২৩ নৱেম্বৰত আমাৰ মাজৰ পৰা চিৰদিনৰ বাবে আঁতৰি যোৱা প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আজি আদ্যশ্ৰাদ্ধ ৷ প্ৰয়াত মুখ্যমন্ত্ৰীগৰাকীৰ চৰকাৰী বাসভৱনত আদ্যশ্ৰাদ্ধ উপলক্ষে দেখা গ’ল অনেক গুণমুগ্ধৰ উপস্থিতি৷ আদ্যশ্ৰাদ্ধৰ দিনটোত পুৱাৰে পৰা আয়োজন কৰা হয় মাংগলিক অনুষ্ঠান।
পঞ্জাৱৰ চি এম অমৰিন্দৰ সিঙে কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ প্রতিবাদ সম্পৰ্কত গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে
কেন্দ্ৰৰ নতুন কৃষি আইনৰ বিৰুদ্ধে কৃষকসকলে চলায় থকা আন্দোলনৰ মাজতে পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে আজি শুক্ৰবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহক সাক্ষাৎ কৰে।
বৈঠকৰ সময়ত পঞ্জাৱৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙে অমিত শ্বাহক কৃষি আইনৰ বিৰুদ্ধে কৃষকৰ প্রতিবাদ সমাপ্ত কৰাৰ বাবে এক আগতীয়া সমাধান বিচাৰিবলৈ কয়। অমৰিন্দৰ সিঙে লগতে কৃষকসকলক নতুন কৃষি আইনৰ ওপৰত হোৱা অচলাৱস্থা সমাধান কৰিবলৈ আবেদন জনায় কিয়নো ই পঞ্জাৱৰ অৰ্থনীতি আৰু দেশৰ সুৰক্ষাক প্ৰভাৱিত কৰে।
কৃষক আৰু কেন্দ্ৰৰ মাজৰ দ্বিতীয় পৰ্যায়ৰ আলোচনাৰ ঠিক কেই মিনিট আগতে সিং আৰু শ্বাহৰ মাজত গুৰুত্বপূৰ্ণ বৈঠক আৰম্ভ হৈছিল।
অসমত পুনৰ ২জন কৰ’ণাত আক্ৰান্ত লোকৰ মৃত্যু
বুধবাৰে অসমত কভিডৰ ফলত দুজনকৈ লোকৰ মৃত্যু হ’ল । মৃত্যু হোৱা লোক দুজন টুন্না ৰাওট আৰু ত্ৰৈলোক্য ৰায়।টুইটাৰযোগে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰে এই কথা ।মৃত্যু হোৱা লোক দুজনৰ টুন্না ৰাওটৰ ঘৰ যোৰহাটত আৰু ত্ৰৈলোক্য ৰায়ৰ ঘৰ গোৱালপাৰাত বুলি জানিব পৰা গৈছে।
বিবাহপাশত আবদ্ধ হ’ল আদিত্য নাৰায়ণ
অৱশেষত বিবাহপাশত আবদ্ধ হ’ল বলিউদৰ জনপ্ৰিয় সংগীত শিল্পী উদিত নাৰায়নৰ পুত্ৰ গায়ক আৰু টিভি হোষ্ট আদিত্য নাৰায়ণৰ।বহুবাৰ আদিত্য নাৰায়ণ বিবাহপাশত আৱদ্ধ হব বুলি সংবাদ মাধ্যমৰ যোগেদী চৰ্চালৈ আহিছিল কিন্ত সেয়া হৈ উঠা নাছিল । কিন্ত সকলো চৰ্চাৰ অৱসান ঘটাই দীৰ্ঘদিনৰ প্ৰেমিকা শ্বেতা আগৰৱালাৰ সৈতে মঙলবাৰে মুম্বাইত বিবাহপাশত আবদ্ধ হ’ল আদিত্য। আদিত্য আৰু শ্বেয়াৰ বিয়াৰ ফটো বৰ্তমান ছচিয়েল মডিয়াত ভাইৰেল হৈ পৰা দেখা পোৱা গৈছে।
