Home Blog Page 3112

চৰাইদেউ জিলাত দিনক দিনে বৃদ্ধি পাইছে পথ দুৰ্ঘটনা, চিন্তিত সচেতন মহল

চৰাইদেউ জিলাৰ বিভিন্ন স্থানৰ লগতে বিশেষকৈ জিলাখনৰ মাহমৰা, সোণাৰি আৰু মৰাণ নগৰৰ মাজেদি যোৱা ধোদৰ আলিত দিনকদিনে বৃদ্ধি পাইছে পথ দুর্ঘটনাৰ সংখ্যা । যানবাহন আইনক ভৰিৰে মােহাৰি চালকৰ কোনাে অনুজ্ঞাপত্ৰ নােহােৱা একাংশৰ মইমতালিৰ বাবে প্রতিদিনে  সংঘটিত হবলৈ ধৰিছে দুর্ঘটনা । দুর্ঘটনাত যোৱা এটা মাহৰ ভিতৰতে কেবাজন লােকে মৃত্যুক আঁকোৱালি লৈছে আৰু কেইবাজনো লোক চিকিৎসাধীন হোৱাৰ বিপৰীতে বহুকেইজনে পংগুত্ব জীৱনক আঁকোৱালি লবলগীয়া হৈছে । জিলাখনৰ বিভিন্ন প্ৰান্তত সঘনাই সংঘটিত দুর্ঘটনা সমূহে স্থানীয় ৰাইজক আতংকিত কৰি তুলিছে । দুর্ঘটনাৰ মূল কাৰণ তীব্র বেগত  গাড়ী চলােৱা , যানবাহন আইনক বুঢ়া আঙুলি দেখুৱাই বিপৰীত দিশেৰে গাড়ী চলােৱা , যতে মন যায় তাতে গাড়ী পার্কিং কৰি ৰখা , চালকৰ অনুজ্ঞাপত্ৰ নথকাকৈ গাড়ী চলােৱা , ১৮ বছৰৰ তলৰ কণ কণ কিশােৰৰ গাড়ী চলােৱা , ডাম্পাৰৰ অবাধ চলন , দিনে – নিশাই ৫০ – ১০০ ডাম্পাৰ তীব্র বেগত ৰাজপথেৰে চলি থকা , পথৰ দুয়োকাষে অবৈধভাৱে দোকান বজাৰ বহুওৱা আদি ইত্যাদি । চৰকাৰৰ এটা বিয়াগােম পৰিবহণ বিভাগ থকাৰ পাছতাে যদি এই ধৰণে নীতি নিয়মক একাংশ লােকে বুঢ়া আঙুলি দেখুৱাই যি মন যায় তাকে কৰি আছে , যাৰ পৰিণতিত সংঘটিত হােৱা দুর্ঘটনাবােৰে – বহু লােকৰ জীৱনলৈ অমানিশা কঢ়িয়াই আনে । স্থানীয় ৰাইজে এই পথ দুর্ঘটনাসমূহৰ মূল কাৰণসমূহ নিয়ন্ত্রণ কৰি দুর্ঘটনাসমূহ হ্রাস কৰিবলৈ দাবী জনাই আহিছে যদিও বিয়াগােম পৰিবহণ বিভাগটোৱে দুৰ্ঘটনাৰ মূল কাৰণসমূহ  নিয়ন্ত্রণ কৰিব নােৱাৰে । দিনে নিশাই জে চি বি ডাম্পাৰসমূহ চলি থকা , চালকৰ অনুজ্ঞাপত্ৰ নথকা কম বয়সীয়া যুৱকৰ দ্বাৰা টাটা মেজিকসমূহ চলােৱা আদি  ঘটনাসমূহক আচৰিত বুলি মন্তব্য কৰিছে অঞ্চলটোৰ ৰাইজে  । এই ক্ষেত্ৰত বিশেষ ব্যৱস্থা গ্ৰহণ নকৰিলে বহু লােকক দুর্ঘটনাত হেৰুৱাব লগা হ’ব বুলি ৰাইজে  মন্তব্য কৰিছে । অনতিপলমে দুর্ঘটনা নিয়ন্ত্ৰণৰ উপযুক্ত পদক্ষেপ গ্রহণ কৰিবলৈ জিলা প্ৰশাসনক আহ্বান জনাইছে ভুক্তভোগী ৰাইজে।

২৬ ফেব্ৰুৱাৰীত চৰাইদেউ জিলালৈ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

অহা ২৬ ফেব্ৰুৱাৰীত অসম চৰকাৰৰ বিত্ত, স্বাস্থ্য,শিক্ষা আৰু লোক নিৰ্মাণ বিভাগৰ মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও চৰকাৰী কাৰ্যসূচী লৈ চৰাইদেউ জিলালৈ আহিব । সেইদিনা মন্ত্ৰী গৰাকীয়ে জিলাখনৰ সদৰ সোণাৰি নগৰৰ সমীপৱৰ্তী  ৰজাপুখুৰীত স্থাপন হবলগীয়া চৰাইদেউ চিকিৎসা মহাবিদ্যালয়ৰ ভূমি পূজন কৰাৰ লগতে মাহমৰাৰ দিচাং নদীৰ ওপৰত ভজো আৰু দিচাংপানীত নিৰ্মাণ হবলগীয়া পকী দলং দুখন আধাৰশিলা স্থাপন আৰু অসম দৰ্শন আঁচনিৰ অধীনত নিৰ্মাণ হবলগীয়া ঐতিহাসিক নাহৰ আলি আধাৰশিলা স্থাপন কৰি কামৰ শুভাৰম্ভ কৰিব ।

অৱসৰী জীৱন সুৰক্ষিত কৰাৰ দাবী সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ

চৰকাৰী কৰ্মচাৰী সমাজ, প্ৰশাসন ব্যৱস্থাৰ অভিন্ন অংগ। তেওঁলোকৰ দ্বাৰাই ৰাজ্য তথা দেশৰ প্ৰগতি হৈছে। তেওঁলোক সমাজ আৰু সভ্যতাৰ উত্তৰণৰ বাবে মুখ্যত: কাম কৰি আহিছে। এই সকল ব্যক্তিৰ অৱসৰী জীৱনৰ দায়িত্ব চৰকাৰে ল’বই লাগিব। এয়া ভাৰতৰ সভ্যতা, সংস্কৃতি আৰু সমাজ ব্যৱস্থাই নিৰ্দেশ দিয়ে। চৰকাৰে এন পি এছ ব্যৱস্থাৰে অসমৰ বিষয়া- শিক্ষক- আৰক্ষী- কৰ্মচাৰী সমাজক অন্ধকাৰ ভবিষ্যতলৈ নিয়া কাৰ্য ভাৰতীয় ঐতিহ্য, সভ্যতা, সংস্কৃতিৰ পৰিপন্থী। সেয়েহে অনতিপলমে চৰকাৰে এন পি এছ ব্যৱস্থা বন্ধ কৰি অসমৰ সকলো শিক্ষক, বিষয়া, আৰক্ষী, কৰ্মচাৰী সকলক The Assam Services Pension Rules 1969 (পুৰণি পেঞ্চন ব্যৱস্থা)ৰ যোগেদি অৱসৰী জীৱনক সুৰক্ষিত কৰিবলৈ দাবী জনাইছে সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ সভাপতি অচ্যুতানন্দ হাজৰিকা আৰু সম্পাদক অপূৰ্ব শৰ্মাই। অসমত পুৰণি পেঞ্চন ব্যৱস্থা প্ৰৱৰ্তনৰ দাবী জনাই অহা সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাই ইং ৩১ জানুৱাৰী তাৰিখে ‘গণ অভিৱৰ্তন’ অনুস্থিত কৰিছিল। এই গণ অভিৱৰ্তনত ৰাজ্যৰ বিশিষ্ট শিক্ষাবিদ, অৰ্থনীতিবিদ, সাংবাদিক, বুদ্ধিজীৱী, প্ৰতিষ্ঠিত কৰ্মচাৰী সন্থা- সংঘৰ প্ৰতিনিধিসকলে এক কণ্ঠেৰে এন পি এছ ব্যৱস্থাই অসমৰ সামাজিক আৰু অৰ্থনৈতিক ক্ষেত্ৰত বিৰূপ প্ৰভাৱ পেলাব বুলি মত পোষণ কৰি অসম চৰকাৰৰ যোগাত্মক সঁহাৰিৰ বাবে আহ্বান জনাইছিল । এই আহ্বানৰ প্ৰতি অসম চৰকাৰে সদিচ্ছা নেদেখুওৱাই চৰকাৰৰ নেতিবাচক মনোভাব স্পষ্ট কৰিছে। অসমৰ মাননীয় বিধান সভাইয়ো এন পি এছ ব্যৱস্থাৰ নেতিবাচক প্ৰভাৱ স্বীকাৰ কৰাৰ পিছতো অসম চৰকাৰে দাখিল কৰা ৰাজ্যিক বাজেটতো এই বিষয়টি উল্লেখ নকৰি অসমৰ কৰ্মচাৰী সমাজৰ মাজত সৃষ্টি হোৱা অৱসৰী জীৱনৰ প্ৰতি শংকাক চৰকাৰে ভেঙুচালি কৰা বুলি প্ৰকাশ কৰিছে সন্থাৰ সভাপতি আৰু সম্পাদকে। যি ক্ষেত্ৰত অসমৰ লাখ লাখ কৰ্মচাৰীয়ে চৰকাৰৰ প্ৰতি আশাৰে বাট চাই আছিল, চৰকাৰে কৰা এনে উদাসীন ব্যৱহাৰৰ প্ৰতি সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাই তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে। চৰকাৰৰ কাৰ্যসূচীক সততে সহযোগ কৰি অহা সন্থাই ৰাজ্য চৰকাৰৰ উদাসীনতাৰ বাবে বাধ্য হৈ ৰাজ্যত অ পি এছ ব্যৱস্থা বলবৎ কৰাৰ বাবে পুনৰ দাবী জনাই আজিৰে  পৰা সন্থাৰ আহ্বানত আন্দোলনৰ কাৰ্যসূচী আৰম্ভ কৰিছে। এই আন্দোলনৰ অংশ হিচাপে অসমৰ এন পি এছ আঁচনিৰ অন্তৰ্ভূক্ত শিক্ষক, বিষয়া, আৰক্ষী, কৰ্মচাৰীয়ে নিজ নিজ কৰ্তব্যস্থলীত উপস্থিত থাকি চৰকাৰী কামৰ পৰা বিৰত হৈ জনসাধাৰণক পণবন্দী নকৰাকৈ অসহযোগ আন্দোলনত অংশ গ্ৰহণ কৰিছে। সন্থাৰ সভাপতি-সম্পাদকে অসমৰ বিত্ত মন্ত্ৰীয়ে ঘোষণা কৰা কাৰ্যকালৰ কোনো বাধ্য বাধকতা নথকাকৈ অৱসৰ প্ৰাপ্ত কৰ্মচাৰীয়ে পাবলগীয়া নিম্নতম ১০ লাখ টকাৰ অৱসৰকালীন আনুতোষিক (Retirement Gratuity) ৰ ক্ষেত্ৰত কোনো ধৰণৰ চৰকাৰী নিৰ্দেশ আজিলৈ প্ৰকাশ নকৰাত ক্ষোভ প্ৰকাশ কৰি এই ক্ষেত্ৰত সোনকালে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অসম চৰকাৰক দাবী জনাইছে।   
আজিৰ আন্দোলন কাৰ্যসুচীত অংশগ্ৰহণ কৰি নিজৰ পাপ্যৰ হকে মাত মতা আৰু অসমৰ কৰ্মচাৰী সমাজৰ ভৱিষ্যতৰ হকে আগবাঢ়ি অহা প্ৰতিজন সন্মানীয় বিষয়া, শিক্ষক, আৰক্ষী, কৰ্মচাৰীক সন্থাৰ হৈ কৃতজ্ঞতা প্ৰকাশ কৰিছে সভাপতি- সম্পাদকে। একেলগে যি কেইটা অসমৰ কৰ্মচাৰী সন্থা- সংঘই এই অ পি এছ প্ৰতিষ্ঠাৰ সংগ্ৰামত সমৰ্থন দিছে তেওঁলোককো ধন্যবাদ জনাই ৰাজ্যৰ আন কৰ্মচাৰী সন্থা, সংঘক সদৌ অসম চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ সংগ্ৰামক স্পষ্ট সমৰ্থন দিবলৈ সভাপতি অচ্যুতানন্দ হাজৰিকা আৰু সম্পাদক  অপূৰ্ব শৰ্মাই অনুৰোধ জনাইছে।  ইয়াৰ অংশ হিচাপে ডিব্ৰুগড় জিলা চৰকাৰী এন পি এছ কৰ্মচাৰী সন্থাৰ উদ্যোগত কৰ্মবিৰতি সুকলমে সমাপন হয়। জিলা সমিতিৰ সভাপতি ডিম্বেধৰ চেতিয়া  আৰু সম্পাদক মনোজ মহন কাৰ্যসূচী সফল ৰূপায়ণৰ বাবে কৰ্মচাৰী, বিভিন্ন কৰ্মচাৰী সন্থাক ধন্যবাদ জনাইছে।

