Home Blog Page 3140

দেশত COVID19ৰ পৰা আৰােগ্যৰ হাৰ ৯৬.৯-৯ শতাংশলৈ বৃদ্ধি

দেশত COVID19ৰ পৰা আৰােগ্যৰ হাৰ ৯৬ দশমিক ৯-৯ শতাংশলৈ বৃদ্ধি পাইছে। MoHFW INDIAৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত ১৩ হাজাৰতকৈও অধিক কোৱিড ৰােগী সুস্থ হৈ উঠে। ইয়াকে লৈ দেশত বর্তমানলৈ সুস্থ হৈ উঠা ৰােগীৰ সংখ্যাই ১ কোটি ৪ লাখ ২৩ হাজাৰ ১২৫লৈ বৃদ্ধি হৈছে।

১১ ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ জোৰা বাজেট অধিবেশন

অহা ১১ ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ ৩দিন জোৰা বাজেট অধিবেশন অনুষ্ঠিত হ’ব। ১১ফেব্ৰুৱাৰীৰ পুৱা চাৰে ৯ বজাত ৰাজ্যপালৰ ভাষণেৰে বিধানসভাৰ কার্যক্রমণিকা আৰম্ভ হ’ব। সেইদিনাই বিত্তমন্ত্রী হিমন্ত বিশ্ব শৰ্মা এ সদনত ২০২১-২২ বিত্তীয় বৰ্ষৰ বাবে প্রথম তিনিমাহৰ লেখানুদান দাখিল কৰিব।

অখিল গগৈৰ মুক্তিৰ দাবীত হোজাইৰ আকাশ বতাহ কপাই তুলিলে ৰাইজৰ দলে

আজি হোজাই জিলাৰ অন্তৰ্গত ইছলাম নগৰত ৰাইজৰ দলৰ হোজাই জিলা সমিতিৰ কাৰ্যালয় আনুষ্ঠানিক ভাৱে উদ্বোধন কৰা হয় ৷ ৰাইজৰ দলৰ হোজাই জিলা সমিতিৰ সভাপতি কমল চন্দ্ৰ বৰুৱা, ৰাজ্যিক সাধাৰণ সম্পাদিকা দিলোৱাৰা বেগম চৌধুৰীয়ে ফিতা কাটি ৰাইজৰ দলৰ হোজাই জিলা সমিতিৰ কাৰ্যালয় শুভ উদ্বোধন কৰে ৷

উদ্বোধনী অনুষ্ঠানত কমল চন্দ্ৰ বৰাৰ সভাপতিত্বত এখন সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত ৰাইজৰ দলৰ হোজাই জিলা সমিতিৰ সম্পাদিকা দিলোৱাৰা বেগম চৌধুৰীৰ লগতে নুৰুল হক, বাচিত আলম চৌধুৰী, আৰিফ উদ্দিন, চাদিকুজ জামান আৰু প্ৰিয়ংকা বৰাই বক্তব্য প্ৰদান কৰে ৷

