বিধানসভা নিৰ্বাচন কেইটামান মাহ বাকী থকা অৱস্থাত বঙাইগাঁও জিলাৰ উত্তৰ অভয়াপুৰী সমষ্টিত বিভিন্ন ৰাজনৈতিক দলৰ প্ৰাৰ্থিত্বৰ দাবীদাৰৰ তালিকাখন ক্ৰমশঃ দীঘলীয়া হৈ থকাৰ লগতে ভোট ভিক্ষাত নামি পৰিছে টিকট প্ৰত্যাশীসকলে ৷ বিশেষকৈ কংগ্ৰেছ দলৰ ১৫ গৰাকী আৰু ইউডিএফ দলৰ ১০ গৰাকীলৈ বৃদ্ধি পোৱা প্ৰাৰ্থিত্বপ্ৰত্যাশীৰ সংখ্যাই একপ্ৰকাৰ অভিলেখ সৃষ্টি কৰিছে ৷ কংগ্ৰেছৰ পৰা বৰ্তমানৰ বিধায়ক আব্দুল হাই নাগৰিৰ লগতে যুৱ নেতা ৰমেজ উদ্দিন, আব্দুল বাতিন খন্দকাৰ, আব্দুল মতিন আহমেদ, জেবিন আৰা বেগম, লিয়াকত আলী আহমেদ, খাইৰুল ইছলাম, আব্দুল কৰিম বনিয়া, দৌলাতন চৌধুৰী, ড° আনোৱাৰ হুছাইন, সৰপ আলী, মোস্তাব আলী, নাজিনা খাতুন, ছামিনা আকতাৰ চৌধুৰী, উমেদ আলী মণ্ডল আৰু নুৰুল ইছলাম ৷ ইপিনে এআইউডিএফ দলৰ পৰা জনিয়াৰ প্ৰাক্তন বিধায়ক আব্দুৰ ৰৌফ আৰু তেওঁৰ পুত্ৰ ৰেজাউল হাছান, দেৱান আব্দুল হাই, আব্দুল লতিফ মণ্ডল, ছুৰমান আলী, গাজিবৰ ৰহমান, ছেলিমা আখতাৰ কল্যাণী, হবিবৰ ৰহমান, লিয়াকত আলী খান, নুৰুল ইছলাম ৷ তাতপৰ্য্যপূৰ্ণ যে দুয়োটা দলৰেই গৰিষ্ঠ সংখ্যক দাবীদাৰেই অইন সমষ্টিৰ ৷ দুয়োটা দলতেই বহিৰাগত প্ৰাৰ্থীৰ উজান উঠা বিষয়টোৱে ছছিয়েল মেডিয়াত ব্যাপক চৰ্চা লাভ কৰিছে ৷ সমষ্টিটোৰ বৰ্তমানৰ বিধায়ক আব্দুল হাই নাগৰীৰ দুৰ্বল স্থিতি, দুৰ্নীতি পৰায়ন মানসিকতা, দালালক অত্যাধিক গুৰুত্ব দিয়াৰ বাবেই প্ৰাৰ্থিত্ব লাভৰ দাবীত বাহিৰৰ নেতাপালিনেতাৰ পয়োভৰ ঘটা বুলি বিভিন্ন মহলত আলোচনা চলিছে ৷ আনহাতে বিধায়ক হাই নাগৰিৰ কামকাজে দলটোক ৰাইজৰ পৰা আঁতৰাই নিয়াৰ অভিযোগ তুলি সমষ্টিটোৰ কেবাগৰাকী কংগ্ৰেছ নেতাপালিনেতাই প্ৰাৰ্থিত্বৰ দাবিৰে প্ৰচাৰ কাৰ্যত নামি পৰিছে ৷ সমষ্টিত নাগৰিৰ জনসমৰ্থন শূন্যৰ ফালে গতি কৰাৰ বিপৰীতে যুৱ নেতা ৰমিজ উদ্দিনে লক ডাউন আৰু বানপানীৰ সময়ত দৰিদ্ৰ ৰাইজক সহায় কৰাৰ বাবে জনসমৰ্থন লাভ কৰিবলৈ সক্ষম হৈছে। ইপিনে সমষ্টিটোৰ সংখ্যালঘু ভোটাৰৰ মাজত থকা কংগ্ৰেছৰ জনপ্ৰিয়তা হ্ৰাস পোৱাৰ দাবী কৰি এআইউডিএফ দলৰ প্ৰাৰ্থিত্বপ্ৰত্যাশীয়ে চুকে চুকেকোণে সভাসমিতি পাতি ৰাইজৰ কাষ চাপিবলৈ চেষ্টা কৰিছে ৷ বিভিন্ন সভাইসমিতিয়ে প্ৰত্যেকেই টিকত পোৱাতো খাটাং বুলি কৈ নিজকে যোগ্য প্ৰাৰ্থী হিচাপে জাহিৰ কৰি ফুৰা কাৰ্য্য ৰাইজৰ বাবে হৈ পৰিছে আমোদজনক ৷ যদি এআইডিইউএফে সমষ্টিৰ বাহিৰৰ লোকক প্ৰাৰ্থীত্ব প্ৰদান কৰে তেন্তে আমানত ধন বাজেয়াপ্ত হোৱাৰ সম্ভাৱনা আছে। যদি দলটোৱে লতিফ মণ্ডল বা দেৱান আব্দুল হাইক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে জয়লাভৰ সম্ভাৱনা আছে বুলি পৰ্য্যবেক্ষক মহলে দাবী কৰিছে। সম্প্ৰতি কংগ্ৰেছ আৰু ইউডিএফ দলৰ প্ৰাৰ্থিত্বপ্ৰত্যাশীৰ মাজত চলা শীতল যুঁজ খনে এটা সময়ত সমষ্টিটোৰ নিৰ্বাচনী সমীকৰণ ওলটপালট কৰিব বুলি পৰ্যবেক্ষক মহলে ধাৰণা কৰিছে ৷ কংগ্ৰেছৰ দাবীদাৰ সকলে যেনেদৰে ইজনে সিজনক হেয় কৰাৰ ষড়যন্ত্ৰত নামি পৰিছে, তেনেদৰে এআইইউডিএফ দলৰো এজনে আনজনক ৰাজনৈতিক শত্ৰুতাৰে ধ্বংস কৰাৰ চেষ্টা চলাইছে ৷ ফলত নিৰ্বাচনৰ দিন ঘোষণা নৌপাওঁতেই বহুধাবিভক্তত জুৰুলা হৈছে কংগ্ৰেছ-ইউডিএফ ৷ এনেদৰে নেতা-কৰ্মীৰ মাজত চলা পৰস্পৰ বিৰোধী সংঘাতে মহাজোঁটৰ অংশীদাৰ দুয়ো দলৰ বাবে কঢ়িয়াই আনিছে অশনি সংকেত ৷ কাৰন মহাজোঁটৰ আসন বুজাবুজিৰ পিচত সমষ্টি হেৰুৱাবলগীয়া দলৰ অসন্তুষ্ট নেতা-কৰ্মীৰ মাজত চৰম বিদ্ৰোহৰ সূচনা হোৱাতো নিশ্চিত ৷ অন্যহাতে বিৰোধী শিবিৰত অৱস্থান কৰিব টিকট বঞ্চিত সকল ৷ সম্ভাব্য এনে পৰিস্থিতিৰ সুযোগৰ অপেক্ষাত আছে সমষ্টিটোত শক্তিশালী ৰূপত থকা অগপই ৷ অগপৰ পৰা প্ৰাক্তন বিধায়ক ভূপেন ৰায়ে প্ৰতিদ্বন্দিতা কৰাৰ সম্ভাৱনা আছে। বিজেপিৰ পৰা মকিবুল ইছলাম মজুমদাৰে প্ৰচাৰ কাৰ্য্য চলোৱা পৰিলক্ষিত হৈছে। ৰাইজৰ দলৰ পৰা মহিদৰ ৰায়ে প্ৰচাৰ চলাই আছে। অসম জাতীয় পৰিষদৰ পৰা