Home Blog Page 3132

চমাৰ দলনিত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন

জামুগুৰিহাট,২৮ নবেম্বৰ: ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ৭২ সংখ্যক প্ৰতিষ্ঠা দিৱস দিনযোৰা কাৰ্যসূচীৰে চতিয়াৰ দক্ষিণাঞ্চলৰ দক্ষিণ নাগশংকৰ উচ্চ মাধ্যমিক বিদ্যালয়ত পালন কৰা হয়। দক্ষিণ নাগশংকৰ গাঁও পঞ্চায়তৰ সভানেত্ৰী পাৰ্ৱতী শৰ্মাই দ্বীপ প্ৰজ্বলন কৰা অনুষ্ঠানত শ্বহীদ তৰ্পণ আগবঢ়ায় স্থানীয় সমাজকৰ্মী গংগা ঢকালে। ইয়াৰ পিচতে বিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ তত্বাবধায়ক শিক্ষক অঞ্জন বাচকোটাই পতাকা উত্তোলন কৰে।  পতাকা উত্তোলনৰ পিছতেই বিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ কেডেটসকলে কুছ-কাৱাজ প্ৰদৰ্শন কৰে। ইয়াৰ পিছতেই বিদ্যালয়ৰ প্ৰধান শিক্ষক লীলা কান্ত শৰ্মাৰ পৌৰহিত্যত মুকলি সভা আৰু পুৰস্কাৰ বিতৰণৰ কাৰ্যসূচী অনুষ্ঠিত হয়। সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ তত্বাবধায়ক শিক্ষক ড. তিলক শৰ্মাই শিক্ষাৰ্থী জীৱনত ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ প্ৰয়োজনীয়তা আৰু মহত্বৰ বিষয়ে মননশীল ভাষণ আগবঢ়ায়। সভাত নাগশংকৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ অৱসৰী তত্বাবধায়ক শিক্ষক বাণেশ্বৰ বৰাই শিক্ষাৰ্থীসকলে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীত থাকি কিদৰে দেশমাতৃৰ সেৱা কৰিব পৰা যায় তাৰ এক খতিয়ান দাঙি ধৰাৰ লগতে ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ ইতিহাস আৰু বৰ্তমানৰ স্থিতি সম্পৰ্কে তত্বগধুৰ ভাষণ আগবঢ়ায়। সভাত নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি ভাষণ প্ৰদান কৰে যথাক্ৰমে নাগশংকৰ উচ্চ মাধ্যমিক আৰু কুসুমতোলা আঞ্চলিক উচ্চ মাধ্যমিক বিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ তত্বাবধায়ক শিক্ষকদ্বয় নয়ণমণি শইকীয়া আৰু কমল ভট্টৰাইয়ে। বিদ্যালয়ৰ শিক্ষাৰ্থী জীনা দেৱী, দীপা ভূজেল, লেখনাথ দৰ্জী, দীক্ষা দেৱা, ঋজু দেৱী, সন্তোষ গুৰুঙ আৰু ত্যাগবীৰ হেম বৰুৱা মহাবিদ্যালয়ৰ ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনীৰ গোটে দেশভক্তিমূলক দলীয় গীত পৰিৱেশন কৰে। বিদ্যালয়ৰ তত্বাবধায়ক শিক্ষক অঞ্জন বাচকোটাই শলাগৰ শৰাই আগবঢ়োৱা সভাৰ শেষত ৰাষ্ট্ৰীয় সঙ্গীত পৰিৱেশন কৰা হয়।

