Home Blog Page 3157

দেৰগাঁও ভোগালী বিহু সন্মিলনৰ মহাৰজত জয়ন্তী আৰম্ভণি বৰ্ষৰ প্ৰস্তুতি

উজনি অসমৰ সৰ্বাধিক পুৰণি দেৰগাঁও ভোগালী বিহু সন্মিলনে মহাৰজত জয়ন্তী বৰ্ষত ভৰি দিলে। বিগত ৭৪ বছৰে বিভিন্ন কাৰ্য্যসূচীৰে উলহ মালহেৰে উদযাপিত কৰি অহা বিহু সন্মিলন খনি এইবাৰ মহাৰজত জয়ন্তী আৰম্ভণি বৰ্ষ হিচাপে ১৩,১৪,১৫ আৰু ১৬ জানুৱাৰীত চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে লঠাগাঁওস্থিত অজলা পুথিভঁৰালৰ প্ৰাংগণত অনুষ্ঠিত কৰাৰ প্ৰস্তুতি চলাইছে।এই উপলক্ষে প্ৰথম দিনা সন্ধ্যা মেজি প্ৰজ্বলনেৰে শুভাৰম্ভণী কৰিব গায়ন দিলীপ বৰাই। দ্বিতীয় দিনা পুৱা বিহু পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি বেদান্ত কুমাৰ বৰাই। ইয়াৰ পাছতেই বিহুৰ সমুহীয়া জলপান খোৱাৰ পৰ্ব আৰম্ভ হব। তৃতীয় দিনা ভোগালী বিহুৰ লগত সংগতি ৰাখি পুৱা  অনুষ্ঠিত হব ক্ৰীড়া প্ৰতিযোগিতা। বিয়লি ছাত্ৰ ছাত্ৰী সকলৰ মাজত কবিতা আবৃত্তি, সাধু কোৱা আৰু আকস্মিক বক্তৃতা প্ৰতিযোগিতা অনুষ্ঠিত কৰা হব।সন্ধ্যা বিশিষ্ট সমাজকৰ্মী, ভোগালী বিহু সন্মিলনৰ অন্যতম প্ৰতিষ্ঠাপক, প্ৰয়াত ঘনকান্ত দত্ত সোঁৱৰণী মঞ্চ উদ্বোধন কৰিব সমাজপ্ৰান অতুল গোস্বামীয়ে। ইয়াৰ পাছতেই অনুষ্ঠিত হব অসমীয়া গীতৰ আধাৰত আনন্দৰাম বৰা সোঁৱৰণী নৃত্য প্ৰতিযোগিতা। অন্তিম দিনা পুৱা ছাত্ৰ ছাত্ৰী সকলৰ মাজত ঠাইতে ছবি অঁকা প্ৰতিযোগিতা,সকলোৰে বাবে পিঠা প্ৰতিযোগিতা, ভেশছন প্ৰতিযোগিতা, টেকেলি ভঙা প্ৰতিযোগিতা অনুষ্ঠিত হব। বিয়লি বটাঁ প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠানৰ পাছত স্থানীয় আৰু আমন্ত্ৰিত শিল্পীৰ দ্বাৰা অনুষ্ঠিত হব সাংস্কৃতিক অনুষ্ঠান। এই সমুহ কাৰ্যসূচীত সকলোৰে উপস্থিত তথা সহযোগিতা কামনা কৰিছে উদযাপন সমিতিৰ হৈ সভাপতি বেদান্ত কুমাৰ বৰা, কাৰ্যকৰী সভাপতি সত্যজিত দত্ত আৰু সম্পাদক হেমেন বৰাই। বিহুৰ লগত সংগতি ৰাখি আয়োজন কৰা প্ৰতিযোগিতা সমূহত অংশগ্ৰহণ কৰিবৰ বাবে ৭০০২২৪২৮২৮/৯১০১৪১৭০০৫ আৰু ৯৩৬৫২৩০৭৭৮ নম্বৰত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে উদযাপন সমিতিয়ে।

