Home Blog Page 3153

নগাঁৱত ড০ ভূপেন হাজৰিকাক সোঁৱৰি অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা

দৈনন্দিন বাৰ্তাৰ সেৱা, টংলা, ৫ নৱেম্বৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে নগাঁৱতো আজি বিশ্ৰ-বিশ্ৰুত শিল্পী ড০ ভূপেন হাজৰিকাক তেখেতৰ নৱম মৃত্যু বাৰ্ষিকীত  সুধাকন্ঠ গৰাকীক সোঁৱৰিলে বিভিন্ন দল সং‌গঠনৰ।

মহান শিল্পী গৰাকীৰ নৱম মৃত্যু বাৰ্ষিকী উপলক্ষে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নগাঁও জিলা সমিতিয়ে আজি ভূপেন্দ্ৰ সংগীতৰ প্ৰাইজমানি প্ৰতিযোগিতা অনুষ্ঠিত কৰে। শ্বহীদ ভৱন প্ৰাঙ্গনত অনুষ্ঠিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা খনিত নগাঁও জিলাৰ বিভিন্ন স্থানৰ শিল্পীয়ে অংশগ্ৰহণ কৰে।

ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা খনিৰ মুকলি অনুষ্ঠানত বিশিষ্ট সংগীত শিল্পী গুণকান্ত শ‌ইকীয়া, বিশ্ব হিন্দু পৰিষদৰ ধৰ্ম জাগৰণ প্ৰমুখ ব্ৰজ জ্যোতি শৰ্মা, বটদ্ৰৱা থান পৰিচালনা সমিতিৰ প্ৰাক্তন সম্পাদক ব্ৰজেন কাকতি,বিদ্যাৰ্থী পৰিষদৰ  ৰাজ্যিক সম্পাদক ৰাকেশ দাস, বিদ্যাৰ্থী পৰিষদৰ ৰাষ্ট্ৰীয় কাৰ্যনিবাহক ৰৌপশ্ৰী গগৈ প্ৰমুখ্যে পৰিষদৰ সদস্য সকল উপস্থিত থাকে।

অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ নগাঁও জিলাৰ জিলা সংযোজক মৃত্যুজ্ঞয় কুমাৰ মাহাতোয়ে আঁত ধৰা  ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা খনিত প্ৰথম স্হান লাভ কৰে নগাঁও জিলাৰ কঠীয়াতলীৰ জ্যোতিময় শ‌ইকীয়াই।

বড়োলেণ্ড কৰ্মচাৰী পৰিষদৰ ভেৰগাৱ জিলা সমিতি গঠন

দৈনন্দিন বাৰ্তাৰ সেৱা, টংলা, ৫ নৱেম্বৰঃ বৃহস্পতিবাৰে ওডালগুৰি জিলাৰ ভেৰগাৱস্থিত মহকুমাধিপতি কাৰ্যালয়ৰ সভাকক্ষত বড়োলেণ্ড কৰ্মচাৰী পৰিষদৰ ভেৰগাৱ জিলা সমিতি গঠনৰ উদ্দেশ্যে এখন সাধাৰণ সভা অনুস্থিত হয়৷ লুহাং খুংগুৰ দৈমাৰীৰ সভাপতিত্বত অনুস্থিত সভাখনত মহকুমাটোৰ অন্তৰ্গত প্ৰতিটো বিভাগৰ প্ৰায় শতাধিক চৰকাৰী কৰ্মচাৰী উপস্থিত থাকে৷

সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে বড়োলেণ্ড কৰ্মচাৰী পৰিষদৰ কেন্দ্ৰীয় সম্পাদক নবীন কলিতাই৷ উক্ত সভাত তিলক ৰামচিয়াৰীক সভাপতি, ভানু বসুমতাৰী, শ্যামল নাৰ্জাৰীক উপ-সভাপতি, জিতু মজুমদাৰক সাধাৰণ সম্পাদক, গৌতম দৈমাৰী, সাধুৰাম বড়োক যুটীয়া সম্পাদক আৰু অলংবাৰ বসুমতাৰীক কোষাধ্যক্ষ হিচাপে লৈ বড়োলেণ্ড কৰ্মচাৰী পৰিষদৰ ৪১ জনীয়া ভেৰগাৱ জিলা সমিতিখন আনুষ্ঠানিকভাৱে গঠন কৰা হয়৷