গুৱাহাটী প্ৰেছ ক্লাবত ৰঞ্জিত পাটগিৰিৰ কবিতা পুথি “প্ৰিয় বৰ্ণ” উন্মোচন

গুৱাহাটী, ২৭ নৱেম্বৰ :  ‘সাংবাদিকতাৰ দৰে এটা জটিল কৰ্মৰ সৈতে জড়িত হৈ কাব্য চৰ্চ্চা ৰঞ্জিত পাটগিৰিয়ে অব্যাহত ৰাখিছে। ৰঞ্জিত পাটগিৰি এগৰাকী সাৰ্থক, উজ্জ্বল সম্ভাৱনাময় কবি- এইদৰে কয় বিশিষ্ট লেখক, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড০ পৰমানন্দ ৰাজবংশীয়ে। শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাৱতনতুন প্ৰজন্মৰ জনপ্ৰিয় কবি, সাংবাদিক ৰঞ্জিত পাটগিৰিৰ  কবিতা পুথি “প্ৰিয় বৰ্ণ” উন্মোচন কৰি এনেদৰে কয় ড০ পৰমানন্দ ৰাজবংশীয়ে। তেওঁ লগতে কয় ‘ ৰঞ্জিত পাটগিৰি সাংবাদিক যদিও মাটি আৰু মানুহৰ গোন্ধেৰে আমোল মোল এটা সত্বা। গ্ৰন্থক ভগৱানৰ দৰে গণ্য কৰোঁ। গ্ৰন্থৰ মৃত্যু নাই। ভগৱানৰ বিমূৰ্ত ৰূপ হৈছে গ্ৰন্থ। সেই ধাৰণা আমি জীয়াই ৰাখিব লাগিব। আজিকালি অধিকাংশ যুৱপ্ৰজন্ম মবাইলত আক্রান্ত হোৱা দেখা যায়। যাৰফলত তেওঁলোকৰ মাজত গ্ৰন্থ পঢ়াৰ প্ৰতি অনীহা দেখা যায়। গ্ৰন্থই হে জ্ঞান দিয়ে ম’বাইল বা প্ৰযুক্তিয়ে নহয়। এই ধাৰণা আমি জীয়াই ৰাখিব লাগিব। বৰ্ণৰ খেলাই সাহিত্যৰ বুনিয়াদ। কবিতাপুথি খনৰ নামটো সুন্দৰ হৈছে।  ৰঞ্জিত পাটগিৰিৰ কবিতাই এটা নতুন দিশক প্ৰতিনিধিত্ব কৰিছে। এই কবিতা পুথিখন সকলোৱে আদৰি ল’ব বুলি আশা কৰিলোঁ।’ উন্মোচনী সভাতগ্ৰন্থ উন্মোচনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই কয় ‘ অসমত কবিৰ সৃষ্টি কৰ্মত সংকট অহা নাই। ৰাজ্যত যথেষ্ট সাৰ্থক, উদীয়মান কবিৰ সৃষ্টি হৈ আছে। এই কবি সকলক লৈ গৌৰৱ অনুভৱ কৰোঁ যেতিয়া এই কবি সকলে অসমৰ চিত্ৰ অংকন কৰে। কবি-সাংবাদিক ৰঞ্জিত পাটগিৰিৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। লগতে প্ৰকাশক অপূৰ্ব কলিতাক ধন্যবাদ জনালোঁ। কবিতা পুথিখনত কেইবাটাও সুন্দৰ কবিতা সন্নিবিষ্ট কৰা হৈছে।’ সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি আমাৰ কাকতৰ ডেপুটী এডিটৰ, বিশিষ্ট গীতিকাৰ গৌতম শৰ্মাই কয় ‘ৰঞ্জিত পাটগিৰিৰ কবিতাত নিজ গাঁওখনৰ সৈতে থকা সম্পৰ্ক স্পষ্টভাবে প্ৰকাশ হয়। কবি, লেখক সকল ভগৱানৰ সেৱক। ৰঞ্জিত পাটগিৰিয়ে জটিলতা, সীমাবদ্ধতাৰ মাজত থাকিও কবিতা লিখি যাওক। অসমীয়া কবিতা লিখা সকলে, সাহিত্য চৰ্চা কৰা সকলে নিজৰ সন্তানক অসমীয়া মাধ্যমৰ বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰিবলৈ দিয়ক, অসমীয়া ভাষা শিকাওক।’ উন্মোচনী সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি জ্যেষ্ঠ সাংবাদিক তথা গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি মনোজ কুমাৰ নাথে কয় ‘ কবি ৰঞ্জিত পাটগিৰী প্ৰচুৰ সম্ভাৱনাময় কবি। নৈ পৰীয়া মানুহৰ সুখ দুখ ৰঞ্জিত পাটগিৰিৰ কবিতাত পাইছোঁ। বহু সাংবাদিকৰ গল্প, কবিতা চৰ্চাৰ লগতে সাহিত্য চৰ্চাৰ দখল আছিল যদিও সময়ত গতিত সেইবোৰ হেৰাই যোৱা দেখিছোঁ। গতিকে সাংবাদিকতাৰ লগতে ৰঞ্জিত পাটগিৰিক সাহিত্য চৰ্চা অব্যাহত ৰাখিব বুলি আশা কৰিলোঁ। ‘ সভাত আন এগৰাকী বিশিষ্ট অতিথি জ্যেষ্ঠ সাংবাদিকঅচ্যুত কুমাৰ পাটোৱাৰীয়ে কয় ‘ ৰঞ্জিত পাটগিৰিৰ কবিতাত আধুনিক জীৱনৰ আশা, নিৰাশা, দুখ বেদনা আছে। সম্প্ৰতি অসমীয়া কবিতাৰ বহু উত্তৰণ ঘটিছে। কবিতা আবেগৰ বিষয়। এখন সুন্দৰ গ্ৰন্থ ৰাইজক উপহাৰ দিয়া বাবে কবি সাংবাদিক ৰঞ্জিত পাটগিৰিক শুভেচ্ছা জনালোঁ।’ সুন্দৰ বেটুপাতেৰে প্ৰস্তুত কৰি উলিওৱা গ্ৰন্থখনত সন্নিৱিষ্ট কৰা হয় ৪৪টা কবিতা৷ গ্ৰন্থখন প্ৰকাশ কৰি উলিয়াইছে এম আৰ পাব্লিকেশ্বনে৷  কাব্য সমালোচক বিপুল শৰ্মাই আঁত ধৰা অনুষ্ঠানটোত আমাৰ অসমৰ ডিউটি এডিটৰ, বিশিষ্ট গীতিকাৰ গৌতম শৰ্মা, জ্যেষ্ঠ সাংবাদিক অচ্যুত কুমাৰ পাটোৱাৰী, জগদীশ শৰ্মাই গীত পৰিবেশন কৰে।অনুষ্ঠানত বহুকেইগৰাকী কবি, সাহিত্যিক, সাংবাদিক উপস্থিত থাকে ৷