নগাঁওত কংগ্ৰেছ এৰি বিজেপিলৈ ২ সহস্ৰাধিক সংখ্যালঘু লোক

“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত এতিয়া সমগ্ৰ দেশৰ সৰ্বাংগীন বিকাশ হোৱাৰ লগতে অসমত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, বিত্তমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত হোৱা উন্নয়নে নতুন মাত্ৰা লাভ কৰিছে। সেয়েহে এতিয়া ৰাইজে ভাৰতীয় জনতা পাৰ্টিক আদৰি লৈছে আৰু দলে বলে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিছে। অনাগত দিনতো ৰাইজে বিজেপি দলক আদৰি ল’ব আৰু  আমাক ৰাইজৰ বাবে সেৱা আগবঢ়াবলৈ সুবিধা প্ৰদান কৰিব।’-এই মন্তব্য নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাৰ।

আজি ভাৰতীয় জনতা পাৰ্টিৰ সংখ্যালঘু মৰ্চাৰ উদ্যোগত আৰু হেৰাপট্টি কেন্দুগুৰি গাঁও পঞ্চায়তৰ সহযোগত অনুষ্ঠিত বিশাল যোগদান সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিধায়কগৰাকীয়ে লগতে কয় যে, ‘বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰখনে চহৰাঞ্চলৰ সমন্তৰালকৈ গ্ৰামাঞ্চলৰ উন্নয়নটো মনোনিবেশ কৰি আহিছে। আমাৰ চৰকাৰে মহিলা সবলীকৰণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। আমাৰ চৰকাৰে প্ৰদান কৰা উন্নয়ন মূলক আঁচনি সমূহৰ জৰিয়তে সকলো ধৰণৰ লোক বৰ্তমান উপকৃত হৈছে। সেয়েহে চৰকাৰে উন্নয়নমূলক আঁচনি সমূহ ৰূপয়ানৰ ক্ষেত্ৰত কোনো ধৰণৰ হিনদেৰী কৰা নাই।’

হেৰাপট্টি পঞ্চায়তৰ সভানেত্ৰী  ফাইজিলা বেগমৰ সভাপতিত্বত অনুষ্ঠিত বিশাল যোগদান সভাখনত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ  দল ত্যাগ কৰি প্ৰায় সহস্ৰাধিক লোকে ভাৰতীয় জনতা পাৰ্টিত আনুষ্ঠানিকভাবে যোগদান কৰে। কংগ্ৰেছ আৰু এ আই ইউ ডি এফ ত্যাগ কৰি ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰা প্ৰতিগৰাকী ব্যক্তিক বিজেপি দললৈ উষ্ম আদৰণি জনাই বিধায়ক ৰূপক শৰ্মাই ।