Miss Grand International 2020ত অসম জীয়ৰী চিমৰন শৰ্মা

অসম জিয়ৰী চিমৰন শৰ্মা Miss Grand International 2020ৰ বাবে ভাৰতৰ অফিচিয়েল এণ্টেৰী লাভ কৰিছে।

গুৱাহাটিত জন্মলাভ কৰাৰ লগতে গুৱাহাটিতে ডাঙৰ হোৱা চিমৰন বৰ্তমান জয়পুৰত থাকে।

Miss Grand Internatinal 2020ৰ অনুষ্ঠান ২১ মাৰ্চ ২০২১ত থাইলেণ্ডত অনুষ্ঠিত হ’ব ।

নগাঁও সদৰ সমষ্টিত একেদিনাই ৬৬ টা উন্নয়ণ মূলক কামৰ শুভ উদ্ধোধন বিধায়ক ৰূপক শৰ্মাৰ

নগাঁও সদৰ সমষ্টিত উন্নয়নৰ ধাৰাবাহিকতা ৰক্ষা কৰি আজি সমষ্টিটোৰ বিধায়ক ৰূপক শৰ্মাই নতুনকৈ নিৰ্মাণ কৰা আৰু নিৰ্মাণ কাৰ্য আৰম্ভ কৰাকে ধৰি মুঠ ৬৬ টা উন্নয়ণ মূলক কামৰ শুভ উদ্বোধন কৰে। সদৰ সমষ্টিৰ অন্তৰ্গত কেন্দুগুৰি গাঁও পঞ্চায়তত চতুৰ্দশ বিত্তীয় আয়োগৰ অধীনত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠা ২৪ টাকৈ বিভিন্ন উন্নয়ন মূলক আঁচনিৰ আজি‌ শুভ উদ্ধোধন কৰে বিধায়ক শৰ্মাই ।