প্ৰগতিশীল ৰাজ্যৰ শীৰ্ষত অসম

ৰাজ্যবাসীৰ বাবে ভাল খবৰ । দেশৰ প্ৰগতিশীল ৰাজ্য ক্ষেত্ৰত তালিকাৰ শীৰ্ষস্থান লাভ কৰিবলৈ সক্ষম হৈছে অসমে । ২০০০ পইন্টৰ ভিতৰত ১২২২.৩ পইন্ট লাভেৰে শীৰ্ষ স্থানত অসম ।

ইণ্ডিয়া টুডেৰ সমীক্ষাত প্ৰকাশ পাইছে এই তথ্য। ৩ বছৰৰ চলোৱা হৈছিল এই সমীক্ষা। আনহাতে প্ৰগতিশীল ক্ষুদ্ৰ ৰাজ্যৰ শিতানত শ্ৰেষ্ঠ স্থান লাভ কৰিছে ত্ৰিপুৰা আৰু মণিপুৰে।

উচ্চতম ন্যায়ালয়ে জামিনৰ ম্যাদ বৃদ্ধি কৰিলে সাংবাদিক অৰ্ণৱ গোস্বামীৰ

২০০৮ চনত আত্মহত্যাৰ উচতনি দিয়া গোচৰত মহাৰাষ্ট্ৰৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীৰ জামিনৰ ম্যাদ বৃদ্ধি কৰিলে উচ্চতম ন্যায়ালয়ে। কালি বোম্বাই উচ্চ ন্যায়ালয়ে শুনানি লৈ সাংবাদিক গৰাকীৰ আবেদন খাৰিজ নকৰালৈ জামিন অব্যাবত থাকিব বুলি স্পষ্ট কৰি দিয়ে।

তেওঁৰ লগতে আন দুজনৰো এই জামিন অব্যাহত থাকি বুলি উচ্চতম ন্যায়ালয়ে জানিবলৈ দিয়ে।

যুদ্ধ বিৰতি উলংঘা পাকিস্তানৰ : ২ ভাৰতীয় সেনা জোৱান শ্বহীদ

Pakistan violates ceasefire

যোৱা বৃহস্পতিবাৰে কিৰনী, কস্বা, দিগবাৰ, মাল্টী আৰু দলান ছেক্টৰত সেনা চাউনীক লক্ষ্য কৰি পাকিস্তানী সেনাই সৰু আৰু ডাঙৰ অস্ত্ৰ-শস্ত্ৰৰে প্ৰচণ্ড গুলীচালনা কৰি যুদ্ধ বিৰতি উলংঘন কৰিছিল ।

পাকিস্তানে প্ৰায়েই যুদ্ধ বিৰতি উলংঘা কৰি অহা দেখা পোৱা গৈছে । জম্মু-কাশ্মীৰ সমীপৱৰ্তী এলেকাসমূহত যুদ্ধ বিৰতি উলংঘন কৰি সন্ত্ৰাসৰ সৃষ্টি কৰিয়েই আছে পাকিস্তানে।

শুকুৰবাৰে ৰাজৌৰী জিলাৰ সুন্দৰবনী ছেক্টৰত LoCৰ সমীপত পাক সেনাই কৰা গুলীবৰ্ষণত ২ জন জোৱান শ্বহীদ হয়।

পাকিস্তানৰ গুলীবৰ্ষণত বেয়াকৈ আহত হোৱা প্ৰেম বাহাদুৰ খেত্ৰী আৰু ৰাইফল মেন সুখবীৰ সিঙক তত্কালীনভাৱে হাস্পতালাত ভৰ্তি কৰোৱা হৈছিল য’ত চিকিৎসাধীন সময়তে দুয়োজনে প্ৰাণ হেৰুৱায়। আনহাতে ভাৰতীয় সেনাইয়ো ইয়াৰ প্ৰত্যুত্তৰ দিয়ে।

৫৪০ টকাৰ ঔষধে বৰবাদ কৰে ডেৰ বিঘা মাটিৰ ফুলকবি, থানাত এজেহাৰ দাখিল দলগাওৰ এজন খেতিয়কৰ