গোৱালপাৰাৰ জলেশ্বৰত জুৱাৰীৰ দপদপনি : বিনষ্ট শৈক্ষিক পৰিৱেশ

গোৱালপাৰাৰ বৃহত্তৰ জলেশ্বৰৰৰ হাসডোবাৰ কলাবাৰীত  যোৱা দুই জানুৱাৰীৰ নিশা এটি জুৱাৰু চক্ৰই নিৰ্বিঘ্নে চলোৱা জান্দি মুন্দা জুৱা খেল অভিযোগৰ ভিত্তিত জলেশ্বৰ আৰক্ষীয়ে দুবাৰকৈ গৈ বন্ধ কৰিব লগীয়া হোৱা ঘটনাৰ চাঞ্চ্যলৰ মা’ৰ নৌযাওতেই পুনৰ যোৱা নিশা জলেশ্বৰৰ গোসাঁই ডুবিত অসাধু চক্ৰই  চলোৱা জান্দি মুন্দা জুৱা খেল ধুমেৰ ঘাট আৰু জলেশ্বৰ আৰক্ষীয়ে  দুবাৰকৈ গৈ বন্ধ কৰা বুলি জানিব পৰা গৈছে । উল্লেখ্য যে কিছুদিনৰ পৰা অনায়াসে   অ’ত-ত’ত চলাই আহিছে ( জাণ্ডি-মুণ্ডা ) জুৱা খেল । ফলত , অঞ্চলটোৰ শৈক্ষিক পৰিৱেশ বিনষ্ট কৰাৰ লগতে সৃষ্টি কৰিছে এক অশান্তিকৰ পৰিৱেশ । বিশ্বস্ত সূত্ৰই জনোৱা মতে , অসাধু চক্ৰটোৱে বৃহত্তৰ  জলেশ্বৰ অঞ্চলৰ বিভিন্ন ঠাইত আজি কিছু দিনৰ পৰা সাংস্কৃতিক সন্ধিয়া ( নৃত্য- গীত ) ৰ গইনা লৈ নিৰ্বিঘ্নে পাতি আহিছে জুৱা খেল  । উল্লেখ্য যে , কিছু দিন আগতে জলেশ্বৰ আৰক্ষী থানাৰ অন্তৰ্গত শিয়ালকান্দাৰ   ধাৰাই বজাৰ , সাতশিয়াখামাৰ , হাসডোবা , গৌড়নগৰ  আদি বিভিন্ন ঠাইত কিছু দিন পিচে-পিচে মুকলিকৈ পাতিছিল ( জাণ্ডি-মুণ্ডা ) জুৱা খেল । ইপিনে ,   উচ্চ মাধ্যমিক আৰু উচ্চতৰ মাধ্যমিক চুড়ান্ত  শিক্ষান্ত পৰীক্ষাৰ  আগমুহূৰ্তত  এনেদৰে ও’ৰে নিশা মুকলিকৈ অসামাজিক কাৰ্য ( জুৱা ) অনুষ্ঠিত কৰি অহাত শিক্ষাৰ্থীয়ে  পঢ়া-শুনাত চৰম অসুবিধাৰ  সন্মুখীন হোৱাত লগতে বিনষ্ট কৰিছিল সামাজিক পৰিৱেশ  । শেহতীয়াকৈ ,  সেই অসাধু চক্ৰটোৱে যোৱা-কালি পুনৰ  জলেশ্বৰৰ গোসাঁইডুবি অঞ্চলত দুদিনীয়াকৈ জুৱা পতাৰ আয়োজন কৰিছিল । সেই অনুসৰি কালি সন্ধিয়াৰ পৰাই মুকলিভাৱে পাতিছিল  ( জাণ্ডি-মুণ্ডা ) জুৱা খেল  । বিনষ্ট হৈছিল অঞ্চলটোৰ সামাজিক পৰিৱেশ  । লগে লগে এই অসামাজিক কাৰ্য  (জুৱা ) বন্ধ কৰাৰ সমৰ্থন জনাই সাংবাদিকক অৱগত কৰে একাংশ ৰাইজে । পাছত ,  সাংবাদিকে তৎমুহূৰ্ততে  বিষয়টো   আৰক্ষী প্ৰশাসনক অৱগত কৰে । এই খৱৰ পাই স্থানীয় আৰক্ষীৰ এটা দল লগে লগে  জুৱাস্থানত উপস্থিত হৈ জুৱা খেল বন্ধ কৰি দিয়াৰ পাছত আৰক্ষীৰ দলটো উক্ত স্থানৰ পৰা উভতি যায় । এইখিনিতে আচৰিত কথাটো হ’ল , আৰক্ষীৰ দলটো উভতি অহাৰ পিচ মুহূৰ্ততে  জুৱাৰীয়ে পুনৰ জুৱা খেল আৰম্ভ কৰা বুলি বাৰে বাৰে  সাংবাদিকক জনায় একাংশ   সচেতন লোকে । সাংবাদিকে বাধ্য হৈ আকৌ এই  জুৱা আৰম্ভ কৰাৰ খৱৰটো  জিলা আৰক্ষী প্ৰশাসনক অৱগত কৰোৱা হয় । এই খৱৰ পোৱা মাত্ৰেই পুনৰ জলেশ্বৰ আৰক্ষীৰ দলটো  জুৱা থলীত  গৈ সম্পূৰ্ণৰূপে জুৱা  উৎখাত কৰি দিয়ে । আনহাতে  , সঘনাই এনে  অসামাজিক কাৰ্য ( জুৱা ) চলি থকাৰ পাছতো স্থানীয়  জলেশ্বৰ  আৰক্ষীয়ে চকু’মুদা কুলিৰ ভাও ধৰা কাৰ্যই  অতি  আশ্চৰ্য্যকৰ বিষয় হৈ পৰিছে বুলি অঞ্চলটোত ব্যাপক চৰ্চা হৈছে । ইপিনে জুৱাৰু চক্ৰটোৱে সাংবাদিকৰ ওপৰত  খৰ্গগ্ৰস্ত হোৱা বুলি এটি গোপন  সুত্ৰৰ পৰা জানিব পৰা গৈছে। সচেতন ৰাইজে অঞ্চলটোত  এনেদৰে সঘনাই  অব্যাহত থকা অসামাজিক কাৰ্য সমুলি বন্ধ কৰিবলৈ অনুৰোধ জনাইছে ।