আনহাতে কেন্দুগুৰি গাওঁ পঞ্চায়তত অনুষ্ঠিত এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি  বিধায়ক শৰ্মাই কয় : বিজেপিৰ মিত্ৰ জোঁটৰ চৰকাৰখনে চহৰাঞ্চলৰ সমানে গ্ৰামাঞ্চলৰ উন্নয়ণৰ ওপৰত সদায় গুৰুত্ব আৰোপ কৰি আহিছে। বিশেষকৈ অসমৰ মুখ্যমন্ত্রী সৰ্বানন্দ সোণোৱাল আৰু বিত্তমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ সদিচ্ছাত নগাঁও সদৰ সমষ্টিত দ্ৰুত গতিত উন্নয়ণ মূলক কাম কাজ সম্ভৱ হৈ উঠিছে ।

বৰ্তমানেও সমষ্টিটোৰ প্ৰায় সকলো স্হানত  উন্নয়ন মূলক কাম কাজ ৰূপায়ণ হৈ আহিছে । ইয়াৰ দ্ধাৰা সমষ্টিবাসী নিশ্চয়কৈ উপকৃত হব। ৰাইজৰ আশীৰ্বাদ লৈ পৰৱৰ্তী সময়তো আমি এই উন্নয়নৰ ধাৰা অটুত ৰাখিম। ইপিনে আজি বিধায়ক গৰাকীয়ে সমষ্টিটোৰ খাগৰিজান উন্নয়ন খন্ডৰ অন্তৰ্গত বিভিন্ন স্হানত পাঁচটাকৈ উন্নয়ন মূলক কামৰ শুভাৰম্ভ কৰে।

আঞ্চলিক পঞ্চায়তৰ পঞ্চদশ বিত্তীয় আয়োগৰ অধীনত নিৰ্মাণ হবলগীয়া আজি কামৰ শুভাৰম্ভ কৰা উন্নয়ন মূলক  কাম সমূহ হৈছে ক্ৰমে কেন্দুগুৰি  এম ই মাদ্ৰাছাৰ চাৰিসীমা বেৰৰ পুনৰ নিৰ্মাণ,ডিমৌ বাইপাছৰ নলা পুনৰ নিৰ্মাণ,কহুৱাআটি কলা কৃষ্টি কেন্দ্ৰৰ ৰাজহুৱা ভৱন ,বৰগাঁও সাহিত্য মঞ্চ আৰু সাংস্কৃতিক কেন্দ্ৰৰ পুনৰ নিৰ্মাণ,১ নং শেনছোৱা ব্লক প্ৰাথমিক বিদ্যালয়ৰ মুকলি সাংস্কৃতিক মঞ্চৰ আধাৰশিলা।ইয়াৰ লগতে বিধায়ক গৰাকীয়ে মহাবীৰ লাচিত চিলাৰায় সেতু নিৰ্মাণ অভিযানৰ গ্ৰাম্য আন্তঃগাথনি উন্নয়ন পূঁজিৰ জৰিয়তে  নগাঁও সদৰ সমষ্টিৰ বিভিন্ন অঞ্চলত তিনিখনকৈ নবনিৰ্মিত দলঙৰ শুভ উদ্ধোধন কৰে  ।

আজি  উদ্ধোধন কৰা দলং তিনিখন হৈছে ক্ৰমে নগাঁও ধিং পথৰ পৰা উত্তৰ শিমলুগুৰি পথৰ দলং,সোনাই চাইদৰীয়া পথৰ দলং আৰু নগাঁও -জুৰীয়া বালিকটীয়া পথৰ পৰা আমতলা হেৰাপট্টি পথৰ দলং।আনহাতে নগাঁও চহৰৰ অগ্ৰণী শিক্ষানুষ্ঠান  নগাঁও কিৰণৱালা গোস্বামী বালিকা বিদ্যালয়ত আজি এটি বিজ্ঞান কক্ষ আৰু কম্পিউটাৰ কক্ষ ছাত্ৰী সকলৰ বাবে মুকলি কৰে বিধায়ক শৰ্মাই । কক্ষ দুটা মুকলি কৰি বিধায়ক শৰ্মাই ইয়াৰ দ্ধাৰা বিদ্যালয়খনৰ ছাত্ৰী সকলে শৈক্ষিক ক্ষেত্রত সন্মুখীন হৈ অহা অভাৱ দূৰ হব বুলি আশা প্ৰকাশ কৰে ।লগতে বিদ্যালয় খনৰ সন্মুখত ৰাজ্যৰ স্ব -শিতানৰ অগ্ৰাধিকাৰ দাবী আঁচনিৰ জৰিয়তে নতুনকৈ নিৰ্মাণ হবলগীয়া এটি উপপথৰ কামৰো আজি শুভাৰম্ভ কৰে।ইয়াৰোপৰি বিধায়ক গৰাকীয়ে আজি ডাকৰঘাট গাঁও পঞ্চায়তত চুৰ্তুদশ বিত্তীয় আয়োগৰ অধীনত ১০ টা  নবনিৰ্মিত বিভিন্ন উন্নয়ন মূলক কামৰ শুভ উদ্ধোধন কৰাৰ লগতে নগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত তিৱা স্বায়ত্ব শাসিত পৰিষদ এলেকাত ২২ টাকৈ  বিভিন্ন উন্নয়ন মূলক কামৰো শুভাৰম্ভ কৰে।

