰচাৰ চলোৱা দেখা গৈছে ৷ তেওঁক সাংগঠনিক কাম-কাজত সহযোগ কৰিছে ব্যৱসায়ী ভাতৃ এনামুল কৰিম চৌধুৰীয়ে ৷ মুঠতে সমষ্টিটোত কোনো দলে প্ৰচাৰৰ ক্ষেত্ৰত কৃপণালি কৰা নাই ৷ এজেপি-ৰাইজৰ দলৰ মিত্ৰতা, বিজেপি-অগপৰ মিত্ৰতা, কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতা ঠিকে থাকিলে আৰু অনাগত সময়ত আৰু বহু ৰাজনৈতিক সমীকৰণ ওলাব ৷