গোলাঘাটত এজেপি নহয় অগপত যোগদান শতাধিক আছুকৰ্মীৰ

“নতুনকৈ গঠন হোৱা ৰাজনৈতিক দলসমূহে অসমীয়া খিলঞ্জীয়া ৰাইজৰ হকে কাম কৰাত কিমান দূৰ সফল হ’ব সেয়া সময়েহে ক’ব । আন্দোলন বহুত হ’ল আন্দোলনৰ পৰা দুটাকৈ ৰাজনৈতিক দল আৰু এজন এম পি দিয়াৰ বাহিৰে কোনো সুফল নাপালোঁ।” আজি অসম গণ পৰিষদৰ জন্ম স্থান গোলাঘাটত দলটোত যোগদান কৰি এনেদৰে মন্তব্য কৰে প্ৰাক্তন আছুকৰ্মীয়ে। আজি গোলাঘাটঃ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত দলটোৰ যোগদান কাৰ্যসূচীত  জিলাখনৰ শতাধিক প্ৰাক্তন আছুকৰ্মীৰ লগতে যুৱক-যুৱতীয়ে দলটোৰ কেন্দ্রীয় সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত  যোগদান কৰে। দলটোৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ অসমীয়াৰ স্বাৰ্থত একে লগে কাম কৰাৰ মানসেৰে অগপত যোগদান কৰাৰ কথা জানিবলৈ দিয়ে যোগদানকাৰীসকলে। মন্ত্ৰী অতুল বৰাই দলীয় বস্ত্ৰ প্ৰদান কৰি দললৈ সকলোকে আদৰণি জনাই  আছুৰ মজিয়াত পৰা অগপত যোগদান কৰাত নথৈ  আনন্দিত হোৱা বুলি উল্লেখ কৰে।

আজি সামৰণি পৰিব ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলা

আজি ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলাৰ অন্তিমটো দিন । ৩৩ সংখ্যক গুৱাহাটী গ্ৰন্থমেলাৰ সামৰণি অনুষ্ঠানত সভাপতিত্ব কৰিব বিত্ত, স্বাস্থ্য, শিক্ষা আৰু অসম প্ৰকাশন পৰিষদৰ অধ্যক্ষ ডঃ হিমন্ত বিশ্ব শৰ্মাই।

লগতে এই অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকিব অসম সাহিত্য সভাৰ সভাপতি ড০ কুলধৰ শইকীয়া আৰু আমন্ত্ৰিত অতিথি ৰূপে উপস্থিত থাকিব বড়ো সাহিত্য সভাৰ সভাপতি ডঃ তৰেণ বড়ো।

অসম প্ৰকাশন পৰিষদৰ গ্ৰন্থমেলাখনত ৰাইজৰ সহাৰিৰ প্ৰতি লক্ষ্য ৰাখি দেওবাৰে সামৰণি কৰাৰ সলনি অধিক সময়ৰ বাবে পঢ়ুৱৈ সমাজৰ বাবে খুলি ৰখাৰ কথা চৰ্চা চলিছিল যদিও দেওবাৰেই আজি সামৰণি কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰা হয়। ইফালে প্ৰতিদিনে প্ৰায় ৪০ হেজাৰ লোকৰ সমাগম হোৱা বুলি সম্ভাৱনা ব্যক্ত কৰিছে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই। এই কথাৰ প্ৰতি লক্ষ্য ৰাখি বৰ্তমানলৈকে মুঠ ৪ লাখৰো অধিক লোকে গ্ৰন্থমেলাত ভিৰ কৰাৰ ধাৰণা কৰা হৈছে। ইফালে বৰ্তমানলৈকে ৮ কোটি টকাৰ গ্ৰন্থ বিক্ৰী হৈছে যদিও দেওবাৰ পৰ্যন্ত আৰু ১ কোটি টকাৰ গ্ৰন্থ বিক্ৰী হ’ব বুলি ধাৰণা কৰিছে প্ৰকাশন পৰিষদে।