জানিব পৰা মতে, আদিত্য নাৰায়ন আৰু শ্বেতা আগৰৱালাই মুম্বাইৰ ইস্কন মন্দিৰত বিবাহপাশত আবদ্ধ হয়। কোভিড পৰিস্থিতিৰ বাবে পৰিয়াল আৰু নিকটাত্মীয়ৰ উপস্থিতিত সম্পন্ন হয় বিয়া। বিয়াৰ পিছত অনুষ্ঠিত হ’য় অভ্যৰ্থনা অনুষ্ঠান। তিলক চেৰিমণিৰে শনিবাৰেই আৰম্ভ হৈছিল প্ৰাক বিবাহৰ নিয়ম। দেওবাৰে অনুষ্ঠিত হয় মেহেণ্ডী আৰু সোমবাৰে হালদী অনুষ্ঠান।
‘শাপিত’ ছবিৰ ছেটত প্ৰেমত পৰাৰ পিছত এটা দশকৰো অধিক সময় ধৰি সম্পৰ্কত আছিল দুয়ো । বিয়াত পিতৃ উদিত নাৰায়ণৰ সৈতে নৃত্যত মচগুল হোৱা দেখা যায় আদিত্য নাৰায়ণক।

হিন্দী ভাষাত গ্ৰন্থ : “অসম বুক অব ৰেকৰ্ডত” উজ্জ্বলিল কনমানি
এগৰাকী ছবছৰীয়া কনমানী । হিন্দী ভাষাত গ্ৰন্থ লিখি “অসম বুক অব ৰেকৰ্ডত” উজ্জ্বলিল কনমানি কুঁহি। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ একৰিট একাডেমীৰ প্ৰথম শ্ৰেণীৰ ছাত্ৰী কুঁহি চেতিয়াৰ নৱপ্ৰকাশিত “কুঁহি কী কাহানী” হিন্দী বিষয়ৰ নীতিশিক্ষামূলক গ্ৰন্থখনিৰ বাবে অসম বুক অব ৰেকৰ্ড গঢ়িবলৈ সক্ষম হৈছে। হিন্দী ভাষাৰ প্ৰাথমিক জ্ঞান আহৰণ কৰিয়েই লেখা-মেলা আৰম্ভ কৰা বিভিন্ন কাহিনী একগোট কৰি প্ৰস্তুত কৰি উলিওৱা “কুঁহি কী কাহানী” ক্ষুদ্ৰ গ্ৰন্থখন অচিৰেই পঢ়ুৱৈ সমাজে পঢ়িবলৈ পাব । কুঁহি প্ৰকাশন গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত গ্ৰন্থখনত মুঠ ১০ টা নীতিশিক্ষামূলক সাধুকথা প্ৰকাশ কৰা হৈছে এই গ্ৰন্থখনত।
নাৰায়ণপুৰৰ অশোক গাঁৱৰ সু-লেখক মুকুন্দ মুৰাৰী চেতিয়া আৰু বন্তি শইকীয়াৰ সুযোগ্য কন্যা কণমানি কুঁহি চেতিয়াই “অসম বুক অব ৰেকৰ্ড”ত নাম অন্তৰ্ভূক্ত হোৱা খবৰ লাভ কৰাৰ পিছতে শুভাকাংক্ষী সকলে অভিনন্দন জ্ঞাপন কৰাৰ লগতে কণমানি গৰাকীৰ উজ্বল ভৱিষ্যত কামনা কৰিছে।
MDH ৰ স্বত্বাধিকাৰী মহাশয় ধৰমপাল গুলাটীৰ দেহাৱসান