কাৰ্যালয় উদ্বোধনীৰ পিছত ৰাইজৰ দলৰ ৰাজ্যিক আৰু জিলা সমিতিৰ লগতে যমুনামুখ আৰু হোজাই সমষ্টি কমিটিৰ বিষয়ববীয়া সকলে হোজাই-নীলবাগান সংযোগী গড়কাপ্তানি পথত সমদল কৰি কৃষক নেতা অখিল গগৈক বিনা চৰ্তে মুক্তিৰ দাবী জনাই তীব্ৰ প্ৰতিবাদ সাৱস্ত কৰে ৷প্ৰতিবাদকাৰী সকলে অসম চৰকাৰ হায় হয়, হিমন্ত বিশ্ব শৰ্মা গ বেক, অখিল গগৈক বিনা চৰ্তে মুক্তি দিয়ক আদি বিভিন্ন শ্লগানেৰে ইছলাম নগৰত পৰিৱেশ উত্তাল কৰি তোলে ৷ প্ৰতিবাদৰ অন্তত জিলা সভাপতি কমল চন্দ্ৰ বৰুৱা,ৰাজ্যিক সম্পাদিক দিলোৱাৰা বেগম চৌধূৰী আৰু জিলা সম্পাদক আৰিফ উদ্দিনে ক্ষোভ প্ৰকাশ কৰি কয় চৰকাৰে ষড়যন্ত্ৰমূলক বাবে আমাৰ কৃষক নেতা অখিল গগৈক জেলত ভৰাই থৈছে, অতি কম সময়ৰ ভিতৰত অখিল গগৈক মুকলি কৰি নিদিলে সমগ্ৰ অসমত তীব্ৰ গনতান্ত্ৰিক আন্দোলন গঢ়ি তুলা হব বুলি হুংকাৰ প্ৰদান কৰে ৷ লগতে দিলোৱাৰা চৌধুৰীয়ে ৰাইজৰ দল আৰু কৃষক মুক্তিৰ ন পুৰণি সকলো এক গোট হৈ আগন্তক নিৰ্বাচনত অৱতীৰ্ণ হৈ অসমৰ পৰা বিজেপি চৰকাৰ উৎসাত কৰাৰ আহ্বান জনায় ৷ যমুনামুখত যাক প্ৰাৰ্থিত্ব প্ৰদান কৰা হ’ব সেইজন নি:সন্দেহে জয়ী হ’ব বুলি দাবী কৰে দিলোৱাৰা চৌধুৰীয়ে ৷

স্বাস্থ্য ৰক্ষা আৰু পৰিবেশ সংৰক্ষণৰ উদ্দেশ্যে নগাঁৱত চাইকেল ৰেলী

ভাৰত চৰকাৰৰ অধীনস্থ অইল ইণ্ডিয়া লিমিটেড আৰু পেট্ৰলিয়াম সংৰক্ষণ আৰু অনুসন্ধান সংঘৰ আহ্বান ক্ৰমে স্বাস্হ্য ৰক্ষা আৰু পৰিৱেশ সংৰক্ষণৰ উদ্দেশ্যেৰে আজি নগাঁও চহৰত এক চাইকেল ৰেলী উলিওৱা হয়। আজি পুৱা প্ৰায় ৮ বজাত চহৰ খনৰ পানীগাঁও চাৰিআলিৰ ডচন হাইস্কুল খেলপথাৰৰ পৰা ওলোৱা এই চাইকেল ৰেলীত বিশিষ্ট সমাজকৰ্মী তথা বৰ্ষীয়ান নাগৰিক মুকুট ভূঞা, প্ৰবীন ক্ৰীড়া সংগঠক ৰাজেন বৰকাকতিয়ে অংশ গ্ৰহণ কৰাৰ লগতে প্ৰায় ডেৰ শতাধিক ব্যক্তিয়ে ৰেলীটোত অংশ গ্ৰহণ কৰে। নৱপ্ৰজন্মক পেট্ৰলিয়াম সংৰক্ষণ আৰু পৰিৱেশ সংৰক্ষণ কৰাৰ অৰ্থে আয়োজন কৰা এই চাইকেল ৰেলীটো নগাঁও চহৰৰ প্ৰায় ১০ কিলোমিটাৰ পথেৰে পৰিভ্ৰমণ কৰে। উল্লেখযোগ্য যে, অইল ইণ্ডিয়া লিমিটেডৰ আহ্বান ক্ৰমে আজি নগাঁৱৰ লগতে গুৱাহাটী, যোৰহাট আৰু তেজপুৰতো একে উদ্দেশ্যেৰে চাইকেল ৰেলী অনুষ্ঠিত হয়।