দলগাও : দলগাওৰ এগৰাকী কৃষকৰ মুৰত পৰিছে ৰাম টাঙুন । পাচলি খেতি ভাল কৰাৰ বাবে প্ৰয়োগ কৰা ঔষধে বৰবাদ কৰিলে ডেৰ বিঘা মাটিৰ ফুলকবি খেতি । যাৰ বাবে লোকচানৰ সন্মুখীন হয় হাজাৰ হাজাৰ টকা । এই ঘটনা দলগাওৰ নিজ বৰুৱাঝাৰ গাঁৱৰ । অভিযোগ অনুসৰী গাওঁ খনৰ আজিমুদ্দিন নামৰ কৃষক গৰাকীয়ে ডেৰ বিঘা মাটি ২০ হাজাৰ টকাত ঠিকাত লৈ ৬০ হাজাৰ টকা খৰচ কৰি কৰে ফুলকবিৰ খেতি । সামান্য পাতৰ বেমাৰত আজিমুদ্দিনে স্থানীয় নেপালী বজাৰৰ গোলাপ আলি নামৰ দোকানীৰ পৰা ৫৪০ টকাৰ ঔষধ ক্ৰয় কৰি খেতি ভাল কৰাৰ বাবে প্ৰয়োগ কৰাৰ পিছতেই সৰগ ভাগি পৰে কৃষক জনৰ মুৰত । ঔষধ প্ৰয়োগৰ পিছতেই পচিবলৈ আৰম্ভ কৰে অধিক দামত বিক্ৰী হোৱা ফুল কবিৰ খেতি । ফলত হাজাৰ হাজাৰ টকা লোকচানৰ সন্মুখীন হৈ হতাশাত ভাগি পৰা কৃষক আজিমুদ্দিনে চকুলো টুকে অন কেমেৰাত । ঘটনা সম্পৰ্কে খাৰুপেটিয়া আৰক্ষী থানত এখন এজেহাৰ দাখিল কৰে খেতিয়ক গৰাকীয়ে।

টি এম পি কেৰ ৪৯ তম প্ৰতিষ্ঠা দিৱস ; প্ৰাইজমানি ফুটবল প্ৰতিযোগিতাত জাগুন চাইনাকি এফ চিৰ খিতাপ দখল

ডিৰাক সীমান্ত, ২৭ নৱেম্বৰ: সদৌ টাকাম মিচিং  পৰিং কেবাং চমুকৈ টি এম পি কেৰ  ৪৯ তম প্ৰতিষ্ঠা দিৱস লগত সংগতি ৰাখি ডুমডুমা-ফিল’বাৰী আঞ্চলিক সমিতিয়ে ১৬ অক্টোবৰ পৰা আয়োজন কৰা প্ৰাইজমানি দিবা নৈশ ফুটবল প্ৰতিযোগিতাৰ বৃহস্পতিবাৰে নিশা সামৰণি পৰে । প্ৰাইজমানি দিবা নৈশ ফুটবল প্ৰতিযোগিতাৰ অংশগ্ৰহণ কৰে জাগুন চাইনাকি এফ চি বনাম বৰডুবী এফ চি, ফিল’বাৰী। প্ৰাইজমানি দিবা নৈশ ফুটবল প্ৰতিযোগিতাত জাগুন চাইনাকি দলে বৰডুবী এফ চি ফিল’বাৰী দলক ২-০ গলৰ ব্যৱধানত পৰাজিত কৰি ছেম্পিয়ন হয়। জাগুন চাইনাকি এফ চি দলৰ হৈ অজয় পেগুৱে ৪০ আৰু ৬৫ মিনিটত গ’ল দি দলক জয়ী কৰোৱাই। দিবা নৈশ প্ৰাইজমানী ফুটবল প্ৰতিযোগিতাৰ উদোধন কৰে মিছিং বানে কাবাংৰ ৰাজেন চন্দ্ৰ নৰহে। দিবা নৈশ ফুটবল প্ৰতিযোগিতাৰ আৰম্ভণিৰ আগমুহুৰ্তত সদ্য প্ৰয়াত অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু বিশ্ব বিখ্যাত ফুটবলাৰ ডিয়াগো মাৰাডোনাৰ আত্মাৰ শতগতি বাবে এক মিনিট  মৌন প্ৰাথনা জনোৱা লগতে ডিয়াগো মাৰাডোনাৰ প্ৰতি সন্মান জনাই ফাইনেল খেলত ১০ নম্বৰ জাৰ্ছি পৰিধান নকৰে দুয়োটা দলৰ খেলুৱৈ সকলে। দিবা নৈশ ফাইনেল খেলত উপস্থিত থাকে ফিল’বাৰী আৰক্ষী থানাৰ প্ৰভাৰী, ফিল’বাৰী সেনা চাৱনীৰ বিষয়া, টি এম পি কে জিলা সমিতিৰ সভাপতি চুচেন দলে, সম্পাদক গৌৰৱ পাদুন, সহকাৰী সম্পাদক অজয় দলে, আঞ্চলিক সভাপতি প্ৰাঞ্জল কছাৰী, সম্পাদক শচীন পাদুন, ফিল’বাৰী জাতীয় জনগোষ্ঠীয় সংগঠনৰ নেতৃত্ববৃন্দ, ফিল’বাৰী ক্ৰীড়া সন্থাৰ সভাপতি কুলেশ্বৰ ফুকন , সম্পাদক সঞ্জিৱ বৰা, সাংবাদিক পুস্পধৰ মৰাণ লগতে কেইবাগৰাকী অতিথি উপস্থিত থাকে। দিবা নৈশ ফুটবল ফাইনেল খেলৰ শ্ৰেষ্ঠ খেলুৱৈ লাভ কৰে জাগুন চাইনাকি দলৰ অজয় পেগুৱে।