প্ৰাক্তন বিধায়ক মকবুল হুছাইন আৰু অজন্তা বৰুৱা প্ৰচাৰ চলাই আছে। সময় থাকোতে যদি কংগ্ৰেছ আৰু এআইইউডিএফ দলে প্ৰাৰ্থিত্বপ্ৰত্যাশী সকলোক নিয়ন্ত্ৰণ নকৰে তেন্তে আহি থকা দিনত দল দুটাৰ বাবে সুবিধাজনক নহ’ব বুলি ৰাজনৈতিক পৰ্যাবেক্ষক মহলত চৰ্চিত হৈছে ৷ কংগ্ৰেছ আৰু এআইডিইউএফৰ মাজত চলা মহা জোটবন্দনত উত্তৰ অভয়াপুৰী সমষ্টিত আউল লাগিছে।
২৭০০গৰাকী চৰ্দাৰক স্মাৰ্টফোন প্ৰদান মুখ্যমন্ত্ৰী সোণোৱালৰ
ডিব্ৰুগড়ৰ চৌকিদিঙি খেলপথাৰত আজি বিয়লি শ্ৰম উন্নয়ন বিভাগে চাহ জনজাতি সঞ্চালকালয়ৰ তৰফৰ পৰা ২৭০০গৰাকী চৰ্দাৰক স্মাৰ্টফোন, ৩০৩৯জন চাহ বাগিচাৰ লাইন চকীদাৰক চাইকেল আৰু চাহ জনজাতি ছাত্ৰ-ছাত্ৰীক মেট্ৰিকোত্তৰ জলপানি প্ৰদান কৰে । অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ।
উদীয়মান কন্ঠ শিল্পী জৰ্জ কুমাৰ বৰিক সংস্কৃতিক পৰিক্ৰমা বিভাগৰ শিল্পী সম্বৰ্ধনা আঁচনি প্ৰদান
বোকাখাত মহকুমাৰ মহুৰামুখৰ বান ক্ষতিগ্ৰস্ত কৰা বৰটিকা গাৱঁৰ উদীয়মান সংগীত শিল্পী, ভি চি ডি এলবামৰ প্ৰয়োজক, পৰিচালক, গীতিকাৰ, সংগীত ব্যৱস্থাপক জৰ্জ কুমাৰ বৰিৰ ওৰফে জৰ্জ বিজয়াক অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ শিল্পী সম্বৰ্ধনা আঁচনি অলপতে প্ৰদান কৰে৷নৈ পৰীয়া বৰটিকা গাৱঁত ডাঙৰ দীঘল হোৱা পিতৃ অবনি কুমাৰ বৰিৰ পুত্ৰ জৰ্জ কুমাৰ বৰিয়ে জৰ্জ বিজয় নামেৰে ২০০৬ চনত নিজে ৰচনা কৰি সুৰ কৰা “জোন-জোনালী” শীৰ্ষক গীতটি জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ সতে কন্ঠ দান কৰাৰ পিছৰে পৰা একানপটীয়াকৈ সংগীতৰ চৰ্চাত মনোনিৱেশ কৰে৷জৰ্জ বিজয়ে ইতিমধ্যে ২০০৭ চনত বিমান বৰুৱাৰ পৰিচালিত বিহুগীতৰ এলবাম “কাঁচিজোন”ত “কনেং ঐ কনেং”,২০০৮ চনত অসমীয়া বোলছবি “মহাযুদ্ধ”ৰ তিনিটা গীতত কথা-সুৰ দিয়াৰ লগতে কন্ঠ দানো কৰে৷২০০৯ চনত মৌচুম গগৈৰ সতে “ঐয়া”,২০১০ ত “মাকন”,২০১৩ ত “ঢৌ” বোলছবিত,২০১৫ ত “চিলিম টানা”, ৰিপুঞ্জয় গগৈৰ বিহু এলবাম “জোন”,তৰুলতা কুটুমৰ জনপ্ৰিয় বিহু গীতৰ এলবাম সৰুভনীত কন্ঠ দান কৰাৰ ওপৰিও বহুকেইটা এলবামত নিজেই গীত লিখি সুৰ কৰা,সংগীত পৰিচালনা কৰাৰ লগতে সংগীত ব্যৱস্থাপনা নিজেই কৰি বহু জনপ্ৰিয় গীত অসমৰ ৰাইজক উপহাৰ দিছে।পিতৃৰ কৰ্মসূত্ৰে বোকাখাতত থাকি নিজা বাসগৃহতে এটি ষ্টুডিঅৰ ব্যৱস্থা কৰি নিজা চাউন ট্ৰেকত নিজৰ সংগীত সম্পাদনাৰ কৰাৰ উপৰিও বহু শিল্পীৰ গীত সম্পাদনা কৰি আহিছে।অসমত কেছেত আৰু ভিচিডি বন্ধ হোৱাৰ পিছৰে পৰা ইন্টাৰনেটৰ, চচিয়েল মাধ্যমত গীত, ভিডিঅ ৰিলিজ হোৱাৰে পৰা একেধাৰে অসমৰ সংগীত জগতত নিজৰ নাম উজ্বলাই ৰাখিছে।”বৰ্হমথুৰী” এলবামৰ “ৰহেদৈ”,২০১৬ ত “হিমালয় পৰ্বত”,“মাজুলীৰ কনেং”,২০১৭ ত “মিছিং চোতাল বিহু”,২০১৮ ত ললিত লইংৰ স’তে “বগৰী কাঠৰ নাঙল”,২০১৯ ত “ভবাতো নাচিলো”,“এখন ভঙা হৃদয়”,“দেউতা”,২০২০ ত তৰুলতা কুটুমৰ “কাজে মিছিং ঐ” আৰু “খ্ৰীষ্টমাচ চং”, নয়ন সাগৰৰ “হিয়াৰ লগৰী”, ৰূপান্তৰ বৰাৰ “পাবজি বিহু” ৰ উপৰিওতেওঁ জানমণি আই লাভ ইউ,জানমনি ইজ বেক,জানমনি বিহু বিহু লাগে,হিমালয় পৰ্বত, চকুত চকু পৰেনে, আদিৰ দৰে গীত ৰচনা কৰি নিজে কন্ঠ দান কৰিছে ভিডিঅ বনোৱাৰ প্ৰক্ৰিয়া আৰম্ভ কৰে৷শেহতীয়াকৈ মুক্তি পাব লগীয়া গীত” লং লিভ অছাম” গীতটো অসমৰ ৰাইজে আদৰি লব বুলি আশাবাদী শিল্পী গৰাকী।কন্ঠ শিল্পী জৰ্জ কুমাৰ বৰিৰ এনে প্ৰচেষ্টাক জন্মস্থান বৰটিকা বাসীৰ লগতে নৈপৰীয়া ৰাইজে আদৰণি জনাইছে।
তামুলপুৰ মহকুমাৰ কুমাৰীকাটাত বৰ্মন কছাৰী সাহিত্য সভাৰ প্ৰথম বাৰ্ষিক অধিবেশনৰ প্ৰস্তুতি
বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ কুমাৰীকাটাৰ ঢেকীয়াবস্তিত বৰ্মন কছাৰী সাহিত্য সভাৰ প্ৰথম বাৰ্ষিক অধিবেশনৰ পূৰ্ণ প্ৰস্তুতি আৰম্ভ হৈছে। অহা ১২, ১৩ আৰু ১৪ মাৰ্চত তিনিদিনীয়াকৈ অনুষ্ঠিত হব লগীয়া বৰ্মন কছাৰী সাহিত্য সভাৰ প্ৰথম বাৰ্ষিক অধিবেশন উপলক্ষে