পশ্চিম যোৰহাটৰ ম’হবন্ধাত মে-ডাম-মে-ফি পালন

স্বৰ্গৰ অধিপতি,জলৰ অধিপতি,জ্ঞানৰ দেৱতা,দেৱগুৰু,মৃতকসকল,যম-যখিনী,সপ্তমণ্ডলৰ গৰাকী,পৃথিৱীৰ গৰাকী আৰু ব্ৰজ-বিজুলী আদিক পূজা-অৰ্চনা কৰাৰ উদ্দেশ্যে ৩১ জানুৱাৰীত  সমগ্ৰ ৰাজ্যৰ লগতে পশ্চিম যোৰহাটৰ বিভিন্ন স্থানত মে-ডাম-মে-ফি পালন কৰা হয়।উপৰিপুৰুষসকলক আৰু দেৱ-দেৱতাসকলক সন্তুষ্ট কৰি ৰখাৰ বাবেই জাতীয় সাজপাৰ পৰিধান কৰি টাই আহোমসকলে বিভিন্ন নৈবেদ্য উপকৰণ আগবঢ়াই মে-ডাম-মে-ফি ম’হবন্ধা স্থিত ছুকাফা সমণ্বয় ক্ষেত্ৰত অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয় অধীনস্থ সাংস্কৃতিক কেন্দ্ৰটোৰ সহযোগত ছুকাফা সমণ্বয় ক্ষেত্ৰ পৰিচালনা সমিতিখনে পালন কৰা মে-ডাম-মে-ফিৰ কাৰ্যসূচীত বহুসংখ্যক লোকে অংশগ্ৰহণ কৰে।মে-ডাম-মে-ফিৰ তাৎপৰ্য সম্পৰ্কত অৰুণ বৰপাত্ৰগোহাঁই,যোগেশ্বৰ গগৈ প্ৰমুখ্যে বিভিন্নজনে উপস্থিতসকলক বুজাই দিয়ে।অঞ্চলটোৰ মেলেঙ্গীয়ালটো দীপক গগৈ প্ৰমুখ্যে যুৱকসকলৰ উদ্যোগত মে-ডাম-মে-ফি পালন কৰা হয়।অঞ্চলটোৰ আহোম বসতি প্ৰধান গাঁওসমূহত পালন কৰা মে-ডাম-মে-ফিত কাষৰীয়া গাওঁসমূহৰ বিভিন্ন সম্প্ৰদায়ৰ লোকসকলে সহযোগিতা কৰে।

কৃষক আন্দোলন : ৩৮ টা গোচৰ ৰুজু , ৮৪ জনক আটক দিল্লী আৰক্ষীৰ

কৃষক বিদ্ৰোহে কঁপাইছে দেশ। গণৰাজ্য দিৱসৰ দিনা ৰাজধানীৰ ৰাজপথত কৃষকসকলে হিংসাত্মক কাৰ্য কলাপত লিপ্ত হোৱাৰ পাছতে দেশজুৰি ব্যাপক চৰ্চা লাভ কৰিছিল।

সম্প্ৰতি দিল্লী আৰক্ষীয়ে এই ঘটনাৰ লগত জড়িত ৮৪ জন লোকক আটক কৰাৰ লগতে ৩৮ টা গোচৰ ৰুজু কৰিছে। শনিবাৰে দিল্লী আৰক্ষীয়ে আনুষ্ঠানিকভাৱে ঘোষণা কৰে এই কথা।

গণৰাজ্য দিৱসৰ দিনা কৃষকৰ ট্ৰেক্টৰ ৰেলী বিপথে পৰিচালিত হোৱাৰ পাছত ৰাজপথত ভয়ংকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল। ৰাজপথত প্ৰতিবাদকাৰীসকলে ৰাজহুৱা সা-সম্পত্তি ভাঙি লণ্ড-ভণ্ড কৰাৰ লগতে আৰক্ষীৰ লগত হতাহতিত লিপ্ত হৈছিল।

আৰক্ষীয়ে উপায়হীন হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ লাঠি চালনা, কন্দুৱা গেছ এৰিবলৈ বাধ্য হৈছিল।

আনকি ইতিহাসত প্ৰথবাৰৰ বাবে লালকিল্লাৰ গম্বুজত ভাৰতীয় ত্ৰিংগাৰ লগতে কৃষকসকলৰ হালধীয়া পতাকা উৰিছিল।

এই ঘটনাৰ পাছতে আৰক্ষীয়ে ৯ গৰাকী কৃষক নেতাক সোধ-পোছৰ কাৰণে মাতিছিল যদিও এগৰাকী নেতাও আৰক্ষীৰ ওচৰলৈ নাহে।

বৰপেটাত ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পুৰস্কাৰপ্ৰাপ্ত ক্যাৰাটে খেলুৱৈক সম্বৰ্ধনা