সভাত পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি দীপক কুমাৰ ৰামচিয়াৰী, উপদেষ্টা গৌতম বড়োইও উপস্থিত থাকি বক্তব্য আগবঢ়ায়।

গোসাইগাঁওত মূল্যবৃদ্ধিৰ প্ৰতিবাদত আমছুৰ ২ ঘন্টীয়া অৱস্থান ধৰ্মঘট, মহকুমাধিপতিৰ জৰিয়তে মখ্যমুন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ

দৈনন্দিন বাৰ্তাৰ সেৱা, গোসাইগাঁও, ৫ নৱেম্বৰঃ ৰাজ্যত অত্যাবশ্যকীয় খাদ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধি নিয়ন্ত্ৰনত ব্যৰ্থ হোৱাৰ বাবে চৰকাৰৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ গোসাইগাঁওত। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ(আমছু)ৰ পশ্চিম কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আজি গোসাইগাঁৱ মহকুমাধিপতি কাৰ্য্যলয়ৰ সম্মুখত দুই ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে সংগঠনটোৱে। খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিত সমগ্ৰ দেশৰ লগতে অসমৰ সৰ্বসাধাৰণ লোক আৰ্থিক ভাৱে জুৰুলা হৈ পৰিছে।

দীৰ্ঘ দিন ধৰি খাদ্য সামগ্ৰীৰ মূল্য বৃদ্ধি হৈ অহাত চৰকাৰে খাদ্য সামগ্ৰী নিয়ন্ত্ৰণ কৰিব নোৱাঁৰাত গোসাইগাঁৱ মহকুমাধিপতি কাৰ্য্যলয়ৰ সম্মুখত আমছুয়ে  প্ৰতিবাদী কাৰ্যসূচীত একগোটহৈ অসম চৰকাৰ হায় হায়, ফণী ভূষন চৌধুৰী হায় হায়, যোগান বিভাগ হায় হায়, খাদ্য আৰু যোগান মন্ত্ৰী ফণী ভুষন চৌধুৰী মুৰ্দাবাদ, মূল্যবৃদ্ধি ৰোধ কৰক আদি বিভিন্ন শ্লোগানেৰে গোসাইগাঁৱৰ পৰিৱেশ উত্তাল কৰি তোলে।

তদুপৰি আমছুৰ কেন্দ্ৰীয় উপ-সভাপতি ৰফিকুল ইছলাম প্ৰমুক্ষে পশ্চিম কোকৰাঝাৰ জিলা আমছুৰ সভাপতি মাজহাৰুল ইছলামে সংবাদ মাধ্যমৰ আগত কয় যে ইয়াৰ পিছতো যদি চৰকাৰে মূল্যৰোধৰ কোনো ধৰনৰ পদক্ষেপ নলয় আমছুয়ে হাত হাবুটি বহি নাথাকে, প্ৰয়োজনত গণতান্ত্ৰিক ভাৱে আন্দোলন কৰাৰো হুংকাৰ দিয়ে আমছু বিষয়ববীয়াসকলে।

শিৱসাগৰত বিধ্বংসী অগ্নিকাণ্ড

দৈনন্দিন বাৰ্তাৰ সেৱা, গেলেকী, ৫ নৱেম্বৰঃ শিৱসাগৰ জিলা অন্তৰ্গত নগৰত পুৱা এক ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংটিত হয়। অগ্নিকাণ্ডত ভস্মীভূত হ’ল এখন ব্যৱসায়িক প্ৰতিষ্ঠান।

নগৰৰ হাস্পতাল ৰোডৰ ফ্ৰেণ্ডছ নামৰ প্ৰতিষ্ঠানখনত সংঘটিত হয় অগ্নিকাণ্ডৰ ঘটনা। জুইত জাহ গ’ল বহু লাখ টকাৰ কাপোৰ, জোতা-চেণ্ডেল। শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ সন্দেহ কৰা হৈছে।