বি টি আৰত মূল্যবোধৰ ৰাজনীতি চলিছে, হিংসাৰ ৰাজনীতি বন্ধ হৈছে : প্ৰমোদ বড়ো

”সম্পূৰ্ণ পৰিৱৰ্তন বিচাৰিছে বি টি আৰ বাসীয়ে । তাৰ বাবে ইউ পি পি এল দলত দিনক দিনে যোগদান দিব ধৰিছে সকলো শ্ৰেণীৰ লোকে ৷ দূৰ্নীতি ভ্ৰষ্টাচাৰ হিংসা মুক্ত সমাজ গঢ়াৰ পক্ষপাতীত সকলোৱেই আগুৱাই আহিছে ৷ বি টি আৰত এতিয়া মূল্যবোধৰ ৰাজনীতি চলিছে ,হিংসাৰ ৰাজনীতি বন্ধ হৈছে ৷” এনে দৰে কয় বি টি আৰৰ মূখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োৱে ৷

আজি অসম বংগ সীমান্তৱৰ্তী বাজুগাঁৱত ইউ  পি পি এল দলৰএখন যোগদান সভাত অংশ গ্ৰহণ কৰি বড়োৱে আৰু কয় যে বি পি এফৰ শাসন কালত  দূৰ্নীতিয়ে ছানি ধৰাখিনি ছাপা কৰিব লাগিব ৷বি টি আৰত বড়ো অবড়োৰ ৰাজনীতিৰো যৱনিকা পৰিছে ৷ নিৰ্বাচন আহিব যাব ৷ কিন্ত সমাজ পাতি যুগ যুগান্তৰ বসবাস কৰিব লাগিব ৷ সেয়ে এখন সুন্দৰ সবল সমাজ গঢ়াৰ বাবে সকলোৱে হাতে হাত ধৰি আগুৱাই আহিব লাগিব ৷

কোনোবাই যদি ভবিছে আমি আকৌ জংঘল মুখী হম আৰু সমাজত অশান্তি কৰিম ৷তেনে চিন্তা সমুলি পৰিত্যাগ কৰা ভাল  কাৰণ সমাজত অশান্তি কৰিব নিদিম ৷বি টি আৰ নিৰ্বাচনত ইউ পি পি এল দলে ৰাইজক যি সমূহ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল সেই সমূহ বাস্তৱিক কৰিবলৈ দল সংকল্পবদ্ধ ৷ইউ পি পি এলৰ দলৰ যুৱ নেতা মিঠুন বসুমাতাৰীৰ পৰিচালনাত অনুষ্ঠিত  হোৱা যোগদান সভাত এ আই ইউ ডি এফ ,কংগ্ৰেছ ,বিজেপি আদি  দল ত্যাগ কৰি প্ৰায় ৪০ গৰাকী পূৰুষ- মহিলাই ইউ পি পি এল দলত যোগদান কৰে ৷

আজিৰ এই যোগদান কাৰ্যসূচীত ২০১৬ চনৰ বিধান  সভা নিৰ্বাচনত এ আই ইউ  ডি এফ দলৰ পৰা টিকট লৈ গোসাইগাঁও বিধান সভা সমষ্টিত প্ৰতিদ্বন্দ্বীতা আগবঢ়াই পৰাজিত হোৱা ৰবি শংকৰ কাশী ৰেড্ডী  ইউ পি পি এল দলত যোগদান কৰে ৷

যোগদানকাৰী সকলক বি টি আৰৰ চীফ্ প্ৰমোদ বড়োৱে আৰনাই, ফুলাম গোমছাৰে আদৰি লয় ৷ যোগদান সভাত ইউ পি পি এল দলৰ নেতা হোপনা সৰেন, আবজালুৰ ৰহমান, জিৰন বসুমাতাৰী, সোমনাথ বসুমাতাৰী, খাইৰুল আলম মিঞা, আবুক্কৰ ছিদ্দিক উপস্থিত আছিল ৷

বিশ্বনাথ জিলাৰ বিহালীত ভেঞ্চাৰ স্কুল বন্ধ কৰাৰ প্ৰতিবাদত নিখিল ভাৰত ছাত্ৰ সন্থাৰ ধৰ্ণা

আজি নিখিল ভাৰত ছাত্ৰ সন্থাই শেহতীয়াকৈ বিজেপি চৰকাৰে ভেঞ্চাৰ স্কুল সমূহ বন্ধ কৰি দৰিদ্ৰ ছাত্ৰ ছাত্ৰীক শিক্ষাৰ অধিকাৰৰ পৰা বঞ্চিত কৰাৰ প্ৰতিবাদত  বিশ্বনাথ জিলাৰ বিহালী প্ৰাথমিক শিক্ষা খণ্ডৰ শিক্ষা বিষয়াৰ কাৰ্যালয়ত এক ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে। বিহালীৰ কেইবাখনো ভেঞ্চাৰ স্কুল সমূহৰ ছাত্ৰ ছাত্ৰী আৰু অভিভাৱক সকলে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে। বৰগাও চাহ বাগিছাৰ খেলপথাৰৰ পৰা দুই কিলোমিটাৰ পথ সমদল কৰি প্ৰতিবাদকাৰী সকল বিহালী প্ৰাথমিক শিক্ষা খণ্ডৰ কাৰ্যালয়ত উপস্থিত হৈ শিক্ষা বিষয়া গৰাকীৰ জৰিয়তে অসম প্ৰাথমিক বিদ্যালয়ৰ শিক্ষা সঞ্চালকালয়লৈ এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰে ।