কোৱিড-১৯ ৰ পৰৱৰ্তী বিশ্বত ভাৰতৰ অৰ্থনৈতিক কাৰ্যসূচী প্ৰস্তুত প্ৰধানমন্ত্ৰী মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি কোৱিড-১৯ ৰ পৰৱৰ্তী বিশ্বত ভাৰতৰ অৰ্থনৈতিক কাৰ্যসূচী প্ৰস্তুত কৰাৰ উদ্দেশ্যে দেশৰ আগশাৰীৰ অৰ্থনীতিবিদসকলৰ সৈতে মত বিনিময় কৰে।নিটি আয়োগে এই বৈঠকৰ আয়োজন কৰে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতত নতুন নতুন ব্যৱস্থাসমূহে বিশ্বৰ ভিন্ন সংস্থাৰ প্ৰসংশা পাবলৈ সমৰ্থ হৈছে। অতি দৰিদ্ৰ সকলকো আধুনিক প্ৰযুক্তিৰে শক্তিশালী কৰাৰ বাবে ভাৰতত আৰম্ভ হোৱা অভিযানৰ বিষয়ে এতিয়া বিশ্বৰ চূকে কোণে চৰ্চা হোৱা বুলি তেওঁ মত প্ৰকাশ কৰিছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে ভাৰতে দুটা মেক ইন ইণ্ডিয়া কোৱিড১৯ প্ৰতিষেধক লৈ মানৱ সমাজক সুৰক্ষা দিবলৈ সাজু হৈছে।ভাৰতত তৈয়াৰী এই প্ৰতিষেধকে সমগ্ৰ বিশ্বকে লাভান্বিত কৰিব বুলি শ্ৰীমোদীয়ে প্ৰকাশ কৰিছে।আজি ষোড়স প্ৰৱাসী ভাৰতীয় দিৱস সন্মিলনত প্ৰধানমন্ত্ৰীয়ে এইদৰে কয়।

সৰুপেটাৰ বান-খহনীয়া প্ৰতিৰোধী ৩ খন আঁচনিৰ কামৰ অগ্ৰগতি পৰিদৰ্শন মন্ত্ৰী যোগেন মহনৰ

অসম চৰকাৰৰ ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী যোগেন মহনে আজি বৰপেটা জিলাৰ বৰনগৰ আৰু সৰুপেটা ৰাজহ চক্ৰৰ অন্তৰ্গত ৩টা স্থানত ৰাজ্যিক দুৰ্যোগ সাহাৰ্য পুজিৰে ৰূপায়ন কৰি থকা বান-খহনীয়া প্ৰতিৰোধী ৩ খন আঁচনিৰ কামৰ অগ্ৰগতি পৰিদৰ্শন কৰে।

