সাম্প্ৰতিক কৰ’নাকালীন পৰিস্থিতিৰ বাবে যোৱা কেইবামাহ ধৰি মানস ৰাইনো, বহাগী, চিফুং আদি লোকেল ৰে’লসমূহ বন্ধ হৈ আছিল, কিন্ত ১৪ ডিচেম্বৰৰ পৰা নিউ বঙাইগাঁৱৰ পৰা ৰঙিয়া হৈ গুৱাহাটীলৈ চলিব বিশেষ যাত্ৰীবাহী ৰে’ল। এই বিশেষ ৰে’লখনেৰে অতি কম সময়ৰ ভিতৰতেই যাত্ৰীসকলে গুৱাহাটীলৈ যাত্ৰা কৰিব পাৰিব।
ৰে’লখন নিউ বঙাইগাঁও ষ্টেশ্যনৰ পৰা নিতৌ পুৱা ৪:৫০ বজাত যাত্ৰা আৰম্ভ কৰিব আৰু পুৱা ৯:১৫ বজাত গুৱাহাটী ষ্টেশ্যন পাবহি ৷ আনহাতে পুনৰ আবেলি ৫:৩০ বজাত ৰে’লখনে গুৱাহাটী ষ্টেশ্যনৰ পৰা যাত্ৰ আৰম্ভ কৰি নিশা ৯:৫৮ বজাত নিউ বঙাইগাঁও ষ্টেশ্যনলৈ পাব ৷
সোণতলী, ৮ ডিচেম্বৰঃ দক্ষিণ কামৰূপ জিলাৰ বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত সৰু আৰিকাটিত আজি সংঘটিত হোৱা এক ভয়াৱহ অগ্নিকাণ্ডত লক্ষাধিক টকাৰ সা-সম্পত্তি ভষ্মীভুত হয় ৷ প্ৰাপ্ত বাতৰি মতে, সোণতলী আৰক্ষী চকীৰ অন্তৰ্গত সৰু আৰিকাটি গাঁও নিৱাসী সাইজুদ্দিনৰ পুত্ৰ স্বাহা আলীৰ ঘৰত আজি দিনৰ এক বজাত বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয় ৷ পিছত পৰিয়ালৰ লোকৰ লগতে স্থানীয় ৰাইজৰ তৎপৰতাৰে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয় যদিও স্বাহা আলীৰ এটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয় ৷ বৈদ্যুতিক শ্বৰ্টচাৰ্কিট হৈ অকস্মাতে সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত পৰিয়ালটোৰ এটা ঘৰ, ধান, চাউলৰ লগতে লক্ষাধিক টকাৰ সা-সম্পত্তিৰ উপৰিও গুৰুত্বপূৰ্ণ নথি-পত্ৰ সমূহ সম্পূৰ্ণ ৰূপে জুইত জাহ যায় ৷