সম্প্ৰতি অগ্নি নির্বাপক বাহিনীৰ গাড়ীৰে জুই নিৰ্বাপন কৰিবলৈ সক্ষম হৈছে। দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে এঘণ্টাজুৰি চলোৱা নেৰা-নেপেৰা প্ৰচেষ্টাত জুই নিৰ্বাপন কৰিবলৈ সক্ষম হয়।

লাহৰিঘাটৰ গেৰুৱাত বি পি এফৰ এম পি বিশ্বজিত দৈমাৰীৰ নিৰ্বাচনী ৰণডংকা

দৈনন্দিন বাৰ্তাৰ সেৱা, ভূৰাগাওঁ, ৫ নৱেম্বৰঃ কালি মৰিগাঁও জিলাৰ লাহৰীঘাট সমষ্টিৰ গেৰুৱাত   United Bodo People’s Organization  মৰিগাঁও জিলা  সমিতিৰ উদ্যোগত আয়োজন কৰা  এক  ৰাজহুৱা সভাত   উপস্থিত থাকে  বি পি এফ দলৰ ৰাজ্য সভাৰ সাংসদ বিশ্বজিৎ দৈমাৰী।

নতুনকৈ গঠন হব লগীয়া বড়ো, কছাৰী স্বায়ত্ব পৰিষদ সন্দৰ্ভত ৰাইজৰ সৈতে পৰ্যালোচনা কৰে সাংসদ গৰাকীয়ে। আগন্তুক নিৰ্বাচনত শাসনাধিষ্টি বি জে পি দলৰ লগত মিত্ৰতাৰ কোনো ইংগিত দিয়া নাই সাংসদগৰাকীয়ে।

বঙাইগাঁৱত ‘চিদলী ৰাজ্য আৰু বিজনী ৰাজ্যৰ ইতিহাস’ শীৰ্ষক গ্ৰন্থ উন্মোচন

দৈনন্দিন বাৰ্তাৰ সেৱা, বঙাইগাঁও, ৫ নৱেম্বৰঃ বঙাইগাঁৱৰ চাপৰাকাটাত অৱস্থিত কোচ ৰাজবংশী সাহিত্য সভাৰ উপ-মুখ্য কাৰ্যালয়ত আজি এক গ্ৰন্থ উন্মোচনী অনুষ্ঠান অনুষ্ঠিত হয়৷ এই গ্ৰন্থ উন্মোচনী অনুষ্ঠানত  বঙাইগাঁও মহাবিদ্যালয়ৰ উপাধ্যক্ষা ড: ৰূপাঞ্জলি দেৱীয়ে ‘চিদলী ৰাজ্য আৰু বিজনী ৰাজ্যৰ ইতিহাস’ শীৰ্ষক গ্ৰন্থখন উন্মোচন কৰে।

গ্ৰন্থ উন্মোচনী চমু অনুষ্ঠানত গ্ৰন্থখন উন্মোচন কৰি দিয়া বক্তব্যত উপাধ্যক্ষ ডঃ ৰূপাঞ্জলি দেৱীয়ে কয় যে এই গ্ৰন্থখন কোচ ৰাজবংশীৰ ইতিহাস সম্পৰ্কীয় সমল হিচাপে ব্যৱহৃত হ’ব। উল্লেখ্য যে গ্ৰন্থখন কোচ ৰাজবংশী সাহিত্য সভাৰ উপ-সভাপতি সম্ভুচৰণ বৰ্মন আৰু সম্পাদক নিত্যানন্দ বৰ্মনে সম্পাদনা কৰি উলিয়াইছে৷