শুকুৰবাৰে বিয়লি কুমাৰীকাটাৰ ঢেকীয়াবস্তিত লাইখুটা স্থাপন কৰা হয়। মাংগলিক পৰিৱেশত শুকুৰবাৰে বিয়লি লাইখুটা স্থাপন কৰে তামুলপুৰৰ বিধায়ক ইমানুৱেল মছাহাৰীয়ে। এই অনুষ্ঠানত বৰ্মন কছাৰী সাহিত্য সভাৰ বিষয়-ববীয়া, জনগোষ্ঠীটোৰ কেইবাটাও দল সংগঠনৰ বিষয়-ববীয়া আৰু ভালে সংখ্যক জনগোষ্ঠীটোৰ লোক উপস্থিত থাকে। লাই খুটা স্থাপন অনুষ্ঠানটোবৰ্মন কছাৰী লোক নৃত্যৰে মুখৰিত হৈ পৰা দেখা যায়।
পানেৰী বিধানসভা সমষ্টিত বিজেপিৰ পৰা প্ৰাৰ্থীত্ব প্ৰত্যাশিৰ চৰ্চাত জোনমনি শইকীয়া
সমাগত বিধানসভা নিৰ্বাচন ২০২১। অসমত বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে আকৰ্ষণীয় হৈ পৰিছে ৰাজনৈতিক দল আৰু নেতা কৰ্মী সকলৰ মাজত প্ৰাৰ্থীত্ব প্ৰত্যাশিৰ চৰ্চা। কি শাসক কি বিৰোধী দিছপুৰ দখলৰ বাবে ককালত টঙালি বান্ধিছে সকলো ৰাজনৈতিক দলে।সমষ্টিয়ে সমষ্টিয়ে চলিছে প্ৰাৰ্থীত্ব প্ৰত্যাশি সকলৰ মাজত বিভিন্ন আলোচনা।
প্ৰশ্ন এটাই নিজৰ দলৰ পৰা কোনে পাব প্ৰাৰ্থীত্ব।তেনে সময়তে পানেৰী বিধানসভা সমষ্টিৰ বিজেপিৰ পৰা প্ৰাৰ্থীত্ব প্ৰত্যাশি জোনমনি শইকীয়াৰ নাম বাৰুকৈয়ে চৰ্চালৈ আহিছে।একালত দুৰদৰ্শনৰ অভিনয়ৰ লগত জড়িত মহিলা সংগঠক, শিল্পী সমাজৰ নেত্ৰী ওদালগুৰি জিলাৰ টংলা চহৰৰ বাসিন্দাজোনমনি শইকীয়া বৰ্তমান বিজেপি দলৰ ওদালগুৰি জিলাৰ কাৰ্যনিৰ্বাহক।আমাৰ সাংবাদিকৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত জোনমনি শইকীয়াৰ দাবী:— সুবিধা পালে পানেৰী সমষ্টিৰ ৰাইজৰ বাবে ৰাইজৰ মাজৰ পৰা কাম কৰি যাব শইকীয়াই।লগতে শইকীয়াই কয় যে, টিকটৰ বাবে আশা কৰিছোঁ আৰু ৰাইজে মোকলৈ যথেষ্ট আশা কৰি আগবাঢ়ি গৈছে। যদি টিকত পোৱা যায় তেনেহলে ৰাইজৰ বাবে কাম কৰি যাম। আৰু ৰাইজে জানে যে মই সমাজৰ বাবে কি কৰি আহিছোঁ বা কি কৰি আছোঁ। বৰ্তমান ৰাইজে ভাবিছে যদি মোক দলে টিকত দিয়ে কাম কৰি ৰাম বুলি আশা কৰিছে। সুবিধা পালে মনে প্ৰাণে ৰাইজৰ হৈ কাম কৰি যাম।