মৰিগাঁওত কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ

অনলাইন বাৰ্তা, ২৭ নৱেম্বৰ : মৰিগাঁওত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ । তিৱা স্বায়ত্ব পৰিষদৰ নিৰ্বাচনৰ পূৰ্বেই মনোনয়ন পত্ৰ দাখিলক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি মৰিগাঁও ত । মৰিগাঁও তিৱা স্বায়ত্ব পৰিষদৰ 14 নং গোভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী কংকণা বৰদলৈ পাটৰ স্বামী গোলাপ পাটৰ মনোনয়ন পত্ৰ দাখিলৰ কেইমুহূৰ্ত মান পূৰ্বে মনোনয়নৰ সকলো নথিপত্ৰ সহ মৰিগাঁও আৰক্ষীয়ে চক্ৰান্ত মূলক ভাবে গ্ৰেপ্তাৰ কৰে । যাৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিব নোৱাৰিলে প্ৰাৰ্থী গৰাকীয়ে । গতিকে শুকুবাৰে মৰিগাওঁ সদৰ থানাৰ সন্মুখত তীব্র প্ৰতিবাদ সাব্যস্ত কৰে মৰিগাঁও কংগ্ৰেছ দলে । প্ৰতিবাদী কাৰ্যসূচীত নগাঁও লোকসভা সমষ্টিৰ সাংসদ পদূত বৰদলৈৰ লগতে মৰিগাঁও জিলাৰ কংগ্ৰেছৰ সভাপতি বিৰকুমাৰ উপস্থিত থাকে ।

মিৰ্জাত প্ৰাক্তন ছাত্র নেতা, মণ্ডল কংগ্ৰেছৰ সভাপতি অৰ্ধ শতাধিকৰ অগপত যোগদান। অসমত অগপৰ বিকল্প আঞ্চলিক ৰাজনৈতিক দল আগতেও নাছিল, পিছলৈও নহ’ব : কমলা কলিতা