কোচ ৰাজবংশী সাহিত্য সভাৰ চিৰাং জিলা আৰু বঙাইগাঁও জিলা সমিতিয়ে প্ৰকাশ কৰি উলিওৱা গ্ৰন্থখনৰ মূল্য হৈছে ১৫০ টকা। গ্ৰন্থখনৰ সমল সংগ্ৰহ কৰোঁতে গ্ৰন্থ প্ৰনেতাদ্বয়ক প্ৰায় ডেৰ বছৰ সময়ৰ প্ৰয়োজন হৈছিল। গ্ৰন্থ উন্মোচনী সভাত কোচ ৰাজবংশী সাহিত্য সভাৰ বিষয়ববীয়াৰ লগতে জনগোষ্ঠীটোৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে।

কোন হব আমেৰিকা ৰাষ্ট্ৰপতি! ৰাষ্ট্ৰপতি পদৰ নিচেই ওচৰত জ’ বাইডেন, প্ৰয়োজন মাত্ৰ ৬ টা ইলেক্ট্রৰেল ভোটৰ

দৈনন্দিন বাৰ্তাৰ সেৱা, ৫ নৱেম্বৰঃ বিশ্বৰ বিভিন্ন প্ৰন্তত এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনক লৈ চর্চা অব্যাহত আছে। তীব্ৰ প্ৰতিদ্বন্দিতাৰ মাজেৰে ডেম’ক্ৰেটিক পদৰ প্ৰাৰ্থী জ’ বাইডেনে ৰাষ্ট্ৰপতি পদত জয়লাভৰ বাবে প্ৰয়োজন ২৭০ ইলেক্ট্ৰৰেল ভোটৰ কাষ চাপি আহিছে।

আমেৰিকাৰ ৰাষ্ট্ৰপতি হবলৈ আৰু মাত্ৰ ৬ টা ইলেক্ট্রৰেল ভোটৰ প্ৰয়োজন বাইডেনক। আনহাতে ডনাল্ড ট্ৰাম্পে লাভ কৰিছে এতিয়ালৈ লাভ কৰিছে ২১৪ টা ইলেক্ট্ৰৰেল ভোট। মনকৰিবলগীয়া, ৰাষ্ট্ৰপতি নিৰ্বাচনত অধিক সংখ্যক ভোট লাভ কৰি জ’ বাইদেনে ইতিহাস ৰচিবলৈ সক্ষম হৈছে।

উল্লেখ্যনীয় যে, ২০০৮ ত বাৰাক ওবামাৰ দ্বাৰা নিৰ্ধাৰিত ৰেকৰ্ডক চেৰ পেলাইছে জ’ বাইদেনে। আনহাতে আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ গণনাৰ বিৰুদ্ধে ট্ৰাম্পে অভিযোগ দাখিল কৰা দেখা গৈছে।

অসমত কোৰোনাৰ ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৭৭৪১ জনলৈ বৃদ্ধি

দৈনন্দিন বাৰ্তা সেৱাঃ অসমত পুনৰ ৩৮০ জনৰ দেহত ধৰা পৰিছে কোৰোনা। ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৭৭৪১ জনলৈ বৃদ্ধি। আনহাতে সুস্থ হৈছে ৬৫৫ জন লোক।

ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ১৯৮৬৯৪ জনলৈ বৃদ্ধি পাইছে। বৰ্তমান চিকিৎসাধীন হৈ আছে ৮১১০ জন ৰোগী।কোৰানা ভাইৰাছত আক্ৰান্ত হৈ অসমত মৃত্যু হৈছে ৯৩৪ জন লোকৰ।

নুমলীগড় ৰিফাইনেৰী লিমিটেডত সতৰ্কতা সজাগতা সপ্তাহ উদযাপন

দৈনন্দিন বাৰ্তাৰ সেৱা, ৫ নৱেম্বৰঃ নুমলীগড় ৰিফাইনেৰী লিমিটেডৰ উদ্যোগত কেন্দ্ৰীয় সতৰ্কতা আয়োগৰ নিৰ্দেশনা অনুযায়ী সতৰ্কতা সজাগতা সপ্তাহ-২০২০ এই বছৰৰ মূল বিষয়বস্ত সতৰ্ক ভাৰত, সমৃদ্ধ ভাৰতক কেন্দ্ৰ কৰি যোৱা ২৭ অক্টোবৰৰ পৰা ২ নবেম্বৰ ২০২০ লৈ যথেষ্ট উসাহ উদ্দীপনাৰে যথোচিতভাৱে পালন কৰা হয়।