নগাঁৱৰ নেহৰুবালিত ৪৮ সংখ্যক ৰাজ্যিক আন্ত:জিলা দেহশ্ৰী প্ৰতিযোগিতা আৰম্ভ

৮ জানুৱাৰী ২০২১ৰ পৰা নগাঁৱৰ ঐতিহ্যমণ্ডিত নেহৰুবালিত অনুষ্ঠিত হৈছে ৪৮ সংখ্যক ৰাজ্যিক আন্ত:জিলা দেহশ্ৰী প্ৰতিযোগিতা।অসম শৰীৰ চৰ্চা আৰু ফিটনেচ সংস্হাৰ সৌজন্যত আৰু নগাঁও জিলা শৰীৰ চৰ্চা আৰু ফিটনেছ সংস্হাৰ ব্যৱস্হাপনাত হবলগীয়া খেলসমূহ বিভিন্ন ওজনৰ শাখাত অনুষ্ঠিত হব।পুৰুষ আৰু মহিলাৰ উভয় শাখাত মিষ্টাৰ অসম জুনিয়ৰ, ছিনিয়ৰ,মাষ্টাৰ্ছ,মিছ অসম,ফিটনেছ, পুৰুষৰ মডেল ফিজিক,পুৰুষৰ এথলেটিক ফিজিক আৰু দিব্যাংগৰ শৰীৰ চৰ্চা প্ৰতিযোগিতা সমূহ অনুষ্ঠিত হব।মিষ্টাৰ অসম জুনিয়ৰৰ খেল সমূহ ২১ বছৰৰ অনুৰ্ধৰ আৰু মিছ অসম ফিটনেছ মুকলি শাখাত অনুষ্ঠিত হব।আনহাতে পোনপ্ৰথম বাৰৰ বাবে অন্তৰ্ভুক্ত কৰা পুৰুষৰ এথলেটিক ফিজিক এটা গ্ৰুপত আৰু দিব্যাংগৰ প্ৰতিযোগিতাও এটা গ্ৰুপতে অনুষ্ঠিত হব।আজি বিয়লি ৫ বজাৰ পৰা খেলুৱৈ পঞ্জীয়ন আৰু ওজন লোৱা হৈছে‌কাইলৈৰ পৰা প্ৰতিযোগিতাৰ খেল সমূহ অনুষ্ঠিত হব।প্ৰতিযোগিতা খনিত ২৭ খন জিলাই অংশগ্ৰহণ নিশ্চিত কৰিছে।আজি সন্ধিয়া নেহৰুবালিত অনুষ্ঠিত দেহশ্ৰী প্ৰতিযোগিতা খনিৰ সন্দৰ্ভত এই তথ্য সদৰী কৰে আন্তঃজিলা দেহশ্ৰী প্ৰতিযোগিতাৰ  সমিতিৰ সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই।উল্লেখ্য কাইলৈ পূৱা দহবজাত আয়োজক সমিতিৰ সভাপতি তথা বিধায়ক ৰূপক শৰ্মাই প্ৰতিযোগিতাৰ পতাকা উত্তোলন কৰিব।পূৱা “এন্টি ড্ৰাগছ ৰেলী”আৰম্ভ হোৱাৰ পিচতে খেলসমূহ অনুষ্ঠিত হব।বিয়লি ৩ বজাৰ প্ৰি-জাজিং আৰু সন্ধিয়া ৭ বজাৰ পৰা সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব।১০ জানুৱাৰী পূৱাৰে পৰা খেলসমূহ অনুষ্ঠিত হোৱাৰ পিছতবিয়লি ৫ বজাত চুড়ান্ত খেল সমূহ অনুষ্ঠিত হব।নিশা ৮ বজাৰ বঁটা বিতৰণী অনুষ্ঠানৰ লগতে সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হব।সংবাদমেলত আয়োজক সমিতিৰ কাৰ্যকৰী সভাপতি অমিতাভ বৰা আৰু সাধাৰণ সম্পাদক সীমান্ত বৰাও উপস্থিত থাকে।

৭০ বছৰে ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত বিধ্বস্ত অঞ্চলবাসীয়ে বিচাৰিছে স্থায়ী সমাধান

পলাশবাৰীৰ গুইমাৰাত ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়া প্ৰতিৰোধক ৩৩ কোটি টকীয়া অভিলাষী আঁচনি পৰিদৰ্শন কৰি মাৰ্চৰ ভিতৰত সম্পূৰ্ণ কৰাৰ আশ্বাস জিলা উপায়ুক্ত কৈলাশ কাৰ্তিকৰ

পলাশবাৰী সমষ্টিৰ গুইমাৰাত মহাবাহু ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধৰ বাবে নিৰ্মীয়মান ৩২.৮২ কোটি টকীয়া অভিলাষী আঁচনিৰ নিৰ্মাণ পৰিদৰ্শন কৰে কামৰূপ জিলাৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এনে। উক্ত আঁচনি ৰূপায়ণৰ সন্দৰ্ভত স্থানীয় একাংশ লোকে জিলা উপায়ুক্তক দিয়া অভিযোগৰ ভিত্তিত উপায়ুক্ত গৰাকীয়ে আজি পুৱা প্ৰায় দহ বজাত পলাশবাৰীত উপস্থিত হৈ জলসম্পদ বিভাগৰ উচ্চ পদস্থ বিয়ষা আৰু ফ্লাড এণ্ড ৰিভাৰ ইৰোচন মেনেজমেণ্ট এজেঞ্চি চমুকৈ ফ্ৰেমাৰ সংশ্লিষ্ট বিষয়া সকলৰ সহিতে পলাশবাৰীৰ ঘাটত নাৱত উঠি দখলা, গুইমাৰা, চিমিনা, মকাধুজ হৈ ফটুৰীলৈ  গৈ ব্ৰহ্মপুত্ৰৰ খহনীয়া প্ৰতিৰোধক নিৰ্মীয়মান আঁচনি পৰিদৰ্শন কৰে।