স্মাৰক পত্ৰত উল্লেখ যে, বিদ্যালয় প্ৰাদেশিকৰণৰ নামত ৰাজ্যৰ বিজেপি চৰকাৰে ৩৭০০ খন ভেঞ্চাৰ স্কুল বন্ধ কৰাৰ নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ ভিতৰত বিহালী শিক্ষা খণ্ডৰ অন্তৰ্গত টুংবাৰী প্ৰাথমিক বিদ্যালয়,বৰঝাৰণি বঙালী প্ৰাথমিক বিদ্যালয়, জ্যোতিৰ্ময় প্ৰাথমিক বিদ্যালয়,ৰামধন প্ৰাথমিক বিদ্যালয়, লক্ষ্মীনাথ বেজবৰুৱা প্ৰাথমিক বিদ্যালয়, জংঘলবস্তী প্ৰাথমিক বিদ্যালয়, আনন্দৰাম প্ৰাথমিক বিদ্যালয়,শংকৰজ্যোতি প্ৰাথমিক বিদ্যালয়,যশৰানী দেৱান মধ্য ইংৰাজী বিদ্যালয়,শলমাৰী মধ্য ইংৰাজী বিদ্যালয়,মিজিকা ছোৱালী মধ্য ইংৰাজী বিদ্যালয়, চেৰেলীয়া মধ্য ইংৰাজী বিদ্যালয়, বিমলা আদৰ্শ মধ্য ইংৰাজী বিদ্যালয়, মহানন্দ শৰ্মা মধ্য ইংৰাজী বিদ্যালয়,মকবুল হুচেইন মধ্য ইংৰাজী বিদ্যালয়কে ধৰি ১৫ খনতকৈ অধিক প্ৰাধমিক আৰু মজলীয়া বিদ্যালয় আছে।

এই বিদ্যালয় সমূহত পাচ সহস্ৰাধিক ছাত্ৰ ছাত্ৰীয়ে ২৫-৩০ বচৰ ধৰি শিক্ষা গ্ৰহণ কৰি আহিছে। এই বিদ্যালয় সমূহ প্ৰাদেশিকৰণ নকৰি চৰকাৰে বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী সকলক আন চৰকাৰী বিদ্যালয়ত নিযুক্তি দিছে। তাৰে বহুতো শিক্ষকক শিক্ষা গুৰুৰ মৰ্যদা দিয়াৰ সলনি টিউটৰ হিচাপেহে ঠিকাভিত্তিক নিযুক্তি দিছে। যি সকল শিক্ষকে চৰকাৰৰ নিৰ্দেশনা অনুসৰি ডি এল ই ডি পৰীক্ষাত উত্তীৰ্ণ হোৱাকে ধৰি বিভিন্ন প্ৰশিক্ষণ লব লগা হৈছিল। এতিয়া তেওঁলোকৰ জ্যেষ্ঠতাক মান্যতা নিদি টিউটৰ হিচাপে নিয়োগ কৰি চৰম অপমান কৰিছে।

বচৰ বছৰ ধৰি বিনা বেতনে শিক্ষা দানত নিযুক্ত শিক্ষক সকলক নিজৰ ন্যায় সংগত অধিকাৰৰ পৰা বঞ্চিত কৰাৰ লগতে বিহালীৰ পাচ সহস্ৰাধিক ছাত্ৰ ছাত্ৰীৰ শিক্ষা জীৱন ধ্বংসৰ গৰাহত পৰিছে। ৰাইজে গাঠিৰ ধন ভাঙি স্কুল সমূহ স্থাপন কৰি নিজৰ সন্তান সকলক শিক্ষাগ্ৰহণৰ ব্যৱস্থা কৰিছিল আৰু আশা কৰিছিল চৰকাৰে স্কুল সমূহ প্ৰাদেশিকৰণ কৰি সেই স্কুলতে শিক্ষক সকলক স সন্মানে নিযুক্তি দি ছাত্ৰ ছাত্ৰী সকলৰ ভৱিষ্যত জীৱন সুৰক্ষিত কৰিব। চৰকাৰৰ এই সিদ্ধান্ত শিক্ষাৰ অধিকাৰ আইন ২০০৯ ৰ পৰীপন্থী আৰু জনবিৰোধী।

চৰকাৰে ৰাইজে কষ্ঠ আৰু পৰিশ্ৰমৰে গঢ়া বিদ্যালয় সমূহ বন্ধ কৰা নিৰ্দেশনা বাতিল কৰা, বিজেপি চৰকাৰে ৰাজহুৱা শিক্ষা অনুষ্ঠান ধ্বংস কৰিব বিচৰা নীতি বন্ধ কৰা, শিক্ষাৰ অধিকাৰ আইন ২০০৯ কঠোৰ ভাৱে ৰূপায়ন কৰা,কেৱল পদ প্ৰাদেশিকৰণ নহয় স্কুল সমূহ প্ৰাদেশিকৰণ কৰি সেই বিদ্যালয়তে শিক্ষক কৰ্মচাৰী সকলক নিযুক্তি দি আন শিক্ষক সকলৰ সমাহাৰত দৰমহা দিয়া, দৰিদ্ৰ পৰিয়ালৰ লৰা ছোৱালীক শিক্ষাৰ পৰা বঞ্চিত কৰা বন্ধ কৰা আদি দাবী সমূহ স্মাৰক পত্ৰত সন্নিবিষ্ট কৰা হয়।