মিৰ্জা, ২৭ নৱেম্বৰ:  অসমত অসম গণ পৰিষদৰ বিকল্প আঞ্চলিক ৰাজনৈতিক দল আগতেও নাছিল, পিছলৈও নহ’ব । আজি পলাশবাৰীৰ মিৰ্জাৰ সমীপৱৰ্তী কোছপাৰা গাওঁ পঞ্চায়তৰ অন্তৰ্গত সাতপাৰা ৰাইজৰ দুৰ্গা পূজা মণ্ডপত অনুষ্ঠিত অগপৰ এক যোগদান কাৰ্যসূচীত অংশগ্ৰহণ কৰি দলটোৰ জ্যেষ্ঠ নেতা তথা সাধাৰণ সম্পাদক ডাঃ কমলা কলিতাই ভাষণ প্ৰসংগত এইদৰে কয়। বৰ্তমান খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ভৰ অধ্যক্ষ ডা কলিতাই লগতে কয় যে পলাশবাৰী অগপৰ দুৰ্গ আছিল। কিন্তু দলটোৰ প্ৰতি দুৰ্বলতা আহিল, বিগত সময়চোৱাত দুই এক নেতৃত্বই নিজৰ ব্যক্তিগত ধৰণে  দলটোক ব্যৱহাৰ কৰা বাবে । কিন্তু দলীয় সমৰ্থকসকলে এতিয়াও সবল নেতৃত্বৰ আস্থা লাভৰ অপেক্ষাত ৰৈ আছে। সম্প্ৰতি গাঁঁৱে গাঁৱে সভা সমিতিত অংশগ্ৰহণ কৰোঁতে অগপৰ জন্মলগ্নৰ পৰা আবেগিকভাৱে জড়িত হৈ থকা বহু জ্যেষ্ঠ ব্যক্তিক লগ পাই এই কথা বুজিব পাৰিছোঁ বুলি দলীয় সমৰ্থক তথা আজি নতুনকৈ যোগদান কৰিবলৈ অহা আঞ্চলিকতাবাদী ৰাইজক উদ্দেশ্যি তেওঁ অবগত কৰে। এই যোগদান কাৰ্যসূচীত দক্ষিণ কামৰূপ ছাত্ৰ সন্থাৰ প্ৰাক্তন সভাপতি তথা দক্ষিণ কামৰূপ সচেতন মঞ্চৰ সভাপতি মদন দাস, পশ্চিম গুৱাহাটী মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক তথা উক্ত সচেতন মঞ্চৰ সম্পাদক ধৰ্মেন্দ্ৰ কলিতাসহ  অৰ্ধ শতাধিক পুৰুষ মহিলা আৰু নতুন প্ৰজন্মৰ ছাত্র ছাত্ৰী, সাতপখলি তেজপুৰ মণ্ডল কংগ্ৰেছৰ সভাপতি টংকেশ্বৰ দাস, বিজেপিৰ সাপৰটাৰি‌ আঞ্চলিকৰ সভাপতি কুশল দাসে আজি আনুষ্ঠানিকভাৱে অগপৰ সদস্য ভৰ্তি হৈ দলীয় গলপতা লৈ  অগপ দলত যোগদান কৰে।‌ দলত নতুনকৈ যোগদান কৰা সকলোকে উষ্ম আদৰণি জনোৱাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে দলীয় নেতৃত্বই। পলাশবাৰী অগপ বিধান পৰিষদৰ সম্পাদক যমুনা দৈমাৰিয়ে উদ্দেশ্য ব্যাখ্যা আগবঢ়োৱা অনুষ্ঠানৰ আঁত ধৰে কামৰূপ জিলা অগপৰ সভাপতি আদিত্য ৰাভাই। এই অনুষ্ঠানত অংশগ্ৰহণ কৰে অগপৰ পলাশবাৰী বিধান পৰিষদৰ উপ সভাপতি শ্ৰীকান্ত চৌধুৰী, সম্পাদক পৰাগ দাস, যমুনা দৈমাৰি,  পলাশবাৰী যুৱ পৰিষদৰ সভাপতি দিলীপ দাস, সম্পাদক ৰুক্মিণী কুমাৰ দাস, ছাত্র পৰিষদৰ সভাপতি জোন গোস্বামী আদিয়ে ।

মৰিগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত কবি সন্মিলন উপ-সমিতিৰ সহযোগত “সুমথিৰা ৰ’দত কবিতাৰ এদিন” শীৰ্ষক কবি সন্মিলন