এম ডি এইছৰ জনপ্ৰিয় মছলাৰ বিজ্ঞাপনকেইটা ৯০ দশকৰ পৰা বৰ্তমানৰ প্ৰতিগৰাকী শিশুৰে চিনাকি। বিজ্ঞাপনকেইটাই আমাৰ শৈশৱত তথা ঘৰৰ ৰান্ধনীসকলকো কিছু পৰিমানে হ’লেও আকৰ্ষণ কৰিছিল। সেই জনপ্ৰিয় ব্ৰেণ্ড MDH ৰ স্বত্বাধিকাৰী মহাশয় ধৰমপাল গুলাটীৰ দেহাৱসান ঘটে । ৯৮ বছৰ বয়সত দেহাৱসান ঘটে মহাশয় ধৰমপাল গুলাটীৰ । দিল্লীৰ মাতা চানান দেৱী হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে গুলাটীয়ে। অসুস্থ হৈ পৰা গুলাটীক কিছু দিনৰ পূৰ্বে বাবে হাস্পতালত ভৰ্তি কৰা হৈছিল ।
গুলাটীক সকলোৱে দাদাজী, মহাশয়জী নামেৰে সকলোৰে মাজত পৰিচিত আছিল। তেওঁৰ ১৯২৩ চনত পাকিস্তানৰ শিয়ালকটাত জন্মগ্ৰহণ কৰিছিল। তাৰ পৰৱৰ্তী সময়ত তেওঁ শিয়ালকটাত পিতৃৰ মছলা ব্যৱসায়ৰ দায়িত্বভাৰ গ্ৰহণ কৰে। তাৰ পিছত তেওঁ ব্যৱসায়ৰ বাবে ভাৰতলৈ গুচি আহে আৰু দিল্লীৰ কৰোল বাগত নিজ ব্যৱসায় আৰম্ভ কৰে। কৰোল বাগৰ পৰা আৰম্ভ কৰা এই এম ডি এইছ মছলাৰ প্ৰতিষ্ঠানটো ভাৰতৰ জনপ্ৰিয় তথা শীৰ্ষ মছলা প্ৰস্তুতকৰণ প্ৰতিষ্ঠান।
হোজাই এছ অ এছ শিশু গাওঁৰ উদ্যোগত বিশ্ব এইডছ দিৱস পালন
হোজাই, ২ ডিচেম্বৰ: মঙ্গলবাৰে হোজাই ধনুৱাৰ বস্তি কমিউনিটি হলত বিশ্ব এইডছ দিৱস পালন কৰা হয়। হোজাই এছ অ এছ শিশু গাওঁৰ উদ্যোগত পৰিয়াল শক্তিশালীকৰণ, এইছআইভি তথা সম্পর্কিত ৰোগ সম্পর্কে সচেতনতা জগাই তোলাৰ উদ্দেশে এই কাৰ্য্যসূচীৰ আয়োজন কৰা হয়। পৰিয়াল শক্তিশালীকৰণ কৰাৰ উদ্দেশে হোজাইৰ শিশু গাওঁৰ কৰ্মকৰ্তা সকলে চহৰৰ আতঁৰত এই অনুষ্ঠানৰ আয়োজন কৰে। বর্তমানে হোজাই পৰিয়াল শক্তিশালীকৰণ কর্মসূচী পাঁচটা সম্প্রদায়ৰ প্ৰায় ৮০০ জন লোকৰ সতে কাম কৰি আছে। সংস্থাটোৰ উদ্যোগত তথা হোজাই এফ আৰ ইউত সহযোগত এইছআইভি, এইচবি তথা অন্যান্য ৰোগ সম্পৰ্কীয় পৰীক্ষা কৰা হয়। কিশোৰ-কিশোৰী তথা অনান্য সকলৰ বাবে এই সচেতনতা জগোৱাৰ উদ্দেশে কৰা এই কাৰ্য্যসূচীত তৌফুল আহমেদ, ৰিপিদ দাস, সোমনাথ দে, নিৰঞ্জন দাস আদিয়ে অনুষ্ঠানৰ বিষয়ে মন্তব্য আগবঢ়ায়। চৰকাৰৰ কোভিড প্ৰটকল অনুযায়ী কাৰ্য্যসূচীৰ সফল ৰূপায়ন কৰা হয়।
বিখ্যাত কমেডিয়ান কপিল শৰ্মাৰ সমৰ্থন দেশৰ কৃষক আন্দোলনলৈ
দেশত চলি থকা কৃষক আন্দোলনলৈ সমৰ্থন আগবঢ়াইছে ভাৰতৰ বিখ্যাত টিভি কমেডিয়ান কপিল শৰ্মাই।কপিল শৰ্মাই কালি এটা টুইটযোগে কৃষক আন্দোলনলৈ সমৰ্থন জনায় কয় যে –