পৰিদৰ্শন কালত উপায়ুক্ত গৰাকীয়ে গুইমাৰাত কিছু সময় স্থানীয় ৰাইজৰ সৈতে মতামত গ্ৰহণ কৰি জানিব পাৰে যে বিগত প্ৰায় ৮০ দিনত আঁচনি ৰূপায়ণৰ ক্ষীপ্ৰ হোৱাত সন্তোষ প্ৰকাশ কৰে। অৱশ্যে বিগত সময়চোৱাত আঁচনি ৰূপায়ণত ঠিকা লাভ কৰা কোম্পানী ব্ৰহ্মপুত্ৰ ইনফ্ৰাষ্টাকচাৰ প্ৰাইভেট লি: নামৰ সুৰেশ পৃথানিৰ কোম্পানীয়ে লেহেমীয়া কৰাত সময় মতে আঁচনি সম্পূৰ্ণ হে নুঠিল বুলি অভিযোগ উত্থাপন কৰে। লগতে একাংশ স্থানীয় লোকে ব্ৰহ্মপুত্ৰৰ পানীৰ গভীৰতাত জিঅ’ বেগৰ কাম নিখুঁতভাৱে যাতে কৰা হয় তাৰ প্ৰতি লক্ষ্য ৰাখিব লাগে বুলি দাবী জনায়। অন্যথা ৭০ বছৰৰ পাছত স্থায়ী প্ৰতিৰোধক এই অভিলাষী আঁচনিখন অৰ্থহীন হৈ পৰিব বুলি কয়।

উল্লেখ্য যে গুইমাৰাৰ পৰা মকাধুজলৈ জিঅ’ বেগ আৰু বোল্ডাৰ কেজিং আৰু পিটচিং অনুসৰি বিজ্ঞান সন্মতভাৱে ৰূপায়ণ হ’ব লগা ৩১ কোটি টকীয়া আঁচনিখনৰ বহু শতাংশ কাম এতিয়াও সম্পূৰ্ণ হোৱা নাই। অৱশ্যে আজি উপায়ুক্ত কৈলাশ কাৰ্তিক এনে আগত মাৰ্চৰ ভিতৰত আঁচনিৰ কাম সম্পূৰ্ণ কৰাৰ আশ্বাস প্ৰদান কৰি সাংবাদিকৰ আগত তেওঁ কয় যে কিছু অভিযোগ উত্থাপিত হৈছিল যদিও পৰিদৰ্শন কালত কামৰ অগ্ৰগতি সন্তোষজনক। আঁচনিৰ কাম ২০২১ চনৰ মাৰ্চ মাহৰ ভিতৰত সম্পূৰ্ণ কৰিবলৈ ইতিমধ্যে জলসম্পদ বিভাগৰ বিষয়া অভিযন্তা সকলৰ লগতে ঠিকা লাভ কৰা ব্ৰহ্মপুত্ৰ ইনফ্ৰাষ্টাকচাৰ প্ৰাইভেট লিমিটেডক নিৰ্দেশ দিয়া হৈছে। উপায়ুক্ত গৰকীক এই আঁচনি ৰূপায়ণৰ বাবে ভূমি অধিগ্ৰহণত বৰ্তমানও জটিলতা থকা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ ইতিমধ্যে পলাশবাৰী চক্ৰ বিষয়াক এই ক্ষেত্ৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ পত্ৰ প্ৰেৰণ কৰা বুলি কৈ কম দিনৰ ভিতৰত এই সমস্যা সমাধান কৰাৰ আশ্বাস প্ৰদান কৰি ভূক্তভোগী পৰিয়ালৰ ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰিব বুলি কয়। এই আঁচনি ৰূপায়ণৰ ক্ষেত্ৰত তদাৰকৰ দায়িত্বত থকা পলাশবাৰী- গুমী প্ৰকল্পৰ কাৰ্যবাহী অভিযন্তা প্ৰণব ৰবাই উপায়ুক্ত গৰাকীক আঁচনিৰ অতিৰিক্ত খতিয়ান সন্দৰ্ভত বিস্তৃত ব্যাখ্যা আগবঢ়াই শীঘ্ৰে এই ক্ষেত্ৰত প্ৰশাসনিক সহযোগিতা কামনা কৰে । এছিয়ান ডেভ’লেপমেন্ট বেংক চমুকৈ এডিবিৰ অৰ্থৰে নিৰ্মীয়মান দ্বিতীয় পৰ্যায়ৰ আঁচনি অনুসৰি মকাধুজলৈ ৰূপায়ণ কৰিব লগীয় প্ৰায় ৬ কিলোমিটাৰ এলেকাত ৯০ হাজাৰ জিঅ’ বেগৰ প্ৰয়োজন হ’ব। পেকেজ মতে বিগত বাৰিষাত খহনীয়াই তীব্ৰ ৰূপ ধাৰণ কৰা গুইমাৰা, চিমিনা, বৰটাৰী অঞ্চলত অধিকাংশ কামেই বাকী আছে। ঠিকা লাভ কৰা কোম্পানী ব্ৰহ্মপুত্ৰ ইনফ্ৰাষ্টাকচাৰ প্ৰাইভেট লি: নামৰ সুৰেশ পৃথানিৰ কোম্পানীয়ে স্থায়ী খহনীয়া প্ৰতিৰোধৰ কাম এই অঞ্চলত সময় মতে নকৰাৰ বাবে ৰাইজ অসন্তুষ্ট হৈ পৰিছে । স্থানীয় তদাৰক সমিতিৰ সভাপতি জ্যোতিষ দাসে সাংবাদিকক জনোৱা মতে বিগত প্ৰায় আঢ়ৈ মাহত আঁচনিৰ কাম ক্ষীপ্ৰ গতিত হৈছে। এই ক্ষেত্ৰত জলসম্পদ বিভাগৰ পলাশবাৰী -গুমী (মথাউৰি) প্ৰকল্পৰ অভিযন্তা তথা বিষয়া সকলেও অহৰহ কামৰ খতিয়ান লৈ থকাত তেওঁলোকে সন্তোষ প্ৰকাশ কৰিছে। তেওঁৰ মতে এই অভিলাষী আঁচনিখন সময়ত নিৰ্মাণ হৈ নুঠিলে অঞ্চলটো ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ পৰা ৰক্ষা কৰা কঠিন হৈ পৰিব।কামৰূপ জিলা উপায়ুক্ত  গৰাকীৰ সৈতে অতিৰিক্ত উপায়ুক্ত গুণমনি ৰায় চৌধুৰী, ফ্ৰেমাৰ প্ৰযুক্তি বিভাগৰ কাৰ্যবাহী বিষয়া ৰঞ্জিত ৰায় বৰুৱা, পিএমচি কনচালটেন্ট দিঠক শৰ্মা, মান নিৰুপন বিভাগৰ মুখ্য বিষয়া আই ভি বুঢ়াগোহাঁই, ডিজাইন বিভাগৰ সঞ্চালকদীপ পেগু, পলাশবাৰী টাউন প্ৰ’টেকচনৰ অধীক্ষক অভিযন্তা প্ৰণব দাস, পলাশবাৰী- গুমী মথাউৰি প্ৰকল্পৰ কাৰ্যবাহী অভিযন্তা প্ৰণব বৰা, সহকাৰী অভিযন্তা দীপক তালুকদাৰ, এছডিও দ্বিপেন শৰ্মা, কনিষ্ঠ অভিযন্তা পৰমেশ্বৰ দাসকে ধৰি বহু বিষয়া উপস্থিত থাকে।