মৰিগাঁও, ২৭ নবেম্বৰ : মৰিগাঁও জিলা সাহিত্য সভাৰ উদ্যোগত আৰু ইয়াৰ কবি সন্মিলন উপ-সমিতিৰ সহযোগত আজি সাহিত্য সভাৰ কাৰ্য্যালয়ৰ মুকলি মঞ্চত অনুষ্ঠিত হয় এখনি গাম্ভিৰ্য পূৰ্ন কবি সন্মিলন। বিশিষ্ট কবি তথা কবি সন্মিলন  উপ-সমিতিৰ সভাপতি হৰেন্দ্ৰ বৰাৰ সঞ্চালনাত আনুষ্ঠিত  হোৱা কবি সন্মিলনখন আনুষ্ঠানিক ভাৱে উদ্বোধন কৰে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকাই । উদ্বোধনী ভাষণত বিশিষ্ট সাহিত্যিক গৰাকীয়ে আদি কালৰ পৰা সাম্প্ৰতিক কাল পৰ্যন্ত কবিতাৰ ক্ৰমবিকাশ আৰু উত্তৰণ সম্পৰ্কত বিস্তৃত ভাবে আলোকপাত কৰে। অনুষ্ঠানটিৰ আঁত ধৰে কবি সন্মিলন উপ-সমিতিৰ সম্পাদক নৱ ৰাজনে। অনুষ্ঠানত আদৰণি ভাষণ প্ৰদান কৰে জিলা সাহিত্য সভাৰ সম্পাদক পিনাকী ভূষণ মহন্তই। আনুষ্ঠানটোত কবিতা পাঠ কৰে ক্ৰমে মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি প্ৰতাপ হাজৰিকা, প্ৰাক্তন সভাপতি বুবুমনি গোস্বামী, সম্পাদক পিনাকী ভূষণ মহন্ত, কাৰ্যনিৰ্বাহক সদস্য মহেন্দ্ৰ শইকীয়া, কল্পতৰু চৌধুৰী, জ্যোতিষ বৰ্মন, বিৰিঞ্চি কুমাৰ  শৰ্মা, চন্দ্ৰলেখা গোঁহাই লাহন, ধৰ্মেশ্বৰী শইকীয়া, জাৰ্জিনা বেগম হুছেইন, প্ৰাঞ্জল হাজৰিকা, শিশুৰাম শইকীয়া, অমিয় কুমাৰ মহন্ত, বলেন চন্দ্ৰ বৰুৱা, বাবুমনি হীৰা, লুইত অনিৰুদ্ধ, দিলীপ দাস, প্ৰণৱ কুমাৰ ভট্টাচাৰ্য, পৰেশ চন্দ্ৰ চৌধুৰী, কমলেশ্বৰ ডেকা, হেমন্ত কুমাৰ নাথ, মনোজ কুমাৰ নাথ, শিবম কন্দলী, ঋতুৰাজ গোস্বামী, মনীষা শৰ্মা কন্দলী, ফুকুল ভট্ট ডেকা, লোহিত চন্দ্ৰ দাস, সিদ্ধাৰ্থ শংকৰ, লক্ষ্মী প্ৰসাদ শৰ্মা, বুবুল কাকতি, মৃণাল কুমাৰ হাজৰিকা, প্ৰবাল গোস্বামী, দিব্যম শিৱম প্ৰমুখ্যে জিলাৰ বিভিন্ন প্ৰান্তৰ কবিসকলে। অনুষ্ঠানত পঠিত কবিতাৰাজিৰ ওপৰত চমুকৈ পৰ্যালোচনা আগবঢ়ায় বিশিষ্ট কবি তথা জাগীৰোড মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড০ দীপকজ্যোতি বৰুৱাই। জিলাখনৰ বিভিন্ন প্ৰান্তৰ অৰ্দ্ধ  শতাধিক নবীন আৰু প্ৰবীন কবিৰ অংশগ্ৰহনে অনুষ্ঠান টো জীপাল কৰি তোলে। ইপিনে অনুষ্ঠানৰ আৰম্ভনিতে অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ সহিত বিশিষ্ট সাহিত্যিক সকলৰ মৃত্যুত শোক প্ৰকাশ কৰি এক মিনিট সময় মৌন প্ৰাৰ্থনা কৰা হয় ।