‘এনেকুৱা কোনো সমস্যা নাই যাৰ সমাধান আলোচনাৰ মাজেৰে কৰিব নোৱাৰি। দেশৰ কৃষকৰ সমস্যাৰো সমাধান কৰিব লাগে আলোচনাৰ মাজেৰে। ইয়াত কোনো ৰাজনৈতিক ৰহণ সানিবলৈ যোৱা অনুচিত। আমি দেশৰ কৃষকৰ লগত আছোঁ, কিয়নো তেওঁলোক আমাৰ অন্নদাতা।’
অসম লেখিকা সংস্থাৰ মঙ্গলদৈ শাখাৰ প্ৰতিষ্ঠা দিৱস আৰু গ্ৰন্থ উন্মোচনী সভা
অসম লেখিকা সংস্থাৰ মঙ্গলদৈ শাখাৰ প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি দৰং জিলা হাইস্কুল শিক্ষক সন্থাৰ শিক্ষক ভৱনত শতাধিক লোকৰ উপস্থিতিত প্ৰতিষ্ঠা দিৱস আৰু গ্ৰন্থ উন্মোচনী সভা অনুষ্ঠিত হয়। লেখিকা সন্থাৰ মঙ্গলদৈ শাখাৰ সম্পাদিকা মীৰা দত্ত চৌধুৰীয়ে আঁতধৰা এই অনুষ্ঠানত চাৰিখনকৈ গ্ৰন্থ উন্মোচন কৰা হয় । অসম লেখিকা সংস্থাৰ তৰফৰ পৰা বিন্দু কলিতা ৰাজবংশীৰ “কাব্য সুবাস” মঙলদৈৰ বিশিষ্ট চিকিৎসক ও সাহিত্যিক ডাঃ ৰমাকান্ত বৰাৰ “শৈশৱ আৰু কৈশোৰৰ ৰহঘৰা” শেৱালি বৰঠাকুৰ গোস্বামীৰ “অস্তমিত” আৰু অমিয় দত্তৰ “প্ৰয়াস”। ইয়াৰ সমান্তৰাল ভাৱে এই সভাতেই কেইগৰাকীমান কৃতি ছাত্ৰীক সম্বৰ্দ্ধনা জনাই।
এই সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নলবাৰী মহাবিদ্যালয়ৰ অধ্যাপক ডঃ মনি শৰ্মা শাস্ত্ৰী, সভাত ডাঃ ৰমাকান্ত বৰা ,দৰং জিলা সাহিত্য সভাৰ সম্পাদক গৌতমানন্দ গোস্বামী, সভাপতি শৈলেন কুমাৰ ৰাজবংশী, উপ-সভাপনেত্ৰী বৰদা শইকীয়াও বক্তব্য প্ৰদান কৰে।
আহি আছে কৰোনা ভেকচিন, কিন্তু কেতিয়া ?
সমগ্ৰ বিশ্বতে এতিয়াও অব্যাহত আছে কৰোনাৰ সংহাৰ । বিশ্বৰ ১৮০ খন দেশৰ লগতে ভাৰতেও অপেক্ষা কৰি আছে কৰোনাৰ ভেকচিনৰ বাবে । প্ৰায়বোৰ দেশে কৰোনাৰ ভেকচিন প্ৰস্তুত কৰিবৰ বাবে প্ৰয়াস কৰি থকা সময়তে গ্ৰেট ব্ৰিটেইনে অনুমোদন জনাইছে Pfizer-BioNTechৰ কৰোনা ভেকচিনক । দেশখনৰ Medicines and Healthcare Products Regulatory Authority য়ে জৰুৰী সময়ত ব্যৱহাৰৰ বাবে এই ভেকচিনক স্বীকৃতি প্ৰদান কৰিছে ।
‘কৰ’নাৰ ভেকচিন সকলোৰে বাবে নহয়।’ প্ৰথম পৰ্যায়ত দেশৰ কৰ’না যোদ্ধা, বয়োজ্যেষ্ঠসকলক প্ৰদান কৰা হ’ব এই ভেকচিন। অৱশ্যে দেশৰ সকলো জনসাধাৰণৰ বাবে কেতিয়ালৈ কৰ’নাৰ এই ভেকচিন প্ৰস্তুত হ’ব এই সন্দৰ্ভত স্বাস্থ্য সচিবগৰাকীয়ে কয় যে, ‘সমগ্ৰ দেশৰ বাবে চৰকাৰে টীকাকৰণৰ কথা কেতিয়াও কোৱা নাই।’




