ডিমৌ সমীপৰ ৰজাবাৰীত দাও দাওকৈ জ্বলিল যাত্ৰীবাহী বাছ
ডিমৌ সমীপৰ ৰজাবাৰীত দাও দাওকৈ জ্বলিল যাত্ৰীবাহী বাছ। কথমপি প্ৰাণ ৰক্ষা অৰ্ধ শতাধিক যাত্ৰীৰ। AS05 C 6564 নম্বৰৰ কনকজ্যোতি নামৰ বাছখনত এই অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণ ৰূপে ভস্মীভূত কনকজ্যোতি নামৰ যাত্ৰীবাহী বাছখন। লগতে যাত্রী সকলৰ বহু মূল্যবান সা সামগ্ৰী জুইত জাহ যায়। ডিব্ৰুগড়ৰ পৰা গোলাঘাট অভিমুখী আছিল বাছ খন।
মুছলপুৰত প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ
অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ আহ্বানত আৰু মুছলপুৰ মহকুমা প্ৰথমিক শিক্ষক সন্মিলনীৰ উদ্যোগত আজি বাক্সা জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কাৰ্যসূচী ৰূপায়ণ কৰা হয়। ৰাতিপুৱা ১১ বজাত মুছলপুৰ দূৰ্গা মন্দিৰ প্ৰাংগণত মুছলপুৰ মহকুমাৰ দুই শতাধিক প্ৰাথমিক শিক্ষকে সমবেত হৈ “স্নাতক শিক্ষকৰ পৰা কাঢ়ি নিয়া ৮৭০০ গ্ৰেড পে’ ঘূৰাই দিয়ক”, “নতুন পেঞ্চন নীতি বাতিল কৰক”, “প্ৰাথমিক বিদ্যালয়ত প্ৰধান শিক্ষকৰ পদ সৃষ্টি কৰক” আদি শ্লোগানেৰে সমদল কৰি মুছলপুৰৰ ৰাজপথ উত্তাল কৰি তোলে। ইয়াৰ পিছতে শিক্ষকসকলে জিলা কেন্দ্ৰত থকা প্ৰাথমিক শিক্ষা বিষয়াৰ কাৰ্যালয় ঘেৰাও কৰি বিষয়া গৰাকীৰ জৰিয়তে তেওঁলোকৰ দাবী সমূহ সমাধান কৰাৰ বাবে শিক্ষা মন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰে।
অসম মহিলা অভিযন্তা সন্থাৰ উদ্যোগত ছাত্র-ছাত্ৰীৰ দন্ত পৰীক্ষা শিবিৰ
ৰাজ্যৰ মহিলা অভিযন্তা সকলৰ একমাত্ৰ আৰু উমেহতীয়া সংগঠন ‘অসম মহিলা অভিযন্তা সন্থা’ৰ উদ্যোগত যোৱা ১৮ ফেব্ৰুৱাৰীত গুৱাহাটীৰ চচলৰ টেপুৰাম টেৰন হাইস্কুলত ছাত্ৰ ছাত্ৰী সকলৰ বাবে এক বিনামূলীয়া দন্ত পৰীক্ষা শিবিৰ অনুস্থিত হয়।