এই প্ৰতিবাদী কাৰ্যসূচী  নিখিল ভাৰত ছাত্ৰ সন্থাৰ ৰাজ্যিক সভাপতি সুব্ৰত তালুকদাৰ, উপ সভাপতি জ্যোতি প্ৰকাশ বৰা,ৰাজ্যিক সম্পাদক ধনঞ্জয় দাস,অসম সংগ্ৰামী চাহ শ্ৰমিক সংঘৰ লক্ষ্মীকান্ত কুৰ্মী আৰু চিপিআই(এম-এল) দলৰ বিশ্বনাথ জিলা সম্পাদক অনন্ত হাজৰিকাই নেতৃত্ব দিয়ে।

সোণাৰিত গ্ৰাহকৰ একাউন্টৰ পৰা হেকাৰে লুটি নিলে এক লাখ উননব্বৈ হাজাৰ টকা

চাইবাৰ ক্ৰাইমৰ দ্বাৰা হেকৰে গ্ৰাহকৰ অজ্ঞাতে বেংক একাউণ্টৰ পৰা লাখ লাখ টকা ধন সৰকাই নিয়াৰ ঘটনা সংঘটিত হৈ অহাৰ সময়তে কালি সোণাৰি নগৰৰ এজন ব্যক্তিৰ একাউণ্টৰ পৰা হেকৰে এক লাখ উননব্বৈ হাজাৰ টকা লুটি নিয়াৰ ঘটনা পোহৰলৈ অহাত সমগ্র অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

ঘটনাৰ বিৱৰণী মতে অঞ্চলটোৰ নিবাসী তথা অৱসৰপ্ৰাপ্ত শিক্ষক সুজিত প্ৰামানিকৰ ৯৪০১২০৫১৮৫ বি এছ এন এল মোবাইলত কালি বিয়লি নিজকে বি এছ এন এল ৰ বিষয়া বুলি পৰিচয় দি ৭৪৩৯১৪৮৪১০৭ নম্বৰৰ পৰা এজন লোকে ফোন কৰে । সম্পূৰ্ণ হিন্দী ভাষাত কথা পতা বতৰা পতা লোকজনে শীঘ্ৰেই কে ৱাই চি নিদিলে তেওঁৰ মোবাইল সেৱা বন্ধ হৈ যাব বুলি প্ৰামানিকক জানিবলৈ দিয়ে । সেয়ে মোবাইল সেৱা অব্যাহত ৰাখিবলৈ লোকজনে প্ৰামানিকক  নিজৰ বেংক আৰু এ টি এম ৰ বিৱৰণ বিচাৰে । প্ৰামানিকে ভাৰতীয় ষ্টেট বেংক সোণাৰি শাখাত থকা তেওঁৰ একাউন্টৰ বিৱৰণী লোকজনক দিয়াৰ লগে লগে তেওঁৰ একাউন্টৰ পৰা প্ৰথমে ৯৫ হাজাৰ আৰু তাৰ অলপ পাছতে ৯৪ হাজাৰ টকা উত্তোলন হোৱা বুলি মোবাইলত বাৰ্তা আহে ।

তেতিয়াহে তেওঁ বুজিব পাৰে তেওঁ হেকাৰৰ কৱলত পৰিছে আৰু লোকজন কোনো বি এছ এন এল ৰ বিষয়া অথবা কৰ্মচাৰী নহয় প্ৰকৃততে লোকজন এজন ঠগহে আছিল । লোকজনে আজি ঘটনাৰ সন্দৰ্ভত বেংক কৰ্তৃপক্ষক অৱগত কৰাৰ লগতে সোণাৰি আৰক্ষী থানাত এক এজাহাৰ ইতিমধ্যে দাখিল কৰেছে ।

বান গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষনা কৰাৰ দাবীৰে মাজুলীত আছুৰ বিক্ষোভ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অসম ভ্ৰমনৰ দিনাই পুনৰ  প্ৰতিবাদ মুখৰ হৈ পৰিল মাজুলী ৷ বিশেষকৈ অসম চুক্তিৰ ৬নং দফা ৰূপায়ণ , বৃহৎ নদীবান্ধৰ সমস্যা সমাধান, আৰু বান গৰাখহনীয়া সমস্যাক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষনা কৰাৰ দাবীত মাজুলী জিলা ছাত্ৰ সন্থাই ক’লা পতাকা উৰুৱাই ক’লা বেজ পৰিধান কৰি বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে৷ সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক সূৰ্য কুমাৰ ভূঞাই প্ৰতিবাদ স্থলীৰ কয় যে কেন্দ্ৰীয় চৰকাৰে অসম চুক্তিৰ ৬নং দফা অতিশীঘ্ৰে ৰূপায়ণ কৰাৰ লগতে বিশেষজ্ঞ সমিতিৰ প্ৰতিবেদন কাৰ্যকৰী কৰিবলৈ দাবী জনাই লগতে অসম চুক্তিৰ প্ৰতিটো দফা ৰূপায়ণৰ দাবী জনায়৷

সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য পবিত্ৰ গোস্বামীয়ে কয় যে নামনি সোৱনশিৰি জলবিদ্যুত প্ৰকল্পৰ লগতে সকলো বৃহৎ নদীবান্ধ সৰ্বসাধাৰণ জীৱন, সম্পত্তি নিৰাপত্তা নোহোৱা পৰ্যন্ত বন্ধ ৰাখিবলৈ আহ্বান জনাই৷ সদৌ মাজুলী জিলা ছাত্ৰ সন্থাৰ সভাপতি অজিত হাজৰিকা আৰু সাধাৰণ সম্পাদক বিতোপন শৰ্মাই কয় যে – বান গৰাখহনীয়াই সাধাৰণ জনসাধাৰণক বৰ বেয়াকৈ বছৰ বছৰ ধৰি ক্ষতিগ্ৰস্ত কৰি আহিছে৷ সমগ্ৰ অসমৰ লগতে মাজুলীৰো বহু পৰিয়াল গৃহহীন, ভূমিহীন হৈ মথাউৰিৰ ওপৰত আশ্ৰয় ল’ব লগীয়া অৱস্থাৰ সৃষ্টি হৈছে৷ এই বান গৰাখহনীয়া সমস্যা বিজ্ঞানসন্মত পদ্ধতিৰে ইয়াক সমাধান কৰিবৰ বাবে বিশেষ পদক্ষেপ ল’বলৈ দাবী জনোৱাৰ লগতে বান খহনীয়াত আক্ৰান্তক সকাহ দিবলৈ কেন্দ্ৰই যাতে পৰ্যাপ্ত ধনৰাশি মুকলি কৰি দিয়ে তাৰ দাবী জনাইছে আৰু সমান্তৰালভাৱে বান গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবলৈ প্ৰধানমন্ত্ৰী গৰাকীৰ লগতে কেন্দ্ৰীয় চৰকাৰক আহ্বান জনাইছে৷ এই বিষয় সমূহৰ বাবে আজি মাজুলীত জিলা ছাত্ৰ সন্থাই বৃহৎ নদীবান্ধ বন্ধ কৰক, অসম চুক্তি ৰূপায়ণ কৰক, ৬ নং দফা কাৰ্যকৰী কৰক, বান গৰাখহনীয়া সমস্যা সমাধান কৰক, কেন্দ্ৰীয় চৰকাৰ হায় ,হায় আদি শ্ল’গানেৰে ক’লা বেজ পৰিধান কৰি ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷

ৰুবিনা দিলাইক বিগ বছ ১৪ৰ বিজয়ী ঘোষণা

বিগ বছ চিজন ১৪ । চাৰি মাহতকৈও অধিক সময় ধৰি সম্পচাৰ হৈ থকা এই চিজনটোত ৰুবিনা দিলাইক, ৰাহুল ভাদ্যা, আলি গনী, ৰাখী সাৱন্ত আৰু নিকি তাম্বলি চূড়ান্ত খেলুৱৰ্তী হিচাপে আছিল।

অলি গনীক ৪ৰ্থ নম্বৰ ঘোষণা কৰা হৈছিল, আৰু ৰাখী সাৱন্তে ১৪ লাখ টকা লৈছিল আৰু স্বেচ্ছায় অনুষ্ঠানটো ৫ নম্বৰ স্থানত এৰিছিল ।

বিগ বছ ১৪ বিজয়ীয়ে ৩৬ লাখ টকাৰ নগদ পুৰষ্কাৰৰ সৈতে বিজয়ী ট্ৰফী লাভ কৰিব । বিগ বছ ১৪ ৰ ফাইনেলত পৰিচালক ছলমান খান আৰু ফাইনেলিষ্টসকলে অনুষ্ঠান প্ৰদৰ্শন কৰিছিল। কিছু প্ৰাক্তন প্ৰতিযোগীও দৰ্শকক মনোৰঞ্জনৰ বাবে ফাইনেলত উপস্থিত আছিল।

অনুষ্ঠানটোত টেলিভিছন জগতৰ অভিনেত্ৰী দিলাইক, তেওঁৰ স্বামী অভিনৱ শুক্লা, ইজাজ খান, ইণ্ডিয়ান আইডল প্ৰতিযোগী ৰাহুল দৈত্য, নিকি তাম্বলি, আলি গনী, জচমিন ভাচিন, পবিত্ৰ পুনিয়া, গায়ক জান কুমাৰ শান, ৰাখী সাৱন্ত, শাৰদুল পণ্ডিত, চোনালী ফোগত, আৰশী খান, বিকাশ গুপ্তা আৰু অধিকৰ দৰে প্ৰতিযোগীসকলৰ মনোৰঞ্জক মিশ্ৰণ প্ৰদৰ্শন কৰা হৈছিল।