বৰপেটা চহৰৰ দঙৰকুছিস্থিত চেন্ট টেৰেছা ইংৰাজী মাধ্যম বিদ্যালয়ৰ পৰা ৰাষ্ট্ৰীয় আৰু ৰাজ্যিকভিত্তিত পুৰস্কাৰপ্ৰাপক সাত গৰাকী ক্যাৰাটে খেলুৱৈক ২৯ জানুৱাৰীত সম্বৰ্ধনা জনোৱা হয়। ক্যাৰাটেৰ কাতা নামেৰে এটি বিশেষ খেলত পাৰদৰ্শিতা প্ৰদৰ্শন কৰা বাবে এই প্ৰতিভাৱান খেলুৱৈ সকলোক অধিক অনুপ্ৰাণিত হোৱাৰ কামনাৰে বিদ্যালয়খনে সম্বৰ্ধনা জনায়। আন্তৰাষ্ট্ৰীয় ক্যাৰাটে খেলুৱৈ চাৰহান ৰছুল, ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ হানি আলী, ইৰফান হাবিব, জিয়ান চৌধুৰী আৰু ৰাজ্যিক পৰ্য্যায়ৰ ছালমা শিকদাৰ পাৰবিন, শিকদাৰ চাকিল বাছেৰ আৰু ছাহিদ ফাজেলক ক্যাৰাটেত সফলতা অৰ্জন কৰা বাবে আজি বিদ্যালয় প্ৰাংগনত উস্ম আদৰণি জনোৱা হয়। বিদ্যালয়খনৰ অধ্যক্ষ বিপিন পি এচৰ সভাপতিত্বত অনুষ্ঠিত সভাত ছাত্ৰ ছাত্ৰী সকলোক ফুলাম গামোচা, স্মাৰক আৰু প্ৰমাণ পত্ৰৰে সম্বৰ্ধনা জনায় বিদ্যালয়খনৰ সঞ্চালক ভেইৰু কুমাৰ শৰ্মাই। সভাখনত শৈক্ষিক কাউন্সিলৰ নুপুৰ পুৰোহিত, উপাধ্যক্ষ মুকুল দাসো উপস্থিত থাকে ।

বিয়াত বহিব জনপ্ৰিয় গায়ক নীল আকাশ

দীৰ্ঘদিনীয়া প্ৰেমৰ অন্তত অৱশেষত বিয়াত বহিব অসমীয়া সংগীত জগতৰ জনপ্ৰিয় গায়ক নীল আকাশ । জীৱন সংগীনী মাৰ্ঘেৰিটাৰ নেনচি ফুকন ।

দুয়োৰে মাজত চলি আছিল দীৰ্ঘদিনীয়া প্ৰেমৰ সম্পৰ্ক । পাঁচ বছৰৰ প্ৰেমৰ অন্তত ‌নেনচি ফুকনৰ সৈতে আবদ্ধ হ’ব বিবাহপাশত ।

জানিব পৰা মতে, নেনচি এগৰাকী অধিবক্তা । ২৮ ফেব্ৰুৱাৰীত বিবাহপাশত আবদ্ধ হ’ব জনপ্রিয় কণ্ঠশিল্পী নীল আকাশ ।

পিছে নীল আকাশে বিবাহৰ খবৰ আনুষ্ঠানিক ভাৱে একো জনোৱা নাই যদিও ছ’চিয়েল মিডিয়াত ইতিমধ্য়ে বিয়পি পৰিছে এই খবৰ ।