ভঙাগড়স্থিত “ৰিজিঅনেল ডেন্টেল ক্লিনিক”ৰ ৬ জনীয়া দন্ত চিকিৎসকৰ এটি দল শিবিৰত উপস্থিত ছাত্ৰ ছাত্ৰী সকলৰ দাঁত পৰীক্ষা কৰি যাৱতীয় পৰামৰ্শ আৰু চিকিৎসা সেৱা আগবঢ়ায়। তেনেদৰে ছাত্ৰ ছাত্ৰী সকলে নিজৰ দাঁত দুপাৰি সুস্থ কৰি ৰাখিবলৈ পৰিস্কাৰ কৰি ৰখাৰসজাগতা অনাৰ উদ্দেশ্যে অসম মহিলা অভিযন্তা সন্থাৰ তৰফৰ পৰা উপস্থিত সকলো ছাত্ৰ ছাত্ৰীকে টুথপেষ্ট আৰু টুথব্ৰাচ উপহাৰ দিয়া হয় । তদুপৰি ক’ভিড-১৯ মহামাৰীৰ সংক্ৰমন পৰা নিজকে ৰক্ষা কৰিবলৈ স্কুলখনৰ ছাত্ৰ ছাত্ৰী সকলৰ মাজত মাস্ক বিতৰণ কৰা হয়।
ফলক অবিহনে পশ্চিম টীয়কত পথ নিৰ্মাণ, ভূমি সংৰক্ষণৰ কামত ক্ষুব্ধ জনতা
কলিয়াপানী উন্নয়ন খণ্ডৰ অন্তৰ্গত পশ্চিম টীয়ক গাঁও পঞ্চায়তৰ অধীনৰ ঢেকীয়ানি সংযোগি টেপৰজান পথাৰ পথৰ তথ্য ফলক অবিহনে পথ নিৰ্মাণ কৰাক লৈ ৰাইজৰ মাজত প্ৰতিক্ৰিয়া সৃষ্টি হৈছে । জানিব পৰা মতে পশ্চিম টীয়ক গাঁও পঞ্চায়তৰ টেপৰজানৰ এম,জি এনেৰেগা অধীনত কলমৌ আৰু টেপৰজান খনৰ কাম স্থানীয় লোক সকলে জৱকাৰ্ডৰ দ্বাৰা সুচাৰুভাৱে চলি আছে যদিও ,আশ্চৰ্যজনক ভাৱে দুলিয়াগাঁও আৰু ঢেকীয়ানি ভৰলুৱা পথাৰৰ এটা পথ কোনো ধৰণৰ তথ্য ফলক অবিহনে কাম কৰা দেখা পাই স্থানীয় সাংবাদিকে পঞ্চায়তটোৰ সচিব পৰা জানিব বিচৰাত ভূমি সংৰক্ষণ বিভাগে কৰা কথা অৱগত কৰাৰ লগতে স্থানীয় ঠিকাদাৰক উপটোকোন দিছে বুলি জানিব পৰা গৈছে । এতিয়া প্ৰশ্ন হৈছে যি সময়ত নৰেন্দ্ৰ মোদী নেতাধীন চৰকাৰ খন ‘ সৱকে সাথ সৱকে বিকাশ ‘ নীতি দাঙি ধৰিছে ঠিক তেনে সময়ত সমস্যা জৰ্জৰিত গ্ৰাম্য অঞ্চলটোৰ টকা সঠিক কামত ব্যৱহাৰ হ’বনে সচেতন ৰাইজৰ মাজত প্ৰশ্ন উঠিছে ।
গোলাঘাট জিলাৰ ৮০ বছৰৰ উৰ্ধৰ ৮,১৯৬ গৰাকী ভোটদাতায়ো ডাক বেলটযোগে দিব পাৰিব ভোট