নগাঁও বন বিভাগৰ সফলতা : অবৈধ কাঠ ফলা মিল জব্দ

নগাঁও বন সংমণ্ডল বিষয়া ৰাজেন চৌধুৰীৰ নিৰ্দেশ মৰ্মে বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰৰ নেতৃত্বত যোৱা এটি অভিযানকাৰী দলে জিলা খনৰ জাজৰি আৰক্ষী থানাৰ এলেকাধীন জাজৰি মুছলমান গাৱঁৰ পৰা এটা অবৈধ কাঠ ফলা মিল জব্দ কৰিবলৈ সক্ষম হয় ৷  জাজৰি মুছলমান গাৱঁত আজি দীৰ্ঘদিন ধৰি অবৈধ ভাৱে এই কাঠফলা মিলটো চলাই আহিছিল বুলি বন বিভাগৰ পৰা জানিব পৰা গৈছে ৷ অভিযান কালত কোনো এজন লোকক আটক কৰিবলৈ নহল যদিও বন বিভাগৰ দলটিয়ে কাঠফলা মিলটোত ব্যৱহৃত বিভিন্ন যন্ত্ৰাষয়  জব্দ কৰি নগাঁও বন সংমণ্ডলৰ মূখ্য কাৰ্যালয়ৰলৈ লৈ আনে বুলি জানিব পৰা গৈছে ৷ যোৱা কালি পুৱা ছয় বজাত চলা এই অভিযান কালত বন সুৰক্ষা শাখাৰ বনাঞ্চলিক বিষয়া চেমিম আখতাৰৰ লগতে আৰু আন আন বন কৰ্মী সকল উপস্থিত আছিল ৷