ৰিফাইনেৰী তথা কোম্পানীটোৰ সকলো কাৰ্যালয় স্থানত মাইক্ৰচফট টীমচ চফটৱেৰৰ মাধ্যমেৰে প্ৰতিজ্ঞা গ্ৰহণ কৰা অনুষ্ঠীনৰে সতৰ্কতা সজাগতা সপ্তাহৰ শুভ উদ্ভোধন কৰা হয়। আয়োগৰ মনোনীত ৱেবচাইটত সমূহ কৰ্মচাৰীসকলে, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষাবাহিনীৰ কৰ্মচাৰীসকল তথা নিকটবৰ্তী বিদ্যালয় সমূহৰ ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অখণ্ডতা, নৈতিকতা, সততা আদি সন্দৰ্ভত সচেতনতা সৃষ্টিৰ অৰ্থে এন আৰ এলৰ সতৰ্কতা বিভাগে আয়োগৰ নিৰ্দেশ মৰ্মে বিভিন্ন কাৰ্য্যাৱলী ৰুপায়ন কৰে।

অনুষ্ঠানৰ সৈতে সংগতি ৰাখি ৰচনা লিখা, শ্লোগান লিখা, তৰ্ক প্ৰতিযোগীতা ইত্যাদি অনলাইন আবেদনৰ মাধ্যমেৰে আয়োজন কৰা হয় আৰু এই ক্ষেত্ৰত এন আৰ এলে অভূতপূৰ্ব সহাঁৰি লাভ কৰে। নুমলীগড় হাইস্কুলৰ সহযোগীতাত সতৰ্কতা সজাগতা সপ্তাহৰ মূল বিষয়বস্তুৰ ওপৰত এখন জিলা পৰ্য্যায়ৰ তৰ্ক প্ৰতিযোগূতা আয়োজন কৰা হয়। তদুপৰি দেৰগাওঁ উচ্চ আধাৰ বিদ্যালয়ৰ সহযোগীতাত দেৰগাওঁৰ প্ৰায় ১২ খন বিদ্যালয়ৰ বাবে সতৰ্কতা সজাগতা সপ্তাহৰ বিষয়বস্তুৰ ওপৰত ওপৰত ৰচনা আৰু শ্লোগান লিখা প্ৰতিযোগীতাৰ এক বিশেষ অনুষ্ঠানৰ আয়োজন কৰা হয়।

এন আৰ এলৰ কৰ্মচাৰী, কেন্দ্ৰীয় ঔদ্যোগিক সুৰক্ষা বাহিনীৰ কৰ্মচাৰী তথা পৰিয়ালবৰ্গৰ মাজতো ৰচনা আৰু শ্লোগান লিখা প্ৰতিযোগীতা অনুষ্ঠিত কৰা হয়। এই সতৰ্কতা সজাগতা সপ্তাহৰ অংশ হিচাবে এন আৰ এল প্ৰশিক্ষন বিভাগে কোম্পানীটোৰ প্ৰাক্তন পৰিচালক(কাৰিকৰি) ওচ.আৰ.মেধীৰ পাৰদৰ্শী তত্বাৱধনাত কৰ্পৰেট গৱেৰ্নেঞ্চ আৰু প্ৰিভেন্টিভ ভিজিলেঞ্চ মিজাৰ্চ শীৰ্ষক এক চমু অনলাইন প্ৰশিক্ষণ অনুষ্ঠান কোম্পেনীটোৰ প্ৰতিনিধি কৰ্মচাৰী সকলৰ বাবে আয়োজন কৰে।