ৰাজ্যৰ আসন্ন বিধানসভা নিৰ্বাচন সুচাৰুৰূপে সম্পন্ন কৰাৰ উদ্দেশ্যে গোলাঘাট জিলা প্ৰশাসনেও প্ৰয়োজনীয় প্ৰস্তুতি অব্যাহত ৰাখিছে । বিশেষকৈ ভোটদাতাসকলক সজাগ কৰাৰ বাবে নিৰ্বাচন আয়োগৰ Systematic Voters Education & Electoral Participation চমুকৈ SVEEP ৰ অধীনত ব্যাপক সজাগতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে । গোলাঘাট নিৰ্বাচনী জিলাৰ নিৰ্বাচনী বিষয়াই প্ৰকাশ কৰা মতে এইবাৰ ভোটদাতাসকলৰ সহায় হোৱাকৈ জিলা প্ৰশাসনে ভোটগ্ৰহন কেন্দ্ৰত ভালেমান সা-সুবিধাৰ ব্যৱস্থা কৰিছে । প্ৰতিটো ভোটগ্ৰহন কেন্দ্ৰত খোৱাপানী, পুৰুষ আৰু মহিলাৰ সুকীয়া শৌচালয়, উপযুক্ত দিশ নিৰ্দেশনা অৰ্থাৎ দিশসূচক সংকেতৰ ব্যৱস্থা, ৰেম্প আদিৰ ব্যৱস্থা থাকিব । আনহাতে ৮০বছৰৰ উৰ্ধৰ ব্যক্তিসকলে প্ৰয়োজন অনুসৰি ডাক বেলটযোগেও ভোট দিব পাৰিব । এনে বেলটসমূহ প্ৰয়োজনসাপেক্ষে বাসগৃহৰ পৰা সংগ্ৰহৰ ব্যৱস্থা কৰা হ’ব । উল্লেখযোগ্য যে এইবাৰ গোলাঘাট জিলাৰ চাৰিওটা বিধানসভা সমষ্টিত এতিয়ালৈকে ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হোৱা ৮০ বছৰৰ উৰ্ধৰ ৮,১৯৬ জন ভোটদাতা আছে । ৮০ৰ পৰা ৮৯ বছৰৰ ভিতৰৰ ৭০৮২ জন, ৯০ৰ পৰা ৯৯ বছৰৰ ভিতৰৰ ১০২৮ জন আৰু ১০০ বছৰৰ উৰ্ধৰ ৮৬ জন ভোটদাতা আছে ।
ইয়াৰে ৯৩নং বোকাখাত সমষ্টিত ৮০-৮৯বছৰৰ ১,১৭৫জন, ৯০-৯৯বছৰৰ ১৭৭জন আৰু শটায়ু গৰকা ৮জন ভোটদাতা আছে । ৯৪ নং সৰুপথাৰ সমষ্টিত ৮০-৮৯ বছৰৰ সৰ্বাধিক ২,১৮১জন, ৯০-৯৯বছৰৰ ৩১৯জন আৰু ৩২জন ১০০ বছৰৰ উৰ্ধৰ ভোটদাতা আছে । ৯৫ গোলাঘাট সমষ্টিত ৮০-৮৯বছৰৰ ২,২২২জন, ৯০-৯৯বছৰৰ ৩২৭জন আৰু শতায়ু গৰকা ৩২জন ভোটদাতা আছে । একেদৰে ৯৬ নং খুমটাই সমষ্টিত ৮০-৮৯বছৰৰ ১,৫০৪জন, ৯০-৯৯বছৰৰ ২০৫জন আৰু ১৪জন ১০০ বছৰৰ উৰ্ধৰ ভোটদাতা আছে । তদুপৰি গোলাঘাট জিলাত এতিয়ালৈকে নাম অন্তৰ্ভুক্ত হোৱা ২,৬৭২ জন বিশেষভাৱে সক্ষম ভোটদাতা আছে । ইয়াৰে ১,৩৫৯জন পুৰুষ আৰু ১,৩১৩ গৰাকী মহিলা ভোটদাতা । বিশেষভাৱে সক্ষম ভোটদাতাসকলক ভোটগ্ৰহন কেন্দ্ৰলৈ অনাৰ বাবে হুইল শ্বেয়াৰ অথবা অন্য কোনো বাহনৰ ব্যৱস্থা কৰাৰ বাবেও চিন্তা-চৰ্চা কৰা হৈছে বুলি নিৰ্বাচনী বিষয়াগৰাকীয়ে প্ৰকাশ কৰে ।