বৰপেটাত কুষ্ঠ দিৱস উপলক্ষে সজাগতা সমদল

ৰাষ্ট্ৰীয় কুষ্ঠ নিবাৰণী দিৱস ৩০ জানুৱাৰীত বৰপেটা জিলাতো দিনজোৰা কাৰ্যসূচীৰে উদযাপন কৰা হয়। বৰপেটা জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয় চৌহদৰ পৰা এই উপলক্ষে পুৱা উলিওৱা এটি শোভাযাত্ৰা জিলা উপায়ুক্ত মুনীন্দ্ৰ শৰ্মাই আনুষ্ঠানিকভাৱে পতাকা জোকাৰি মুকলি কৰে। এই উপলক্ষে দিয়া ভাষণত উপায়ুক্ত গৰাকীয়ে কয় যে, এই ৰোগ কোনো পাপৰ ফল নহয়।  বৰ্তমানৰ সময়ৰ বাবে ই সাধাৰণ বেমাৰত পৰিণত হৈছে আৰু ইয়াৰ চিকিৎসা অতি সুলভ বুলি তেওঁ মন্তব্য কৰে। তেওঁ স্বাস্থ্য কৰ্মী সকলক ৰোগ বিধৰ বিষয়ে জন সজাগতা সৃষ্টিত ব্ৰতী হবলৈ আহ্বান জনায়। অনুষ্ঠানত যুটীয়া স্বাস্থ্য সঞ্চালক ডা তীৰ্থনাথ শৰ্মা, জিলা তথ্য আৰু জনসংযোগ বিষয়া বিকাশ শৰ্মা, অতিৰিক্ত মুখ্য স্বাস্থ্য বিষয়া ডা প্ৰমথেশ শৰ্মা আদিও উপস্থিত থাকে।  শোভাযাত্ৰাত অংশগ্ৰহণ কৰা শতাধিক স্বাস্থ্য কৰ্মীয়ে হাতে হাতে “কুষ্ঠ ৰোগ জন্ম বা বংশগত নহয়”, “সুচিকিৎসাৰে কুষ্ঠ ৰোগৰ পৰা সহজে আৰোগ্য  হব পাৰে” আদি বেনাৰ, প্লেকাৰ্ড  লৈ শ্লোগান দি চহৰৰ মাজেৰে পৰিভ্ৰমণ কৰে। পিছত জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত এই উপলক্ষে এখন ৰাজহুৱা সজাগতা মূলক সভাও অনুষ্ঠিত হয়। সভাত যুটীয়া স্বাস্থ্য সঞ্চালক ডা শৰ্মাই কয় যে কুষ্ঠ ৰোগৰ উপযুক্ত সময়ত চিকিৎসা কৰিলে সহজে আৰোগ্য লাভ কৰিব পাৰি। তাৰ বাবে এই ৰোগৰ যিকোনো লক্ষণে দেখা দিলে লগে চিকিৎসালয়ত স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিব লাগে। এনে ৰোগত আক্ৰান্ত ৰোগী সকলক বিনামূলীয়া ঔষধ-পাতিৰ উপৰি মাহে পাচঁশ টকাৰ অৰ্থ সাহায্যও প্ৰদান কৰা হয় বুলি তেওঁ জানিবলৈ দিয়ে।

অসমৰ বাবে ৪৩৭.১৫ কোটি টকাৰ বান সাহাৰ্য কেন্দ্ৰীয় চৰকাৰৰ

নিৰ্বাচনৰ প্ৰাকক্ষণত অসমলৈ বৃহৎ অনুদান আগবঢ়াইছে কেন্দ্ৰীয় বিজেপি চৰকাৰে । বিগত বৰ্ষত বান অৰ্থাত প্ৰাকৃতিক দুৰ্যোগত ক্ষতিসাধন হোৱা ৫ খন ৰাজ্যলৈ ১,৭৫১.০৫ কোটি টকাৰ আৰ্থিক অনুদান আগবঢ়াই । এই ৫ খন ৰাজ্যৰ ভিতৰত আছে অসম, অৰুণাচল প্ৰদেশ, ওড়িশা, তেলেংগনা আৰু উত্তৰ প্ৰদেশ।  

গৃহমন্ত্ৰী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত এক উচ্চস্তৰীয় বৈঠকত এই ঘোষণা কৰা হয়। উল্লেখ্য যে, মুঠ টকাৰ ৪৩৭.১৫ কোটি টকা লাভ কৰিব অসমে। ইয়াৰ লগতে অৰুণাচল প্ৰদেশে ৭৫.৮৬ কোটি, ওড়িশাই ৩২০.৯৪ কোটি, তেলেংগনাই ২৪৫.৯৬ কোটি আৰু উত্তৰ প্ৰদেশে লাভ কৰে ৩৮৬.০৬ কোটি টকা ।