সতৰ্কতা সজাগতা সপ্তাহৰ মুখ্য অনুষ্ঠান বৰ্তমানৰ মহামাৰীৰ প্ৰতিকূল পৰিস্থিতি সাপেক্ষে মাইক্ৰচফট্ টীম চফটৱেৰৰ মাধ্যমেৰে যোৱা ২ নবেম্বৰত কোম্পানীটোৰ প্ৰায় ৯০ জন কৰ্মচাৰীৰ উপস্থিতিত সফলতাৰে সম্পন্ন হয়। এন আৰ এলৰ পৰিচালন সঞ্চালক এচ.কে.বৰুৱাই উক্ত অনুষ্ঠানত সভাপতিত্ব কৰে আৰু মত প্ৰকাশ কৰে যে বৰ্তমানৰ কভিড-১৯ মহামাৰীৰ পৰিস্থিতিত তথা এন আৰ এলৰ মেগা ৰিফাইনেৰী প্ৰকল্পই বাস্তবায়নৰ পথত আগবঢ়াৰ সময়ত উদ্ভৱ হব পৰা পৰিস্থিতিৰ সৈতে মোকামিলা কৰিবলৈ বৰ্ধিত ক্ষমতা ন্যস্ত কৰাৰ পৰিস্থিতত যথেষ্ট সতৰ্কতা স্বচ্ছতা বজাই ৰাকি নিষ্ঠাৰে উপনুক্ত সিদ্ধান্ত গ্ৰহণৰ প্ৰয়োজনীয়তা যথেষ্ট গুৰুত্বপূৰ্ণ।

কোম্পীনূৰ টোৰ চি.ডি.অ. সুনীল জৈনে ভিডিও ৰেকৰ্ডিং কৰি পঠোৱা বাৰ্তা সভাখনত প্ৰচাৰ কৰা হয়। এন আৰ এলৰ এইচ.আৰ, আই.আই.এচ তথা কৰ্পৰেট কমিউনিকেচন বিভাগে কৰ্মক্ষেত্ৰত জেন্দাৰ চেনচিটাইজেচনকে ধৰি আভ্যন্তৰীণ প্ৰক্ৰিয়া অধিক শক্তিশালী কৰিবলৈ গ্ৰহণ কৰা বিভিন্ন কাৰ্যাৱলীৰ খতিয়ান সভাখনত আগবঢ়াই।

বৃহস্পতিবাৰে অৰ্নৱ গোস্বামীৰ জামিন আবেদনৰ শুনানিৰ সম্ভাৱনা

দৈনন্দিন বাৰ্তাৰ সেৱা, ৫ নৱেম্বৰঃ বুধবাৰে আলিবাগ আদালতে ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্নৱ গোস্বামীক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পিছত বৃহস্পতিবাৰে বোম্বাই উচ্চ ন্যায়ালয়ে অৰ্নৱ গোস্বামীৰ জামিন আবেদনৰ শুনানি গ্ৰহণ কৰাৰ সম্ভাৱনা আছে।

ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক গৰাকীৰ অধিবক্তা আবাদ পন্ডা আৰু গৌৰৱ পাৰ্কাৰে সাংবাদিকক জানিবলৈ দিয়ে বুধবাৰে নিশা ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰাৰ পিছত তেওঁলোকে আলিবাগ আদালতত এক আবেদন উত্থাপন কৰে।

বৃহস্পতিবাৰে এই আবেদন শুনানি গ্ৰহণৰ সম্ভৱনা আছে। আদালতে আৰক্ষীক তেওঁলোকৰ উত্তৰ দাখিল কৰিবলৈ কৈছিল বুলি অধিবক্তা পন্ডাই লগতে কয়। বুধবাৰে ৰাতিপুৱা আত্মহত্যাৰ ঘটনাৰ সৈতে জড়িত হৈ থকাৰ অভিযোগত মুম্বাইৰ বাসগৃহৰ পৰা ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্নৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা হৈছিল।

গোস্বামীক উক্ত ঘটনাৰ আন দুজন অভিযুক্ত ফৰোজ শ্বেখ আৰু নিতেশ দাৰ্দা সৈতে বুধবাৰে আলিবাগ জিলা দণ্ডাধীশ আদালতত হাজিৰ কৰোৱা হৈছিল।